Chapter 2
(Human Genetics)
অনুশীলনীঃ
👉Download Free PDF
👉Paid answer (Buy Now)
১। আনুবংশিক বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়?
উত্তৰঃ- আনুবংশিক বিজ্ঞানৰ পিতৃ বুলি গ্ৰেগৰ জোহান মেণ্ডেলক জনা যায়।
২। বংশগতি কি?
উত্তৰঃ- পিতৃ-মাতৃৰ পৰা আনুবংশিক লক্ষণসমূহ ল'ৰা-ছোৱালীলৈ গতি কৰাকে বংশগতি বোলে।
বা
পিতৃপুৰুষৰ পৰা পৰৱৰ্তী পুৰুষলৈ বংশগত বৈশিষ্ট্য়সমূহ জন্মগতভাৱে পৰিবাহিত হোৱা প্ৰক্ৰিয়াক বংশগতি বুলি কোৱা হয়।
৩। মেণ্ডেলে তেওঁৰ বংশগতিৰ গৱেষণা কেতিয়াৰ পৰা কেতিয়ালৈ চলাইছিল?
উত্তৰঃ- মেণ্ডেলে তেওঁৰ বংশগতিৰ গৱেষণা ১৮৫৭ চনৰ পৰা ১৮৬৫ চনলৈ চলাইছিল।
৪। মেণ্ডেলে তেওঁৰ গৱেষণাৰ জ্ঞান ক'ত প্রকাশ কৰিছিল?
উত্তৰঃ- মেণ্ডেলে তেওঁৰ গৱেষণাৰ জ্ঞান ‘বন’ৰ নেচাৰেল হিষ্ট’ৰী চোচাইটি’ৰ আলোচনীত প্রকাশ কৰিছিল
৫। মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ পুনৰ কোনে কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ- মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ পুনৰ হলেণ্ডৰ হিউগো ডা ভাইজ, অষ্ট্ৰিয়াৰ ভ’ন চেৰমাক আৰু জাৰ্মানিৰ কাৰ্ল ক’ৰেনছে আৱিষ্কাৰ কৰিছিল।
৬। মেণ্ডেলৰ একসংকৰ অনুপাতটো কি?
উত্তৰঃ- প্ৰথম পৰীক্ষাৰ বাবে মেণ্ডেলে এক প্ৰকাৰ চৰিত্ৰৰ দুটা বিপৰীত ধৰ্মী লক্ষণৰ গছৰ মাজত সংকৰণ ঘটাই কি অনুপাতত বিপৰীত ধৰ্মী লক্ষণ দুটা পোৱা যায় সেইটো নিৰ্ধাৰণ কৰিছিল। ইয়াকে মেণ্ডেলৰ এক সংকৰ অনুপাত বোলে।
বা
মেণ্ডেলে প্ৰথমে মাত্ৰ এক প্ৰকাৰৰ চৰিত্ৰৰ দুটা বপৰীতধৰ্মী লক্ষণৰ গছৰ মাজত সংকৰণ ঘটাই কি অনুপাতত বিপৰীত ধৰ্মী লক্ষণ দুটা পোৱা যায়, সেইটো নিৰ্ধাৰণ কৰিলে। এয়েই মেণ্ডেলৰ এক সংকৰৰ অনুপাত।
৭। জিন কি?
৮। মেণ্ডেলৰ দ্বিসংকৰ অনুপাতটো কি?
উত্তৰঃ- মেণ্ডেলৰ দ্বি-সংকৰ অনুপাতটো হ'ব 9 : 3 : 3 : 1
৯। সু-প্রজনন বিজ্ঞান কাক বোলে?
১০। সু-প্রজনন বিজ্ঞান কোনে আৰম্ভ কৰিছিল?
উত্তৰঃ- সু-প্রজনন বিজ্ঞান ১৮৮৩ চনত ফ্ৰান্সিচ গেল্টনে আৰম্ভ কৰিছিল।
১১। সু-প্রজনন বিজ্ঞান কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ- সু-প্রজনন বিজ্ঞান দুই প্ৰকাৰৰ। সেয়া হ'ল 一 ঋণাত্মক আৰু ধনাত্মক।
১২। ডাউনছ চিণ্ড্ৰমৰ আন এটা নাম কি?
উত্তৰঃ- ডাউনছ চিণ্ড্ৰমৰ আন এটা নাম হ'ল মঙ্গোলীয় মূঢ়তা।
১৩। টাৰ্নাৰছ চিণ্ড্ৰম মহিলাৰ শৰীৰত থকা ক্ৰ'মজ'মৰ সংখ্যা কিমান?
উত্তৰঃ- টাৰ্নাৰছ চিণ্ড্ৰম মহিলাৰ শৰীৰত থকা ক্ৰ'মজ'মৰ সংখ্যা হ'ল ৪৬ ডাল।
১৪। ক্লাইনফেল্টাৰ চিণ্ড্ৰম কিহৰ বাবে হয়?
উত্তৰঃ- ক্লাইনফেল্টাৰ চিণ্ড্ৰম ব্যাধি মানুহৰ লিংগ ক্ৰ’ম’জমৰ অবিসন্ধিৰৰ ফলত হয়।
১৫। ক্লাইনফেল্টাৰ চিণ্ড্ৰম প্ৰথমে কোনে উদ্ভাৱন কৰিছিল?
উত্তৰঃ- ক্লাইনফেল্টাৰ চিণ্ড্ৰম প্ৰথমে হেৰি ফিটছ ক্লাইনিফেল্টাৰে উদ্ভাৱন কৰিছিল।
১৬। ডাউনছ চিণ্ড্ৰমৰ বিষয়ে এটি টোকা লিখা?
১৭। চমুটোকা লিখাঃ
(ক) টানাৰছ চিণ্ড্ৰম
(খ) ক্লাইনফেল্টাৰ চিণ্ড্ৰম
উত্তৰঃ- ক্লাইনফেল্টাৰ চিণ্ড্ৰম লিংগ অবিসন্ধিৰ ফলত হয়। এই ৰোগ পুৰুষৰ ক্ষেত্ৰত হোৱা দেখা যায়। এই ৰোগ হোৱা পুৰুষ কিছু মহিলা লক্ষণৰ অধিকাৰী হয় আৰু এই ৰোগত আক্রান্ত পুৰুষসমূহ বন্ধ্যা হয়। ক্ৰ'ম'জমৰ সংখ্যা এনে ক্ষেত্ৰত XXY বা XXXY হয়। এনে ব্যক্তিৰ শুক্রকীট নাথাকে। হাড়বোৰ থুনুকা হয়। মুখমণ্ডল আৰু শৰীৰৰ চুলি কম হয়।
(গ) সু-প্রজনন বিজ্ঞান
উত্তৰঃ- সু-প্ৰজনন বিজ্ঞান আনুবংশিক ব্য়ৱহাৰিক বিজ্ঞানৰ এটা শাখা যাৰ অন্তৰ্গত আনুবংশিক সিদ্ধান্তৰ সহায়েৰে মানুহৰ ভৱিষ্য়ৎ বংশধৰসকলৰ বংশগতিৰ লক্ষণসমূহ নিয়ন্ত্ৰিত কৰি আৰু শুধৰণি কৰি মানৱ জাতিৰ কল্য়াণ সাধন কৰিব পাৰি। সু-প্রজনন বিজ্ঞান ১৮৮৩ চনত ফ্ৰান্সিচ গেল্টনে আৰম্ভ কৰিছিল। কুৰি শতিকাৰ ১৯৩০ আৰু ১৯৪০ দশকত ই এক বিজ্ঞানৰ ৰূপত বিফল হৈছিল যেতিয়া জাৰ্মানীত "সামাজিক ৰূপত হীন" বুলি গণ্য কৰি ‘নাজি’ সকলক মাৰি পেলোৱা হৈছিল আৰু ইউজেনিকচৰ ভুল প্ৰয়োগ হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত বহুতো বৈজ্ঞানিক আৰু ৰাজনীতিকে এই সু-প্ৰজনন বিজ্ঞানৰ সমৰ্থন কৰিছিল।
সু-প্ৰজনন বিজ্ঞানৰ বাস্তৱিক উদ্দেশ্য় হ'ল ব্য়ক্তিগত মানৱৰ আনুবংশিক লক্ষণসমূহ সলোৱা আৰু উত্তম আনুবংশিক লক্ষণসমূহ বংশগতিত বঢ়াই আৰু বেয়া লক্ষণসমূহ বংশগতিত কমাই নাইকিয়া কৰা।
সু-প্ৰজনন বিজ্ঞানৰ অৱধাৰণা দুই প্ৰকাৰৰ 一 ঋণাত্মক আৰু ধনাত্মক। ধনাত্মক সু-প্ৰজনন বিজ্ঞানৰ মুখ্য় উদ্দেশ্য় হ'ল ভাল গুণসমূহৰে বংশগতি আগবঢ়াই নিয়া আৰু ঋণাত্মক সু-প্ৰজনন বিজ্ঞানৰ মুখ্য় উদ্দেশ্য় হ'ল শাৰীৰিক, মানসিক বিকাৰগ্ৰস্ততা লক্ষণসমূহ নাইকিয়া কৰি সু-প্ৰজনন কৰা। ইয়াৰ বাবে বন্ধ্য়াকৰণ আৰু পৃথকিকৰণ ব্য়ৱস্থাৰো প্ৰয়োগ কৰা হয়।
১৮। মেণ্ডেলৰ একসংকৰ অনুপাতটো চিত্ৰৰ সহায়ত বৰ্ণনা কৰা।
উত্তৰঃ-
১৯। মেণ্ডেলৰ দ্বি-সংকৰ অনুপাতটো বৰ্ণনা কৰা।
মেণ্ডেলে পৰীক্ষাৰ বাবে বিশুদ্ধ ঘূৰণীয়া গুটিৰ বিশুদ্ধ ওখ গছ আৰু বিশুদ্ধ শোটোৰা গুটিৰ বিশুদ্ধ চাপৰ গছ বাছি লৈছিল। দুই প্ৰকাৰ চৰিত্ৰৰ চাৰিটা লক্ষণ পোৱা হ’ল। ইয়াৰ পৰা দ্বি-সংকৰ অনুপাত পোৱা গ’ল।
দুজোপা গছৰ মাজত নিষেচন হ’বলৈ দিয়াত প্ৰথম পিৰিৰ গছবোৰ 9 : 3 : 3 : 1 : অনুপাতত পোৱা গ’ল অৰ্থাৎ ৯ ঘূৰণীয়া ওখ : ৩ শোটোৰা ওখ : ৩ ঘূৰণীয়া চাপৰ : ১ শোটোৰা চাপৰ। মেণ্ডেলৰ দ্বি-সংকৰ অনুপাতৰ পৰীক্ষা এনে ধৰণে ব্যাখ্যা কৰিব পাৰি। প্ৰভাৱী ঘূৰণীয়াক R আৰু অপ্ৰভাৱী শোটোৰাক r, প্ৰভাৱী ওখক T আৰু তাৰ বিপৰীতে অপ্ৰভাৱী চাপৰক t আখৰেৰে নামকৰণ কৰিলে। বিশুদ্ধ ঘূৰণীয়া গুটিৰ গছ হ’ল RRTT আৰু বিশুদ্ধ শোটোৰা গুটিৰ চাপৰ গছ হ’ব rrtt । প্ৰথমবিধ RT আৰু দ্বিতীয় বিধ rt জননকোষৰ সৃষ্টি কৰিব। গতিকে প্ৰথম পিৰিৰ গছবোৰ হ’ব Rt Tr । এই সংকৰ গছৰ পৰা চাৰি প্ৰকাৰৰ জনন কোষ পোৱা যায়। এই চাৰি প্ৰকাৰৰ জননকোষ হৈছে— RT, Rt, rT, rt.
(ক) জিন আৰু এলিলি
(খ) জিনটাইপ আৰু ফিনটাইপ
উত্তৰঃ- কোনো জীৱৰ সমগ্ৰ জিনৰ সমষ্টিয়েই হৈছে জিন'টাইপ। TT, tt আৰু tt জিন'টাইপ। অৰ্থাৎ জিনৰ উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি যি প্ৰকাৰৰ বিভাগ কৰা হয় তাক জিন'টাইপ বোলে।মেণ্ডেলৰ এক সাংকৰিক পৰীক্ষাৰ 1:2:1 অনুপাতটো জিন'টাইপৰ ওপৰত নিৰ্ভৰ কৰি কৰা হৈছে।
জীৱদেহত প্ৰকাশিত চৰিত্ৰবোৰৰ সমষ্টিকেই ফিন'টাইপ বোলে।অৰ্থাৎ ফিন'টাইপ হৈছে কোনো জীৱৰ বাহ্য়িক আকৃতি বা ৰূপ। মেণ্ডেলৰ একসংকৰ পৰীক্ষাৰ ফলস্বৰূপে পোৱা 3:1 অনুপাতটো ফিন'টাইপৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ইয়াত TT আৰু Tt গছৰ বাহ্য়িক ৰূপ হ'ল ওখ আৰু tt ৰ চাপৰ।
উত্তৰঃ- জিনৰ জৰিয়তে।
৩। মানুহৰ দেহত কিমান যোৰ ক্ৰম'জ'ম আছে?
উত্তৰঃ- ২৩ যোৰ।
৪। মেণ্ডেলে নিজৰ আৱিষ্কাৰসমূহৰ বিষয়ে ক'ত প্রকাশ কৰিছিল?
উত্তৰঃ- বন'ৰ নেচাৰেল হিষ্টৰি ছ'ছাইটিৰ আলোচনীত।
৫। মেণ্ডেলৰ একসংকৰ অনুপাতটো কি?
উত্তৰঃ- ২:১ বা ৩:১
৬। মেণ্ডেলৰ দ্বিসংকৰ অনুপাতটো কি?
উত্তৰঃ- ৯:৩:৩:১
৭। মানৱ দেহত কেই প্ৰকাৰৰ কোষ থাকে?
উত্তৰঃ- দুই প্ৰকাৰৰ।
New Update 2026
**********
Old book questions & Answers
(not important)
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Type - Ishan Dev Bora
Answered By : Himashree Bora.
Post ID :DABP003643
.jpg)