বিধানমণ্ডল

(Legislature)

অনুশীলনী

১. আলোকে ভাবে যে এখন ৰাষ্ট্ৰত জনসাধাৰণৰ কল্যাণৰ বাবে চিন্তা কৰা সুদক্ষ চৰকাৰ এখনৰ প্ৰয়োজন। সেইবাবে, আমি যদি প্রধানমন্ত্রী আৰু মন্ত্ৰীসকলক নির্বাচন কৰি চৰকাৰৰ কাম তেওঁলোকৰ হাতত অৰ্পণ কৰো, তেতিয়াহ'লে আমাক বিধানমগুলর প্রয়োজন নহ'ব। এই বিষয়ত তুমি একমত নে? তোমাৰ উত্তৰৰ বাবে যু ক্তি দাৰ্শোৱা।

উত্তৰঃ 

২. এটা শ্ৰেণীত দ্বিসদনীয় ব্যৱস্থাৰ গুণাগুণ সম্পর্কে বিতর্ক চলি আছিল। আলোচনাত তলত উল্লেখ কৰা যুক্তিবোৰ আগবঢ়োৱা হৈছিল। যুক্তিবোৰ পঢ়ি চোৱা আৰু সেইবোৰৰ লগত তুমি সহমত হয়নে নহয়, কাৰণ দৰ্শোৱা।

* নেহাই কৈছিল যে দ্বিসনীয় বিধানমণ্ডলে কোনো উদ্দেশ্য সাধন নকৰে। 

* শামাই যুক্তি দৰ্শাইছিল যে দ্বিতীয় সদনলৈ বিশেষজ্ঞ মনোনীত হোৱা উচিত ।

* ত্রিদিবে কৈছিল যে ৰাষ্ট্ৰ এখন যুক্তৰাষ্ট্ৰীয় প্ৰকৃতিৰ নহ’লৈ, দ্বিতীয় সদনৰ প্ৰয়োজন নাই।

৩. কাৰ্যপালিকাক ৰাজ্যসভাতকৈ লোকসভাই কিয় বেছি ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰে ?

৪. কাৰ্য্যপালিকাক নিয়ন্ত্ৰণ কৰাতকৈও, লোকসভা প্ৰকৃততে জনসাধাৰণৰ আৱেগ আৰু আশা আকাংক্ষা প্রতিফলিত কৰা মঞ্চহে। তুমি এই কথাষাৰ মানি লোৱানে? কাৰণ দৰ্শোৱা ।

৫. সংসদক অধিক কাৰ্য্যকৰী কৰিবলৈ কেইটামান প্ৰস্তাৱ আগবঢ়োৱা হৈছে। তোমাৰ মতামত প্ৰত্যেকটোৰে ক্ষেত্ৰত কাৰণ সহ উল্লেখ কৰা। এই পৰামৰ্শবোৰ গৃহীত হ’লে কি লাভ হ'ব?

* সংসদে দীঘলীয়া সময়ৰ বাবে কাম কৰা উচিত।

* সংসদৰ সদস্যসকলৰ উপস্থিতি বাধ্যতামূলক কৰিব লাগে ।

* সদনৰ কাম-কাজত বাধা প্ৰদান কৰিলে সদস্যসকলক শাস্তি দিব পৰা ক্ষমতা অধ্যক্ষৰ থকা উচিত ।

৬. আৰিফে জানিব বিচাৰিছিল যে যদি মন্ত্ৰীসকলে বেছিভাগ গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰে আৰু যদি সংখ্যাগৰিষ্ঠ সদস্যই প্ৰায়ে চৰকাৰী বিধেয়কত অনুমোদন জনায়, তেতিয়াহ'লে আইন প্রণয়ন প্ৰক্ৰিয়াত সংসদৰ ভূমিকা কি? তুমি তেওঁক কি উত্তৰ দিবা? 

৭. তলত উল্লেখ কৰা কোনটো বিবৃতিক তুমি আটাইতকৈ বেছি সমর্থন জনাবা? কাৰণ দর্শেরা ।

* বিধানমণ্ডলৰ সদস্যসকলে তেওঁলোকৰ ইচ্ছা অনুসৰি যিকোনো দলত যোগদান কৰিব পাৰিব লাগে। 

দলত্যাগ বিৰোধী আইনে দলীয় নেতাসকলক বিধানগুলৰ সদস্যসকলক নিয়ন্ত্রণ কৰাত সহায় কৰিছে ।

* দলত্যাগ সদায় স্বাৰ্থপৰ উদ্দেশ্য সাধনৰ কাৰণেহে হয় আৰু সেইবাবে যিসকল বিধানমণ্ডলৰ সদস্যই আন দলত যোগদান কৰিব বিচাৰে তেওঁলোকক পিছৰ দুবছৰলৈ মন্ত্ৰী হোৱাৰ বাবে অৰ্হতাহীন কৰিব লাগে ।

৮. ডলি আৰু সুধাই অলপতে সংসদৰ দক্ষতা আৰু কাৰ্য্যকাৰিতা সম্পর্কে আলোচনা কৰি আছিল। ডলিয়ে বিশ্বাস কৰে যে বিতৰ্ক আৰু আলোচনাত কম সময় খৰছ আৰু সদনৰ কাম কাজত বিভিন্ন বাধা, সদন ত্যাগ আদিয়ে সংসদৰ অৱনতি স্পষ্ট কৰে। সুধাৰ মতে, লোকসভাৰ মজিয়াত বিভিন্ন চৰকাৰৰ পতনে ইয়াৰ সক্ৰিয়তাক সূচায়। ডলি আৰু সুধাৰ মতত সমৰ্থন বা বিৰোধিতা কৰিবলৈ তুমি আন কি যুক্তি আগবঢ়াবা?

৯. এখন বিধেয়ক আইনত পৰিণত হোৱাৰ বিভিন্ন স্তৰসমূহ শুদ্ধ আৰু শৃংখলাবদ্ধ ভাৱে সজোৱাঃ

* বিধেয়ক এখন আলোচনাৰ বাবে গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

* বিধেয়কখন ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিওৱা হৈছে-তেওঁ যদি স্বাক্ষৰ নকৰে কি হ’ব লিখা।

* বিধেয়কখন আনখন সদনলৈ পঠিওৱা হয় আৰু গৃহীত হয়।

* বিধেয়কখনত দফাবোৰ (Clause) এটা এটাকৈ পাঠ কৰি ভোট গ্ৰহণৰ বাবে দিয়া হয়।

* বিধেয়কখন উপ-কমিটিলৈ পঠিওৱা হ'য় কমিটিয়ে কিছু সংশোধন কৰি সদনত আলোচনাৰ বাবে পঠিয়ায়।

* বিভাগীয় মন্ত্রীয়ে বিধেয়ক খনৰ প্ৰয়োজনীয়তাৰ বিষয়ে প্ৰস্তাৱ-উত্থাপন কৰিলে।

* আইন মন্ত্রণালয়ৰ আইন প্রণয়ন বিভাগে বিধেয়কৰ খচৰা প্ৰস্তুত কৰে।

* বিধেয়কখন যিখন সদনত প্ৰস্তাৱ কৰা হৈছিল তাত অনুমোদন জনোৱা হয়।

১০. সংসদীয় কমিটি ব্যৱস্থাই সংসদৰ আইন প্রণয়নৰ তত্বাৱধান আৰু মূল্য নিৰ্দ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলাইছে ?

উত্তৰঃ জন, ষ্টুৰ্ৱাট মিলে কৈছিল যে কোনো বৃহৎ আইন সভাৰ পক্ষে কোনো বিষয়ে ভালদৰে আলোচনা কৰা সম্ভৱ নহয়। ভাৰতীয় সংসদৰ ক্ষেত্ৰটো এই উক্তিটো প্ৰয়োজ্য়। ভাৰতৰ সংসদৰ কাৰ্যাৱলী অট্য়ধিক বৃদ্ধি পাইছে। ইয়াৰ অলপ দিনৰ বাবে হোৱা অধিৱেশনত সকলো বিষয় সৰ্ম্পকে ভালদৰে পৰীক্ষা কৰি চোৱা সম্ভৱপৰ নহয়। তদুপৰি আইন প্ৰণয়নৰ দৰে এটা জটিল কাৰ্যৰ বাবে জটিল অভিজ্ঞতা আৰু জ্ঞানৰ প্ৰয়োজন। সেই কাৰণে আইন প্ৰণয়নৰ কাৰ্যত সহায় কৰিবৰ কাৰণে কমিটিসমূহ বৰ প্ৰয়োজনীয়। সেয়েহে ভাৰতীয় সংসদে ইয়াৰ কাৰ্যাৱলীত সহায় কৰিবৰ বাবে কিছুমান কমিটি গঠন কৰে।

কমিটিসমূহে কৰেঃ

(১) বিভিন্ন বিধায়িনী উদ্দেশ্য়ত কম সংখ্য়ক সদস্য়ক লৈ কমিটিসমূহক নিযুক্তি দিয়া হয়। এই কমিটিসমূহে আইন প্ৰণয়নৰ প্ৰস্তাৱসমূহ ভালদৰেপৰীক্ষা কৰা উপৰিও সদনৰ দৈনন্দিন কাৰ্যসমূহটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ ফলত উন্নত ধৰণৰ আইন প্ৰণয়ন কৰা সম্ভৱপৰ হয়।

(২) কমিটিসমূহত বিশেষজ্ঞসকল থাকে। তেওঁলোকে যিকোনো বিষয়ক ভালদৰে বিচাৰ-বিশ্লেষণ কৰিব পাৰে। সেয়েহে এই কমিটিসমূহক প্ৰয়োজনীয়তা আছে।

(৩) কমিটিসমূহে আইন প্ৰস্তাৱ ভালদৰে ৰচনা কৰে। ইয়াৰ ফলত সংসদৰ সদস্য়ৰসকলে ভালদৰে এই প্ৰস্তাৱসমূহ কম সময়ৰ ভিতৰত আলোচনা কৰিব পাৰে। এই দৰে কমিটিসমূহে সদনৰ মূল্য়ৱানসময় বচায়।

(৪)  কমিটিয়ে বিভিন্ন মন্ত্ৰণালয়ৰ পৰা উত্থাপিত ধনৰ মঞ্ জুৰি দাবীসমূহৰ অধ্য়য়ন, বিভিন্ন বিভাগৰ আয়-ব্য়য় পৰীক্ষা কৰি চোৱা, দুৰ্নীতিৰ ঘটনা অনুসন্ধান কৰা আদি গুৰুত্বপূৰ্ণ কাৰ্য সংসদীয় কমিটিৰ জৰিয়তে অনুসন্ধান কৰে। ভাৰতীয় সংসদৰ কমিটিসমূহক প্ৰধানকৈ দুটা ভাগত বিভক্ক কৰিব পাৰি। (ক) স্থায়ী কমিটি আৰু (খ) অস্থায়ী কমিটি কিছুমান নিৰ্দিষ্ট কাৰ্য সম্পাদনৰ বাবে নিযুক্ত কৰা হয়। সেই কাম শেষ হোৱাৰ লগে লগে কমিটিৰ কাৰ্যকালো শেষ হৈ যায়।

১৯৮৩ চনৰ পৰা স্থায়ী সংসদীয় কমিটি গঠন কৰা হয়। স্থায়ী কমিটিসমূহে বিভিন্ন বিভাগৰ কাম, সেই বিভাগসমূহৰ বাজেট ব্য়য় আৰু সদনলৈ অহা একোটা বিভাগৰ লগত জড়িত বিধেয়কৰ তত্ত্বাৱধান কৰে। বৰ্তমান এনে ধৰণৰ স্থায়ী কমিটিৰ সংখ্য়া কুৰিখন। লোকসভাৰ স্থায়ী কমিটিসমূহৰ ভিতৰত কেইখনমানক বৰ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। যেনে- আনুমানিক ব্য়য় পৰীক্ষা কমিটি, চৰকাৰী হিচাপ পৰীক্ষা কমিটি, নিয়মাৱলী সংক্ৰান্ত কমিটি ইত্য়াদি।    

Type Himanku Bora







Post ID : DABP005260