কাতি বিহু


    আহিন আৰু কাতি মাহৰ মকৰ ক্ৰান্তিত কাতি বিহু পালন কৰে। কাতি বিহুত উলহ-মালহ বেছিকৈ নাথাকে। ভোগ-প্ৰচুৰ্যও নাথাকে। সেয়েহে এই বিহুটিক কোৱা হয় 'কাতি বিহু'। কিন্তু কাতি বিহু বুলিলেও এই বিহুটিক তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎকালীয় এই কাতি বিহু  যেন শৰতৰ হৰেই স্নিগ্ধ সমাহিত ৰুপত অৱিৰ্ভাৱ হয়। প্ৰাচুৰ্যৰ অহ্নংকাৰ নাশ হ'লে মানুহৰ তন্তৰ আধ্যাত্মিৰতাৰ জ্যোতিৰে আলোকিত হয়। কাতি মাহত কৃযিজীৱী অসমীয়াৰ ভঁৰাল উদং  হৈ আহে, নতুন ফচল চপোৱাৰ দিনো নৌ হব: কাজেই ঐহিক প্ৰাচুৰ্যৰ পৰিৱৰ্তে এই বিহুত আধ্যত্মিক প্ৰচুৰ্যৰ দেখা যায়। এই বিহুৰ দিনা মানুহে আকাশৰন্তি জ্বলায়। তুলসী গূৰিত নাম গায়। ভঁৰাল, ঢেঁকীশাল, ধোৱা চাং, ধাননি পথাৰ আৰু  ফলান গছৰ গুৰিত চাকি জ্বলাই। অকল বিহুৰ দিনাই  নহয়, গোটেই কাতি মাহটোৱে  গধূলি নাম -প্ৰসংগ কৰি কটোৱা হয়।


    প্ৰকৃতিৰ সদায় নিৰ্ভৰশীল খেতিয়কে সোণালী সপোন স্বৰুপ পথাৰৰ ধান নিতৰাৰ মংগলৰ কাৰনেই- আচলতে  পথাৰ-ভৰাঁল আৰু তুলনীয়া তলত চাকি জ্বলাই। পথাৰৰ লখিমীক ভৰাঁললৈ অহাৰ- বাট দেখুবাই আকাশ বন্তি জ্বলায়। এয়াই হৈছে কাতি  বিহুৰ বিশেষত্ব। এই বিহুৰ দিনাই অসমীয়া প্ৰত্যেকৰে ছোতালৰ আগত সুন্দৰ  ভেটি গাজি তাত এজোপা তুলখী গছ ৰোৱে। তুলখীৰ লগতে ঠাই ভেদে  তামোলৰ পুলী, নাৰিকলৰ পুলীও ৰোৱা হয়।


    আকাশ বন্তি সকাধাৰনতে একোডাল বাঁহৰ সহায়ত সজা হয়। আধা জোখৰ কোমোৰাৰ মাজৰ গুটি অংশ উলিয়াই এটা চাকি বাঁহডালৰ সুৰত ধুপ কাঠি সুমুবাই লোৱা হয়। তাতে তেল শলিতা জ্বলাই পথাৰৰ মাজত নাইবা ঠাইভেদে চোতালৰ আগত বাঁহডাল পুতি দিয়া হয়। ইয়াৰউপৰি তাল-শোল আদি বাদ্য বজাই ধাননি পথাৰখনৰ মাজতো চাকি এগচি দিয়ে যাতে এই চাকিৰ পোহৰত শস্যৰ অনিশ্ট কাৰী পোক-পৰুৱা জাহ-যায় আৰু কৃষকে পূহৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা শস্য নিৰাপদে চপাই আনিব পাৰে। 


Author: Hiya Begum