পৰিসংখ্য়া
পৰিসংখ্য়া বিজ্ঞানৰ দ্বাৰা তথ্য়ৰ সংগ্ৰহ, সংগঠন, বিশ্লেষণ আৰু সেইবোৰৰ তাৎপৰ্য নিৰ্ণয় কৰিব পৰা যায়।
1. তথ্য় সংগ্ৰহঃ যেতিয়া অনুসন্ধানকাৰীয়ে মনত এটা লক্ষ্য় লৈ নিজে তথ্য়বোৰ আহৰণ কৰে তেনেবোৰ তথ্য়ক কোৱা হয় প্ৰাথমিক বা মুখ্য় তথ্য়।
2. তথ্য়ৰ উপস্থাপনঃ তথ্য় সংগ্ৰহৰ পৰ্য্য়ায়টো সম্পূৰ্ণ হোৱাৰ লগে লগে অনুসন্ধানকাৰীয়ে সেইবোৰ এক বিশেষ ৰূপত উপস্থাপন কৰাৰ উপায় নিৰ্বাচন কৰিব লাগে, যি অৰ্থপূৰ্ণ, সহজে বুজি পোৱা যায়।
উদাহৰণঃ এটা শ্ৰেণীৰ 10 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গণিতত পোৱা নম্বৰবোৰ তলত দিয়া ধৰণৰঃ
95 67 28 32 65 65 69 33 98 96 76 42 32 38 42 40 40 69 95 92 75 83 76 83 85 62 37 65 63 42 89 65 73 81 49 52 64 76 83 92 93 68 52 79 81 83 59 82 75 82 86 90 44 62 31 36 38 42 39 83 87 56 58 23 35 76 83 85 30 68 69 83 86 43 45 39 83 75 66 83 92 75 89 66 91 27 88 89 93 42 53 69 90 55 66 49 52 83 34 36
এই ধৰণৰ ৰূপত দিয়া তথ্য়ক অবিন্য়স্ত তথ্য় বোলা হয়।
এই তথ্য়বোৰকে বাৰংবাৰতা বিভাজন তালিকাৰ সহায়ত উপস্থাপন কৰিলে তাৰ পৰা জানিবলগীয়া তথ্য় অতি সহজে জানিব পাৰিম।
এই ৰূপত উপস্থাপন কৰিলে তথ্য়সমূহ সৰলীকৃত আৰু সংকোচিত হৈ পৰে, লগতে ই চকুৰ প্ৰচাৰতে তথ্য়বোৰৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য়সমূহ বুজাত সহায়ক হৈ পৰে।
উদাহৰণঃ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ তেজৰ গ্ৰুপ নিম্নুক্ত ধৰণে লিপিবদ্ধ কৰা হ'ল 一
A B O O AB O A O B A
O B A O O A AB O A A
O O AB B A O B A B O
তথ্য়খিনিক বাৰংবাৰতা বিভাজনৰ তালিকাত প্ৰদৰ্শন কৰা। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কোনটো গ্ৰুপ আটাইতকৈ সাধাৰণ আৰু কোনটো দুষ্পাপ্য়?
উত্তৰঃ
তেজৰ গ্ৰুপ
|
দাগ চিহ্ন
|
ছাত্ৰ-ছাত্ৰীৰ
সংখ্যা
|
A
|
|
9
|
B
|

|
6
|
O
|
|
12
|
AB
|

|
3
|
মুঠ 30
|
এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত O গ্ৰুপ আটাইতকৈ সাধাৰণ আৰু AB গ্ৰুপ দুষ্পাপ্য়।
দণ্ডলেখঃ দণ্ডলেখ হ'ল ছবিৰ মাধ্য়মত তথ্য়ৰ প্ৰকাশ আৰু সচৰাচৰ কোনো চলকৰ নিৰ্দেশ কৰা এডাল অক্ষত সমান অন্তৰালত মানবোৰ প্ৰদৰ্শন কৰা হয়। আন এডাল অক্ষত আৰু দণ্ডৰ উচ্চতা নিৰ্ভৰ কৰে। চলকটোৰ মানৰ ওপৰত।
উদাহৰণঃ নৱম শ্ৰেণীৰ কোনো এটা শাখাৰ 40 গৰাকী ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ জন্ম মাহৰ বিষয়ে সোধা হৈছিল আৰু সেই অনুসাৰে পোৱা তথ্য়বোৰ নিম্নোক্ত লেখটো প্ৰস্তুত কৰা হৈছে।
এতিয়া ওপৰৰ দণ্ডলেখটোৰ পৰা 一
(i) নৱেম্বৰ মাহত কেইটা ছাত্ৰ-ছাত্ৰী জন্ম হৈছিল?
উত্তৰঃ নৱেম্বৰ মাহত 4 জন ছাত্ৰ-ছাত্ৰীৰ জন্ম হৈছিল।
(ii) কোন মাহত সৰ্বোচ্চ সংখ্য়ক ছাত্ৰ-ছাত্ৰী জন্ম হৈছিল?
উত্তৰঃ আগষ্ট মাহত সৰ্বোচ্চ সংখ্য়ক ছাত্ৰ-ছাত্ৰীৰ জন্ম হৈছিল।
উদাহৰণঃ মাহিলি 20,000 টকা আয়ৰ এটা পৰিয়ালৰ বিভিন্ন শিতানত মাহেকীয়া খৰচৰ হিচাপ তলত দিয়া ধৰণে দেখুওৱা হৈছে 一
শিতান
|
খৰচ
|
গেলামাল
ভাড়া
ল’ৰা-ছোৱালীৰ শিক্ষা
ঔষধ
ইন্ধন
আমোদ-প্ৰমোদ
অন্যান্য
|
4,000
5,000
5,000
2,000
2,000
1,000
1,000
|
ওপৰোক্ত তথ্য়খিনিৰ বাবে এটা দণ্ডলেখ অংকন কৰাঃ
উত্তৰঃ