Lesson 3 

প্ৰাকৃতিক সম্পদঃ 

নবীকৰণযোগ্য আৰু  নবীকৰণঅযোগ্য (Natural Resources: Renewable and Non-renewable Resources 

প্ৰশ্নাৱলীঃ

1. প্ৰকৃতিক সম্পদ কাক বোলে? ই কেই প্ৰকাৰৰ? উদাহৰণ সহ লিখা।

উত্তৰঃ প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ জীৱৰ জীৱন তথা জীৱনধাৰণৰ বাবে আৱশ্য়ক সেইবোৰক  প্ৰাকৃতিক সম্পদ বোলে । ই তিনি প্ৰকাৰৰ । 

জৈৱ সম্পদ ঃ উদাহৰণ ঃ বায়ু, পানী আদি । 

অজৈৱ সম্পদঃ উদাহৰণঃ উদ্ভিদ, প্ৰাণী, কয়লা আদি ।

মিশ্ৰ সম্পদঃ উদাহৰণ ঃ মাটি ।

2. নবীকৰণ আৰু অনবীকৰণ সম্পদ কাক বোলে? প্ৰত্যেকৰে উদাহৰণ দিয়া।

উত্তৰঃ নবীকৰণ সম্পদ ঃ যি বোৰ প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ বুকুৰ পৰা পুনৰুদ্ধাৰ কৰা সম্ভৱ সেইবোৰক নবীকৰণ সম্পদ বোলে । উদাহৰণঃ উদ্ভিদ, মাটি, পানী  ইত্য়াদি ।

অনবীকৰণ সম্পদ ঃ যিবোৰ প্ৰাকৃতিক সম্পদ ব্য়ৱহাৰৰ পিছত প্ৰকৃতিয়ে পুনৰ সৃষ্টি কৰিব নোৱাৰে নাইবা অতি মন্থৰ গতিত সৃষ্টি হয় সেইবোৰক অনবীকৰণ সম্পদ বোলে । উদাহৰণঃ খনিজ তেল বিভিন্ন ধাতু ইত্য়াদি । 

3. IPCC সাৰ বুলিলে কি বুজা? 

উত্তৰঃ 

4. অৰণ্য প্ৰধান ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ

5. নিৰ্বননীকৰণ কাক বোলে? 

উত্তৰঃ বনাঞ্চল বাসস্থানৰ বাবে গৃহ নিৰ্মাণ, উদ্য়োগ, ঝুমখেতি, শষ্য় ভূমি আদিৰ বাবে বনাঞ্চলৰ পৰা অন্য় ব্য়ৱহাৰলৈ পৰিৱৰ্তন কৰাকে নিৰ্বননীকৰণ বোলে । 

6.বৃহৎ বান্ধ সমূহে কিদৰে বনাঞ্চল আৰু জনজাতীয় মানুহক প্ৰভাৱিত কৰিছে, উদাহৰণ সহ বাখ্যা কৰা। 

উত্তৰঃ 

7. আমাৰ জীৱনত পানীৰ গুৰুত্ব ব্যাখ্য় কৰা। বিশ্বত বিশুদ্ধ পানী নাটনিৰ কাৰণ কি কি?

উত্তৰঃ

8. বানপানীৰ কাৰণ আৰু ফলাফল বৰ্ণনা কৰা। ইয়াক কি ধৰণে ৰোগ কৰিব পৰা যায় তাৰ যুক্তি আগবঢ়োৱা। 

উত্তৰঃ

9. নিৰ্বনীকৰণৰ মুখ্য কাৰণবোৰ বৰ্ণনা কৰা।

উত্তৰঃ নিৰ্বননীকৰণৰ মুখ্য় কাৰণবোৰ হ'ল 

(i) ঝুম খেতি (Shifting Cultivation) ঃ এটা আনুমানিক হিচাপ কৰা হৈছে যে প্ৰায় 300 মিলিয়ন মানুহে এই ঝুম খেতি কৰে । এওঁলোকেই বনাঞ্চল কাটি জুই লগাই দি বছৰি প্ৰায় 5 লাখ হেক্টৰ মাটি মুকলি কৰে । ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত ঝুমখেতি কৰে । ইয়াৰোপৰি অন্ধ্ৰপ্ৰদেশ, বিহাৰ আৰু মধ্য়প্ৰদেশৰ কিছু অঞ্চলত এই ধৰণৰ খেতি আছে ।

(ii) ইন্ধনৰ প্ৰয়োজন (Fuel requirements) ঃ ভাৰতৰ্বষত বৰ্দ্ধিত জনসংখ্য়াই ইন্ধনৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিছে । ভাৰতক 2001 চনতে প্ৰায় 300-500 মিলিয়ন টন ইন্ধনৰ আৱশ্য়ক হৈছিল । এতিয়া ইয়াৰ আৱশ্য়তকা বৃদ্ধি পাইছে । সেয়ে, বনাঞ্চলৰ ওপৰত বেছিকৈ প্ৰভাৱ পৰিছে । 

(iii) উদ্য়োগত ব্য়ৱহাৰৰ বাবে কেঁচা সামগ্ৰী ঃ ঘৰুৱা আচবাব বনাবলৈ, প্লাউদ বনাবলৈ, মেচ-বাকচ কাগজৰ বাবে মণ্ড বনাবলৈ, সামগ্ৰী টোপোলা কৰিবলৈ যেনে- আপেল, চাহ আদিৰ বাবে কাঠৰ প্ৰয়োজন । এতিয়া প্লাইউদৰ প্ৰচলন বহুল । গতিকে বনাঞ্চলৰ ওপৰত কেঁচা সামগ্ৰীৰ বাবে চাপ পৰে ।

(iv) উন্নয়ন প্ৰকল্প ঃ খনন কাৰ্য্য়, জলবিদ্য়ুৎ প্ৰকল্প, নদীবান্ধ, পথ নিৰ্মাণ আদিৰ বাবে বনাঞ্চল ধ্বংস বহুলভাৱে হয় ।

(v) বৰ্দ্ধিত খাদ্য়ৰ প্ৰয়োজনীয়তা ঃ উন্নয়নশীল ৰাষ্ট্ৰৰ বাবে এইটো মুখ্য় কাৰণ । দ্ৰুত গতিত হোৱা বৰ্দ্ধিত জনসংখ্য়াই কৃষিৰ বাবে আৰু বাসস্থানৰ বাবে বনাঞ্চল ধ্বংস কৰে । কৃষিভূমিৰ প্ৰয়োজনীয়তাই বনাঞ্চল আতৰোৱাত বিশেষ অৰিহণা যোগাইছে ।

(vi) অতিপাত চ'ৰা ঃ ক্ৰান্তীয় অঞ্চলৰ দুখীয়াবোৰে মুখ্য়ত খৰিৰ ওপৰত নিৰ্ভৰ কৰে । ইয়াৰ ফলত বনাঞ্চলৰ গছ নোহোৱা হয় । এই গছ নোহহোৱা অঞ্চল তৃণভূমিলৈ ৰূপান্তৰ হৈ জন্তুবোৰৰ চৰণীয়া ঠাই হৈ পৰে । এই তৃণভূমিত অতিপাত চৰাৰ ফলত এই মাটিবোৰৰ অৱনতি ঘটে ।

(vii) বন জুই ঃ বন জুই প্ৰাকৃতিক ভাৱে বা মানুহৰ দ্বাৰা হয় আৰু বনাঞ্চলৰ বৃহৎ ক্ষতি কৰে ।

10. খৰাং সমস্যাৰ প্ৰধান কাৰণসমূহ কি কি?

উত্তৰঃ খৰাং সমস্য়াৰ প্ৰধান কাৰণসমূহ হ'ল- বৰষুণৰ অভাৱ, শুকান ঋতু, এলনিনো, নিৰ্বননীকৰণ, মাটিৰ অৱক্ষয়, মানুহৰ কাৰ্য্য়কলাপ, জলবায়ুৰ পৰিৰ্ৱতন আদি । 

11. জল সম্পদক লৈ হোৱা কেইটামান বিবাদৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ 

12. ভাৰতত নিৰ্মাণ কৰা বৃহৎ নদী বান্ধবোৰৰ সুবিধা আৰু অসুবিধাবোৰ বৰ্ণনা কৰা।

উত্তৰঃ ভাৰতত নিৰ্মাণ কৰা বৃহৎ নদী বান্ধবোৰৰ সুবিধা সমূহ হ'ল -

(১) পথাৰত জলসিঞ্চনৰ বাবে নলা বা খালৰ ব্য়ৱস্থাৰে নদীবান্ধৰ পানী ব্য়ৱহাৰ কৰা হয় । এই ব্য়ৱস্থাই গোটেই বছৰজুৰি কৃষিভূমিত পানী যোগান ধৰি শস্য়ৰ উৎপাদন বৃদ্ধিত সহায় কৰে । উদাহৰণ- ৰাজস্থানৰ ইন্দিৰা গান্ধী খাল বা নলাই ভাক্ৰাবান্ধৰ পৰা বোৱাই আনি যথেষ্ট পৰিমাণৰ ভূমি সেউজীয়া কৰি তুলিছে ।

(২) এই নদীবান্ধৰ পৰাই নগৰ-চহৰৰ মানুহক নলীৰে বোৱাই আনি শোধন কৰাৰ পিছত যোগান ধৰা হয় । এনেদৰে নদীবান্ধে নিৰৱচ্চিন্ন পানী যোগানৰ নিশ্চয়তা প্ৰদাৈন কৰে ।

(৩) নদীবান্ধৰ এৰি দিয়া বা ৰৈ যোৱা পানী বিদ্য়ুৎ উৎপাদনত ব্য়ৱহাৰ কৰা হয় । নদীবান্ধ খৰস্ৰোতা পানীৰ সহায়ত টাৰ্বাইন ঘূৰাই বিদ্য়ুৎ উৎপাদন কৰা হয় । এই ধৰণে উৎপাদন কৰা বিদ্য়ুতক জলবিদ্য়ুৎ বোলে ।

(৪) বানপানী ৰোধ কৰাত সহায় কৰে আৰু খৰাং পৰিস্থিতিত ইয়াৰ পানী ব্য়ৱহাৰ কৰি খৰাং প্ৰতিৰোধ কৰিব পাৰি ।

অসুবিধাসমূহ হ'ল- 

(১) জনজাতীয় লোকসকলক স্থানান্তৰণ ।

(২) বনাঞ্চল ধ্বংস ফলত উদ্ভিদকূল আৰু প্ৰাণীকূলও হেৰাই যায় ।

(৩) প্ৰাকৃতিক পুখুৰীবোৰৰ পৰিৱৰ্তন হয় আৰু মাছৰ পোনা দিয়া ঠাইবোৰ নষ্ট হয় । 

(৪) বনাঞ্চল নথকা অঞ্চলবোৰৰ ক্ষতি হয় ।

13. পৰিৱেশৰ ওপৰত নদীবন্ধৰ প্ৰভাৱ ব্যাখ্যা কৰা

উত্তৰঃ নদী বান্ধবোৰ হ'ল নদীৰ উচ্চ অংশত বান্ধ বান্ধি নদীৰ পানীক বৃহৎ জলভাণ্ডাৰ বা কৃত্ৰিম হ্ৰদ হিচাপে পানীক আৱদ্ধ কৰি ৰখা এক ব্য়ৱস্থা । ইয়াত নদীৰ বোৱতি পানীক নিয়ন্ত্ৰণ কৰি আকাংশিত হাৰত এৰি দিয়া হয় ।

        নদীৰ পানীৰ উচিত ব্য়ৱহাৰৰ বাবে নদীৰ বুকুত বান্ধ নিৰ্মাণ কৰি পানীৰ সোঁত নিয়ন্ত্ৰণ কৰা হয় । আমাৰ দেশত বহুতো নদীৰ বুকুত বান্ধ তৈয়াৰ কৰিছে । বান্ধৰ বিশাল ভাণ্ডাৰে বিপুল পৰিমাণৰ পানী মজুত ৰাখে । এই জমা হোৱা পানী নদীৰ নামনি অঞ্চললৈ এটা নিৰ্দিষ্ট আকাংক্ষিত হাৰত আহিব দিয়া হয় । আমাৰ দেশৰ পাঞ্জাব ৰাজ্য়ৰ চটলুজ নদীৰ বুকুৰ ভাক্ৰা নামৰ বান্ধ, এটা নদীবান্ধৰ উদাহৰণ । এই নদীবান্ধবোৰ হ'ল নদীৰ পানী জমা বিশাল জলভাণ্ডাৰ । 

        উচ্চ নদীবান্ধৰ ফলত সৃষ্টি হোৱা জলভাণ্ডাৰে সেই ঠাইৰ প্ৰাণীকূল আৰু উদ্ভিদকূলক পানীৰ তলত পেলায় । ফলত ই ধ্বংসপ্ৰাপ্ত হয় আৰু জৈৱ বৈচিত্ৰ্য়ৰ লগতে বনাঞ্চল হ্ৰাস কৰে । আনহাতে  নদীবান্ধৰ নামনি অঞ্চলৰ প্ৰাকৃতিক অৱবাহিকাত পানীৰ পৰিমাণৰ যথেষ্ট তাৰতম্য় ঘটে । ইয়াৰ ফলত নদী কাষৰীয়া অঞ্চলৰ আৰু নদীৰ বুকুৰ মাজত থকা জীৱকূলৰ যথেষ্ট ক্ষতি হয় । মুঠৰ ওপৰত নদীবান্ধৰ ফলত জৈৱ বৈচিত্ৰ্য়ৰ ক্ষতি হয় । নদী কাষৰীয়া আৰু নদীৰ লগত জড়িত জনজীৱন আৰু পানী কমি যোৱাৰ ফলত ভূজলৰ পৰিমাণ হ্ৰাস হোৱাত কৃষি কাৰ্যকে আদি কৰি বিভিন্ন পৰিবেশৰ সমস্য়াই জনজীৱনত প্ৰভাৱ পেলায় । মুঠতে পৰিবেশ তন্ত্ৰৰ ক্ষতি আৰু ভাৰসাম্য় নষ্ট কৰে ।

14. বিভিন্ন ধৰণৰ খনিজ পদাৰ্থৰ ব্যৱহাৰ  সম্পৰ্কে লিখা।

উত্তৰঃ 

15. বিভিন্ন খনন কাৰ্য্যৰ ফলত পৰিৱেশৰ ওপৰত হোৱা মুখ্য প্ৰভাৱ বিলাক ব্যাখ্য়া কৰা।

উত্তৰঃ

16. চৰণীয়া পথাৰৰ অতিমাত্ৰা ব্যৱহাৰ আৰু কৃষিকাৰ্য্যৰ ফলত পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱসমূহ বাহ্যা কৰা।

উত্তৰঃ

17. ভূমিস্খলন কি?  কাৰণ ব্যাখ্যা কৰা। 

উত্তৰঃ মানুহৰ দ্বাৰা হোৱা বিভিন্ন কাৰ্য্য় যেনে- জলবিদ্য়ুৎ প্ৰকল্প, বৃহৎ নদীবান্ধ, জলভাণ্ডাৰ, ৰাস্তা নিৰ্মাণ, অট্টালিকা নিৰ্মাণ, খনন কাৰ্য্য় আদিৰ বাবে বহুল পৰিমাণে বনাঞ্চল ধ্বংস কৰিব লগা হয় । পাহাৰবোৰ কাটি সমান কৰাৰ ফলত মাটিবোৰ সহজে ভাঙি যায় আৰু ভূমিস্খলনৰ বাবে সহজ হৈ পৰে । এতিয়া, সেয়ে ভূমিস্খলনৰ বাতৰি সঘনে পোৱা যায় । ভূমিস্খলনৰ ফলত ইয়াত কাষৰীয়া ঠাইৰ জান-জুৰিৰ গতিবেগ বৃদ্ধি হয় । মানুহৰ ক্ৰিয়া-কলাপৰ বাবে ভূমিস্খলন বৃদ্ধি হোৱা কাৰণবোৰ হ'ল-

  • ঝুম খেতিকে আদি কৰি পাহাৰীয়া অঞ্চলত অবিজ্ঞান সন্মত কৃষি পদ্ধতি।
  • বৃহৎ নদীবান্ধ তৈয়াৰ । 
  • পথ নিৰ্মাণ, ৰেল লাইন নিৰ্মাম, অট্টালিকা নিৰ্মাণ আদি নিৰ্মাণ কাৰ্য্য় ।
  • যধে-মধে পাহাৰৰ মাটি কটা আৰু শিলৰ বাবে পাহাৰ ভঙা ।
  • খনন কাৰ্য্য় ।
  • খৰি কাঠৰ বাবে পাহাৰৰ বনাঞ্চল ধ্বংস কৰা ।
            ভূমিস্খলনৰ ফলতেই মানুহৰ মৃত্য়ু হয় । ৰাস্তা বন্ধ হৈ পৰে । জান-জুৰিৰ মুখ বন্ধ হৈ প্ৰাকৃতিক সোঁত বাদাগ্ৰস্থ হয় । বানপানীৰ সৃষ্টি হয় । মাটিৰ অৱনতি ঘটি উৰ্বৰতাও হ্ৰাস হয় । ভূমিস্খলন এতিয়া এক মানুহে সৃষ্টি কৰা দুৰ্য্য়োগলৈ পৰিৱৰ্তন হৈছে ।

18. আধুনিক কৃষিকাৰ্য্যৰ ফলত হোৱা পৰিৱেশীয় প্ৰভাৱসমূহ আলোচনা কৰা।

উত্তৰঃ

19. শক্তি সম্পদক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি? এই সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

20. জলবদ্ধতা কি বুজাই লিখা।

উত্তৰঃ মাটি পানীৰে সংপৃক্ত হৈ থকা অৱস্থাকে জলৱদ্ধতা বুলি কোৱা হয় । শষ্য়সমূহক সহজাত সিক্ততা যোগান ধৰিবলৈ খেতিয়ক বিলাকে সাধাৰণতে যথেষ্ট পৰিমাণে জলসিঞ্চনৰ ব্য়ৱস্থা কৰে । মাটিৰ লৱণসমূহ তললৈ নিগৰি যাবৰ বাবেও খতিয়কে বেছিকৈ জলসিঞ্চনৰ ব্য়ৱস্থা কৰে । কিন্তু পানী বৈ যোৱা উপয়ুক্ত ব্য়ৱহাৰ অভাৱ আৰু জলসিঞ্চন কৰা পানীৰ গুণগত মানদণ্ড দুৰ্বল হোৱা বাবে পানী মাটিৰ তলত জমা হয় । লাহে লাহে ভূ-গৰ্ভৰ পানীৰ তৰপৰ লগত পানীৰ স্তম্ভটো নিৰবিছিন্ন হৈ পৰে । ইয়াক আমি জলৱদ্ধতা বুলি কওঁ ।

 21. অনবীকৰণযোগ্য শক্তি সম্পদবোৰৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ অনবীকৰণ বা নবীকৰণ অযোগ্য় শক্তি হ'ল- সেইবোৰ, যিবোৰ প্ৰকৃতিত দীৰ্ঘ সময়ৰ অন্তৰালত জমা হয় আৰু এবাৰ ব্য়য় হ'লে পুনৰ উদ্ধাৰ কৰিব নোৱাৰি । যেনে- কয়লা, পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ, নিউক্লীয় ইন্ধন, ইউৰেনিয়াম আৰু থ'ৰিয়াম ।

            খৰি বা কাঠ নবীকৰণযোগ্য় শক্তিৰ উৎস কিয়নো খৰি বা কাঠ গছ ৰোপন কৰি কিছুবছৰৰ ভিতৰতে পাব পাৰি । কিন্তু কয়লা আমি আমাৰ জীৱন কালত পাব নোৱাৰো । গছ-গছনি পৰা কয়লালৈ ৰূপান্তৰ হ'বলৈ বহু নিযুত বছৰৰ প্ৰয়োজন । সেয়ে, কলা অনবীকৰণযোগ্য় শক্তিৰ উৎস ।

22. নবীকৰণযোগ্য শক্তি সম্পদবোৰৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ নবীকৰণযোগ্য় শক্তি যাক প্ৰকৃতিত নিৰবিছন্নভাৱে উৎপন্ন কৰিব পাৰি আৰু ই অক্ষয় হয় । যেনে- খৰি-কাঠ, সৌৰ শক্তি, বায়ু শক্তি, জোৱাৰ ভাটা শক্তি, জল শক্তি, জীৱ ভৰ শক্তি, জৈৱ ইন্ধন, ভূ-তাপ শক্তি আৰু হাইড্ৰজেন । এই শক্তিবোৰ বাৰে বাৰে ব্য়ৱহাৰ কৰি থাকিব পাৰি । এই শক্তিৰ শেষ লাই । এই শক্তিবোৰক অপৰম্পৰাগত শক্তি বা বিকল্প শক্তিৰ উৎস বুলিও কোৱা হয় ।

23. তেজস্ক্ৰয় শক্তি কি? এই শক্তি উৎপাদনৰ মূল পদ্ধতি দুটা লিখা।

উত্তৰঃ

24. সম্পদ হিচাপে ভূমিৰ বিষয়ে লিখা।

উত্তৰঃ ভূমি হ'ল সীমিত আৰু মূল্য়বান সম্পদ । যাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ জীৱনৰ মৌলিক সামগ্ৰীবোৰ যেনে- খাদ্য়, ইন্ধন, তন্তু, খৰি , কাঠ আদি পাওঁ । ভূমিৰ ওপৰৰ তৰপটোক বিশেষকৈ আমি নবীকৰণযোগ্য় সম্পদ হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰোঁ কিয়নো ই অবিৰতভাৱে অতি নিম্ন হাৰত প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পুনৰ সৃষ্টি হয় । এক ইঞ্চি বা 2.5 ছেন্টিমিটাৰ মাটি গঠন হওঁতে প্ৰায় 200-1000 বছৰৰ প্ৰয়োজন । অৱশ্য়ে প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰে জলবায়ু আৰু মাটিৰ প্ৰকাৰৰ ওপৰত । কিন্তু যেতিয়া মাটিৰ ক্ষয় যদি সৃষ্টিৰ হাৰতকৈ বেছি তেতিয়া ভুমি পুনৰ ব্য়ৱহাৰ অযোগ্য় সম্পদ হয় ।

                ইতিমধ্য়ে ওপৰত আলোচনা কৰিছে যে মাটি প্ৰাকৃতিক সম্পদ ।  যি ভুমি খণ্ডত মানুহ থাকে আৰু  তাত জনসাধাৰণে অৰ্থনৈতিক কামত ব্য়ৱহাৰ কৰে । মাটিৰ ওপৰতেই নিৰ্ভৰ কৰে সেই ঠাইৰ জলবায়ু, সাধাৰণ পানীৰ অৱস্থা, উদ্ভিদ আৰু প্ৰাণাকূলৰ অৱস্থা । এই মাটিয়ে যিদৰে দিয়ে এই সকলোবোৰৰ অৱস্থাও তেনেকুৱা হয় । মুঠৰ ওপৰত মাটিয়ে পৰিৱেশৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । 

            বিশ্বজুৰি কৃষিকাৰ্য্য়ৰ বাবে মাটি মুখ্য় সম্পদ । মাটি ৰাষ্ট্ৰৰ সম্পদ- ইয়াৰ ওপৰতেই সকলো জীৱ, উদ্য়োগ, মানুহৰ বাসস্থান, যোগাযোগ আৰু জল সঞ্চয় আদি সকলোবোৰ কাৰ্য্য় হয় ।

            মাটি কালিৰ হিচাপত ভাৰত বিশ্বৰ সপ্তম । ইয়াৰ মুঠ কালি প্ৰায় 3,287,263 বৰ্গ কিলোমিটাৰ । পৃথিৱীৰ উপৰিভাগৰ উক্ত মাটিকালি ভাৰত ৰাষ্ট্ৰৰ সম্পদ ।

25. ভূমিৰ অৱক্ষয় মানে কি বুজা? ইয়াৰ প্ৰধান কাৰণবোৰ লিখা।

উত্তৰঃ জনসংখ্য়া বৃদ্ধিৰ লগে লগে খাদ্য়, ইন্ধন আৰু তন্তু আদিৰ চাহিদা বৃদ্ধি হোৱাৰ ফলত খেতিযোগ্য় মাটিৰো চাহিদা বৃদ্ধি পাইছে । সেয়ে সীমিত সম্পদ মাটিৰ ওপৰত দিনে দিনে অত্য়ধিক ব্য়ৱহাৰৰ ফলত যথেষ্ট চাপ বৃদ্ধি পাইছে । ভূমি অৱক্ৰমণে সচাঁকৈ বিপদৰ- আশঙ্কাৰ জাননী দি আছে । কিয়নো ভুমি সৃষ্টিৰ হাৰ একেবাৰে ধীৰ আৰু স্থিৰ । ভূমিৰ অৱক্ষয়ৰ হাৰ সৃষ্টিকৈ বেছি । 

        মাটি ক্ষয়, পানী জমা হোৱা, লৱনীকৰণ , উদ্য়োগৰ বৰ্জিত পদাৰ্থৰ দ্বাৰা প্ৰদূষণ আদি ভূমি অৱনতি বা অৱক্ৰমণৰ কাৰণ । 

26. ভূমিক্ষয় কাক বোলে? ই কেই প্ৰকাৰৰ ? ইয়াৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। 

উত্তৰঃ ভূমি ক্ষয়তৰণ হ'ল মাটি ক্ষয় হোৱা বা মাটি আতৰি যোৱা । মাটিৰ ওপৰৰ তৰপটোৰ উপাদানবোৰ বা কণিকাবোৰ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ হোৱা পৰিঘটনা । ভূমি ক্ষয়কৰণৰ ফলত মাটিৰ উপৰিভাৰ সাৰুৱা উপাদানবোৰ আঁতৰি গৈ মাটিৰ উৰ্বৰতা হ্ৰায় কৰে । যদি আমি বিশ্বৰ পেক্ষাপটত দৃষ্টি দিও তেতিয়া দেখা পোৱা যায় যে এক তৃতীয়াংশ কৃষি ভূমিৰ ক্ষয় হৈছে । দুই তৃতীয়াংশ ভূমিৰ গভীৰভাৱে অৱনতি হৈছে আৰু ই এছিয়া আৰু আফ্ৰিকা মহাদেশত আছে । ক্ষয়ৰ কাৰণৰ ওপৰত ভিত্তি কৰি ভূমি ক্ষয়কৰণৰ দুটা ভাগত ভগাব পাৰি । ই দুই প্ৰকাৰৰ ।

    ইয়াৰ প্ৰধান কাৰক বোৰ হ'ল-

(i) জলবায়ু কাৰক ঃ পানী আৰু বতাহ ভূমিক্ষয়ৰ দুটা মুখ্য় কাৰক । ভূমি ক্ষয়কৰণ পানীয়ে বৰষুণৰ সোঁত বৈ যাওঁতে, এঢলীয়া ঠাইত বেগেৰে বৈ যোৱা, বৰফ গলা আৰু বৰফৰ চলাচল হোৱা আদি ৰূপত হয় ।

(ii) জৈৱিক কাৰক ঃ মাত্ৰাধিক গৰু-ম'হ , চ'ৰা, খনি নিষ্কাষণ আৰু নিৰ্বননীকৰণবোৰ ভূমি ক্ষয়কৰণৰ মুখ্য় জৈৱিক কাৰক । এই প্ৰক্ৰিয়াবোৰৰ বাবে মাটিৰ ওপৰৰ তৰপটোৰ ক্ষতি হয়। ফলত গছ-গছনিৰ তৰপ নাথাকে । সেয়ে, মাটিয়ে প্ৰত্য়ক্ষভাৱে বিভিন্ন ভৌতিক বলৰ সন্মুখীন হয় । মাত্ৰাধিক চৰণীয়া জন্তুবোৰে চ'ৰাৰ ফলত পৃথিৱীৰ 35% ভূমিক্ষয় হয় আৰু 30% পৃথিৱীৰ ভূমিক্ষয় নিৰ্বননীকৰণৰ কাৰণে হয় । আকৌ বহনক্ষমহীন কৃষি কাৰ্য্য়ৰ বাবে 28% ভূমি ক্ষয় হয় ।

27. মৰুভূমিকৰণ কাক বোলে?  ইয়াৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।

উত্তৰঃ কোনো এটা অঞ্চলৰ ভূমি মৰুভূমিলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোক মৰুভূমিকৰণ বোলে । মৰুভূমিকৰণ এক প্ৰকাৰৰ ভূমি অৱক্ৰমণ বা অৱনতি য'ত আপেক্ষিকভাৱে শুকান অঞ্চলবোৰ মৰুভূমিলৈ ৰূপান্তৰ হয় । 

    ইয়াৰ প্ৰধানকাৰক বোৰ হ'ল-

(i) নিৰ্বননীকৰণ (Deforestation) ঃ বনাঞ্চলক উদং কৰা আৰু নষ্ট কৰা কাৰ্য্য়ই বনভূমিক মৰুভূমিলৈ ৰূপান্তৰ কৰা চক্ৰৰ আৰম্ভণি । যিহেতু ইয়াত উদ্ভিদবোৰ নাথাকে গতিকে পানীবোৰ সহজে বৈ যায় । ফলত উদ্ভিদৰ প্ৰয়োজনীয় পানীও মাটিয়ে শোষণ কৰিব নোৱাৰে আৰু ভূ-জলক পুনৰ উজ্জীনিত কৰিবলৈ পানী ভূ-গৰ্ভলৈ যাব নোৱাৰে । সেয়ে, ইয়াত ভূমিৰ ক্ষয়, উৰ্ব্বৰতা হ্ৰাস আৰু পানীৰ অভাৱ বৃদ্ধি পায় । 

(ii) অতিপাত চৰা (Over grazging) ঃ পৃথিৱীৰ তৃণভোজী জন্তু উৎপাদনত কৰা অঞ্চলবোৰত মৰুভূমিকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হয় । কিয়নো বৰ্দ্ধিত তৃণভোজী প্ৰাণীবোৰ বনাঞ্চলৰ বন আৰু তৃণভূমিৰ ঘাঁহবোৰ খাই এই অঞ্চলবোৰ টকলা কৰি দিয়ে । যেতিয়া ভূমি টকলা হৈ পৰে তেতিয়া ভূমিৰ সূক্ষ্ম জলবায়ু বীজ অংকুৰণৰ বাবে অনুপযুক্ত হৈ পৰে । 

(iii) খনিৰ কাম আৰু শিলা খনন (Mining and quarrying) ঃ এই ধৰণৰ কাৰ্য্য়কলাপে মাটিৰ উপৰিভাগত তৰপৰ উদ্ভিদবোৰ হেৰাই যায় আৰু বিস্তীৰ্ণ অঞ্চল টকলা হৈ মৰুভূমিকৰণৰ দিশে আগবাঢ়ে । মৰুভূমিবোৰ মহাদেশবোৰৰ খৰাং বা অৰ্দ্ধ খৰাং অঞ্চলত পোৱা যায় । পৃথিৱীত যোৱা 50 বছৰত প্ৰায় 900 মিলিয়ন হেক্টৰ মাটি মৰুভূমিকৰণত অন্তৰ্ভূক্ত গৈছে । এই সমস্য়াটো বিশেষকৈ মাৰাত্মকভাৱে চাহেল অঞ্চলত হৈছে ।

28. মানুহৰ দ্বাৰা সৃষ্ট ভূমি অৱক্ষয়ৰ বিষয়ে লিখা।

উত্তৰঃ মানুহৰ দ্বাৰা সৃষ্ট ভূমি অৱক্ষয় ঃ

  • অবৈজ্ঞানিক ভাৱে মাটিৰ ব্য়ৱহাৰ । 
  • সংৰক্ষণৰ উপায় অৱলম্বন নকৰাকৈ কৰা অনুচিত কৃষি পদ্ধতি ।
  • ব্য়ৱসায়িক কৃষিত অতিমাত্ৰাত ৰাসায়নিক সাৰ আৰু ৰাসায়নিক কীটনাশকৰ ব্য়ৱহাৰ ।
  • ভূ-জলৰ অত্য়ধিক ব্য়ৱহাৰ । 
  • কাঠ, ইন্ধন আৰু কৃষিৰ বাবে নিৰ্বননীকৰণ । 
  • অত্য়ধিক গৰু-ম'হ চ'ৰোৱা ।
  • জলসিঞ্চনৰ নলী-নাদৰ অনুচিত ব্য়ৱস্থাপনা । যাৰ ফলত পানী জমা হোৱা মাটিৰ লৱনতা বৃদ্ধি আদি হয় ।
  • ঝুম কৃষি পদ্ধতি ইত্য়াদি ।
  • খনিৰ খনন কাৰ্য্য় ।


29. প্ৰকৃতিক সম্পদ সংৰক্ষণত ব্যক্তি ভূমিকা উল্লেখ কৰা।

উত্তৰঃ


30. চমুটোকা লিখাঃ

(a) ঝুমখেতি                                        (b) অতি পুষ্টিকৰণ

(c) মৰুভূমিকৰণৰ বাধা                      (d) নিৰ্বননীকৰণৰ প্ৰভাৱ

(e) খননৰ প্ৰভাৱ।                               (f) ভূমিৰ লৱণীয়তা

(g) জলৱদ্ধতা আৰু ইয়াৰ সমস্যা       (h) স্থানান্তৰিত খেতি

(i) খৰাং পৰিস্থিতি                                (j) ভূমিক্ষয় 

(k) সৌৰ কোষ                                     (l) সৌৰ চুলা

(m) সৌৰ তাপ সংগ্ৰাহক                     (n) জোৱাৰ শক্তি

(o) জৈৱিক ইন্ধন                                 (p) জলশক্তি

(q) নবীকৰণ সম্পদ                          (r) অনবীকৰণ সম্পদ

(s) জলবিবাদ                                        (t)  বানপানী

(u) খৰাং                                                (v) ভূ-জল

(a) উত্তৰঃ ঝুমখেতিঃ এটা আনুমানিক হিচাপ কৰা হৈছে যে প্ৰায় 300 মিলিয়ন মানুহে এই ঝুম খেতি কৰে । এওঁলোকেই বনাঞ্চল কাটি জুই লগাই দি বছৰি প্ৰায় 5 লাখ হেক্টৰ মাটি মুকলি কৰে । ভাৰতৰ উত্ৰ পূৰ্বাঞ্চলত ঝুমখেতি কৰে । ইয়াৰোপৰি অন্ধ্ৰপ্ৰদেশ, বিহাৰ আৰু মধ্য়প্ৰদেশৰ কিছু অঞ্চলত এই ধৰণৰ খেতি আছে ।

(c) উত্তৰঃ মৰুভূমিকৰণত বাধাঃ 

  • বৰ্তমান বৰ্তি থকা বনাঞ্চলক সুৰক্ষিত কৰা ।
  • ঘৰচীয়া জন্তুৰ চৰণীয়া প্ৰক্ৰিয়াক ৰোধ কৰা ।
  • জলবিভাজন পদ্ধতিক বিকাশ আৰু প্ৰয়োগকৰা ।
  • বৰষুণৰ পানী সংৰক্ষণৰ ব্য়ৱস্থাক অগ্ৰাধিকাৰ দিয়া ।
  • অতি নিৰ্বাচিত ভাৱে নদী সংযোগ ব্য়ৱস্থা কৰি মৰুভূমিকৰণৰলক্ষণকৰোধ কৰা । 
  • ঝুম খেতিৰ দৰে খতিবোৰ অতি বিজ্ঞানসম্মতভাৱে হোৱা উচিত যাতে মাটি ক্ষয় একেবাৰে নগণ্য় পৰিমাণৰ হয় ।
(d) উত্তৰঃ নিৰ্বননীকৰণৰ প্ৰভাৱঃ 

  • সেউজগৃহ গেছৰ নিৰ্গমণ হয় । ফলত গোলকীয় উষ্ণতা বৃদ্ধি পায় আৰু জলবায়ু পৰিৱৰ্তনে প্ৰভাৱ বিস্তাৰ কৰে ।
  • ইয়াৰ ফলত মাটিৰ ক্ষয় হয় ।
  • ভূমিস্খলন হোৱাত সহায় কৰে ।
  • বনাঞ্চল কমি যোৱাতজৈৱ বৈচিত্ৰতা হ্ৰাস পায় ।
  • নিৰ্বননীকৰণৰ ফলত পাহাৰৰ মাটিবোৰ ক্ষয় হৈ নদীৰ বুকুত পলস পৰি তৰাং হৈ বানপানীৰ সৃষ্টি হয় ।
  • খৰাংৰ মাত্ৰা বৃদ্ধি পায় যিহেতু পানী ধৰি ৰখা ক্ষমতা হ্ৰাস পায় ।
  • নিৰ্বননীকৰণৰ ফলত স্থানীয় বাসিন্দাই বননিৰ পৰা সংগ্ৰহ কৰিব পৰা ফল-মূল, খাব পৰা খাদ্য়, খৰি, ঔষধি উদ্ভিদ, গৰু-ম'হ খাদ্য় সংগ্ৰহ আদি কমি যায় । ফলত স্থানীয় মানুহৰ আয় হ্ৰাস পায় ।
  • জলচক্ৰত প্ৰভাৱ পৰে ভূ-জল, বৰষুণ কমি যায় ।
(e)উত্তৰঃ খননৰ প্ৰভাৱঃ (i) বনৰ্নিমূল আৰু ভূ-পৃষ্ঠ বিবৃতকৰণ ।
(ii) ভূমি তললৈ বহি যোৱা ।
(iii) ভূ-জল প্ৰদূষণ ।
(iv) পৃষ্ঠ-জল প্ৰদূষণ ।
(v) বায়ু প্ৰদূষণ ।
(vi) বৃত্তিগত স্বাস্থ্য় সমস্য়া ।
(vii) ভূমি ক্ষয় ।
(viii) জৈৱবৈচিত্ৰৰ ক্ষতি ।

(g) উত্তৰঃ জলবদ্ধতা আৰু ইয়াৰ সমস্য়াঃ মাটি পানীৰে সংপৃক্ত হৈ থকা অৱস্থাকে জলৱদ্ধতা বুলি কোৱা হয় । শষ্য়সমূহক সহজাত সিক্ততা যোগান ধৰিবলৈ খেতিয়ক বিলাকে সাধাৰণতে যথেষ্ট পৰিমাণে জলসিঞ্চনৰ ব্য়ৱস্থা কৰে । মাটিৰ লৱণসমূহ তললৈ নিগৰি যাবৰ বাবেও খেতিয়কে বেছিকৈ জলসিঞ্চনৰ ব্য়ৱস্থা কৰে । কিন্তু পানী বৈ যোৱা উপযুক্ত ব্য়ৱস্থাৰ অভাৱ আৰু জলসিঞ্চন কৰা পানীৰ গুণগত মানদণ্ড দুৰ্বল হোৱা বাবে পানী মাটিৰ তলত জমা হয় । লাহে লাহে ভূ-গৰ্ভৰ পানীৰ তৰপৰ লগত পানীৰ স্তম্ভটো নিৰবিছিন্ন হৈ পৰে । ইয়াক আমি জলৱদ্ধতা বুলি কওঁ । ইয়াৰ ফলত শষ্য় সমূহৰ বৃদ্ধিত প্ৰভাৱ পৰে । কিয়নো এই মাটিত গেছীয় পদাৰ্থৰ বিনিময় বন্ধ হৈ পৰে । দলবদ্ধতাৰ কাৰণে মাটিয়ে লৱণতাৰ লগত জড়িত হয় । কাৰণ জলসিঞ্চনৰ পানীত লৱণ থাকে আৰু ই জমা হৈ মাটিৰ অৱনটি ঘটায় । 
        
            ভাৰতত জলৱদ্ধতা আৰু লৱণতাৰ বাবে প্ৰতি বছৰে প্ৰায় 10,000 মিলিয়ন টকাৰ ক্ষতি হয় । জলসিঞ্চনৰ বাবে থকা প্ৰকল্প নিৰ্মাণত বহু পৰিমাণে ধন প্ৰয়োজন কিন্তু ইয়াৰ ফলত হোৱা সমস্য়া জলৱদ্ধতা আৰু লৱণতাই মাটিৰ উৰ্বৰতাক দ্ৰুত গতিত হ্ৰাস কৰে ।

(i) উত্তৰঃ খৰাং পৰিস্থিতি ঃ খৰাং পৰিস্থতিয়ে পৰিস্থিতিতন্ত্ৰৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় । কৃষি, অৰ্থনীতি, স্বাস্থ্য়, জীৱিকাৰ ওপৰত প্ৰভাৱ পৰে । খৰাংৰ বাবে বনজুই বিয়পি পৰি বন ধ্বংস কৰে । বহুবছৰীয়া খৰাং পৰিস্থিতিয়ে মানুহৰ প্ৰব্ৰজন ঘটায় । খৰাং প্ৰাকৃতিক দুৰ্যোগ বুলি গণ্য় কৰা হয় । 
        
            খৰাংৰ কাৰণবোৰৰ ভিতৰত- বৰষুণৰ অভাৱ, শুকান ঋতু, এলনিনো, নিৰ্বননীকৰণ, মাটিৰ অৱক্ষয়, মানুহৰ কাৰ্য্য়কলাপ, জলবায়ুৰ পৰিৱৰ্তন আদিয়ে খৰাং পৰিস্থিতিৰ মূল কাৰণ ।
                খৰাং পৰিস্থিতি কালত পানীৰ অভাৱত জীৱ কূলৰ বিৰন্ন হয় আৰু তাৰ বাবে জৈৱবৈচিত্ৰ্য়ৰ বিস্তৰ ক্ষতি সাধন হয় ।

(j)  উত্তৰঃ ভূমিক্ষয়ঃ ভূমি ক্ষয়কৰণ হ'ল মাটি ক্ষয় হোৱা বা মাটি আতৰি যোৱা । মাটিৰ ওপৰৰ তৰপটোৰ উপাদানবোৰ বা কণিকাবোৰ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ হোৱা পৰিঘটনা । ভূমি ক্ষয়কৰণৰ ফলত মাটিৰ উপৰিভাগৰ সাৰুৱা উপাদানবোৰ আঁতৰি গৈ মাটিৰ উৰ্বৰতা হ্ৰায় কৰে । যদি আমি বিশ্বৰ পেক্ষাপটত দৃষ্টি দিও তেতিয়া দেখা পোৱা যায় যে এক তৃতীয়াংশ কৃষি ভূমিৰ ক্ষয় হৈছে । দুই তৃতীয়াংশ ভূমিৰ গভীৰভৱে অৱনতি হৈছে আৰু ই এছিয়া আৰু আফ্ৰিকা মহাদেশত আছে । ক্ষয়ৰ কাৰণক ওপৰত ভিত্তি কৰি ভূমি ক্ষয়কৰণক দুটা ভাগত ভগাব পাৰি ।
(i) সাধাৰণ ক্ষয়কৰণ আৰু জিঅ'লজিক বা ভূ-তাত্ত্বিত ক্ষয়কৰণ ।
(ii) ত্বৰান্বিত ক্ষয়কৰণ ।

(k)উত্তৰঃ সৌৰ কোষ ঃ সৌৰকোষ নিৰ্মাণত চিলিকন ব্য়ৱহাৰ হয় । পৃথিৱীত পৰ্যাপ্ত পৰিমাণে চিলিকন আছে যদিও সৌৰ কোষ নিৰ্মাণত উৎকৃষ্ট মানৰ চিলিকনৰ যোগান সীমিত, নিৰ্মাণ প্ৰক্ৰিয়া এতিয়াও যথেষ্ট ব্য়য় বহুল আৰু সেই অনুপাতে কাৰ্যদক্ষতা কম হোৱা সত্বেও সৌৰকোষবোৰ কৃত্ৰিম উপগ্ৰহ, মঙ্গল পৰিভ্ৰামক, অন্তৰীক্ষ অন্বেষক আদিত শক্তিৰ প্ৰধান উৎস হিচাপে ব্য়ৱহাৰ কৰা হয় । ইয়াৰ উপৰি আওঁহতীয়া অঞ্চল সমূহত স্থাপিত অনাতাঁৰ বা বেতাৰ প্ৰেৰক যন্ত্ৰ আৰু দূৰদৰ্শন ৰিলে কেন্দ্ৰসমূহত সৌৰকোষ ফলক ব্য়ৱহাৰ হয় । ব্য়য় বহুলতাৰ বাবে সৌৰ কোষৰ ঘৰুৱা ব্য়ৱহাৰ সীমিত ।

(o) উত্তৰঃ জৈৱিক ইন্ধনঃ জৈৱ ভৰক কিন্বন প্ৰক্ৰিয়াৰ দ্বাৰা এল'কহলৰ নিচিনা ইথানল আৰু মিথানললৈ পৰিৱৰ্তন কৰি জৈৱ ইন্ধন হিচাপে ব্য়ৱহাৰ কৰিব পাৰি । কাৰ্বহাইড্ৰেট জাতীয় পদাৰ্থৰ পৰা ইথানল তৈয়াৰ কৰিব পাৰি । ইয়াক কেৰ'ছিনৰ বিকল্প হিচাপে ব্য়ৱহাৰ কৰিব পাৰি আৰু LPG নিচিনা পৰিষ্কাৰ কিয়নো ইয়াৰ দহনত উপজাত পদাৰ্থৰ সৃষ্টি নহয় ।
            
            গেছ'নল ব্ৰাজিল আৰু জিম্বাবুৱেৰ গাড়ী আৰু বাছৰ বাবে সাধাৰণ ইন্ধন । মিথান'ল অতি ব্য়ৱহাৰযোগ্য় কিয়নো ইয়াক ডিজেল নাইবা গেছ'লিনতকৈ কম উষ্ণতাত দহন কৰিব পাৰি ।

(q)উত্তৰঃ নবীকৰণ সম্পদ ঃযি বোৰ প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ বুকুৰ পৰা পুনৰুদ্ধাৰ কৰা সম্ভৱ সেইবোৰক নবীকৰণ সম্পদ বোলে । উদাহৰণঃ উদ্ভিদ, মাটি, পানী  ইত্য়াদি । 

(r)উত্তৰঃ অনবীকৰণ সম্পদ ঃ যিবোৰ প্ৰাকৃতিক সম্পদ ব্য়ৱহাৰৰ পিছত প্ৰকৃতিয়ে পুনৰ সৃষ্টি কৰিব নোৱাৰে নাইবা অতি মন্থৰ গতিত সৃষ্টি হয় সেইবোৰক অনবীকৰণ সম্পদ বোলে । উদাহৰণঃ খনিজ তেল বিভিন্ন ধাতু ইত্য়াদি । 

(s)উত্তৰঃ জলবিবাদঃ পানী জনজীৱনৰ কাৰণে বৰ লাগতিয়াল । অন্য় অৰ্থাত পানী অবিহনে মানৱ জীৱন আৰু জীৱনৰ ব্য়ৱস্থাও বিকল । পানী আমাৰ জীৱৰ প্ৰাণ । সেয়ে পানীক লৈ জমসাধাৰণ অতি স্পৰ্শকাতৰ । আকৌ, এই পানী বিশ্বৰ বা এখন দেশৰ সকলো ঠাইতে সমানে পোৱা নাযায় । পৃথিৱীত উপৰি পৃষ্ঠত পানী সমভাৱে বিস্তাৰিত নহয় আৰু এখন দেশৰ চাৰিসীমাৰ ভিতৰতে পানীৰ বিস্তিত বা বিতৰণ সমান নহয় । সেয়ে দেশ বিলাকৰ মাজত বা দেশৰ ৰাজ্য়ৰ মাজত পানীৰ বিবাদ হোৱা দেখা যায় । ফলত কৃষকসকল প্ৰভাৱিত হয় । এনেকুৱা বিবাদে ৰাষ্ট্ৰৰ ভিতৰত থকা চৰকাৰৰ মাজতো জোকাৰণিৰ সৃষ্টি কৰে । আকৌ দুখন ৰাষ্ট্ৰৰ জলবিবাদে যুদ্ধ পৰ্য্য়ন্ত আৰম্ভণি হ'ব পাৰে । 

(t)উত্তৰঃ বানপানীঃ ভাৰত আৰু বাংলাদেশৰ দৰে কিছুমান দেশত গোটেই বছৰ জুৰি বৰষুণ নহয় । বছৰৰ মাত্ৰ কেইটামান মাহত প্ৰায় 90 শতাংশ বৰষুণ হয় । অত্য়ধিক মূখলধাৰ বৰষুণে নামনি উপকূলীয় অঞ্চলত বানপানীৰ সৃষ্টি কৰে । কেইবাদিন ধৰি অহা বৰষুণৰ ফলত হ্ৰদ, নদী আদিৰ পানী ওফন্দি সমভূমি অঞ্চলবোৰত বানপানীৰ সৃষ্টি কৰে । 

(u) উত্তৰঃ খৰাং  ঃ দীঘলীয়া সময়ৰ বাবে অভাৱ হোৱা পৰিঘটনাক খৰাং বোলে । খৰাং সময়ত সেই অঞ্চলত বায়ুমণ্ডলীয়, পৃষ্ঠজল আৰু ভূ-জলৰ অভাৱ হয় । পৃথিৱীৰ বেছি ভাগ ঠাইতে খৰাম সময়ে সময়ে হৈ থকা এটা জলবায়ুৰ পৰিঘটনা । পৃথিৱীৰ প্ৰায় 80 খন দেশ আছে য'ত শুকান আৰু অৰ্দ্ধ শুকান অঞ্চলবোৰে সঘনে খৰাং পৰিস্থিতিৰ মুখামুখি হয় । কেতিয়াবা কেইবা বছৰলৈকে এই পৰিস্থিতিৰ আঁতৰ নহয় । এই খৰাং অঞ্চলবোৰত বৰষুণ একেবাৰে নাই বুলি ক'ব পাৰি ।
                খৰাং পৰিস্থিতিয়ে পৰিস্থিতিতন্ত্ৰৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় । কৃষি, অৰ্থনীতি, স্বাস্থ্য়, জীৱিকাৰ ওপৰত প্ৰভাৱ পৰে । খৰাংৰ বাবে বনজুই বিয়পি পৰি বন ধ্বংস কৰে । বহুবছৰীয়া খৰাং পৰিস্থিতিয়ে মানুহৰ প্ৰব্ৰজন ঘটায় । খৰাং প্ৰাকৃতিক দুৰ্যোগ বুলি গণ্য় কৰা হয় । 

3.1 চমুকৈ উত্তৰ দিয়াঃ

(a) প্ৰাকৃতিক সম্পদক কেই ভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ প্ৰাকৃতিক সম্পদক দুই ভাগত ভগাব পাৰি আৰু সেই কেইটা হ'ল-অক্ষয় সম্পদ আৰু ক্ষয়িষ্ণু সম্পদ । 

(b) ভূ-জলৰ ব্যৱহাৰৰ বিষয়ে লিখা।

উত্তৰঃ 

(c) নবীকৰণ আৰু অনবীকৰণ সম্পদৰ দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ নবীকৰণ সম্পদৰ দুটা উদাহৰণ হ'ল- খৰি-কাঠ, সৌৰ শক্তি ।

আৰু অনবীকৰণ সম্পদৰ দুটা উদাহৰণ হ'ল- কয়লা, পেট্ৰ'লিয়াম ।

(d) ক্ৰান্তীয় পৰ্ণপাতী অৰণ্যত পোৱা তিনিবিধ মূল্যবান গছৰ নাম লিখা।

উত্তৰঃ 

(e) পানী এবিধ বহুমূলীয়া প্ৰকৃতিক সম্পদ বুজাই লিখা।

উত্তৰঃ পানী এবিধ বহুমূলীয়া প্ৰাকৃতিক সম্পদ ঃ যদিও পানী পৃথিৱীত পৰ্য্য়াপ্ত পৰিমাণে আঠে তথাপি ই অতি মূল্য়ৱান । পৃথিৱীৰ মুঠ পানী 97 শতাংশ সাগৰীয় লুণীয়া পানী আৰু মাত্ৰ 3 শতাংশ অলুণীয়া পানী । এই 3 শতাংশৰো বেছিভাগ পানী মেৰুত বৰফ হিচাপে থাকে । মাত্ৰ 0.003 শতাংশ পানী আমি ব্য়ৱহাৰ কৰিব পৰাকৈ ভূ-জল বা পৃষ্ঠজল হিচাপে থাকে ।

        ভূ-জলৰ অত্য়াধিক ব্য়ৱহাৰ হয়- খোৱা পানী হিচাপে, জলসিঞ্চন, ঘৰুৱা কাম-কাজ আদিৰ ফলত ভূ-জল দ্ৰুত গতিত কমি যায় । ভূ-জল কমি গৈ জলস্তৰত প্ৰভাৱ পৰি নাদৰ পানী শুকাই যায় । ভূ-জলৰ প্ৰদূষণৰ ফলত খোলাৰ বাবে অনুপযোগী হৈ পৰে । 

        নদী বা জানবোৰত বৰ্জনীয় পদাৰ্থ বৰ্জন কৰিবলৈ দীৰ্ঘদিন ধৰি ব্য়ৱহাৰ কৰি আহিছে । পৃথিৱীৰ বহু সভ্য়তা এই নদীৰ পাৰতেই হৈছে । কিন্তু দুৰ্ভাগ্য় যে , তাৰ বিপৰীতে নদীবোৰ প্ৰদূষিত হৈ আছে ।

(f) ভাৰতৰ স্থানান্তৰিত কৃষিকাৰ্য্যত কিমান জড়িত হৈ আছে?

উত্তৰঃ 

(g) ভাৰতৰ কিমান বনাঞ্চল স্থানান্তৰিত কৃষিৰ দ্বাৰা ধ্বংস হয়?

উত্তৰঃ 

(h) বৃহৎ নদীবান্ধ সমূহক কি আখ্যা দিয়া হয়?

উত্তৰঃ

(i) আন্তঃৰাজ্যিক জলবিবাদবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতত আন্তঃৰাজ্য়িক জল বিবাদ হোৱা দেখা যায় । ডাঙৰ ৰাজ্য়সমূহৰ বিভাজন ইয়াৰ এটা কাৰণ । আকৌ নদীবোৰৰ উৎপত্তি আৰু ইয়াৰ অৱবাহিকাবোৰ ভিন্ন ৰাজ্য়ৰ মাজেৰে বৈ যায় । গতিকে নদীৰ পানীৰ ব্য়হাৰৰ অধিকাৰ আৰু নিয়ন্ত্ৰণক লৈ বিবাদৰ সৃষ্টি হয় । নদীৰ পানী ভাগবিতৰণৰ কোনো নিৰ্দ্দিষ্ট  নিয়ম আৰু পানীৰ ভাগৰ পৰিমাণো জল বিবাদৰ কাৰণ । নদীৰ মুখত গঢ়ি উঠা বহুমুখী নদীবান্ধ সৃষ্টিয়ে ভিন্ন বিবাদৰ কাৰণ । ইয়াৰ উৎপাদন বিতৰণ আৰু নামনি অৱবাহিকাত পৰা হ'ব পৰা কু-প্ৰভাৱৰ ফলত জল বিবাদৰ কাৰণ হৈ উঠিছে ।

(j) পৃথিৱীৰ বায়ুমণ্ডলত কিমান পানী আছে?                                                                                                                                                                                                                          উত্তৰঃ

(k) বিশ্বৰ আটাইতকৈ বেছি বানাক্ৰান্ত দেশ কোনখন?

উত্তৰঃ

(l) সিন্ধু জলচুক্তিৰ বিষয়ে লিখা।

উত্তৰঃ  সিন্ধু নদী  এখন অতি আশ্বাৰ্য্য়কৰ পৰাক্ৰমী নদী । কিন্তু নদীবান্ধ আৰু বুৰুজবোৰ নদীৰ ওপৰ অংশত গঠন হোৱাত লাহে লাহে পানী শুকাই যাব ধৰিছে । 1960 চনৰ 19 ছেপ্তেম্বৰত ভাৰত আৰু পাকিস্থানৰ মাজত কৰাচী চহৰত হৈছিল । ইয়াত বিশ্ব বেংকে ভাৰত আৰু পাকিস্তানৰ মাজত কৰাচী চহৰত হৈছিল । ইয়াত বিশ্ব বেংকে মধ্য়স্ততা কৰি সিন্ধু উপত্য়কাৰ নদীৰ পানী ব্য়ৱহাৰ চুক্তি কৰিছিল । এই উপত্য়কাৰ নদীবোৰ ভাৰতত উৎপত্তি হৈ পাকিস্তানলৈ বৈ গৈছে । 

(m) কলা হীৰা আৰু পনীয়া সোণ কাক কোৱা হয়?

উত্তৰঃ কলা হীৰা আৰু পনীয়া সোণ কয়লাক কোৱা হয় ।

(n) বিকল্পশক্তিৰ উৎসৰ ব্যৱহোৰবোৰ উল্লেখ কৰা। 

উত্তৰঃ জীৱাষ্ম ইন্ধনক বাদ দি যিকোনো শক্তিৰ উৎসক বিকল্প শক্তিৰ উৎস বুলি কোৱা হয় । এই বিকল্প শক্তিৰ উৎসবোৰ নবীকৰণযোগ্য় শক্তিৰ উৎস হোৱা দেখা যায় । কি চৰিত্ৰৰে বিকল্প শক্তিৰ বাছনি কৰিব , এইটো সময়ৰ পৰিৱৰ্তনৰ লগে লগে সলনি হয় আৰু ইয়াৰ ব্য়ৱহাৰত বিতৰ্ক হোৱা দেখা যায় । বিজ্ঞানৰ অগ্ৰগতিৰ ফলত নিত্য় নতুন প্ৰযুক্তিৰ বিকাশ হ'বলৈ ধৰে আৰু সেই অনুপাতে শক্তিৰ চাহিদাও দিনক দিনে বাঢ়িবলৈ ধৰে । আগৰ পৰা চলি অহা পৰম্পৰাগত শক্তিৰ উৎসৰ পৰা ক্ৰমবৰ্দ্ধিত শক্তিৰ চাহিদা পূৰণ নোহোৱাত শক্তিৰ জোৰা মাৰিবলৈ নতুন শক্তিৰ উৎসৰ অনুসন্ধানত গুৰুত্ব দিয়াৰ লগতে শক্তি আহৰণৰ ন ন কৌশল বা সজুঁলিৰ সৃষ্টি হ'বলৈ ধৰে । 

(o) ইন্ধন হিাপে হাইড্ৰজেনৰ ব্যৱহাৰ লিখা।

উত্তৰঃ হাইড্ৰজেন তৰল ৰূপত ব্য়ৱহাৰ কৰা হয় আৰু মহাআকাশ যানত ইন্ধন ৰূপে ব্য়ৱহাৰ কৰা হয় । বেটাৰী কোষৰ ইন্ধনে হাইড্ৰজেনে বায়ু বা অক্সিজেনৰ সৈতে দহন ঘটি বিদ্য়ুৎ উৎপাদন কৰে । এই হাইড্ৰজেন কোষ ইন্ধনে বায়ু বা অক্সিজেনৰ সৈতে দহন ঘটি বিদ্য়ুৎ উৎপাদন কৰিবলৈ এবিধ বিদ্য়ুৎ বিশ্লেষ্য়ৰ উপস্থিতি প্ৰয়োজন । 

(p) LPG গেচ নিৰ্গত হোৱাটো জানিবলৈ চিলিণ্ডাৰত কি গেছ মিহলি হয়?

উত্তৰঃ 

(q) প্ৰাকৃতিক গেছ পৃথিৱীৰ কোনখন দেশত আটাইতকৈ বেছি?

উত্তৰঃ প্ৰাকৃতিক গেছ পৃথিৱীৰ চীন দেশত আটাইতকৈ বেছি পোৱা যায় ।

(r) বিশ্বত কিমান শংতাশ খোৱাৰ উপযোগী পানী পোৱা যায়?

উত্তৰঃ

(s) বিশ্বত কিমান শতাংশ খোৱাৰ উপযোগী পানী পোৱা যায়?

উত্তৰঃ 

(t) কয়লা কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ কয়লা চাৰি প্ৰকাৰৰ আৰু সেইকেইটা হ'ল লিগনাইট, ছাববিটুমিনাছ, বিটুমিনাছ  আৰু এনথ্ৰাছাইট ।

(u) পৃথিৱীত পোৱা পানীৰ কিমান শতাংশ পানী বৰফাৱস্থাত আছে? 

উত্তৰঃ ৩ শতাংশৰো অধিক।

(v) প্ৰাকৃতিক গ্ৰেচ কিহৰ দ্বাৰা গঠিত?

উত্তৰঃ 


◼◼◼


Type : Priyam Jyoti Patar

Answer by : Monikongkona Saikia