অধ্য়ায়-১

পৰিৱেশ অধ্য়য়নৰ পৰিচয় 

Introduction to Environmental Studies 


চুটি প্ৰশ্ন 

1. '' Our Comman Future'' শীৰ্ষক পতিবেদন কোনে দাখিল কৰিছিল ?

উত্তৰঃ '' Our Comman Future'' শীৰ্ষক পতিবেদন বাৰ্টলেণ্ডে দাখিল কৰিছিল ।

2. ৰিঅ'ডি জেনেৰিঅৰ ঘোষণা কিমান চনৰ কিমান তাৰিখে হৈছিল ?

উত্তৰঃ ৰিঅ'ডি জেনেৰিঅৰ ঘোষণা ১৯৯২ চনৰ ১৪ জুন তাৰিখে হৈছিল । 

3. '' ধৰীত্ৰী সন্মিলন'' ক'ত হৈছিল ?

উত্তৰঃ ব্ৰাজিলৰ ৰিঅ' ডি-জেনেৰিঅত '' ধৰিত্ৰী সন্মিলন'' হৈছিল । 

4. SDGs মানে কি ? 

উত্তৰঃ SDGs মানে হ'ল- বহনক্ষম উন্নয়ন লক্ষ্য় ( Sustainable Development Goals) ।

5. বিশ্ব বন দিৱশ কোন তাৰিখে হয় ?

উত্তৰঃ বিশ্ব বন দিৱশ ২১ মাৰ্চ তাৰিখে হয় ।

6. পৰিৱেশ শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে ?

উত্তৰঃ পৰিৱেশ শব্দচো ফৰাছী শব্দ 'Environner' ৰ পৰা উৎপত্তি হৈছে ।

7. পৰিৱেশ সুৰক্ষা আইন কিমান চনত হৈছিল ?

উত্তৰঃ পৰিৱেশ সুৰক্ষা আইন ১৯৮৬ চনত হৈছিল ।

8. ISO চিহ্নৰ দ্বাৰা কি নিৰূপন কৰা হয় ?

উত্তৰঃ ISO চিহ্নৰ দ্বাৰা সামগ্ৰীবিধৰ গুণগত মানক নিৰূপন কৰা হয় ।

দীঘলীয়া প্ৰশ্ন- 

1. পৰিৱেশৰ বিষয়ে বুজাই লিখা ।

উত্তৰঃ পৰিৱেশ শব্দটো ফৰাছী শব্দ 'Environner' ৰ পৰা উৎপত্তি হৈছে । যাৰ অৰ্থ হ'ল আগুৰি থকা বা পৰিৱেষ্টিত হৈ থকা । আমাক আগুৰি থকা সকলো জৈৱিক আৰু অজৈৱিক বস্তুবোৰ পৰিৱেশৰ অন্তৰ্ভুক্ত । পৰিৱেশ ( সুৰক্ষা ) আইন, ১৯৮৬ ৰ মতে পৰিৱেশত এটা জীৱৰ চাৰিওফালে থকা সকলো ভৌতিক আৰু জৈৱিক অৱস্থাৰ লগতে সিহঁতৰ সৈতে হোৱা ক্ৰিয়া-প্ৰতিক্ৰিয়া অন্তৰ্গত । গতিকে পৰিৱেশৰ সংজ্ঞাটো এনেদৰে দিব পাৰি - সৰ্বমুঠ পানী, মাটি, বায়ু, পোহৰ আৰু সিহঁতৰ অন্তঃসম্পৰ্কৰ লগত মানুহ, অন্য় জীৱবোৰ আৰু পদাৰ্থৰ মাজৰ পাৰস্পৰিক সম্পৰ্কই বা ক্ৰিয়াকলাপেই হ'ল পৰিৱেশ । 

2. বিভিন্ন বিষয়ৰ লগত পৰিৱেশৰ সম্বন্ধ বুজাই লিখা ।

উত্তৰঃ 

3. বৰ্ত্তমান পৰিৱেশৰ অধ্য়য়নৰ প্ৰয়োজনীয়তা কি ? বুজাই লিখা ।

উত্তৰঃ 

4. পৰিৱেশ অধ্য়য়ণৰ পৰিসৰ সম্বন্ধে বুজাই লিখা ।

উত্তৰঃ পৰিৱেশ অধ্য়য়নৰ এটা বিষয় হিচাপে পৰিসৰ অতি ব্য়াপক। ই বহু সংখ্য়ক বিষয় বস্তু আৰু বহুতো অধ্য়য়নৰ দিশৰ লগত জড়িত হৈ গঠন হৈছে । ইয়াক আমি তলত সংক্ষেপে উল্লেখ কৰিলোঁ - 

  • প্ৰাকৃতিক সম্পদ ইয়াৰ সংৰক্ষণ আৰু ব্য়ৱস্থাপনা । 
  • পৰিস্থিতি বিজ্ঞান আৰু জৈৱ বৈচিত্ৰ্য়তা । 
  • পৰিৱেশ প্ৰদূষণ আৰু নিয়ন্ত্ৰণ ।
  • পৰিৱেশ আৰু উন্নয়নৰ লগত জড়িত সামাজিক সমস্য়া সমূহ ।
  • মানুহৰ  জনসংখ্য়া আৰু পৰিৱেশ ।
                পৰিৱেশ অধ্য়য়নৰ মৌলিক স্থিতি বা দিশবোৰ সমাজৰ প্ৰতিটো স্তৰৰ সৈতে প্ৰত্য়ক্ষ ভাৱে প্ৰাসংগিক। পৰিৱেশ অধ্য়য়নৰ কাৰিকৰী ৰেহৰূপ বা গঢ় গতিক বিশেষভাৱে দকৈ আলোচনা কৰিলে দেখা যায় যে- ইয়াৰ লগত পৰিৱেশ বিজ্ঞান, পৰিৱেশ অভিযন্ত্ৰণ আৰু পৰিৱেশ ব্য়ৱস্থাপনা আদি দিশবোৰ জড়িত হয় ।
        আজি পৃথিৱীৰ পেক্ষাপটত, পৰিৱেশ অধ্য়য়নৰ পৰিসৰ বৃদ্ধি নাটকীয় ভাৱে হৈছে । এতিয়া, গোটেই বিশ্বত পৰিৱেশৰ প্ৰতিটো দিশে গুৰুত্ব লাভ কৰিছে । পৰিৱেশক নিয়ন্ত্ৰণৰ বাবে ইয়াৰ অধ্য়য়নৰ গুৰুত্ব দিনক দিনে দ্ৰুত গতিত বিস্তাৰিত হ'ব ধৰিছে । এই বিষয়ৰ লগত জড়িত জীৱিকা নতুনকৈ উদ্ভাৱন হৈ আছে ।

5. পৰিৱেশ অধ্য়য়নৰ গুৰুত্ব লিখা ।
উত্তৰঃ সকলোৰে বাবে পৰিৱেশ অন্তৰ্ভুক্ত আৰু সকলোৰে বাবে পৰিৱেশ আৱশ্য়কীয় । যিকোনো বয়স, বৃত্তি যিয়ে নহওঁক কিয় সকলোতে পৰিৱেশে প্ৰভাৱ পেলায় আৰু ব্য়ক্তিৰ কৰ্মবোৰেও পৰিৱেশত প্ৰভাৱ পেলায় । সেয়ে, পৰিৱেশ অধ্য়য়নে আমাক পৃথিৱী মাতৃৰ প্ৰদূষণৰ বাবে হোৱা ক্ষতি আৰু পৃথিৱীৰ সমস্ত পৰিৱেশৰ সুৰক্ষা, সংৰক্ষণৰ বাবে সজাগ কৰাত সহায় কৰে । জনসংখ্য়া বিস্ফোৰণ, প্ৰাণীৰ বৃদ্ধি, উদ্য়োগীকৰণ আৰু অন্য়ান্য় কিছুমান জীৱকূলত জীৱনত গভীৰ প্ৰভাৱ পেলাইছে । বহুতো পৰিৱেশ জনিত সমস্য়াই দিনক দিনে বৃদ্ধি হৈ জটিল ৰূপ লৈ মানৱ সমাজৰ প্ৰতি ভাবুকি স্বৰূপ হৈছে । এতিয়া এই পৃথিৱীত মানুহ জীয়াই থকাটো প্ৰত্য়াহ্বান হৈ পৰিছে । সেয়ে পৰিৱেশ অধ্য়য়ন গুৰুত্বপূৰ্ণ হৈ পৰিছে । 

6. বহন ক্ষমতা আৰু বহনক্ষম উন্নয়নৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ ভৱিষ্য়ৎ প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষমতাক হস্তক্ষেপ নকৰাকৈ বৰ্তমানৰ প্ৰয়োজনক গুৰুত্ব প্ৰদান কৰি সম্পদৰ ব্য়ৱহাৰ কৰা প্ৰক্ৰিয়াটোক চমুকৈ বহনক্ষমতা বুলি ক'ব পাৰোঁ । এই ধাৰণাটো অৰ্থনৈতিক, পৰিৱেশ আৰু সামাজিক বিষয়ৰ ওপৰত প্ৰতিষ্ঠিত । ধাৰণ ক্ষমতা বা বহনক্ষমতা মানে হ'ল স্থায়ীভাৱে বা অটল-অলৰ হৈ থকা । কিন্তু ২১ শতিকাৰ পৃথিৱীত এই বহনক্ষমতা শব্দটো জীৱমণ্ডল আৰু মানুহৰ সভ্য়তাৰ সহঅস্থান বা একেলগে থকা ক্ষমতাক সাধাৰণতে বুজোৱা হয় । 
            অৰ্থনৈতিক বিকাশ আৰু পৰিৱেশৰ স্থায়িত্ব বিষয় সংযোগ কৰাৰ প্ৰচেষ্ঠাত ১৯৮৭ চনত '' পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগ (WCED, ১৯৮৭ ) ৰ উদ্য়োগত বাৰ্টলেণ্ডে (G.H. Bruntland '' Our common Future'' শীৰ্ষক প্ৰতিবেদন দাখিল কৰিছিল । ইয়াৰ পিছৰ পৰাই বহনক্ষম উন্নয়ন ধাৰণাটোৱে বিশ্বত জনপ্ৰিয়তা লাভ কৰিছিল । Bruntland ৰ মতে বহনক্ষম উন্নয়ন হৈছে - '' এনে উন্নয়ন যিয়ে বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰে অথচ ভৱিষ্য়ৎ প্ৰজন্মৰ বাবে সিহঁতৰ নিজস্ব প্ৰয়োজনীয়তা আহৰণ সক্ষমতাক অপোচ নকৰে । '' 

চমুটোকা লিখা- 

(a) সেউজ ওকালতি 
উত্তৰঃ পৰিৱেশ সম্পৰ্কীয় বিভিন্ন নীতি-নিয়মৰ প্ৰয়োগৰ লগে লগে পৰিৱেশ নিয়মৰ অধিবক্তাৰ প্ৰয়োজনীয় আহি পৰিছে । এই অধিবক্তাবোৰেই পৰিৱেশ সম্পৰ্কীয় বিষয়ৰ লগত জড়িত বিচাৰ প্ৰক্ৰিয়াৰ ওকালতি কৰিবলৈ লৈছে ।

(b) সেউজীয়া কিনা-বেচা 

উত্তৰঃ এতিয়া বেচিব লগীয়া সামগ্ৰীবোৰত ISO চিহ্ন থাকে । এই ISO চিহ্নৰ সহায়ত সামগ্ৰীবিধৰ গুণগত মানক নিৰূপন কৰা হয় । তেতিয়া এই সামগ্ৰীবোৰৰ কিনা-বেচা প্ৰক্ৰিয়াটোত পৰিৱেশ উপযুক্ততা বা পৰিৱেশ বন্ধুত্বতাৰ ওপৰত গুৰুত্ব দিয়া হয় । এইধৰণৰ সামগ্ৰীৰ পৰিৱেশচিহ্ন বা ISO 14000 প্ৰমাণিত হয় । পৰিৱেশ হিচাপৰক্ষক আৰু পৰিৱেশ ব্য়ৱস্থাপক ব্য়ক্তিৰ চাহিদা যে অনাগত সময়ত অপৰিসীম ভাৱে বৃদ্ধি পাব বুলি সহজে অনুমান কৰিব পাৰি ।

(c) সেউজীয়া গণমাধ্য়ম 

উত্তৰঃ জনসাধাৰণক পৰিৱেশ সম্পৰ্কীয় জ্ঞান আৰু তথ্য়ৰে সমৃদ্ধ কৰাৰ লগতে সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন গণমাধ্য়ম যেনে- দূৰদৰ্শন, অনাতাৰ, বাতৰি কাকত, আলোচনী, বিজ্ঞাপন, বেনাৰ আদিৰ প্ৰয়োজন। এই প্ৰয়োজনীয়তা দূৰ কৰাৰ বাবে পৰিৱেশ সম্পৰ্কে জ্ঞান থকা পৰিৱেশৰ শিক্ষা লাভ কৰা ব্য়ক্তিৰ প্ৰয়োজন হয় । 

(d) স্থানীয় ভাৱে প্ৰাসংগিক বিষয় 

উত্তৰঃ কিছুমান পৰিৱেশৰ সমস্য়া স্থানীয়ভাৱে অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ । এই ধৰণৰ সমস্য়াবোৰ যেনে- খনন কাৰ্য্য়, জল বিদ্য়ুৎ প্ৰকল্পৰ এটা অঞ্চল, এটা অঞ্চৱৰ গোটা আৱৰ্জনাৰ নিষ্কাষণ আৰু ব্য়ৱস্থা, নদী বা হ্ৰদৰ প্ৰদূষণ, মাটি ক্ষয়ীক্ষৱন, কৃত্ৰিম বানপানী, ফ্লৰ'ছিছ, ভূ-জলৰ আৰ্ছেনিক আদি বিভিন্ন সমস্যা । এই স্থানীয় সমস্য়া সমাধানৰ বাবে গোটেই বিশ্বই চিন্তা কৰিব লাগিব যদিও সমাধান আৰু কাৰ্য্য়কৰী স্থানীয় ভাৱে কৰিব লাগিব । ইয়াৰ বাবে পৰিৱেশ অধ্য়য়নৰ জ্ঞান প্ৰতিজন নাগৰিকক প্ৰয়োজন ।

(e) জনসংখ্য়া বিস্ফোৰণ 

উত্তৰঃ জনসংখ্য়া বিস্ফোৰণ বিশ্বৰ জনগণনা লক্ষ্য় কৰিলে দেখা যায় আৰু পৃথিৱীৰ প্ৰতি সাতজন মানুহৰ এজন ভাৰতত বাস কৰে । পৃথিৱীৰ জনসংখ্য়াৰ ১৬ শতাংশ ভাৰতত বাস কৰে । ভাৰতৰ মাটিকালি প্ৰায় ২.৪ শতাংশ মাত্ৰ । সেয়ে, মাটিকে আদি কৰি প্ৰাকৃতিক সম্পদৰ যথেষ্ট চাপৰ সন্মুখীন হৈছে । এই জনসংখ্য়া বিস্ফোৰণে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাইছে । আনকি কৃষি বিশেষজ্ঞৰ মতে কৃষি ভূমিৰ সুক্ষ্ম মৌল, জৈৱিক সাৰ , লাৱনতা, মাটিৰ গঠন আদি ক্ষয় হৈ মাটিৰ স্বাস্থ্য়ত প্ৰঊাৱ পেলাইছে । জনসংখ্য়াই প্ৰদূষণ বৃদ্ধিৰ মূল কাৰণ হেতু পৰিৱেশ অধ্য়য়ন আজিৰ সমাজত অতি প্ৰয়োজনীয় ।  

6. বহনক্ষম উন্নয়নৰ লক্ষ্য় সমূহৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ বহনক্ষম উন্নয়নৰ লক্ষ্য়ক গোলকীয় লক্ষ্য় বুলি কোৱা হয় । ২০১৫ চনত ৰাষ্ট্ৰসংঘৰ সদস্য় ৰাষ্ট্ৰ সমূহে গ্ৰহণ কৰিছিল । দৰিদ্ৰতা নিৰ্মূল, গ্ৰহটোৰ সুৰক্ষা আৰু সকলো জনগণে যাতে ২০৩০ চনৰ ভিতৰত শান্তি আৰু সমৃদ্ধিক উপভোগ কৰাৰ নিশ্চিত প্ৰদানৰ বাবে বিশ্বজনীন কৰ্মসূচীৰ আহ্বান জনাইছিল । 

        বহনক্ষম উন্নয়ন লক্ষ্য় ১৭ টা গোলকীয় লক্ষ্য়ৰ সমষ্টি । এই বহনক্ষম উন্নয়ন লক্ষ্য় (SDGs) বোৰে Resolution 70/1 ৰ United Nation General Assembly, the 2030 Agenda ৰ অংশ। 

        এই 17 SDGs লক্ষ্য় সংলগ্ন । ইয়াৰ এটাৰ ফলাফলে আনটো লক্ষ্য়ত প্ৰভাৱ পেলায় । এই লক্ষৰ উন্নয়নে সামাজিক, অৰ্থনৈতিক আৰত পৰিৱেশৰ সমতা ৰক্ষ২ কৰাৰ নিশ্চিত প্ৰদান কৰে । একেবাৰে সমাজৰ পিছপৰা শেষৰ প্ৰথমজনৰ যাতে বিকাশ হয় আৰু কোনেও যাতে পিছপৰি নৰয় তাৰ বাবে ৰাষ্ট্ৰ সমূহে সংকল্প বদ্ধ হ'ব লাগে । ৰাষ্ট্ৰবোৰে দ্ৰুত উন্নয়নত নিজকে সমপৰ্ণ কৰিব লাগে । 

        সেই কাৰণে বহনক্ষম উন্নয়নৰ লক্ষ্য় পৃথিৱীৰ জীৱন পৰিৱৰ্তন কাৰী শূন্য় আনিবলৈ পৰিকল্পনা কৰিছে । এই শূন্য়ত দৰিদ্ৰতা, ভোকাতুৰ, AIDS আৰু তিৰোতা আৰু ছোৱালীৰ প্ৰতি অন্য়ায় অন্তৰ্ভুক্ত হৈছে । প্ৰত্য়েকে এই উচ্চ আকাংশাৰ লক্ষ্য়ত উপনীত হোৱা প্ৰয়োজন। প্ৰতিটো লক্ষ্য়ৰ বিষয়ত বহনক্ষম উন্নয়নৰ লক্ষ্য় প্ৰাপ্ত হ'বলৈ সমাজৰ সৃষ্টিশীলতা, অৰ্থনৈতিক, কাৰিকৰী দিশবোৰক জানিব লাগিব । এই বহনক্ষম উন্নয়ন লক্ষ্য়বোৰ হ'ল-

1. No Proverty

2. Zero Hunger

3. Good Health and Well Being

4. Quality Education

5. Gender Equality

6. Clean water and Sanitation

7. Affordable and clean Energy

8. Decent work and Economic Growth

9. Industry, Innovation and Infrastructure

10. Reducing Inequality

11. Sustainable cities and communities

12. Responsible consumption and production 

13. Climate Action

14. Life Below water

15. Climate Action

16. Peace, justice and strong Institutions

17. Partnership for Goals. 

এই লক্ষ্য়বোৰৰ আধাৰ বহল আৰু স্বাধীন বা স্বকীয় । এই ১৭ বহনক্ষম উন্নয়নৰ লক্ষ্য়ৰ প্ৰত্য়েকৰে নিজস্ব লক্ষ্য়ৰ এখন তালিকা আছে আৰু এইবোৰক সূচকৰে জুখিব পাৰি । 

            বহনক্ষম উন্নয়নৰ লক্ষ্য়ৰ প্ৰচেষ্টাক সফল কৰিবলৈ ১৭ লক্ষ্য়ৰ তথ্য়ক একেবাৰে সহজ ৰূপত উপলব্ধ হ'ব ।


Author: Monikongkona Saikia