Chapter2  

তাত্ত্বিক পৰিপ্ৰেক্ষ

   ভাগ (ক) (সনাতন তত্ত্বসমূহ)

 Objective Type and Multiple Choice Question :

1. সংগঠনৰ সনাতন তত্বৰ আন এটা নাম হ'ল -----

(ক) বৈজ্ঞানিক পৰিচালনা তত্ব

(খ) যান্ত্ৰিক তত্ব

(গ) মানৱিক সম্পৰ্ক তত্ব

(ঘ) আমোলাতান্ত্ৰিক তত্ব

উত্তৰঃ (ক) বৈজ্ঞানিক পৰিচালনা তত্ব ।

২. "পৰিচালনা হ'ল এক ধৰণৰ বিজ্ঞান যি কিছুমান আইন, নিয়ম আৰু নীতিৰ ওপৰত প্ৰতিষ্ঠিত ।" এই কথাষাৰ কোনে কৈছিল---

(ক) এফ. ডব্লিউ. টেইলাৰে 

(খ) মেয়োৱে

(গ) হেনৰি ফেয়লে

(ঘ) গিলবাৰ্টে

উত্তৰঃ (ক) এফ. ডব্লিউ. টেইলাৰে 

৩. "Principle of Scientific Management."---এই কিতাপখন প্ৰকাশ হয়----

(ক) ১৯১৭ চনত

(খ) ২০১১ চনত

(গ) ১৮১১ চনত

(ঘ) ১৯১১ চনত

উত্তৰঃ (ঘ) ১৯১১ চনত

৪. "সাৰ্বিক মানসিক বিপ্লৱ" -----ধাৰণাটো তলৰ কোনটো তত্ত্বৰ লগত জড়িত ?

(ক) মানবিক সম্পৰ্ক তত্ত্ব

(খ) সনাতন তত্ত্ব                                                                                                                                        

(গ) বৈজ্ঞানিক পৰিচালনা তত্ত্ব

(ঘ) আমোলাতান্ত্ৰিক তত্ত্ব

উত্তৰঃ (ক) মানবিক সম্পৰ্ক তত্ত্ব

৫. তলৰ কোনকেইটা ধাৰণা বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ লগত জড়িত নহয় ?

(ক) মানসিক বিপ্লৱ 

(খ) আদেশৰ  ঐক্য 

(গ) সময় আৰু গতিৰ অধ্যয়ন

(ঘ) বুঢ়া আঙুলিৰ অনুশাসন

উত্তৰঃ (খ) আদেশৰ ঐক্য আৰু (ঘ) বুঢ়া আঙুলিৰ অনুশাসন ।

৬. "দুই বা ততোধিক ব্যক্তিৰ সহযোগিতাপূৰ্ণ কাৰ্যাৱলীৰ যি ব্যৱস্থা সেয়েই সংগঠন ।" ----কথাষাৰ কোনে কৈছিল ? [ G.U. 2015(Gen)]

(ক) বাৰ্নাৰ্ড চেষ্টাৰে

(খ) মুনিৰ

(গ) অবস্থী আৰু মহেশ্বৰীয়ে 

(ঘ) মেক্স ওৱেবাৰে

উত্তৰঃ (ক) বাৰ্নাৰ্ড চেষ্টাৰে ।

৭. তলৰ কোনখন মেক্স ওৱেবাৰে ৰচনা কৰা গ্ৰন্থ ?

(The Theory of Social and Economic Organization/ The Functions of the Executive/ Administrative Behaviour )

উত্তৰঃ 

৮. 'POSDCoRB' শব্দটো কোনে সৃষ্টি কৰিছিল ? {GU. 2013(Gen).}

উত্তৰঃ 'POSDCoRB' শব্দটো লুথাৰ্ গুলিক্ আৰু লিণ্ডল্ উৰউইকে সৃষ্টি কৰিছিল।

৯. বৈজ্ঞানিক ব্যৱস্থাপনা আন্দোলনৰ পিতৃ হিচাপে কোন জন ব্যক্তিক জনা যায় ? {GU. 2012,2014,2015(M)}

(Who is known as the father of the Scientific Management Movement ?)

উত্তৰঃ বৈজ্ঞানিক ব্যৱস্থাপনা আন্দোলনৰ পিতৃ হিচাপে টেইলৰ (Fredrick Winslow Taylor) ক                             জনা যায়।

১০. আমোলাতন্ত্ৰৰ পদ্ধতিগত অধ্যয়ন মেক্স ৱেবাৰ/এফ.ডব্লিউ.টেইলৰ/কাৰ্ল মাৰ্ক্সৰ সৈতে জড়িত।[GU.2012 (M)]

(The systematic study of bureaucracy is associated with Max Weber/ F.W. Taylor/ Karl Marx .)

উত্তৰঃ আমোলাতন্ত্ৰৰ পদ্ধতিগত অধ্যয়ন মেক্স ৱেবাৰ সৈতে জড়িত।

১১. 'Industrial and General Management' নামৰ কিতাপখনৰ লেখক হৈছে লুথাৰ গুলিক/ হেনৰী ফেয়ল/ এম.পি. ফলেট।[GU. 2012 (M)]

(The author of the book, Industrial and General Management is luther Gulick/ Henri Fayol/ M.P. Follett.)

উত্তৰঃ 'Industrial and General Management' নামৰ কিতাপখনৰ লেখক হৈছে হেনৰী ফেয়ল ।

১২. মেচিন মডেল তত্ত্বৰ লগত কাৰ নাম জড়িত ? [GU. 2012 (M)]

(Whose name is associated with the machine model theory ?)

উত্তৰঃ মেচিন মডেল তত্ত্বৰ লগত মাৰ্চ আৰু চাইমনৰ নাম জড়িত ।

১৪. হেনৰি ফেয়ল কোনটো তত্ত্বৰ সৈতে জড়িত ? [GU. 2014 (M)]

(With which theory Henry Fayol is associated ?)

উত্তৰঃ হেনৰি ফেয়ল প্ৰশাসনিক তত্ত্বৰ সৈতে জড়িত ।

Short Type Questions:

1. Write Short notes ( চমুটোকা লিখা )ঃ

(a) বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ নীতিসমূহ [GU. 2016 (Gen.)]

উত্তৰঃ বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ নীতিসমূহ তলত আলোচনা কৰা হল-

(১) বুঢ়া-আঙুলিৰ অনুশাসনৰ পৰিৱৰ্তে বৈজ্ঞানিক পদ্ধতিসমূহ পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা উচিত।

(২) পৰ্যবেক্ষণ, অনুসন্ধান, তথ্য সংগ্ৰহ, তথ্য বিশ্লেষণ আৰু গৱেষণা উৎপাদনৰ ক্ষেত্ৰত প্ৰয়োগ কৰা সম্ভৱ।

(৩) কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা কৰি কামত আগবাঢ়িব লাগিব।

(৪) পৰিকল্পনা ৰচনাৰ দায়িত্ব পৰিচালকে গ্ৰহণ কৰিব।

(৫) পৰিকল্পনা ৰচনা ইয়াৰ ৰূপায়ণৰ পৰা বেলেগ হ'ব।

(৬) গতানুগতিক পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক ভিত্তিত প্ৰত্য়েত কৰ্মীৰ বাবে কাম নিৰ্ধাৰণ কৰিব লাগিব।

(৭) নিদিৰ্ষ্ট কামৰ বাবে সময়ৰ মাত্ৰা নিৰ্ধাৰণ কৰিব লাগিব ।

(৮) শ্ৰমিক আৰু মালিকৰ মাজত সহযোগিতা আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক স্থাপন কৰিব লাগিব ।

(৯) শ্ৰমিকসকল যাতে কামত উৎসাহিত হয় তেনে মজুৰি নীতি প্ৰৱৰ্তন কৰিব লাগিব ।

(১০) অকলে অকলে কাম কৰাৰ পৰিৱৰ্তে সামিল-মিলভাবে কাম কৰিবলৈ ৎসাহ দিয়া উচিত ।

 (b) বৈজ্ঞানিক ব্যৱস্থাপনাৰ বিভিন্ন দিশ ।   [GU.2013(Gen)]                                

উত্তৰঃ  বৈজ্ঞানিক ব্যৱস্থাপনা বিভিন্ন দিশ সমূহ দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি । মানৱীয় দিশ আৰু অ-মানৱীয়। এই দুয়োটা দিশ তলত তলত আলোচনা কৰা হল। 

মানৱীয় দিশ (Human Aspects) ঃ

(i)  শ্ৰমিক নিৰ্বাচন (Recruitment) ঃ উপযুক্ত কামৰ বাবে উপযুক্ত শ্ৰমিক নিৰ্বাচনৰ ওপৰত উৎপাদনৰ দক্ষতা পৰিমানে নিৰ্ভৰ কৰে । কামৰ প্ৰকৃতি আৰু বৈশিষ্ট্য অনুসৰি শ্ৰমিকৰ বাছনি কৰিব লাগিব। এজন শ্ৰমিক যদি কোনো কামৰ বাবে অনুপযোগী হয় তেন্তে তেওঁক আন পদত স্থানান্তৰিত কৰিব লাগিব। এনে নকৰিলে কৰ্মদক্ষতা হ্ৰাস পাব আৰু ৎপাদনৰ মাত্ৰা কমি যাব।

(ii) প্ৰশিক্ষণ (Training) ঃ যোগ্য কৰ্মীক নিযুক্তিৰ পিছত প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব। 

(iii) সময় সমীক্ষা ( Time Study) ঃ এই তত্ত্ব মতে সময়ৰ অপচয় ৰোধ কৰিবৰ বাবে সময় সমীক্ষাৰ প্ৰৱৰ্তন কৰা হয়। 

(iv) গতি পৰীক্ষা (Motion Study) ঃ সময় সমীক্ষা আৰু গতি সমীক্ষাৰ উদ্দেশ্য হ'ল এনে প্ৰক্ৰিয়াৰ উদ্ভাৱন কৰা যাতে সাৰ্বাধিক পৰিমান কাম ন্যূনতম সময় আৰু ন্যূনতম অঙ্গ সঞ্চালন কৰি সম্পন্ন কৰিব পাৰি। 

(v) ক্লান্তি পৰীক্ষা (Fatigue Study) ঃ মানসিক কাম বা দৈহিক কাম যিয়েই নহওক লাগে, একেৰাহে দীৰ্ঘকাল কোনো কাম কৰিলে ক্লান্তিৰ সৃষ্টি হয়। ক্লান্তিৰ বাবে উৎপাদনৰ পৰিমান হ্ৰাস পায়, আৰু দুৰ্ঘটনা বৃদ্ধি পায়।

(vi) প্ৰেৰণামূলক মজুৰিৰ ব্যৱস্থা (Incentive Wage System) ঃ শ্ৰমিকৰ দৰমহা বেছি হলে তেওঁলোকৰ দক্ষতা বৃদ্ধি পায় আৰু মজুৰি সম্পৰ্কীয় ব্যয় কম হয়। কিন্তু মজুৰি কম হলে শ্ৰমিকৰ কৰ্মদক্ষতা হ্ৰাস পায় আৰু মজুৰি সম্পৰ্কীয় ব্যয় বৃদ্ধি পায়। 

(vii) মালিক আৰু শ্ৰমিকৰ সহয়োগিতা (Co-Operation between labour and management) ঃ যিকোনো ব্যৱসায়ৰ সাফল্যৰ বাবে মালিক আৰু শ্ৰমিকৰ সহযোগিতাৰ প্ৰয়োজন। শ্ৰমিকক অলক মালিকৰ আদেশ পালনৰ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব নেলাগিব । তেওঁক মানুহৰ মৰ্যদা আৰু তেওঁৰ মতামতক যথাযোগ্য মূল্য দিব লাগিব।

অ-মানৱীয় দিশসমূহ (Non-human Aspects) ঃ

(i) যন্ত্ৰ-পাতি (Machine Tools) ঃ বৈজ্ঞানিক পদ্ধতিত সৰ্বাধুনিক যন্ত্ৰৰ ব্যৱহাৰ বৈজ্ঞানিক পৰিচালনাৰ এটা দিশ। পুৰণি যন্ত্ৰ-পাতিৰ পৰিৱৰ্তে নতুন যন্ত্ৰ-পাতি ব্যৱহাৰ কৰি উৎপাদিকা শক্তি বৃদ্ধি কৰিব পাৰি। যন্ত্ৰ-পাতিৰ দক্ষতাৰ ওপৰত ব্যৱসায়ৰ সামগ্ৰিক দক্ষতা বহুল ভাৱে নিৰ্ভৰ কৰে।

(ii) কেচাঁমাল (Raw-Materials) ঃ ৎপাদন বাবে কেঁচামাল অপৰিহাৰ্য। ৎপাদনৰ গতি অব্যাহত ৰাখিবলৈ হ'লে উপযুক্ত পৰিমানে কেচাঁমালৰ ব্যৱস্থা কৰিব লাগিব। কেচাঁমাল সংগ্ৰহ কৰাৰ পিছত সেইবিলাক ভালদৰে ৰখাৰ ব্যৱস্থা কৰিব লাগিব।

(iii) কাৰখানাৰ পৰিৱেশ (Factory Conditions) ঃ কাৰখানাৰ আভ্যন্তৰীণ পৰিৱেশে শ্ৰমিকৰ কৰ্মদক্ষতাৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰে। কাম কৰা ঠাইত পোহৰ, বতাহ চলাচল, তাপ, খোৱাৰ ব্যৱস্থা, জিৰণিৰ ঠাই ইত্যাদি কাৰখানাৰ প্ৰাকৃতিক পৰিৱেশৰ অন্তৰ্ভুক্ত।

(iii) কাৰ্যভিক্তিক কৰ্তব্য বণ্টন (Functionalisation) ঃ পৰিচপৰিচালনাৰ উন্নতিৰ বাবে টেইলৰে পুৰণি সৰলৰৈখিক কৰ্তৃত্ব সম্পৰ্কৰ পৰিৱৰ্তে কৰ্মভিক্তিক নেতৃত্বৰ প্ৰৱৰ্তন কৰিছে। বিভিন্ন কামৰ বাবে বিভিন্ন ব্যক্তিক দায়ী কৰি গোটেই কামবিলাকক ভাগ কৰা হয়। ইয়াকে কাৰ্যভিক্তিক কৰ্তব্য বণ্টন বোলা হয়। 

(iv) কেন্দ্ৰীয় পৰিকল্পনা (Central 'Planning)ঃবিভিন্ন বিভাগৰ মাজত সমন্বয় সাধনৰ উদ্দেশ্যে প্ৰত্যেক শিল্প প্ৰতিষ্ঠানত এটা পৰিকল্পনা বিভাগ থাকে। এই বিভাগে প্ৰতিষ্ঠানটোৰ মস্তিষ্কৰ দৰে কাম কৰে। 

2. বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বটোৰ মূল নীতিসমূহ ব্যাখ্যা কৰা । [GU. 2016 (M)]

উত্তৰঃ বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বটোৰ মূল নীতিসমূহ তলত ব্যাখ্যা কৰা হল------

(১) বুঢ়া-আঙুলিৰ অনুশাসনৰ পৰিৱৰ্তে বৈজ্ঞানিক পদ্ধতিসমূহ পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা উচিত।

(২) পৰ্যবেক্ষণ, অনুসন্ধান, তথ্য সংগ্ৰহ, তথ্য বিশ্লেষণ আৰু গৱেষণা উৎপাদনৰ ক্ষেত্ৰত প্ৰয়োগ কৰা সম্ভৱ।

(৩) কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা কৰি কামত আগবাঢ়িব লাগিব।

(৪) পৰিকল্পনা ৰচনাৰ দায়িত্ব পৰিচালকে গ্ৰহণ কৰিব।

(৫) পৰিকল্পনা ৰচনা ইয়াৰ ৰূপায়ণৰ পৰা বেলেগ হ'ব।

(৬) গতানুগতিক পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক ভিত্তিত প্ৰত্য়েত কৰ্মীৰ বাবে কাম নিৰ্ধাৰণ কৰিব লাগিব।

(৭) নিদিৰ্ষ্ট কামৰ বাবে সময়ৰ মাত্ৰা নিৰ্ধাৰণ কৰিব লাগিব ।

(৮) শ্ৰমিক আৰু মালিকৰ মাজত সহযোগিতা আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক স্থাপন কৰিব লাগিব ।

(৯) শ্ৰমিকসকল যাতে কামত উৎসাহিত হয় তেনে মজুৰি নীতি প্ৰৱৰ্তন কৰিব লাগিব ।

(১০) অকলে অকলে কাম কৰাৰ পৰিৱৰ্তে সামিল-মিলভাবে কাম কৰিবলৈ ৎসাহ দিয়া উচিত ।

3. ফেয়লৰ মতে ব্যৱস্থাপনা নীতিসমূহ কি কি ? 

উত্তৰঃ ফেয়লৰ মতে ব্যৱস্থাপনা নীতিসমূহ হল -----

(a) শ্ৰম বিভাজন বা বিশেষীকৰণ (Division of work of Specialisation)ঃ ই সংগঠনৰ প্ৰকৃতিৰ বিধান আৰু দক্ষতা বৃদ্ধি কৰে।

(b) কৰ্তৃত্ব আৰু দায়িত্ব (Authority and Responsibility)ঃ কৰ্তৃত্ব হল আদেশ দানৰ অধিকাৰ যাক অধস্তন কৰ্মচাৰীসকলে মানি চলিব লাগিব।

(c) শৃঙ্খলাপৰায়ণতা (Discipline)ঃ শৃঙ্খলা বুলিলে আদেশ মানি চলা, উচ্চ বিষয়াক সন্মান কৰা, মনোযোগৰ সৈতে কাম কৰা ইত্যাদিক বুজায়।

(d) আদেশৰ ঐক্য (Unity of Command)ঃ তলতীয়া কৰ্মচাৰীসকল এজন মাত্ৰ ঊৰ্ধ্বতন বিষয়াৰ ওচৰত দায়বদ্ধ থাকিব।

(e) নিৰ্দেশৰ ঐক্য (Unity of Direction)ঃ একেটা বিভাগ বা শাখাৰ কামৰ বাবে এটা কৰ্তৃপক্ষ আৰু এটা পৰিকল্পনা থাকিব।

(f) অধিক্ৰমিক যোগসূত্ৰ(Scalar Chain)ঃ সাংগঠনিক গাঁথনিৰ সৰ্বোচ্চ স্তৰৰ পৰা সৰ্বনিম্ন স্তৰলৈকে সকলোতে স্তৰ পৰম্পৰাৰ এটা যোগসূত্ৰ ৰাখিব লাগিব।

(g) কেন্দ্ৰীকৰণ (Centralisation)ঃ সংগঠন কেন্দ্ৰীভূত হোৱা উচিত। অৱশ্যে ইয়াৰ মাত্ৰা নিৰ্ভৰ কৰিব অৱস্থাৰ ওপৰত।

(h) বিন্যাস (Order)ঃ ফেয়লৰ মতে বিন্যাস বোলোতে যোগ্য ব্যক্তিক যোগ্য পদ দিয়া বুজায়।

(i) সমতা (Equity)ঃ ইয়াত সমতা বুলিলে দয়ামিশ্ৰিত ন্যায়বিচাৰক বুজায়।

(j) কৰ্মীসকলৰ পাৰিশ্ৰমিক (Remuneration)ঃ কৰ্মীসকলৰ দৰমহা ন্যায্য জীৱন-ধাৰণ পক্ষে পৰ্যাপ্ত আৰু শ্ৰমিকৰ প্ৰান্তিক উৎপাদনশীলতাৰ সমান হব লাগিব।

(k) সামগ্ৰিক স্বাৰ্থৰ ওচৰত ব্যক্তিস্বাৰ্থৰ নীতি স্বীকাৰ (Subordination of individual interest to general interest)ঃ এই নীতিৰ অৰ্থ হল যে প্ৰশাসনৰ স্বাৰ্থই ডাঙৰ, কৰ্মীসকলৰ ব্যক্তিগত স্বাৰ্থ নহয়।

(l) কৰ্মীসকলৰ চাকৰিৰ স্থায়িত্ব (Stability of Tenure)ঃ সংগঠনৰ কৰ্মীসকলক যোগ্যতা দেখুৱাবৰ কাৰণে সুযোগ দিব লাগিব আৰু বিনা কাৰণত কাকো পদচ্যুত কৰিব নোৱাৰিব।

(m) কৰ্মোদ্যোগ (Initiative)ঃ পৰিচালকসকলে তেওঁলোকৰ অভিমান ত্যাগ কৰি তলতীয়া কৰ্মচাৰীসকলৰ মাজত আত্মবিশ্বাস জগাই তুলিব লাগিব যাতে তেওঁলোক উদ্যোগ গ্ৰহণ কৰিবলৈ উৎসাহিত হয়।

(n) দলবদ্ধভাৱে কাম কৰাৰ মনোভাব (Esprit de corps)ঃসংগঠনৰ কৰ্মীসকলৰ মাজত একগোট হৈ কাম কৰাৰ ভাব জগাই তুলিব লাগিব।কাৰণ, কৰ্মীসকলৰ মাজত থকা একতাই হল সংগঠনৰ শক্তি।

4. লোক প্ৰশাসনৰ আমোলাতান্ত্ৰিক তত্ত্বৰ মূল নীতি সমূহ ব্যাখ্যা কৰা। [ GU. 2017(M)]

 উত্তৰঃ                                                                                                                                                                                                                                                                                                                                 Essay Type Questions :

1. মেক্স ওৱেবাৰৰ আমোলাতান্ত্ৰিক তত্ত্বটো পৰীক্ষা কৰা। [GU. 2013, 2016 (Gen)]

উত্তৰঃ আমোলাতন্ত্ৰ হৈছে চৰকাৰী কৰ্মচাৰীসকলক লৈ গঠিত হোৱা এটা সংগঠন। মেক্স ওৱেবাৰে আমোলাতন্ত্ৰ সম্পৰ্কে পদ্ধতিগত অধ্যয়ন কৰিছিল। তেওঁৰ মতে আমোলাতন্ত্ৰ হৈছে এটা বিশেষ ধৰণৰ প্ৰশাসনীয় সংগঠন। অৰ্থাৎ ওৱেবাৰৰমতে আমোলাতন্ত্ৰ হৈছে চৰকাৰে নিয়োগ কৰা আমোৱাসকলৰ এটা উমৈহতীয়া সংগঠন। ৰাজ্য, ধৰ্মীয় সংগঠন, ৰাজনৈতিক দল, শ্ৰমিক সংগঠন, উদ্যোগ, বিশ্ববিদ্যালয় আদি সকলোতে ইয়াৰ প্ৰভাৱ দেখা যায়।

মেক্স ওৱেবাৰৰ মতে আদৰ্শগত আমোলাতান্ত্ৰৰ অধীনস্ত সংগঠনৰ প্ৰত্যেকজন কৰ্মচাৰী তথা বিষয়াৰ সংগঠনৰ প্ৰতি বেলেগ বেলেগ দায়িত্ব থাকে।আদৰ্শগত আমোলাতন্ত্ৰত অধিক্ৰম পদ্ধতিত সংগঠনৰ সৃষ্টি কৰা হয়, তলত প্ৰত্যেকজন বিষয়াৰ কামৰ ওপৰত ওপৰৰ জন বিষয়াৰ নিয়ন্ত্ৰণ থাকে। 

সংগঠনৰ  আমোলাতন্ত্ৰ বিকাশত প্ৰধান অৱদান আগবঢ়াইছিল মেক্স ওৱেবাৰে। আধিপত্য বুলিলে শাসক আৰু শাসিতৰ মাজত থকা ক্ষমতাৰ সম্পৰ্কক বুজায়। ওৱেবাৰে তিনি ধৰণৰ আধিপত্য সম্পৰ্কে ব্যক্ত কৰিছে। সেইবোৰ  তলত আলোচনা কৰা হল----

(i) অসাধাৰণ গুণৰ বাবে আধিপত্যঃ কিছুমান অসাধাৰণ গুণৰ বাবে এজন নেতাই তেওঁৰ অনুগামীসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

(ii) চিৰাচৰিত আধিপত্যঃ চিৰাচৰিত ক্ষমতা ফলত এই আধিপত্য বিস্তাৰ কৰিব পাৰি। "পুৰণি প্ৰথাত কাম আৰু অতীত মংগলময়" এই বিশ্বাসৰ পৰা এই ধৰণৰ আধিপত্য গঢ়ি উঠে।

(iii) আইনগত আধিপত্যঃ মেক্স ওৱেবাৰে বিধিসন্মত আধিপত্যৰ বা কৰ্তৃত্বৰ কথা কৈছে। তেওঁ এই কৰ্তৃত্বক যুক্তিসিদ্ধ কৰ্তৃত্ব বুলিও কৈছে।

আমোলাতন্ত্ৰৰ প্ৰধান লক্ষ্য হৈছে প্ৰশাসনৰ যন্ত্ৰৰ দক্ষতা বৃদ্ধি কৰা।মেক্স ওৱেবাৰৰ মতে একমাত্ৰ পুঁজিবাদী ব্যৱস্থাতহে প্ৰকৃতাৰ্থত আমোলাতান্ত্ৰিক সংগঠন গঢ়ি উঠিব পাৰে। কাৰণ ইয়াত গণতান্ত্ৰিক চৰকাৰে প্ৰতিষ্ঠা কৰা হয়।

ওৱেবাৰৰ মতে আদৰ্শ আমোলাতান্ত্ৰিক সংগঠনৰ বৈশিষ্ট্যসমূহ হ'ল----

(i) সংগঠনৰ প্ৰত্যেকজন কৰ্মচাৰী তথা বিষয়াৰ বেলেগ বেলেগ দায়িত্ব থাকে।

(ii) সংগঠন আৰু কৰ্মচাৰীসকলৰ মাজত এক চুক্তিৰ ভিত্তিত কৰ্মচাৰীসকলক নিয়োগ কৰা হয়।

(iii) কৰ্মচাৰীসকলে তেওঁলোকৰ কাৰ্যালয়ৰ মৰ্যদাৰ অপব্যৱহাৰ কৰিব নোৱাৰে।

(iv) নিৰপেক্ষভাৱে আৰু কোনো লোকৰ প্ৰতি আক্ষেপ নকৰাকৈ সংগঠনৰ দায়িত্ব পালন কৰা হয়।

(v)  কৰ্মচাৰীসকলৰ বাবে এক নিদিৰ্ষ্ট হাৰত দৰমহা আৰু পেণ্সনৰ ব্যৱস্থা কৰা হয়।   

2. প্ৰশাসনৰ বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বটো আলোচনা কৰা । ইয়াৰ আসোঁৱাহসমূহ কি কি ? [GU. 2017 (M)]

উত্তৰঃ কুৰি শতিকাৰ আৰম্ভনিতে  লোক প্ৰশাসনৰ বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্ব গঠন কৰা হৈছিল। এই তত্ত্বৰ প্ৰতিষ্ঠাপক হৈছে ফ্ৰেডৰিক ডব্লিউ. টেইলৰ। কিন্তু 'বৈজ্ঞানিক ব্যৱস্থাপনা ধাৰণাটো প্ৰথমে প্ৰয়োগ কৰিছিল লুই ব্ৰেণ্ডিছে । টেইলৰ মতে ব্যৱসায়ক সুদক্ষ কৰিবলৈ পুৰণি ব্যৱস্থাসমূহ আকোৱালি নলৈ পৰিচালনাৰ ক্ষেত্ৰত সংস্কাৰমুক্ত আৰু বৈজ্ঞানিক দৃষ্টিভংগী সৃষ্টি কৰিব লাগিব।

বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বৰ মূল উদ্দেশ্য হল পৰিচালক আৰু শ্ৰমিকৰ কাম আৰু চিন্তাধাৰাত বৈপ্লৱিক পৰিৱৰ্তন অনা আৰু শ্ৰমিক আৰু মালিকৰ সৰ্বাধিক সমৃদ্ধিৰ সুযোগ কৰি দিয়া।মালিকৰ সমৃদ্ধি নিৰ্ভৰ কৰে উৎপাদিকা শক্তিৰ চৰম উৎকৰ্ষৰ মাজত আৰু শ্ৰমিক সমৃদ্ধি নিৰ্ভৰ কৰে কৰ্মদক্ষতাৰ সৰ্বাধিক উন্নতিৰ ওপৰত। বৈজ্ঞানিক পৰিচালনাত অৱলম্বন কৰা পদ্ধতি দুটা হল---

(i) বৈজ্ঞানিক ভিত্তিত সময় আৰু গতি সমীক্ষা কৰি প্ৰত্যেকটো কামৰ বাবে একোটা সৰ্বোত্তম কৰ্মপদ্ধতি আৱিস্কাৰ কৰা প্ৰয়োজন।

(ii) মানৱিক আৰু অ-মানৱিক  সম্পদৰ সঠিক ব্যৱহাৰৰ ব্যৱস্থা কৰা একান্ত প্ৰয়োজন। অ-মানৱিক সম্পদৰ ক্ষেত্ৰত কেচাঁমাল, যন্ত্ৰপাতি ইত্যাদি উপকৰণবিলাকৰ বাবে উপযুক্ত পৰিকল্পনা কৰিব লাগিব। মানৱিক সম্পদৰ ক্ষেত্ৰত বৈজ্ঞানিক পৰিচালনাৰ কাম হল শ্ৰমিক আৰু মালিকৰ মাজত থকা পাৰস্পৰিক সহযোগিতাৰ সম্পৰ্ক স্থাপন কৰা ।

                        ইয়াৰ আঁসোৱাহ সমূহ হল------

(i) বৈজ্ঞানিক ব্যৱস্থাবোৰ সৰু সৰু ব্যৱসায়ী প্ৰতিস্থানবিলাকে প্ৰয়োগ কৰিব নোৱাৰে। অকল বৃহৎ ব্যৱসায়ৰ ক্ষেত্ৰতহে এই তত্ত্ব প্ৰয়োগ কৰিব পাৰি। কাৰণ ইয়াৰ বাবে প্ৰচুৰ মূলধনৰ প্ৰয়োজন।

(ii) মায়াৰ্ছে বৈজ্ঞানিক পৰিচালনাক অ-বৈজ্ঞানিক আৰু সমাজবিৰোধী, মানসিকতাবিৰোধী বুলি অভিহিত কৰিছে।

(iii) বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বই শ্ৰমিক কল্যাণৰ কথা কৈছে। কিন্তু শ্ৰমিক সকলে এই তত্ত্বৰ তীব্ৰ বিৰোধিতা কৰিছে। কাৰণ এই তত্ত্বৰ নীতি অনুসৰি কামৰ গতিবেগ বৃদ্ধি হ'লেও ইয়াৰ দ্বাৰা শ্ৰমিকৰ দেহ আৰু মনত বিশেষ চাপ পৰিছে।

(iv) বৈজ্ঞানিক পৰিচালনা তত্ত্বত বিশেষীকৰণৰ সীমাক উপেক্ষা কৰা হৈছে।

(v) বৈজ্ঞানিক পৰিচালনা তত্ত্বত ব্যৱসায়ৰ সামগ্ৰিক পৰিচালনাৰ পৰিৱৰ্তে অকল উৎপাদন সংক্ৰান্ত পৰিচালনাৰ মাজতে সীমাবদ্ধ।

3. বৈজ্ঞানিক পৰিচালনা তত্ত্বটোৰ সমালোচনামূলক ব্যাখ্যা কৰা। [GU. 2014 (M), 2015 (G)]

উত্তৰঃ কুৰি শতিকাৰ আৰম্ভনিতে  লোক প্ৰশাসনৰ বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্ব গঠন কৰা হৈছিল। এই তত্ত্বৰ প্ৰতিষ্ঠাপক হৈছে ফ্ৰেডৰিক ডব্লিউ. টেইলৰ। কিন্তু 'বৈজ্ঞানিক ব্যৱস্থাপনা ধাৰণাটো প্ৰথমে প্ৰয়োগ কৰিছিল লুই ব্ৰেণ্ডিছে । টেইলৰ মতে ব্যৱসায়ক সুদক্ষ কৰিবলৈ পুৰণি ব্যৱস্থাসমূহ আকোৱালি নলৈ পৰিচালনাৰ ক্ষেত্ৰত সংস্কাৰমুক্ত আৰু বৈজ্ঞানিক দৃষ্টিভংগী সৃষ্টি কৰিব লাগিব।

বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বৰ মূল উদ্দেশ্য হল পৰিচালক আৰু শ্ৰমিকৰ কাম আৰু চিন্তাধাৰাত বৈপ্লৱিক পৰিৱৰ্তন অনা আৰু শ্ৰমিক আৰু মালিকৰ সৰ্বাধিক সমৃদ্ধিৰ সুযোগ কৰি দিয়া।মালিকৰ সমৃদ্ধি নিৰ্ভৰ কৰে উৎপাদিকা শক্তিৰ চৰম উৎকৰ্ষৰ মাজত আৰু শ্ৰমিক সমৃদ্ধি নিৰ্ভৰ কৰে কৰ্মদক্ষতাৰ সৰ্বাধিক উন্নতিৰ ওপৰত। বৈজ্ঞানিক পৰিচালনাত অৱলম্বন কৰা পদ্ধতি দুটা হল---

(i) বৈজ্ঞানিক ভিত্তিত সময় আৰু গতি সমীক্ষা কৰি প্ৰত্যেকটো কামৰ বাবে একোটা সৰ্বোত্তম কৰ্মপদ্ধতি আৱিস্কাৰ কৰা প্ৰয়োজন।

(ii) মানৱিক আৰু অ-মানৱিক  সম্পদৰ সঠিক ব্যৱহাৰৰ ব্যৱস্থা কৰা একান্ত প্ৰয়োজন। অ-মানৱিক সম্পদৰ ক্ষেত্ৰত কেচাঁমাল, যন্ত্ৰপাতি ইত্যাদি উপকৰণবিলাকৰ বাবে উপযুক্ত পৰিকল্পনা কৰিব লাগিব। মানৱিক সম্পদৰ ক্ষেত্ৰত বৈজ্ঞানিক পৰিচালনাৰ কাম হল শ্ৰমিক আৰু মালিকৰ মাজত থকা পাৰস্পৰিক সহযোগিতাৰ সম্পৰ্ক স্থাপন কৰা ।

বৈজ্ঞানিক ব্যৱস্থাপনাৰ উল্লেখযোগ্য নীতি সমূহ------

(১) বুঢ়া-আঙুলিৰ অনুশাসনৰ পৰিৱৰ্তে বৈজ্ঞানিক পদ্ধতিসমূহ পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা উচিত।

(২) পৰ্যবেক্ষণ, অনুসন্ধান, তথ্য সংগ্ৰহ, তথ্য বিশ্লেষণ আৰু গৱেষণা উৎপাদনৰ ক্ষেত্ৰত প্ৰয়োগ কৰা সম্ভৱ।

(৩) কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা কৰি কামত আগবাঢ়িব লাগিব।

(৪) পৰিকল্পনা ৰচনাৰ দায়িত্ব পৰিচালকে গ্ৰহণ কৰিব।

(৫) পৰিকল্পনা ৰচনা ইয়াৰ ৰূপায়ণৰ পৰা বেলেগ হ'ব।

(৬) গতানুগতিক পদ্ধতিৰ পৰিৱৰ্তে বৈজ্ঞানিক ভিত্তিত প্ৰত্য়েত কৰ্মীৰ বাবে কাম নিৰ্ধাৰণ কৰিব লাগিব।

(৭) নিদিৰ্ষ্ট কামৰ বাবে সময়ৰ মাত্ৰা নিৰ্ধাৰণ কৰিব লাগিব ।

(৮) শ্ৰমিক আৰু মালিকৰ মাজত সহযোগিতা আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক স্থাপন কৰিব লাগিব ।

(৯) শ্ৰমিকসকল যাতে কামত উৎসাহিত হয় তেনে মজুৰি নীতি প্ৰৱৰ্তন কৰিব লাগিব ।

(১০) অকলে অকলে কাম কৰাৰ পৰিৱৰ্তে সামিল-মিলভাবে কাম কৰিবলৈ ৎসাহ দিয়া উচিত ।

 বৈজ্ঞানিক ব্য়ৱস্থাপনাৰ  বিভিন্ন দিশ-----

                    বৈজ্ঞানিক ব্যৱস্থাপনাৰ অন্তৰ্গত ব্যৱসায়ৰ বিষয়বিলাকক প্ৰধান দুটা শ্ৰেণীত ভাগ কৰিব পাৰি। মানৱীয় দিশ আৰু অ-মানৱীয় দিশ। মানৱীয় দিশ সমূহ হল----(a) শ্ৰমিক নিৰ্বাচন, (b) প্ৰশিক্ষণ, (c) সময় সমীক্ষা, (d) গতি পৰীক্ষা, (e) ক্লান্তি পৰীক্ষা, (f)  প্ৰেৰণামূলক মজুৰিৰ ব্য়ৱস্থা, (g) শ্ৰমিক আৰু মালিকৰ মাজত সহযোগিতা।

অ-মানৱীয় দিশ সমূহ হল---- (a) যন্ত্ৰ-পাতি, (b) কেচাঁমাল, (c) কাৰখানাৰ পৰিৱেশ, (d) কেন্দ্ৰীয় পৰিকল্পনা।

বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ সুবিধাসমূহ হল-----

(a) এই তত্ত্বৰ জৰিয়তে যোগ্য ব্যক্তি যোগ্য কামত নিয়োগ কৰাৰ ফলত ৎপাদনশীলতা দৃদ্ধি পাব।

(b) বৈজ্ঞানিক ব্যৱস্থানাৰ কৌশলসমূহ উপযুক্তৰূপত প্ৰয়োগ কৰিলে শ্ৰমিকৰ আৰু শিল্প প্ৰতিষ্ঠানটোৰ দক্ষতা বৃদ্ধি পাব।

(c) শ্ৰমৰ আৰু সময়ৰ অপচয় ৰোধৰ বাবে সময় আৰু গতি সমীক্ষা অতি জৰুৰী।

(d) পৱেষণা আৰু সতৰ্ক পৰ্যবেক্ষণৰ ফলত ব্য়য় হ্ৰাস পাব।

(e) মালিকসকলে ৰক্ষণশীল মনোভাৱে ত্যাগ কৰি প্ৰগতিশীল দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হোৱাৰ ফলত শ্ৰমিক আৰু মালিকৰ সহযোগিতা বৃদ্ধি পাব।

Answer by  Himashri Kakati