Chapter 1

ধৰ্মদৰ্শনৰ স্বৰূপ আৰু পৰিসৰ

(Nature and Scope of the Philosophy)   



1. What is theology?

ঈশ্বৰতত্ত্ব বা ধৰ্মতত্ত্ব কাক বোলে?

উত্তৰঃ ঈশ্বৰতত্ব হল ঈশ্বৰ কেন্দ্ৰিক এক ধৰ্মীয় তত্ব যত বিশেষ কোনো ধৰ্মৰ, ধৰ্মীয় বিশ্বাসৰ সুসংহত আলোচনা কৰা হয়।


2. What is the meaning of the term 'theos'?

'Theos' মানে কি?

উত্তৰঃ 'Theos' মানে হল ঈশ্বৰ।


3. give the etymological meaning of religion.

'religion' ৰ ব্য়ুৎপত্তিগত অৰ্থ দিয়া।

উত্তৰঃ'religion' ৰ ব্য়ুৎপত্তিগত অৰ্থ হল-যিয়ে দৃঢ়ভাৱে মানুহক একেলগে বান্ধি ৰাখে বা ধৰি ৰাখে।


4. From which word the term 'Religion' derived?

'Religion' শব্দটো কোন শব্দৰ পৰা আহিছে?

উত্তৰঃ 'Religion' শব্দটো লেটিন ভাষা 'religio' ৰ পৰা আহিছে।


5. What are the two objectives of the Philosophy of Religion, according to Miall Edwards?

মিয়েল এডৱাৰ্ডৰ মতানুসাৰে ধৰ্মদৰ্শনৰ দুটা উদ্দেশ্য় বা কাম কি কি?

উত্তৰঃ মিয়েল এডৱাৰ্ডৰ মতানুসাৰে ধৰ্মদৰ্শনৰ দুটা উদ্দেশ্য় বা কাম হল- 

i) মানুহৰ জীৱনৰ স্বাভাৱিক আৰু কাৰ্যতঃ সাৰ্বিক ঘটনাৱলীৰ ঐতিহাসিক আৰু মনস্তাত্ত্বিক অনুসন্ধান কৰা।

ii) পৰম সত্য় আৰু বস্তুৰ স্বৰূপৰ লগত ধৰ্মীয় অভিজ্ঞতাৰ সম্বন্ধৰ অধিবিদ্য়ক বা তত্ত্বমূলক অনুসন্ধান কৰা।


6. ''Philosophy of Religion means 'Philosophical thinking about religion'' Who said?

''ধৰ্মদৰ্শন হল ধৰ্ম সম্পৰ্কীয় দাৰ্শনিক চিন্তা''- কোনে কৈছে?

উত্তৰঃ জন হিক।


7. What is the Indian synonym of religion?

'religion' ৰ ভাৰতীয় সমাৰ্থক শব্দ কি?

উত্তৰঃ 'religion' ৰ ভাৰতীয় সমাৰ্থক শব্দ হল- ধৰ্ম।


8. Give Hegel's definition of religion.

হেগেলৰ ধৰ্মৰ সংজ্ঞাটো উল্লেখ কৰা।

উত্তৰঃ হেগেলৰ মতে, '' সসীম মনে নিজ স্বৰূপক অসীমৰূপে জনাটোৱেই ধৰ্ম'' ।


9. '' Religion is morality touched with emotion'' who said?

''আৱেগ স্পৰ্শিত নৈতিকতাই ধৰ্ম''- কোনে কৈছে?

উত্তৰঃ ''আৱেগ স্পৰ্শিত নৈতিকতাই ধৰ্ম''-মেথিউ আৰ্নল্ডে কৈছে।



ৰচনাধৰ্মী প্ৰশ্ন-উত্তৰঃ 


1. What is philosophy of religion? Explain the nature of philosophy of religion.

ধৰ্মদৰ্শন কি? ধৰ্মদৰ্শনৰ স্বৰূপ বা প্ৰকৃতি ব্য়াখ্য়া কৰা।

উত্তৰঃ ধৰ্মৰ যাৱতীয়া অভিজ্ঞতা আৰু আচাৰ-ব্য়ৱহাৰ সম্পৰ্কে দাৰ্শনিক দৃষ্টিভংগীৰে এক আদৰ্শনিষ্ঠ আলোচনা কৰে ,তাকে ধৰ্মদৰ্শন বুলি কোৱা হয়। ধৰ্মদৰ্শন হৈছে'' ধৰ্মীয় পৰম্পৰাৰ সৈতে জড়িত কেন্দ্ৰীয় বিষয়বস্তু আৰু ধাৰণাসমূহৰ দাৰ্শনিক পৰীক্ষা"।

                ধৰ্মদৰ্শন হল ধৰ্ম আৰু দৰ্শনৰ মিলনস্থল। ধৰ্মদৰ্শনত ধৰ্ম সম্পৰ্কে দাৰ্শনিক আলোচনা কৰা হয়। ধৰ্মদৰ্শনত ধৰ্মৰ স্বৰূপ, ধৰ্মীয় চেতনা, ধৰ্মীয় বিশ্বাস, ধৰ্মৰ উৎপত্তি, ধৰ্মীয় আচাৰ-ব্য়ৱহাৰ, মোক্ষ, ঈশ্বৰ ইত্য়াদি সম্পৰ্কে সামগ্ৰিকভাৱে এক আদৰ্শনিষ্ঠ আলোচনা কৰা হয়।জন হিকৰ মতে, ধৰ্মদৰ্শন ধৰ্ম সম্পৰ্কে কোনো শিক্ষা নিদিয়ে। গতিকে ধৰ্মদৰ্শনৰ আলোচনা কোনো বিশেষ ধৰ্মৰ ভিত্তিত কৰিব নোৱাৰি। ধৰ্মদৰ্শন ধৰ্মনিৰপেক্ষভাৱে এজন নিৰীশ্বৰবাদী, অজ্ঞেয়তাবাদী, ঈশ্বৰ বিশ্বাসী আদি সকলোৰে ওচৰত সমাদৰিত। অৰ্থাৎ এজন নিৰীশ্বৰবাদী, ঈশ্বৰবাদী, অজ্ঞেয়তাবাদী আদি সকলোৱে ধৰ্ম সম্পৰ্কে দাৰ্শনিক আলোচনা কৰিব পাৰে। গতিকে ধৰ্মদৰ্শন এক দৰ্শনৰ শাখাবিশেষ, কোনো ঈশ্বৰতত্ত্ব বা ধৰ্মতত্ত্বৰ শাখা নহয়। ইয়াৰ আলোচ্য় বিষয় ধৰ্মতত্ত্বত ব্য়ৱহৃত ধাৰণা আৰু বিশ্বাস পদ্ধতি আৰু তাৰ লগত জড়িত ধৰ্মীয় অভিজ্ঞতাপূৰ্ব ঘটনাৱলী। ধৰ্মদৰ্শন মূলতঃ দৰ্শন। ধৰ্মদৰ্শন হল ধৰ্ম সম্পৰ্কীয় দাৰ্শনিক অধ্য়য়ন। ধৰ্মদৰ্শনৰ প্ৰধান কাম হল যিবিলাক মূলতত্ত্ব বা নীতি ধৰ্ম জীৱনৰ মূল উৎসৰূপে নিহিত আছে আৰু যিবিলাক মৌলিক আদৰ্শ ধৰ্মৰ বিকাশ আৰু বিৱৰ্তনক পৰিচালিত কৰিছে সেইবোৰ যথাৰ্থ স্বৰূপ অনুসন্ধান কৰা। কেৱল সিয়েই নহয়, সেই পৰমতত্ত্ব আৰু আদৰ্শসমূহৰ মানদণ্ডত ধৰ্মীয় আচাৰ-অনুষ্ঠান, ৰীতি-নীতি আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মূল্য় নিৰ্ধাৰণ কৰাই ধৰ্মদৰ্শনৰ প্ৰধান কাম।দৰ্শনৰ দৰে ধৰ্মদৰ্শনে সামগ্ৰিক দৃষ্টিভংগীৰে বিষয়বস্তুৰ আদৰ্শনিষ্ঠ আলোচনা কৰে। ধৰ্মদৰ্শনে সমগ্ৰ ধৰ্ম সম্পৰ্কে তত্ত্বমূলক আলোচনা কৰে। যি পৰমসত্য় বা আদৰ্শ ধৰ্মৰ উৎপত্তি আৰু বিকাশৰ মূলতে নিহিত আছে, যি আদৰ্শই ধৰ্মৰ বিভিন্ন আচাৰ-অনুষ্ঠানক একেই সৃত্ৰত গথিত কৰি ধৰ্মীয় ঐক্য় আৰু শৃংখলা বজাই ৰাখিছে, সেই সকলোবোৰৰ আদৰ্শনিষ্ঠ আলোচনা কৰাটো ধৰ্মদৰ্শনৰ কাম।

                মিয়েল এডৱাৰ্ডৰ মতে, ধৰ্মদৰ্শনৰ প্ৰধান কাম দুটা-

i) মানুহৰ জীৱনৰ স্বাভাৱিক আৰু কাৰ্যতঃ সাৰ্বিক ঘটনাৱলীৰ ঐতিহাসিক আৰু মনস্তাত্ত্বিক অনুসন্ধান কৰা।

ii) পৰম সত্য় আৰু বস্তুৰ স্বৰূপৰ লগত ধৰ্মীয় অভিজ্ঞতাৰ সম্বন্ধৰ অধিবিদ্য়ক বা তত্ত্বমূলক অনুসন্ধান কৰা।

                ধৰ্মদৰ্শনে প্ৰথমতে ধৰ্ম সম্পৰ্কীয় অভিজ্ঞতাৰ আলোচনা কৰে। ধৰ্মদৰ্শনৰ এই আলোচনাক ধৰ্ম সম্পৰ্কীয় ইন্দ্ৰিয় অভিজ্ঞতা ভিত্তিক আলোচনা বা প্ৰতিভাস বিজ্ঞান ভিত্তিক আলোচনা বুলিও অভিহিত কৰা হয়। এনে অভিজ্ঞতা ভিত্তিক আলোচনাক দুই দিশৰ পৰা বিশ্লষণ কৰিব পাৰি- এটা  হল মনস্তাত্ত্বিক দিশ আৰু আনটো হল ধৰ্মৰ ঐতিহাসিক দিশ। মনস্তাত্ত্বিক দিশৰ পৰা ধৰ্মীয় চেতনাৰ আভ্য়ন্তৰীণ মানসিক ক্ৰিয়া-প্ৰতিক্ৰিয়াসমূহৰ অভিজ্ঞতাৰ বিশ্লেষণ কৰা হয়; আনহাতে, ঐতিহাসিক দিশৰ পৰা ধৰ্মীয় আচাৰ-অনুষ্ঠান, পৌৰাণিক কাহিনী, ধৰ্মমত, ধৰ্মতত্ত্ব প্ৰভৃতি বাহ্য়িক ক্ৰিয়াৱলীৰ মাজত প্ৰকাশিত ধৰ্মীয় অভিজ্ঞতাৰ বিশ্লেষণ কৰা হয়। আৱেগ-অনুভূতি, আশা-আকাংক্ষা, প্ৰেম-ভক্তি-বিশ্বাস প্ৰভৃতি মানসিক অৱস্থাক বাদ দিলে ধৰ্মৰ বাহ্য়িক ঐতিহাসিক তথ্য়সমূহ অৰ্থহীন হৈ পৰে। আনফালে, ধৰ্মীয় অভিজ্ঞতাৰ আভ্য়ন্তৰীণ মানসিক অৱস্থাসমূহ যদি বাহ্য়িক আচাৰ-অনুষ্ঠানৰ মাজেদি প্ৰকাশিত নহয়, তেনেহলে এই সকল মানসিক দিশ অস্পষ্ট আৰু ব্য়ক্তিকেন্দ্ৰিক হৈ থাকিব। ধৰ্মদৰ্শনৰ যথাৰ্থ উদ্দেশ্য়ই হৈছে মানুহৰ এই মানসিক আৰু বাহ্য়িক দিশৰ সমন্বয় সাধন কৰি পৰিপূৰ্ণতা উপলব্ধি কৰা।


2. Distinguish between philosophy of religion and theology.

ধৰ্মদৰ্শন আৰু ধৰ্মতত্ত্ব বা ঈশ্বৰতত্ত্বৰ মাজত পাৰ্থক্য় নিৰ্ণয় কৰা।

উত্তৰঃ ধৰ্মদৰ্শন আৰু ধৰ্মতত্ত্ব বা ঈশ্বৰতত্ত্বৰ মাজৰ পাৰ্থক্য় সমূহ হল-

i)  ধৰ্মদৰ্শনৰ আধাৰ বিচাৰ-বুদ্ধি; কিন্তু ঈশ্বৰতত্ত্ব বিশ্বাসৰ ওপৰত আধাৰিত। ধৰ্মদৰ্শনে ধৰ্ম সম্বন্ধে আলোচনা কৰে, ইয়াৰ অৰ্থ স্পষ্ট কৰে আৰু আলোচ্য় বিষয়বস্তুৰ মূল্য়ায়ন কৰে। কিন্তু ঈশ্বৰশাস্ত্ৰই নিজ নিজ ধৰ্মীয় মতৰ ওপৰত বিশ্বাস কৰে।

ii)  ধৰ্মদৰ্শনে বুদ্ধি তথা যুক্তিৰ মাধ্য়মত ধৰ্ম সম্বন্ধীয় সত্য়তাক প্ৰতিষ্ঠিত কৰে। ইয়াৰ বিপৰীতে ঈশ্বৰতত্ত্বই ধৰ্ম সম্বন্ধীয় সত্য়তাক শ্ৰুতি, স্মৃতি, পৰম্পৰা তথা বিশ্বাসৰ মাধ্য়মত প্ৰস্তুত কৰে। যুক্তিৰ দ্বাৰা যে ধৰ্মীয় সত্য়তাক প্ৰতিষ্ঠিত কৰিব পাৰি-এই কথাত ঈশ্বৰশাস্ত্ৰই বিশ্বাস নকৰে।

iii)  ধৰ্মদৰ্শন আৰু ঈশ্বৰশাস্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰ্থক্য় হল এয়ে যে, ধৰ্মদৰ্শন আলোচনা নিৰপেক্ষ; কিন্তু ঈশ্বৰশাস্ত্ৰ কিছু পৰিমাণে পক্ষপাতযুক্ত। ঈশ্বৰশাস্ত্ৰী এজনে নিজ নিজ ধৰ্মৰ আলোচ্য় বিষয়ৰ মাজতে সীমিত আৰু সন্তুষ্ট। কিন্তু এজন ধৰ্ম দাৰ্শনিকে বিশ্বৰ সকলো ধৰ্মৰ অধ্য়য়ন কৰি এক সামান্য় সিদ্ধান্ত প্ৰতিষ্ঠা কৰিব বিচাৰে।

iv)  ধৰ্মদৰ্শনৰ আলোচ্য় বিষয় ঈশ্বৰবাদী আৰু নিৰীশ্বৰবাদী উভয় প্ৰকাৰৰ ধৰ্মই। আনহাতে, ঈশ্বৰশাস্ত্ৰৰ কেন্দ্ৰিয় বিষয় হল ঈশ্বৰ, গতিকে এই শাস্ত্ৰই কেৱল ঈশ্বৰবাদী ধৰ্মৰে আলোচনা কৰে। ঈশ্বৰশাস্ত্ৰই ঈশ্বৰ বিহীন ধৰ্মক ধৰ্মৰ শ্ৰেণীভূক্ত কৰিব বিচৰাটো ভ্ৰমাত্মক বুলি দাবী কৰে।

v)  ঈশ্বৰশাস্ত্ৰ আৰু ধৰ্মদৰ্শনৰ মাজত আন এটা পাৰ্থক্য় হল যে, ঈশ্বৰশাস্ত্ৰ ব্য়ৱহাৰিক; কিন্তু ধৰ্মদৰ্শন ব্য়ৱহাৰিক নহয়। ঈশ্বৰশাস্ত্ৰই ধৰ্মৰ প্ৰচাৰ আৰু ব্য়াখ্য়া এইবাবে কৰে যাতে সেই ধৰ্মালম্বী লোকৰ লাভ হয়। কিন্তু ধৰ্মদৰ্শনৰ কেৱল ধাৰ্মিক অনুভূতি স্বতন্ত্ৰ ব্য়াখ্য়া বা আলোচনা কৰে।

vi)  ধৰ্মদৰ্শনৰ তুলনাত ঈশ্বৰতত্ত্বৰ পৰিসৰ সংকীৰ্ণ। ঈশ্বৰতত্ত্বত কেৱল কোনো বিশেষ ধৰ্ম বা ইয়াৰ লগত সম্বন্ধিত কিছুমান সমস্য়াৰ আলোচনা কৰা হয়। ঈশ্বৰতত্ত্বত আলোচিত ঈশ্বৰ কোনো বিশেষ সম্প্ৰদায় মাজতে সীমিত। কিন্তু ধৰ্মদৰ্শনে সকলো ধৰণৰ সমস্য়া- ধৰ্মীয় অনুভূতি, শুভ, অশুভ, আত্মাৰ অমৰত্ব, ঈশ্বৰ ইত্য়াদি সকলো বিষয়কে আলোচনা কৰে। গতিকে ধৰ্মদৰ্শনৰ পৰিসৰ ঈশ্বৰশাস্ত্ৰৰ তুলনাত অধিক ব্য়াপক।


3. Explain the experience of religion.

ধৰ্মৰ অভিজ্ঞতা সম্পৰ্কে ব্য়াখ্য়া কৰা।

উত্তৰঃ মানুহ ধৰ্মপৰায়ণ জীৱ। মানৱ সমাজ ধৰ্মৰ লগত ওতপ্ৰোতভাৱে জড়িত। ধৰ্মবিহীন মানৱ সমাজৰ অস্তিত্ব চিন্তা কৰা নাযায়। গতিকে মানৱ জীৱনত ধৰ্মীয় অভিজ্ঞতাৰ এটি গুৰুত্বপূৰ্ণ ভূমিকা আছে। ধৰ্মীয় অভিজ্ঞতা হল ধৰ্ম সম্পৰ্কীয় অভিজ্ঞতা। মানৱাত্মাৰ লগত পৰমাত্মাৰ যি সম্পৰ্ক, জগত আৰু জীৱনৰ লগত পৰমব্ৰহ্মৰ যি সম্পৰ্ক ইত্য়াদি বিষয়ৰ এক অলৌকিক অভিজ্ঞতা হল ধৰ্মীয় অভিজ্ঞতা। ধৰ্মীয় অভিজ্ঞতা এক প্ৰকাৰৰ অভিজ্ঞতা, কিন্তু ই সাধাৰণ অভিজ্ঞতাৰ পৰা বহুগুণে পূথক। ধৰ্মীয় অভিজ্ঞতা অন্য়ান্য় সাধাৰণ অভিজ্ঞতাৰ দৰে কেৱলমাত্ৰ জ্ঞানৰ এটি 'আকৃতি' নহয়, ই আমাৰ দেহৰ কোনো ভংগী বা আচৰণৰ মাধ্য়মেদি প্ৰকাশযোগ্য়ও নহয়। ইয়াক অভিজ্ঞতা বুলি কোৱাৰ কাৰণ হল ইয়াৰ দ্বাৰা আমাৰ এটি বিষয়নিষ্ঠতাৰ অববোধ আহে আৰু এই  অভিজ্ঞতাৰ দ্বাৰা এক ধৰণৰ আনন্দ, এক ধৰণৰ সন্তুষ্টি লাভ কৰা যায়। কিন্তু ই যিহেতু ধৰ্মীয় অভিজ্ঞতা, গতিকে ইয়াৰ কিছু নিজস্ব বিশেষত্ব আছে।

         ধৰ্মীয় অভিজ্ঞতা সম্পৰ্কে বহুতো দাৰ্শনিক-পণ্ডিতে বিৰূপ মন্তব্য়ও কৰা দেখা যায়। বহুতে আধুনিক বৈজ্ঞানিক যুগত এনে অভিজ্ঞতাৰ প্ৰতি থকা বিশ্বাসক হাস্য়কৰ বুলি কব খোজে। তেওঁলোকৰ মতে, ধৰ্মীয় অভিজ্ঞতা কাল্পনিক আৰু অবাস্তৱ। বহুতো সমাজবিজ্ঞানি, মনোবিজ্ঞানী আৰু দাৰ্শনিকে এই মত পোষণ কৰিছে। কিছুমান দাৰ্শনিকে আকৌ ধৰ্মীয় অভিজ্ঞতাক স্বীকাৰ কৰিছে, কিন্তু ইয়াক সাধাৰণ অভিজ্ঞতাৰ লগত অভিন্ন বুলি মত পোষণ কৰে।

            উপৰোক্ত সকলো অভিযোগক খণ্ডন কৰি দাৰ্শনিকসকলে ধৰ্মীয় অভিজ্ঞতাক এটি স্বতন্ত্ৰ অভিজ্ঞতা হিচাপে প্ৰমাণ কৰাৰ চেষ্টা কৰিছে। ভাৰতীয় দাৰ্শনিক ৰাধাকৃষ্ণণ ধৰ্মীয় অভিজ্ঞতাক সমৰ্থন কৰি কৈছে যে, প্ৰাথমিক অৱস্থাত ব্য়ক্তিৰ উচিত কোনো বিশ্বাস লৈ আৰম্ভ কৰা-এই বিশ্বাস হল ধৰ্মীয় অভিজ্ঞতাৰ বিশ্বাস। একমাত্ৰ ধৰ্মীয় অভিজ্ঞতাই মানুহক পূৰ্ণ আধ্য়াত্মিকতাৰ উপলব্ধিত সহায় কৰিব পাৰে।জোৱাকিমৰ ৱাচৰ মতে, ধৰ্মীয় অভিজ্ঞতা হল মানৱ আৰু মানৱৰ লগত ঈশ্বৰৰ সংযোগৰ আভ্য়ন্তৰীণ দিশ। 

ধৰ্মীয় অভিজ্ঞতাৰ বৈশিষ্ট্য় সমূহ হল-

i) ধৰ্মীয় অভিজ্ঞতা পৰমসত্তাৰ অভিজ্ঞতা। ধৰ্মীয় অভিজ্ঞতাত ব্য়ক্তি আৰু পৰমসত্তাৰ মাজত গভীৰ সম্বন্ধ স্থাপন হয়। ধৰ্মীয় অভিজ্ঞতাত ব্য়ক্তিয়ে পৰমসত্তাৰ মাজত একাত্ম অনুভৱ কৰে।

ii)  ধৰ্মীয় অভিজ্ঞতাত ব্য়ক্তিৰ সমগ্ৰ সত্তাৰ পৰমসত্তাৰ প্ৰতি পৰিপূৰ্ণ প্ৰতিক্ৰয়া ব্য়ক্ত কৰা হয়। ব্য়ক্তিৰ কেৱল মন, আৱেগ বা ইচ্ছা নহয়, ধৰ্মীয় অভিজ্ঞতাৰ ক্ষেত্ৰত বৌদ্ধিক, আৱেগিক, ইচ্ছামূসক এই তিনিটা উপাদানেই একেলগে উপস্থিত থাকে। সেই কাৰণে কোৱা হয় যে, ধৰ্ম হল মানুহৰ সমগ্ৰ জীৱন লগত সম্পৰ্কিত।

iii)  ধৰ্মীয় অভিজ্ঞতা অনিবাৰ্যভাৱে আন্তৰিক আৰু ব্য়ক্তিগত। ধাৰ্মিক জীৱন মূলতঃ ব্য়ক্তিৰ অন্তৰ জীৱন। মানুহৰ মনত এনে অভিজ্ঞতাৰ ক্ৰমবিকাশ আৰু ক্ৰমবৃদ্ধি হয়।

iv)   ধৰ্মীয় অভিজ্ঞতাৰ আন এটা বৈশিষ্ট্য় হল তীব্ৰতা। ধৰ্মীয় অভিজ্ঞতাত পৰমসত্তাৰ লগত মানুহৰ যি সম্পৰ্ক, সেই সম্পৰ্ক তীব্ৰতা আৰু তাৎপৰ্যৰ দিশৰ পৰাও সাধাৰণ অভিজ্ঞতাক অতিক্ৰম কৰি যায়। সকলো যুগৰ ধৰ্মপৰায়ণ ব্য়ক্তিসকলে তেওঁলোকৰ চিন্তা, কথা আৰু কাৰ্যৰ মাজেদি এই তীব্ৰতাক প্ৰকাশ কৰে।

v)  ধৰ্মীয় অভিজ্ঞতা অনিবাৰ্চনীয় আৰু ব্য়াখ্য়াতীত। ইয়াক কোনো শব্দ বা বাক্য়ৰ দ্বাৰা ব্য়াখ্য়া কৰিব নোৱাৰি আৰু প্ৰমাণ কৰিবও নোৱাৰি। এই অভিজ্ঞতাক বুজাবৰ বাবে 'স্বতঃ-প্ৰতিষ্ঠিত', 'স্বতঃ-সিদ্ধ', 'স্ব-প্ৰকাশ' ইত্য়াতি বিভিন্ন শব্দ ব্য়ৱহাৰ কৰা হয়।

vi)   ধৰ্মীয় অভিজ্ঞতা অতীন্দ্ৰিয় আৰু অলৌকিক অভিজ্ঞতা। আমি সাধাৰণতে জাগতিক বিষয়ৰ অভিজ্ঞতা ইন্দ্ৰিয়ৰ সহায়ত লাভ কৰোঁ। কিন্তু ধৰ্মীয় অভিজ্ঞতা ইন্দ্ৰিয়ৰ সহায়ত লাভ কৰিব নোৱাৰি। ধৰ্মৰ কেন্দ্ৰীয় বিষয় ঈশ্বৰৰ জ্ঞান অতীন্দ্ৰিয়, বাহ্য় কোনো উপায়েৰে পৰমসত্তাৰ জ্ঞান লাভ কৰিব নোৱাৰি।


4.  What are the difference between science and religion.

বিজ্ঞান আৰু ধৰ্মৰ মাজত থকা পাৰ্থক্য়সমূহ কি কি?

উত্তৰঃ ধৰ্ম আৰু বিজ্ঞানৰ বিৰোধ দেখুৱাবলৈ গৈ তেওঁলোকে ধৰ্ম আৰু বিজ্ঞানক তলত দিয়া ধৰণে পাৰ্থক্য় কৰিছেঃ-

i)  ধৰ্ম আৰু বিজ্ঞানৰ বিৰোধ হিচাপে কোৱা যায় যে, ধৰ্মীয় মনোবৃত্তি স্পষ্টভাৱেই ব্য়ক্তিগত, বৈয়ক্তিক বা মূল্য়াংকনাত্মক। কিন্তু বৈজ্ঞানিক মনোবৃত্তি নৈৰ্ব্য়ক্তিক।

ii)  বিজ্ঞানৰ সম্বন্ধ তথ্য়ৰ লগত। পদাৰ্থ বিজ্ঞানৰ সম্বন্ধ পদাৰ্থৰ লগত, মনোবিজ্ঞানৰ সম্বন্ধ মনৰ লগত ইত্য়াদি। কিন্তু ধৰ্মৰ সম্বন্ধ পৰমমূল্য়ৰ লগত। আধ্য়াত্মিক মূল্য়ক লাভ কৰাটো ধৰ্মৰ মূল উদ্দেশ্য়।

iii)  ধৰ্ম আৰু বিজ্ঞানৰ প্ৰধান পাৰ্থক্য় হৈছে যে, ধৰ্মৰ মূল উদ্দেশ্য় হল মানৱৰ মুক্তি বা মোক্ষ প্ৰাপ্তি। আনহাতে, বিজ্ঞানৰ মূল উদ্দেশ্য় হৈছে সত্য়ৰ প্ৰাপ্তি। 

iv)  বিজ্ঞান পৰ্যৱেক্ষণৰ মাধ্য়মত অৰ্থাৎ পৰীক্ষণৰ মাধ্য়মত বিশ্বজগত সম্বন্ধে সামান্য় নিয়ম আৱিষ্কাৰ কৰিব বিচাৰে। কিন্তু ধৰ্মই গভীৰ শ্ৰদ্ধা, ভক্তি, বিশ্বাস, ৰহস্য়ানুভূতি আদিৰ মাধ্য়মত পৰমসত্তা সম্বন্ধে সামান্য় নিয়ম আৱিষ্কাৰ কৰে।

v)  নৈতিকতাৰ লগত ধৰ্মৰ গভীৰ সম্বন্ধ আছে। ধৰ্মত নৈতিক নিয়ম-কানুন, আচাৰ-আচৰণ প্ৰচ্ছন্নভাৱে নিহিত থাকে। কিন্তু বিজ্ঞান নৈতিক নিয়মক স্বীকাৰ নকৰে। ইয়াৰ ফলস্বৰূপে বিজ্ঞান হৈ যায় যান্ত্ৰিকবাদৰ সমৰ্থক আৰু ধৰ্ম হল আধ্য়াত্মবাদৰ সমৰ্থক।

vi)  ধৰ্মই নিজৰ উদ্দেশ্য়ৰ প্ৰাপ্তিৰ কাৰণে ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰে আৰু ঈশ্বৰৰ লগত আত্মিক সম্পৰ্ক স্থাপন কৰে। ইয়াৰ বিপৰীতে বিজ্ঞান নিজৰ উদ্দেশ্য় প্ৰাপ্তিৰ বাবে প্ৰাকৃতিক তথ্য় আৰু নিয়মৰ উল্লেখ কৰে।


5. Discuss religion and science.

ধৰ্ম আৰু বিজ্ঞান সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ  ধৰ্ম হল মানুহৰ এনে এক অলৌকিক বা অতিপ্ৰাকৃত সত্তাত বিশ্বাস বা জ্ঞান-যি বিশ্বাস বা জ্ঞান মানুহৰ জীৱনৰ অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে। মানুহৰ ধৰ্মবোধৰ লগত প্ৰচ্ছন্নভাৱে নিহিত থাকে জ্ঞান, কৰ্ম আৰু অনুভূতিৰ উপাদান। ধৰ্মত যি অলৌকিক শক্তিৰ জ্ঞান হয় সেই শক্তি মানুহৰ আনুগত্য়, শ্ৰদ্ধা আৰু উপাসনাৰ অধিকাৰী বুলি বিশ্বাস কৰা হয়। আনহাতে, বিজ্ঞান প্ৰকৃতিৰ কোনো এক নিৰ্দিষ্ট বিভাগৰ সুসংবদ্ধ, যুক্তিপূৰ্ণ, সুনিশ্চিত, যথাৰ্থ আৰু প্ৰামাণিক জ্ঞান। বিজ্ঞান হল বিশেষ বিভাগৰ বিশেষ জ্ঞান। উদাহৰণস্বৰূপে, মনোবিজ্ঞান, উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান আদি বিজ্ঞান। মনোবিজ্ঞানৰ বিষয় হৈছে মন, উদ্ভিদ বিজ্ঞানৰ বিষয় হৈছে উদ্ভিদ, প্ৰাণী বিজ্ঞানৰ বিষয় হৈছে প্ৰাণী। গতিকে বিজ্ঞান প্ৰকৃতিৰ এটা নিৰ্দিষ্ট বিভাগৰ জ্ঞান। ধৰ্ম আৰু বিজ্ঞানৰ উভয়ৰে উৎপত্তি হৈছে মানৱ প্ৰয়োজনত। উভয়ে মানুহৰ অনুসন্ধিৎসাৰ পৰিণতি। ধৰ্ম আৰু বিজ্ঞান উভয়ৰে লক্ষ্য় সত্য়ৰ প্ৰাপ্তি। দুয়োৰে উদ্দেশ্য় মানৱ সেৱা কৰা। ধৰ্ম আৰু বিজ্ঞান দুয়োটাই তাত্ত্বিক আৰু ব্য়ৱহাৰিক দিশত গুৰুত্ব দিয়ে।

                ধৰ্ম আৰু বিজ্ঞানৰ মাজত পাৰস্পৰিক পৰিপূৰকতা সম্বন্ধ আছে। বিজ্ঞান জগতৰ ব্য়াখ্য়া কাৰ্য-কাৰণ নিয়মৰ আধাৰত দিয়ে। বিজ্ঞানে আমাক এইটো কয় যে, জগতত কাৰ্য-কাৰণ নিয়ম কিয় কাম কৰে। ধৰ্মই জগতৰ ব্য়ৱস্থামূলক সিদ্ধান্ত কৰি বিজ্ঞানৰ এই কাৰ্য পূৰ্ণ কৰে। এই কাৰণে কোৱা হয় যে, যত বিজ্ঞানৰ পৰিসমাপ্তি, তাতেই ধৰ্মৰ আৰম্ভণি। বিজ্ঞান বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল, ধৰ্ম নিৰ্ভৰশীল বিশ্বাস বা আস্থা আৰু অনুভূতিৰ ওপৰত। বিজ্ঞানৰ উদ্দেশ্য় ধৰ্মত নিহিত থকা অন্ধবিশ্বাস আৰু নিৰ্বিচাৰবাদক দূৰ কৰা। ধৰ্মই মানৱীয় মূল্য়ৰ জ্ঞান দান কৰি বিজ্ঞানৰ পথ নিৰ্দেশ দিয়ে। গতিকে ধৰ্ম আৰু বিজ্ঞানৰ অতি ওচৰ সম্বন্ধ আছে। 

         ধৰ্ম আৰু বিজ্ঞান আমাৰ জ্ঞানৰ বাবে অতি আৱশ্য়ক। জ্ঞানৰ বিভিন্ন দিশ আছে। ধৰ্ম আৰু বিজ্ঞান পৰস্পৰ সম্পৰ্কিত জ্ঞানৰ দুটা দিশ। ধৰ্মই দিয়ে আধ্য়াত্মিক জগতৰ জ্ঞান আৰু বিজ্ঞানে দিয়ে ভৌতিক জগতৰ জ্ঞান। এই দুই জ্ঞান বিহীন মানৱ জীৱন অসম্পূৰ্ণ। গতিকে ধৰ্ম আৰু বিজ্ঞান মানৱৰ জ্ঞান লাভত বিৰোধিতাৰ সৃষ্টি নকৰে। বিজ্ঞান যেনেদৰে অধাৰ্মিক বুলি কোৱাটো যুক্তিযুক্ত নহয়, একেদৰে ধৰ্মকো অবৈজ্ঞানিক বুলি কোৱাটো যুক্তিসংগত নহয়। যদিও ধৰ্ম আৰু বিজ্ঞানৰ মাজত মাজে-সময়ে সংঘাত দেখা দিয়ে, তথাপি উভয়ৰে মিলনত মানৱতা সুৰক্ষিত হয়। প্ৰকৃততে ধৰ্ম আৰু বিজ্ঞানক পৰস্পৰৰ পৰা পৃথক কৰাটো মানুহৰ ব্য়ৱহাৰিক জীৱনৰ বাবে ক্ষতিকাৰক। সেইকাৰণে বিখ্য়াত বিজ্ঞানী আইনষ্টাইনে কৈছে, '' ধৰ্ম বিহীন বিজ্ঞান খোৰা আৰু বিজ্ঞান বিহীন ধৰ্ম অন্ধ''।

ধৰ্ম আৰু বিজ্ঞানৰ বিৰোধ দেখুৱাবলৈ গৈ তেওঁলোকে ধৰ্ম আৰু বিজ্ঞানক তলত দিয়া ধৰণে পাৰ্থক্য় কৰিছেঃ-

i)  ধৰ্ম আৰু বিজ্ঞানৰ বিৰোধ হিচাপে কোৱা যায় যে, ধৰ্মীয় মনোবৃত্তি স্পষ্টভাৱেই ব্য়ক্তিগত, বৈয়ক্তিক বা মূল্য়াংকনাত্মক। কিন্তু বৈজ্ঞানিক মনোবৃত্তি নৈৰ্ব্য়ক্তিক।

ii)  বিজ্ঞানৰ সম্বন্ধ তথ্য়ৰ লগত। পদাৰ্থ বিজ্ঞানৰ সম্বন্ধ পদাৰ্থৰ লগত, মনোবিজ্ঞানৰ সম্বন্ধ মনৰ লগত ইত্য়াদি। কিন্তু ধৰ্মৰ সম্বন্ধ পৰমমূল্য়ৰ লগত। আধ্য়াত্মিক মূল্য়ক লাভ কৰাটো ধৰ্মৰ মূল উদ্দেশ্য়।

iii)  ধৰ্ম আৰু বিজ্ঞানৰ প্ৰধান পাৰ্থক্য় হৈছে যে, ধৰ্মৰ মূল উদ্দেশ্য় হল মানৱৰ মুক্তি বা মোক্ষ প্ৰাপ্তি। আনহাতে, বিজ্ঞানৰ মূল উদ্দেশ্য় হৈছে সত্য়ৰ প্ৰাপ্তি। 

iv)  বিজ্ঞান পৰ্যৱেক্ষণৰ মাধ্য়মত অৰ্থাৎ পৰীক্ষণৰ মাধ্য়মত বিশ্বজগত সম্বন্ধে সামান্য় নিয়ম আৱিষ্কাৰ কৰিব বিচাৰে। কিন্তু ধৰ্মই গভীৰ শ্ৰদ্ধা, ভক্তি, বিশ্বাস, ৰহস্য়ানুভূতি আদিৰ মাধ্য়মত পৰমসত্তা সম্বন্ধে সামান্য় নিয়ম আৱিষ্কাৰ কৰে।

v)  নৈতিকতাৰ লগত ধৰ্মৰ গভীৰ সম্বন্ধ আছে। ধৰ্মত নৈতিক নিয়ম-কানুন, আচাৰ-আচৰণ প্ৰচ্ছন্নভাৱে নিহিত থাকে। কিন্তু বিজ্ঞান নৈতিক নিয়মক স্বীকাৰ নকৰে। ইয়াৰ ফলস্বৰূপে বিজ্ঞান হৈ যায় যান্ত্ৰিকবাদৰ সমৰ্থক আৰু ধৰ্ম হল আধ্য়াত্মবাদৰ সমৰ্থক।


6. Explain the utility of studying philosophy of religion.

ধৰ্মদৰ্শন অধ্য়য়নৰ উপযোগিতা ব্য়াখ্য়া কৰা।

উত্তৰঃ ধৰ্মদৰ্শন অধ্য়য়নৰ যথেষ্ট উপযোগিতা আছে। ধৰ্মদৰ্শনৰ অধ্য়য়নে মানুহক মানৱ ধৰ্মীয় ইতিহাস আৰু মানৱ সমাজৰ ইতিহাস জানিবলৈ সহায় কৰে। ধৰ্মদৰ্শন অধ্য়য়ন কৰিলে আমি মানৱ সমাজৰ ধৰ্মীয় ইতিহাস সম্পৰ্কে সম্য়ক জ্ঞান লাভ কৰিব পাৰোঁ। তলত ধৰ্মদৰ্শনৰ উপযোগিতাৰ দিশসমূহ উল্লেখ কৰা হল-

i)  ধৰ্মদৰ্শন অধ্য়য়নৰ ফলত ধৰ্মীয় ঐক্য় আৰু সংহতি ৰক্ষিত হয়। সুস্থ সমাজ জীৱনৰ স্বাৰ্থত ধৰ্মীয় সংহতি অতিকৈ প্ৰয়োজন। ধৰ্মদৰ্শন অধ্য়য়নৰ ফলত এই  সম্পৰ্কে অৱগত হব পাৰি যে যথাৰ্থতে সকলো ধৰ্মৰে মূল উদ্দেশ্য় একেই, মাথোন পৰমাৰ্থ লাভৰ পথ বা উপায় ভিন্ন। 

ii) ধৰ্মদৰ্শন অধ্য়য়ন কৰিলে ধৰ্ম সম্পৰ্কে এক সামগ্ৰিক জ্ঞান লাভ কৰিব পাৰি। ধৰ্মৰ উদ্দেশ্য়, লক্ষ্য়, ধৰ্মৰ উপকাৰিতা, সমাজত ধৰ্মৰ ভূমিকা ইত্য়াদিৰ জ্ঞান ধৰ্মদৰ্শন অধ্য়য়ন কৰিলেহে লাভ কৰিব পাৰি। তাৰোপৰি, সমগ্ৰ বিশ্বৰ ধৰ্ম ব্য়ৱস্থা সম্পৰ্কে জ্ঞান লাভ কৰা যায় কেৱল ধৰ্মদৰ্শন অধ্য়য়নৰ মাজ্দি। গতিকে ধৰ্মদৰ্শনে বিশ্বৰ ধৰ্ম ব্য়ৱস্থাৰ জ্ঞান প্ৰদান কৰে।

iii)  ধৰ্মদৰ্শনৰ অধ্য়য়নে মানুহক ধৰ্মীয় গোড়ামীৰ পৰা মুক্ত কৰি ধৰ্মপৰায়ণ ব্য়ক্তি হিচাপে গঢ়ি তোলে। স্পষ্ট ভাষাত, ধৰ্মদৰ্শনৰ অধ্য়য়ন কৰিলে মানুহ অধাৰ্মিক নহয়, বৰং মানুহ আৰু বেছি ধৰ্মৰ প্ৰতি আকৃষ্ট হয়। মানুহৰ মাজত থকা ধৰ্মীয় কু-সংস্কাৰ, অন্ধবিশ্বাস আদি ধৰ্মদৰ্শন অধ্য়য়নৰ মাজেদি আঁতৰাব পাৰি। গতিকে ধৰ্মদৰ্শন অধ্য়য়ন কৰিলে এজন মানুহে প্ৰকৃত ধাৰ্মিক ব্য়ক্তি হিচাপে  নিজকে গঢ় দিব পাৰে।

iv) ধৰ্মদৰ্শনে বিভিন্ন ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান, আচাৰ-ব্য়ৱহাৰ, সংঘ-সমিতি ইত্য়াদিৰ মূল্য়ায়ন কৰে, দোষ-ত্ৰুটিৰ আৱিষ্কাৰ কৰে আৰু সংশোধনৰ পথ নিৰ্দেশ কৰে। ধৰ্মদৰ্শনৰ জ্ঞান থাকিলে ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান, সংঘ-সমিতি আদি সুন্দৰভাৱে পৰিচালনা কৰাত সুবিধা হয়। গতিকে ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান আদি পৰিচালনাত ধৰ্মদৰ্শনৰ জ্ঞান একান্তই আৱশ্য়ক।

V)  ধৰ্মদৰ্শন বিভিন্ন ধৰ্ম বিজ্ঞানসমূহৰ পৰিপূৰক হিচাপে কাম কৰে। বিভিন্ন ধৰ্মীয় বিজ্ঞানসমূহে ধৰ্ম সম্পৰ্কে যি আলোচনা কৰে সেইবোৰক মূল্য়বোধৰ তুলাচনীত তোলে ধৰ্মদৰ্শনে। বিভিন্ন ধৰ্ম বিজ্ঞানত আলোচনা কৰা তত্ত্ব বা ধাৰণা আৰু পদ্ধতিসমূহ ধৰ্মদৰ্শনত বিচাৰ-বিশ্লেষণ কৰি সেইবোৰৰ গ্ৰহণযোগ্য়তাও বিচাৰ কৰা হয়।

 vi) ধৰ্মদৰ্শনে মানুহক ধৰ্মীয় জীৱন-যাপনৰ আদৰ্শৰ সন্ধান দিয়ে আৰু এই আদৰ্শ হল মানৱ কল্য়াণ। মানৱ কল্য়াণক আদৰ্শ হিচাপে লৈ মানুহে ধৰ্মীয় জীৱন পৰিচাৰিত কৰে আৰু ইয়াৰ ফলস্বৰূপে এক সুস্থ, শৃংখলাবদ্ধ সমাজ গঢ়ি উঠে।





Answer- Jipika Hazarika






Post ID : DABP005411