অধ্য়ায় ২
বেদ, উপনিষদ আৰু শ্ৰীমদ্ভাগৱতগীতা 
(Vedas, Upanisads & Bhagavatgita)

প্রশ্নাৱলী

 (Questions)

 Answer the following questions: 

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

 1. What is Veda?

 বেদ কি ? 

Ans - যি শাস্ত্ৰত ধৰ্ম আৰু তাৰ লগত যুক্ত কৰ্ম, কৰ্মফল, যজ্ঞ, যজ্ঞফল, স্বৰ্গ, পৰলোকতত্ত্ব, অদৃষ্ট প্ৰভৃতি ধৰ্ম সম্বন্ধীয় যাবতীয় জ্ঞান, আৰু ব্ৰহ্ম, মোহ্ম ইত্য়াদি বিষয়ৰ জ্ঞান লাভ কৰা যায়, সেই শাস্ত্ৰকেই বেদ বোলা হয়। 

 2. What is the literal meaning of 'Veda'? 

‘বেদ’ৰ আক্ষৰিক অর্থ কি? 

Ans - সংস্কৃত 'ৱেদ' শব্দটো উৎপত্তি হৈছে 'ৱিদ' ধাতুৰ পৰা।ৱিদ+অচ্ = ৱেদ। 'ৱিদ'ৰ অৰ্থ হল 'জনা'; গতিকে বেদ শব্দৰ ধাতুগত অৰ্থ হল জ্ঞান বা বিদ্য়া।

 3. How many Vedas are there?

 বেদ কেইখন আছে ? 

Ans - বেদ চাৰিখন আছে। যেনে -  ঋক, যজু, সাম, অথৰ্ব

 4. Which one is considered as the most oldest and fundamental Veda? 

কোনখন বেদক সবাতোকৈ প্ৰাচীন আৰু মৌলিক বুলি কোৱা হয়? 

Ans - এই চাৰিবেদৰ ভিতৰত ঋকবেদক প্ৰধান আৰু মৌলিক গ্ৰন্থ বুলি পৰিগণিত কৰা হয়। 

 5. How many parts are there in a Veda ? 

বেদৰ কেইটাকৈ অংশ থাকে? 

Ans - প্ৰত্য়েক বেদৰে চাৰিটাকৈ অংশ আছে - মন্ত্ৰ বা সংহতি, ব্য়াহ্মণ, আৰণ্য়ক আৰু উপনিষদ। 

 6. Which part of the Vedas is called the 'Vedanta'?

 বেদৰ কোনটো অংশক ‘বেদান্ত' বুলি কোৱা হয় ? 

Ans - বেদৰ অন্তিম  অংশই উপনিষদ। সেইকাৰণে উপনিষদক বেদান্ত বুলি কোৱা হয়।

 7. What is the cream of Vedic philosophy ?

 বৈদিক দৰ্শনৰ সাৰতত্ত্ব কি? 

Ans -  

8. What does Veda mean?

 বেদ মানে কি?

Ans -   বেদ বিশ্বসাহিত্য়ৰ সবাতোকৈ প্ৰাচীন গ্ৰন্থ। বেদ ভাৰতৰ অতি প্ৰাচীনতম আৰু আদিতম ধৰ্মীয় আৰু দাৰ্শনিক গ্ৰন্থ। বেদ একাধাৰে জ্ঞান, কৰ্ম আৰু ধৰ্মৰ অপূৰ্ব সংমিশ্ৰণ।

9. What is Upanisad ?

উপনিষদ কাক বোলে ? 

Ans - অবিদ্য়া বা অজ্ঞানতা নাশ কৰি যি বিদ্য়া বা পৰমজ্ঞানে মুমুক্ষু জীৱক পৰমব্ৰহ্মৰ কাষলৈ লৈ যায়, যি বিদ্য়া পৰমব্ৰহ্ম প্ৰাপ্তিৰ সাধনৰূপ, সেই পৰাবিদ্য়া বা ব্ৰহ্মবিদ্য়াক উপনিষদ বোলা হয়।

 10. What is the literal meaning of 'Upanisad'? 

উপনিষদ'ৰ আক্ষৰিক অর্থ কি? 

Ans - 'উপনিষদ' শব্দটো উদ্ভৱ হৈছে 'সদ্' ধাতুৰ লগত 'উপ' আৰু 'নি' উপসৰ্গ যুক্ত কৰি।'উপ' ৰ অৰ্থ হল 'নিকট' বা 'ওচৰত'; 'নি'ৰ অৰ্থ হল শ্ৰদ্ধাসহিত বা ধ্য়ানসহকাৰে; আৰু 'সদ্' ধাতুৰ ভিন্ন অৰ্থ আছে- 'বহা', 'বিনাশ কৰা', ' অৱসান ঘটোৱা'। গতিকে উপনিষদ শব্দৰ ব্য়ুৎপত্তিগত অৰ্থ হল- শিষ্য়ই কোনো যোগ্য় গুৰুৰ নিকট পৰমতত্ত্বৰ গূঢ় উপদেশ শ্ৰৱন কৰিবলৈ শ্ৰদ্ধাসহিত বহা।যাৰ দ্বাৰা তেওঁৰ অবিদ্য়া বিনাশ হয়, কৰ্মবন্ধন আৰু তজ্জন্য় দুখাদিৰ অৱসান ঘটে, আৰু ফলত শিষ্য়ই ব্ৰহ্মজ্ঞান বা আত্মজ্ঞান লাভ কৰিব সক্ষম হয়।

11. What does Upanisad mean?

 উপনিষদ মানে কি ? 

Ans - বেদৰ অন্তিম ভাগ হল উপনিষদ। বেদৰ অন্তভাগ বাবে উপনিষদক বেদান্ত বুলিও কোৱা হয়।ভাৰতীয় চিন্তাধাৰা আৰু সংস্কৃতিৰ মূল উৎস হল উপনিষদ। 


12. State any two principal Upanisads. 

যিকোনো দুখন প্রধান উপনিষদৰ নাম লিখা। 

Ans -   দুখন প্ৰধান উপনিষদৰ নাম হল - ঈষ উপনিষদ আৰু কেন উপনিষদ। 

13. What does 'Tat-tvam-asi' mean?

 'Tattvam asi' বুলিলে কি বুজা ? 

Ans - 

14. What is the literal meaning of 'Bhagavadgita'?

 'Bhagavadgita'- ৰ আক্ষৰিক অর্থ কি? 

Ans -  

15. What is samhita and what are its different types ?

 সংহিতা কি আৰু ইয়াৰ বিভিন্ন ভাগবোৰ কি কি?

Ans -  

16. The Gita is particularly influenced by which two Upanisads? 

গীতা বিশেষকৈ কোনো দুখন উপনিষদৰ দ্বাৰা প্রভাবিত হৈছে? 

Ans -  

17. What is the ultimate Reality according to Upanisad ? 

 উপনিষদৰ মতে, পৰমসত্তাটো কি? 

Ans - উপনিষদৰ মতে পৰমসত্তাটো হল - পৰমব্ৰহ্ম।

 18. Which three scriptures are called Prasthantrayi?

 কোন তিনিটা শাস্ত্ৰক প্রস্থানত্রয়ী বুলি কোৱা হয় ?

Ans -  উপনিষদ, গীতা আৰু ব্ৰহ্মসূত্ৰ শাস্ত্ৰক প্ৰস্থানত্ৰয়ী বুলি কোৱা হয়। 

19. What are three yoga or margas, according to Gita ?

 গীতাৰ মতে, যোগ কেই প্ৰকাৰৰ আৰু কি কি?

Ans - গীতাৰ মতে, যোগ তিনি প্ৰকাৰৰ। যেনে - জ্ঞানযোগ বা জ্ঞানমাৰ্গ, কৰ্মযোগ বা কৰ্মমাৰ্গ, ভক্তিযোগ বা ভক্তিমাৰ্গ।  

20. What are the types of Bhaktas according to Gita ?

 গীতাৰ মতে, ভক্ত কেই প্ৰকাৰৰ আৰু কি কি ?

Ans -  গীতাৰ মতে, ভক্ত চাৰি প্ৰকাৰৰ। যেনে - আৰ্ত, অৰ্থাথী, জিজ্ঞাসু আৰু জ্ঞানী। 

Broard Questions: 

 ৰচনাধর্মী প্রশ্ন ঃ 

1. What is Veda? What are its different parts ? Explain.

 বেদ কাক বোলে? বেদৰ বিভিন্ন ভাগ বা অংশসমূহ কি কি? ব্যাখ্যা কৰা ।

Ans - বেদ বিশ্বসাহিত্য়ৰ সবাতোকৈ প্ৰাচীন গ্ৰন্থ।বেদ ভাৰতৰ এক অতি প্ৰাচীনতম আৰু আদিতম ধৰ্মীয় আৰু দাৰ্শনিক গ্ৰন্থ। ভাৰতৰ সকলো দৰ্শন, সাহিত্য়, নীতি, সভ্য়তা, সংস্কৃতি আদি বেদৰ আলমত গঢ়ি উঠিছে। বেদত আৰ্যসকলৰ প্ৰাচীনতম সাহিত্য় কীৰ্তিৰ পৰিচয় পোৱা যায়।পণ্ডিত ৰাধাকৃষ্ণণৰ মতে,''বেদ মানৱ মনৰ পৰা উদ্ভূত এনেকুৱা আদিতম গ্ৰন্থ যাক আমি প্ৰামাণিক গ্ৰন্থ হিচাপে অধিকাৰ কৰি আছোঁ''। ৰাধাকৃষ্ণণক সমৰ্থন কৰি পণ্ডিত উইলচনে কৈছে, ''প্ৰাচীনতা সম্পৰ্কীয় সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ পৰ্যাপ্ত জ্ঞান বেদৰ পৰাই লাভ কৰা যায়''। গতিকে ভাৰতীয় দৰ্শন-সাহিত্য়ত বেদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সংস্কৃত 'ৱেদ' শব্দটো উৎপত্তি হৈছে 'ৱিদ' ধাতুৰ পৰা।'ৱিদ'ৰ অৰ্থ হল 'জনা'; গতিকে ৱেদ শব্দৰ ধাতুগত অৰ্থ হল জ্ঞান বা বিদ্য়া।

           ব্য়াসদেৱ বেদক চাৰিভাগত ভাগ কৰিছে- ঋকবেদ, সামবেদ, যজুবেদ আৰু অথৰ্ববেদ।ঋকবেদত সেই মন্ত্ৰ সংগৃহীত আছে যিবোৰ দেৱতাসকলৰ স্তুতিৰ কাৰণে গোৱা হয়; যজুবেদত যজ্ঞৰ বিধিসমূহ বৰ্ণনা কৰা আছে; সামবেদ সংগীত প্ৰধান; আৰু অথৰ্ববেদত যাদু, মন্ত্ৰ-তন্ত্ৰ নিহিত আছে। এই চাৰিবেদৰ ভিতৰত ঋকবেদক প্ৰধান আৰু মৌলিক গ্ৰন্থ বুলি পৰিগণিত কৰা হয়। ইয়াৰ দুটা কাৰণ আছে- এটা হল, ঋকবেদত আন বেদৰ তুলনাত অধিক বিষয় সন্নিবিষ্ট হৈ আছে, আন কাৰণটো হল, ঋকবেদ অন্য় বেদৰ তুলনাত অধিক প্ৰাচীনতম গ্ৰন্থ।

            বেদৰ চাৰিটা অংশ আছে- মন্ত্ৰ বা সংহিতা, ব্ৰাহ্মণ, আৰণ্য়ক আৰু উপনিষদ। মন্ত্ৰৰ সংকলনক 'সংহিতা' কোৱা হয়; সংহিতাত আছে দেৱতাসকলৰ প্ৰাৰ্থনাৰ বাবে ৰচিত মন্ত্ৰসমূহ। সংহিতা বেদৰ ক্ৰিয়াকাণ্ডৰ লগত যুক্ত। ব্ৰাহ্মণ অংশত আছে বৈদিক যজ্ঞৰ সুস্থ সম্পাদনৰ বাবে ৰচিত বিধি-নিয়মসমূহ।মন্ত্ৰৰ তত্ত্বসাধনা আৰু বিবিধ যাজ্ঞ-যজ্ঞৰ বিৱৰণ ব্ৰাহ্মণ অংশত পোৱা যায়। ব্ৰাহ্মণ হল মন্ত্ৰৰ অৰ্থ আৰু ব্য়ৱহাৰৰ দিশ। আৰণ্য়ক হল বেদৰ তৃতীয় অংশ। ইয়াত অৰণ্য়ত বসবাসীকাৰীসকলৰ উপাসনা বা কৰ্তব্য়ৰ দিশসমূহ লিপিবদ্ধ কৰা আছে। বেদৰ অন্তিম অংশ হল উপনিষদ। সেইকাৰণে উপনিষদক বেদান্ত বুলিও কোৱা হয়।বেদৰ তত্ত্বগত আৰু দাৰ্শনিক চিন্তাৰ চৰম প্ৰকাশ ঘটিছে উপনিষদত। সেইকাৰণে বহুতে উপনিষদক বেদৰ শ্ৰেষ্ঠ অংশ বুলি অভিহিত কৰিছে। বেদৰ এই চাৰিটা অংশক আকৌ বিষয়বস্তুৰ ফালৰ পৰা তিনিটা ভাগত ভাগ কৰা হৈছে- কৰ্মকাণ্ড, উপাসনাকাণ্ড আৰু জ্ঞানকাণ্ড। বেদৰ সংহিতা আৰু ব্ৰাহ্মণ অংশ কৰ্মকাণ্ডৰ ভিতৰত পৰে, আৰণ্য়ক অংশ হল উপাসনা কাণ্ড, আৰু বেদৰ অন্তিম অংশ উপনিষদ হল জ্ঞানকাণ্ড।


 2. Explain Upanisadic Philosophy. 

উপনিষদিক দর্শন সম্পর্কে লিখা।

Ans - 

3. Explain the essential points of Upanisadic Philosophy. 

 উপনিষদ দৰ্শনত গুৰুত্ব প্ৰদান কৰা বিষয়সমূহ বৰ্ণনা কৰা। 

Ans -

 4. 'The Upanisads are rightly regarded as the fountain-head of all Indian philosophy'. Discuss. 

“উপনিষদসমূহক যথার্থতে সকলো ভাৰতীয় দৰ্শনৰ ভিত্তি বুলি গণ্য কৰা হয়।” আলোচনা কৰা ।

Ans -  

5. Explain Upanisadic concept of Ultimate Reality or Brahman. 

উপনিষদৰ পৰমসত্তা বা ব্ৰহ্মৰ ধাৰণাটো ব্যাখ্যা কৰা। 

Ans - উপনিষদৰ দাৰ্শনিক ধাৰণাসমূহৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ দাৰ্শনিক ধাৰণা হল ব্ৰহ্মৰ ধাৰণা। উপনিষদত এক পৰমসত্তাৰ অনুসন্ধান কৰা হৈছে আৰু এই পৰমলত্তাকেই জগত-জীৱনৰ মূল তত্ত্বৰ বুলি বিশ্বাস কৰা হয়। এই পৰমসত্তা হৈছে পৰমব্ৰহ্ম। উপনিষদসমূহৰ মতে, ব্ৰহ্ম, আত্মা আৰু চৈতন্য় অভিন্ন। এই 'ব্ৰহ্ম' শব্দটো 'বৃহ' ধাতুৰ পৰা নিষ্পন্ন হৈছে। 'বৃহ' ধাতুৰ লগত 'মন্' প্ৰত্য়য়যোগে ব্ৰহ্ম শব্দটো নিষ্পন্ন হৈছে। 'বৃহ' ধাতুৰ 'মহৎ বা ব্য়াপক' আৰু  'মন্' প্ৰত্য়য়ৰ অৰ্থ অতিশয়। ব্য়ুৎপত্তিগত অৰ্থত ব্ৰহ্ম হল এনে এটি সত্তা যি অতিশয় মহৎ বা ব্য়াপক। 'বৃহ' ধাতুৰ আন এটা অৰ্থ হল 'বৰ্ধিত হোৱা' বা 'বিৱৰ্তিত হোৱা'। উপনিষদত  ব্ৰহ্মক স্বয়ম্ভূ বুলি কোৱা হয়। ব্ৰহ্ম নিজেই নিজৰ কাৰণ।  ব্ৰহ্ম সমস্ত জগতৰ কাৰণ হলেও ই নিজে অকাৰণ। উপনিষদত ব্ৰহ্মৰ দুটা ৰূপ পোৱা যায় - পৰ ব্ৰহ্ম আৰু অপৰ ব্ৰহ্ম। গুণৰ ফালৰ পৰা ব্ৰহ্মৰ সগুণ আৰু নিৰ্গুণ এই দুটা ৰূপ পোৱা যায়। সগুণ ব্ৰহ্মক অপৰ ব্ৰহ্ম আৰু নিৰ্গুণ ব্ৰহ্ম বুলি কোৱা হয়। উপনিষদত নিৰ্গুণ ব্ৰহ্মৰ ব্য়াখ্য়া নঞৰ্থকভাৱে অৰ্থাৎ 'নেতি নেতি' ৰূপত উপস্থাপন কৰা হৈছে। ব্ৰহ্ম নিৰ্বিশেষ বাবে ইয়াক কোনো বিশেষণৰ দ্বাৰা বিশেষিত কৰিব নোৱাৰি, নিৰ্গুণ হোৱা বাবে  ব্ৰহ্মক কোনো গুণৰে নিৰ্দিষ্ট কৰিব নোৱাৰি। 

6. What are the points Prof. R. D. Ranade pointed out in his great work. 'A Constructive Survey of Upanisadic Philosophy' about the doctrine of Upanisads?

অধ্যাপক ৰাণাডে তেওঁৰ গ্ৰন্থ “A Constructive Survey of Upanisadic Philosophy''ত উপনিষদৰ মতবাদ সম্পর্কে কি কি কথা উল্লেখ কৰিছে?

Ans - অধ্যাপক ৰাণাডে তেওঁৰ গ্ৰন্থ “A Constructive Survey of Upanisadic Philosophy' গ্ৰন্থখনত মন্তব্য় কৰিছে যে,  "Upanisads contain no one system of philosophy but systems of philosophising one over another like alps over alps." অৰ্থাৎ উপনিষদত কোনো এটা নিৰ্দিষ্ট দৰ্শনৰ ধাৰণাবোৰেই নাই, বৰং সমগ্ৰ দৰ্শনৰ ধাৰণাবোৰ আলপচ্ পৰ্বতৰ দৰে এটাৰ ওপৰত আনটো সজাই থোৱা আছে।  

7. Write Short note on Atman of Upanisad.

 উপনিষদৰ আত্মাৰ ধাৰণাটোৰ ওপৰত এটি টোকা লিখা।

Ans - উপনিষদত ব্ৰহ্ম আৰু আত্মাক অভিন্ন বুলি ধৰা হয়। উপনিষদৰ দৰ্শন অনুসৰি ব্ৰহ্ম আৰু আত্মা এক আৰু অভিন্ন। যি সত্তাক বস্তুগত দিশৰ পৰা ব্ৰহ্ম বুলি কোৱা হয়, সেই একেই সত্তাক মনোগত দিশৰ পৰা  আত্মা বুলি কোৱা হয়। প্ৰজাতিৰ লগত ইন্দ্ৰিয়ৰ বাৰ্তালাপত প্ৰজাপতিয়ে আত্মাৰ স্বৰূপ বৰ্ণনা কৰিছে। প্ৰজাপতি মতে আত্মা শৰীৰ নহয়, আত্মা এইটোও নহয় যাৰ অনুভূতি স্বপ্ন অথবা স্বপ্নৰহিত নিদ্ৰা অৱস্থাত লাভ কৰা হয়। মাণ্ডুক্য় উপনিষদতো আত্মাক তুৰীয় বা শুদ্ধ চৈতন্য় বুলি কোৱা হৈছে আৰু জাগ্ৰত, স্বপ্ন আৰু সুষুপ্তিক আত্মাৰ ব্য়ৱহাৰিক অৱস্থা বুলি কোৱা হৈছে। আত্মা জাগ্ৰত অৱস্থাত জগতৰ বাহ্য় পদাৰ্থক অনুভৱ কৰে, স্বপ্নাৱস্থাত মানস পদাৰ্থক অনুভৱ কৰে, কিন্তু সুষুপ্তি অৱস্থাত বাহ্য় আৰু আন্তৰ কোনো বিষয়কে অনুভৱ নকৰে অৰ্থাৎ এই অৱস্থা অজ্ঞান অৱস্থা।

8. Discuss the importance of Upanisads.

উপনিষদৰ গুৰুত্ব আলোচনা কৰা।

Ans - ভাৰতীয় দৰ্শনৰ উৎস হিচাপে উপনিষদৰ গুৰুত্ব অতুলনীয়। বহু ভাৰতীয় দৰ্শন আৰু ধৰ্মৰ ভিত্তি হল উপনিষদ। ভাৰতৰ প্ৰায় সকলো দাৰ্শনিক সম্প্ৰদায়ৰ ভিত্তি হল উপনিষদ। ন্য়ায় - বৈশেষিক, সাংখ্য় - যোগ, অদ্বৈত আৰু বিশিষ্টাদ্বৈত বেদান্ত আদি বৈদিক দৰ্শন আৰু অবৈদিক জৈন আৰু বৌদ্ধ দৰ্শনৰ প্ৰায় সকলো সিদ্ধান্তই উপনিষদত নিহিত আছে। ব্লুমফিল্ড (Bloomfield) তেওঁৰ 'The Religion of the Vedas' গ্ৰন্থত কৈছে যে, "অবৈদিক বৌদ্ধ দৰ্শনক সাঙুৰি লৈ হিন্দু চিন্তাত এনে কোনো গুৰুত্বপূৰ্ণ মতবাদ নাই যাৰ মূল উপনিষদত নিহিত নাই"। ব্ৰহ্মসূত্ৰ যে উপনিষদৰ সুসংবদ্ধ সংক্ষিপ্তসাৰ - এই দাবী ব্ৰহ্মসূত্ৰকাৰ সকলে কৰিছে। আনকি এই কথাও কোৱা যায় যে, শ্ৰীমদ্ভাগৱতগীতা উপনিষদৰ পৰা নিঃসৃত দুগ্ধ আৰু ই বিশেষভাৱে কঠোপনিষদ আৰু ঈশোপনিষদৰ ওপৰত কোনো নহয় কোনোভাৱে ঋণী। সেইকাৰণে অধ্য়াপক ৰাণাডে তেওঁৰ “A Constructive Survey of Upanisadic Philosophy' গ্ৰন্থখনত মন্তব্য় কৰিছে যে,  "Upanisads contain no one system of philosophy but systems of philosophising one over another like alps over alps." অৰ্থাৎ উপনিষদত কোনো এটা নিৰ্দিষ্ট দৰ্শনৰ ধাৰণাবোৰেই নাই, বৰং সমগ্ৰ দৰ্শনৰ ধাৰণাবোৰ আলপচ্ পৰ্বতৰ দৰে এটাৰ ওপৰত আনটো সজাই থোৱা আছে। স্পষ্ট ভাষাত, ৰাণাডৰ বক্তব্য় হল উপনিষদবোৰত সমগ্ৰ দৰ্শন-সাহিত্য় সজ্জিত হৈ আছে। 

10. What is Upanisads? Discuss why Upanisads are regarded as the source of Indian Philosophy. 

উপনিষদ কি? উপনিষদবোৰক কিয় ভাৰতীয় দৰ্শনৰ উৎস বুলি গণ্য কৰা হয় আলোচনা কৰা।

Ans -  বেদৰ অন্তিম ভাগ হল উপনিষদ। বেদৰ অন্তভাগ বাবে উপনিষদক বেদান্ত বুলিও কোৱা হয়।ভাৰতীয় চিন্তাধাৰা আৰু সংস্কৃতিৰ মূল উৎস হল উপনিষদ। 


11. Writre a note on Rta.

 ঋতৰ ওপৰত এটি টোকা লিখা।

Ans -  ঋত এক বৈদিক প্ৰত্য়য়। ঋত হল জাগতিক আৰু নৈতিক নিয়ম। এই নিয়মৰ দ্বাৰা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড পৰিচালিত হৈছে আৰু মানুহৰ নৈতিক জগতো পৰিচালিত হৈছে এই নিয়মৰ দ্বাৰা। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড আৰু মানৱৰ নৈতিক জগত যি সনাতন সাৰ্বিক নিয়মৰ দ্বাৰা পৰিচালিত আৰু নিয়ন্ত্ৰিত তাক ঋত বোলা হয়। বৈদিক সাহিত্য়ত ঋত এটা সাৰ্বিক সমন্বয়ৰ নীতি। বৈদিক সাহিত্য়ত ঋত একেধাৰে ধৰ্ম, সত্য় আৰু পৰমতত্ত্ব। 'ঋ' শব্দৰ অৰ্থ হল গতি। চন্দ্ৰ, সূৰ্য, গ্ৰহ, নক্ষত্ৰৰ গতিৰ নিয়মানুৱৰ্তিতা, দিন, ৰাতি আৰু বিভিন্ন ঋতুৰ পৰিৱৰ্তন, ধৰ্মীয় আৰু নৈতিক জীৱনৰ কৰ্তব্য়তা - ইত্য়াদি সকলো নিয়মৰ সাধাৰণ নামেই হল ঋত। ঋত শব্দৰ দ্বাৰা প্ৰথমতে জড়জগত আৰু চেতন জগতৰ নিয়ন্ত্ৰক বা শক্তি হিচাপে গণ্য় কৰা হলেও পৰৱৰ্তীকালত ঋতক মানুহৰ নৈতিক জীৱনৰ নিয়ন্ত্ৰক বা শক্তি হিচাপে গণ্য় কৰা হয়। ঋতৰ এই ধাৰণা পৰৱৰ্তীকালত ভাৰতীয় দৰ্শনত কৰ্মবাদ নামে পৰিচিত। অন্য় কথাত, কৰ্মবাদ ঋতৰেই ৰূপান্তৰ। ঋতৰ ৰূপান্তৰ কৰ্মবাদ এক এনে নিয়ম যিটো ঋতৰ দৰেই চিৰন্তন আৰু অলংঘনীয়। 

12. Explain Gita's concept of Yoga.

 গীতাৰ যোগৰ ধাৰণা ব্যাখ্যা কৰা ।

Ans - 'যোগ' শব্দৰ আক্ষৰিক অৰ্থ হল 'মিলন' বা 'যুক্ত হোৱা'। গীতাত যোগ শব্দৰ ব্য়ৱহাৰ জীৱাত্মৰ পৰমাত্মাৰ লগত মিলনৰ অৰ্থ ব্য়ৱহৃত হৈছে. জীৱাত্মাৰ লগত পৰমাত্মাৰ মিলন ইমানেই গভীৰ যে দুয়ো দুটা নাথাকি এক আৰু অভিন্ন হৈ পৰে যোগত। শ্ৰীমদ্ভাগৱতগীতাত 'যোগ' শব্দ ব্য়াপক অৰ্থত ব্য়ৱহৃত হৈছে আৰু গীতাৰ যোগত ধ্য়ান, জ্ঞান, কৰ্ম আৰু ভক্তিৰ সমন্বয় হৈছে। গীতাৰ মতে, যোগী হল আদৰ্শ সন্ন্য়াসী, যিয়ে সুখ-দুখ, উষ্ণ-শীত, মান-অভিমান আদিত অবিচল থাকে, সমদৃষ্টি আৰু সমবুদ্ধিসম্পন্ন হয়। যোগ দৰ্শনত 'যোগ'ৰ অৰ্থ 'চিত্তবৃত্তি নিৰোধ', কিন্তু গীতাত যোগৰ ব্য়ৱহাৰ পৰমাত্মাৰ লগত মিলনৰ অৰ্থতে হৈছে। গীতা নিৰ্দেশিত যোগত দুখৰ ঐকান্তিক বিয়োগ আৰু অনন্ত আনন্দৰ ঐকান্তিক সংযোগ ঘটে। যোগ ধাৰণা-ধ্য়ান-সমাধি যোগ স্থিতিপ্ৰজ্ঞাৰ দ্বন্দাতীত ব্ৰাহ্মী-স্থিতি, যোগ নিষ্কাম কৰ্মৰ কৰ্ম কৌশল অৰ্থাৎ কামনাৰহিত কৰ্ম, ভক্তিৰ দ্বাৰা ভগৱততত্ত্বৰ সম্য়ক জ্ঞান আৰু ভগৱত প্ৰৱেশ হল যোগ।

13. Explain Gita's concept of God.

 গীতাৰ ঈশ্বৰৰ ধাৰণাটো ব্যাখ্যা কৰা।

Ans - শ্ৰীমদ্ভাগৱতগীতাত ঈশ্বৰক পৰমসত্য় বুলি স্বীকাৰ কৰা হৈছে। ঈশ্বৰ জগতৰ সৃষ্ট 

14. What is yoga, according to Gita? What are the three types of Yoga? Explain.

 গীতাৰ মতে, যোগ কি? তিনি প্ৰকাৰৰ যোগ কি কি? ব্যাখ্যা কৰা।

Ans -