Chapter 6

উত্তৰ-পূৱ ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা
(Ethnographic Profile of North-East India)

অনুশীলনীঃ

১। গাৰোসকলৰ ডেকা চাংক কি বুলি জনা যায়?
উত্তৰঃ- গাৰোসকলৰ ডেকা চাং ক নকপাস্তে বুলি জনা যায়।

২। উত্তৰ-পূৱ ভাৰতৰ দুটা মাতৃ সুত্ৰী জনগোষ্ঠীৰ নাম লিখা।
উত্তৰঃ- 
উত্তৰ-পূৱ ভাৰতৰ দুটা মাতৃ সুত্ৰী জনগোষ্ঠীৰ নাম হ’ল গাৰো আৰু খাছি।

৩। গাৰোসকলৰ প্ৰধান উৎসৱ কি?
উত্তৰঃ- 
গাৰোসকলৰ প্ৰধান উৎসৱ হ’ল ৱানগালা।

৪। মিচিংসকলৰ প্ৰধান কৃষি ভিত্তিক উৎসৱ কি?
উত্তৰঃ- 
মিচিংসকলৰ প্ৰধান কৃষি ভিত্তিক উৎসৱ হ’ল আলি আয়ে লৃগাং।

৫। আওঁ নগাসকলৰ তিনিটা খেলৰ নাম লিখা।
উত্তৰঃ- 
আওঁ নগাসকলৰ তিনিটা খেলৰ নাম হ’ল চোংলি, মংছেন আৰু চাংকি।

৬। আওঁ নগাসকলৰ ডেকা চাংৰ নাম কি?
উত্তৰঃ- 
আওঁসকলৰ ডেকা চাংৰ নাম হ’ল মোৰাং।

৭। আপাটানিসকলৰ গাওঁ শাসন ব্যৱস্থাক কি বোলে?
উত্তৰঃ- 
আপাটানিসকলৰ গাঁও শাসন ব্যৱস্থাক বুলিয়াং বোলে।

৮। বুলিয়াং কি? ই কেইপ্ৰকাৰৰ?
উত্তৰঃ- 
আপাটানি জনগোষ্ঠীৰ মাজত কোনো কেন্দ্ৰীয় শাসন ব্যৱস্থা নাথাকে। ইয়াৰ পৰিৱৰ্তে, প্ৰতিটো গোত্ৰৰ কৰ্মঠ, ব্যক্তিত্বসম্পন্ন আৰু প্ৰভাৱশালী ব্যক্তিসকলৰ দ্বাৰা গঠিত এক প্ৰতিনিধিত্বমূলক ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ সামাজিক কাম-কাজ আৰু শাসন কাৰ্য পৰিচালিত হয়। এনে প্ৰতিনিধিসকলক 'বুলিয়াং' বুলি কোৱা হয় আৰু এই বুলিয়াং তিনি প্ৰকাৰৰ।

৯। উত্তৰ-পূৱ ভাৰতৰ এটি পশুপালক জনজাতিৰ নাম লিখা।
উত্তৰঃ- 
ত্তৰ-পূৱ ভাৰতৰ এটি পশুপালক জনজাতিৰ নাম হ’ল গাৰো। 

১০। উত্তৰ-পূৱ ভাৰতৰ এটা বেদিকা কৃষক সম্প্ৰদায়ৰ নাম লিখা।
উত্তৰঃ- 
উত্তৰ-পূৱ ভাৰতৰ এটা বেদিকা কৃষক সম্প্ৰদায়ৰ নাম হ’ল আপাটানি।

১১। খনিত্র কি কৃষি কাৰ্য্যত ব্যৱহাৰ কৰা হয়?
উত্তৰঃ- 
 খনিত্ৰ ঝুম খেতিত ব্যৱহাৰ কৰা হয়।

১২। উত্তৰ-পূৱ ভাৰতৰ দুটা স্থানান্তৰিত কৃষক সম্প্ৰদায়ৰ নাম লিখা।

উত্তৰঃ- উত্তৰ-পূৱ ভাৰতৰ দুটা স্থানান্তৰিত কৃষক সম্প্ৰদায়ৰ নাম হ’ল গাৰো আৰু নগা।


Additional Question Answer: 

১। গাৰোসকলৰ প্ৰধান পনীয়বিধক কি নামেৰে জনা যায়?

উত্তৰঃ ''চু'' নামেৰে জনা যায়। 

২। গাৰোসকলে ৰংচুগালা কেতিয়া পালন কৰে ?

উত্তৰঃ ঝুমখেতি পথাৰত যেতিয়া বীজখিনি আধা পকিবলৈ ধৰে তেতিয়া ৰংচুগালা পালন কৰে। 

৩। ''The Garos'' নামৰ গ্ৰন্থখনৰ লিখক কোন?

উত্তৰঃ Major Playfair 

৪। গাৰোসকলৰ চাংঘৰটো বহল আৰু দীঘল কিমান?

উত্তৰঃ গাৰোসকলৰ চাংঘৰটো ৯ মিটাৰ বহল আৰু ১৮ মিটাৰ দীঘল।

৫। গাৰোসকলৰ চাংঘৰৰ প্ৰধান কোঠালীটোক কি বুলি কোৱা হয়?

উত্তৰঃ গাৰোসকলৰ চাংঘৰৰ প্ৰধান কোঠালীটোক দোংৰামা বুলি কোৱা হয়।

৬। গাৰোসকলৰ চাংঘৰৰ দোংৰামা কোঠালীটো কি কামৰ বাবে ব্য়ৱহাৰ কৰো হয়?

উত্তৰঃ আলহী-অতিথি আপ্য়ায়ন কৰিবলৈ ব্য়ৱহাৰ কৰা হয়।

৭। গাৰোসকলৰ চাংঘৰৰ চাংখন কিমান ফুট উচ্চতাত সজা হয়?

উত্তৰঃ ৬-৭ ফুট উচ্চতাত সজা হয়।

৮। গাৰোসকলৰ চাংঘৰত থকা জিৰণী লোৱা চাংখনক কি বুলি কোৱা হয়?

উত্তৰঃ আলেং বুলি কোৱা হয়।

৯। গাৰোসকলৰ সমাজ সংগঠনক কি বুলি কোৱা হয়?

উত্তৰঃ নোক বুলি কোৱা হয়।

১০। গাৰোসকলৰ ডেকাচাং খনক কি বুলি কোৱা হয়?

উত্তৰঃ নোকপান্তে।

১১। গাৰোসকলৰ সাজপাৰ কি ?

উত্তৰঃ গানদো বা কৌপিন, ৰেখিং আৰু গানা। 

১২। মিচিং সকলৰ প্ৰধান খেতি কি?

উত্তৰঃ আহুধানৰ খেতি ।

১৩। মিছিংসকলে আলী-আয়ে লিগাং কেতিয়া পালন কৰে?

উত্তৰঃ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে।

১৪। মিচিংসকলৰ ভাষাত গাৱঁখনক কি বুলি কোৱা হয়?

উত্তৰঃ দুলুং।

১৫। মিছিংসকলৰ চাংঘৰটো কিমান বহল আৰু কিমান দীঘল?

উত্তৰঃ ৬মিটাৰ বহল আৰু ১৮ মিটাৰ দীঘল।

১৬। মিছিংসকলৰ পনীয়বিধক কি নামেৰে জনা যায়?

উত্তৰঃ আপংবা চাইমদ।

১৭। মিছিং গাভৰু সকলে পৰিধান কৰা পোছাকক কি কি নামেৰে জনা যায়?

উত্তৰঃ ৰিবি, আৰু গাচেং।

১৮। মিছিং সকলৰ মাছমৰা সঁজুলীক কি নামেৰে জনা যায়?

উত্তৰঃ দিৰদাং, দিবাং আৰু চালনী। 

১৯। মিছিংসকলৰ পুৰুষে পৰিধান কৰা সাজপাৰক কি কি নামেৰে জনা যায়?

উত্তৰঃ মিকু গালুক আৰু টঙালি। 

২০। আপাটানি সকলৰ গাওঁ শাসন ব্য়ৱস্থাক কি বুলি জনা যায়?

উত্তৰঃ বুলিয়াং।

২১। আপাটানি সকল কত বাস কৰে?

উত্তৰঃ অৰুণাচল প্ৰদেশৰ শোৱণশিৰি জিলাত। 

২২। আপাটানি সকল কি ভাষাগোষ্ঠীৰ লোক?

উত্তৰঃ তীব্বত ধৰ্মীয় ভাষাগোষ্ঠীৰ লোক।

২৩। আওনগা সকলৰ মাজত থকা ডেকাচাংক কি বুলি জনা যায়?

উত্তৰঃ মোৰাং।

২৪। মোৰাংৰ মূখ্য় উদ্দেশ্য় কি?

উত্তৰঃ গাওঁখনক বাহিৰা শত্ৰুৰ পৰা ৰক্ষা কৰা।

২৫। আওনগা সকলৰ প্ৰধান সমাজ সংগঠনক কি বুলি জনা যায়?

উত্তৰঃ চোংলি,মংছেন আৰু চাংকি।

২৬। আওনগা সকলৰ প্ৰধান ভাষা কি?

উত্তৰঃ চোংলি। 

Answer by- Dikha Bora 


  





Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)


Type- Ishan Dev Bora............

Answered By : Himashree Bora.

Post ID :DABP003648


New Update 2026