অধ্য়ায় ১ 

ফ্ৰেন্স বিপ্লৱ আৰু ইয়াৰ ইউৰোপীয় প্ৰতিধ্বনি

প্ৰশ্নাৱলী

অতি চমু প্ৰশ্ন (Very brief questions):
১। কিমান চনত ফ্ৰেন্স বিপ্লৱ সংঘটিত হৈছিল ? 
(In which year the French Revolution occured?) 

উত্তৰঃ   ১৭৮৯ চনত ফ্ৰেন্স বিপ্লৱ সংঘটিত হৈছিল । 

২। ফ্রেন্স বিপ্লৱ কিয় সংঘটিত হৈছিল ? 
(Why the French Revolution occured?)
উত্তৰঃ   জনসাধাৰণৰ মাজত থকা সামাজিক আৰু অৰ্থনৈতিক অসমতা দূৰ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হোৱাৰ ফলতে ফ্ৰেন্স বিপ্লৱ সংঘটিত হৈছিল । 

৩। ‘পুৰণি ব্যৱস্থা’ মানে কি বুজা? 
(What do you mean by the term "Ancient Regime".?)
উত্তৰঃ পুৰণি ব্যৱস্থা মানে হল  ফ্ৰেন্সৰ বিপ্লৱৰ আগৰ অৱস্থা । 

৪। “সকলো লেখকৰ লেখাসমূহে ফ্রেন্স বিপ্লৱৰ পটভূমি ৰচিছিল” —— কোনে কৈছিল? 
(Who said the, "Writers of all kinds prepared the French Revolution")
উত্তৰঃ  সকলো লেখকৰ লেখাসমূহে ফ্ৰেন্স বিপ্লৱৰ পটভূমি ৰচিছিল এই কথাষাৰ ইতিহাসবিদ কেটেলবেই কৈছিল । 

৫। ‘ক্ষমতাৰ পৃথকীকৰণ তত্ত্ব’ৰ মুখ্য পৃষ্ঠপোষক লেখকগৰাকী নাম লিখা ৷ 
(Name the author who primely advocated the "Theory of separation of powers.)
উত্তৰঃ  ক্ষমতাৰ পৃথকীকৰণ তত্ত্বৰ মুখ্য পৃষ্ঠপোষক লেখকগৰাকীৰ নাম হল মন্টেস্কু । 

৬। "ভ’ল্টেয়াৰৰ প্ৰকৃত নাম কি? 
(What is the original name voltaire?)
উত্তৰঃ  ভল্টেয়াৰৰ প্ৰকৃত নাম হল ফ্ৰেন্সৱা মেৰি অৰউৱে ।

৭। ফ্ৰেন্স বিপ্লৱৰ মহান আদর্শ, “স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ” জন্মদাতা কোন আছিল? 
(Who originated the great ideals of French Revolution, the "Liberty, Equality and Fraterity")
উত্তৰঃ  ফ্ৰেন্স বিপ্লৱৰ মহান আদৰ্শ, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ জন্মদাতা আছিল জিন জ্যাক ৰুছো ।

৮। “ছ’চিয়েল কনট্রেক্ট” (The social contact) অর্থাৎ ‘সামাজিক চুক্তি’ গ্ৰন্থখনৰ লেখক কোন? 
(Who is the author of "The social contract"?)
উত্তৰঃ  ছচিয়েল কনট্ৰেক্ট অৰ্থাৎ সামাজিক চুক্তি গ্ৰন্থখনৰ লেখক হল জিন জ্যাক ৰুছো । 

৯। ‘উদাৰতাৰ পিতৃ’ কোন বুলি আখ্যা দিয়া হয়? 
(Who was called as the "Father of Liberalism"?)
উত্তৰঃ উদাৰতাবাদৰ পিতৃ বুলি জন লকক কোৱা হয় । 

১০। ‘পেৰিছ চলন’ কি? 
(What is "Paris Salons"?)
উত্তৰঃ  

১১। লিংগ সমতাৰ হকে লিখা-মেলা কৰা কোনগৰাকী ফ্রেন্স মহিলা লেখিকাক মৃত্যুদণ্ড দিয়া হৈছিল? 
(Name the Frence lady writer who was guillotined for writing about the gender equality?)
উত্তৰঃ  লিংগ সমতাৰ হকে লিখা-মেলা কৰা অলিম্পে ডি গৌগেছ নামৰ ফ্ৰেন্স মহিলা লেখিকাক মৃত্যুদণ্ড দিয়া হৈছিল । 

১২। ফ্ৰেন্সৰ জেনেৰেল ইষ্টেটচ বুলিলে বুজা? 
(What is the 'General Estate' of France?)
উত্তৰঃ   

১৩ । কোন চনত বিপ্লৱী ফ্রেন্সে “পুৰুষ আৰু নাগৰিক অধিকাৰ” ঘোষণা কৰিছিল? 
(In which year revolutionary France passed the, "Declaration of Rights of men and citizen"?)
উত্তৰঃ   ১৭৮৯ চনৰ মেত বিপ্লৱী ফ্ৰেন্সে পুৰুষ আৰু নাগৰিক অধিকাৰ ঘোষণা কৰিছিল । 

১৪। “আমাক ব্রেড দিয়ক” বুলি দাবী তুলি কোনে পেৰিছৰ পৰা ভাৰ্চাই প্রাসাদলৈ পদযাত্ৰা কৰিছিল?  (Who marched towards the Versailles palace from Paris demanding, "We want bread".)
উত্তৰঃ 

১৫। কোনখন আইনক ‘সন্ত্ৰাসৰ ৰাজত্বৰ আত্মা’ আখ্যা দিয়া হয়?(Which Act was termed as the 'soul of the reign of terror"?)
উত্তৰঃ  ১৭৯৩ চনৰ ৬ এপ্ৰিলত জনসাধাৰণৰ বাবে ৰাজহুৱা সুৰক্ষা সমিতি নামৰ এখন সমিতি গঠন কৰা হয় । এই সমিতিখনকে পৰৱৰ্তী পৰ্যায়ত আইন হিচাপে সূচনা কৰা হৈছিল । সেইকাৰণে এই আইনখনক সন্ত্ৰাসৰ ৰাজত্বৰ আত্মা আখ্যা দিয়া হয় । 

 ১৬। গিলোটিন কি? 
(What is 'Guillotiene'?)
উত্তৰঃ  গিলোটিন হল এবিধ শিৰচ্ছেদ কৰা শাল । 

১৭। কোনে কৈছিল, “হে! স্বাধীনতা, ‘তোমাৰ নামত কিমান অপৰাধ হ’ব? ”? 
(Who said, "Hi! Liberty, how many crimes will be committed in your's name.")
উত্তৰঃ  হে স্বাধীনতা, তোমাৰ নামত কিমান অপৰাধ হব এই কথাষাৰ মেডাম ৰ'লেণ্ডই গিলোটিনৰ সন্মুখলৈ নিয়াৰ সময়ত কৈছিল । 

৮। ‘থার্মিড’ৰিয়না বিপ্লৱ’ কি? 
(What is the" Thermidorian Revolution")
উত্তৰঃ  ১৭৯৪ চনৰ ২৭ জুলাই তাৰিখে ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি থকা অৱস্থাত ৰবছপীয়েৰক বিৰোধীসকলে ঘেৰি ধৰি বন্দী কৰে আৰু পৰৱৰ্তী দিনত বা ১৭৯৪ চনৰ ২৮ জুলাইত তেওঁক গিলোটিনৰ দ্বাৰা শিৰচ্ছেদ কৰা হয় । এই ঘটনাক ফ্ৰেন্সৰ ইতিহাসত থাৰ্মিড'ৰিয়ান বিপ্লৱ নামেৰে জনা যায় । 

১৯। ফ্রেন্স বিপ্লৱৰ প্রতীক চিহ্ন কি আছিল? 
(What were the Revolutionary symbols of the French Revolution?)
উত্তৰঃ ফ্ৰেন্স বিপ্লৱৰ প্ৰতীক চিহ্ন আছিল ক'কাদে বা টুপীত বেজ হিচাপে লগাই লোৱা গাঁঠি দিয়া ৰঙীন ফিটা । 

২০। স্বাধীনতা বৃক্ষ কি ? 
(What is the "Liberty tree"?)
উত্তৰঃ স্বাধীনতা বৃক্ষ হল ভাতৃত্ব, বিকাশ আৰু প্ৰকৃতিৰ প্ৰতীক । 

২১। “টেনিছ ক'ৰ্টৰ শপত’ৰ তৈলচিত্ৰৰ চিত্ৰকৰ কোন?
(Who was the painter of the "The Tennis cour oath" Canvas painting?)
উত্তৰঃ  টেনিছ কৰ্টৰ শপতৰ তৈলচিত্ৰৰ চিত্ৰকৰ হল জীন চেলভিয়ান বেইলীক । 

২২। নেপোলিয়ন বোনাপাৰ্টৰ কিমান চনত মৃত্যু হৈছিল? 
(In which year Napoleon Bonaparte died?)
উত্তৰঃ ১৮২১ চনৰ ৫মেত নেপোলিয়ন বোনাপাৰ্টৰ মৃত্যু হৈছিল । 

চমু প্রশ্ন (Short questions): 

১ । ১৮ শতিকাৰ ইউৰোপ মহাদেশৰ চাৰিখন প্রধান দেশৰ নাম লিখা। (Name the four major countries of Europe Continent duringthe 18th century C.E.)
উত্তৰঃ ১৮ শতিকাৰ ইউৰোপ মহাদেশৰ চাৰিখন প্ৰধান দেশৰ নাম হল 
ক) ব্ৰিটেইন,খ) অষ্ট্ৰিয়া, গ) প্ৰাছা আৰু ঘ) ৰাছিয়া ।

২। ১৮ শতিকাৰ ইউৰোপত সংঘটিত হোৱা দুটা মুখ্য ঘটনা উল্লেখ কৰা। 
(Name the two major events which occured in Europe in the 18th century C.E.)
উত্তৰঃ  ১৮ শতিকাৰ ইউৰোপত সংঘটিত হোৱা দুটা মুখ্য ঘটনা হল 
ক) উদ্যোগ বিপ্লৱ ।
খ) ফ্ৰেন্স বিপ্লৱ । 


৩। বুৰবন বংশৰ ৰজা ষোড়শ লুইৰ পূৰ্বৰ দুগৰাকী ৰজাৰ নাম কোৱা?  
(Mention the name of two predecessors of King Louis XVI of the Bourban family.)
উত্তৰঃ  বুৰবন বংশৰ ৰজা ষোড়শ লুইৰ পূৰ্বৰ দুগৰাকী ৰজাৰ নাম হল 
ক) চতুদৰ্শ লুই ।
খ) পঞ্চদশ লুই । 

৪। ফ্ৰেন্স বিপ্লৱ, ১৭৮৯ ৰ যিকোনো দুগৰাকী বিখ্যাত নেতাৰ নাম কোৱা৷ 
(Mention the names of any two famous leaders of the French Revolution, 1789.)
উত্তৰঃ ফ্ৰেন্স বিপ্লৱ, ১৭৮৯ ৰ যিকোনো দুগৰাকী বিখ্যাত নেতাৰ নাম হল 
ক) মেক্সমিলেন ৰবছপীয়েৰ ।
খ) জৰ্জ ডান্টন ।

৫। ফ্রেন্স বিপ্লৱ , ১৭৮৯ বৰঙণি আগবঢ়োৱা যিকোনো চাৰিগৰাকী দার্শনিক পণ্ডিতৰ নাম কোৱা । 
(Mention the name of any four Philosopher-intellectuals who contributed to the French Revolution, 1789.)
উত্তৰঃ  ফ্ৰেন্স বিপ্লৱ, ১৭৮৯ বৰঙণি আগবঢ়োৱা যিকোনো চাৰিগৰাকী দাৰ্শনিক পণ্ডিতৰ নাম হল 
ক) ভল্টেয়াৰ ।
খ) জিন জ্যাক ৰুছো ।
গ) জ'ন লক ।
ঘ) মন্টেস্কু ।

৬। ফ্রেন্স বিপ্লৱৰ পূৰ্বে সমাজত বৰ্তি থকা প্রধান দুই শ্ৰেণীৰ নাম উল্লেখ কৰা। 
(Name the two major classes that were existed in the society on the eve of the French Revolution.)
উত্তৰঃ ফ্ৰেন্স বিপ্লৱৰ পূৰ্বে সমাজত বৰ্তি থকা প্ৰধান দুই শ্ৰেণীৰ নাম হল 
ক) 

৭। ‘সুবিধাভোগী শ্রেণী’ বা ‘বিশেষাধিকাৰ ভোগী’ কোন ? 
(Who were the 'Privileaged Class'.)
উত্তৰঃ 

৮ । কোন বৰ্গৰ জনসাধাৰণক ‘সাধাৰণ জনতা’ বা সুবিধাৰহিত শ্রেণী বুলি গণ্য কৰা হৈছিল? 
(Which categories people were considered as "Common people" or "Unprivileged Class"?)
উত্তৰঃ

৯। বিপ্লৱৰ পূৰ্বৰ ফ্ৰেন্সৰ সমাজত ব্যৱস্থাত প্রথম, দ্বিতীয় আৰু তৃতীয় ইষ্টেছ কাক লৈ গঠিত হৈছিল? 
(How first, second and third estates were consisted in the French social system on the eve of the Revolution.)
উত্তৰঃ 

১০। ইষ্টেট জেনেৰেলখনত কিমান সদনযুক্ত আছিল? ইয়াত কোনে কোনে প্রতিনিধিত্ব কৰিছিল? 
(How many houses were in the 'Estate General' and who were its representatives?) 
উত্তৰঃ  

১১। ১৭৮৯ চনৰ ৫ মে’ত ইষ্টেট জেনেৰেললৈ নিৰ্বাচিত হোৱা চাৰিগৰাকী মধ্যবিত্ত নেতাৰ নাম কোৱা। 
(Mention the names of four Middle class leaders who elected to the 'Estate Genereal' in 5 May, 1789.)
উত্তৰঃ ১৭৮৯ চনৰ ৫ মেত ইষ্টেট জেনেৰেললৈ নিৰ্বাচিত হোৱা চাৰিগৰাকী মধ্যবিত্ত নেতাৰ নাম হল 
ক) মিৰাবু ।
খ) সিত্ৰ ।
গ) ৰবছপীয়েৰ ।
ঘ) যোছেফ মুনি । 

১২। কোনে, কেতিয়া “দা ছ’চাইটী অৱ ৰিভলুচনাৰী ৰিপাব্লিক ৱমেন” গঠন কৰিছিল? 
(Who and when the "Society of Revolutionary Republic women" was formed?)
উত্তৰঃ এচাম মহিলাই ১৭৯৩ চনৰ মে মাহত পেচিছত ছচাইটী অৱ ৰিভলুচনেৰী ৰিপ্লাৱিক ৱমেন গঠন কৰিছিল । 

১৩। ৰাজনৈতিক ক্ষেত্ৰত মহিলাৰ পূৰ্ণ অধিকাৰ দাবী কৰি বাতৰিকাকতত ফ্ৰেন্সৰ কোন মহিলাই, কেতিয়া প্রবন্ধ লেখিছিল? (Name the French lady who and when wrote an article in a newspaper demanding full empowerment of the women in the political field.) 
উত্তৰঃ

১৪। লিংগ সমতাৰ হকে দাবী জনোৱা দুগৰাকী ফ্ৰেন্স মহিলাৰ নাম লিখা। 
(Name any two French ladies who strongly advocated for the gender equality.)
উত্তৰঃ  লিংগ সমতাৰ হকে দাবী জনোৱা দুগৰাকী ফ্ৰেন্স মহিলাৰ নাম হল 

ক) মেৰী গুজ ।
খ) অলিম্পে দি গৌজেজ । 



১৫। ফ্রেন্সৰ প্রথম আইনী সভাত প্রতিনিধিত্ব কৰা গণতন্ত্রবাদী গোট দুটাৰ নাম কি? 
(Name the two groups of the demoneratic party who represented the first Legislative Assembly of France.)
উত্তৰঃ  ফ্ৰেন্সৰ প্ৰথম আইনী সভাত প্ৰতিনিধিত্ব কৰা গণতন্ত্ৰবাদী গোট দুটাৰ নাম হল 

১৬। ফ্রেন্স বিপ্লৱৰ ‘মেৰীএন’ কি বুজায়? 
(What implies "the Marianne" of the French Revolution?) 
উত্তৰঃ  ফ্ৰেন্স বিপ্লৱৰ মেৰী এন' হল ফ্ৰেন্সৰ নতুন গণতন্ত্ৰৰ এগৰাকী মহিলা-যৌৱন,পুনজৰ্ম, আৰু পৱিত্ৰতাৰ প্ৰতীকক বুজায় । 

১৭। ১৭৮৯-৯১ ৰ ফ্ৰেন্সৰ বিধান মণ্ডলত কোনকেইটা দল বা গোটৰ সদস্যই প্রতিনিধিত্ব কৰিছিল?
(Which parties or groups members represented in the French Legistative Assembly in 1789-91.) 
উত্তৰঃ

চমুটোকা (Short notes):

১। পুৰণি ব্যৱস্থা 
(Ancient Regime)
উত্তৰঃ ১৭৮৯ চনৰ ইষ্টেছ জেনেৰেল আহ্বানৰ যোগেদি  ফ্ৰেন্স বিপ্লৱৰ সূচনা হোৱা মৌলিক ৰাজনৈতিক আৰু সামাজিক গাঁথনিৰ যুগান্তকাৰী পৰিৱৰ্তন আৰম্ভ হৈছিল আৰু ১৭৮৯ চনৰ নৱেম্বৰ মাহত ফ্ৰেন্স কনচুলেট গঠনৰ যোগেদি ইয়াৰ সামৰণি ঘটিছিল । এই বিপ্লৱৰ প্ৰধান ভূমিকা লোৱা বহুতো আদৰ্শক পৰৱৰ্তী সময়ছোৱাৰ পশ্চিমীয়া উুদাৰ গণতন্ত্ৰত মৌলিক নীতি হিচাপে গ্ৰহণ কৰা হৈছিল ।  
ইতিহাসবিদসকলৰ সাধাৰণ মত হল ফ্ৰেন্স ৰাজতন্ত্ৰৰ পুৰণি ব্যৱস্থাই জনসাধাৰণৰ মাজত থকা সামাজিক আৰু ৰাজনৈতিক অসমতা দূৰ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হোৱাৰ ফলতে ফ্ৰেন্স বিপ্লৱ সংঘটিত হৈছিল । 
উল্লেখযোগ্য যে পুৰণি ব্যৱস্থা শব্দটো ইংৰাজী ভাষাত ১৭৯৪ চনত ছপা ৰূপত প্ৰথম দেখা দিছিল যদিও প্ৰথম ফ্ৰেন্স গণৰাজ্য প্ৰতিষ্ঠা হোৱাৰ দুবছৰৰ পিছতহে এই শব্দটোৰ ব্যৱহাৰ হোৱা দেখা যায় । পূৰ্বতে মূলতঃ নিন্দাসূচক বা আনক হেয় প্ৰতিপন্ন কৰিবলৈহে এই শব্দটি বিযৱহাৰ কৰা হৈছিল । ইতিহাসবিদ চাইমন চামাৰ মতে, বাস্তৱক্ষেত্ৰত এই শব্দটো পুৰণি ব্যৱস্থাৰ লগত জড়িত পৰম্পৰাবাদী আৰু পুৰণি ভাৱধাৰাৰ সংকীৰ্ণ শ্ৰেণীৰ লোকক শংকিত কৰি তুলিছিল । ইয়ে যুগ যুগ ধৰি পুৰণি সমাজ ব্যৱস্থাৰ বিভিন্ন অংশক ভিতৰৰ পৰাই এক যাদুৰ পৰশ দি সাংঘাতিকভাৱে জোকাৰি দিছিল । আনুষ্ঠানিকভাৱে অৱশ হৈ পৰা, অৰ্থনৈতিকভাৱে স্থিৰ, সাংস্কৃতিকভাৱে অৱক্ষয়িত,সামাজিকভাৱে ভিন্ন শ্ৰেণীত বিভক্ত, েই পুৰণি ব্যৱস্থা নিজে নিজেই আধুনিক হব সম্পূৰ্ণৰূপে অসমৰ্থ আছিল । ইপিনে ক্ষিপ্ৰ গতিত জনসংখ্যা বৃদ্ধি আৰু ফ্ৰেন্স ৰাজতন্ত্ৰই পৰ্যাপ্ত চৰকাৰী ঋণৰ ব্যৱস্থা কৰিব নোৱাৰাৰ ফলত দেশত আৰ্থিক দুৰাৱস্থাই দেখা দিছিল, নিবনুৱা সমস্যাৰ উদ্ভৱ হৈছিল আৰু উচ্চ হাৰত খাদ্যৰ মূল্য বৃদ্ধি পাইছিল । ইুয়াৰ সৈতে নিম্নমুখী কৰ ব্যৱস্থা আৰু শাসকীয় অভিজাতসকলে সকলোধৰণৰ সংস্কাৰৰ বিৰোধিতাৰ ফলত সৃষ্টি হোৱা সংকট সম্ৰাট ষোড়শ লুইয়ে সমাধান কৰাত ব্যৰ্থ হৈছিল । 
১৭৭৪ চনৰ ১০ মেত ফ্ৰেন্সৰ বিখ্যাত ৰাজপ্ৰসাদ ভাৰ্চাই মহলৰ মিৰৰ হল বা আয়নাৰ প্ৰেক্ষাগৃহত অতুল বৈভৱ, জাকজমকতা তথা শক্তি প্ৰদৰ্শনেৰে ষোড়শ লুইয়ে ফ্ৰেন্সৰ ৰাজসিংহাসনত বহিছিল যদিও প্ৰকৃততে সেইসময়ৰ পুৰণি ব্যৱস্থাৰ লগত জড়িত সকলো দিশ দুৰ্বল হৈ পৰিছিল আৰু ফ্ৰেন্স ৰাজতন্ত্ৰৰ পতনমুখী চৰিত্ৰ অধিকাংশ জনতাৰ দৃষ্টিগোচৰ হৈছিল । ফ্ৰেন্স বিপ্লৱৰ পূৰ্বৰ এই পুৰণি ব্যৱস্থাৰ শাসনকালছোৱাত সম্ৰাট বা ৰজা ৰাজ্যৰ শীৰ্ষ ব্যক্তি আছিল আৰু তেওঁ আছিল শক্তি, সন্মান আৰু বৈভৱ সম্পদৰ বাস্তৱ প্ৰতিচ্ছবি । 

২। ভাৰ্চাই ৰাজপ্রসাদ 
(Palace of Versailles) 
উত্তৰঃ ৰজা চতুদৰ্শ লুইৰ ৰাজত্বকালত ৰাজধানী পেৰিছ চহৰৰ পৰা ২০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে ভাৰ্চাইত এক আটকধুনীয়া বিশাল আকৃতিৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰা হৈছিল । ভাৰ্চাই ৰাজপ্ৰাসাদ নামে খ্যাত এই ৰাজকীয় আৱাসত ১৬৮২ চনৰ পৰা ফ্ৰেন্স বিপ্লৱৰ সময়লৈকে সম্ৰাট ষোড়শ লুই, তেওঁলোকৰ পৰিয়ালবৰ্গৰ সদস্য আৰু গুৰুত্বপূৰ্ণ ৰাজ বিষয়াই বাস কৰি জীৱন-যাপন আৰু কাৰ্যনিৰ্বাহ কৰিছিল । সমগ্ৰ ইউৰোপৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা কাৰুকাৰ্যখচিত এই অতি বিতোপন বিশাল প্ৰাসাদটোত অসংখ্য কোঠা আৰু ভালেমান প্ৰেক্ষাগৃহ আছিল । এইবোৰৰ ভিতৰত ৰাজসভা ঘৰ, অভ্যৰ্থনা কক্ষ, আলহী ঘৰ, শয়নকক্ষ, তথা নাট্যঘৰ আদি বিশেষভাৱে উল্লেখযোগ্য । ইয়াৰ উপৰি ৰাজপ্ৰাসাদৰ ভিতৰে-বাহিৰে কেইবাখনো ফুলেৰে সুশোভিতবাগিচা, বিভিন্ন স্থানত সজোৱা মূৰ্তি তথা আন কলা-কৃতি, এটা মহলৰ পৰা আন এটা মহল সংযোগী সুদৃশ্যমান দীঘলীয়া বাট বা কৰিডৰৰ তথা ৰজা-বাণী, ৰাজপৰিয়াল, অভিযান ৰাজবিষয়াৰ সেৱা-সুবিধাৰ বাবে থকা সেৱক-কৰ্মচাৰীৰৰ বাবে বহুতো কক্ষ নিৰ্মাণ কৰা হৈছিল । এক তথ্যমতে ৰজা আৰু ৰাজপৰিয়ালৰ সেৱাৰ বাবে প্ৰায় ১৮,০০০ সেৱক আছিল । তদুপৰি বিশেষাধিকাৰ ভোগ কৰা প্ৰায় ২০০০ সামন্তই ভাৰ্চাই ৰাজপ্ৰাসাদত এক আড়ম্বৰপূৰ্ণ জীৱন-নিৰ্বাহ কৰিছিল । ৰজাসকলে এই সময়ছোৱাত নিজ নিজ পছন্দ অনুসৰি ভাৰ্চাই প্ৰাসাদৰ কিছু সংবৰ্ধন আৰু সংশোধন কৰিছিল । এই প্ৰাসাদত সকলো সময়তে বিভিন্ন ধৰণৰ আমোদ-প্ৰমোদৰ অনুষ্ঠান অনুষ্ঠিত হৈ আছিল । উল্লেখযোগ্য যে ফ্ৰেন্স বিপ্লৱৰ সময়ৰ সম্ৰাট ষোড়শ লুইৰ পত্নী তথা মহাৰাণী মেৰি এন্টনিয়েটৰ সেৱাৰ বাবে ৫০০ গৰাকী পৰিচালক নিযুক্ত আছিল । প্ৰতিবছৰে ৰাজপ্ৰাসাদৰ বিভিন্ন কাৰ্ষত জড়িত ৰজা-ৰাণী সমন্বিতে সকলো লোকৰ ভোজনত ১৫ লাখ ডলাৰ ব্যয় হৈছিল । আনহাতে ৰাজপ্ৰাসাদৰ সকলো ধৰণৰ ব্যয়ৰ পৰিমাণ বচৰি ১০ কোটি ডলাৰ হৈছিল । 

৩। ম’ণ্টেস্কু 
(Montesquiea) 
উত্তৰঃ ফ্ৰেন্স দেশত জন্মগ্ৰহণ কৰা মন্টেস্কু আছিল একাধাৰে এগৰাকী ফ্ৰেন্স বিচাৰক, বিশ্লেষণাত্মক পণ্ডিত, ইতিহাসবিদ আৰু ৰাজনৈতিক  দাৰ্শনিক ।তেওঁ আগবঢ়োৱা ক্ষমতাৰ পৃথকীকৰণ তত্ত্বৰ ওৰত ভিত্তি কৰি পৰৱৰ্তী সময়ছোৱাত বিশ্বৰ বিভিন্ন দেশত সংবিধান ৰচিত হৈছিল । ১৭৩০ চনত তেওঁ ইংলেণ্ড ভ্ৰমণলৈ গৈছিল আৰু ইংলেণ্ডৰ গণতান্ত্ৰিক শাসন পদ্ধতিয়ে তেওঁক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল । মন্টেস্কুৱে বহুতো গ্ৰন্থ ৰচনা কৰিছিল । ১৭২১ চনত প্ৰকাশিত তেওঁৰ দি পাৰ্চিয়ান লেটাৰ্ছ নামৰ প্ৰথম গ্ৰন্থখনৰ যোগেদি বহুত খ্যাতি লাভ কৰে । ১৭৩৪ চনত তেওঁৰ ৰিফ্লেকচন অৱ দা কজেজ অৱ দা গ্ৰেটনেছ এণ্ড ডিক্লাইন অৱ দা ৰোমান বা ৰোমান জনসাধাৰণৰ মহানতা আৰু পতনৰ কাৰণ বিচাৰ আৰু ১৭৪৫ চনত ডায়লগ অৱ ছুল্লা আৰু এক্ৰেটিজ বা সুল্লা আৰু এক্ৰেটিজ সংবাদ নামৰ আন দুখন গ্ৰন্থ প্ৰকাশ পায় । কিন্তু তেওঁৰ সকলোতকৈ জনপ্ৰিয় বা বিখ্যাত গ্ৰন্থ দি স্পিৰিট অৱ ল' আইনৰ আত্মা নামৰ গ্ৰন্থখন ১৭৪৮ চনত প্ৰকাশিত হৈছিল । পৰৱৰ্তী দুই বছৰত এই গ্ৰন্থখনৰ ২২ টা সংস্কৰণ প্ৰকাশিত হৈছিল ।  যি,কি নহওক মন্টেস্কুৱে তেওঁৰ লেখাসমূহৰ যোগেদি ফ্ৰান্সৰ ৰজাৰ ইশ্বৰপ্ৰদত্ত ক্ষমতাৰ অধিকাৰৰ ধাৰণাক তীব্ৰ সমালোচনা কৰিছিল । তেওঁ যুক্তি আগবঢ়াইছিল যে যেতিয়ালৈকে শাসকীয় শক্তিৰ কেন্দ্ৰস্থলসমূহৰ পৃথকীকৰণ সম্ভৱ নহয়, তেতিয়ালৈকে ৰজাৰ স্বেচ্ছাচাৰী নিৰংকুশ শাসন ব্যৱস্থা অব্যাহত থাকিব । তেওঁৰ মতে শাসনৰ প্ৰধান তিনিটা অংগ কাৰ্যপালিকা, আইন সভা আৰু ন্যায়পালিকা, তিনি ভিন্ন ব্যক্তিৰ হাতত থাকিব লাগে । এনেকুৱা হলে তিনি ব্যক্তিৰ কাৰ্যৰ দ্বাৰা এজনে আনজনক নিয়ন্ত্ৰণ কৰিব আৰু জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত হব । 

৪। ভ’ল্টেয়াৰ
(Voltaire) 
উত্তৰঃ ভল্টেয়াৰ প্ৰকৃত নাম হল ফ্ৰেন্সৱা মেৰি অৰউৱে । অৰউৱে ১৭১৮ চনত কাৰাদণ্ডৰ শাস্তি পাই ফ্ৰেন্সৰ বষ্টিল কাৰাগাৰত বন্দী হৈ থকা অৱস্থাত ভল্টেয়াৰ নাম লয় আৰু এই নামেৰে তেওঁ পৰৱৰ্তী সময়ছোৱাত বিখ্যাত হৈ পৰিছিল । ভল্টেয়াৰ আছিল ফ্ৰেন্সৰ শিক্ষা-সংস্কৃতিৰ পোহৰেৰে আলোকিত এজন তীক্ষ্ণ মেধাসম্পন্ন লেখক, ইতিহাসবিদ আৰু দাৰ্শনিক । তেওঁৰ লেখাই সাহিত্যৰ সকলো দিশ নাটক, কবিতা, উপন্যাস, ৰচনা, ইতিহাস আৰু বৈজ্ঞানিক ব্যাখ্যা , উদাহৰণ আদিৰে কিতাপ আৰু সৰু সৰু প্ৰচাৰ পুস্তিকা বা পেমফ্লেট আদিকো সামৰি লৈছিল । খুহুতীয়া ব্যক্ততাৰে জৰিয়তে  জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰা ভল্টেয়াৰে খ্ৰীষ্টান ধৰ্ম বিশেষকৈ ৰোমান কেথলিক গিৰ্জাক সমালোচনা কৰিছিল আৰু ব্যক্তি স্বাধীনতা, ধৰ্মীয় স্বাধীনতা তথা গিৰ্জা আৰু ৰাষ্ট্ৰক দুটা পৃথক অনুষ্ঠান বা এই অনুষ্ঠান দুটাৰ পৃথকীকৰণ বিচাৰিছিল । তেওঁ ফ্ৰান্সৰ কেথলিক ৰাজতন্ত্ৰই জনসাধাৰণৰ ব্যক্তি স্বাধীনতা তথা বাতৰি কাকতৰ ওপৰত আৰোপ কৰা অবাঞ্চনীয় হস্তক্ষেপৰ বিৰোধিতা কৰিছিল আৰু শাসন ব্যৱস্থাৰ সংস্কাৰ বিচাৰিছিল । তদুপৰি তেওঁ সকলোধৰণৰ অত্যাচাৰ, অসহিষ্ণুতা, সু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ তীব্ৰ বিৰোধিতা কৰিছিল ।  জীৱনৰ আৰম্ভণিৰ সময়ছোৱাত ভল্টেয়াৰে পেৰিছ নগৰীক ক্ৰিয়া-কৰ্মৰ প্ৰধান কৰ্মক্ষেত্ৰ কৰি তুলিছিল । কিন্তু ৰাজতন্ত্ৰক কঠোৰ সমালোচনা কৰা বাবে তেওঁৰ কৰ্তৃপক্ষৰ লগত সংঘাত আৰম্ভ হৈছিল । সেয়েহে তেওঁ দুবাৰ কাৰাবাস খাটিবলগা হৈছিল আৰু এবাৰ তেওঁ কিছুসময়ৰ বাবে ইংলেণ্ডত নিৰ্বাসনতো আছিল । ইংলেণ্ডত থকা কালত সেই দেশৰ ৰজা প্ৰথম জৰ্জে তেওঁৰ গুণৰ প্ৰশংসা কৰি পদক সন্মানিত কৰিছিল । ৮৩ বছৰত মৃত্যুবৰণ কৰা ভল্টেয়াৰৰ ৰাজনৈতিক দৰ্শনক যদিও কম গুৰুত্ব দিয়া হয়, তেওঁৰ কথনশৈলী আৰু বাকপটুতা যথেষ্ট প্ৰভাৱশালী আছিল । তেওঁৰ ভাষণ শুনি জনসাধাৰণৰ মনত বিদ্ৰোহাত্মক ভাবৰ উদয় হৈছিল । সেইবাবে ফ্ৰেন্সৰ ৰাজতন্ত্ৰই তেওঁক সাংঘাতিকভাৱে ভয় কৰিছিল । 

৫। ৰু'ছো
(Rousseau) 
উত্তৰঃ  ছুইজাৰলেণ্ডৰ জেনেভা চহৰত জন্মগ্ৰহণ কৰা জিন জ্যাক ৰুছো ১৮ শতিকাৰ এজন মহান দাৰ্শনিক, লেখক আৰু ৰচনাকাৰ আছিল ।  তেওঁৰ ৰাজনৈতিক দৰ্শনে সমসাময়িক ইউৰোপৰ বিজ্ঞ মহল, ফ্ৰেন্স বিপ্লৱৰ গতিধাৰা তথা আধুনিক ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল । তেওঁ ফ্ৰেন্স বিপ্লৱৰ মহান আদৰ্শ, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ জন্মদাতা আছিল । 
১৭১২ চনৰ ২৮ জুনত জন্মগ্ৰহণ কৰা ৰুছোৰ জন্মৰ কিছুসময়ৰ পিছতে মাকৰ মৃত্যু হৈছিল । সেয়েহে তেওঁ বাল্যকালটো যথেষ্ট উপেক্ষিত হৈ দিন অতিবাহিত  কৰিছিল । এক সম্বন্ধীয় পৰিয়ালে তেওঁৰ ভৰণ-পোষণ দিছিল । ১৬ বছৰ বয়সত তেওঁ জেনেভা ত্যাগ কৰি এক যাযাবৰী জীৱন কটাইছিল । পৰ্যাপ্ত শিক্ষা লাভ নকৰা যাযাবৰী ৰুছোই পৰৱৰ্তী ১৪ বছৰকাল বিভিন্ন ব্যৱসায় কৰি ছুইজাৰলেণ্ডৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ফুৰিছিল । প্ৰতিবেশী ফ্ৰেন্সলৈয়ো আহিছিল আৰু ইয়াৰ দৰিদ্ৰ জনসাধাৰণৰ ওচৰ চপাৰ সুযোগ পাইছিল । ফ্ৰেন্সৰ ডিজন একাডেমীয়ে আয়োজন কৰা বিজ্ঞান তথা কলাৰ প্ৰজাতিয়ে নৈতিকতাৰ ওপৰত পেলোৱা প্ৰভাৱৰ বক্ততা নামৰ তৰ্ক অনুষ্ঠানত বিপক্ষে বা নৈতিকতাৰ ওপৰত প্ৰভাৱ পেলোৱা বুলি যুক্তি আগবঢ়াইছিল আৰু ইয়াত তেওঁ প্ৰথম পুৰস্কাৰ অৰ্জন কৰি যথেষ্ট খ্যাতি লাভ কৰিছিল । এইদৰে ১৭৪৯ চনৰ আৰম্ভণিৰ পৰা তেওঁৰ লেখক জীৱন আৰম্ভ হয় । ১৭৫৫ চনত ৰুছোৱে ডিছকছ অন দা অৰিজিন এণ্ড বেছিছ অৱ ইনইকুৱেলিটী এমং মেন বা মানুহৰ মাজত থকা অসমতাৰ মূল আৰু আঁতিগুৰি আলোচনা নামৰ গ্ৰন্থখন  ৰচনা কৰে । ১৭৬১ চনত তেওঁ আৱেগেৰে ভৰপূৰ উপন্যাস জুলি অব দা নিউ  হোলোইজ আৰু ১৭৬২ চনত মানৱ সমাজত নৈতিকতাৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত বুজাবুজি আৰু ৰাজনৈতিক আচৰণত গুৰুত্ব দি ছচিয়েল কনট্ৰেক্ট বা সামাজিক বুজাবুজি নামৰ গ্ৰন্থখন ৰচনা কৰিছিল । তাৰোপৰি ১৭৬২ চনত মানুহ আৰু প্ৰকৃতিৰ আচৰণৰ বিষয়ে লিখা আন এখন বিখ্যাত গ্ৰন্থ হল ইমাইল । এই গ্ৰন্থসমূহৰ জৰিয়তে তেওঁ যথেষ্ট সুখ্যাতি লাভ কৰে । কিন্তু গ্ৰন্থসমূহত ব্যক্ত কৰা বৈপ্লৱিক চিন্তাধাৰাৰ ফলত ৰাজতন্ত্ৰৰ পদবীধাৰী আৰু গিৰ্জাৰ অধিকাৰীসকলৰ ৰুছোৰ ওপৰত ভীষণভাৱে অসন্তুষ্ট হৈ পৰিল । ফলত তেওঁ ফ্ৰেন্স ত্যাগ কৰিবলগা হয় । প্ৰথমে নিজ জন্মভূমি ছুইজাৰলেণ্ডলৈ ধুৰি গৈছিল যদিও তাৰ পৰিৱেশে তেওঁৰ অনুকূলে নথকাত চুবুৰীয়া আন এখন দেশ প্ৰাচ্যত আশ্ৰয় গ্ৰহণ কৰে আৰু ১৭৬২ চনৰ পৰা ১৭৬৫ চনলৈ ইয়াতে নিৰ্বাসন জীৱন কটাই । ১৭৬৫ চনৰ ডিচেম্বৰ মাহত ফ্ৰেন্স চৰকাৰৰ অনুমতি লাভ কৰি ৰাজধানী পেৰিছলৈ উভতি আহিছিল যদিও ১৭৬৬ চনৰ ৪ জানুৱাৰী তাৰিখে তেওঁ ইংলেণ্ড ভ্ৰমণলৈ যায় । তেওঁৰ ওপৰত থকা গ্ৰেপ্তাৰৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰা হোৱা নাছিল বাবে ১৭৬৭ চনৰ ২২ মেত পুনৰ ফ্ৰেন্সলৈ ঘুৰি আহি পেৰিছ নগৰীৰ আশে-পাশে বিভিন্নস্থানত বসবাস কৰিবলৈ লয় । 

৬। ৰু’ছোৰ মতে “জনসাধাৰণৰ ইচ্ছা” 
("General will" of Rousseau.) 
উত্তৰঃ ৰুছোৰ মতে জনসাধাৰণৰ ইচ্ছা হল আৰম্ভণিতে মানুহ সম্পূৰ্ণ স্বাধীন আছিল । তেওঁলোকৰ কোনোপ্ৰকাৰৰ বান্ধোন নাছিল আৰু প্ৰাকৃতিক অৱস্থাত মানুহ সকলো দিশতে সুখী আছিল । কিন্তু সময় যোৱাৰ লগে লগে তেওঁলোকৰ জীৱনত জটিলতাৰ সৃষ্টি হয় । সভ্যতা আৰু বিজ্ঞানৰ বিকাশ হবলৈ ধৰে । মানুহে বেলেগ ধৰণৰ সমস্যাৰ সন্মুখীন হবলৈ ধৰে । 

৭। জ'ন লক 
(John Locke) 
উত্তৰঃ  উদাৰতাৰ পিতৃ বুলি সৰ্বসাধাৰণৰ মাজত প্ৰচলিত বিশিষ্ট ইংৰাজ দাৰ্শনিক তথা চিকিৎসক জ'ন লক আছিল তেওঁৰ পূৰ্বসুৰী ফ্ৰেন্সিছ বেকনৰ পৰম্পৰা অনুসৰণ কৰি পৰীক্ষণভিত্তিক সিদ্ধান্তৰ সমৰ্থন কৰা এজন অন্যতম পণ্ডিত । তদুপৰি তেওঁ ১৭ আৰু ১৮ শতিকাত বিকাশ হোৱা জ্ঞানপ্ৰাপ্তি যুগত বিকাশ হোৱা সামাজিক বুজাপৰা বা চুক্তিতত্ত্বৰ পূৰ্ণ সমৰ্থক । তেওঁৰ গ্ৰন্থই আধ্যাত্মিক জ্ঞান আৰু ৰাজনৈতিক দৰ্শৰ বিকাশত বিশেষ বৰঙণি আগবঢ়াইছিল । তেওঁৰ লেখাই পৰৱৰ্তীকালৰ বিশিষ্ট পণ্ডিত ভল্টেয়াৰ, ৰুছো আৰু বহুতো স্কটিছ বিদ্ধান চিন্তাবিদ তথা আমেৰিকান বিপ্লৱৰ নেতাসকলক বিশেষভাৱে প্ৰভাৱান্বিত কৰিছিল । আন্তৰাষ্ট্ৰীয়ভাৱে লকৰ ৰাজনৈতিক আইনী নীতিয়ে সেই সময়ত প্ৰতিষ্ঠিত হোৱা বা প্ৰতিষ্ঠা কৰিব বিচৰা সীমিত প্ৰতিনিধিত্বমূলক চৰকাৰক নীতি-নিৰ্ধাৰণ আৰু কাৰ্যকৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱিত কৰিছিল আৰু এক আইনৰ অধীনত জনসাধাৰণৰ ব্যক্তিগত অধিকাৰ আৰু স্বাধীনতা সুনিশ্চিত কৰিবলৈ বিচৰা হৈছিল ।  ১৬৮৯ চনত ল'ক ৰচিত এছে কনচাৰ্নিং হিউমেন াণ্ডাৰষ্টেণ্ডিং বা মানুহৰ বোধশক্তি  সম্পৰ্কে ৰচনা নামৰ গ্ৰন্থখনত মানুহৰ জ্ঞান, পৰিচয়, স্বতন্ত্ৰ আদিৰ ওপৰত বিশেষ তাত্ত্বিক ব্যাখ্যা আগবঢ়োৱা হৈছে, যিয়ে সেইসময়ৰ বিদ্ধান পণ্ডিতসকলক যথেষ্টভাৱে প্ৰভাবান্বিত কৰিছিল । ১৬৯০ চনত তেওঁৰ ৰচিত আনখন গ্ৰন্থ ট্ৰিটিছেছ অৱ গৱৰ্ণমেন্ট বা চৰকাৰ সম্পৰ্কে দুখন আলোচনা গ্ৰন্থত ৰজাৰ ইশ্বৰপ্ৰদত্ত ক্ষমতাক অস্বীকাৰ কৰি সমাজে শাসকৰ লগত বুজাবুজিৰে সিদ্ধান্তত উপনীত হৈ চৰকাৰ গঠন কৰি মত আগবঢ়াইছে । লকৰ মতে যদিহে ৰজাই জনসাধাৰণৰ আস্থা হেৰুৱায়, তেতিয়া সমাজে তেওঁক ক্ষমতাৰ পৰা আঁতৰাব পাৰে । 

৮। দিদেৰো 
(Diderot)
উত্তৰঃ মন্টেস্কু, ভল্টেয়াৰ, ৰুছো, ল'ক আদি প্ৰথম শ্ৰেণীৰ লেখকৰ লেখাই ফ্ৰেন্স বিপ্লৱত যথেষ্ট প্ৰভাৱ পেলাইছিল । কিন্তু এই লেখকসকলৰ উপৰি এক দ্বিতীয় শ্ৰেণীৰ লেখকো আছিল । এইসকলৰ ভিতৰত দিদেৰোৰ নাম বিশেষভাৱে উল্লেখযোগ্য । ফ্ৰেন্সৰ এগৰাকী বিশিষ্ট দাৰ্শনিক, কলা সমালোচক আৰু লেখক দিদেৰো কিন্তু  মুখ্যত ফ্ৰেন্সৰ বিদ্বান সমাজত বিশেষভাৱে প্ৰভাৱ পেলোৱা তেওঁৰ দ্বাৰা সম্পাদিত এটা ডাঙৰ কলেৱৰৰ বিশ্বকোষৰ বাবেহে বিখ্যাত হৈছিল । ১৭৫০-৬০ চনৰ ভিতৰত ৰচিত এই বিশ্বকোষত সেই সময়ৰ সকলো বিশিষ্ট ব্যক্তিৰ ৰটনাসমূহ সামৰি লোৱা হৈছিল । ইয়াত ধৰ্ম আৰু ৰাজনীতিৰ  লগত জড়িত বহু সমালোচনাত্মক প্ৰবন্ধই ঠাই পাইছিল । তদুপৰি নিৰংকুশ ৰাজতন্ত্ৰ আৰু স্বেচ্ছাচাৰিতা গিৰ্জাৰ দুৰ্নীতি, সামন্ত ব্যৱস্থা আৰু সামাজিক অসমতা, শাসকৰ দুৰ্নীতিপৰায়ণতা তথা ত্ৰুটিপূৰ্ণ আইন আদিৰ ওপৰতো ইয়াত বিভিন্ন প্ৰবন্ধই স্থান পাইছিল । এই লেখাসমূহ পঢ়ি জনসাধাৰণে এক নতুন দৃষ্টিভংগী লব ধৰে । ফ্ৰেন্স চৰকাৰে বিশ্বকোষত প্ৰকাশ পোৱা লেখাৰ বিষয়বস্তুৰ ওপৰত জনসাধাৰণৰ আস্থা আৰু বিশ্বাস লাভ কৰা দেখি অতিশয় শংকিত হৈ পৰিছিল আৰু ইয়াৰ বাবে দিজেৰোকে দোষী সাব্যস্ত কৰি তেওঁক ভীষণভাৱে হাৰাশাস্তি কৰিবলৈ লয় । অৱশেষত চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰু বিশ্বকোষখনৰ প্ৰকাশ আৰু প্ৰচলন বন্ধ কৰি দিয়ে । কিন্তু ইয়াৰ ফলত দুটা খণ্ডত প্ৰকাশিত এই বিশ্বকোষখনৰ প্ৰতি সৰ্বসাধাৰণ জনতাৰ যথেষ্ট আগ্ৰহ বৃদ্ধি পায় । 

৯। ফ্ৰেন্সৰ ‘বুৰ্জোৱা শ্ৰেণী’
(Bourgeoisie of France) 
উত্তৰঃ প্ৰাচীন  শাসন প্ৰণালীত ফ্ৰান্সৰসমাজখন তিনিটা সম্প্ৰদায়েৰে গঠিত হোৱা দেখা যায় । ইয়াৰ প্ৰতিটো সম্প্ৰদায়ক একোটা এষ্টেট বুলি কোৱা হৈছিল । ইয়াৰ প্ৰথম এষ্টেটত আছিল যাজকসকল,দ্বিতীয়এষ্টেটত আছিল অভিজাতসকল। মধ্যবিত্ত লোকসকল,কৃষক, শ্ৰমজীৱী লোক, শিল্পী আৰু সাধাৰণ লোকসকলক লৈ ফ্ৰান্সৰ তৃতীয় এষ্টেট গঠন হৈছিল । ইয়াৰে প্ৰথম দুটা এষ্টেট আছিল সুবিধাভোগী শ্ৰেণী আৰু তৃতীয় সম্প্ৰদায়টো আছিল অধিকাৰবিহীন শ্ৰেণী । 
মধ্যবিত্ত শ্ৰেণীৰ আৱিৰ্ভাৱে ফ্ৰান্সৰ পুৰণি শাসন প্ৰণালীত উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰাৰ লগতেএনে বিসংগতিপূৰ্ণ আৰু স্বেচ্ছাচাৰী শাসনৰ পৰিৱৰ্তনৰ জোৱাৰ অনাত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছিল ।অষ্টাদশ শতিকাৰ পৰা ফ্ৰান্সৰ শিল্প বাণিজ্যৰ উন্নতি হোৱাৰ ফলত এই মধ্যবিত্ত শ্ৰেণীটোৰ আৱিৰ্ভাৱ হৈছিল । এই শ্ৰেণীটোৱে আছিল ফ্ৰান্সৰ বুৰ্জোৱা শ্ৰেণী ।ফৰাচী বিপ্লৱৰ সময়ত েই শ্ৰেণীটোৰসংখ্যা সম্পদআদি বৃদ্ধি পাবলৈ ধৰিছিল । কিন্তু এই শ্ৰেণীৰ লোকসকলৰ কোনোধৰণৰ সামাজিক মৰ্যাদা নাছিল । বৌদ্বিক দিশত আগবঢ়া  এই লোকসকলে ফ্ৰান্সৰ ৰাষ্ট্ৰব্যৱস্থা, সমাজব্যৱস্থা আৰু অৰ্থনৈতিক দিশৰ বাস্তৱ বিশ্লেষণ কৰি চাইছিল । ৰাজ্যৰ দুৰ্বল অৰ্থনীতি, অধিক কৰৰ বোজা, ৰাজভৰালৰ অৰ্থ অপচয় আদিৰ বাবে তেওঁলোকে সজাগ হৈ উঠিছিল । এই মধ্যবিত্ত শ্ৰেণীটোৱে ফ্ৰান্সৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ বিচাৰিছিল । ফ্ৰান্সৰ সমাজত থকা সামাজিকবৈষম্যআতৰাই এই শিক্ষিত শ্ৰেণীটোৱে একসু-শৃংখল সমাজ ব্যৱস্থা গঢ়ি তুলিব বিচাৰিছিল । কিন্তু ফ্ৰান্সৰ ৰাষ্ট্ৰব্যৱস্থাৰ দুৰ্নীতি  সুবিধাবাদী, চতুৰ উচ্চশ্ৰেণীৰ লোকসকলে এই মধ্যবিত্ত শ্ৰেণীৰ বিপক্ষে থিয় দিছিল । সেয়েহে উচ্চশিক্ষিত, বৌদ্বিক দিশত আগবঢ়া তথা পৰিৱৰ্তনকামী এই মধ্যবিত্ত শ্ৰেণীটো সৰ্বসাধাৰণ কৃষক, শ্ৰমিক আদিৰ লগ লাগি ফৰাচী বিপ্লৱৰ আৰম্ভণী কৰিছিল ।

১০। তৃতীয় ইষ্টেটৰ মহিলাসকলৰ ৰজালৈ আৱেদন, ১ জানুৱাৰী, ১৭৮৯ 
(Petition of women of the 'Third Estate' to the king, 1 January, 1789.)
উত্তৰঃ  ১৭৭৪ চনত ষোড়শ লুই ২০ বছৰ বয়সতে ফ্ৰেন্সৰ ৰাজসিংহাসনত বহিছিল । তেওঁৰ সন্মুখত আটাইতকৈ ডাঙৰ সমস্যা আছিল ফ্ৰেন্সৰ শোচনীয় বিত্তীয় অৱস্থা, যাক কোনো কাৰণতে উপেক্ষা কৰিব পৰা অৱস্থা নাছিল । তদুপৰি আমেৰিকাৰ স্বাধীনতা যুদ্ধত ফ্ৰেন্সৰ অংশগ্ৰহণে সেই দেশৰ বিত্তীয় পৰিস্থিতি সম্পূৰ্ণ দেউলীয়া কৰে । এই সমস্যা সমাধানৰ বাবে ৰজাই কেইবাগৰাকী বিত্তমন্ত্ৰী যেনে টুৰ্গো, নেকাৰ, কালোন, তথা ব্ৰী এনৰ দ্বাৰা চেষ্টা কৰিছিল যদিও তেওঁৰ চেষ্টা সফল নহল । এই অসফলতাৰ আৰত ৰাজসভাত ৰচনা হোৱা বিভিন্ন ষড়যন্ত্ৰই প্ৰধান ভূমিকা লৈছিল । এনে পৰিস্থিতিত ৰজাই অধ্যাদেশৰ জৰিয়তে দেশ শাসন কৰিবলৈ স্থিৰ কৰে কিন্তু সিংহাসনত উঠাৰ কিছুসময় পিছত ইতিমধ্যে অবজ্ঞাৰ বলি হোৱা স্থানীয় পৰিষদ পেৰিছৰ পাৰ্লেমাক ৰজা ষোড়শ লুয়ে পুনৰ গঠন কৰিছিল যদিও এই অনুষ্ঠানটোৱে ৰজাৰ অধ্যাদেশ মানিবলৈ অস্বীকাৰ কৰে । তেওঁলোকে কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰি ঘোষণা কৰে যে দেশত একমাত্ৰ ইষ্টেট জেনেৰেলহে নতুন কৰ লগোৱাৰ অধিকাৰ আছে । ইয়াতে অসন্তুষ্ট হৈ ৰজাই পেৰিছ পাৰ্লেমা ভংগ কৰি দিবলৈ বিচাৰিছিল যদিও সেইটো সম্ভৱ হৈ নুঠিল । ইয়াৰ লগে লগে সমগ্ৰ ফ্ৰেন্সত ইষ্টেট জেনেৰেলৰ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী অধিক তীব্ৰতৰ হৈ উঠিবলৈ ধৰে । ১৩২০ চনত ফ্ৰেন্সত ইষ্টেট জেনেৰেল স্থাপন কৰা হৈছিল আৰু বছৰত এবাৰ বা আৱশ্যক অনুভৱ কৰিলে ইয়াৰ অধিৱেশন পুনৰ আহ্বান কৰা হৈছিল । ষ্টেটছ জেনেৰেল প্ৰধানতঃ ৰজাক পৰামৰ্শ দিয়া অনুষ্ঠানহে আছিল । প্ৰত্যেক প্ৰতিনিধিয়ে নিজ নিজ অঞ্চলৰ সমস্যা আৰু ইয়াৰ সমাধানৰ বিভিন্ন উপায়-পৰামৰ্শ আগবঢ়াইছিল । কিন্তু সময়ৰ লগে লগে ফ্ৰেন্স ৰাজ়তন্ত্ৰত স্বৈৰাচাৰী শাসনৰ ভাবধাৰা গঢ় লৈ উঠাৰ লগে লগে এই অনুষ্ঠানটোৰ গৌৰৱ আৰু গুৰুত্ব ক্ৰমে হ্ৰাস পাবলৈ ধৰে । ১৬১৪ চনত ইয়াৰ অন্তিম অধিবেশন অনুষ্ঠিত হৈছিল । আকৌ ১৭৫ বছৰ পিছত ইয়াৰ অধিবেশন পুনৰ আহ্বান কৰাৰ দাবী অধিক তীব্ৰতৰ হৈ উঠিছিল । কিয়নো জনতা আৰু পেৰিছ পাৰ্লেমাই বিচাৰিছিল যে দেশে সন্মুখীন হোৱা শোচনীয় আৰ্থিক সমস্যাৰ সমাধানকহে ষ্টেটছ জেনেৰেলৰ অধিৱেশন আহ্বান কৰাটো অতি জৰুৰী হৈ পৰিছে । 

১১। ইষ্টেট্ জেনেৰেল 
(Estate general) 
উত্তৰঃ  ১৭৭৪ চনত ষোড়শ লুই ২০ বছৰ বয়সতে ফ্ৰেন্সৰ ৰাজসিংহাসনত বহে । তেওঁৰ সন্মুখত আটাইতকৈ ডাঙৰ সমস্যা আছিল দেশৰ শোচনীয় বিত্তীয় অৱস্থা, যাক কোনো কাৰণতে উপেক্ষা কৰিব পৰা অৱস্থা নাছিল । তদুপৰি আমেৰিকাৰ স্বাধীনতা যুদ্ধত ফ্ৰেন্সৰ অংশগ্ৰহণে সেই দেশৰ বিত্তীয় পৰিস্থিতি সম্পূৰ্ণ দেউলীয়া কৰে । এই সমস্যা সমাধানৰ বাবে ৰজাই কেইবাগৰাকী বিত্তমন্ত্ৰী টাৰ্গো, নেকাৰ, কালোন, তথা ব্ৰী এনৰ দ্বাৰা চেষ্টা কৰিছিল যদিও তেওঁৰ চেষ্টা সফল নহল । এই অসফলতাৰ আঁৰত ৰাজসভাত ৰচনা হোৱা বিভিন্ন ষড়যন্ত্ৰই প্ৰধান ভূমিকা লৈছিল । এনে পৰিস্থিতিত ৰজাই অধ্যাদেশৰ জৰিয়তে দেশ শাসন কৰিবলৈ স্থিৰ কৰে কিন্তু সিংহাসনত উঠাৰ কিছুসময় পাছত ইতিমধ্যে অৱজ্ঞাৰ বলি হোৱা স্থানীয় পৰিষদ পেৰিছৰ পাৰ্লেমাক ৰজা ষোড়শ লুয়ে পুনৰ গঠন কৰিছিল যদিও এই অনুষ্ঠানটোৱে ৰজাৰ অধ্যাদেশ মানিবলৈ অস্বীকাৰ কৰে । তেওঁলোকে কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰি ঘোষণা কৰে যে দেশত একমাত্ৰ ইষ্টেট জেনেৰেলৰহে নতুন কৰ লগোৱাৰ অধিকাৰ আছে । ইয়াতে অসন্তুষ্ট হৈ ৰজাই পেৰিছ পাৰ্লেমা ভংগ কৰি দিবলৈ বিচাৰিছিল যদিও সেইটো সম্ভৱ হৈ নুঠিল । ইয়াৰ লগে লগে সমগ্ৰ ফ্ৰেন্সত ইষ্টেট জেনেৰেলৰ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী অধিক তীব্ৰ হৈ উঠিবলৈ ধৰে । 
১৩২০ চনত ফ্ৰেন্সত ইষ্টেট বা ষ্ট়েটছ জেনেৰেল স্থাপন কৰা হৈছিল আৰু বছৰত এবাৰ বা আৱশ্যক অনুভৱ কৰিলে ইয়াৰ অধিৱেশন পুনৰ আহ্বান কৰা হৈছিল । ষ্টেটছ জেনেৰেল প্ৰধানতঃ ৰজাক পৰামৰ্শ দিয়া অনুষ্ঠানহে আছিল । প্ৰত্যেক প্ৰতিনিধিয়ে নিজ নিজ অঞ্চলৰ সমস্যা আৰু ইয়াৰ সমাধানৰ বিভিন্ন উপায়-পৰামৰ্শ আগবঢ়াইছিল । কিন্তু সময়ৰ লগে লগে ফ্ৰেন্স ৰাজতন্ত্ৰত স্বৈৰাচাৰী নিৰকুংশ ভাৱধাৰা অধিক গাঢ় হৈ উঠাৰ লগে লগে এই অনুষ্ঠানটোৰ গৌৰৱ আৰু গুৰুত্ব ক্ৰমে হ্ৰাস পাবলৈ ধৰে । ১৬১৪ চনত ইয়াৰ অন্তিম অধিৱেশন অনুষ্ঠিত হৈছিল । আকৌ, ১৭৫ বছৰ পিছত ইয়াৰ অধিৱেশন পুনৰ আহ্বান কৰাৰ দাবী ক্ৰমে তীব্ৰ হৈ উঠিছিল । কিয়নো জনতা আৰু পেৰিছ পাৰ্লেমাই বিছাৰিছিল যে দেশে সন্মুখীন হোৱা শোচনীয় আৰ্থিক সমস্যাৰ সমাধানকল্পে ষ্টেটছ জেনেৰেলৰ অধিৱেশন আহ্বান কৰাটো অতি জৰুৰী হৈ পৰিছে । 
ৰজাই প্ৰথম অৱস্থাত ষ্টেটছ জেনেৰেল আহ্বান কৰিবলৈ সন্মত নাছিল যদিও দেশৰ বিত্তীয় পৰিস্থিতি অতি জটিল হৈ পৰাত তেওঁ অধিৱেশন আহ্বান কৰিবলৈ বাধ্য হয় । ই নিঃসন্দেহে এক ঐতিহাসিক ঘটনা আছিল । ষ্টেটছ জেনেৰেলত তিনিখন সদন আছিলইয়াৰ প্ৰথম সদনখন অভিজাত-সামন্ত শ্ৰেণী, দ্বিতীয় সদন পাদুৰী আৰু তৃতীয় সদনখন সৰ্বসাধাৰণ জনতাৰ প্ৰতিনিধিক লৈ গঠিত হৈছিল । প্ৰতিখন সদনতে নিৰ্বাসিত সদস্যৰ সংখ্যা প্ৰায় ৩০০ জনকৈ আছিল । কিন্তু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীটোৱে সকলো সময়তে একগোট হৈ থকাৰ ফলত তৃতীয় শ্ৰেণীটোৱে নিজৰ প্ৰাধান্য বিস্তাৰ কৰিব পৰা স্থিতিত নাছিল । এনে পৰিস্থিতিত জনসাধাৰণৰ সিদ্ধান্ত অনুসৰিয়ে ৰজাই সাধাৰণ শ্ৰেণীৰ আসনৰ সংখ্যা দুগুণ বা ৬০০ লৈ বৃদ্ধি কৰে । 

১২। টেনিছ ক'ৰ্টৰ শপতগ্ৰহণ, ২০ জুন, ১৭৮৯ 
(The Oath of Tennies Court, 20 June, 1789.) 
উত্তৰঃ ২০ জুন তাৰিখে ষ্টেটছ জেনেৰেলৰ তৃতীয় শ্ৰেণীৰ সদস্যই পাদুৰীসকলৰ লগত লগ হৈ সভা অনুষ্ঠিত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছিল । কিন্তু ৰজাই ইয়াতে চিন্তিত হৈ ২৩ জুন তাৰিখে তিনিওটা শ্ৰেণীৰ সংযুক্ত সভা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰি তৃতীয় শ্ৰেণীয়ে ২০ জুনত যাতে সভা কৰিব নোৱাৰে তাৰবাবে সভাঘৰৰ মেৰামতিৰ প্ৰয়োজন হোৱা বুলি বন্ধ কৰি তলা লগাই দিলে আৰু সকলো সদস্যই ২৩ জুনৰ ৰাজকীয় সভাত অনুষ্ঠিত থাকিব আহ্বান জনালে । কিন্তু তৃতীয় শ্ৰেণীৰ সদস্যই সভা স্থগিত কৰিব অস্বীকাৰ কৰি পূৰ্বৰ ঘোষণাৰ দৰে ২০ জুন তাৰিখে ফ্ৰেন্সৰ ৰাজকীয় সভাঘৰত উপস্থিত হবলৈ গৈ ইয়াৰ চাৰিওফালে সৈনিকে পহৰা দি থকা দেখা পালে । তেতিয়া বৰষুণৰ পৰা ৰক্ষা পাবৰ বাবে গোট খোৱা ৬০০ গৰাকী সদস্যই ওচৰৰএক ভৱনত আশ্ৰয় লৈছিল যত টেনিছ খেল অনুষ্ঠিত হৈছিল । সদস্যসকলে টেনিছ খেল হলতেসভা অনুষ্ঠিত কৰে আৰু জীন চেলভিয়ান বেইলীক সভাপতি নিৰ্বাচিত কৰে । বেইলীৰ নেতৃত্বত তেওঁলোকে এক শপতগ্ৰহণ কৰে যাক টেনিছ কৰ্ট শপত নামেৰে জনাজাত হয়। তেওঁলোকে শপত লৈছিল যে যেতিয়ালৈকেফ্ৰেন্সৰ বাবে এখন নতুন সংবিধানৰচনা নহয়,তেতিয়ালৈকে নিজকেএই  সংকল্পৰ পৰা আতৰি যাবলৈ নিদিয়ে । সৰ্বমুঠ ৫৭৬জন সদস্য বা ডেপুটীয়ে  এই শপত বাক্যত স্বাক্ষৰ প্ৰদান কৰে । ইতিহাসবিদ হেজে এই ঘটনাৰ ওপৰত মন্তব্য দি কৈছে যে টেনিছ কৰ্টৰ শপত আছিল ফ্ৰেন্সৰ স্বাধীনতা আন্দোলনৰ আৰম্ভণি । ৰাজশাসন আদেশৰ বিৰুদ্ধে গৈ বিনা অনুমতিত ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে সাধাৰণ ঘোষণাৰ যোগেদি প্ৰাচীন সামন্তবাদী ষ্টেটছ জেনেৰেল এক  ৰাষ্ট্ৰীয় সভালৈ পৰিৱৰ্তিবত কৰে আৰু ইয়াক ফ্ৰেন্সত বৈজ্ঞানিক শাসন স্থগিত কৰাৰ উত্তৰদায়িত্ব পালন কৰে । 

১৩। মহা আতংক 
(The Great Fear) 
উত্তৰঃ বষ্টিলৰ পতনে ফ্ৰেন্সত স্বেচ্চাচাৰী শাসনৰ অন্ত পেলাইছিল । পৰিস্থিতি স্বাভাৱিক কৰাৰ স্বাৰ্থত ৰজাই পেৰিছ আৰু ভাৰ্চাইৰ পৰা বিদেশী সৈন্য আঁতৰাই পঠালে । নেকাৰক পুনৰ বিত্তমন্ত্ৰীৰ দায়িত্ব দিয়ে । পেৰিছ নগৰীৰ বাবে স্থানীয় শাসন আৰু সুৰক্ষা বাহিনীৰ প্ৰস্তাৱ ৰজাই মানি ললে । আনকি ৰজা ষোড়শ লুইয়ে বিদ্ৰোহীৰ স্বাধীনতাৰ তিনিবৰণীয়া পতাকাখনো গ্ৰহণ কৰিবলৈ মান্তি হৈছিল ।
কিন্তু বাষ্টিলৰ পতনে সমগ্ৰফ্ৰেন্সত অভূতপূৰ্ব প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ।ফ্ৰেন্সৰ সকলো নগৰতে পেৰিছ নগৰীৰ আৰ্হিত স্থানীয়মেয়ৰৰ দ্বাৰা শাসন বা স্থানীয় কময়ুনৰ শাসন প্ৰতিষ্ঠা কৰা হয়আৰু সুৰক্ষা দল গঠন কৰা হল । গাওঁ অঞ্চলতো এই আন্দোলন বিয়পি পৰিল । কৃষকসকলে দুমাহ ধৰি জাতীয়সভাৰ সৈতেআলোচনা কৰিলে, অথচসামন্তসকলৰ ওপৰত কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে । এই বিষয়ত ভীষণ অসন্তুষ্ট হৈ পৰিছিল । এওঁলোকৰ ধৈৰ্য্যৰ সীমা ছিগি গৈছিল । এনে সময়তে বষ্টিলৰ পতনৰ বাতৰিয়ে তেওঁলোকক নিজেই এই সমস্যাৰ ওৰ পেলাবলৈ সাহস দিয়ে । ফলত সামন্ত প্ৰভূসকলৰ গড়সমূহত আক্ৰমণ আৰম্ভ কৰি দিয়ে আৰু কৰৰ হিচাপ ৰখা সকলো নথি-পত্ৰ জ্বলাই দিয়ে । যিবোৰ সামন্তৰ ঘাটিত কোনোধৰণৰ নথি-পত্ৰ নাপালে সেই মাটিত থকা সমস্ত আচবাব জ্বলাই দিয়ে । বহুতো সামন্ত প্ৰভূক হত্যা কৰা হৈছিল । প্ৰায় ৪০ হাজাৰ সামন্ত প্ৰভূৰ ঘাটি বা কেন্দ্ৰ জ্বলাই দিয়া হয় । জুলাই মাহৰ শেষ সপ্তাহটোত সমগ্ৰ ফ্ৰেন্সৰ সামন্ত প্ৰভূৰ ঘাটিসমূহত জুই জ্বলাই নষ্ট কৰি পেলোৱা হয় । লুট-পাত, অগ্নিসংযোগ,হত্যা-হিংসাই সমগ্ৰ ফ্ৰেন্সতে তাণ্ডব সৃষ্টি কৰি অৰাজকতাৰ জন্ম দিছিল ।এই  অৱস্থাৰ বৰ্ণনা দি  জাতীয় সভাৰ এজন সদস্যই কৈছিল , এতিয়া না ৰজা আছে, না পাৰ্লিয়ামেন্ট আছে, না সেনা আছে, না পুলিচ আছে। এই অৰাজকতাৰ প্ৰধান কাৰণ আছিল সমগ্ৰ ফ্ৰেন্সত ভীষণ অকাল পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু কৃষকসকলে সামন্তপ্ৰভূসকলৰ খাদ্যভাণ্ডাৰ লুট-পাত কৰি লৈ গৈছিল । কৃষকসকলৰ বাবে সামন্তপ্ৰভূৰ ঘাটি বা কেন্দ্ৰসমূহ বষ্টিল দূৰ্গৰ দৰে অত্যাচাৰৰ প্ৰতীক আছিল । কৃষকৰ লগত জড়িত সকলো ঋণপত্ৰ আৰু কৰ সম্বন্ধীয় কাগজ-পত্ৰ জ্বলাই ভস্মীভূত কৰা হৈছিল । বহুতো অভিজাত সামন্তই ফ্ৰেন্সৰ পৰা পলাই গৈ কোনোমতে প্ৰাণৰক্ষা কৰিছিল । 

১৪। মহিলাৰ ভাৰ্চাই অভিযান, ৩ অক্টোবৰ, ১৭৮৯
(Women's campaign of versailles, 30 October, 1789) 
উত্তৰঃ  যি কি নহওক, ফ্ৰেন্সৰ জাতীয় সংবিধান সভাই উপলব্ধি কৰিছিল যে একমাত্ৰ সামন্তসকলে উপভোগ কৰা বিশেষ সুবিধাৰ অৱলুপ্তিৰেহে কৃষকসকলক সন্তুষ্ট কৰিব পৰা যাব । সেয়েহে ১৭৮৯ চনৰ ৪ আগষ্টৰ নিশা এক অধিসূচনাৰ যোগেদি সামন্তৰ শাসন ব্যৱস্থা, গিৰ্জাই কৰ সংগ্ৰহ কৰা ব্যৱস্থাৰ সমাপ্তি ঘটোৱা হল । পুনৰ ১৭৮৯ চনৰ ৪ আগষ্ট তাৰিখে এক ঘোষণাৰ যোগেদি সকলো পুৰুষ আৰু নাগৰিকক স্বাধীনতা, সমানতা, সম্পত্তি, ক্ৰয়-বিক্ৰয়, আৰু অত্যাচাৰৰ প্ৰতিৰোধ কৰাৰ অধিকাৰ দিয়া হল । ৰজাই এই দুই ঘোষণাত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰে যদিও ৫ অক্টোবৰত তেওঁৰ বিৰুদ্ধে আন এক বিদ্ৰোহ সংঘটিত হয় । বিদেশত আশ্ৰয় গ্ৰহণ কৰা বহুতো সামন্তপ্ৰভূ আৰু ৰাজতন্ত্ৰৰ  সমৰ্থকে ফ্ৰেন্সৰ বিদ্ৰোহীসকলৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হৈছিল । এই সময়ছোৱাত পেৰিছত খাদ্যৰ বাবে যথেষ্ট হাহাকাৰ হৈছিল । ১৭৮৯ চনৰ ৫ অক্টোবৰ তাৰিখে প্ৰায় ৮ -১০ হাজাৰ মহিলাই ৰজাক আমাক ব্ৰেড দিয়ক বুলি দাবী জনাই এটা বিৰাট সমদল পেৰিছৰ পৰা ভাৰ্চাই ৰাজপ্ৰাসাদলৈ উলিয়াইছিল । এই সমদলত বহুতো পুৰুষে মহিলাৰ কাপোৰ পিন্ধি গৈছিল আৰু ৰাজপ্ৰসাদ আক্ৰমণ কৰি প্ৰাসাদৰ ভিতৰত উপদ্ৰব চলাইছিল । ইতিমধযে এক গুজৱ ওলাইছিল যে মাত্ৰ কেইদিনমান পূৰ্বে ভাৰ্চাই ৰাজপ্ৰাসাদত মহা আড়ম্বৰে এক ভোজমেল অনুষ্ঠিত হৈ গৈছে । এইদৰে পেৰিছৰ মহিলাসকলে ভাৰ্চাই অভিযান চলাই ৰজা আৰু ৰাজপৰিয়ালৰ একপ্ৰকাৰৰ বন্দী বনাই ৰাখিছিল । অৱশ্যে পিছত এওলোকক পেৰিছৰ ৰাজপ্ৰাসাদলৈ স্থানান্তৰিত কৰা হল । উল্লেখযোগ্য যে পৰিস্থিতি স্বাভাৱিক হোৱাৰ কোনো লক্ষণ নেদেখি নিৰকুংশ শাসন ব্যৱস্থাৰ পতন দেখি এই ঘটনাৰ প্ৰায় ২বজাৰ পিছত ১৭৯১ চনৰ ২০ জুনত পেৰিছৰ ৰাজপ্ৰাসাদৰ পৰা ৰজা ছদ্মবেশত পলায়েন কৰিছিল কিন্তু পেৰিছৰ পৰা ৩১ মাইল নিলগৰ ৱাৰেণ নগৰত ২৫ জুনত ৰজা ষোড়শ লুই আৰু তেওঁৰ পৰিয়াল বিদ্ৰোহীৰ হাতত ধৰা পৰে আৰু তেওঁলোক আটাইকে বন্দী কৰে । 

১৫। ছেপ্টেম্বৰ গণহত্যা, ১৭৯২-৯৪ 
(September massacres, 1792-94) 
উত্তৰঃ 

১৬। ৰজা ষোড়শ লুইৰ প্ৰাণদণ্ড 
(Executionof King Louis)
উত্তৰঃ ইতিমধ্যে উল্লেখ কৰা হৈছে যে ১৭৯১ চনৰ ২০ জুনত ৰজা ষোড়শ লুইয়ে পৰিয়ালৰ সৈতে ছদ্মবেশত ৰাজপ্ৰাসাদৰ পৰা গোপনে পলাই গৈ বিদেশত আশ্ৰয় লোৱাৰ পৰিকল্পনা কৰিছিল । ৰাজপ্ৰাসাদৰ পৰা তেওঁ পলাই গৈছিল যদিও পেৰিছৰ পৰা ৩১ মাইল নিলগৰ ৱাৰেণ নগৰত বিদ্ৰোহীৰ হাতত ধৰা পৰাত তেওঁক পুনৰ পেৰিছলৈ ঘুৰাই অনা হৈছিল । ইতিমধ্যে এটা লোহাৰ বাকচত ৰজাই বিভিন্ন দেশৰ লগত যোগাযোগ ৰক্ষা কৰি চলাৰ চিঠি-পত্ৰ উদ্ধাৰ হৈছিল আৰু ৰজাই যে দেশদ্ৰোহী কাম-কাজত জড়িত হৈ আছিল সেইটো প্ৰমাণিত হৈছিল । তেতিয়া শাসকীয় জিৰোন্দিন দলৰ সদস্যসকলে ৰজাক তেওঁক অপৰাধৰ বাবে মৃত্যদণ্ড দিয়াটো বিচৰা নাছিল । কিন্তু আনটো দল জেকোবিনে ৰজাক কোনোধৰণৰ দয়া বা ক্ষমা কৰাৰ পক্ষপাতী নাছিল । এই দলৰ নেতা মেক্সমিলান ৰবছপীয়েৰে কৈছিল ৰাজ্য জীৱিত ৰাখিবলৈ ৰজাৰ মৃত্যু আৱশ্যক । আনকি এই দলে বিনাবিচাৰে ৰজাৰ মৃত্যুদণ্ডও বিচাৰিছিল । তথাপি বিচাৰ অনুষ্ঠিত হৈছিল আৰু ৰজা দোষী প্ৰমাণিত হৈছিল । ৰাষ্ট্ৰীয় সন্মিলনৰ মুঠ ৭২১ জন সদস্যই ৰজাক শাস্তি প্ৰদান ভোটত অংশগ্ৰহণ কৰিছিল । এই সভাত ৩৮৭ জন সদস্যই ৰজাৰ মৃত্যুদণ্ডৰ পক্ষে আৰু ৩৩৪ জন সদস্যই মৃত্যুদণ্ডৰ বিপক্ষে ভোট দিয়াত ৰজাৰ মৃত্যুদণ্ড নিশ্চিত হৈ পৰিল । ১৭৯৩ চনৰ ২১ জানুৱাৰীত তুইলৰী ৰাজপ্ৰাসাদৰ সন্মুখত ৰাতিপুৱা ১০ বজাত ৰজাক শিৰশ্ছেদ কৰা হয় । মৃত্যুৰ আগমুহুৰ্তত ৰজাই জনতা৫ক সম্বোধন কৰি কৈছিল ৰাইজ মই নিদোৰ্ষী । মোৈৰ  ওপৰত আৰোপ কৰা অভিযোগ মিছা । মোৰ তেজৰ দ্বাৰা ফ্ৰেীন্সৰ জনতাৰ মংগল হওক এয়াই মোৰ প্ৰাৰ্থনা । 
ৰজা ষোড়শ লুইৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ পিছত সমগ্ৰ ফ্ৰেন্সত প্ৰৱল উত্তেজনাৰ সৃষ্টি হৈছিল । আনহাতে, ৰাষ্ট্ৰীয় সন্মিলনে দেশে সন্মুখীন হোৱা সকলো সমস্যা দৃঢ়ভাৱে সমাধান কৰাৰ সংকল্প লৈছিল । সেয়েহে বিভিন্ন দোষ-ক্ৰটি থকা সত্ত্বেও ৰাষ্ট্ৰীয় সন্মিলনৰ সামাজিক আৰু আৰ্থিক সংস্কাৰে দেশত উন্নয়নৰ পৰিৱেশ ৰচনাত সফল হৈছিল আৰু সাধাৰণ জনতাৰ মাজত জাতীয়তাবাদৰ উত্থান হৈছিল । 

১৭। সন্ত্ৰাসৰ ৰাজত্ব 
(The Reign of Terror) 
উত্তৰঃ ১৭৯২ চনৰ ২২ ছেপ্তেম্বৰত দায়িত্ব গ্ৰহণ কৰা জাতীয় সন্মিলনে দেশৰ বাবে এখন নতুন সংবিধান ৰচনা কৰাৰ লগতে দেশত বিৰাজ কৰা আভ্যন্তৰীণ অশান্তি আৰু প্ৰৱল হৈ পৰা বৰ্হিৰাষ্ট্ৰৰ ফ্ৰেন্স আক্ৰমণ দৃঢ়ভাৱে মোকাবিলা কৰাৰো দায়িত্ব পৰিছিল । ইতিমধ্যে বিপ্লৱ বিৰোধী কাৰ্য-কলাপত জড়িত থকা বাবে ফ্ৰেন্সৰ ৰজা ষোড়শ লুইক মৃত্যুদণ্ড প্ৰদান কৰা হৈছিল । দৰাচলতে ১৭৮৯ চনৰ পৰাই ফ্ৰেন্সৰ পৰিস্থিতি অশান্তময় হৈ পৰিছিল । ঠায়ে-ঠায়ে ৰাজতন্ত্ৰৰ সমৰ্থক আৰু বিপ্লৱৰ সমৰ্থকৰ মাজত ধাৰাবাহিক সংঘৰ্ষ চলিছিল । লুইৰ মৃত্যুদণ্ডৰ পিছত ৰাজতন্ত্ৰীসকল অধিক আক্ৰমণাত্মক হৈ পৰিছিল । ফলত ১৭৯৩ চনৰ ৬ এপ্ৰিলত জনসাধাৰণৰ বাবে ৰাজহুৱা সুৰক্ষা সমিতি নামৰ এখন সমিতি গঠন কৰা হয় । এই সমিতিক অসীম ক্ষমতা প্ৰদান কৰা হৈছিল । অশান্তিত জড়িত লোকক ধৰি আনি শাস্তি দিয়াৰ ইয়াৰ মূল লক্ষ্য আছিল যদিও সন্দেহবশত বহুতো নিৰপৰাধী মানুহকো ধৰি আনি অকথ্য নিৰ্যাতন চলাইছিল । সেয়েহে এই আইনখনক পৰৱৰ্তীকালত সূচনা হোৱা সন্ত্ৰাসসৰ ৰাজত্বৰ আত্মা আখ্যা দিয়া হৈছিল । ৰবছপীয়েৰ আৰু সামৰিক অভিযন্তা তথা সেনানায়ক কাৰ্নোসহ মুঠ ১২ জন সদস্যৰে এই সমিতি গঠিত হৈছিল । তদুপৰি ২১ জন সদস্যৰে সাধাৰণ নিৰাপত্তা সমিতি নামৰ আন এখন সমিতিক ফ্ৰেন্সৰ আইন-শৃংখলা চোৱাচিতাৰ দায়িত্ব দিয়া হৈছিল । তদুপৰি আন এখন আইন ল' অৱ ছাছপেক্ট বা সন্দেহজনক আচৰণৰ লোকৰ বাবে আইন প্ৰণয়ন কৰাৰ উপৰি ক্ষিপ্ৰ বিচাৰৰ বাবে বিপ্লৱী আদালত গঠন কৰা হৈছিল । এই বিষয়ে মন্তব্য কৰি ৰাষ্ট্ৰীয় সন্মিলনৰ এজন সদস্যই কৈছিল, আইনৰ নামত, নিৰ্দোষ ব্যক্তিক হত্যাৰ বাবে এই আদালত গঠন কৰা হৈছে । ইতিমধ্য ফ্ৰেন্সৰ বিৰুদ্ধে ১৭৯৩ চনত ইউৰোপৰ ৰাষ্ট্ৰসমূহে একগোট হৈ মিত্ৰজোট গঠন কৰে । এই যৌথ বাহিনীৰ আক্ৰমণত ফ্ৰেন্সৰ পৰাজয় হয় আৰু ৰাইন নদীৰ পাৰৰ অঞ্চলসমূহ দখল কৰে কিন্তু ইয়াত বিচলিত নহৈ জাতীয় ভাবেৰে পৰিচালিত হৈ ফ্ৰেন্সৰ সুদক্ষ সেনাপতি কাৰ্নোৰ যুদ্ধ কৌশলত মিত্ৰ বাহিনীৰ পৰাজয় হয় আৰু হেৰোৱা অঞ্চলসমূহ পুনৰ উদ্ধাৰ হয় বা কৰা হয় । এইদৰে ফ্ৰেন্সৰ সৈন্যবাহিনী সু-সংগঠিত ৰূপত গঢ়ি তুলি বিপ্লৱবিৰোধী বৰ্হিৰাষ্ট্ৰসমূহক এশিকনি দিবলৈ ৰাষ্ট্ৰীয় সন্মিলন সফল হৈছিল । 
এইদৰে ফ্ৰেন্সৰ ৰাষ্ট্ৰীয় সন্মিলনে বিপপ্ললৱ প্ৰসূত আদৰ্শসমূহ ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল । যিকোনো পৰিৱৰ্তন বিৰোধী শক্তিয়ে সহজে মানি নলয় । তেওঁলোকে পূৰ্বৰ স্থিতিলৈ ধুৰি যাবলৈ বিচাৰে । ফ্ৰেন্সতো সেয়াই হৈছিল । বিপ্লৱ বিৰোধী, ৰাজতন্ত্ৰৰ সমৰ্থকসকলে বিদেশী শক্তিৰ সহযোগত নৱগঠিত ৰাষ্ট্ৰীয় সন্মিলন আৰু বিপ্লৱৰ আদৰ্শসমূহৰ প্ৰতি প্ৰবল ভাবুকি সৃষ্টি কৰিছিল ।  ইতিমধ্যে ৰাষ্ট্ৰীয় সন্মিলনৰ নেতৃত্ব উগ্ৰ জেকবিন দলৰ সদস্যৰ হাতত পৰিছিল । তেওঁলোকৰ মত হল দেশে সন্মুখীন হোৱা অসাধাৰণ সমস্যা সমাধানৰ বাবে অসাধাৰণ পদক্ষেপ লব লাগিব । পূৰ্বৰ ব্যৱস্থাসমূহৰ দ্বাৰা বিশেষ সফল হব নোৱাৰাত তেওঁলোকে বিপ্লৱবিৰোধী আৰু ৰাজতন্ত্ৰবাদী নেতা তথা সমৰ্থক সকলোকে মৃত্যুদণ্ড দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিলে । ইয়াকে সন্ত্ৰাসৰ ৰাজত্ব হিচাপে জনা যায় । সন্ত্ৰাসৰ ৰাজত্ব কেতিয়াৰ পৰা আৰম্ভ হৈছিল সঠিককৈ জনা নাযায় । তথাপি বিপ্লৱী আদালত স্থাপনৰ পৰা ৰবছপীয়েৰৰ মৃত্যুৰ সময়লৈকে সন্ত্ৰাসৰ ৰাজত্ব চলিছিল বুলি কোৱা হয় । এইদৰে ১৭৯৩ চনৰ ৯ মাৰ্চৰ পৰা ১৭৯৪ চনৰ ২৮ জুলাই প্ৰায় এবছৰ পাঁচ মাহ ধৰি এই বৰ্বৰ শাসন চলিছিল । ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে , জেকবিন দলৰ তিনি প্ৰধান নেতা ইয়াৰ প্ৰধান উদ্যোক্তা আছিল আৰু ৰবছপীয়েৰ ইয়াৰ একমাত্ৰ চালিকা শক্তিত পৰিণত হৈছিল । 

১৮। পোপ-নেপোলিয়নৰ বুজাবুজিৰ চুক্তি, ১৮০১ 
(Provisions of concodart, 1801) 
উত্তৰঃ নেপোলিয়নে ফ্ৰান্সৰ ধৰ্মীয় ক্ষেত্ৰতো সংস্কাৰ সাধন কৰিছিল । তেওঁৰ মতে ধৰ্ম হল এক ৰাজনৈতিক হাতিয়াৰ, সমাজ বন্ধনৰ উপায় আৰু নিৰাপদ ব্যৱস্থা । তেওঁ ধৰ্মক ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল । ১৮০২ খ্ৰীঃত তেওঁ পোপ সপ্তম পীউৰ লগত এক চুক্তিত স্বাক্ষৰ কৰিছিল । এই চুক্তিক ধৰ্মচুক্তি বা কনকৰ্দা হিচাপে জনা যায় । 
এই চুক্তিৰ প্ৰধান চৰ্তসমূহ হল 

ক) কেথলিক ধৰ্ম ফ্ৰান্সৰ ৰাষ্ট্ৰীয় ধৰ্মৰূপে স্বীকৃতি পাব ।
খ) বিপ্লৱৰ সময়ত বাজেয়াপ্ত ধৰ্মোত্তৰ মাটি-সম্পত্তিসমূহ ঘুৰাই দিয়া নহব ।
গ) গীৰ্জাই ধৰ্মৰ নামত কৰ লগাব নোৱাৰিব ।
ঘ) ধৰ্মযাজকসকলে ৰাষ্ট্ৰৰ পৰা দৰমহা পাব ।
ঙ) শিক্ষাক ধৰ্মীয় নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰা হয় ইত্যাদি । 
বিপ্লৱৰ সময়ছোৱাত ফ্ৰেন্সৰ সময়ছোৱাক জনসাধাৰণে গিৰ্জাবিৰোধী স্থিতি লৈছিল । কোৱা হৈছিল যে গিৰ্জাই জনসাধাৰণৰ ধৰ্মৰ নামত শোষণ কৰিছে । সেয়েহে পাদুৰীসকলৰ আচৰণ -কাৰ্যবিধিৰ সংস্কাৰ সাধনৰ লক্ষ্যৰে পাদুৰীৰ সংবিধান নামৰ এক বিধি প্ৰণয়ন কৰা হৈছিল । কিন্তু অধিক লোকেই এই কামটো ভাল পোৱা নাছিল । কিন্তু নেপোলিয়নে বুজি পাইছিল যে কেথলিক ধৰ্মৰ ফ্ৰেন্সৰ জনসাধাৰণৰ ওপৰত এতিয়াও গভীৰ প্ৰভাৱ আছিল । তেওঁ আনকি এইটো উপলব্ধি কৰাত ভূল কৰা নাছিল যে কেথলিক গিৰ্জাৰ লগত সু-সম্পৰ্ক থকা বাবে বুৰবন বংশৰ ফ্ৰেন্সত শাসন চলোৱাত বিশেষ সমস্যা উদ্ভৱ হোৱা নাছিল ।  পোপ আৰু নেপোলিয়নৰ মাজত হোৱা চুক্তিখনক কনকৰ্দা চুক্তি বুলি কোৱা হয় । এই চুক্তিকেইটা হল 

ক) পোপে বিপ্লৱৰ সময়ছোৱাত ৰাষ্ট্ৰই জব্দ কৰা গিৰ্জাৰ ভূমি আৰু সম্পত্তিৰ ওপৰত দাবী পৰিত্যাগ কৰিলে ।

খ)  শিক্ষানুষ্ঠানসমূহৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ স্বীকাৰ কৰিব ললে ।

গ) ৰাষ্ট্ৰৰ বিনা অনুমতিত কোনো পাদুৰীয়ে দেশৰ বাহিৰলৈ বা বিদেশৰ পৰা আহিব নোৱাৰিব । বিচপসকলে পৰস্পৰৰ মাজত বা পোপৰ লগত পত্ৰৰে যোগাযোগ ৰাখিব নোৱাৰিব ।

ঘ)  পাদুৰীসকল দেশৰ প্ৰতি নিজৰ আনুগত্য দেখুৱাই শপত লব লাগিব আৰু সকলো গিৰ্জাঘৰ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত থাকিব । 

ঙ)  বিপ্লৱৰ সময়ত গ্ৰেপ্তাৰ হোৱা সকলো পাদুৰীক মুক্তি দিয়া হব আৰু দেশ ত্যাগ কৰি পলায়ন কৰা সকলো পাদুৰীক ঘৰলৈ উভতি অহাৰ সুযোগ প্ৰদান কৰা হব ।

চ) কেথলিক ধৰ্মক ফ্ৰেন্সৰ ৰাজধৰ্মৰূপ স্বীকৃতি দিয়া হয় আৰু কেথলিক গিৰ্জাত সকলোধৰণৰ ৰীতি-নীতি, উৎসৱ-পাৰ্বণ সকলো কৰাৰ অধীকাৰ দিয়া হয় । এইদৰে গিৰ্জা ৰাষ্ট্ৰৰ প্ৰধান অংগ হৈ পৰিছিল । 
এই চুক্তিৰ ফলত জনসাধাৰণ সন্তুষ্ট হৈছিল । কিয়নো এফালে নিজ ইচ্ছামতে ধৰ্ম চৰ্চাৰ সুযোগ পাইছিল, আনফালে বিপ্লৱৰ সময়ত লাভ কৰা গিৰ্জাৰ ভূমিত নিজৰ অধিকাৰ নিশ্চিত হৈছিল । কিন্তু এই চুক্তিক সমালোচনা কৰি হেজেনে কৈছে যে বুজাবুজিৰ এই চুক্তিখন নেপোলিয়নৰ বাবে এটা ডাঙৰ ভূল আছিল । ফ্ৰেন্সে গিৰ্জা আৰু ৰাজ্যৰ ক্ষমতাৰ পূৰ্ণ পৃথকীকৰণ নীতি লৈছিল । জনসাধাৰণে লাহে লাহে ধৰ্মীয় সহিষ্ণুতাৰ আচৰণত অভ্যস্ত হৈ উঠিছিল । কি এই বুজাবুজিয়ে সকলো পানী কৰি পেলাইছিল তথা ৰজা আৰু গিৰ্জাক পুনৰ একগোটত পৰিণত কৰি এক মহাবিপদজনক পৰিস্থিতিৰ জন্ম দিছিল যাৰ বাবে ১৯ শতিকাটো ভয় আৰু বিক্ষোভৰ কাৰণ হৈ ৰৈছিল । এই বুজাবুজিৰ দ্বাৰা নেপোলিয়ন আৰু পোপৰ মাজত স্থাপন হোৱা সম্ভাৰো সৰহদিন তিষ্ঠি নাথাকিল । কিছুবছৰ পিছত দুয়োৰে মাজত সংঘাত ইমানেই বৃদ্ধি পাইছিল যে পোপে নেপোলিয়নক ধৰ্মৰ পৰা বহিষ্কাৰ কৰিছিল । আনহাতে, নেপোলিয়নেও পোপক বন্দী কৰে । নেপোলিয়নে নিজেই পিছত এই চুক্তিখন কৰাটো এক মহাভূল আখ্যা দিছিল । অৱশ্যে এই চুক্তিৰ ফলত তাৎক্ষণিক কিছুমান লাভ দেখা গৈছিল । 








১৯। বেংক অৱ ফ্রেন্স 
(Bank of France) 
উত্তৰঃ  ফ্ৰেন্সৰ আৰ্থিক অৱস্থা ৰজা ষোড়শ লুইৰ শাসন কালতকৈ অধিক অৱনতি ঘটিছিল । ডাইৰেক্টৰী শাসনকালত ফ্ৰেন্সৰ অৰ্থনৈতিক অৱস্থা কোনো কাৰণতে উত্তৰণ হোৱা নাছিল । প্ৰথম কনচুল নিৰ্বাচিত হোৱাৰ পিছত নেপোলিয়নে আৰ্থিক সংস্কাৰত বিশেষ গুৰুত্ব দিয়ে । আৰ্থিক সংস্কাৰ আচনিসমূহ ৰূপায়নৰ ক্ষেত্ৰত নেপোলিয়নে এজন স্বাধীনতা সংগ্ৰামীৰ সলনি এজন বিজয়ী সেনাপতিৰ দৰে কাৰ্যনিৰ্বাহ কৰিছিল । প্ৰথমে স্থানীয় সংস্থাসমূহৰ কৰ আদায়  ব্যৱস্থা বন্ধ কৰি তাৰ ঠাইত কৰ নিয়ন্ত্ৰকৰ নিযুক্তি দিয়ে । তেওঁ পুৰণি কাগজৰ নোটৰ প্ৰচলন বন্ধ কৰি তাৰে ঠাইত মুদ্ৰাৰ প্ৰচলন কৰে । চৰকাৰৰ আৰ্থিক নীতি ভালদৰে পৰিচালনা কৰিব তেওঁ ১৮০০ চনত বেংক অৱ ফ্ৰেন্স প্ৰতিষ্ঠা কৰে ।  ফ্ৰেন্সৰ প্ৰসিদ্ধ অৰ্থনীতিবিদ পৰেগোৰ পৰামৰ্শ মতে নতুনকৈ বেংকিং কাৰ্যপ্ৰণালী গঢ় দিয়া হয় । ১৮০৩ চনত বেংকে নিজাকৈ কাগজৰ নোট ছপা কৰা কাম আৰম্ভ কৰিছিল । নেপোলিয়নৰ এই কামৰ প্ৰশংসা কৰি ইতিহাসবিদ হেজে কৈছে -- নেপোলিয়নৰ বিত্তীয় পুনঃগঠনৰ সৰ্বশ্ৰেষ্ঠ সফযলতা হল বেংক অৱ ফ্ৰেন্সৰ স্থাপন , যি সেই সময়ৰ বিশ্বৰ সকলোতকৈ শক্তিশালী বৃত্তীয় সংস্থা আছিল । বেংক ব্যৱস্থা নতুনকৈ গঢ় দিয়াৰ লগতে ৰাষ্ট্ৰীয় ঋণ পৰিশোধৰ নতুন ব্যৱস্থা গ্ৰহণ কৰা হয় । বাজেয়াপ্ত কৰা যি ভূমি এতিয়াও বিক্ৰী হোৱা নাছিল, সুবিধাজনক জামিনৰ চৰ্তত ধন লৈ ঋণ পৰিশোধৰ সুযোগ দিয়া হৈছিল । ইয়াৰ বাবে এক বিশেষ কোষ প্ৰতিষ্ঠা কৰা হৈছিল । তদুপৰি নেপোলিয়নে জুৱা খেলত নিয়ন্ত্ৰণ স্থাপন কৰি দেশৰ অৰ্থনীতিৰ লগত জড়িত মুক্ত বাণিজ্যৰ প্ৰতীক ষ্টক এক্সেন্সসমূহৰ কাম-কাজত তীব্ৰ নিৰীক্ষণ ৰাখিব লয় । অৱশ্যে স্বাধীনতাৰ সংগ্ৰামৰ সময়ছোৱাত ব্যৱসায়ী শ্ৰেণীৰ সাংগঠনিক ব্যৱস্থাত তেওঁ কোনো হাত দিয়া নাছিল । ঠিক সেইদৰে ৰাষ্ট্ৰীয় সভাই বিতৰণ কৰা ভূমিৰ ওপৰতো নেপোলিয়নে কোনো হস্তক্ষেপ কৰা নাছিল । ইয়াৰ বিপৰীতে প্ৰশাসন-অৰ্থনীতিৰ সকলোপ্ৰকাৰৰ অপ্ৰয়োজনীয় ব্যয়ৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰে আৰু সকলো দুৰ্নীতিগ্ৰস্ত বিষয়া, কৰ আহৰণত ভ্ৰষ্টাচাৰত লিপ্ত হলে কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিছিল । নেপোলিয়নে দেশীয় উদ্যোগ-কাৰখানাসমূহক অধিক উৎপাদন কৰিবলৈ উৎসাহ দিছিল আৰু বিদেশী সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰিছিল । 

২০। ৰবছপীয়েৰ 
(Robespierre) 
উত্তৰঃ   ১৭৫৮ চনৰ ৬ মেত উত্তৰ ফ্ৰেন্সৰ অৰাছত জন্মগ্ৰহণ কৰা ৰবছপীয়েৰ পেছাত এগৰাকী উকীল বা অধিবক্তা আৰু ৰাজনৈতিক নেতা তথা ফ্ৰেন্স বিপ্লৱৰ সকলোৰে পৰিচিত আৰু সাংঘাতিক প্ৰভাৱশালী এগৰাকী বিপ্লৱী নেতা আছিল । ফ্ৰেন্সৰ সংবিধান সভা আৰু ফ্ৰেন্সৰ আটাইতকৈ প্ৰভাৱশালী ৰাজনৈতিক সংঘ জেকোবিন ক্লাবৰ অন্যতম সদস্য তথা তেওঁ উপদ্ৰৱী পেৰিছ কমিউনৰো এগৰাকী আগশাৰীৰ নেতা আছিল । তেওঁ ফ্ৰেন্সত সাৰ্বজনীন পুৰুষ ভোটাধিকাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ ঘোৰ সমৰ্থক আছিল । তদুপৰি যাজকসকলে অবিবাহিত হৈ জীৱন কটোৱা প্ৰথা আৰু দাসত্ব প্ৰথাৰ তেওঁ ঘোৰ বিৰোধী আছিল । ১৭৯২ চনৰ ১০ আগষ্টত ফ্ৰেন্সৰ ৰাজতন্ত্ৰ পতন আৰু জাতীয় সন্মিলন আহ্বানতো গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । তেোঁৰ লক্ষ্য আছিল এখন অখণ্ড আৰু অপৰাজেয় ফ্ৰেন্স গঢ়া, আইনৰ চকুত সকলো সমান, ৰাষ্ট্ৰৰ প্ৰতি স্বাধীনতাত হস্তক্ষেপ কৰিব পৰা দমনমূলক আইনৰ অৱলুপ্তি ঘটোৱা আৰু প্ৰত্যক্ষ গণতন্ত্ৰৰ মূল অধিকাৰসমূহ ৰক্ষা কৰা । 
উল্লেখযোগ্য যে ১৭৯৩ চনৰ ৩১ মেত আইন সভাত জেকোবিন দলে নিজৰ কৃতিত্ব তথা নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় আৰু জেকোবিন দলৰ তিনি নেতা ক্ৰমে দান্তো, হাৰবাৰ্ট, তথা ৰবছপীয়েৰ শাসন পৰিচালনাত মুখ্য ভূমিকা লব ধৰে । পিছলৈ এই দলৰ সদস্যসকলৰ মাজত মতবিৰোধ হবলৈ ধৰে । ইয়াৰ পিছত দান্তো আৰু ৰবছপীয়েৰ একলগ হৈ এক ষড়যন্ত্ৰৰ যোগেদি হাৰবাৰ্টক হত্যা কৰে আৰু দুয়ো শাসনৰ মুৰব্বী হয় বা মুখ্য ব্যক্তি হয় । পৰৱৰ্তী সময়ছোৱাত আন এক ষড়যন্ত্ৰ যোগেদি ৰবছপীয়েৰে দান্তোক হত্যা কৰে আৰু ফ্ৰেন্সৰ শাসনব্যৱস্থাৰ সৰ্বেসৰ্বা হয় । তেওঁ ১৭৯০ চনৰ ৩১ মাৰ্চ ৩ জুন ্আৰু ১৭৯৩ চনৰ ৭ আগষ্ট -২৮ আগষ্টলৈ মুঠতে দুবাৰ জেকোবিন ক্লাবৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । 


ৰচনাধর্মী প্রশ্ন (Essaytype Questions):

১। ১৭৮৯ চনৰ পূৰ্বৰ ফ্ৰেন্সৰ পুৰণি ব্যৱস্থাৰ ওপৰত এটি আলোচনা আগবঢ়োৱা । 
(Give a brief description on the "Ancient Regime" of France before 1789.) 
উত্তৰঃ ১৭৮৯ চনৰ ইষ্টেছ জেনেৰেল আহ্বানৰ যোগেদি ফ্ৰেন্স বিপ্লৱৰ  ফলত সূচনা হোৱা মৌলিক ৰাজনৈতিক আৰু সামাজিক-গাথনিৰ যুগান্তকাৰী পৰিৱৰ্তন আৰম্ভ হৈছিল আৰু ১৭৯৯ চনৰ নৱেম্বৰ মাহত ফ্ৰেন্স কনচুলেট গঠনৰ যোগেদি ইয়াৰ সামৰণি ঘটিছিল । এই বিপ্লৱত প্ৰধান ভূমিকা লোৱা বহুতো আদৰ্শক পৰৱৰ্তী সময়ছোৱাৰ পশ্চিমীয়া উদাৰ গণতন্ত্ৰৰত মৌলিক নীতিৰূপে গ্ৰহণ কৰা হৈছিল । ইতিহাসবিদসকলৰ সাধাৰণ মত হল ফয্ৰেন্স ৰাজতন্ত্ৰৰ পুৰণি ব্যৱস্থাই জনসাধাৰণৰ মাজত থকা সামাজিক আৰু অৰ্থনৈতিক অসমতা দূৰ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হোৱাৰ ফলস্বৰূপে ফ্ৰেন্স বিপ্লৱ সংঘটিত হৈছিল । উল্লেখযোগ্য যে পুৰণি ব্যৱস্থা শব্দটো ইংৰাজী ভাষাত ১৭৯৪ চনত ছপা ৰূপত প্ৰথম দেখা দিছিল । প্ৰথম ফ্ৰেন্স গণৰাজ্য প্ৰতিষ্ঠা হোৱাৰ দুবছৰৰ পাছতহে এই শব্দটোৰ ব্যৱহাৰ হোৱা দেখা যায় । পূৰ্বতে নিন্দাসূচক বা আনক হেয় প্ৰতিপন্ন কৰিবলৈহে এই শব্দটি ব্যৱহাৰ কৰা হৈছিল । ইতিহাসবিদ চাইমন চামাৰ মতে, বাস্তৱক্ষেত্ৰত এই শব্দটো পুৰণি ব্যৱস্থাৰ লগত জড়িত পৰম্পৰাবাদী আৰু পুৰণি ভাবধাৰাৰ সংকীৰ্ণ শ্ৰেণীৰ লোকক শংকিত কৰি তুলিছিল । ইয়ে যুগ যুগ ধৰি পুৰণি সমাজ ব্যৱস্থাৰ বিভিন্ন অংশক ভিতৰৰ পৰাই এক যা৫দুৰ পৰশ দি সাংঘাতিকভাৱে জোকাৰি দিছিল । আনুষ্ঠানিকভাৱে অৱশ হৈ পৰা, অৰ্থনৈতিকভাৱে স্থিৰ, সাংস্কৃতিকভাৱে অৱক্ষয়িত, সামাজিকভাৱে ভিন্ন শ্ৰেণীত বিভক্ত, এই পুৰণি ব্যৱস্থা নিজে নিজেই আধুনিক হব সম্পূৰ্ণৰূপে অসমৰ্থ আছিল । ইফালে ক্ষিপ্ৰ গতিত জনসংখ্যা বৃদ্ধি আৰু ফ্ৰেন্স ৰাজতন্ত্ৰই পৰ্যাপ্ত চৰকাৰী ঋণৰ ব্যৱস্থা কৰিব নোৱাৰাৰ ফলত দেশত আৰ্থিক দুৰাবস্থাই দেখা দিছিল । নিবনুৱা সমসমযাৰ উদ্ভৱ হৈছিল আৰু উচ্চ হাৰত খাদ্যৰ মূল্য বৃদ্ধি পাইছিল । ইয়াৰ সৈতে নিম্নমুখী কৰ ব্যৱস্থা আৰু শাসকীয়  অভিজাতসকলে সকলোধৰণৰ সংস্কাৰৰ বিৰোধিতাৰ ফলত সৃষ্টি হোৱা সংকট সম্ৰাট ষোড়শ লুইয়ে সমাধান কৰাত ব্যৰ্থ হৈছিল । 
১৭৭৪ চনৰ ১০ মেত ফ্ৰেন্সৰ বিখ্যাত ৰজাপ্ৰসাদ ভাৰ্চাই মহলৰ মিৰৰ হল বা আয়নাৰ প্ৰেক্ষাগৃহত অতুল বৈভৱ, জাকজমকতা তথা শক্তি প্ৰদৰ্শনেৰে ষোড়শ লুইয়ে ফ্ৰেন্সৰ ৰাজসিংহাসনত বহিছিল যদিও প্ৰকৃততে সেইসময়ৰ পুৰণি ব্যৱস্থাৰ লগত জড়িত সকলো দিশ দুৰ্বল হৈ পৰিছিল আৰু ফ্ৰেন্স ৰাজতন্ত্ৰৰ পতনমুখী চৰিত্ৰ অধিকাংশ জনতাৰ দৃষ্টিগোচৰ হৈছিল । ফ্ৰেন্স বিপ্লৱৰ পূৰ্বৰ এই পুৰণি ব্যৱস্থাৰ শাসনকালছোৱাত সম্ৰাট বা ৰজা ৰাজ্যৰ শীৰ্ষ ব্যক্তি আছিল আৰু তেওঁ আছিল শক্তি, সন্মান আৰু বৈভৱ-সম্পদৰ বাস্তৱ প্ৰতিচ্ছবি । ইউৰোপৰ সকলো দেশে ফ্ৰেন্স ৰাজতন্ত্ৰ , ৰাজদৰবাৰৰ উচ্চ প্ৰশংসা কৰিছিল আৰু ইয়াৰ অনুকৰণত নিজ দেশৰ শাসন ব্যৱস্থা গঢ় দিয়াৰ চেষ্ূটা কৰিছিল । ৰজাৰ ইশ্বৰ প্ৰদত্ত ক্ষমতাৰ ওপৰত পূৰ্ণ বিশ্বাসী ফ্ৰেন্সৰ ৰাজপদে তেওঁলোকৰ কাৰ্যৰ বাবে ইশ্বৰ বা ভগৱানৰ বাবে আন কাৰোৰ ওচৰত জবাবদিহি নাছিল বুলি গণ্য কৰিছিল । তেওঁলোকে বিশ্বাস কৰিছিল ৰজা যিহেতু ভগৱানৰ মৰ্ত্যৰ প্ৰতিনিধি, সেয়েহে তেোঁলোকে কৰা ভাল বা ভূল কৰ্মৰ একমাত্ৰ মৃত্যুৰ পাছত স্বয়ং ইশ্বৰেহে লব পাৰিব । 

২। দ্বিতীয় শ্রেণীৰ লেখক আৰু অৰ্থনীতিবিদসকলে ফ্রেন্স বিপ্লৱত আগবঢ়োৱা বৰঙণিৰ বিষয়ে লিখা। 
(Write an essay on the second class writers and economists who contributed in the French Revolution.) 
উত্তৰঃ 

৩। বিপ্লৱৰ পূৰ্বৰ ফ্ৰেন্সৰ সমাজ জীৱনত থকা তিনি শ্রেণী বা ইষ্টেট আৰু তেওঁলোকৰ কাৰ্যকলাপৰ এটি চমু বিৱৰণ দিয়া। 
(Give a brief description of the three estates and their activities in the social life of France before the revolution.) 
উত্তৰঃ  ইতিহাসবিদসকলৰ সাধাৰণ মত হল ফ্ৰেন্স ৰাজতন্ত্ৰৰ পুৰণি অৱস্থাই জনসাধাৰণৰ মাজত চলি থকা সামাজিক আৰু অৰ্থনৈতিক অসমতা দূৰ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হোৱাৰ ফলতে ফ্ৰেন্স বিপ্লৱ সংঘটিত হৈছিল । উল্লেখযোগ্য পুৰণি ব্যৱস্থা শব্দটো ইংৰাজী ভাষাত ১৭৯৪ চনত ছপা ৰূপত প্ৰথম দেখা দিছিল বা প্ৰথম ফ্ৰেন্স গণৰাজ্য প্ৰতিষ্ঠা হোৱাৰ দুবছৰৰ পিছতহে এই শব্দটোৰ ব্যৱহাৰ হোৱা দেখা যায় । পূৰ্বতে মূলতঃ নিন্দাসূচক বা আনক হেয় প্ৰতিপন্ন কৰিবলৈহে এই শব্দটো ব্যৱহাৰ কৰা হৈছিল । পুৰণি ব্যৱস্থাৰ লগত জড়িত পৰম্পৰাবাদী আৰু পুৰণি ভাবধাৰাৰ সংকীৰ্ণ শ্ৰেণীৰ লোকক শংকিত কৰি তুলিছিল । ইয়ে যুগ যুগ ধৰি পুৰণি সমাজ ব্যৱস্থাৰ বিভিন্ন অংশক ভিতৰৰ পৰাই এক যাদুৰ পৰশ দি সাংঘাতিকভাৱে জোকাৰি দিছিল । আনুষ্ঠানিকভাৱে অৱশ হৈ পৰা, অৰ্থনৈতিকভাৱে স্থিৰ, সাংস্কৃতিকভাৱে অৱক্ষয়িত ভিন্ন ভিন্ন শ্ৰেণীত বিভক্ত এই পুৰণি ব্যৱস্থাই নিজে নিজে আধুনিক হব সম্পূৰ্ণৰূপে অসমৰ্থ আছিল । 

ক) পাদুৰী শ্ৰেণী ঃ যিহেতু সেই সময়ত ফ্ৰেন্সৰ সমাজ ব্যৱস্থাত মধ্যযুগীয় চিন্তাধাৰা প্ৰচলিত হৈ আছিল, সেই হেতুকে সমাজত ধৰ্মই যথেষ্ট প্ৰভাৱ পেলাইছিল । সেয়েহে ফ্ৰেন্সত গিৰ্জা এক প্ৰথম প্ৰভাৱশালী অনুষ্ঠানলৈ পৰিণত হৈছিল আৰু উচ্চ পদবীধাৰীসকল বা পাদুৰী যাজকসকল, সমাজৰ সকলোতকৈ অগ্ৰণী ব্যক্তি বুলি গণ্য কৰা হৈছিল । এই পাদুৰীসকলক সমাজৰ প্ৰথম শ্ৰেণীৰ লোক বা প্ৰথম ষ্টেটছ হিচাপে গণ্য কৰা হৈছিল । 
ৰোমান কেথলিক গিৰ্জাই সমগ্ৰ ফ্ৰেন্সৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক বিষয়ত নিজৰ মতামত আগবঢ়াইছিল । ফ্ৰেন্সৰ গিৰ্জা ৰাজ্যৰ ভিতৰত আন এখন ৰাজ্যৰ দৰে কাম কৰিছিল । চৰকাৰৰ দৰে ইয়াৰো নিজা কিছুমান অনুষ্ঠান আছিল, ন্যায়লয় আছিল আৰু আন সা-সম্পত্তি চোৱা-চিতাৰ নিজা ব্যৱস্থা গঢ়ি তুলিছিল । তদুপৰি গিৰ্জাই টিথ নামৰ এবিধ বিশেষ ধৰ্মীয় কৰ ৰোমান কেথলিক প্ৰজাৰ পৰা আদায় কৰিছিল । এই কৰৰ এটা ডাঙৰ অংশ পাদুৰীসকলৰ হাতলৈ গৈছিল । আনহাতে, গিৰ্জা বা পাদুৰীসকলৰ আয়ৰ ওপৰত ৰজাই কোনো কৰ আৰোপ কৰা নাছিল । এই সা-সুবিধাসমূহ কৰমুক্ত আছিল । ইয়াৰ বিপৰীতে ৰজাইহে গিৰ্জাৰ প্ৰশাসন পৰিচালনাৰ ব্যয় ৰূপত এটা বুজন পৰিমাণৰ ধনৰাশি গিৰ্জাক অনুদান হিচাপে দিছিল । ইয়াক ৰাজ উপহাৰ বুলি কোৱা হৈছিল । এইদৰে ৰজাঘৰৰ পৰা লাভ কৰা ভূমি বা ধন আৰু আন উৎসৰ পৰা অহা ধনৰ বলত সেই সময়ৰ ফ্ৰেন্সৰ গিৰ্জাই দেশৰ মুঠ সম্পদৰ ৪০ শতাংশ নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছিল ।সেয়েহে সমাজত ইয়াৰ স্থিতি দুৰ্বল হৈ পৰিছিল । যাজক শ্ৰেণী বিভিন্ন অনৈতিক কাৰ্য ,দুৰ্নীতি আদি বিভিন্ন দুস্কাৰ্যত জড়িত হৈ পৰিছিল । গিৰ্জাৰ বিশাল সম্পত্তি লাহ-বিলাসত খৰচ কৰি এক আৰামদায়ক জীৱন-নিৰ্বাহ কৰিবলৈ লৈছিল । ফলত সমাজৰ গৰিষ্ঠসংখ্যক লোকে ধৰ্মৰ নামত পাদুৰীসকলৰ অধৰ্মীয় আচৰণত অতিষ্ঠ হৈ পৰিছিল । কিন্তু ফ্ৰেন্সৰ গিৰ্জাৰ আন এক ৰূপো আছিল । ফ্ৰেন্সত পাদুৰীৰ সংখ্যা প্ৰায় এক লাখ ত্ৰিশ হাজাৰমান আছিল । এই পাদুৰীসকল দুটা শ্ৰেণীত বিভক্ত আছিল । আৰ্কবিছপ, বিছপ, কাৰ্ডিনেল, এবট তথা গিৰ্জাৰ উচ্চ শ্ৰেণীক লৈ প্ৰথম শ্ৰেণী গঠিত হৈছিল । দ্বিতীয় শ্ৰেণীৰ পাদুৰীসকলক সৰ্বসাধাৰণৰ মাজৰ পৰা নিযুক্তি দিয়া হৈছিল । 

খ) সামন্ত শ্ৰেণীঃ সুবিধাভোগী শ্ৰেণীৰ দ্বিতীয় স্থানত অভিজাত উচ্চ পদবীধাৰী সামন্ত শ্ৰেণীৰ লোক আছিল, যাক ফ্ৰেন্সত দ্বিতীয় ইষ্টেট বুলি কোৱা হৈছিল । দেশত উচ্চ পদবীধাৰী সামন্ত শ্ৰেণীৰ মুঠ সংখ্যা প্ৰায় দুই লাখ চল্লিশ হাজাৰ আছিল । সংখ্যাত কম হোৱা সত্ত্বেও এই শ্ৰেণীৰ লোকসকল দেশৰ শাসন তথা সমাজ ব্যৱস্থাত যথেষ্ট প্ৰভাৱশালী হিচাপে পৰিগণিত হৈছিল । সমসাময়িক ফ্ৰেন্সত এশাৰী বাক্য অতি বিখ্যাত আছিল যে সামন্ত বিষয়াসকলে যুদ্ধ কৰে, পাদুৰীয়ে প্ৰাৰ্থনা কৰে আৰু সাধাৰণ জনতাই ইয়াৰ খৰচ বহন কৰে । মধ্যযুগত সামন্ত শ্ৰেণীয়ে ৰজাৰ পক্ষত শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিছিল বাবে ৰজাই তেওঁলোকক যথেষ্ট ভূ-সম্পত্তি তথা বিশেষ অধিকাৰ প্ৰদান কৰিছিল । কিন্তু আধুনিক যুগৰ আৰম্ভণিৰ লগে লগে ইউৰোপৰ আন দেশসমূহৰ দৰে ফ্ৰেন্সতো স্থায়ী সৈন্য-বাহিনী গঠন কৰাত সামন্ত শ্ৰেণীৰ সাহায্যৰ প্ৰয়োজনীয়তা নাইকিয়া হৈ পৰিল । তথাপিও বিশাল ভূ-সম্পত্তিৰ অধিকাৰী বিশেষ সুবিধাভোগী এই শ্ৰেণীয়ে ৰজাঘৰক কোনো কৰ-কাটল নিদিয়াকৈ বা বিশেষ কোনো গুৰুত্বপূৰ্ণ দায়িত্ব পালন নকৰাকৈ এক আড়ম্বৰপূৰ্ণ জীৱন কটাইছিল । এওঁলোক সেনা আৰু প্ৰশাসনৰ সকলো উচ্চ পদতে অধিষ্ঠিত হৈছিল । যদিও এওঁলোকৰ সংখ্যা দেশৰ মুঠ জনসংখ্যাৰ ১ শতাংশহে আছিল, তথাপি দেশৰ প্ৰায়ভাগ উচ্চপদ আৰু এক পঞ্চমাংশ ভূ-সম্পত্তি তেওঁলোকৰ অধীনত আছিল । পাদুৰীসকলৰ দৰে সামন্ত শ্ৰেণী দুটা ভাগত বিভক্ত আছিল । প্ৰথম, সামন্ত শ্ৰেণী আছিল যিসকল পূৰ্বে ৰজাৰ হৈ যুদ্ধ কৰা সামন্তৰ বংশোদ্ভৱ আৰু দ্বিতীয়, সামন্ত শ্ৰেণী আছিল যিসকলক গুৰুত্বপূৰ্ণ ন্যায়িক পদত অধিষ্ঠিত থকাৰ বাবে সামন্ত বুলি গণ্য কৰা হৈছিল । 
ৰজাৰ হৈ যুদ্ধ কৰা সামন্তৰ বংশোদ্ভৱসকল পুনৰ দুই শ্ৰেণীত বিভক্ত আছিল । প্ৰথম শ্ৰেণী আছিল বিশাল ভূ-সম্পত্তি থকা সামন্ত, যিসকলক ভাৰ্চাই ৰাজপ্ৰাসাদত বাস কৰা সামন্ত নামেৰে জনা যায় । জাকজমকতা, ঐশ্বৰ্য-বিভূতি  প্ৰদৰ্শনৰ ক্ষেত্ৰত ৰজাৰ পিছতে স্থান পাইছিল । সেনা আৰু প্ৰশাসনৰ সকলো শীৰ্ষ পদ তেওঁলোকে লাভ কৰিছিল যদিও ইয়াৰ লগত জড়িত দায়িত্ব আৰু কৰ্তব্য পালনত অৱহেলা কৰি বিলাসিতাৰ মাজেৰে দিন কটাইছিল । আনহাতে, আন এক শ্ৰেণী সামন্ত আছিল যিসকল প্ৰথম শ্ৰেণীৰ সামন্তৰ তুলনাত ধন-সম্পদত বহু পৰিমাণে দুখীয়া আছিল । এওঁলোকৰ সংখ্যা প্ৰায় এক লাখ আছিল আৰু ফ্ৰেন্সৰ বিভিন্ন অঞ্চলত অৱস্থিত নিজ নিজ ভূ-সম্পত্তিৰ জায়গীৰত বাস কৰিছিল যদিও তেওঁলোকৰ আৰ্থিক অৱস্থা সন্তোষজনক নাছিল । তথাপি পূৰ্বজসকলৰ দৰে অহংকাৰী আৰু বিশেষ অধিকাৰৰ প্ৰতি সজাগ আছিল । নিজ নিজ জায়গীৰৰ পৰা তেওঁলোকে সেই অঞ্চলৰ কৃষকক অত্যাচাৰ কৰিছিল । 
ন্যায়াধীশ, সামন্ত শ্ৰেণীয়ে ৰজাৰ পৰা েই পদ ক্ৰয় কৰিছিল আৰু ক্ৰয় কৰাৰ সময়ত ৰজাৰ পৰা সামন্ত হোৱাৰ প্ৰমাণ পত্ৰ লাভ কৰিছিল । এওঁলোক সৃষ্টি হোৱা সামন্ত আছিল বা নতুনকৈ হোৱা সামন্ত আছিল । এওঁলোক উদাৰ দৃষ্টিভংগীৰ আছিল আৰু বহু সময়ত ৰজাই প্ৰণয়ন কৰা অপ্ৰিয় আইন-কানুনৰ বিৰোধিতা কৰিছিল । কিন্তু এওঁলোকো নিজৰ বিশেষাধিকাৰৰ প্ৰতি যথেষ্ট সজাগ আছিল । 

সাধাৰণ শ্ৰেণীঃ পুৰণি ব্যৱস্থাৰ দ্বাৰা সৰ্বাধিক শোষিত -লুন্ঠিত হোৱা লোকসকল আছিল সৰ্বসাধাৰণ জনতা । এওঁলোকক তৃতীয় ইষ্টেট আখ্যা দিয়া হৈছিল । ৰজাঘৰৰ পৰা আন দুটা শ্ৰেণীয়ে অপাৰ সা-সুবিধা, সহযোগ লাভ কৰাৰ বিপৰীতে তৃতীয় শ্ৰেণীটোৱে কোনোধৰণৰ মৰম, সহানুভূতি, সকাহ, সহায়-সাহাৰ্য লাভ কৰা নাছিল । এই শ্ৰেণীত বিভিন্ন কৰ্মত নিয়োজিত লোক যেনে-কৃষক, শ্ৰমিক, শিল্পী, ঘৰুৱা-কৰ্মচাৰী তথা মধ্যম শ্ৰেণীৰ ব্যৱসায়ী আৰু বৃদ্ধিজীৱী, লেখক আদি অন্তৰ্ভূক্ত আছিল । মূলতঃ তিনি ভাগত বিভক্ত এই শ্ৰেণীকেইটাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হল 

ক) মধ্যম বৰ্গ বা বুৰ্জোৱা ঃ বেংকোৰ বা বিত্তীয় অনুষ্ঠানৰ লগত জড়িত ব্যক্তি, ব্যৱসায়ী, উকীল বা অধিবক্তা, অধ্যাপক, লেখক তথা সাহিত্যিকসকল এই বুৰ্জোৱা শ্ৰেণীৰ অন্তৰ্গত আছিল । ফ্ৰেন্স বিপ্লৱত অগ্নি জ্বলোৱা আৰু নেতৃত্ব দিয়াত এই শ্ৰেণীৰ লোকসকলে প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল । সেয়েহে ১৭৮৯ চনৰ বিপ্লৱৰ চৰিত্ৰ ব্যাখ্যা কৰিবলৈ গলে ইয়াক এক মধ্যবিত্তৰ বিপ্লৱ আখ্যা দিয়া হয়  । ফ্ৰেন্সত এই শ্ৰেণীৰ লোকৰ সংখ্যা প্ৰায় ২.৫ লাখ আছিল আৰু সাধাৰণ জনতাৰ লৰা-ছোৱালী আছিল এওঁলোক । কিন্তু নিজৰ বুধিমত্তা আৰু অধ্যাৱসায়ৰ ফলত সমাজত আগস্থান পাইছিল আৰু নিজ নিজ পেছাত যথেষ্ট উন্নতি লাভ কৰিছিল । সেয়েহে এই লোকসকলৰ আৰ্থিক অৱস্থা টনকিয়াল আছিল আৰু প্ৰশাসনৰ অভিজাতসকলৰ বাবে আছুতীয়াকৈ ৰখা উচ্চ পদসমূহৰ বাদে বাকীবোৰত তেওঁলোকে দক্ষতা আৰু যোগ্যতাৰ বলত নিযুক্তি লাভ কৰিছিল । চমুকৈ ফ্ৰেন্সৰ সমগ্ৰ ধন, ব্যৱসায় আৰু মস্তিষ্ক জড়িত কাম-কাজত এওঁলোকৰ দখল আছিল । উল্লেখযোগ্য যে মধ্যম বৰ্গৰ অন্তৰ্গত কিছুমান ব্যক্তি ইমান ধনী আছিল যে ফ্ৰেন্স চৰকাৰ আৰু বহুতো অভিজাত লোকে তেওঁলোকৰ পৰা ব্যক্তিগতভাৱে বা তেওঁলোকৰ প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছিল । 

খ) শিল্পকাৰ আৰু সংঘ বা গিল্ডঃ শিল্পকাৰসকল হল দক্ষ শ্ৰমিক বা যিয়ে বিভিন্ন সা-সঁজুলি আৰু যন্ত্ৰ-পাতিৰ সহায়ত নৈপুণ্যতাৰে সামগ্ৰী নিৰ্মাণ কৰে আৰু সংঘবদ্ধ হৈ বাণিজ্য, শিল্প, সামগ্ৰী, বিভিন্ন স্থাপত্য-ভাস্কৰ্য বা চিত্ৰকৰ্ম আদিত নিয়োজিত লোকৰ এটা সংগঠন । ফ্ৰেন্সত এনে বৃত্তিত জড়িত লোকৰ সংখ্যা আছিল প্ৰায় ২৫ লাখ । এওঁলোকে চহৰত বাস কৰিছিল  আৰু সু-সংগঠিত আছিল । দেশত উদ্যোগৰ সংখ্যা বৃদ্ধিৰ  লগে লগে এই শ্ৰেণীৰ লোকৰ সংখ্যা বৃদ্ধি পাইছিল । 
.


৪। ফ্ৰেন্স বিপ্লৱৰ দার্শনিক কাৰণসমূহ ব্যাখ কৰা। 
(Annalise the philosophical causes of the French Revolution.) 
উত্তৰঃ  ফ্ৰেন্স বিপ্লৱ আছিল পুৰণি শাসন প্ৰণালী বিৰুদ্ধে কৰা এক সবল তথা সফল বিপ্লৱ । এই বিপ্লৱে ফ্ৰান্সৰ প্ৰাচীন ৰাজনৈতিক স্বেচ্চাচাৰিতা, আমোলাতান্ত্ৰিক দুৰ্নীতি আৰু সামাজিক তথা অৰ্থনৈতিক বৈষম্যৰ ওৰ পেলাইছিল । সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰা বিপ্লৱটোৱে আছিল ফ্ৰেন্স বিপ্লৱৰ । এই বিপ্লৱ সংঘটিত হৈছিল ১৭৮৯ খ্ৰীঃত । খ্ৰীষ্টাব্দ অষ্টাদশ শতিকাত ইউৰোপৰ প্ৰায়বোৰ দেশৰে সামাজিক, আৰু অৰ্থনৈতিক অৱস্থা প্ৰায় একেই আছিল । তথাপি বহুবছৰ ধৰি ফ্ৰেন্সৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি হৈছিল যাৰ ফলত ইউৰোপৰ অন্য দেশৰ সলনি ফ্ৰেন্সতে এই বিপ্লৱ সংঘটিত হৈছিল ।  ফ্ৰেন্সত এই বিপ্লৱ হোৱাত বিভিন্ন কাৰকে সহায় কৰিছিল । ফ্ৰান্সক বিপ্লৱৰ পথলৈ আগুৱাই নিয়া কাৰণসমূহ বা ফ্ৰেন্স বিপ্লৱৰ দাৰ্শনিক কাৰণসমূহ হল 

১। ৰাজনৈতিক অৱস্থা ঃ  ফ্ৰান্সৰ শাসনব্যৱস্থা দৈৱ অধিকাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল । তেওঁলোকে ৰজাক ইশ্বৰপ্ৰেৰিত দূত হিচাপে বিশ্বাস কৰাৰ লগতে ৰজাৰ ইশ্বৰপ্ৰদত্ত ক্ষমতাক মানি লৈছিল । সেই শাসন ব্যৱস্থাত ৰজা আছিল সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী । আনহাতে, শাসনৰ কোনো নিৰ্ধাৰিত নীতি নাছিল । ৰজাই নিজ ইচ্চামতে শাসনব্যৱস্থা পৰিচালিত কৰিছিল । ফ্ৰান্সৰ বুৰবন বংশৰ ৰজাসকল প্ৰথম অৱস্থাত সুদক্ষ শাসক আছিল । কিন্তু চতুদৰ্শ লুইৰ পাছৰ ফ্ৰান্সৰ বুৰবন বংশৰ সম্ৰাটসকল ক্ৰমে দুৰ্বল আৰু অকামিলা হৈ আহিবলৈ আৰম্ভ কৰে । এই শাসকসকলৰ অকৰ্মণ্যতা আৰু দুৰ্বলতাৰ সুযোগ লৈ ফ্ৰান্সৰ আমোলাতান্ত্ৰিক শাসনব্যৱস্থা দুৰ্নীতিগ্ৰস্ত হৈ পৰে । বহুবছৰ ধৰি ফ্ৰেন্সত শাসনৰ নামত শোষণ আৰু অত্যাচাৰ চলি থকা পৰিলক্ষিত হয় । ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে পুৰণি শাসন প্ৰণালীত ফ্ৰেন্সৰ লোকসকল ৰাজনৈতিকভাৱে দুটা ভাগত ভাগ হৈ পৰা যেন পৰিলক্ষিত হয়  ।
ক) সুবিধা পোৱা লোকসকল ।
খ) সুবিধাৰ পৰা বঞ্চিত সকল । 
সুবিধা পোৱা লোকসকলৰ ভিতৰত আছিল ৰজা, যাজকশ্ৰেণী আৰু  অভিজাতসকল । 
আনহাতে সুবিধাৰ পৰা বঞ্চিতসকল আছিল কৃষক, শ্ৰমিক আৰু মধ্যবিত্ত লোকসকল । 
ফ্ৰান্সৰ মুঠ জনসংখ্যাৰ শতকৰা এভাগ লোকৰে গঠিত সুবিধা পোৱা বা সুবিধাভোগী যাজক আৰু অভিজাতসকলে দেশৰ সকলোবোৰ উচ্চ পদবী লাভ কৰিছিল । 
২। অত্যাচাৰী শাসনঃ ফৰাচী বা ফ্ৰেন্স বিপ্লৱৰ প্ৰাক-মূহুৰ্তত ফৰাচী শাসকসকল অত্যন্ত অত্যাচাৰী হৈ উঠিছিল । ফ্ৰেন্সৰ বুৰবন বংশৰ সম্ৰাট চতুদৰ্শ লুইৰ মৃত্যুৰ পাছৰ পৰাই ফৰাচী বা ফ্ৰেন্স ৰাজতন্ত্ৰৰ অৱনতি হৈছিল । পঞ্চদশ লুইৰ ৰাজত্বকাল বিভিন্ন দুৰ্নীতি আৰু সামৰিক অকৃতকাৰ্যতাৰে ভৰি পৰিছিল । তাৰোপৰি নিজৰ দুৰ্বলতা আৰু অক্ষমতাক ঢাকিবৰ বাবে চতুদৰ্শ লুইৰ পাছৰ ফৰাচী সম্ৰাটসকলে নিজৰ ইশ্বৰ প্ৰেৰিত দূত মতবাদৰ সুবিধা লৈ নিজৰ ইচ্ছামতে শাসন তৈয়াৰ কৰি অত্যাচাৰী হৈ উঠিছিল । ফৰাচী সম্ৰাটসকলৰ এনে দুৰ্বলতা আৰু অকৰ্মণ্যতাৰ সুবিধা লৈ যাজক আৰু অভিজাত শ্ৰেণীও অত্যাচাৰী তথা সুবিধাবাদী হৈ পৰিছিল । সম্ৰাট পঞ্চদশ লুই আৰু ষষ্ঠদশ লুইয়ে আমোলাতন্ত্ৰক নিয়ন্ত্ৰণ কৰিবলৈ সম্পূৰ্ণ অসমৰ্থ হোৱা দেখা গৈছিল । ফলত এই দুয়োজন সম্ৰাট  প্ৰজাৰ অপ্ৰিয়ভাজন হৈ পৰিছিল । সম্ৰাট ষষ্ঠদশ লুই আৰু মেৰী এন্টনিয়েটৰ অত্যাচাৰ আৰু অপশাসনত  ফ্ৰান্সৰ প্ৰজাসকল সম্পূৰ্ণৰূপে অতীষ্ঠ হৈ পৰি তেওঁলোকৰ শাসনৰ অৱসান ঘটাবৰ বাবে ফ্ৰেন্স বিপ্লৱ আৰম্ভ কৰিছিল ।
৩। সামাজিক বৈষম্য ঃ প্ৰাচীন শাসন প্ৰণালীত ফ্ৰেন্সৰ সমাজখন তিনিটা সম্প্ৰদায়েৰে গঠিত হোৱা পৰিলক্ষিত হয় । ইয়াৰ প্ৰতিটো সম্প্ৰদায়ক একোটা এষ্টেট বুলি কোৱা হৈছিল । ইয়াৰ প্ৰথম এষ্টেটত আছিল যাজকসকল, দ্বিতীয় এষ্টেটত আছিল অভিজাতসকল । মধ্যবিত্ত লোকসকল, কৃষক শ্ৰমজীৱী ৱোক, শিল্পী আৰু সাধাৰণ লোকসকলক লৈ ফ্ৰেন্সৰ তৃতীয় এষ্টেট গঠিত হৈছিল । ইয়াৰে প্ৰথম দুটা এষ্টেট আছিল সুবিধাভোগী শ্ৰেণী আৰু তৃতীয় সম্প্ৰদায়টো আছিল অধিকাৰবিহীন শ্ৰেণী । ফ্ৰেন্সৰ মুঠ জনসংখ্যাৰ শতকৰা এভাগ মাত্ৰ লোক প্ৰথম আৰু দ্বিতীয় এষ্টেটৰ লোক আছিল, এই যাজক আৰু অভিজাতসকলে সমাজৰ সকলো সুবিধা লাভ কৰিছিল । দেশৰ সকলোবোৰ উচ্চপদবী তেওঁলোকে লাভ কৰিছিল । এই দুই সম্প্ৰদায়ৰ লোক আছিল দেশৰ অজস্ৰ সা-সম্পত্তিৰ গৰাকী । তাৰোপৰি যাজকসকলৰ ধৰ্মীয় আধিপত্যৰ বাবে সমাজত উচ্চ স্থান আৰু সকলো ক্ষেত্ৰতে উচ্চ অগ্ৰাধিকাৰ লাভ কৰিছিল । ইয়াৰ বিপৰীতে শতকৰা নিৰানব্বৈ ভাগ জনসংখ্যাৰে গঠিত তৃতীয় এষ্টেটৰ লোকসকল সকলো সুবিধাৰ পৰা বঞ্চিত হৈছিল । তেওঁলোক বহুক্ষেত্ৰত শিক্ষা-দীক্ষাত আগবঢ়া আছিল যদিও সমাজত তেওঁলোকৰ কোনো ধৰণৰ স্থান বা সন্মান নাছিল । ফলত ফ্ৰান্সৰ সমাজৰ এই সুবিধাভোগী আৰু সুবিধাৰ পৰা বঞ্চিতসকলৰ মাজত ঘৃণাৰ ভাব সৃষ্টি হৈছিল । 

৪। প্ৰশাসনীয় খেলিমেলিঃ  ফ্ৰান্সৰ পুৰণি শাসন প্ৰণালীত প্ৰশাসনৰ সকলো ক্ষেত্ৰতে চূড়ান্ত খেলিমেলি হোৱা দেখা গৈছিল । ধৰ্মই শাসনৰ ক্ষেত্ৰত বিশেষ নিয়ন্ত্ৰণ কৰা দেখা গৈছিল । তদুপৰি আইন, বিচাৰ , শিক্ষা, সামৰিক আদি বিভাগসমূহৰ যথেষ্ট বিশৃংখলতা আছিল । এই বিভাগসমূহৰ মাজত কোনো ধৰণৰ সমন্বয় নাছিল আৰু শাসকৰ দুৰ্বলতাৰ সুবিধা লৈ প্ৰতিটো বিভাগে  নিজৰ ইচ্ছামতে নীতি -নিৰ্ধাৰণ কৰা আৰম্ভ কৰিছিল । আনহাতে একোটা বিভাগৰে নীতিসমূহ বেলেগ বেলেগ ঠাইত ভিন্ন ধৰণৰ হোৱা দেখা গৈছিল । 


৫। ফ্রেন্স বিপ্লৱৰ বৈপ্লৱিক আদৰ্শই কেনেকৈ লিংগ সমানতাৰ ধাৰণাৰ জন্ম দিছিল তাৰ এটি চমু বিৱৰণ দিয়া। 
(Write a brief description on how revolutionary ideas of the French Revolution emerged the concept of the gender equality.) 
উত্তৰঃ 

৬। ফ্ৰেন্স বিপ্লৱৰ বিভিন্ন পৰ্যায়ৰ এটি চমু বিৱৰণ দিয়া। 
(Give a brief description of various stages of the French Revolution, 1789.) 
উত্তৰঃ ফ্ৰেন্স বিপ্লৱৰ বিভিন্ন পৰ্যায়ৰ বিৱৰণসমূহ হল 
ফ্ৰেন্স বিপ্লৱ আছিল ১৭৮৯ চনত ৰজাই আহ্বান কৰা দেশৰ পৰম্পৰাগত সংসদ ইষ্টেট জেনেৰেলৰ অধিৱেশন আহ্বান কৰা কাৰ্যৰ যোগেদি সূচনা হোৱা আৰু ১৭৯৯ চনৰ ছেপ্তেম্বৰ মাহত ফ্ৰেন্স কনচুলেট গঠনৰ যোগেদি সমাপ্ত হোৱা এক যুগান্তকাৰী ঘটনা, যাৰ ফলত ফ্ৰেন্সৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ মৌলিক পৰিৱৰ্তন ঘটিছিল । এই বিপ্লৱৰ বহুতো আদৰ্শ পৰৱৰ্তী সময়ছোৱাত পশ্চিমীয়া উদাৰ গণতন্ত্ৰৰ সংবিধানত মৌলিক নীতি হিচাপে স্থান লাভ কৰিছিল । এই বিপ্লৱৰ ফলত ১৭৯২ চনৰ পৰা এলানি সংঘৰ্ষৰ সূচনা হৈছিল আৰু ১৮১৫ চনৰ ৱাটাৰলু যুদ্ধত ফ্ৰেন্সৰ অধিনায়ক নেপোলিয়ন বোনাপাৰ্টৰ পতনৰ যোগেদিহে এই সংঘৰ্ষৰ অ্ন্ত পৰিছিল । বিপ্লৱৰ চাৰিটা পৰ্যায় হল ক্ৰমে 
ক) উদাৰবাদী পৰ্যায়, খ) উগ্ৰ পৰ্যায়, গ) ৰক্ষণশীল পৰ্যায়, আৰু ঘ) নেপোলনীয় পৰ্যায় ।

ক) উদাৰবাদী পৰ্যায় ঃ ফ্ৰেন্স বিপ্লৱৰ প্ৰাথমিক স্তৰত সংঘটিত  নটা গুৰুত্বপূৰ্ণ ঘটনাক উদাৰবাদী পৰ্যায়ত অন্তৰ্ভূক্ত কৰা হৈছে । সেই ঘটনাসমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হল 
১। ইষ্টেট জেনেৰেলৰ আহ্বান ঃ ১৭৭৪ চনত ষোড়শ লুই ২০ বছৰ বয়সতে ফ্ৰেন্সৰ ৰাজসিংহাসনত বহে । তেওঁৰ সন্মুখত আীটাইতকৈ ডাঙৰ সমস্যা আছিল দেশৰ শোচনীয় বিত্তীয় অৱস্থা, যাক কোনো কাৰণতে উপেক্ষা কৰিব পৰা অৱস্থা নাছিল । তদুপৰি আমেৰিকাৰ স্বাধীনতা যুদ্ধত ফ্ৰেন্সৰ অংশগ্ৰহণে সেই দেশৰ বিত্তীয় পৰিস্থিতি সম্পূৰ্ণ দেউলীয়া কৰে । এই সমস্যা সমাধানৰ বাবে ৰজাই কেইবাগৰাকী বিত্তমন্ত্ৰী ক্ৰমে টাৰ্গো, নেকাৰ,কালোন, তথা ব্ৰী এনৰ দ্বাৰা চেষ্টা কৰিছিল যদিও তেওঁৰ চেষ্টা সফল নহল । এই অসফলতাৰ আৰত ৰাজসভাত ৰচনা হোৱা বিভিন্ন ষড়যন্ত্ৰই মুখ্য ভূমিকা লৈছিল । এনে পৰিস্থিতিত ৰজাই অধ্যাদেশৰ জৰিয়তে দেশ শাসন কৰিবলৈ স্থিৰ কৰে কিন্তু সিংহাসনত উঠাৰ কিছুসময়ৰ পাছত ইতিমধ্যে অৱজ্ঞাৰ বলি হোৱা স্থানীয় পৰিষদ পেৰিছৰ পাৰ্লেমাক ৰজা ষোড়শ লুয়ে পুনৰ গঠন কৰিছিল যদিও এই অিনুষ্ঠানটোৱে ৰজাৰ অধ্যাদেশ মানিবলৈ অস্বীকাৰ কৰে । তেওঁলোকে কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰি ঘোষণা কৰে যে দেশত একমাত্ৰ ইষ্টেট জেনেৰেলৰহে নতুন কৰ লগোৱাৰ অধিকাৰ আছে । 
ইয়াতে অসন্তুষ্ট হৈ ৰজাই পেৰিছ পাৰ্লেমা ভংগ কৰি দিবলৈ বিছাৰিছিল যদিও সেইটো সম্ভৱ হৈ নুঠিল । ইয়াৰ লগে লগে সমগ্ৰ ফ্ৰেন্সত ইষ্টেট জেনেৰেলৰ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী অধিক তীব্ৰ হৈ উঠিবলৈ ধৰে । 

২। টেনিছ কৰ্টৰ শপত ঃ ১৭৮৯ চনৰ ২০ জুন তাৰিখে ষ্টেটছ জেনেৰেলৰ তৃতীয় শ্ৰেণীৰ সদস্যই পাদুৰীসকলৰ লগত লগ হৈ সভা অনুষ্ঠিত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছিল । কিন্তু ৰজাই ইয়াতে চিন্তিত হৈ ২৩ জুন তাৰিখে তিনিওটা শ্ৰেণীৰ সংযুক্ত সভা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰি তৃতীয় শ্ৰেণীয়ে ২০ জুনত যাতে সভা কৰিব নোৱাৰে তাৰবাবে সভাঘৰৰ মেৰামতিৰ প্ৰয়োজন হোৱা বুলি বন্ধ কৰি তলা লগাই দিলে আৰু সকলো সদস্যই ২৩ জুনৰ ৰাজকীয় সভাত অনুষ্ঠিত থাকিব আহ্বান জনালে । 
কিন্তু তৃতীয় শ্ৰেণীৰ সদস্যই সভা স্থগিত কৰিব অস্বীকাৰ কৰি পূৰ্বৰ ঘোষণাৰ দৰে ২০ জুন তাৰিখে ফ্ৰেন্সৰ ৰাজকীয় সভাঘৰত উপস্থিত হবলৈ গৈ ইয়াৰ চাৰিওফালে সৈনিকে পহৰা দি থকা দেখা পালে । যেতিয়া বৰষুণৰ পৰা ৰক্ষা পাবৰ বাবে গোট খোৱা ৬০০ গৰাকী সদস্যই ওচৰৰ এক ভৱনত আশ্ৰয় লৈছিল যত টেনিছ খেল অনুষ্ঠিত হৈছিল । সদস্যসকলে টেনিছ খেল হলতে সভা অনুষ্ঠিত কৰে আৰু জীন চেলভিয়ান বেইলীক সভাপতি নিৰ্বাচিত কৰে । বেইলীৰ নেতৃত্বত তেওঁলোকে এক শপতগ্ৰহণ কৰে  যাক টেনিছ কৰ্ট শপত নামেৰে জনাজাত হয় । তেওঁলোকে শপত লৈছিল যে যেতিয়ালৈকে ফ্ৰেন্সৰ বাবে এখন নতুন সংবিধান ৰচনা নহয়, তেতিয়ালৈকে নিজকে এই সংকল্পৰ পৰা আঁতৰি যাবলৈ নিদিয়ে । 

৩। ৰাষ্ট্ৰীয় বা জাতীয় সভা প্ৰতিষ্ঠা ঃ টেনিছ কৰ্টৰ ঘটনাই ৰজা ষোড়শ লুইক বৰ চিন্তিত কৰি তুলিছিল । ১৭৮৯ চনৰ ২৩ জুন তাৰিখে তিনিওখন সদনৰ পৰা এক যৌথ অধিৱেশন আহ্বান কৰিছিল । সিদিনা ৰজাই যথেষ্ট সহজ-সৰলভাৱে সভাঘৰত প্ৰৱেশ কৰে আৰু সন্মিলিত সদনৰ সন্মুখত দেশৰ বিভিন্ন বিষয়ত সংস্কাৰৰ এক সুদীৰ্ঘ তালিকা দাঙি ধৰে । ইয়াৰ পিছত তেওঁ তিনিওখন সদনৰ সদস্যক নিজ নিজ সভাঘৰত এই বিষয়ে আলোচনা কৰিবলৈ আহ্বান জনায় । ৰজাৰ আহ্বান শুনি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীয়ে নিজ নিজ সভাঘৰলৈ প্ৰস্তান কৰে যদিও জনসাধাৰণৰ প্ৰতিনিধি তৃতীয় শ্ৰেণীয়ে নিজ আসনত বহি থাকে । তেওঁলোকে ঘোষণা কৰে যে ৰাষ্ট্ৰৰ ইচ্ছাতহে তেওঁলোকে এই সভাঘৰত একত্ৰিত হৈছে । 

খ) উগ্ৰ পৰ্যায় ঃ এইদৰে দেখা গল যে ফ্ৰেন্স বিপ্লৱৰ প্ৰথম পৰ্যায়ত জনসাধাৰণে সাংবিধানিক ৰাজতন্ত্ৰ নামেৰে ৰজাৰ সীমিত ক্ষমতাৰ সৈতে এক নতুন চৰকাৰ গঠন কৰিবলৈ বিচাৰিছিল । উদাৰবাদী পৰ্যায় নামেৰে জনাজাত এই পৰ্যায়ত সমাজৰ বিভিন্ন শ্ৰেণীক লৈ শান্তিপূৰ্ণভাৱে চৰকাৰ চলাবলৈয়ো বিচাৰিছিল । কিন্তু বাধ্যত পৰিহে এই ব্যৱস্থা গ্ৰহণ কৰা ফ্ৰেন্সৰ ৰজা, একাংশ সামন্ত তথা পাদুৰীয়ে অবিৰাম বিদেশী শক্তিৰ সহযোগত বিপ্লৱ ধ্বংস কৰিব প্ৰচেষ্টা অব্যাহত ৰাখিছিল । ফলত বিপ্লৱ উগ্ৰ বা ক্ৰুঢ়তাৰ পৰ্যায়ত উপনীত হৈছিল । তলত এই পৰ্যায়ত সংঘটিত ঘটনাসমূহৰ এটি চমু আলোচনা কৰা হল 

১। জাতীয় সন্মিলনগঠন ঃ ইতিমধ্যে উল্লেখ কৰা হৈছে যে ১৭৯২ চনৰ ১০ আগষ্টত উত্তেজিত জনতাই দ্বিতীয়বাৰ ৰজা ষোড়শ লুইৰ বাসভৱন তুলইৰী ৰাজপ্ৰাসাদ আক্ৰমণ কৰে । ৰজাই নিজৰ প্ৰাণৰক্ষাৰ বাবে পলাই গৈ ওচৰৰ আইন সভাত আত্মগোপন কৰে । কিন্তু এই ঘটনাই ফ্ৰেন্সৰ ৰাজনীতিত সাংঘাতিকভাৱে প্ৰভাৱ পেলায় । ফলত ফ্ৰেন্সৰ আইন সভাই ফ্ৰেন্সত সাংবিধানিক ৰাজতন্ত্ৰৰ অৱসান ঘটাই পূৰ্ণ গণতন্ত্ৰ স্থাপনৰ সিদ্ধান্ত লয় যত ৰজাৰ কোনো প্ৰাসংগিকতা নাথাকিব । যিহেতু আইন সভাৰ নতুন সংবিধান ৰচনাৰ ক্ষমতা নাছিল সেয়েহে নিৰ্বাচন অনুষ্ঠিত কৰি এখন ৰাষ্ট্ৰীয় সন্মিলন গঠন কৰাৰ আৱশ্যক হৈছিল ।   ১৭৯২ চনৰ ১১ আগষ্টত বৰ্তমানৰ আইন সভাখন ভংগ কৰি দিয়া হয় আৰু অন্তৱৰ্তী চৰকাৰ চলাবলৈ পেৰিছ কমিউনক দায়িত্ব প্ৰদান কৰা হয় । ১৭৯২ চনৰ ২০ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় সন্মিলনৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু ১৭৯২ চনৰ ২১ ছেপ্তেম্বৰত সন্মিলনে নিজৰ দায়িত্ব গ্ৰহণ কৰে ।  
ৰাষ্ট্ৰীয় সন্মিলনৰ মুঠ সদস্যৰ সংখ্যা আছিল ৭৮২ জন । ইয়াৰে ২০০ গৰাকী জিৰোণ্ডিন, ১০০ গৰাকী জেকোবিন আৰু ৪৮২ গৰাকী স্বতন্ত্ৰ সদস্য আছিল । এই সন্মিলনে ১৭৯২ চনৰ ২১ ছেপ্তেম্বৰৰ পৰা ১৭৯৫ চনৰ চনৰ ২০ অক্টোবৰ তথা সম্পূৰ্ণ তিনি বছৰ ফ্ৰেন্স শাসন কৰিছিল ।     উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সন্মিলন বিপ্লৱী ফ্ৰেন্সৰ তৃতীয়খন সভা আছিল ।  

২। ৰজা ষোড়শ লুইৰ মৃত্যুদণ্ড ঃইতিমধ্য উল্লেখ কৰা হৈছে যে ১৭৯১ চনৰ ২০ জুনত ৰজা ষোড়শ লুইয়ে পৰিয়ালৰ সৈতে ছদ্মবেশত ৰাজপ্ৰাসাদৰ পৰা গোপনে পলাই গৈ বিদেশত আশ্ৰ লোৱাৰ পৰিকল্পনা কৰিছিল । ৰাজপ্ৰাসাদৰ পৰা তেওঁ পলাই গৈছিল যদিও পেৰিছৰ পৰা ৩১ মাইল নিলগৰ ৱাৰেণ নগৰত বিদ্ৰোহীৰ হাতত ধৰা পৰাত তেওঁক পুনৰ পেৰিছলৈ ঘুৰাই অনা হৈছিল । ইতিমধ্যে এটা লোহাৰ বাকচত ৰজাই বিভিন্ন দেশৰ লগত যোগাযোগ ৰক্ষা কৰি চলাৰ চিঠি-পত্ৰ উদ্ধাৰ হৈছিল আৰু ৰজাই যে দেশদ্ৰোহী কাম-কাজত জড়িত হৈ আছিল সেইটো প্ৰমাণিত হৈছিল । তেতিয়া শাসকীয় জিৰোন্দিন দলৰ সদস্যসকলে ৰজাক তেওঁৰ অপৰাধৰ বাবে মৃত্যুদণ্ড দিয়াটো বিচৰা নাছিল । কিন্তু আনটো দল জেকোবিনে ৰজাক কোনোধৰণৰ দয়া বা ক্ষমা কৰাৰ পক্ষপাতী নাছিল । এই দলৰ নেতা মেক্সমিলান ৰবছপীয়েৰে কৈছিল ৰাজ্য জীৱিত ৰাখিবলৈ ৰজাৰ মৃত্যু আৱশ্যক ।    

গ) ৰক্ষণশীল পৰ্যায় ঃ আভ্যন্তৰীণ আৰু বৈদেশীক ক্ষেত্ৰত নিজৰ কৰ্তৃত্ব সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে আৰু ফ্ৰেন্সত যাতে বিপ্লৱপ্ৰসূত আদৰ্শ আৰু গণতন্ত্ৰ অব্যাহত থাকে তাৰবাবে ইয়াৰ বিৰোধী শক্তিক ভীতিগ্ৰস্ত কৰিবলৈ আৰু পুনৰ গণতন্ত্ৰবিৰোধী কোনো কাৰ্যত যাতে লিপ্ত নহয় তাৰ বাবে বিপ্লৱৰ দ্বিতীয় পৰ্যায়ত এনেধৰণৰ উগ্ৰ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছিল । অৱশেষত এই মহা আতংকৰ মহানায়ক ৰবছপীয়েৰক তেওঁৰ বিৰোধীসকলে ১৭৯৪ চনৰ ২৭ জুলাইত বন্দী কৰে আৰু ৰাষ্ট্ৰীয় সন্মিলনৰ নিৰ্দেশমতে পিছদিনা বা ২৮ জুলাইত আন ৯০ জন সহযোগীৰ সৈতে গিলোটিনেৰে শিৰচ্ছেদ কৰা হয় । ইয়াৰ পিছতে ফ্ৰেন্স বিপ্লৱৰ ৰক্ষণশীল পৰ্যায় আৰম্ভ হয় ।  তলত এই সময়ছোৱাত সংঘটিত হোৱা উল্লেখযোগ্য ঘটনাসমূহৰ চমু আলোচনা কৰা হল 

১। ডাইৰেক্টৰী শাসন ঃ   ১৭৮৫ চনত ৰাষ্ট্ৰীয় সন্মিলনৰ কাৰ্যকাল অন্ত পৰে । ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় .সন্মিলনে ফ্ৰেন্সৰ বাবে এখন নতুন সংবিধান ৰচনা কৰাৰ দায়িত্ব সম্পূৰ্ণ কৰিছিল । এই নতুন সংবিধানে ফ্ৰেন্স দেশৰ সম্পূৰ্ণৰূপে নিৰ্ধাৰণ কৰিছিল । ১৭৯৫ চনত নিৰ্মাণ হোৱা এইখন সংবিধানক তৃতীয় বৰ্ষৰ সংবিধান নামেৰে জনা যায় । এই নতুন সংবিধানৰ ভিত্তিত সীমিত ভোটাৰৰ যোগেদি নিৰ্বাচন অনুষ্ঠিত কৰা হয় আৰু আইন সভাৰ দুয়োখন সদন গঠন কৰা হয় । এই সদনৰ পৰা ৫ জন সদস্যক লৈ এখন নিৰ্দেশক মণ্ডলী বা ডাইৰেক্টৰী গঠন কৰা হয় ।    

২। যুদ্ধ পৰিচালনা ঃ যুদ্ধ ভালদৰে পৰিচালনা কৰাৰ ক্ষেত্ৰত ডাইৰেক্টৰী শাসকে সকলোতকৈ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল । প্ৰাচা, স্পেইন আৰু হলেণ্ডে ফ্ৰেন্সৰ বিৰুদ্ধে চলি থকা যুদ্ধৰ পৰা আহিছিল যদিও ইংলেণ্ড অষ্ট্ৰিয়া, পীড়মন্ট আৰু জাৰ্মেনীৰ সৰু সৰু ৰাজ্যসমূহে ফ্ৰেন্সৰ লগত যুদ্ধ অব্যাহত ৰাখিছিল ।  ডাইৰেক্টৰী শাসকে প্ৰথমে অষ্ট্ৰিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লয় । ইয়াৰ এজন অন্যতম সেনাপতি আছিল নেপোলিয়ন বোনাপাৰ্ট, যাৰ বিষয়ে তলত সুকীয়াকৈ আলোচনা কৰা হৈছে । সেনাপতি নেপোলিয়নৰ অসাধাৰণ ৰণপটুতাৰ ফলত ফ্ৰেন্সে ইংলেণ্ডৰ বাহিৰে সকলো দেশক পৰাজিত কৰিবলৈ সক্ষম হয় । ইংলেণ্ডক চাৰিওফালে সাগৰে আগুৰি থকা বাবে পৰাস্ত কৰিবলৈ শক্তিশালী নৌ-বাহিনীৰ অতি প্ৰয়োজন আছিল । ডাইৰেক্টৰ নেপোলিয়নক ইংলেণ্ডৰ বিৰুদ্ধে প্ৰধান সেনাপতি নিযুক্তি কৰিছিল । কিন্তু দেশত নেপোলিয়নৰ অভাৱনীয় জনপ্ৰিয়তাৰ বৃদ্ধিত ডাইৰেক্টৰসকল শংকিত হৈ পৰিছিল । সেয়েহে ডাইৰেক্টৰী শাসনে নেপোলিয়ন তথা আন সেনাপতিসকল ঘৰলৈ ঘুৰি অহাৰ সলনি বিদেশত যুদ্ধ কৰি থকাটো বিচাৰিছিল আৰু বিজিত দেশসমূহত চলোৱা লুট-পাতেৰে যুদ্ধৰ খৰচ উলিওৱা হৈছিল ।
ঘ) নেপোলনীয় পৰ্যায় ঃ ১৭৯৯ চনৰ পৰা ১৮১৪ চনলৈ ইউৰোপৰ ইতিহাসেই হল ফ্ৰেন্সৰ ইতিহাস আৰু এই সময়ছোৱাত ফ্ৰেন্সৰ ইতিহাসত এজন ব্যক্তিৰে চৰ্চা হৈছিল , সেই ব্যক্তিজনেই হল নেপোলিয়ন বোনাপাৰ্ট । অকলে এইগৰাকী ব্যক্তিয়ে ১৫ বছৰ সমগ্ৰ ইউৰোপক প্ৰভাৱিত কৰিছিল আৰু এই প্ৰভাৱ ইমানেই শক্তিশালী আছিল যে ইতিহাসত এই সময়ছোৱাক নেপোলিয়নৰ যুগ নামেৰে জনা যায় । নেপোলিয়ন ইউৰোপৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দুত এক ধুমকেতুৰ দৰে উদয় হৈছিল আৰু অতি কম সময়ৰ ভিতৰতে ইমান কাম কৰি গৈছিল যাৰ প্ৰভাৱ ফ্ৰেন্সত স্থায়ীৰূপে পৰিছিল । আৰু সেয়া ইউৰোপৰ ইতিহাসৰ এক মহত্বপূৰ্ণ কৰ্মৰূপে পৰিগণিত হৈছিল । তেওঁ ফয্ৰেন্সৰ বিপ্লৱ প্ৰসূত সিদ্ধান্তসমূহ আন্তৰ্জাতিক দিশত প্ৰচাৰ কৰি ফ্ৰেন্সৰ ৰাষ্ট্ৰীয় বিপ্লৱক আন্তঃৰাষ্ট্ৰীয় বিপ্লৱৰ ৰূপ দিবলৈ সক্ষম হৈছিল । 

ক) ফ্ৰেন্স বিপ্লৱৰ কলা সংস্কৃতি ঃ ফ্ৰেন্স বিপ্লৱৰ ফলত নতুন আদৰ্শই শিক্ষা সংস্কৃতিৰ পোহৰে মানুহক অজ্ঞতামুক্তিৰ পথ দেখুৱাইছিল । ১৮ শতিকাৰ দাৰ্শনিক ৰুছো, ভল্টেয়াৰ আদিয়ে সমাজত প্ৰচলিত চিন্তাধাৰাক প্ৰত্যাহ্বান জনাইছিল । শিক্ষা, শ্ৰেণী বৈষম্য, ব্যক্তিগত অধিকাৰ, কলা আৰু সংস্কৃতিৰ বিভিন্ন দিশ নতুন চিন্তা-চৰ্চাৰ প্ৰমুখ বিষয় হৈছিল । ফলস্বৰূপে ফ্ৰেন্স বিপ্লৱৰ আদৰ্শ আৰু প্ৰমূল্য, দৃষ্টি-নন্দন, শিল্পকলা,সাহিত্য, সংগীত আৰু পোছাক-পৰিচ্ছদত পৰিষ্ফুত হৈছিল । ফ্ৰেন্সৰ বিপ্লৱী সংস্কৃতি জাতীয়তাবাদী আদৰ্শ, সামাজিক ঐক্য, আৰু সম অধিকাৰৰ নীতিত প্ৰতিষ্ঠিত আছিল । এনেধৰণৰ সাংস্কৃতিক চিহ্ন আদৰ্শ বা প্ৰমূল্য প্ৰকাশৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল আৰু কোনো এজন ব্যক্তিয়ে এইদৰে বিপ্লৱৰ প্ৰতি নিজৰ আনুগত্য প্ৰদৰ্শন কৰিছিল । 
              
                                                                                      

৭। নেপোলিয়ন বোনাপাৰ্টৰ জীৱন আৰু কৃতিত্বৰ ওপৰত এখন চমু ৰচনা লিখা। 
(Write an essay on the life and achievements of Napoleon Bonaparte.) 
উত্তৰঃ  ১৭৬৯ চনত ইটালীৰ এটি সৰু দ্বীপ কৰ্চিকাত নেপোলিয়ন বোনাপাৰ্টৰ জন্ম হৈছিল । উল্লেখযোগ্য যে এওঁৰ জন্মৰ এবছৰ আগতে ১৭৮৬ চনত ফ্ৰেন্সে এই দ্বীপটো জেনোৱাৰ পৰা ক্ৰয় কৰিছিল । কিন্তু নেপোলিয়নে সৰুৰে পৰা এই দ্বীপটো ফ্ৰেন্সৰ হাতৰ পৰা স্বাধীন কৰাৰ সপোন দেখিছিল । অৱশ্যে ইয়াৰ স্থানীয় নেতাৰ সৈতে মতবিৰোধ আৰু তিক্ত সম্পৰ্কৰ সৃষ্টি হোৱাত নেপোলিয়নে যথেষ্ট প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে আহি ফ্ৰেন্সত আশ্ৰয় লয় । পিছত তেওঁ ফ্ৰেন্সৰ অত্যন্ত প্ৰভাৱশালী জেকবিন দলৰ সদস্য হয় । ফলত কৰ্চিকাত থাকোতে পোৱা সৈনিক পদ ঘুৰাই পায় । তদুপৰি জেকবিন দলৰ প্ৰধান ৰবছপীয়েৰৰ ভাতৃ আগষ্টন ৰবছপীয়েৰৰ লগত ঘনিষ্ঠ বন্ধুত্ব গঢ়ি উঠাৰ ফলত তেওঁক সেনাবাহিনীৰ ব্ৰিগেদিয়াৰ জেনেৰেল পদলৈ উন্নতি আৰু সাগৰৰ পাৰৰ বিস্তীৰ্ণ অঞ্চলৰ নিৰাপত্তাৰ দায়িত্ব তেওঁৰ  ওপৰত ন্যস্ত কৰা হয় । কেন্টেলবাইৰ ভাষাত, তেতিয়াৰে পৰা এওঁৰ ভাগ্যকাশৰ ৰবি উদয় হবলৈ লয় । 
উগ্ৰ জেকবিন দল ইয়াৰ মুখ্য নিয়ন্ত্ৰক ৰবছপীয়েৰৰ পতনৰ লগে লগে নিশেষ হৈ গৈছিল । নেপোলিয়নৰ পতনৰ পিছত দক্ষিণ ফ্ৰান্সৰ এক  কাৰাগাৰত সাত মাহৰ বাবে নেপোলিয়ন কাৰাবন্দী হৈ থাকিব লগা হৈছিল । কিন্তু তেওঁৰ ওপৰত আৰোপ কৰা উগ্ৰ জেকবিন সদস্যৰ আচৰণৰ সন্দেহ প্ৰমাণসিদ্ধ নোহোৱাত তেওঁক কাৰাগাৰৰ পৰা মুক্তি দিয়া হয় । তেওঁ পেৰিচলৈ ঘুৰি আহে আৰু নিজৰ প্ৰতিভা দেখুৱাব সুবিধা লাভ কৰে আৰু ফ্ৰেন্সৰ ৰাজনীতিত অংশগ্ৰহণ কৰিব লয় । এই সময়তে ফ্ৰেন্সৰ ৰাষ্ট্ৰীয় সন্মিলনে দুটা দিশৰ পৰা অষ্ট্ৰিয়া আক্ৰমণৰ সিদ্ধান্ত লয় ।  । 
ইমান প্ৰবল ইচ্চশক্তি, থকাজনক কোনো ৰেখা বা ভাগ্যই বাধা দিব নোৱাৰে । সি যি নহওক , বিজয় অভিযানৰ পৰা ঘুৰি আহি ১৭৯৭ চনৰ ১০ নৱেম্বৰ তাৰিখে নেপোলিয়নে ফ্ৰেন্সৰ ডাইৰেক্টৰী শাসনৰ অৱসান ঘটাই নিজে বলপূৰ্বক ক্ষমতা দখল কৰে । ফ্ৰেন্সৰ জনসাধাৰণে এনেধৰণৰ ক্ষমতাৰ পৰিৱৰ্তন মানি ললে । কাৰণ তেওঁলোকে ডাইৰেক্টৰী শাসনৰ অকৰ্মণ্যতা আৰু দুৰ্নীতিত যথেষ্ট অসন্তুষ্ট আছিল । নেপোলিয়নে এই কথা উপলব্ধি কৰি কৈছিল , এইটো প্ৰমাণ হয় যে সকলোৱে মোকে অপেক্ষা কৰি আছিল । এই ,সময়ৰ অলপ আগতেওঁ মই অহা উচিত নাছিল আৰু এদিন পিছত আহিলে বহুত দেৰি হৈ গলহেতেন । একদম সঠিক ক্ষণত আহিছো । নেপোলিয়নে এইদৰে ক্ষমতা দখল কৰা কাৰ্যক ৰক্তপাতহীন বিপ্লৱ আখ্যা দিয়া হয় । 
ডাইৰেক্টৰী শাসনৰ পতনৰ পিছত কনচুলেট শাসন ব্যৱস্থা স্থাপন হয় । ইয়াৰ বাবে এখন নতুন সংবিধানিক ৰচনা কৰা হয় যাক অষ্টম বৰ্ষৰ সংবিধান নামেৰে জনা যায় । নতুন সংবিধান মতে কাৰ্যকৰী সভাৰ সকলো ক্ষমতা তিনিজনীয়া সদস্যৰে গঠিত কনচুলেট সদস্যৰ হাতত দিয়া হৈছিল । কনছুলেটৰ সদস্য ১০ বছৰৰ বাবে নিৰ্বাচিত হৈছিল । কনচুলেটৰ প্ৰথম সদস্যৰ হাতত সম্পূৰ্ণ কাৰ্যকৰী ক্ষমতা আছিল । দ্বিতীয় আৰু তৃতীয় কনচুল মাত্ৰ পৰামৰ্শদাতা ৰূপতহে আছিল । এইদৰে ১৭৯৯ চনত নেপোলিয়নে প্ৰথম কনছুল হৈ ফ্ৰেন্সত শাসন আৰম্ভ কৰে । বিভিন্ন ধৰণৰ সংস্কাৰৰ কাৰ্যসূচী হাতত লয় । আলেকজেণ্ডাৰ, জুলিয়াছ চিজাৰ আদিৰ দৰেই নেপোলিয়নেওঁ বিশ্ববিজয়ৰ সপোন দেখিছিল । নেপোলিয়নৰ বুদ্ধি, আৰু কৌশল, সময়োপযোগী বাস্তৱ সিদ্ধান্তই তেওঁক বিশ্বৰ অন্যতম বীৰ-যোদ্ধাসকলৰ শাৰীত স্থান পাবলৈ সক্ষম কৰি তুলিছিল । ফৰাচী বিপ্লৱৰ সময়তে ফ্ৰেন্সত নেপোলিয়ন বোনাপাৰ্টৰ উত্থান ঘটিছিল । তেওঁৰ সমগ্ৰ জীৱন যুজঁ -বাগৰৰ মাজেদিয়ে অতিক্ৰম কৰি গৈছিল । ১৬ বছৰ বয়সতে ফৰাচী সামৰিক বাহিনীৰ ছেকেণ্ড লেফটেনেন্ট পদত যোগদান কৰা নেপোলিয়নে ফৰাচী বিপ্লৱৰ সময়ত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছিল । সেই বিপ্লৱৰ সময়ত ১৭৯৩ চনত তুলন বন্ূদৰৰ পৰা ইংৰাজ সৈন্যবাহিনীক খেদি পঠাই তেওঁ প্ৰথমবাৰৰ বাবে নিজৰ বীৰত্বৰ পৰিচয় দিছিল । ১৭৯৫ চনত তেওঁ পেৰিচৰ উন্মত্ত জনতাক দমন কৰিবলৈ সক্ষম হৈছিল । নেপোলিয়নৰ এনেবোৰ সফল কাৰ্যৰ বাবে তেওঁ উচ্চপদস্থ বিষয়াসকলৰ দৃষ্টিগোচৰ হৈছিল । ২২ বছৰ বয়সত নেপোলিয়ন বোনাপাৰ্টত ডাইৰেক্টৰ কাৰণেই ইটালিয়ান সেনাধ্যক্ষ পতাৰ পাছৰ পৰাই তেওঁৰ বিজয় অভিযান আৰম্ভ কৰে । তেতিয়াৰ পৰা ১৮১৫ চনৰ ১৮ জুনত ৱাটাৰলু যুদ্ধত হাৰি চেইন্ট-হেলেনা দ্বীপত নিৰ্বাচন পোৱালৈকে নেপোলিয়নৰ জীৱনটো আছিল বহু যুদ্ধ বিগ্ৰহেৰে ভৰা । নেপোলিয়নৰ যুদ্ধসমূহক তলত দিয়াধৰণে ভাগ কৰিব পৰা যায় 
১। প্ৰথম ইউৰোপীয় মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ১৭৯৩-৯৭ খ্ৰীঃ 

২। দ্বিতীয় ইউৰোপীয় মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ১৭৯৮-১৮০১ খ্ৰী।

৩। তৃতীয় মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ১৮০৫-১৮০৭ খ্ৰীঃ ।

৪। ইংলেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক যুদ্ধ ১৮০৬-১৮১৪ খ্ৰীঃপূঃ 

৫। স্পেনিচ যুদ্ধ বা উপসাগৰীয় যুদ্ধ ১৮০৮-১৮১৩ খ্ৰীঃ ।

৬। ৰাছিয়াৰ লগত হোৱা যুদ্ধ ১৮১২ খ্ৰীঃপূঃ 

৭। চতুৰ্থ মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ১৮১৩-১৮১৫ খ্ৰীঃ 
১। প্ৰথম ইউৰোপীয় মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ১৭৯৩-১৭৯৭ খ্ৰীঃ  ফ্ৰেন্সৰ জাতীয় মহাসভাই যি সংবিধান প্ৰস্তুত কৰি উলিয়াইছিল, সেই সংবিধান অনুসৰি ফ্ৰেন্সৰ প্ৰশাসনৰ দায়িত্ব পাঁচজন সদস্যৰে গঠিত এখন ডাইৰেক্টৰীৰ হাতত অৰ্পণ কৰা হৈছিল । এই ডাইৰেক্টৰীৰ সন্মুখত আভ্যন্তৰীণ আৰু বৈদেশীক বিভিন্ন সমস্যাই দেখা দিছিল । সেইছোৱা সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো আছিল ফ্ৰেন্স গণতন্ত্ৰৰ বিপক্ষে থকা সকলো শত্ৰুক নিৰ্মূল কৰা । ইতিপূৰ্বে সন্ত্ৰাসৰ ৰাজত্বৰ সময়ছোৱাত বিৰোধী সকলো শক্তি মষিমূৰ কৰা হৈছিল । কিন্তু ফ্ৰেন্সৰ এনে ৰাজতন্ত্ৰ বিৰোধী কাৰ্যই অন্যান্য ৰাজতান্ত্ৰিক ৰাষ্ট্ৰসমূহক ভীতিগ্ৰস্ত কৰি তুলিছিল । সেয়েহে সকলোবোৰ ৰাজতান্ত্ৰিক আৰু গণতন্ত্ৰবিৰোধী শক্তি ফ্ৰেন্সৰ বিপক্ষে একত্ৰিত হৈছিল । সেয়েহে ফ্ৰেন্সৰ ডাইৰেক্টৰী শাসন ব্যৱস্থাই এই গণতন্ত্ৰ বিৰোধ শক্তিসমূহৰ বিৰুদ্ধে যুদ্ধ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল । সেই সময়ৰ ফ্ৰেন্সৰ প্ৰধান শত্ৰু আছিল ইংলেণ্ড, অষ্ট্ৰিয়া আৰু চাৰ্ডেনিয়া । ইতিমধ্যে ইংলেণ্ড, হলেণ্ড, প্ৰুছিয়া চাৰ্ডিনিয়া আৰু স্পেইনে ফ্ৰেন্সৰ বিপক্ষে প্ৰথম ইউৰোপীয় মিত্ৰসংঘ গঠন কৰিছিল । সেইখিনি সময়ত ইংলেণ্ডৰ নৌ-শক্তি যথেষ্ট শক্তিশালী হোৱাৰ বাবে ফ্ৰেন্সে প্ৰথমে অষ্ট্ৰিয়াক প্ৰুছিয়া আক্ৰমণৰ লক্ষ্য হিচাপে বাছি দিছিল । 

২। দ্বিতীয় ইউৰোপীয় মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ খ্ৰীঃ ১৭৯৮ -১৮০১  ফ্ৰেন্সৰ বিৰুদ্ধে পুনৰ বৃটেইন, ৰাছিয়া, আৰু অষ্ট্ৰিয়া আদি মিলিত হৈ দ্বিতীয় মিলিত বাহিনী বা বিত্তীয় ইউৰোপীয় মিত্ৰসংঘ গঠন কৰিছিল । ১৭৯৮ চনৰ পৰা ১৮০১ চনলৈ এই মিলিত বাহিনীয়ে ফ্ৰেন্সৰ লগত বিভিন্ন যুদ্ধত মুখামুখি হৈছিল । ইতিমধ্যে নেপোলিয়ন ইজিপ্ত অভিযানত ব্যস্ত থাকোতেই এই মিত্ৰসংঘৰ সৈন্যবাহিনীয়ে ফ্ৰেন্স আক্ৰমণ কৰে । নেপোলিয়ন ফ্ৰেন্সত নথকাৰ সুবিধা লৈয়ে মিলিত বাহিনীয়ে ফ্ৰেন্সৰ ওপৰত আক্ৰমণ চলাইছিল যদিও নেপোলিয়ন ইজিপ্তৰ পৰা ঘুৰি আহি এই বাহিনীক আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে । নেপোলিয়নে দ্বিতীয়বাৰৰ বাবে ইটালী আক্ৰমণ কৰি তাৰ পৰা অষ্ট্ৰিয়াক খেদি পঠাবলৈ সক্ষম হৈছিল । এই যুদ্ধত পৰাজয় বৰণ কৰাৰ পিছত অষ্ট্ৰিয়াই ফ্ৰেন্সৰ লগত লুনেভাইল চুক্তিত স্বাক্ষৰ কৰে । ইয়াৰ পাছতে ফ্ৰেন্সৰ লগত জয়ৰ আশা নেদেখি ৰাছিয়াই মিত্ৰসংঘ ত্যাগ কৰে । ফলত কেৱল ইংলেণ্ডহেহে ফ্ৰেন্সৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখে । বহুদিন ধৰি চলা যুদ্ধত অৱশ হৈ শেষত ফ্ৰেন্স আৰু ইংলেণ্ডেও মিত্ৰতাৰ চুক্তি কৰিবলৈ বাধ্য হয় । নিজ নিজ দেশৰ আভ্যন্তৰীণ বিষয়ত মনোযোগ দিবৰ বাবে যুদ্ধ সমাপ্তিৰ কাৰণে ফ্ৰেন্স আৰু ইংলেণ্ডৰ মাদত হোৱা এই চুক্তি এমিয়েনৰ চুক্তি নামেৰে জনাজাত হয় । 

৩। তৃতীয় মিত্ৰসংঘৰ লগত হোৱা যুদ্ধ ১৮০৫- ১৮৯৭ খ্ৰীষ্টাব্দ ঃ  এমিয়েনৰ চুক্তিয়ে ফ্ৰেন্সৰ লগত অন্য ইউৰোপীয় শক্তিসমূহৰ শত্ৰুতা অন্ত কৰিব পৰা নাছিল । ইতিমধ্যে, ইটালী. স্পেইন আৰু হলেণ্ডত ফয্ৰেন্সৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছিল । আনহাতে, এইবোৰ দেশত বৃদ্ধি পোৱা ফ্ৰেন্সৰ প্ৰভাৱো বৃটিছ ব্যৱসায় -বাণিজ্যৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলাইছিল । বৃটেইনৰ ব্যৱসায়ত লোকচান হবলৈ আৰম্ভ কৰিছিল । সেইবাবে ১৮০৩ চনত ইংলেণ্ডে ফ্ৰেন্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে । এইবাৰ ফ্ৰেন্স আৰু স্পেইনৰ যুটীয়া বাহিনীয়ে ইংলেণ্ড বাহিনীৰ মুখামুখি হয় । বহুদিন ধৰি যুদ্ধ চলাৰ সময়তে ইংলেণ্ডে, অষ্ট্ৰিয়া, ৰাছিয়া আৰু চুইডেনৰ লগ লাগি তৃতীয় মিত্ৰসংঘ গঠন কৰে । ১৮০৫ চনত ফ্ৰেন্স তৃতীয় মিত্ৰসংঘৰ আক্ৰমণৰ মুখামুখি হয় । মিত্ৰসংঘৰ আক্ৰমণৰ খবৰ পাই নেপোলিয়নে অতৰ্কিতে অষ্ট্ৰিয়া আক্ৰমণ কৰে । 

৯। নেপোলিয়ন বোনাপার্টে সূচনা কৰা বিভিন্ন সংস্কাৰৰ এটি বিৱৰণ দিয়া৷ 
(Give a brief description of reformations instroduced by Napoleon Bonaparte.)
উত্তৰঃ প্ৰশাসনিক ক্ষেত্ৰত নেপোলিয়নে কিছু নতুনত্ব আনিব বিচাৰিছিল । তেওঁৰ সংস্কাৰৰ প্ৰধান লক্ষ্য আছিল দেশৰ শান্তি-শৃংখলা প্ৰতিষ্ঠাৰ দ্বাৰা সৰ্বাংগীন উন্নয়ন তথা নিজকে দেশৰ সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী হিচাপে প্ৰতিষ্ঠা কৰা । নেপোলিয়নে প্ৰশাসনিক দিশত কৰা সংস্কাৰসমূহ আছিল 
ক) কেন্দ্ৰীভূত শাসনব্যৱস্থাঃ নেপোলিয়নে ফ্ৰান্সত কেন্দ্ৰীভূত শাসন প্ৰতিষ্ঠা কৰিছিল । স্থানীয় প্ৰশাসন আৰু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নীতিৰ তেওঁ বিৰোধী আছিল । মেয়ৰ, চাব-মেয়ৰ, চাব-প্ৰিফেক্ট আদি সকলো স্থানীয় প্ৰশাসনক তেওঁ নিজেই নিযুক্তি দিছিল । নেপোলিয়নৰ মতে এক সবল কেন্দ্ৰীভূত শাসনেহে ফ্ৰান্সৰ স্থিৰতা আনিব পাৰিব । অৱশ্যে নেপোলিয়নৰ এই নীতি ফৰাচী বিপ্লৱৰ গণতান্ত্ৰিক নীতিৰ সম্পূৰ্ণ বিৰোধী আছিল ।

খ) সমতা ঃ নেপোলিয়নে ফৰাচী বিপ্লৱৰ এক মূল নীতি সমতাৰ নীতিৰ সম্পূৰ্ণৰূপে সমৰ্থন জনাইছিল । তেওঁৰ মূল আদৰ্শ আছিল আইনৰ চকুত সকলো সমান, সকলোৱে সমান সুবিধা ভোগ কৰিব লাগে । তেওঁ সামাজিক শ্ৰেণী, ধৰ্ম, বংশ আদিৰ বৈধম্য একেবাৰে মানি লোৱা নাছিল । তেওঁৰ প্ৰধান নীতি আছিল জন্মগত বা বংশগত উচ্চ-নীচৰ সলনি যোগ্যতাক সন্মান প্ৰদৰ্শন কৰা । বিভিন্ন নিযুক্তিৰ ক্ষেত্ৰত তেওঁ সামাজিক উচ্চ-নীচ বিচাৰ নকৰি সম্পূৰ্ণ প্ৰতিভা আৰু মেধাৰ ভিত্তিত নিযুক্তি দিছিল । শিক্ষিত প্ৰতিভাৱান লোকসকল বিশেষকৈ জাতীয় বীৰ, সাহিত্যিক, শিল্পী, বৈজ্ঞানিক আদিৰ প্ৰতিভাক সামাজিক স্বীকৃতি দি তেওঁলোকক সমাজৰ এক সন্মানিত তথা আগশাৰীৰ সম্প্ৰদায় হিচাপে পৰিগণিত কৰিছিল । 

গ) আইনৰ সংস্কাৰঃ নেপোলিয়নে আইনৰ সংস্কাৰ সাধন কৰি আইনৰ চকুত সকলোতে সমানে হিচাপে প্ৰতিষ্ঠা কৰিছিল । তেওঁ বহুদিনৰ পৰা অত ত'ত সিচৰতি হৈ থকা আইনসমূহ একগোট কৰি লিপিবদ্ধ কৰিছিল । এই আইন নেপোলিয়ন সংবিধি হিচাপে জনাজাত । 
তেওঁ বিচাৰ ব্যৱস্থা স্বচ্চ আৰু বাস্তৱমুখী কৰিবৰ উদ্দেশ্যে বিশেষজ্ঞৰ হতুৱাই দেৱানী আৰু ফৌজদাৰী াইনসমূহৰ পৰীক্ষা কৰাইছিল । তেওঁৰ এই আইনৰ সংস্কাৰসমূহ পাচলৈ ইউৰোপৰ অন্যান্য দেশসমূহেওঁ গ্ৰহণ কৰিছিল ।
২। শিক্ষাৰ সংস্কাৰঃ নেপোলিয়নে এক জাতীয় শিক্ষানীতি গ্ৰহণ কৰিছিল । তেওঁ শিক্ষাৰ দায়িত্ব পূৰ্বৰ গিৰ্জাৰ হাতৰ পৰা চৰকাৰৰ হাতলৈ আনিছিল । তেওঁৰ মতে শিক্ষাৰ মূল লক্ষ্য হোৱা উচিত নৈতিক আদৰ্শ আৰু কঠোৰ শংখলা । শিক্ষা বিস্তাৰৰ উদ্দেশ্যে  তেওঁ বহুতো বিদ্যালয়, মহাবিদ্যালয়, আৰু বিশ্ববিদ্যালয় স্থাপন কৰিছিল । 
৩। ধৰ্মীয় সংস্কাৰঃ নেপোলিয়নে ফ্ৰান্সৰ ধৰ্মীয় ক্ষেত্ৰতো সংস্কাৰ সাধন কৰিছিল । তেওঁৰ মতে ধৰ্ম হল এক ৰাজনৈতিক হাতিয়াৰ, সমাজ বন্ধনৰ উপায় আৰু নিৰাপদ ব্যৱস্থা । তেওঁ ধৰ্মক ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল । ১৮০২ খ্ৰীঃত তেওঁ পোপ সপ্তম পীউৰ লগত এখন চুক্তিত স্বাক্ষৰ কৰিছিল । এই চুক্তিক ধৰ্মচুক্তি বা কনকৰ্দা হিচাপে জনা যায় ।
এই চুক্তিৰ প্ৰধান চৰ্তসমূহ আছিল ।
ক) কেথলিক ধৰ্ম ফ্ৰান্সৰ ৰাষ্ট্ৰীয় ধৰ্মৰূপে স্বীকৃতি হব ।
খ) বিপ্লৱৰ সময়ত বাজেয়াপ্ত ধৰ্মোত্তৰ মাটি সম্পত্তিসমূহ ঘুৰাই দিয়া নহব ।
গ) গীৰ্জাই ধৰ্মৰ নামত কৰ লগাব নোৱাৰিব ।
ঘ) ধৰ্মযাজকসকলে ৰাষ্ট্ৰৰ পৰা দৰমহা পাব ।
ঙ) শিক্ষাক ধৰ্মীয় নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰা হয় ইত্যাদি । 
৪। অৰ্থনৈতিক সংস্কাৰ ঃ নেপোলিয়নৰ অৰ্থনৈতিক সংস্কাৰসমূহৰ ভিতৰত উল্লেখযোগ্য আছিল 
ক) ব্যৱসায়  আৰু শিল্পীসকলক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ বাবে বেংক প্ৰতিষ্ঠা ।
খ) মুদ্ৰানীতিৰ সংস্কাৰ ।
গ) ৰাজহ নিৰ্ধাৰণ আৰু সংগ্ৰহৰ ক্ষেত্ৰত সংস্কাৰ ইত্যাদি ।
৫। অন্যান্য সংস্কাৰঃ নেপোলিয়নে কেৱল ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰতে সীমাবদ্ধ থকা নাছিল । তেওঁ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰতো বিভিন্ন সংস্কাৰমূলক কাম কৰিছিল । তেওঁ বহু নতুন ৰাস্তা-ঘাট আৰু দলং নিৰ্মাণ কৰিছিল । ৰাস্তাৰ কাষত গছ ৰুই শোভাবৰ্ধন কৰাৰ লগতে বাটৰুৱাৰ সুবিধা কৰি দিছিল । তেওঁ পেৰিচ চহৰখন অতি সুন্দৰকৈ সজাই তুলিছিল । শিল্পী সাহিত্যিকসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁলোকক সমাজত আগস্থান দিছিল । তেওঁ আনকি সৈনিকসকলৰ লগত শিল্পী ৰখাৰো ব্যৱস্থা কৰিছিল । ইটালী, ইজিপ্ত, আদি আক্ৰমণৰ সময়ত তাৰ স্থাপত্য আৰু ভাস্কৰ্যসমূহ যাতে নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছিল । তেওঁ বিভিন্ন দেশৰ শিল্পকলাৰ নমুনা সংগ্ৰহ কৰি আনি সেইবোৰ নিজ দেশত সযত্নে ৰাখিছিল । এই কাৰ্যসমূহৰ জৰিয়তে তেওঁ মনৰ সাংস্কৃতিক আৰু বৌদ্দিক দিশটোৰ প্ৰতিফলন  কৰিছিল । 

Type: Hirak Jyoti Bora.

Post ID : DABP005633