অধ্য়ায়-২ 

পৰিৱেশতন্ত্ৰ

Ecosystem

প্ৰশ্নাৱলী ঃ


1. ইকল'জি শব্দটো কোনে প্ৰৱৰ্ত্তন কৰিছিল ?

উত্তৰঃ ইকল'জি শব্দটো Earnst Haeckel য়ে প্ৰৱৰ্ত্তন কৰিছিল ।

2. বাস্তব্য় বিদ্য়া আৰু পৰিস্থিতি বা পৰিৱেশ তন্ত্ৰ কাক বোলে ?

উত্তৰঃ কোনো জীৱৰ নিজস্ব প্ৰাকৃতিক বাসস্থানত সিহঁতৰ পাৰিপাৰ্শ্চিকতাৰ সৈতে হোৱা ক্ৰিয়া-প্ৰতিক্ৰিয়া অধ্য়য়নক বাস্তৱ বিদ্য়া বোলে । আৰু 

3. কৃত্ৰিম পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ দুটা দিয়া ।

উত্তৰঃ কৃত্ৰিম পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ দুটা হ'ল কৃষিভূমি, কৃত্ৰিম হ্ৰদ । 

4. পৰিস্থিতি তন্ত্ৰৰ মুখ্য় উপাদান বোৰ কি কি ?

উত্তৰঃ পৰিস্থিতি তন্ত্ৰৰ মুখ্য় উপাদান বোৰ হ'ল জৈৱিক আৰু অজৈৱিক উপাদান ।

5. পৰিস্থিতি তন্ত্ৰৰ জৈৱিক আৰু অজৈৱিক উপাদান বোৰ কি কি ?

উত্তৰঃ পৰিস্থিতি তন্ত্ৰৰ জৈৱিক উপাদান বোৰ হ'ল উদ্ভিদ, প্ৰাণী আৰু অনুজীৱ আদি । আৰু অজৈৱিক উপাদান বোৰ হ'ল জলবায়ু কাৰক, মাটিৰ কাৰক, ভৌ-গোলিক কাৰক, শক্তি, খনিজ পদাৰ্থ, ক্ষতিকাৰক পদাৰ্থ আদি ।

6. অসম্পূৰ্ণ পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ দিয়া ।

উত্তৰঃ সাগৰ আৰু গুহাৰ একেবাৰে গভীৰ অংশ ।

7. ট্ৰফিক স্তৰ কাক বোলে ?

উত্তৰঃ  খাদ্য় শৃংখলৰ প্ৰতিটো স্তৰক ট্ৰফিক স্তৰ বোলে । 

8. উৎপাদক, উপভোক্তা আৰু বিয়োজক কাক বোলে উদাহৰণ দি লিখা ।

উত্তৰঃ পৰিৱেশৰ যি বোৰ জৈৱিক উপাদানে নিজে নিজৰ খাদ্য় প্ৰস্তুত কৰে তাকে উৎপাদক বোলে । উদাহৰণ- উদ্ভিদ । 

                পৰিৱেশৰ তন্ত্ৰৰ সেইবোৰ জীৱ যিবোৰ  উৎপাদকে উৎপাদন কৰা খাদ্য় গ্ৰহণ কৰে সেইবোৰক উপভোক্তা বোলে । উদাহৰণ-    গৰু, ম'হ ।

                    উৎপাদক আৰু উপভোক্তাৰ মৃত্য়ু হ'লে জীসমূহ জীৱাণুৱে পচন ঘটায় তাক বিয়োজক বোলে ।  উদাহৰণ- ভেঁকুৰ আৰু বেক্টেৰিয়া ।

9. খাদ্য় ওপৰত নিৰ্ভৰ কৰি উপভোক্তাবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি ? কি কি ?

উত্তৰঃ খাদ্য় ওপৰত নিৰ্ভৰ কৰি উপভোক্তাবোৰক ৪ টা ভাগত ভাগ কৰিব পাৰি । সেইকেইটা হ'ল-

(ক) প্ৰাথমিক উপভোক্তা বা তৃণভোজী ।

(খ) গৌণ উপভোক্তা বা মাংসভোজী ।

(গ) টাৰছিয়াৰী উপভোক্তা বা উচ্চ স্তৰ মাংসভোজী । 

(ঘ) পৰজীৱী, মৃতজীৱী, Scanvangers .

10. পৰপোষী কি ?

উত্তৰঃ যিবোৰ জীৱই অন্য় জীৱক খাদ্য় হিচাপে গ্ৰহণ কৰে সেইবোৰ জীৱক পৰপোষী বোলে।

11. পৰিস্থিতি তন্ত্ৰত শক্তি প্ৰবাহ কেনেদৰে হয় বৰ্ণনা কৰা ।

উত্তৰঃ পৰিস্থিতি তন্ত্ৰত শক্তি প্ৰবাহ খাদ্য় শৃংখলৰ জৰিয়তে হয় । পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ একমুখী বা এটা দিশত প্ৰবাহ । খনিজ পদাৰ্থ পৰিস্থিতি তন্ত্ৰ এটাত চক্ৰীয় ভাৱে ঘূৰি থাকে । সেয়ে ই পুনৰ পুনৰ ব্য়ৱহাৰ হয় । কিন্তু খাদ্য় শৃংখলত শক্তি পুনৰ ব্য়ৱহাৰ নহয় ।

12. পৰিস্থিতি তন্ত্ৰত শক্তি প্ৰবাহে গতিবিজ্ঞানৰ সূত্ৰ কেইটা কেনেদৰে মানি চলে বৰ্ণনা কৰে ।

উত্তৰঃ  গতি বিজ্ঞানৰ প্ৰথম সূত্ৰ মতে শক্তিৰ সৃষ্টিও কৰিব নোৱাৰি অথবা ধংসও কৰিব নোৱাৰি কিন্তু ইয়াক এটা অৱস্থা বা ৰূপৰ পৰা আন এটা অৱস্থালৈ ৰূপান্তৰ কৰিব পাৰি । সেউজীয়া উদ্ভিদে শোষণ কৰা সৌৰশক্তি উদ্ভিদে জৈৱ ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰে । এই সেউজীয়া উদ্ভিদ উৎপাদকবোৰে শক্তিক উপভোক্তলৈ খাদ্য়ৰ ৰূপত কঢ়িয়াই নিয়ে ।

        গতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰমতে শক্তিৰ যেতিয়া ৰূপান্তৰ হয় তেতিয়া এই কাৰ্যত কিছু শক্তিৰ অপচয় হয় । অৰ্থাৎ শক্তিৰ ব্য়ৱহাৰ হ'লে শক্তিৰ অপব্য়য় হয় । 

13. পৰিস্থিতিক অনুক্ৰম কাক বোলে ?

উত্তৰঃ 

14. বিয়োজকবোৰৰ গুৰুত্ব লিখা ।

উত্তৰঃ বিয়োজকবোৰে মৃত প্ৰাণী-উদ্ভিদৰ দেহক পচন ঘটাই পৰিৱেশক পৰিষ্কাৰ কৰে । পচন ঘটোৱাৰ বাবে পৰিৱেশত জটিল পদাৰ্থবোৰ সৰল ৰূপত পুনৰ মাটি, পানী আৰু বায়ুলৈ উভতি আহে । ফলত এই পদাৰ্থবোৰ পুনৰ ব্য়ৱহাৰযোগ্য় হৈ উঠে । বিয়োজকৰ বাবেই মাটিৰ উৰ্বৰতা শক্তি বজাই থাকে । বিয়োজকবোৰেই পৰিৱেশত চক্ৰাকাৰে দ্ৰব্য়বোৰ ব্য়ৱহাৰ হৈ থকাত সহায় কৰে । যাৰ ফলত পৰিৱেশতন্ত্ৰত জীৱবোৰে সুস্থিৰভাৱে ভিন্ন প্ৰক্ৰিয়াৰে জীৱনচক্ৰ সম্পূৰ্ণ কৰে । মুঠৰ ওপৰত বিয়োজক অবিহনে পৰিৱেশতন্ত্ৰ বা পৰিৱেশ নিয়ন্ত্ৰণ বা সুস্থিৰতা বজাই ৰখাটো অসম্ভৱ অৰ্থাৎ বিয়োজকৰ পৰিৱেশৰ অবিচ্ছেদ্য় অংশ । 

15. 'অনুক্ৰম' শব্দটো সৰ্বপ্ৰথমে কোনে প্ৰয়োগ কৰিছিল ?

উত্তৰঃ হাৰ্ট নামৰ বিজ্ঞানী এজনে 'অনুক্ৰম' শব্দটো সৰ্বপ্ৰথমে প্ৰয়োগ কৰিছিল । 

16. অনুক্ৰম কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ অনুক্ৰম ৫ প্ৰকাৰৰ আৰু সেইকেইটা হ'ল (১) নুডেছন (২) ইনভেছন (৩) প্ৰতিযোগিতা আৰু সহ-ক্ৰিয়া (৪) বিক্ৰিয়া (৫) স্থায়ীকৰণ ।

17. খাদ্য় শৃঙ্খল, খাদ্য় জাল আৰু ইকলজিকেল পিৰামিড কাক বোলে ? প্ৰত্য়েকৰে উদাহৰণ দিয়া ।

উত্তৰঃ  খাদ্য় শৃংখল বুলিলে এটা জীৱ সম্প্ৰদায়ত শক্তি আহৰণৰ বাবে এটা জীৱই আন এটা জীৱৰ খাদ্য় হিচাপে গ্ৰহণ কৰা জীৱবোৰৰ ক্ৰম ।

 উদাহৰণ-ঃ ধানàএন্দুৰàসাপàনেউল

 পৰিস্থিতিতন্ত্ৰত খাদ্য় শৃংখলবোৰ পৰস্পৰৰ লগতযুক্তহৈ যি জটিল খাদ্য় শৃংখলৰ সম্পৰ্ক সৃষ্টি কৰে তাক খাদ্য় জাল বোলে ।

18. ডেট্ৰিটাছ খাদ্য় শৃঙ্খল কি ?

উত্তৰঃ 

19. ইকল'জিকেল পিৰামিড কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ 

20. বিয়োজকৰ প্ৰয়োজনীয়তাবোৰ উল্লেখ কৰা ।

উত্তৰঃ বিয়োজকবোৰে মৃত প্ৰাণী-উদ্ভিদৰ দেহক পচন ঘটাই পৰিৱেশক পৰিষ্কাৰ কৰে । পচন ঘটোৱাৰ বাবে পৰিৱেশত জটিল পদাৰ্থবোৰ সৰল ৰূপত পুনৰ মাটি, পানী আৰু বায়ুলৈ উভতি আহে । ফলত এই পদাৰ্থবোৰ পুনৰ ব্য়ৱহাৰযোগ্য় হৈ  উঠে । বিয়োজকৰ বাবেই মাটিৰ উৰ্বৰতা শক্তি বজাই থাকে । বিয়োজকবোৰেই পৰিৱেশত চক্ৰাকাৰে দ্ৰব্য়বোৰ ব্য়ৱহাৰ হৈ থকাত সহায় কৰে । যাৰ ফলত পৰিৱেশতন্ত্ৰত জীৱবোৰে সুস্থিৰভাৱে ভিন্ন প্ৰক্ৰিয়াৰে জীৱনচক্ৰ সম্পূৰ্ণ কৰে । মুঠৰ ওপৰত বিয়োজক অবিহনে পৰিৱেশতন্ত্ৰ বা পৰিৱেশ নিয়ন্ত্ৰণ বা সুস্থিৰতা বজাই ৰখাটো অসম্ভৱ অৰ্থাৎ বিয়োজকবোৰ পৰিৱেশৰ অবিচ্ছেদ্য় অংগ । 

21. অনুক্ৰমণৰ পদ্ধতি বৰ্ণনা কৰা । 

উত্তৰঃ (১) নুডেছন (Nudation) ঃ ই কোনো জীৱন নথকা খালী ঠাইৰ বিকাশ । এই বিকাশ সাধন ক্ৰিয়া ভূ-প্ৰাকৃতিক । যেনে- ভূমিস্খলন, আগ্নেয়গিৰি, উদগীৰণ, গৰাখহনীয়া আদি আৰু খৰাং, বৰফে আগুৰা, বানপানী (জলবায়ু সম্পকীয়) আৰু জৈৱিক (যেনে মানুহৰ দ্বাৰা কৰা কাৰ্য্য়) কাৰকৰ কাৰণে সংগটিত হয় । 

(২) ইনভেছন (Invasion) ঃ খালী ঠাইত প্ৰজাতিৰ সফল স্থাপন প্ৰক্ৰিয়া প্ৰব্ৰজনত বিভিন্ন কাৰকে (বায়ু, পানী, মানুহ, জীৱ-জন্তু আদি) উদ্ভিদৰ বীজ বা ৰেণু কঢ়িয়াই আনি স্থাপন কৰে । তাৰ পিছত ইহঁতৰ অংকুৰণ ঘটে আৰু পৰিৱেশৰ লগত প্ৰজাতিৰ অভিযোজন হয় । এই প্ৰজাতিবোৰৰ প্ৰজজনৰ দ্বাৰা সংখ্য়াৰ বৃদ্ধি হৈ প্ৰজাতি দলবদ্ধ হয় । 

(৩) প্ৰতিযোগিতা আৰু সহ-ক্ৰিয়া (Competion and coaction) ঃ প্ৰজাতিৰ সংখ্য়া বৃদ্ধিৰ লগে লগে পানী, ঠাই আৰু পুষ্ঠিৰ বাবে আন্তঃ আৰু আন্ত প্ৰজাতি সংগ্ৰাম হয় । সিহঁতৰ প্ৰতিটোৱে আনটোক বহুত ধৰণে প্ৰভাৱিত কৰে । ইয়াক সহক্ৰিয়া বোলে । 

(৪) বিক্ৰিয়া (Reaction) ঃ জীৱবোৰে আধাৰ পৃষ্ঠাৰ পৰা পদাৰ্থ, পানী আদি ব্য়ৱহাৰ কৰে । ফলস্বৰূপে  জীৱবোৰে পৰিৱেশৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় । গতিকে পৰিৱেশৰ বহুল ৰূপান্তৰ ঘটে। এই ৰূপান্তৰক বিক্ৰিয়া বোলে । এই বিক্ৰিয়া বা পৰিৱেশৰ ৰূপান্তৰবোৰ সাধাৰণতে বৰ্তি থকা প্ৰজাতিটোৰ বাবে উপযুক্ত নহয় আৰু কোনো নতুন প্ৰজাতিৰ বাবে উপযুক্ত হৈ উঠে । ফলত বৰ্তি থকা প্ৰজাতিটোক আন এটা প্ৰজাতিয়ে অপসাৰিত কৰে । এনেদৰে এই বিক্ৰিয়াই কেবাটাও অনুক্ৰমিক সম্প্ৰদায়ৰ আগমন ঘটায় । 

(৫) স্থায়ীকৰণ (StabiliZation) ঃ অৱশেষত কোনো ঠাইৰ অনুক্ৰমত সম্প্ৰদায় কম বেছি পৰিমাণে স্থায়ী হোৱাৰ ফালে আগবাঢ়ে, ইয়াক চৰম সম্প্ৰদায় বোলে । এই চৰম সম্প্ৰদায়বোৰে পৰিৱেশৰ সৈতে সমতা ৰক্ষা কৰি চলে । এই চৰম সম্প্ৰদায়ৰ বৈশিষ্ট্য় হ'ল- উচ্চতম জীৱভৰ আৰু জীৱবোৰৰ লগত সহজীৱিতাৰে সংলগ্ন হৈ উপলব্ধ শক্তিক দক্ষতাৰে পৰিচালিত কৰে । এতিয়া দুই ধৰণৰ অনুক্ৰম চমুকৈ আলোচনা কৰো আহা ।

22. মুখ্য় পৰিস্থিতি তন্ত্ৰ সমূহ কি কি ?

উত্তৰঃ  

23. নদী পৰিস্থিতি তন্ত্ৰৰ বিষয়ে লিখা । 

উত্তৰঃ নদীবোৰ হ'ল ডাঙৰ জান । ই ওখ পাহাৰৰ পৰা বৈ আহে আৰু সমতলৰ মাজেৰে বৈ গৈ সাগৰত পৰে । সেয়ে নদী পৰিস্থিতি তন্ত্ৰই ক্ৰমাগত ভাৱে বিভিন্ন অৱস্থা দেখুৱায় ।

পাহাৰৰ ওখ ঠাই ঃ এই নদীৰ অংশত ঠাণ্ড, স্বচ্ছ পানী জলপ্ৰপাত হৈ বৈ আহে আৰু বহু পৰিমাণে অক্সিজেন দ্ৰৱীভূত হৈ থাকে । উদ্ভিদবোৰ শিলত লাগি থাকে আৰু চেঁচা পানী বেছি, অক্সিজেন প্ৰয়োজনীয় মাছবোৰ ইয়াত থাকে । যেনে- শিল ঘৰিয়ালৰ মাছ ।

            নদীৰ দ্বিতীয় পৰ্য্য়ায়ৰ অংশ ধীৰে ধীৰে এধলীয়া হয় । পানীবোৰ ওপৰৰ অংশতকৈ উষ্ম হয় আৰু উদ্ভিদবোৰ লহপহীয়াকৈ ইয়াত বৃদ্ধি হয় । অলপ কম অক্সিজেন প্ৰয়োজন হোৱা মাছবোৰ এই অংশত থাকে । 

            নদীৰ তৃতীয় অংশত নদীৰ পানীবোৰ জৈৱবৈচিত্ৰ্য়ৰ ফালৰ পৰা সমৃদ্ধিশালী হয় । নদীবোৰ পাহাৰৰ পৰা নামি আহোতে মাটি বা ভূমি অংশক আকৃতি দিয়ে । পানী নামি আহোতে ইয়াৰ লগত বহুতো পলস লৈ আহে । এই পলসবোৰ পুষ্টিদ্ৰৱ্য়ৰে ভৰপুৰ । এইবোৰ সমতল আৰু সাগৰ পোৱাৰ আগতে ব-দ্বীপত জমা হয় । 

24. হ্ৰদ পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন মণ্ডলসমূহ বৰ্ণনা কৰা । 

উত্তৰঃ হ্ৰদ পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন মণ্ডলসমূহ হ'ল- 

            স্তৰীভূতকৰণ (Stratification) ঃ উষ্ণতাৰ তাৰতম্য় অনুসৰি হ্ৰদৰ স্তৰীভূত কৰণ বা তৰপত ভাগ কৰা হয় । গ্ৰীষ্ম কালত ওপৰৰ তৰপৰ পানী তলত তৰফৰ পানীতকৈ গৰম হয়। ওপৰৰ গৰম তৰপটো তলৰ চেঁচা তৰপৰ লগত মিহলি নোহোৱাকৈ সঞ্চালন হয় । এনেদৰে এটা স্পষ্ট তৰফৰ সৃষ্টি হয় ।

        ইপিলিমনিয়ম (Epilimnion) ঃ এই তৰপটো উষ্ম, পোহৰ যুক্ত আৰু ওপৰৰ পৃষ্ঠতে সঞ্চালন হৈ থাকে । 

            হাইপ'লিমনিয়ম (Hypolimnion) ঃ চেঁচা, ভিছাকোৱাছ বা সান্দ্ৰ সঞ্চালনহীন তলৰ তৰপ। এই দুই তৰপৰ মাজত থাৰম'ক্লিন নামৰ তৰপ থাকে যি অঞ্চলত উষ্ণতা হঠাৎ বহুত কমি যায় ।                                                 

25. নদী পৰিস্থিতি তন্ত্ৰৰ সাধাৰণ বৈশিষ্ট্য় সমূহ লিখা আৰু হ্ৰদ পৰিস্থিতি তন্ত্ৰৰ সৈতে ইয়াৰ পাৰ্থক্য় উল্লেখ কৰা ।  

উত্তৰঃ     

26. সাগৰ পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন মণ্ডলসমূহ বৰ্ণনা কৰা । 

উত্তৰঃ সাগৰ পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন মণ্ডলসমূহ হ'ল-

Intertidal Zoneঃ এই অঞ্চলত সাগৰৰ উচ্চ নিম্ন জোৱাৰ ভাটা হয় । মাটি আৰু পানীৰ সংযোগ স্থলক সংলগ্ন কৰে । এই অংশই জোৱাৰ ভটাপুখুৰী, মেন গ্ৰুভ জলাশয়, মোহনা আৰু শিলাময় সাগৰীয়া অঞ্চলক অন্তৰ্ভুক্ত কৰে । 

Neritic Zoneঃ মহাদেশীয় খোলাটোৰ ওপৰৰৰ পানী থকা অংশই নেৰিটি জ'ন । ইয়াত ডুবি থকা শেলুৱৈ আৰু ঘাঁহনিৰ সমতল য'ত সাগৰীয় ঘাঁহ থাকে । এই অঞ্চল সৰু মাছ , সেউজীয়া কাছ, সাগৰীয় ঘোৰা, সাগৰীয় গৰু আৰু সৰু মিছা মাছ পোৱা যায় । এই বোৰেও এই নেৰিটিক জ'নৰ পানীত বাস কৰে ।

মুক্ত সাগৰ অঞ্চল (Open ocen Cone) ঃ সাগৰৰ গভীৰ অংশ । এই অংশ মহাদেশীয় হেলনীয়া অংশৰ বাহিৰৰ পৰা অন্তৰ্ভুক্ত আৰু ই প্ৰায় সাগৰৰ ৬৫ শতাংশ পানী ধৰি ৰাখে । এই অংশটোক আৰু তিনিটা উলম্ব ভাগত ভগাব পাৰি । 

(১) Euphotic Zone ঃ সাগৰৰ এই অঞ্চলত পৰ্য্য়াপ্ত পৰিমাণে পোহৰ গ্ৰহণ কৰে আৰু উচ্চ মাত্ৰাত সালোক সংশ্লেষণৰ কাৰ্য্য় কৰে । 

(২) Bathyal Zone ঃ এই অংশত অস্পষ্টকৈ বা কমকৈ পোহৰ পৰে আৰু সাধাৰণতে ভূতাত্বিক ভাৱে সক্ৰিয় ।

 (৩) Abyssal Zone ঃ এই অংশ আন্ধাৰ । ২০০০ ৰ পৰা ৫০০০ মিটাৰ গভীৰ । ইয়াত সূৰ্য্য়ৰ পোহৰ নপৰে । এই অংশ পৃথিৱীৰ আটাইতকৈ জাঙৰ পৰিস্থিতীয় গোট কিন্তু ই অসম্পূৰ্ণ পৰিস্থিতি তন্ত্ৰ ।

(৪) Twillight Zone ঃ সাগৰৰ সূৰ্য্য়ৰ পোহৰ পৰা অংশৰ তলৰ অংশ য'ত প্ৰায় পোহৰ ৩০০০ ফুট গভীৰলৈ ভেদ কৰে । ইয়াত ভাইপাৰ মাছ, ফায়াৰফ্লাই স্কুইড আদি পোৱা যায় । বায়'লুমিনচেণ্ট মাছও এই অংশতে পোৱা যায় ।

(৫) Benthic Zone ঃ সমগ্ৰ সাগৰৰ তলিখনেই এই অংশ । ইয়াত প্ৰায় উদ্ভিদ আৰু প্ৰাণী ২০০,০০০ প্ৰজাতি পোৱা যায় । ইহঁতক জীয়াই থাকিবলৈ পোহৰৰ প্ৰয়োজন নাই ।

27. পৰিস্থিতি তন্ত্ৰৰ শক্তিৰ প্ৰবাহৰ বিষয়ে লিখা ।

উত্তৰঃ কাৰ্য্য় কৰা ক্ষমতাক শক্তি বোলে । পৰিস্থিতি তন্ত্ৰ এটাত অহৰহ শক্তি প্ৰবাহ চলি থাকে । সেয়ে জীৱবোৰ পৰিস্থিতি তন্ত্ৰ এটাত জীয়াই থাকে । এই শক্তিৰ প্ৰধান উৎস হ'ল সূৰ্য্য় । পৰিস্থিতি তন্ত্ৰ এটাত এই শক্তি প্ৰৱেশ কৰে খাদ্য় শৃংখলৰ জৰিয়তে আৰু এই শক্তিৰ প্ৰবাহৰ দ্বাৰাই পৰিস্থিতি তন্ত্ৰটো চলি থাকে । এই শক্তি প্ৰবাহৰ মুখ্য় বৈশিষ্ট্য় হ'ল- পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ একমুখী বা  এটা দিশত প্ৰবাহ । খনিজ পদাৰ্থ পৰিস্থিতি তন্ত্ৰ এটাত চক্ৰীয় ভাৱে ঘূৰি থাকে । সেয়ে ই পুনৰ পুনৰ ব্য়ৱহাৰ হয় । কিন্তু খাদ্য় শৃংখলত শক্তি পুনৰ ব্য়ৱহাৰ নহয় । এই শক্তিৰ প্ৰবাহে তাপগতি তাপগতি বিজ্ঞানৰ দুটা নিয়ম অনুকৰণ কৰে ।

        তাপগতি বিজ্ঞানৰ প্ৰথম সূত্ৰ মতে শক্তিৰ সৃষ্টিও কৰিব নোৱাৰি অথবা ধংসও কৰিব নোৱাৰি কিন্তু ইয়াক এটা অৱস্থা বা ৰূপৰ পৰা আন এটা অৱস্থালৈ ৰূপান্তৰ কৰিব পাৰি । সেউজীয়া উদ্ভেদে শোষণ কৰা সৌৰশক্তি উদ্ভিদে জৈৱ ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰে । এই সেউজীয়া উদ্ভিদ উৎপাদকবোৰে শক্তিক উপভোক্তালৈ খাদ্য়ৰ ৰূপত কঢ়িয়াই নিয়ে ।

        তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰমতে শক্তিৰ যেতিয়া ৰূপান্তৰ হয় তেতিয়া এই কাৰ্যত কিছু শক্তিৰ অপচয় হয় । অৰ্থাৎ শক্তিৰ ব্য়ৱহাৰ হ'লে শক্তিৰ অপব্য়য় হয় ।

28. মোহনা পৰিস্থিতি তন্ত্ৰৰ সাধাৰণ বৈশিষ্ট্য় সমূহ লিখা । 

উত্তৰঃ 

29. চমুটোকা লিখা ঃ 

(ক) ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য় 

উত্তৰঃ  ৰাজ্যখনৰ অতি বেছি বৰষুণ হােৱা ঠাইবোৰত এই অৰণ্য দেখা যায় । বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চেণ্টিমিটাৰ বা তাতােকৈ বেছি হােৱা ঠাইত এই অৰণ্য পােৱা যায় বাবে ইয়াক বর্ষাৰণ্য ( Rain forest ) বুলিও কোৱা হয় । অৰুণাচল প্রদেশৰ নামনিৰ পাহাৰৰ পাদদেশীয় এলেকা , তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত এই প্রকাৰৰ অৰণ্য দেখা যায় ।

    সাধাৰণতে চিৰসেউজীয়া অৰণ্য তিনিতৰপীয়া হােৱাটো পৰিলক্ষিত হয় । প্রথম তৰটো অতি ওখ গছৰ দ্বাৰা গঠিত । অসমৰ চিৰসেউজীয়া অৰণ্যত হােলােং , মেকাই আদি অতি ওখ গছ পােৱা যায় । ইয়াতকৈ কিছু কম ওখ গছে দ্বিতীয়টো তৰপ গঠন কৰে । এই তৰপত সাধাৰণতে নাহৰ , চিয়া নাহৰ , আমাৰি আদি গছ দেখা যায় । একেবাৰে তলৰ তৰপত চাপৰ গছ বন আদি থাকে । চিৰসেউজীয়া অৰণ্যত গছৰ উপৰি নানা বিধ লতা , তৰা , বাঁহ - বেত , কপৌফুল আদিও থাকে । সম্প্রতি অসমত বিভিন্ন কাৰণত এই অৰণ্য বেয়াকৈ সংকুচিত হৈ আহিছে । 

(খ) চাভানা 

উত্তৰঃ

(গ) আৰ্কটিক তুন্দ্ৰা 

উত্তৰঃ 

(ঘ) মৰুভূমি পৰিস্থিতি তন্ত্ৰ 

উত্তৰঃ এই ধৰণৰ পৰিস্থিতি তন্ত্ৰ সেইবোৰ অঞ্চলত থাকে অৱস্থিত য'ত বাষ্পী ভৱন হাৰ বেছি হয় অথচ বৰষুণ (বা বৰফ পৰা ) পৰিমাণ কম । ইয়াত বৰযুণৰ পৰিমাণ বছৰি ২৫ ছে. মি. তকৈ কম । আমাৰ পৃথিৱীৰ প্ৰায় ২/৩ অংশ ভূমি মৰুভূমিৰে আবৃত । মৰুভূমি অঞ্চলৰ প্ৰজাতিৰ বৈচিত্ৰ্য় একেবাৰে কম আৰু ইয়াত খৰাং প্ৰতিৰোধী বা খৰাংৰ পৰা হাত সাৰিব পৰা উদ্ভিদৰে তন্ত্ৰ গঠন হয় । ইয়াৰ জলবায়ু বৰ শুকান । সেয়ে ইয়াৰ অপৰিবাহিতা দুৰ্বল । এইটোৱে এটা কাৰণ যাৰ  বাবে মৰুভূমিৰ বালি মাটিবোৰ শীঘ্ৰে চেঁচা হৈ পৰে আৰু সেয়ে ৰাতিবোৰ চেঁচা হৈ পৰে । জলবায়ুৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি মৰুভূমি তিনি প্ৰকাৰৰ- 

(ক) ক্ৰান্তীয় মৰুভূমি ঃ আফ্ৰিকাৰ চাহাৰা আৰু নামিবিয়া, ভাৰতৰ ৰাজস্থানৰ থৰ আদি একেবাৰে শুকান আৰু একেবাৰে নগণ্য় পৰিমাণৰ প্ৰজাতি পোৱা যায় । বতাহৰ বাবে হোৱা বালি হাফলু বা পাহাৰবোৰ সাধাৰণতে পোৱা যায়।

(খ) শীতোষ্ণ মৰুভূমি ঃ দক্ষিণ কেলিফৰ্ণিয়াৰ মজাভে (Mojave) এই ধৰণৰ মৰুভূমি য'ত গ্ৰীষ্ম কালত বৰ গৰম কিন্তু শীতত চেঁচা । 

(গ) ঠাণ্ডা মৰুভূমি ঃ চীন দেশৰ গোবী মৰুভূমি শীতকালত চেঁচা আৰু গ্ৰীষ্ম কালত উষ্ম ।

(ঙ) গ্ৰীষ্ম প্ৰধান তৃণভূমি অঞ্চল 

উত্তৰঃ             

(চ) অজৈৱিক উপাদান 

উত্তৰঃ ভৌতিক আৰু ৰাসায়নিক উপাদানবোৰেই পৰিৱেশ তন্ত্ৰৰ অজৈৱিক উপাদান । ইয়াত অন্তৰ্ভূক্ত হয়- জলবায়ু কাৰক , মাটিৰ কাৰক, ভৌ-গোলিক কাৰক , শক্তি, খনিজ পদাৰ্থ, ক্ষতিকাৰক পদাৰ্থ আদি । 

(১) ভৌতিক কাৰক ঃ সূৰ্য্য়ৰ পোহৰ আৰু ছাঁ, সৌৰশক্তিৰ তীব্ৰতা, পোহৰ পৰা সময়ৰ দৈৰ্ঘ্য়তা, গড় তাপ, উচ্চতম নিম্নতম তাপৰ পৰিমাণ, বাৰ্ষিক বৰষুণৰ পৰিমাণ, বতাহ, মাটিৰ প্ৰকাৰ, পানীৰ পৰ্য্য়াপ্ততা, পানীৰ সোঁত অক্ষাংশ, দ্ৰাঘিমাংশ, সাগৰ পৃষ্ঠৰ পৰা উচ্চতা আদি দৰকাৰী ভৌতিক কাৰক যিবোৰৰ এটা পৰিৱেশ তন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে । ইয়াৰ ভিতৰত বিকিৰিত সৌৰশক্তি ভূমিকা যিকোনো পৰিৱেশ তন্ত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

(২) ৰাসায়নিক কাৰক ঃ মাটি বা পানীত থকা মুখ্য় খনিজ পদাৰ্থ আৰু জৈৱ পদাৰ্থৰ পৰ্য্য়াপ্ততাই পৰিৱেশ তন্ত্ৰৰ কাৰ্য্য় প্ৰণালীত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় । এই খনিজ পদাৰ্থবোৰ কাৰ্বন, নাইট্ৰোজেন, ফছফৰাছ, পটাছিয়াম, আইৰণ, অক্সিজেন, ছালফাৰ, হাইড্ৰজেন আদি । ক্ষতিকাৰক পদাৰ্থৰ পৰিমাণ , লৱনৰ বাবে লাৱনতা আদিয়ে প্ৰভাৱ পেলায় । সকলোবোৰ জৈৱিক কাৰকৰ ওপৰত অজৈৱিক কাৰকে প্ৰভাৱ পেলায় বা অজৈৱিক কাৰকৰ ওপৰত জৈৱিক কাৰকে প্ৰভাৱ পেলায় । ইহঁত খনিজ চক্ৰৰে আৰু শক্তিৰ প্ৰবাহেৰে সংলগ্ন হৈ থাকে ।

(ছ) পুখুৰী পৰিস্থিতি তন্ত্ৰ 

উত্তৰঃ এইটো এটা সৰু সাধাৰণ পানীৰ জলজ পৰিস্থিতি তন্ত্ৰ য'ত পানী স্থৱিৰ । পুখুৰীবোৰ সাময়িক প্ৰকৃতিৰ হ'ব পাৰে অৰ্থাৎ বৰ্ষাকালত যথেষ্ট পানী উপচি পৰে । পুখুৰীবোৰ সাধাৰণতে কম গভীৰ জলাশয় । গাঁওবোৰত এই পুখুৰীবোৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে । পুখুৰীক কেন্দ্ৰ কৰি বহুতো কাৰ্য্য়কলাপ হ'ব পাৰে । ইয়াত বহু প্ৰকাৰৰ শেলাই, জলজ উদ্ভিদ, পতঙ্গ, মাছ আৰু চৰাই থাকিব পাৰে । এই পুখুৰীবোৰ সাধাৰণতে নৃ-জনিত কাৰ্য্য়কলাপৰ সন্মুখীন হয় । পুখুৰীবোৰ কাপোৰ ধোৱা, গা-ধোৱা, সাঁতোৰা, গৰু-ম'হক গাধোৱা আৰু পানী খোৱা আদি কাৰ্য্য় জড়িত হয় । ফলস্বৰূপে প্ৰদূষিত হয়।

(জ) শক্তি প্ৰবাহ আৰ্হি 

উত্তৰঃ পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন পৌস্তিক স্তৰলৈ প্ৰবাহিত হোৱা শক্তিক ভিন্ন শক্তি প্ৰবাহৰ আৰ্হিৰে ব্য়াখ্য়া কৰিব পাৰি । 

        (১) সাৰ্বজনীন শক্তি প্ৰবাহৰ আৰ্হি (Universal energy flow model) ঃ পৰিস্থিতি তন্ত্ৰ এটাৰ শক্তি প্ৰবাহৰ সাৰ্বজনীন শক্তি প্ৰবাহ আৰ্হি ব্য়াখ্য়া কৰিছিল E.P. Odum নামৰ বিখ্য়াত পৰিৱেশবিদ জনে । শক্তি প্ৰবাহিত হওঁতে ক্ৰমশ শক্তি প্ৰতিটো স্তৰতে অপচয় হয় । ফলস্বৰূপে পৰৱৰ্তী পৌষ্টিক স্তৰত শক্তিৰ পৰিমাণ কমি যায় । এই দশাটো চিত্ৰত ঠেক নলীকা আৰু সৰু বাকচৰ সহায়ত দেখুৱা হৈছে । নলীকাই শক্তিৰ প্ৰবাহ আৰু বাকচে জীৱভৰত শক্তি সঞ্চয় নিৰ্দেশ কৰিছে । অপচয় হোৱা শক্তি দৰাচলে ব্য়ৱহাৰ নোহোৱা শক্তি । এই শক্তিবোৰ চলন, ৰেচন আদি শ্বসন ( যি শক্তি জীৱৰ ব্য়ৱস্থাপনাৰ বাবে প্ৰয়োজন ) ত অপচয় হয় । বাকী ৰৈ যোৱা শক্তি উৎপাদনত ব্য়ৱহাৰ হয় ।

(২) এক সুঁতি বা একমুখী শক্তি প্ৰবাহ আৰ্হি (Single channel energy flow model) ঃ এই আৰ্হি মতে শক্তিৰ প্ৰবাহ এটা সুতি বা এক দিশেৰে এই প্ৰাবাহ সেউজীয়া উদ্ভিদ বা উৎপাদক ৰূপৰ তৃণভোজী আৰু উপভোক্তাৰ মাজেৰে হয় । চিত্ৰত চৰণীয়া খাদ্য় শৃংখলত প্ৰতিটো পৌস্তিক স্তৰত ক্ৰমশঃ শক্তি অপচয়ৰ বাবে কমি যোৱা দেখা গৈছে ।

(৩) দুই সুঁতি বা দ্বি-মুখী বা Y আকৃতিৰ শক্তি প্ৰবাহৰ আৰ্হি ঃ প্ৰকৃতিত চৰণীয়া খাদ্য় শৃংখল আৰু মৃত খাদ্য় শৃংখল এটা পৰিস্থিতি তন্ত্ৰত চলি থাকে । এই খাদ্য় শৃংখলৰ অংশীদাৰ বিলাক এনেদৰে জড়িত হৈ থাকে যে ইয়াৰ প্ৰভাৱ পৃথকে নিৰ্ণয় কৰিব নোৱাৰি । বিশেষকৈ ইয়াৰ সঠিক প্ৰাথমিক উৎপাদনৰ ক্ষীয়ভৱন পৃথক কৰিব নোৱাৰি । চিত্ৰত দেখিবলৈ পোৱা চৰণীয়া খাদ্য় শৃংখল আৰু মৃত খাদ্য় শৃংখল দুডাল স্পষ্ট ভাৱে পৃথক । কিন্তু প্ৰাকৃতিক অৱস্থাত ইহঁত এনেদৰে পৃথক নহয় । যেনে- ক্ষুদ্ৰ মৃত প্ৰাণীবোৰ চৰণীয়া খাদ্য় শৃংখলৰ অংশ আছিল কিন্তু পিছত মৃত খাদ্য় শৃংখলৰ অন্তৰ্ভুক্ত হয় । ইহঁতৰ বিষ্ঠাবোৰ ইয়াত অন্তৰ্ভুক্ত হয় । এই  ধৰণৰ আন্তঃসম্পৰ্কবোৰ Y আকৃতিৰ আখৰটোৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি । যেনে- E.P. Odum (1983) এ ইয়াক Y আকৃতি শক্তি প্ৰবাহৰ আৰ্হি বুলি কৈছিল । 

            Y আকৃতিত আৰ্হিটো একমুখী আৰ্হিটোতকৈ বেছি বাস্তৱ আৰু ব্য়ৱহাৰিক আৰ্হি কিয়নো - 

  • ই পৰিস্থিতি তন্ত্ৰৰ মৌলিক স্তৰীভূত গঠনক নিশ্চিত কৰে ।
  • ই চৰণীয়া আৰু মৃত খাদ্য় শৃংখলক সময় আৰু স্থানৰ পৰা পৃথক কৰে ।
  • ক্ষুদ্ৰ উপভোক্তা আৰু বৃহৎ উপভোক্তা বোৰ আকৃতি আৰু  বিপাকৰ সম্পৰ্কবোৰ পাৰ্থক্য় বহুত । 
(ঝ) মৃত খাদ্য় শৃংখল 
উত্তৰঃ এই খাদ্য় শৃংখল মৃত জৈৱিক পদাৰ্থ খোৱা মৃতভোজী বা বিয়োজকৰ পৰা আৰম্ভ হয় । অৰ্ধপচা জৈৱিক পদাৰ্থৰ বিয়োজক বোৰে বা মৃতভোজীবোৰে খাদ্য় হিচাপে গ্ৰহণ কৰে আৰু এই বিয়োজক বা মৃতভোজীক অন্য় খাদকে খাদ্য়ৰূপে গ্ৰহণ কৰে । ইয়াৰ এটা উদাহৰণ হ'ল উপকূলীয় অৰণ্য়ৰ মৃত খাদ্য় শৃংখল ।

(ঞ) জৈৱিক বিবৰ্ধন 
উত্তৰঃ 

(ট) ক্ৰান্তীয় বৰ্ষা অৰণ্য় 
উত্তৰঃ এইবোৰ বিষুৱৰ কাষত পোৱা চিৰসেউজীয়া বহল পাতৰ গছ থকা অৰণ্য় । উচ্চ উষ্ণতা, উচ্চ আদ্ৰতা আৰু উচ্চ বৰষুণ এই অৰণ্য়বোৰৰ বৈশিষ্ট্য় এই বৈশিষ্ট্য় । গছবোৰৰ বৃদ্ধিৰ বাবে অনুকূল । গোটেই বছৰজুৰি জলবায়ু কম বা বেছি পৰিমাণে একে ধৰণৰ হয় । এই অঞ্চলবোৰত জীৱ বৈচিত্ৰ্য় বহুত বেছি হয় । এই অঞ্চলবোৰত খাদ্য়, পানী, সৌৰশক্তি , খনিজ পদাৰ্থ আদি ওপৰত নিৰ্ভৰ কৰি ইয়াৰ পৰিস্থিতি তন্ত্ৰতোৰ স্তৰ আৰু ঠাইত বিভিন্ন ধৰণৰ জীৱই বিশেষ নিচি (ঠাই) দখল কৰি থাকে ।