হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে চমু প্ৰশ্ন আৰু উত্তৰ


১। হেমচন্দ্ৰ বৰুৱা দেৱৰ জন্ম কেতিয়া হৈছিল?

 উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল-১৮৩৫ চনৰ ১০ ডিচেম্বৰত।

২। হেমচন্দ্ৰ বৰুৱাৰ জন্ম কোন ঠাইত হৈছিল?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ জন্ম স্থান হ'ল-শিৱসাগৰ জিলাৰ ৰজাবাহৰ নামৰ ঠাইত।

৩। হেমচন্দ্ৰ বৰুৱাৰ  পিতৃৰ নাম কি?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম-মুক্তাৰাম বৰুৱা।

৪। হেমচন্দ্ৰ বৰুৱাৰ মাতৃৰ নাম কি?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ মাতৃৰ নাম-ৰূপহী দেৱী।

৫। হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনটো কি দিৱস হিচাপে পালন কৰি আহিছিল?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটোক 'অন্ধবিশ্বাস' আৰু কুসংস্কাৰবিৰোধী দিৱস হিচাপে পালন কৰা হয়।

৬। হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনটো অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী হিচাপে কোনে পালন কৰে?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনটো অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী হিচাপে ইলোৰা বিজ্ঞান মঞ্চই পালন কৰে।

৭। কিমান বছৰৰ পৰা হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল?

উত্তৰঃ ৯ বছৰৰ পৰা হেমচন্দ্ৰ বৰুৱাৰ বিদ্য়াৰম্ভ হৈছিল।

৮। হেমচন্দ্ৰ বৰুৱাৰ কিমান চনত বিয়া কৰাইছিল?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই ১৮৫২ চনত বিয়া কৰাইছিল।

৯। হেমচন্দ্ৰ বৰুৱাৰ সৰু থাকোতে কি ৰোগে মহামাৰী ৰূপধাৰণ কৰিছিল?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা সৰু থাকোতে জহনী ৰোগে মহামাৰী ৰূপ ধাৰণ কৰিছিল।

১০। হেমচন্দ্ৰ বৰুৱাৰ কেইটা সন্তান আছিল?

উত্তৰঃ  এজনী ছোৱালী আছিল তাইৰ নাম-পদ্মাৱতী।

১১। বিয়াৰ কিমান বছৰৰ পাছত হেমচন্দ্ৰ বৰুৱাৰ পত্নীৰ মৃত্যু হৈছিল?

উত্তৰঃ বিয়াৰ দুবছৰৰ পাছত হেমচন্দ্ৰ বৰুৱাৰ পত্নীৰ মৃত্যু হৈছিল।

১২। কোনে হেমচন্দ্ৰ বৰুৱাক শিৱসাগৰ কাছাৰীত সুমুৱাই দিছিল?

উত্তৰঃ লক্ষ্মীৰাম বৰুৱাই হেমচন্দ্ৰ বৰুৱাক শিৱসাগৰ কাছাৰীত সুমুৱাই দিছিল।  

১৩। কোনটো পদকত হেমচন্দ্ৰ বৰুৱা ৬মাহৰ বাবে যোগদান কৰিছিল?

উত্তৰঃ গোলাঘাটৰ ৰাজহ বিভাগত পেচকাৰত ৬ মাহৰ বাবে হেমচন্দ্ৰ বৰুৱাই যোগদান কৰিছিল।

১৪। কোনখন নিউজত হেমচন্দ্ৰ বৰুৱাই সম্পাদন কৰিছিল?

উত্তৰঃ আছাম নিউজত হেমচন্দ্ৰ বৰুৱাই সম্পাদন কৰিছিল। 

১৫। কিমান চনত হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু হৈছিল?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ মৃ্ত্যু হৈছিল-১৮৯৬ চনত ।



Type-Bhabesh Bora

Morigaon ( Assam ) 




Post ID : DABP004442