পানী 

  ধৰা হওঁক, কিবা কাৰণত তোমালোকৰ পৰিয়ালে এসপ্তাহৰ বাবে প্ৰত্য়েকদিনে মাত্ৰ এবাল্টি পানীহে পাব। কি হ'ব কল্পনা কৰাচোন? তোমালোকে ৰান্ধিবলৈ, বাচন ধুবলৈ, কাপোৰ ধুবলৈ বা গা-ধুবলৈ পাৰিবানে? আন আৰু কি কি কাম তুমি কৰিব নোৱাৰিবা? আমি যদি বহুদিনৰ বাবে সহজে পানী নাপাওঁ তেতিয়া কি হ'ব বাৰু? 

  খোৱাৰ বাহিৰেও আন বহুতো কামত আমি পানী ব্য়ৱহাৰ কৰোঁ। এদিনত আমি কিমান পৰিমাণৰ পানী ব্য়ৱহাৰ কৰোঁ। সেই বিষয় তোমাৰ ধাৰণা আছেনে? 

১৪.১ আমি কিমান পানী ব্য়ৱহাৰ কৰো? 

  তোমালোকে এদিনত যি যি কামত পানী ব্য়ৱহাৰ কৰা, সেই কামবিলাকৰ এখন তালিকা প্ৰস্তুত কৰা। এনেকুওৱা কিছুমান কামৰ তালিকা ১৪.১ত দিয়া হৈছে। একেধৰণৰ তালিকা এখন তোমালোকে তোমালোকৰ টোকাবহীত কৰা। তুমি আৰু তোমাৰ পৰিয়ালৰ আন আন সদস্য়ই প্ৰতিটো কামৰ বাবে গোটেই দিনটোত ব্য়ৱহাৰ কৰা পানীৰ পৰিমাণ জোখ। পানীৰ পৰিমাণ জুখিবলৈ তোমালোকৰ এটা মগ, এটা গিলাচ, এটা বা অন্য় পাত্ৰ ব্য়ৱহাৰ কৰিব পাৰা। 

   এতিয়া তোমালোকৰ পৰিয়ালে গোটেই দিনটোত কিমান পানী ব্য়ৱহাৰ তাৰে এটা থূলমূল ধাৰণা।পালা। এই তথ্য় ব্য়ৱহাৰ কৰি তোমাৰ পৰিয়ালৰ এবছৰত কিমান পানী প্ৰয়োজন হয় হিচাপ কৰি উলিওৱা। এতিয়া এই পানী প্ৰয়োজন হয় হিচাপ কৰি উলিওৱা। এতিয়া এই পানীৰ পৰিমাণখিনিক তোমাক পৰিয়ালৰ সদস্য়ৰ সংখ্য়াৰ দ্বাৰা হৰণ কৰা। ইয়ে তোমাৰ পৰিয়ালৰ এজন সদস্য়ৰ এবছৰত প্ৰয়োজন হোৱা পানীৰ পৰিমাণৰ এটা ধাৰণা দিব। তোমালোকৰ গাওঁ বা চহৰখনৰ এবছৰত প্ৰয়োজন হোৱা পানীৰ পৰিমাণৰ ধাৰণা পাব পাৰা। 

  পানী ব্য়ৱহাৰ হোৱা কিছুমান কাৰ্য়ৰ তালিকা তোমালোকে প্ৰস্তুত কৰিলা। আমাৰ বাবে পানীৰ প্ৰয়োজন মাত্ৰ এনেধৰণৰ কাৰ্যতে সীমিত বুলি তোমালোকে ভাবানে? আমি প্ৰতিদিনে ঘেহুঁ, চাউল, দাইল, শাক-পাচলি আৰু আন বহুতো খাদ্য় বস্তু ব্য়ৱহাৰ কৰোঁ। আমি জানো যে কাপোৰ তৈয়াৰ কৰোঁতে ব্য়ৱহাৰ হোৱা কিছুমান আঁহ আমি উদ্ভিদৰ পৰা পাওঁ। এইবিলাক গজি, বৃদ্ধি হ'বলৈ পানীৰ প্ৰয়োজন নহয়নে? তুমি পানীৰ আৰু কিছুমান ব্য়ৱহাৰৰ কথা ভবিব পাৰানে? আমি ব্য়ৱহাৰ কৰা প্ৰায় সকলোবোৰ বস্তু উদ্য়োগসমূহত উৎপাদন কৰোঁতে পানী ব্য়ৱহাৰ হয়। গতিকে পানী কেৱল আমাৰ দৈনন্দিক কাম-কাজতে ব্য়ৱহাৰ হয় এনে নহয়, আৰু বহুতো বস্তু উৎপাদন কৰোঁতেও ইয়াৰ ব্য়ৱহাৰ হয়।

১৪.২ পানী আমি ক'ৰ পৰা পাওঁ? 

 তুমি ব্য়ৱহাৰ কৰা পানী ক'ৰ পৰা পোৱা? তোমালোকৰ কিছুমানে ক'ব পাৰা ''আমি নদী, নিজৰা পুখুৰী, নদ বা দমকলৰ পৰা পানী পাওঁ।'' টেপত ক'ৰ পৰা পানী আহে তুমি কেতিয়াবা জানিবলৈ বিচাৰিছানে? টেপৰ পৰা আমি যি পানী পাওঁ, সেয়াও এটা হ্ৰদ বা এখন নদী বা এটা নাদৰপৰা তোলা হয়। এনেদৰে তোলা পানীখিনিক পিছত পাইপৰ নেটৱৰ্কৰ দ্বাৰা যোগান ধৰা হয়।  

  আমি প্ৰত্য়েকে ভিন্ ভিন্ উপায়েৰে আমাৰ ঘৰত পানী পাবা পাৰোঁ। কিন্তু মূলতঃ পুখুৰী, হ্ৰদ, নদী আৰু নাদৰ নিচিনা একোটা উৎসৰ পৰাহে আমি পানী পাওঁ। আমি পোৱা পানীৰ উৎস একেই যেনে- পুখুৰী, হ্ৰদ, নদী আৰু নাদ। 

  আমি ইতিমধ্য়ে পানীৰ কিছুমান উৎসৰ কথা আলোচনা কৰিলোঁ। এই পুখুৰী, হ্ৰদ, নদী বা নাদ পূৰাবলৈ পানী ক'ৰ পৰা আহে?

 তোমালোকে জানানে যে পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশই পানীয়ে আগুৰি আছে। ইয়াৰ বেছিভাগ পানীয়ে মহাসাগৰ আৰু সাগৰত আছে 

  মহাসাগৰ আৰু সাগৰৰ পানীত বহুতো নিমখ দ্ৰৱীভূত হৈ থাকে - এইবোৰৰ পানী লুণীয়া। গতিকে, ই খোৱা অন্য়ান্য় ঘৰুৱা কাম, খেতি আৰু ঔদ্য়োগিক প্ৰয়োজনৰ বাবে উপযুক্ত নহয়। 

  এচ. চি. কালৰিজে ১৭৯৮ চনত লিখা "Rime of the Ancient Mariner" কবিতাটোৰ বিখ্য়াত শাৰীকেইটা তোমালোকে হয়তো শুনিছা-

          "Water water every where 

            Nor any drop to drink"

   ইয়াত কবিয়ে সমাসাগৰত যোৱা জাহাজ এখনৰ নাবিকৰ দুদৰ্শা বৰ্ণনা কৰিছে।

 তৎসত্ত্বেও, আমি ব্য়ৱহাৰ কৰা পানীৰ যোগানত মহাসাগৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইটো জানি তোমালোকে আচৰিত হৈছা,নহয়নে? যিয়েই নহওক, আমি ব্য়ৱহাৰ কৰা পানী লুণীয়া নহয়। আমি বহুতে মহাসাগৰৰ ওপৰত নিৰ্ভৰশীলনে? আমাক পানী যোগান ধৰা পুখুৰী, হ্ৰদ, নদী আৰু নাদবোৰক মহাসাগৰৰ পানীয়ে কেনেকৈ ঢুকি প্ৰায়? এই উৎসৰ পৰা পোৱা পানীবোৰ কেনেকৈ লুণীয়া নোহোৱাকৈ থাকে? 

   এইখিনিতে জলচক্ৰৰ কথাটো মনত পেলোৱা! 

১৪.৩ জলচক্ৰ 

পানী নাইকীয়া হোৱাৰ কৌশল 

  মজিয়াত পানী পৰিলে কিছুসময়ৰ পাছত শুকাই যোৱাটো তোমালোকে কিমানবাৰ দেখিছা? এইক্ষেত্ৰত পানীখিনি অদৃশ্য হোৱা যেন লাগে। একেদৰে তিতা কাপোৰশুকোৱাৰ সময়ত তাৰ পানখিনি অদৃশ্য় হয়। বৰষুণত তিতা ৰাস্তা, ঘৰৰ চালৰ মূধচ আৰু আন কিছু ঠাইৰ পানীও অদৃশ্য় হয়। এই পানীবিলাক ক'লৈ যায়? 

  ৫নং পাঠত থকা ক্ৰিয়াকলাপ ৬ টো তোমালোকৰ মনত পৰেনে য'ত নিমখ দ্ৰৱীভূত হৈ থকা পানী গৰম কৰা হৈছিল? আমি কি পাইছিলোঁ? পানীখিনি বাষ্পীভূত হৈছিল আৰু নিমখিনি ৰৈ গৈছিল। এই ক্ৰিয়াকলাপৰ পৰা আমি ধাৰণা কৰিব পাৰো যে তাপ পালে পানী ভাপলৈ ৰূপান্তৰিত হয়। এই ক্ৰিয়াকলাপৰ পৰা আমি এইটোও বুজি পাওঁ যে জলীয় বাষ্পই তাৰ লগত নিমখখিনি কঢ়িয়াই নিনিয়ে। এনেদৰে উৎপন্ন হোৱা পানীৰ ভাপখিনি বায়ুৰ এটা অংশ হৈ পৰে। ইয়াক সচৰাচৰ দেখিবলৈ পোৱা নাযায়। আমি এইটোও পাইছিলোঁ যে পানী ভাপলৈ ৰূপান্তৰিত হয়। ৫নং পাঠত আমি আলোচনা কৰিছিলোঁ যে নিমখ পাবলৈ সাগৰৰ পানীক অগভীৰ গাতত ৰাখি বাষ্পীভৱন হ'বলৈ দিয়া। এইক্ষেত্ৰত পানীয়ে ভাপলৈ পৰিৱৰ্তন হ'বলৈ প্ৰয়োজন হোৱা তাপখিনি ক'ৰ পৰা পায? আমি উলিয়াওঁ আহা। 

  দুখন একেধৰণৰ থাল লোৱা। এখন থাল সূৰ্যৰ পোহৰত আৰু আনখন থাল ছাঁত ৰাখা। এতিয়া প্ৰত্য়েকলখন পালত সমান পৰিমাণ পানী ঢালা। পানী জুখিবলৈ তুমি বটলৰ সাঁফৰ এটাও ব্য়ৱহাৰ কৰিব পাৰা। নিশ্চিত কৰিবা যাতে পানী উপচি বাগৰি নপৰে। প্ৰতি ১৫ মিনিটৰ মূৰে মূৰে দুয়োখন থাল লক্ষ্য় কৰা। পানী নাইকিয়া হোৱা যেন লাগিছেনে? কোনখন থালৰ পৰা পানী প্ৰথমে নাইকিয়া হ'ল? এই বাষ্পীভৱনৰ কাৰণে প্ৰয়োজন হোৱা তাপৰ উৎস কি? 

  দিনৰ ভাগত মহাসাগৰ, নদী, হ্ৰদ আৰু পুখুৰীৰ পানীত সূৰ্যৰ পোহৰ পৰে। এই সময়ত পথাৰ আৰু অন্য় ঠাইবোৰতো সূৰ্যৰ পোহৰ পৰে। ইয়াৰ ফলত এই সকলোবোৰ ঠাইৰ পৰা পানী অবিৰতভাৱে ভাপলৈ পৰিৱৰ্তন হৈ থাকে। অৱশ্য়ে, পানীত দূৱীভূত হৈ থকা নিমখখিনি ৰৈ যায়। 

  ক্ৰিয়াকলাপ ২ত যদিও সময় বেছি লৈছে তথাপি ছাঁত থকা থালখনৰ পৰাও পানী নাইকিয়া হোৱা দেখা পাইছানে? সূৰ্যৰ পোহৰৰ পৰা তাপ এই থালখনেও পাইছানে? হয়, দিনৰ ভাগত আামৰ চাৰিওফালৰ আটাইখিনি বায়ু গৰম হয়। বায়ুয়ে যোগান ধৰে। গতিকে পানীৰ সকলোবোৰ মুক্ত পৃষ্ঠৰ পৰা বাষ্পীভৱন হৈ থাকে। ইয়াৰ ফলত জলীয় বাষ্প বায়ুত অনবৰতে যোগ হৈ থাকে। অৱশ্য় বাষ্পীভৱন এটা লেহেম প্ৰক্ৰিয়া। সেই কাৰণে পানী ভৰ্তি বাল্টি এটাৰ পৰা পানী কমি যোৱাটো আমি কাচিৎহে দেখিবলৈ পাওঁ। সূৰ্যৰ পোহৰত বাষ্পীভৱন প্ৰক্ৰিয়া সোনকালে সম্পন্ন হয়। বাৰ্ণাৰত পানী গৰম কৰিলে বাষ্পীভৱন ইয়াতকৈও সোনকালে হয়। জলীয় বাষ্প বায়ুলৈ স্থানান্তৰিত হোৱা আৰু অন্য় প্ৰক্ৰিয়া আছেনে?

উদ্ভিদৰ দেহেও পানী হেৰুৱায় 

   পাঠ নং ৭ত তোমালোকে পাইছা যে উদ্ভিদৰ বৃদ্ধিৰ বাবহে পানীৰ প্ৰয়োজন। উদ্ভিদে এই পানীৰ কিছু পৰিমাণ খাদ্য় প্ৰস্তুত কৰাত ব্য়ৱহাৰ কৰে আৰু ইয়াৰেকিছু পৰিমাণ সিহঁতৰ বিভিন্ন অংশত ধৰি ৰাখে। বাকী ৰৈ যোৱা পানীখিনি উদ্ভিদে প্ৰস্বেদন প্ৰক্ৰিয়াৰ দ্বাৰা জলীয় ভাপ হিচাপে বায়ুত এৰি দিয়ে। ৭নং পাঠৰ ক্ৰিয়াকলাপ ৪ত উদ্ভিদৰ দ্বাৰা পানীৰ প্ৰস্বেদন হোৱা দেখিবলৈ পোৱাটো মনত আছেনে? 

   বাষ্পীভৱন আৰু প্ৰস্বেদন প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুত জলীয় বাষ্প সোমাই পৰে। ই চিৰকালৰ বাবে বায়ুলৈ যায় নেকি? নহয়, তাক আমি আকৌ ঘূৰাই পাওঁ। সেই কথাটোৱে আমি এতিয়া চাওঁ। 

ডাৱৰ কেনেকৈ গঠন হয়? 

  এটা গিলাচত আধা গিলাচ পানী লোৱা। গিলাচৰ বাহিৰ ফালটো এটুকুৰা পৰিষ্কাৰ কাপোৰেৰে মচি লোৱা। পানীখিনিত অলপ বৰফ যোগ দিয়া। এক বা দুই মিনিটমান বাট চোৱা। গিলাচৰ বাহিৰ ভাগত হোৱা পৰিৱৰ্তন লক্ষ্য় কৰা। 

   গিলাচৰ বাহিৰ ভাগত ক'ৰ পৰা পানীৰ টোপাল গোট খালে? বৰফপানী থকা গিলাচৰ চেঁচা পৃষ্ঠই ইয়াৰ চাৰিওফালৰ বায়ু চেঁচা কৰে আৰু বায়ুখিনিত থকা পানীৰ ভাপ গিলাচৰ পৃষ্ঠত ঘনীভূত হৈ পৰে। পানীৰ এই ঘনীভৱন প্ৰক্ৰিয়া ৫নং পাঠৰ ক্ৰিয়াকলাপ ৭ত আমি দেখিবলৈ পাইছিলোঁ। 

  ঘনীভৱন প্ৰক্ৰিয়াই পৃথিৱী পৃষ্ঠলৈ পানী ঘূৰাই অনাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।এইটো কোনোকৈ হয়? আমি পৃথিৱী পৃষ্ঠৰ পৰা যিমানে ওপৰলৈ গৈ থাকোঁ, সিমানেই ঠাণ্ডা পাওঁ। বায়ু যেতিয়া ওপৰলৈ গৈ থাকে ই ঠাণ্ডা হৈ গৈ থাকে। যথেষ্ট উচ্চতাত বায়ু ইমান ঠাণ্ডা হয় যে ইয়াত জলীয় ভাপখিনি ঘূনীভূত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপালৰ সৃষ্টি হয়। এই ক্ষুদ্ৰ টোপালবোৰ বায়ুত ভাঁহি তাকে আৰু তাকে আমি ডাৱৰ হিচাপে দেখোঁ। 

  ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণাবোৰেই লগ লাগি ডাঙৰ পানীৰ টোপালৰ সৃষ্টি হয়। 

 কিছুমান পানীৰ টোপাল ইমান গধুৰ হৈ পৰে যে ই তললৈ সৰি পৰিবলৈ ধৰে। তললৈ সৰি পৰা পানীৰ এই টোপালেই হ'ল বৰষুণ। বিশেষ অৱস্থাত ই বৰফ নাইবা শিলাবৃষ্টি হিচাপেও পৰিব পাৰে। 

  গতিকে পানী বাষ্প হিচাপে বাষ্পীভৱন আৰু প্ৰস্বেদন প্ৰক্ৰিয়াৰ যোগেদি বায়ুলৈ যায়। তাতে ই ডাৱৰৰ সৃষ্টি কৰে আৰু পিচত বৰষুণ, শিলাবৃষ্টি বা বৰফ হিচাপে ভূ-পৃষ্ঠলৈ ঘূৰি আহে। 

১৪.৪ মহাসাগৰলৈ পুনৰাগমন

  পৃথিৱীৰ বিভিন্ন অঞ্চললৈ বৰষুণ আৰু শিলাবৃষ্টিয়ে অনা পানীবোৰ কি হয়? প্ৰায় সকলোবিলাক মাটিৰ পৃৃষ্ঠ,সাগৰৰ পৃষ্ঠতকৈ ওপৰৰ অৱস্থিত। বৰষুণ বা শিলাবৃষ্টি হিচাপে পৰা বেছিভাগ পানীয়ে সোনকালে বা দেৰিকৈ হ'লেও মহাসাগৰলৈ ঘূৰি যায়। এই প্ৰক্ৰিয়াটো বিভিন্ন ধৰণেৰে ঘটে।

  পৰ্বতত থকা বৰফ গলি পানী হয়। এই পানী নৈ আৰু জুৰি হৈ পৰ্বতৰ তললৈ নামি আহে। মাটিত বৰষুণ হিচাপে পৰা পানীয়ে কিছু অংশ নৈ আৰু জুৰি হিচাপে বৈ যায়। বেছিভাগ নৈ বহুদূৰ বৈ যোৱাৰ পিছত অৱশেষত সাগৰ বা মহাসাগৰত পৰে। অৱশ্য়ে কিছুমান নদীৰ পানী হ্ৰদলৈ বৈ যায়। 

  বৰষুণৰ পানীয়ে হ্ৰদ আৰু পুখুৰীও পূৰায় বৰষুণৰ পানীৰ এটা অংশ ভূ-পৃষ্ঠই শোষণ কৰে আৰু এইখিনি মাটিত পৰি নাইকিয়া হোৱা যেন লাগে। ইয়াৰে কিছু অংশ বাষ্পীভৱন আৰু প্ৰস্বেদনৰ দ্বাৰা বায়ুলৈ ঘূৰি যায়। বাকীখিনি পানী ভূ-পৃষ্ঠৰ তললৈ নিগৰি যায়। এই পানীৰ বেছিভাগেই আমি ভূ-জল হিচাপে পাওঁ। মুকলি নাদে ভূ-জলৰ পৰা পানী পায়। বূ-জল বহুতো হ্ৰদৰো উৎস। এই ভূ-জলকেই দমকল বা হেণ্ডপাম্পেৰে তোলা হয়। এটা অঞ্চলত যিমানেই আমি দ'লৈকে খান্দিব লগা হয়। অত্য়ধিক ব্য়ৱহাৰৰ বাবে ভূ-জলৰ পৃষ্ঠ তললৈ নামি যোৱাটো এটা চিন্তনীয় বিষয়ে হৈ পৰিছে। 

  প্ৰহেলিকাই  এটা বিষয়ে তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছে। যিবোৰ অঞ্চলত গছ-গছনি কম নাইবা একেবাৰে নাই সেইবোৰত বৰষুণৰ পানী সোনকালে আঁতৰলৈ বৈ যায়। বৈ যোৱা পানীয়ে মাটিৰ ওপৰৰ তৰপটোও লগতে লৈ যায়। কিছুমান এনেকুৱা অঞ্চল আছে য'ত বেছিভাগ মাটি পকী কৰা থাকে। ইয়ে ভূ-পৃষ্ঠৰ তলতৈ সৰকি যোৱা পানীৰ পৰিমাণ কমায় আৰু সৰ্বশেষত ভূ-জল পোৱাৰ ওপৰতো প্ৰভাৱ পেলায়। 

  আমি এতিয়া জানিলোঁ যে বৰষুণ, শিলাবৃষ্টি বা বৰফৰ দ্বাৰা পৃথিৱী-পৃষ্ঠলৈ উভতি অহা পানী পুনৰ মহাসাগৰলৈ যায। গতিকে মহাসাগৰ আৰু পৃথিৱী পৃষ্ঠৰ পানীজলীয় ভাপ হিচাপে বায়ুলৈ যায়। আকৌ বৰষুণ, শিলাবৃষ্ঠি বা বৰফ হিচাপে ঘূৰি আহে আৰু অৱশেষত মহাসাগৰলৈ ঘূৰি যায়। পানীৰ এনেধৰণৰ সঞ্চালনকে জলচক্ৰ বোলে।  মাহাসাগৰ আৰু মাটিৰ মাজত হোৱা পানীৰ এই সঞ্চালনটো এক অবিৰত প্ৰক্ৰিয়া। ই মাটিৰ যোগান অব্য়াহত ৰাখে। 

১৪.৫ প্ৰবল বৰষুণ হ'লে কি হয়?

  ঠাইভেদে বৰষুণৰ সময়, স্থায়িত্ব আৰু পৰিমাণ সলনি হয়। পৃথিৱীৰ কিছু অংশত গোটেই বছৰ জুৰি বৰষুণ হয়, আনহাতে এনে কিছুমান ঠাই আছে য'ত মাত্ৰ কেইদিনমানহে বৰষুণ হয়। 

  আমাৰ দেশত বেছিভাগ বৰষুণেই মোচুমী বতাহৰ ফলত হয়। গৰম বা গীষ্ম দিনবোৰৰ পাছত বৰষুণে সকাহ আনে। বহু ধৰণৰ শস্য় সিঁচা কামটো মৌচুমী বতাহৰ আগমনৰ ওপৰতে নিৰ্ভৰ কৰে। 

   অৱশ্য়ে অত্য়ধিক বৰষুণে বহুতো সমস্য়াৰ সৃষ্টি কৰে। প্ৰবল বৰষুণে নদী, হ্ৰদ আৰু পুখুৰীৰ পানীৰ পৃষ্ঠ ওপৰলৈ উঠাই দিব পাৰে। পানীবোৰ যেতিয়া বহুতো অঞ্চলত বিয়পি পৰে আৰু বানপানীৰ সৃষ্টি কৰে।শস্য়পথাৰ, হাবি-জংঘল, গাওঁ আৰু নগৰ ডুব যায় পাৰে। আমাৰ দেশত বানপানীয়ে শস্য়, ঘৰচীয়া জীৱ, সম্পত্তি আৰু মানুহৰ জীৱনৰ বহুতো ক্ষতি সাধন কৰে। 

  বানপানীৰ সময়ত জলচৰ জীৱবোৰো পানীৰ সৌতে উটি যায়। সিঁহতে প্ৰায়ে মাটিত আৱদ্ধ হৈ পৰে বানপানী শুকোৱাৰ সময়ত মৃত্য়ুমুখত পৰে। বৰষুণে মাটিত বাস কৰৈৃা প্ৰাণীৰ ওপৰতো প্ৰভাৱ পেলায়।

১৪.৬ যদি বহুত দিন ধৰি বৰষুণ নহয় তেতিয়া কি হয়? 

  কোনো অঞ্চলত যদি এবছৰ বা ততোধিক দিন বৰষুণনিদিয়ে তেতিয়াহ'লে কি হ'ব তোমালোকে কল্পনা কৰিব পাৰানে? মাটিয়ে অবিৰতভাৱে বাষ্পীভৱন আৰু প্ৰস্বেদনৰ দ্বাৰা এই পানী পুনৰ ঘূৰি নাহে, গতিকে মাটি শুকাল হৈ পৰে। সেই অঞ্চলৰ নাদ বা পুখুৰীৰ জলপৃষ্ঠ তললৈ নামি গৈ থাকে, আনকি সেইবোৰৰ কিছুমান শুকায়ো যায়। ভূ-জলৰ অভাৱো ঘটে। ইয়ে খৰাঙৰ সৃষ্টি কৰিব পাৰে। 

  খৰাং অৱস্থাত মানুহ আৰু পশুৰ খাদ্য় বস্তুৰ নাটনি হয়। তোমালোকে হয়তো আমাৰ দেশৰ বা পৃথিৱীৰ কিছুমান অংশত খৰাং হোৱাতো শুনিছা। এই অঞ্চলৰ মানুহে সন্মুখীন হোৱা সমস্য়াবোৰৰ বিষয়ে তোমালোক সজাগনে? এই অৱস্থাত জীৱ আৰু গচ-গছনিৰ কি হয়? তোমালোকৰ মা-দেউতাৰা, আলোচনী পট়ি এি বিষয়ে জানি লোৱা। 

১৪.৭ আমি কেনেকৈ পানী সংৰক্ষণ কৰিব পাৰোঁ? 

  পৃথিৱীত পোৱা পানীৰ মাত্ৰ অলপ অংশেহে গছ-গছনী, জীৱ আৰু মানুহৰ কাৰণে উপযোগী। বেছিভাগ পানীয়ে মহাসাগৰত থাকে আৰু ইয়াক আমি পোনে পোনে ব্য়ৱহাৰ কৰিব নোৱাৰোঁ। ভূ-জলৰ পৃষ্ঠ যদি খৰতীয়াকৈ কমি যায়, তেতিয়া সেই পানীৰ পৰিমাণ সীমিত আৰু অত্য়বিধ ব্য়ৱহাৰ কৰাৰ ফলত ই কমি গৈ আছে।   

  পানীৰ চাহিদা দিনে দিনে বাঢ়ি গৈ আছে। জনসংখ্য়া বৃদ্ধিৰ লগে লগে পানী ব্য়ৱহাৰ কৰা মানুহৰ সংখ্য়াীও বাঢ়ি গৈ আছে। বহুতো নগৰত পানী সংগ্ৰহ কৰিবলৈ দীঘলীয়া শাৰী পতাটো এই সাধাৰণ দৃশ্য়। খাদ্য় উৎপাদন আৰু উদ্য়োগতো ক্ৰমে বেছিকৈ পানীৰ ব্য়ৱহাৰ কৰি আহা হৈছে।

   এইবোৰ কাৰণতে পৃথিৱীৰ বহুতো ঠাইত পানীৰ নাটি হৈছে। গতিকে এইটো অতি গুৰুত্বপূৰ্ণ কথা যে পানী সাৱধানে ব্য়ৱহাৰ কৰিব লাগে। পানী যাতে অপচয় নহয়, তাৰ বাবে আমি সাৱধান হোৱা উচিত। 

১৪.৮ বৰষুণৰ পানী আহৰণ 

 পানীৰ পৰিমাণ বৃদ্ধিৰ এটা উপায় হ'ল বৰষুণৰ পানী সংগ্ৰহ কৰা আৰু ভৱিষ্য়তৰ ব্য়ৱহাৰৰ বাবে ইয়াক জমা কৰি ৰাখা। বৰষুণৰ পানী এইদৰে সংগ্ৰহ কৰা পদ্ধতিকে বৰষুণৰ পানী আহৰণ কৰা বোলে। বৰষুণৰ পানী আহৰণৰ মূল ধাৰণাটো হ'ল "পানী য'তেই পৰে, তাৰ পৰাই তাক ধৰি লোৱা"। 

  যিবোৰ ঠাইৰ বেছিখিনিয়ে পকী ৰাস্তা আৰু বিল্ডিং ঘৰে আৱৰি থাকে সেইবোৰ ঠাইত বৰণুণৰ পানীখিনিৰ কি হয়? ই নৰ্দমালৈ বাগৰি যায়, নহয়নে বাৰু? তাৰ পৰা পানী নদী বা হ্ৰদলৈ যায়, সি বহু দূৰৈত থাকিব পাৰে। যিহেতু পানীখিনি মাটিৰ তললৈ সৰকি যাব নোৱাৰিলে, সেয়ে ইয়াক ঘূৰাই আনিবলৈ বহুতো চেষ্টা কৰিব লগা হয়। 

    এইখিনিতে বৰষুণৰ পানী আহৰৰ দটা কৌশল আলোচনা কৰা হ'ল-

 ১। ঘৰৰ মূধচৰ পৰা বৰষুণৰ পানী আহৰণঃ এই পদ্ধিতত বৰষুণৰ পানী ঘৰৰ মূধচৰ পৰা সংগ্ৰহ কৰি নলীয়ে সংৰক্ষণ টেংকিলৈ নিয়া হয়। এই পানীত ঘৰৰ দূধচৰ থকা মলি থাকিব পাৰে, গতিকে ব্য়ৱহাৰৰ আগতে ইয়াৰ ছেকনৰ দৰকাৰ হয়। টেংকিত সংগ্ৰহ কৰাৰ পৰিৱৰ্তে এই পোনে পোনে মাটিত থকা গাঁতলৈও নিব পৰা যায়। ই তেতিয়া ভূ-জল পুনৰ পূৰ্ণ কৰিবলৈ মাটিৰ তললৈ সৰকি  

 ২। অন্য় এটা উপায় হ'ল ৰাস্তাৰ কাষৰ নৰ্দমাই সংগ্ৰহ কৰা পানী পোনে পোনে মাটিলৈ যাবলৈ দিয়া। 



Class 6 Science 

Type: Dimi Bora