Chapterঃ 6

উত্তৰ-পূৱ ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা 

(Ethnographic Profile of North-East India)

অনুশীলনীঃ

    👉Download Free PDF
    👉Paid answer          (Buy Now)

১। গাৰোসকলৰ ডেকা চাংক কি বুলি জনা যায়?

২। উত্তৰ-পূৱ ভাৰতৰ দুটা মাতৃ সুত্ৰী জনগোষ্ঠীৰ নাম লিখা।

৩। গাৰোসকলৰ প্ৰধান উৎসৱ কি?

৪। মিচিংসকলৰ প্ৰধান কৃষি ভিত্তিক উৎসৱ কি?

৫। আওঁ নগাসকলৰ তিনিটা খেলৰ নাম লিখা।

৬। আওঁ নগাসকলৰ ডেকা চাংৰ নাম কি?

৭। আপাটানিসকলৰ গাওঁ শাসন ব্যৱস্থাক কি বোলে?

৮। বুলিয়াং কি? ই কেইপ্ৰকাৰৰ?

৯। উত্তৰ-পূৱ ভাৰতৰ এটি পশুপালক জনজাতিৰ নাম লিখা।

১০। উত্তৰ-পূৱ ভাৰতৰ এটা বেদিকা কৃষক সম্প্ৰদায়ৰ নাম লিখা।

১১। খনিত্র কি কৃষি কাৰ্য্যত ব্যৱহাৰ কৰা হয়?

১২। উত্তৰ-পূৱ ভাৰতৰ দুটা স্থানান্তৰিত কৃষক সম্প্ৰদায়ৰ নাম লিখা।


**********

Old book questions & Answers

(not important)


1. (Ecology) শব্দটো পোনে প্ৰথমে কোনো উদ্বাৱন কৰিছিল?

উত্তৰঃ আৰ্ণষ্ট হেকেল।

2. পৰিৱেশৰ সংজ্ঞা দিয়া।

উত্তৰঃ জীৱৰ উৎপতি স্থল আৰু বিচৰণ ভূমি হৈছে পৰিৱেশ। পৃথিৱী সৃষ্টিৰ পাছতেই পৰিৱেশ সৃষ্টি হয়। জীৱ সৃষ্টি হোৱাৰ পূৰ্বে পৰিৱেশৰ সৃষ্টি হৈছে। পৰিৱেশ সৃষ্টি হোৱা কাৰণেই জলমণ্ডল, স্থলমণ্ডল  আৰু বায়ু মণ্ডলৰ সৃষ্টি হ'ল। পৰিৱেশৰ বিভিন্ন উপাদানৰ ওপৰত নিৰ্ভ কৰি মানুহ, জীৱ-জন্তু আৰু উদ্ভিদৰ সৃষ্টি হয়। জীৱৰ জীৱন-ধাৰণ, বংশ বৃদ্ধি পৰিৱেশৰ উপাদান সমূহৰ ওপৰত নিৰ্ভৰশীল।  


3. পৰিস্থিতি বিজ্ঞান কি?

উত্তৰঃ বেলেগ বেলেগ জীৱৰ আকৃতি, প্ৰকৃতি আৰু বাসভূমি বেলেগ হ'লেও একে পৰিৱেশত বাস কৰা ভিন ভিন জীৱৰ মাজত এক পাৰস্পৰিক সম্বন্ধ গঢ়ি উঠে আৰু সিহঁতৰ এই পাৰস্পৰিক নিৰ্ভৰশীলতা পৰিৱেশৰ সৈতে কি ধৰণে বৰ্তাই ৰাখে সেই বিষয়ে অধ্য়য়ন কৰা বিষয়টোক পৰিস্থিতি বিজ্ঞান বুলি কোৱা হয়।

4.জল চক্ৰ কি?

উত্তৰঃ সূৰ্যৰ তাপত পৃথিৱীৰ নদ-নদী, হ্ৰদ, সাগৰ-মহাসাগৰৰ পৰা পানী ভাপ হৈ ওপৰলৈ উঠি যায় আৰু সেই ভাপ বায়ুৰ চেঁচা স্তৰত জমা হৈ মেঘ হিচাপে ঘণীভূত হয়। মেঘৰ পৰা বৰষুণ হয়। এইদৰে পানীৰ পৰা ভাপ, ভাপৰ পৰা মেঘৰ পৰা বৰষুণ হয়। এই কাৰ্য অবিৰামভাৱে চক্ৰাকাৰে চলি থাকে। ইয়াকে জলচক্ৰ বোলা হয়। 

  

5. ফাইট'প্লেংকটন কি?

উত্তৰঃ পুখুৰীৰ পানীৰ এপৰত তৰপটোক 'উৎপাদক' তৰপ বোলে। পানীৰ ওপৰ পৃষ্ঠৰ পৰা যিমান দ'লৈ সূৰ্যৰ ৰশ্মি প্ৰৱেশ কৰে, সেই অঞ্চটোক উৎপাদক তৰপ বোলে। ইয়াত দুই প্ৰকাৰৰ উদ্ভিদ দেখা যায়। এইবোৰৰ কিছুমান ডাঙৰ। ইহঁতে পানীত উপঙি থাকে অথবা বুৰগৈ থাকে। দ্বিতীয় প্ৰকাৰৰ উদ্ভিদ নিচেই সৰু। ইহঁতৰ কিছুমানক খালী চকুৰে দেখা নাযায়। শেলাই জাতীয় এনে উদ্ভিদবোৰ পানীৰ তলত থাকে। এইবোৰক প্লৱক বা ফাইট'প্লেংকটন বোলে।    

6. স্মগ বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া বায়ুত ছালফাৰ-ডাই-অক্সাইড আৰু অন্য়ান্য় গেছীয় পদাৰ্থৰ পৰিমান বেছি হয়, তেতিয়া ঔদ্য়োগিক অঞ্চলত এক ঘন ধূঁৱলী-কুৱলীময় অৱস্থাৰ সৃষ্টি হয়। এনে ঘন ধূঁৱলী-কুৱলীময় অৱস্থাক 'স্মগ' বোলা হয়।

7. সেউজ গৃহ প্ৰভাৱ কি?

উত্তৰঃ  পৃথিৱীত উষ্ণতা নিয়ন্ত্ৰিত সীমাত আছে সেউজ গৃহৰ প্ৰভাৱত। সেইু গৃহ প্ৰভাৱ জীৱ মণ্ডলৰ বাবে অত্য়ন্ত অপৰিহাৰ্য্য়। এই প্ৰভাৱ থকা বাবেই পৃথিৱীখন জীৱৰ বসবাসৰ উপযোগী হৈ আছে। সূৰ্যৰ পৰা বিকিৰিত হোৱা অতি বেঙুনীয়া ৰশ্মিয়ে সেইজ গৃহত থকা গেছসমূহ শুহিলৈ পৃথিৱীখনক এক অনুকুল উষ্ণতাত ৰাখিছে। 

8. এছিড বৰষুণ কি?

উত্তৰঃ যান-বাহন আৰু কল-কাৰাখানাত ব্যৱহাৰ কৰা ইন্ধন দহন হৈ ছালফাৰ-ডাই-অক্সাইড গেছ নিৰ্গত হয়। নিৰ্গত হোৱা ছালফাৰ-ডাই-অক্সাইড বায়ুমণ্ডলত থকা পানীৰ সংস্পশলৈ আহিলে ছালফিউৰিক এছিডলৈ ৰূপান্তৰিত হয়। এই ছালফিউৰিক এছিড বৰফুণৰ পানীৰ সৈতে মিহলি হৈ পৃথিৱীত পৰিলে, তেনে বৰষুণক এছিড বৰষুণ বোলে।   

9. পাৰিস্থিতি সমতা কি?

উত্তৰঃ পৰিস্থিতিক তন্ত্ৰত জীৱৰ সংখ্য়াই বৃদ্ধি হ'লে বিভিন্ন কাৰকৰ দ্বাৰা সেই সংখ্য়া নিয়ন্ত্ৰত অৱস্থালৈ আহে। জীৱৰ সংখ্য়া বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্য় কিছুমান প্ৰাকৃতিক কাৰকে প্ৰত্য়াৱৰ্তন পদ্ধতিৰ জৰিয়তে পূৰ্বৰ অৱস্থালৈ আনে আৰু পৰিস্থিতি তন্ত্ৰ নিয়ন্ত্ৰণ কৰে। এইদৰে প্ৰাণী আৰু উদ্ভিদে ভাৰাসাম্য় অটুট ৰাখি পৰিস্থিতিক সমতা বজাই ৰাখে।

10.খাদ্যশৃংখল আৰু খাদ্যজাল বুলিলে কি বুজা?

উত্তৰঃ খাদ্য়শৃংখলঃ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা নিৰ্ভশীলতাৰ জৰিয়তে শক্তিৰ ৰূপান্তৰ ঘটা আৰু পৰিবহন শৃংখলাবদ্ধভাৱে চলি থকা প্ৰক্ৰিয়াটোক খাদ্য়শৃংখল বোলে।


খাদ্যজালঃ স্বাভাৱিক অৱস্থাক পৰিস্থিতিতন্ত্ৰ এটাত এবিধ জীৱই আন একাধিক জীৱৰ সৈতে সংযোগ স্থাপন কৰি দেখাত একোখন জালৰ নিচিনা থাকে। এনেদৰে এটাই আনটো খাদ্য়শৃংখলৰ সৈতে সংযোগ স্থাপন কৰি একোখন জালৰ নিচিনাকৈ থাকে। ইয়াকে খাদ্য়জাল বুলি কোৱা হয়।

11. ভৌতিক পৰিৱেশ আৰু জীৱ পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ পৰিৱেশৰ জড় উপাদান সমূহক ভৌতিক বা অজৈৱিক পৰিৱেশ বোলে। আনহাতে, জৈৱিক উপাদান সমূহৰ পাৰস্পৰিক ক্ৰিয়া-বিক্ৰিয়াক জীৱ পৰিৱেশ বুলি কােৱা হয়। 


12.সামাজিক-সাংস্কতিক পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ মানুহৰ দৈনন্দিন জীৱন প্ৰবাহ আৰ্থসামাজিক আৰু সাংস্কৃতিক পৰিমণ্ডলে প্ৰভাৱান্বিত কৰে। ইয়াক সামাজিক সাংস্কৃতিক পৰিৱেশ বুলি কোৱা হয়।  


13. পাৰিস্থিতিক বিজ্ঞানক কিয় "পৰিৱেশিক জীৱবিজ্ঞান" বুলি কোৱা হয়?

উত্তৰঃ 

14. পৰিৱেশৰ মূখ্য উপাদান সমূহ কি কি?

উত্তৰঃ পৰিৱেশৰ মুখ্য উপাদান সমূহ হ'ল- বায়ু, পানী আৰু মাটি।

15. পাৰিস্থিতিক সন্তুলন ধবংসৰ মূল কাৰকবোৰ কি কি?

উত্তৰঃ পৰিস্থিতি সন্তুলন ধ্বংসৰ কাৰকবোৰ হ'ল- শব্দ প্ৰদূষণ, মাটি প্ৰদূষণ, বায়ু প্ৰদূষণ আৰু পানী প্ৰদূষণ আদি।

16. পৰিস্থিতি তন্ত্ৰৰ মূল  উপাদান সমূহ কি কি?

উত্তৰঃ পৰিস্থিতি তন্ত্ৰৰ মূল উপাদান দুটা। সেইকেইটা হ'ল- জৈৱিক উপাদান আৰু অজৈৱিক উপাদান।

17. 'পুখুৰী পৰিস্থিতি তন্ত্ৰৰ এটা উত্তম উদাহৰণ'-  বাখ্যা কৰা।

উত্তৰঃ নিৰ্মল পানীৰ পুখুৰী পৰিস্থিতি তন্ত্ৰৰ এক উত্তম উপায়। কাৰণ পুখুৰীৰ আবদ্ধ পানী ভাগত উ্ৎপাদক সেউজীয়া উদ্ভিদ, উপভোক্তা আৰু বহু প্ৰকাৰৰ মাছ, কাছ, সাপ, ভেকুলী আৰু বিয়োজক অনুজীৱও থাকে। ইয়াৰ উপৰিও পুখুৰীত অজৈৱিক উপাদান- পানী, মাটি আৰু বায়ু থাকে। পুখুৰীত থকা জৈৱিক উপাদানসমূহৰ সৈতে অজৈৱিক উপাদানসমূহৰ এক পাৰস্পৰিক সম্পৰ্ক থকা দেখা যায়।

        পুখুৰীৰ পানীৰ ওপৰৰ তৰপটোত বহু ধৰণৰ উদ্ভিদ উপঙি থাকে। এনেকৈ উপঙি থকা উদ্ভিদবোৰ সূৰ্যৰ তাপ আৰু পোহৰৰ সহায়ত খাদ্য উৎপাদন কৰে। সেইকাৰণে পুখুৰীৰ ওপৰৰ তৰপটোক 'উৎপাদক তৰপ' বোলে। অৱশ্যে শেলাই জাতীয় উদ্ভিদবোৰ পানীৰ তলত বোৰ গৈ থাকে। এইবোৰ উদ্ভিদক প্লৱক বা ফাইট'প্লেংটন বোলে। পুখুৰীৰ পানী ভাগৰ ওপৰৰ তৰপত বাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণী আৰু কিছুমাণ উদ্ভিদ ভক্ষণ কৰি সৰু মাছ বোৰ জীয়াই থাকে। ডাঙৰ মাছবোৰ আকৌ সৰু সৰু মাছ ভক্ষণ কৰে। পুখুৰীত বাস কৰা সাপে ভেকুলী খায়। পুখুৰাত থকা বেক্টেৰীয়া, ভেঁকুৰ আদি অণুজীৱই মৃত মাছ, সাপ, বেং আদিৰ পচন ঘটাই মাটিৰ সৈতে মিলি যোৱাত সহায় কৰে। পুখুৰীৰ পানীভাগৰ পৰিমাণ ওপৰতে পুখুৰীত কোনো প্ৰকাৰৰ জীৱ কিমান সংখ্যক থাকিব সেইটো নিৰ্ভৰ কৰে।   

18. "প্ৰাকৃতিক ভাৰাসাম্য বিনষ্ট কৰাত মানুহেই প্ৰধান কাৰক"- বাখ্যা কৰা।

উত্তৰঃ  পৃথিৱী হ'ল মানুহৰ একমাত্ৰ বহনক্ষম বাসভূমি। মানুহে জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা পৰিৱেশ অকল পৃথিৱীত হে পোৱা যায়। মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক নিৱিড় । এই সম্পৰ্ক গঢ় লৈ উঠে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ আৰু ইয়াৰ জৰিয়তে হোৱা অলাগতিয়াল দ্ৰব্যৰ নিৰ্গমণৰ দ্বাৰা। অলাগতিয়াল দ্ৰব্যৰ নিৰ্গমণতে নিহিত হৈ আছে প্ৰকৃতি বিনষ্ট হোৱাৰ হোৱাৰ প্ৰধান কাৰণ। মানুহে সংস্কৃতিসম্পন্ন প্ৰাণী। মানুহে নিজৰ জ্ঞান-বুদ্ধিৰ প্ৰয়োগকৰি পেৰাকৃতিক সম্পদক নিজ ইচ্ছামতে ব্যৱহাৰ কৰে। মানৱ সভ্যতাৰ বিকাশৰ লগে লগে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ ব্যাপক হাৰত হ'বলৈ লৈছে। প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰে পৰিৱেশ বিনষ্ট কৰিছে। পশুপালন আৰু কৃষিৰ জৰিয়তে খাদ্য উৎপাদন, জুইৰ ব্যৱহাৰ আৰু চকাৰ অৱিষ্কাৰে মানৱ সভ্যতাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মানুহে খেতিপথাৰ উলিওৱাৰ বাবে আৰু স্থায়ীভাৱে বসবাস কৰা কাৰণে ঘৰ-দুৱাৰ নিৰ্মাণৰ উদ্দেশ্য গছ-গছনি কটা আৰম্ভ কৰিলে।জনসংখ্যা বৃদ্ধিৰ লগে লগে জধে মধে গছ-গছনি কটা বেছি হ'ল। ইয়াৰ ফলত বন্য জীৱ-জন্ত বিলুপ্ত হৈছে। একেদৰে প্ৰাকৃতিক ভাৰাসাম্য বিনষ্ট হৈ অত্যাধিক খৰাং বতৰ, বানপানী, ভূমিস্খলন আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগবোৰ, সঘনাই হ'বলৈ লৈছে। মানুহে সৃষ্টি কৰা কল-কাৰাখানা পৰা নিৰ্গত হোৱা বিষাক্ত ধোৱা আৰু প্ৰাণীয়ে পৃথিৱীৰ বায়ুমণ্ডল আৰু জলমণ্ডল প্ৰদূষিত হৈছে। ইয়াৰ ফলত জলমণ্ডল আৰু বায়ুমণ্ডলত বাস কৰা জীৱবোৰ জীৱন ধাৰণ প্ৰণালীত সংকট আহিছে। মানুহেও ইয়াৰ কুফল ভোগ কৰিছে। বৰ্তমান বিভিন্ন প্ৰকাৰৰ বেমাৰ-আজাৰে মানুহক জুৰুলা কৰিছে। মানৱসৃষ্ট নদীবান্ধে প্ৰকৃতি বিনষ্ট কৰিছে। সেয়েহে ক'বপাৰি যে প্ৰকৃতিক সম্পদ বিনষ্ট কৰাত মানুহে প্ৰধান কাৰক।      

19. উৎপাদক, উপভোক্তা আৰু বিযোজক কাক বোলে?

উত্তৰঃ ৎপাদক: পৰিস্থিতি তন্ত্ৰক খাদ্য উৎপাদন কৰা উৎপাদনকে ৎপাদক বোলে।

          উপভোক্তা: যিবোৰ প্ৰাণীয়ে আন জীৱ ভক্ষণ কৰি জীয়াই থাকে তেনেবোৰ জীৱক উপভোক্তা বোলে।
          বিযোজক:  জীৱ জগতত কিছুমান অণুজীৱ থাকে যিবোৰে মৃত প্ৰাণীৰ দেহ ভক্ষণ কৰি জীয়াই থাকে। এই অণুজীন বোৰ পৰিস্থিতি তন্ত্ৰত থাকি মৃত গছ গছনি আৰু প্ৰাণীৰ পচন ঘটাই জটিল যৌগবোৰ ভাঙি সৰল কৰে। তাৰে কিছুমান অংশ নিজেই ব্যৱহাৰ কৰি অজৈৱ পৰ্দাথখিনি উৎপাদকে ব্যৱহাৰ কৰিব পৰাকৈ মুকলি কৰি দিয়ে। এই শ্ৰেণীৰ প্ৰাণীক বিযোজক বোলা হয়।       
            

20. ভূ-ৰাসায়নিক চক্ৰ বুলিলে কি বুজা?

উত্তৰঃ পৰিস্থিতি তন্ত্ৰত উৎপাদকবোৰ হ'ল স্ব-পুষ্ট, ভক্ষকবোৰ পৰপুষ্ট আৰু বিযোজক বা অপঘটকবোৰ হ'ল মৃত জীৱি বা মৃতপুষ্ট। উৎপাদক, উপভোক্তা, আৰু বিযোজকৰ মাজত শক্তিৰ পাৰস্পৰিক আদান-প্ৰদান চলি থাকে। শক্তিৰ পৰিবহন আৰু খনিজ পোষক দ্ৰব্যৰ আদান-প্ৰদান অবিৰাম চক্ৰীয় গতিত চলি থাকে। এই চক্ৰকে জৈৱ ভূ-ৰাসায়নিক চক্ৰ বোলে। 

21. ভূ-উষ্মীকৰণ কি?

উত্তৰঃ  বায়ু প্ৰদূষণৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত সেউজ গৃহৰ গেছৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে। সেউজ গৃহ গেছৰ বৃদ্ধিৰ লগে লগে পৃথিৱীত উষ্ণতাও বৃদ্ধি পাবলৈ ধৰিছে। পৃথিৱীৰ বায়ুমণ্ডলৰ ক্ৰমবৰ্ধমান এই উষ্ণতাকে ভূ-উষ্মীকৰণ বোলে। 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Type- Ishan Dev Bora............

Answered By : Himashree Bora.



Post ID :DABP003648