Chapter 1    

প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ স্বৰূপ

Nature of Symbolic Logic 

প্ৰশ্নাৱলী 

Short Questions :

(Questions ) 

1 . What is symbol ? 

প্রতীক কাক বোলে ? 

 উত্তৰঃ যি চিন বা সংকেতক সজ্ঞানে আৰু সচেষ্টভাৱে কোনো এটা বস্তু বা বিষয়ক বুজাবলৈ ব্য়ৱহাৰ কৰা হয়, তাকেই প্ৰতীক বোলা হয়।


2. State two characteristics of symbol ? 

প্রতীকৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ প্ৰতীকৰ দুটা বৈশিষ্ট্য় হল-

i)প্ৰতীক নিজ গণ্ডীক অতিক্ৰম কৰি অন্য় কিবা বিষয়ক নিৰ্দেশ কৰে। অৰ্থাৎ প্ৰতীক এটাই নিজকে নিৰ্দেশ নকৰি আন কিবা বিষয়ক নিৰ্দেশ কৰে।

ii) প্ৰতীক সত্তাৰ বিভিন্ন স্তৰক উদঘাটিত কৰে। প্ৰতীক ব্য়ৱহৃত নহলে এনে স্তৰ গোপন থাকিলহেঁতেন।

 

3 . State two uses of symbol in logic . 

প্ৰতীকাত্মক তর্কবিজ্ঞানৰ দুটা উপযোগিতা উল্লেখ কৰা ।

উত্তৰঃ প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ দুটা উপযোগিতা হল-

i) তৰ্কবিজ্ঞানত যুক্তি আৰু যুক্তিৰ আকাৰৰ এক ঘনিষ্ঠ সম্বন্ধ আছে। যুক্তিৰ সঠিক আকাৰ উলিয়াব নোৱাৰিলে যুক্তিৰ বৈধতা নিৰ্ণয় কষ্টসাধ্য় হয়। প্ৰতীক ব্য়ৱহাৰৰ ফলত যুক্তিৰ সঠিক আকাৰ নিৰ্ণয় কৰি যুক্তিটোক সুনিৰ্দিষ্টভাৱে প্ৰকাশ কৰিব পাৰি। ইয়াৰ ফলত যুক্তিৰ বৈধতা নিৰ্ণয় সহজ হৈ পৰে।

ii) প্ৰতীক ব্য়ৱহাৰৰ ফলত যুক্তিৰ শ্ৰেণীবিভাজন সহজসাধ্য় হয়। অৰ্থাৎ কোনটো যুক্তি কোন প্ৰকাৰৰ তাক সহজে চিনাক্ত কৰিব পাৰি প্ৰতীক ব্য়ৱহাৰ কৰি। যুক্তি চিনাক্ত কৰিব পাৰিলে যুক্তিসমূহত সাধাৰণ নিয়ম প্ৰয়োগ কৰি তৎক্ষণাৎ যুক্তিটো বৈধ নে অবৈধ তাক নিৰ্ধাৰণ কৰিব পাৰি।


4 . Are symbol and sign same ? 

প্রতীক আৰু চিহ্ন একে নে ? 

উত্তৰঃ হয়।


5 . What do you mean by verbal and non - verbal symbol ?

 শাব্দিক আৰু অশাব্দিক প্রতীক বুলিলে কি বুজা ? 

উত্তৰঃ শাব্দিক প্ৰতীকঃ কোনো ভাষাত যিবোৰ শব্দ ব্য়ৱহৃত হয় সেইবোৰক শাব্দিক প্ৰতীক বোলা হয়।যেনে- কিতাপ, টেবুল, চেয়াৰ।

        অ-শাব্দিক প্ৰতীকঃ যিবোৰ প্ৰতীকক শব্দৰ দ্বাৰা প্ৰকাশ নকৰি কিছুমান চিহ্নৰ দ্বাৰা প্ৰকাশ কৰা হয়, তাকে অ-শাব্দিক প্ৰতীক বোলে।


6. What do you mean by ' symbolic logic ' ? 

‘ প্রতীকাত্মক তর্কবিজ্ঞান ’ বুলিলে কি বুজা ?

উত্তৰঃ আধুনিক যুগত তৰ্কবিজ্ঞানৰ যিটো বিভাগত প্ৰতীকৰ ব্য়াপক প্ৰয়োগৰ দ্বাৰা যুক্তিৰ প্ৰকাশ আৰু মূল্য় নিৰ্ধাৰণ প্ৰক্ৰিয়াক সহজ কৰি তোলা হয়, তাক প্ৰতীকাত্মক তৰ্কবিজ্ঞান বোলা হয়।


7 . Is symbolic logic formal ? 

প্রতীকাত্মক তর্কবিজ্ঞান আকাৰিক নে ?

উত্তৰঃ হয়।


8 . Name the logician who introduced the term ' symbolic ' for the first time in logic .

 ‘ প্রতীকাত্মক তর্কবিজ্ঞান ’ নামটো সৰ্বপ্ৰথম ব্যৱহাৰ কৰা তর্কবিজ্ঞানী জনৰ নাম লিখা । 

উত্তৰঃ জন ভেন।


9 . Who is called the spiritual father of symbolic logic ? 

প্ৰতীকাত্মক তর্কবিজ্ঞানৰ আধ্যাত্মিক পিতৃ বুলি কাক কোৱা হয় ?

উত্তৰঃ গটফ্ৰেড উইলহেম লাইৱনিজ।


10. In symbolic logic we mainly use verbal / non - verbal symbol .

প্রতীকাত্মক তর্কবিজ্ঞানত আমি প্রধানতঃ শাব্দিক / অশাব্দিক প্রতীক ব্যৱহাৰ কৰোঁ ।

উত্তৰঃ  অ-শাব্দিক প্ৰতীক।


11. What is ideograms ? 

ধাৰণাজ্ঞাপক চিহ্ন কাক বোলে ?

উত্তৰঃ  যিবোৰ চিহ্নই প্ৰত্য়ক্ষভাৱে ধাৰণা বা ভাবকেই নিৰ্দেশ কৰি পৰোক্ষভাবেহে ধ্বনিক নিৰ্দেশ কৰে, সেইবোৰ চিহ্নক ধাৰণাজ্ঞাপক চিহ্ন বোলা হয়।


12. What is phonograms ? 

ধ্বনিজ্ঞাপক চিহ্ন কাক বোলে ?

উত্তৰঃ যিবোৰ চিহ্নই প্ৰত্য়ক্ষভাৱে শব্দ বা ধ্বনিক নিৰ্দেশ কৰি পৰোক্ষভাৱে ধাৰণাক নিৰ্দেশ কৰে, সেইবোৰ চিহ্নক ধ্বনিজ্ঞাপক চিহ্ন বোলা হয়।


13. Ideograms directly stand for 

ধাৰণাজ্ঞাপক চিহ্নই প্রত্যক্ষভাৱে –– নির্দেশ কৰে ।

উত্তৰঃ ধাৰণাজ্ঞাপক চিহ্নই প্ৰত্য়ক্ষভাৱে ধাৰণা বা ভাবক নিৰ্দেশ কৰে।


14. Phonograms directly stand for -------

ধ্বনিজ্ঞাপক চিহ্নই প্রত্যক্ষভাৱে নির্দেশ কৰে ।

উত্তৰঃ  ধ্বনিজ্ঞাপক চিহ্নই প্ৰত্য়ক্ষভাৱে শব্দ বা ধ্বনিক নিৰ্দেশ কৰে।


15. What is deductive method ?

 নিগমনাত্মক পদ্ধতি কি ?

উত্তৰঃযি পদ্ধতিৰ দ্বাৰা অতি কমসংখ্য়ক নিৰ্দিষ্ট কিছুমান উক্তি বা বচনৰ পৰা কিছুমান নিয়ম প্ৰয়োগ কৰি বহুতো উক্তি বা বচন নিঃসৃত কৰিব পাৰোঁ, তাকে নিগমনাত্মক পদ্ধতি বোলে।

  

16. Who is the father of logic ? 

তর্কবিজ্ঞানৰ জনক কোন ?

উত্তৰঃ তৰ্কবিজ্ঞানৰ জনক হল-এৰিষ্টটল।


17. What do you understand by traditional logic ?

পৰম্পৰাগত তর্কবিজ্ঞান বুলিলে কি বুজায় ?

উত্তৰঃ সাধাৰণতে এৰিষ্টটলে প্ৰৱৰ্তন কৰা তৰ্কবিজ্ঞানক পৰম্পৰাগত তৰ্কবিজ্ঞান বোলা হয়। তেওঁ অনুগামীসকলে তৰ্কবিজ্ঞানমূলক যি চিন্তা, পদ্ধতি আৰু নীতিসমূহ প্ৰৱৰ্তন কৰে, তাকে পৰম্পৰাগত তৰ্কবিজ্ঞান বুলি কোৱা হয়।


18. Who is the father of traditional logic ? 

পৰম্পৰাগত তর্কবিজ্ঞানৰ জনক কোন ? 

উত্তৰঃ এৰিষ্টটল।


19. There exists a qualitative / quantitative difference between traditional logic and symbolic logic .

 পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজত এক গুণগত / পৰিমাণগত পার্থক্য আছে । 

উত্তৰঃ 


20. Modern symbolic logic is completely inductive / deductive / both inductive and deductive in nature . 

আধুনিক প্রতীকাত্মক তর্কবিজ্ঞান সম্পূৰ্ণৰূপে আগমনাত্মক / নিগমনাত্মক / আগমনাত্মক আৰু নিগমনাত্মক উভয়ে ৷ 

উত্তৰঃ নিগমনাত্মক।


21. “ The difference between Classical logic and Symbolic logic in one of degree rather than of kind " Is it true ?

 “ প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ লগত পৰম্পৰাগত তৰ্কবিজ্ঞানৰ মূলগত কোনো পার্থক্য নাই ; পার্থক্য মাথোন ক্রমোন্নতিৰ বিভিন্ন পর্যায়ৰ । ” এইটো সত্য নে ?

উত্তৰঃ সত্য়।


22. Name two logicians who have contributed significantly to the development of symbolic logic 

প্রতীকাত্মক তর্কবিজ্ঞানৰ বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগোৱা দুজন তর্কবিদৰ নাম লিখা । 

উত্তৰঃ গটফ্ৰেড উইলহেম লাইৱনিজ আৰু জৰ্জ বুলে।


23. Who is regarded as the first founder of symbolic logic ? 

প্ৰতীকাত্মক তর্কবিজ্ঞানৰ প্ৰথম প্ৰতিষ্ঠাপক কোন ?

উত্তৰঃ জন ভেন।

 

24. Who is regareded as the second founder of symbolic logic ? 

প্রতীকাত্মক তর্কবিজ্ঞানৰ দ্বিতীয় প্রতিষ্ঠাপক বা প্রৱর্তক কোন?

উত্তৰঃ জাৰ্মান গণিতজ্ঞ গটলব ফ্ৰেগে।

 

25. Who is the founder of quantified logic ? 

পৰিমাপক তর্কবিজ্ঞানৰ প্ৰৱৰ্তক কোন ?

উত্তৰঃ অগষ্টাছ ডি. মাৰ্গন।


26. State two uses of symbol .

প্রতীকৰ দুটা সুবিধা বা উপযোগিতা উল্লেখ কৰা ।

উত্তৰঃ প্ৰতীকৰ দুটা সুবিধা বা উপযোগিতা হল-

 i) তৰ্কবিজ্ঞানত যুক্তি আৰু যুক্তিৰ আকাৰৰ এক ঘনিষ্ঠ সম্বন্ধ আছে। যুক্তিৰ সঠিক আকাৰ উলিয়াব নোৱাৰিলে যুক্তিৰ বৈধতা নিৰ্ণয় কষ্টসাধ্য় হয়। প্ৰতীক ব্য়ৱহাৰৰ ফলত যুক্তিৰ সঠিক আকাৰ নিৰ্ণয় কৰি যুক্তিটোক সুনিৰ্দিষ্টভাৱে প্ৰকাশ কৰিব পাৰি। ইয়াৰ ফলত যুক্তিৰ বৈধতা নিৰ্ণয় সহজ হৈ পৰে।

ii) প্ৰতীক ব্য়ৱহাৰৰ ফলত যুক্তিৰ শ্ৰেণীবিভাজন সহজসাধ্য় হয়। অৰ্থাৎ কোনটো যুক্তি কোন প্ৰকাৰৰ তাক সহজে চিনাক্ত কৰিব পাৰি প্ৰতীক ব্য়ৱহাৰ কৰি। যুক্তি চিনাক্ত কৰিব পাৰিলে যুক্তিসমূহত সাধাৰণ নিয়ম প্ৰয়োগ কৰি তৎক্ষণাৎ যুক্তিটো বৈধ নে অবৈধ তাক নিৰ্ধাৰণ কৰিব পাৰি।


 1 Broad Questions : 

1 . What is symbol ? State the characteristics of symbol . 

প্রতীক কাক বোলে ? প্রতীকৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা । 

উত্তৰঃযি চিন বা সংকেতক সজ্ঞানে আৰু সচেষ্টভাৱে কোনো এটা বস্তু বা বিষয়ক বুজাবলৈ ব্য়ৱহাৰ কৰা হয়, তাকেই প্ৰতীক বোলা হয়। প্ৰতীক কৃত্ৰিমভাৱে সৃষ্ট এক প্ৰকাৰৰ চিহ্ন বা সংকেত। 

প্ৰতীকৰ বৈশিষ্ট্য়সমূহ হল-

i)প্ৰতীক নিজ গণ্ডীক অতিক্ৰম কৰি অন্য় কিবা বিষয়ক নিৰ্দেশ কৰে। অৰ্থাৎ প্ৰতীক এটাই নিজকে নিৰ্দেশ নকৰি আন কিবা বিষয়ক নিৰ্দেশ কৰে।

ii) প্ৰতীক সত্তাৰ বিভিন্ন স্তৰক উদঘাটিত কৰে। প্ৰতীক ব্য়ৱহৃত নহলে এনে স্তৰ গোপন থাকিলহেঁতেন।

iii) প্ৰতীক যি বস্তক প্ৰতীকায়িত কৰে বা নিৰ্দেশ কৰে তাতে অংশগ্ৰহণ কৰে। সেইকাৰণে প্ৰতীক আৰু ই নিৰ্দেশিত বিষয়ৰ মাজত আন্তৰিক সম্পৰ্ক থাকে।

iv) প্ৰতীক আমাৰ আত্মাৰ ব্য়াপ্তি আৰু উপাদানৰ কথা ব্য়ক্ত কৰে।

v) প্ৰতীক ইচ্ছানুসাৰে সৃষ্টি কৰিব নোৱাৰি। ব্য়ক্তি বা গোষ্ঠী মনৰ চেতন স্তৰৰ পৰা প্ৰতীক উদ্ভাৱিত হয়।

vi) প্ৰতীকক আৱিষ্কৃত কৰিব নোৱাৰি। জীৱিত প্ৰাণীৰ দৰে প্ৰতীকৰ বৃদ্ধি হয় আৰু বিনাশ হয়। অনুকূল পৰিস্থিতিত প্ৰতীকৰ হয় বৃদ্ধি আৰু প্ৰতিকূল পৰিস্থিতিত হয় মৃত্য়ু।


2 . What is symbol ? What are the different kinds of symbols . Explain with example . 

প্রতীক কি ? বিভিন্ন প্ৰকাৰৰ প্রতীকবোৰ সম্বন্ধে উদাহৰণসহ ব্যাখ্যা কৰা ৷

উত্তৰঃ যি চিন বা সংকেতক সজ্ঞানে আৰু সচেষ্টভাৱে কোনো এটা বস্তু বা বিষয়ক বুজাবলৈ ব্য়ৱহাৰ কৰা হয়, তাকেই প্ৰতীক বোলা হয়। প্ৰতীক কৃত্ৰিমভাৱে সৃষ্ট এক প্ৰকাৰৰ চিহ্ন বা সংকেত। 

তৰ্কবিজ্ঞানীসকলে বিভিন্ন দৃষ্টিকোণৰ পৰা প্ৰতীকক বিভিন্ন ভাগত ভাগ কৰিছেঃ

এটা দিশৰ পৰা প্ৰতীক দুই প্ৰকাৰৰ- শাব্দিক প্ৰতীক আৰু অ-শাব্দিক প্ৰতীক।

শাব্দিক প্ৰতীকঃকোনো ভাষাত যিবোৰ শব্দ ব্য়ৱহৃত হয় সেইবোৰক শাব্দিক প্ৰতীক বোলা হয়।যেনে- কিতাপ, টেবুল, চেয়াৰ।

অ-শাব্দিক প্ৰতীকঃ যিবোৰ প্ৰতীকক শব্দৰ দ্বাৰা প্ৰকাশ নকৰি কিছুমান চিহ্নৰ দ্বাৰা প্ৰকাশ কৰা হয়, তাকে অ-শাব্দিক প্ৰতীক বোলে।

অধ্য়াপক জনছন প্ৰতীক ব্য়ৱহাৰৰ উদ্দেশ্য়ৰ  প্ৰতি লক্ষ্য় ৰাখি প্ৰতীকক দুটা ভাগত ভাগ কৰিছে- সংক্ষিপ্ত প্ৰতীক আৰু দৃষ্টান্তমূলক প্ৰতীক।

সংক্ষিপ্ত প্ৰতীকঃযিবোৰ প্ৰতীক কেৱলমাত্ৰ কোনো শব্দৰ সংক্ষিপ্ত ৰূপ হিচাপে ব্য়ৱহৃত হয়, সেইবোৰ প্ৰতীকক সংক্ষিপ্ত প্ৰতীক বোলা হয়।

দৃষ্টান্তমূলক প্ৰতীকঃ দৃষ্টান্তমূলক প্ৰতীকবোৰ হল এনেকুৱা এবিধ বৰ্ণপ্ৰতীক যিবোৰ প্ৰতীক কোনো শব্দ বা বচনৰ পৰিৱৰ্তে ব্য়ৱহাৰ কৰা হয়।

তৰ্কবিদ জি.এফ.ষ্টাওট প্ৰতীকৰ ব্য়ৱহাৰৰ কথা বিবেচনা কৰি প্ৰতীকক তিনি শ্ৰেণীত ভাগ কৰিছে- প্ৰকাশধৰ্মী প্ৰতীক, নিৰ্দেশমূলক প্ৰতীক আৰু পৰিৱৰ্ত্য় প্ৰতীক।

প্ৰকাশধৰ্মী প্ৰতীকঃ যি প্ৰতীকৰ দ্বাৰা প্ৰকাশিত বা নিৰ্দেশিত প্ৰতিটো বিষয়ৰ প্ৰতি আকৃষ্ট হবলগীয়া হয়, তাক প্ৰকাশধৰ্মী প্ৰতীক বোলে।

নিদেৰ্শমূলক প্ৰতীকঃ যি প্ৰতীকৰ দ্বাৰা কোনো এটা ধাৰণা ব্য়ক্ত কৰা হয় তাকে, নিদেৰ্শমূলক প্ৰতীক বোলে।

পৰিৱৰ্ত্য় প্ৰতীকঃ কোনো প্ৰতীক যেতিয়া বিষয়ৰ পৰিৱৰ্তে ব্য়ৱহৃত হয়, তেতিয়া তাক পৰিৱৰ্ত্য় প্ৰতীক বোলে।


 3. State five uses of symbol .

প্ৰতীকৰ পাঁচটা উপযোগিতা উল্লেখ কৰা ।

উত্তৰঃ প্ৰতীকৰ পাঁচটা উপযোগিতা হল-

i)প্ৰতীকৰ ব্য়ৱহাৰৰ ফলত আৱশ্য়কীয় বিষয়ৰ ওপৰত মনোযোগ দিয়াত বিশেষ সুবিধা হয়। উদাহৰণস্বৰূপে, কোনো ন্য়ায়িক যুক্তিত বচনৰ আকাৰ আৰু পদৰ সংস্থিতিৰ ওপৰত মনোযোগ দিবলৈ হলে যদি 'চক্ৰেটিছ', 'মানুহ', 'মৰণশীল' আদি পদবোৰৰ পৰিৱৰ্তে বৰ্ণপ্ৰতীক S,P,M আদি ব্য়ৱহাৰ কৰোঁ, তেনেহলে যুক্তিৰ বৈধতা আৰু পদৰ সম্বন্ধ নিৰ্ণয় কৰা যথেষ্ট সহজ হয়। কাৰণ যুক্তিৰ বৈধতা- অবৈধতা বচনৰ অৰ্থৰ ওপৰত নিৰ্ৰভ নকৰে, বৰং পদবোৰৰ পাৰস্পৰিক অমূৰ্ত সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰে।

 ii) তৰ্কবিজ্ঞানত যুক্তি আৰু যুক্তিৰ আকাৰৰ এক ঘনিষ্ঠ সম্বন্ধ আছে। যুক্তিৰ সঠিক আকাৰ উলিয়াব নোৱাৰিলে যুক্তিৰ বৈধতা নিৰ্ণয় কষ্টসাধ্য় হয়। প্ৰতীক ব্য়ৱহাৰৰ ফলত যুক্তিৰ সঠিক আকাৰ নিৰ্ণয় কৰি যুক্তিটোক সুনিৰ্দিষ্টভাৱে প্ৰকাশ কৰিব পাৰি। ইয়াৰ ফলত যুক্তিৰ বৈধতা নিৰ্ণয় সহজ হৈ পৰে।

iii) প্ৰতীক ব্য়ৱহাৰৰ ফলত যুক্তিৰ শ্ৰেণীবিভাজন সহজসাধ্য় হয়। অৰ্থাৎ কোনটো যুক্তি কোন প্ৰকাৰৰ তাক সহজে চিনাক্ত কৰিব পাৰি প্ৰতীক ব্য়ৱহাৰ কৰি। যুক্তি চিনাক্ত কৰিব পাৰিলে যুক্তিসমূহত সাধাৰণ নিয়ম প্ৰয়োগ কৰি তৎক্ষণাৎ যুক্তিটো বৈধ নে অবৈধ তাক নিৰ্ধাৰণ কৰিব পাৰি।

iv)কোনো কোনো সময়ত এটা যুক্তি জটিল আৰু দীৰ্ঘ ৰূপ ধাৰণ কৰে।ফলত যুক্তিৰ বৈধতা বিচাৰ কাৰ্যও দীঘলীয়া হয়। কিন্তু প্ৰতীক ব্য়ৱহাৰ কৰি যদি যুক্তিটোৰ বৈধতা নিৰ্ধাৰণ কৰা যায়, তেনেহলে অতি সহজে আৰু সংক্ষিপ্তভাৱে খুব কম সময়ৰ ভিতৰতে এটা যুক্তি বৈধ নে অবৈধ তাক নিৰ্ধাৰণ কৰিব পাৰি।

v)প্ৰতীকৰ ব্য়ৱহাৰৰ ফলত আমাৰ পৰিশ্ৰম আৰু চিন্তা লাঘৱ হয়। প্ৰতীক ব্য়ৱহাৰ নকৰি যদি সাধাৰণ ভাষাৰে যুক্তিটো বিচাৰ কৰা হয়, তেনেহলে আমাৰ অত্য়াধিক পৰিশ্ৰম, চিন্তা আৰু সময়ৰ প্ৰয়োজন হয়।  কিন্তু প্ৰতীক ব্য়ৱহাৰে ইয়াৰ পৰা সম্পূৰ্ণ অব্য়াহতি দিয়ে। হোৱাইটহেডৰ মতে,''প্ৰতীকী পদ্ধতিৰ সহায়ত আমি মস্তিষ্ক নখটোৱাকৈ চকুৰ পচাৰতে এটা যুক্তিক যান্ত্ৰিকভাৱে বিচাৰ কৰিব পাৰোঁ।"


4 . Analyze the relation between traditional logic and modern logic . 

পৰম্পৰাগত তর্কবিজ্ঞান আৰু আধুনিক তর্কবিজ্ঞানৰ সম্পৰ্কটো বিশ্লেষণ কৰা ।

উত্তৰঃ  এৰিষ্টটল আৰু তেওঁৰ অনুগামীসকলৰ তৰ্কবিজ্ঞানমূলক চিন্তা, পদ্ধতি আৰু নীতিসমূহৰ ওপৰত প্ৰতিষ্ঠিত তৰ্কবিজ্ঞানক পৰম্পৰাগত তৰ্কবিজ্ঞান বোলা হয়। আনহাতে, আধুনিক গণিতশাস্ত্ৰৰ পদ্ধতি আৰু নীতি অনুসৰি পৰিৱৰ্ধিত আৰু সংকলিত তৰ্কবিজ্ঞানৰ শাখাটোক আধুনিক তৰ্কবিজ্ঞান বা প্ৰতীকীয়  তৰ্কবিজ্ঞান বোলা হয়। আধুনিক তৰ্কবিজ্ঞান আৰু পৰম্পৰাগত তৰ্কবিজ্ঞান তৰ্কবিজ্ঞানৰ দুটা বিভাগহে মাথোন; দুটা পৃথক তৰ্কবিজ্ঞান নহয়। আলোচ্য়-বিষয়বস্তুৰ ফালৰ পৰা উভয় তৰ্কবিজ্ঞানেই এক আৰু অভিন্ন। দুয়োটা বিভাগতে যুক্তি আৰু যুক্তিৰ বৈধতা-অবৈধতা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। আধুনিক তৰ্কবিজ্ঞানৰ লগত পৰম্পৰাগত তৰ্কবিজ্ঞানৰ মূলগত কোনো পাৰ্থক্য় নাই; মাথোন ক্ৰমোন্নতিৰ বিভিন্ন পৰ্যায়ৰ।

পৰিৱৰ্ধন আৰু পৰিৱৰ্তিনৰ দিশৰ পৰা দুয়োৰে মাজত কেইটামান গুৰুত্বপূৰ্ণ পাৰ্থক্য় আছে। এই পাৰ্থক্য়বোৰ হল-

i)পৰম্পৰাগত তৰ্কবিজ্ঞানত নিগমনাত্মক পদ্ধতিৰ ব্য়ৱহাৰ কৰা হলেও ই আছিল অতি নগণ্য়। কিন্তু আধুনিক তৰ্কবিজ্ঞান সম্পূৰ্ণৰূপে নিগমনাত্মক।নিগমনাত্মক পদ্ধতিৰ ব্য়ৱহাৰৰ ক্ষেত্ৰত আধুনিক তৰ্কবিজ্ঞানে পৰম্পৰাগত তৰ্কবিজ্ঞানৰ তুলনাত যথেষ্ট পাৰদৰ্শিতাৰ পৰিচয় দিছে।

ii) বচনৰ বিশ্লষণৰ ফালৰ পৰাও আধুনিক তৰ্কবিজ্ঞানৰ লগত পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পাৰ্থক্য় আছে। পৰম্পৰাগত তৰ্কবিজ্ঞান অনুসৰি কেৱল উদ্দেশ্য়-বিধেয়যুক্ত নিৰপেক্ষ বচনৰ উপযুক্ত আদৰ্শ ৰূপ। সকলো বচনতেই উদ্দেশ্য়, বিধেয় আৰু সংযোজক এই তিনিটা অংশ থাকিবই লাগিব। কিন্তু আধুনিক প্ৰতীকাত্মক তৰ্কবিজ্ঞান অনুসৰি সত্য় বা মিথ্য়াৰ মূল্য়যুক্ত যিকোনো উক্তিয়েই বচন। উক্তি এটাত উদ্দেশ্য় পদ নাথাকিলেও ই বচন হব পাৰে।

iii) পৰম্পৰাগত তৰ্কবিজ্ঞান অনুসৰি সংযোজকেই সকলো প্ৰকাৰৰ সম্বন্ধ প্ৰকাশ কৰিব পাৰে আৰু এই সম্বন্ধ হল বিধেয়নৰ সম্বন্ধ। কিন্তু আধুনিক তৰ্কবিজ্ঞান অনুসৰি সংযোজকেই সকলো সম্বন্ধ প্ৰকাশ কৰিব নোৱাৰে। কাৰণ সম্বন্ধ বিভিন্ন প্ৰকাৰৰ হব পাৰে, যেনে- সঞ্চাৰী সম্বন্ধ, অসঞ্চাৰী সম্বন্ধ, সমমিত সম্বন্ধ, অসমমিত সম্বন্ধ ইত্য়াদি। 


5 . Describe the development of symbolic logic . 

প্ৰতীকাত্মক তর্কবিজ্ঞানৰ ক্ৰমবিকাশ সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ 


6 . What is symbolic logic ? Discuss the characteristics of symbolic logic. 

প্রতীকাত্মক তর্কবিজ্ঞান কি ? প্রতীকাত্মক তর্কবিজ্ঞানৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ।

উত্তৰঃ  আধুনিক যুগত তৰ্কবিজ্ঞানৰ যিটো বিভাগত প্ৰতীকৰ ব্য়াপক প্ৰয়োগৰ দ্বাৰা যুক্তিৰ প্ৰকাশ আৰু মূল্য় নিৰ্ধাৰণ প্ৰক্ৰিয়াক সহজ কৰি তোলা হয়, তাক প্ৰতীকাত্মক তৰ্কবিজ্ঞান বোলা হয়। প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ আধ্য়াত্মিক জনক হল-গটফ্ৰেড উইলহেম লাইৱনিজ।

প্রতীকাত্মক তর্কবিজ্ঞানৰ বৈশিষ্ট্যসমূহ হল-

i)ধাৰণাজ্ঞাপক চিহ্নৰ ব্য়ৱহাৰঃ প্ৰতীকাত্মক তৰ্কবিজ্ঞানত ধ্বনিজ্ঞাপক চিহ্নৰ পৰিৱৰ্তে ধাৰণাজ্ঞাপক চিহ্নৰ ব্য়ৱহাৰ কৰা হয়। যিবোৰ চিহ্নই প্ৰত্য়ক্ষভাৱে শব্দ বা ধ্বনিক নিৰ্দেশ কৰি পৰোক্ষভাৱে ধাৰণাক নিৰ্দেশ কৰে, সেইবোৰ চিহ্নক ধ্বনিজ্ঞাপক চিহ্ন বোলা হয়। যেনে- অসমীয়া শব্দ 'পূৰণ চিন', 'যোগ চিন', 'ভাগ চিন', 'প্ৰশ্নবোধক চিন' আদি শব্দবোৰ ধ্বনিজ্ঞাপ চিহ্ন।আনহাতে, যিবোৰ চিহ্নই প্ৰত্য়ক্ষভাৱে ধাৰণা বা ভাবকেই নিৰ্দেশ কৰি পৰোক্ষভাৱেহে ধ্বনিক নিৰ্দেশ কৰে, সেইবোৰ চিহ্নক ধাৰণাজ্ঞাপক চিহ্ন বোলে। যেনে- +,-,=,? আদি চিহ্ন ধাৰণাজ্ঞাপক চিহ্ন।

ii)চল বা পৰিৱৰ্ত্য়ৰ ব্য়ৱহাৰঃ নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত যি প্ৰতীকে পৰিৱৰ্তনশীল মান গ্ৰহণ কৰিব পাৰে, তাক চলক বা পৰিৱৰ্ত্য় বোলে। চল বা পৰিৱৰ্ত্য় হল এনে এক প্ৰকাৰৰ প্ৰতীক যি যুক্তিৰ অন্তৰ্গত বচন বা পদসমূহৰ পৰিৱৰ্তে ব্য়ৱহৃত হয়। এই প্ৰতীকসমূহৰ মান সকলো সময়তে পৰিৱৰ্তনশীল বাবে ইয়াক পৰিৱৰ্ত্য় বুলি কোৱা হয়।উদাহৰণস্বৰূপে- ইংৰাজী বৰ্ণমালাৰ বৰ্ণ q,p,r,s,t,...... আদি বৰ্ণপ্ৰতীকাত্মক তৰ্কবিজ্ঞানত চল বা পৰিৱৰ্ত্য় হিচাপে ব্য়ৱহৃত।

iii) নিগমনাত্মক পদ্ধতিৰ ব্য়ৱহাৰঃ নিগমনাত্মক পদ্ধতিৰ ব্য়ৱহাৰ প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট। যি পদ্ধতিৰ দ্বাৰা অতি কমসংখ্য়ক নিৰ্দিষ্ট কিছুমান উক্তি বা বচনৰ পৰা কিছুমান নিয়ম প্ৰয়োগ কৰি বহুতো উক্তি বা বচন নিঃসৃত কৰিব পাৰোঁ, তাক নিগমনাত্মক পদ্ধতি বোলে।এই পদ্ধতি প্ৰয়োগ কৰি প্ৰতীকাত্মক তৰ্কবিজ্ঞানত আমি প্ৰদত্ত কিছুমান উক্তিৰ পৰা কিছুমান প্ৰাথমিক বৈধ যুক্তিৰ আকাৰক সূত্ৰ হিচাপে গ্ৰহণ কৰি যুক্তিক বৈধ বুলি প্ৰমাণ কৰিব পাৰোঁ।

iv) প্ৰতীকাত্মক তৰ্কবিজ্ঞান সম্পূৰ্ণৰূপে এক আকাৰিক বিজ্ঞান। ইয়াত যুক্তিৰ বস্তুগত দিশৰ ওপৰত গুৰুত্ব নিদি আকাৰিক দিশৰ পৰা যুক্তিৰ এটা বৈধ নে অবৈধ তাৰ বিচাৰ কৰা হয়।

v) গাণিতিক পদ্ধতিৰ ব্য়ৱহাৰ প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট। ৰাছেল আৰু হোৱাইটহেডৰ মতে, গাণিতিক ধাৰণাবোৰৰ বিশ্লষণ আৰু গণিতীয় প্ৰদৰ্শন প্ৰক্ৰিয়াৰ পদ্ধতিসমূহৰ প্ৰকাশ, গণিতীয় উপপাদ্য়বোৰক যথেষ্ট সুবিধাজনক প্ৰতীকৰ সহায়ত স্পষ্টকৈ প্ৰকাশ কৰা হয়, আৰু বিৰোধাভাসমূলক সমস্য়াৰ সমাধাৰণৰ অৰ্থে এটা ন্য়ায়িক পদ্ধতি উদ্ভাৱন কৰাটোৱে প্ৰতীকীয় তৰ্কবিজ্ঞানৰ মূল উদ্দেশ্য়।


7 . What is deductive method ? Do you think symbolic logic to be totally deductive? 

নিগমনাত্মক পদ্ধতি কি ? প্রতীকাত্মক তর্কবিজ্ঞানক সম্পূর্ণভাৱে নিগমনাত্মক বুলি ভাবানে ? 

উত্তৰঃ


 8 . In what way the development of symbolic logic is connected with the development of mathematics ? Name three logicians who contributed significantly in the development of symbolic logic .

গণিতৰ উন্নতিৰ লগত প্ৰতীকাত্মক তর্কবিজ্ঞানৰ উন্নতি কেনেদৰে সম্বন্ধিত ? প্রতীকাত্মক তর্কবিজ্ঞানৰ উন্নতি বা প্ৰসাৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগোৱা তিনিজন তর্কবিদৰ নাম উল্লেখ কৰা ।

উত্তৰঃ 


9 .  Explain the chief characteristics of symbolic logic .

প্ৰতীকাত্মক তর্কবিজ্ঞানৰ প্রধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা ।

উত্তৰঃ  


10. Explain the brief history of the development of symbolic logic.

প্রতীকাত্মক তর্কবিজ্ঞান বিকাশৰ চমু ইতিহাস ব্যাখ্যা কৰা । 

উত্তৰঃ 


11. Distinguish between traditional logic and symbolic logic.

 পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজত পাৰ্থক্য নির্ণয় কৰা ।

উত্তৰঃ  


12. Explain the relation between traditonal logic and symbolic logic . 

পৰম্পৰাগত তর্কবিজ্ঞান আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজত সাদৃশ্য ( সম্বন্ধ ) ব্যাখ্যা কৰা । 

উত্তৰঃ


Type: Krishna Bora 

 


Post ID : DABP002944