চতুৰ্থ অধ্যায় 

পৰৱৰ্তী পালৰ যুগ


Model Question & Answer

প্ৰশ্নাৱলী

অতি চমু প্রশ্ন (Very Short answer) :

জয়পালৰ সমসাময়িক গৌড়ৰ ৰজা কোন আছিল?

(Who was Jaypala's contempory king of Gauda?)

Answer:  জয়পালৰ সমসাময়িক গৌড় ৰজা আছিল ৰামপাল । 

 

তিংগদেৱক কোনে শাসনকর্তা পাতিছিল? (Who appointed Tingadeva?)

Answer: তিংগদেৱক ৰামপালে শাসনকৰ্তা পাতিছিল ।


তিংগদেৱক কোনে পৰাস্ত কৰিছিল ?

(Who defeated Tingyadeva ? )

 Answer:  তিংগদেৱক বৈদ্যদেৱে পৰাস্ত কৰিছিল । 


মায়ন কোন আছিল?

(Who was Mayan?)

 Answer: মায়ন ৰামপালৰ সেনাপতি আছিল ।


বৈদ্যদেৱে জাৰিকৰা তাম্ৰশাসন খনৰ নাম কি?

(What is the name of the incription of Vaidyadeva?)

 Answer:বৈদ্যদেৱে জাৰি কৰা তাম্ৰশাসনখনৰ নাম হল কমৌলি । 


কমৌলি শাসনৰদ্বাৰা কাক মাটি দান কৰা হৈছিল?

(To whom land was granted by Kamauli Grant?)

 Answer: কমৌলি শাসনৰ দ্বাৰা শ্ৰী ধৰ নামৰ এজন ব্ৰাহ্মণক মাটি দান কৰা হৈছিল । 


বৈদ্যদেৱে গ্ৰহণ কৰা উপাধিটো কি আছিল? (What was the title adopted by Vaidyadeva?)

Answer: বৈদ্যদেৱে গ্ৰহণ কৰা উপাধিটোৰ নাম আছিল মহাৰাজাধিৰাজ পৰমেশ্বৰ পৰমভট্টাৰক । 


বল্লভদেৱৰ বংশটো কি নামেৰে পৰিচিত?

(Vallabhdeva's family was known by which name?)

 Answer: বল্লভদেৱৰ বংশটো চন্দ্ৰবংশ নামেৰে পৰিচিত 


সমুদ্রপালে জাৰি কৰা লিপিখনৰ নাম কি?

(What was the name of the inscription of Samudrapala?)

Answer: সমুদ্ৰপালে জাৰি কৰা লিপিখনৰ নাম হল আমবাৰী শিলালিপি । 

 

১০ প্রথম মুছলমান আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?

(Who was the king of Kamarupa during 1st Muslim invasion?) 

Answer:প্ৰথম মুছলমানৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা আছিল বাৰ্তু । 


১১ ভূঞা শব্দৰ অর্থ কি?

(What is the meaning of Bhuyan?)

Answer:  ভূঞা শব্দৰ অৰ্থ হল মাটিৰ মালিক ।

১২ ৰাউতকুছি লিপি কোনে জাৰি কৰিছিল?

(Who inscribed Roatkuchi inscriptions?) 

Answer: ৰাউতকুছি লিপি পুৰুষোত্তম দাসে জাৰি কৰিছিল ।

১৩ চুতীয়া ৰাজ্যৰ প্ৰথমজন ৰজা কোন আছিল?

(Who was the first Chutia king ? )

 Answer: চুতীয়া ৰাজ্যৰ প্ৰথমজন ৰজা হল ভীস্মক ।


১৪ চুকাফাৰ সমসাময়িক মৰান ৰজাজনৰ নাম লিখা

(Write the name of Maron king Contemporary to Sukafa.) 

Answer:  চুকাফাৰ সমসাময়িক মৰাণ ৰজাজনৰ নাম হল বদৌচা । 

১৫ চুকাফাৰ সমসাময়িক বৰাহী ৰজাজনৰ নাম লিখা

(Write the name of Barahi King Contemporary to Sukafa.)

Answer: চুকাফাৰ সমসাময়িক বৰাহী ৰজাজনৰ নাম হল থাকুমথা ।



চমু প্রশ্ন (Short question) :

পৰবৰ্তী পালৰ যুগৰ দুজন উল্লেখযোগ্য ৰজাৰ নাম লিখা। 

(Write the name of two important kings of post pala Period.)

Answer: পৰৱৰ্তী পাল যুগৰ দুজন উল্লেখযোগ্য ৰজাৰ নাম হল 

ক) জয়পাল ।

খ) তিংগদেৱ । 


তুর্কী আফগান সকলৰ কামৰূপ আক্ৰমণৰ তথ্য যোগান ধৰা দুটা সমল উল্লেখ (Mention two sources that give us imformations about Turko Afgan invasion of Kamarupa.)

Answer:

চুতীয়াসকলৰ দুটা ভাগ উল্লেখ কৰা

(Mention two divisions of the Chutias.)

Answer:  চুতীয়াসকলৰ দুটা ভাগ হল 

ক) বৰাহী চুতীয়া । 

খ)  বিহীয়া চুতীয়া ।

দুজন উল্লেখযোগ্য চুতিয়া ৰজাৰ নাম লিখা। 

(Write the name of two important Chutia kings.)

Answer:  দুজন উল্লেখযোগ্য চুটিয়া ৰজাৰ নাম হল 

ক) নীতিপাল ।

খ) গৌৰীনাৰায়ণ । 


কছাৰীসকল অন্য দুটা কি নামেৰে জনাজাত আছিল । (The kacharis were known by which two different names?)

Answer_ 



চমু টোকা (Short Notes) :

বৈদ্যদেৱ (Vaidyadeva);

 Answer:  তিংগদেৱক হত্যা কৰি আনুমাণিক খ্ৰীঃ ১১৩৮ ত বৈদ্যদেৱ কামৰূপৰ পশ্চিমাঞ্চলৰ ৰজা হৈছিল । কুমাৰপালৰ মৃত্যুৰ পাছত তেওঁ স্বাধীন ৰজা হিচাপে মুৰ দাঙি উঠিছিল । কমৌলি তাম্ৰশাসনৰ পৰা তেওঁৰ উপৰিপুৰুষ , কাৰ্যাৱলী আৰু ব্যক্তিগত জীৱনৰ বহু তথ্য পোৱা গৈছে । তেওঁৰ উপৰিপুৰুষসকলে গৌড়ৰ পালবংশীয় ৰজাসকলৰ অধীনত মন্ত্ৰী আৰু সেনাপতিৰ দায়িত্ব পালন কৰিছিল । তেওঁৰ ককাদেউতাক যোগদেৱ আছিল বিগ্ৰহ পালৰ মন্ত্ৰী । বিগ্ৰহপালৰ  পাছৰজন গৌড়ৰজা ৰামপালৰ দিনত সেই পূৰ্বে মন্ত্ৰীত্বৰ দায়িত্বত আছিল যোগদেৱৰ পুত্ৰ বোধিদেৱ । েই বোধিদেৱ আৰু প্ৰতাপদেৱীৰে পুত্ৰ আছিল বৈদ্যদেৱ । তেওঁ ৰামপালৰ পুত্ৰ কুমাৰপালৰ মন্ত্ৰী আৰু সেনাপতি আছিল । 

বাৰাণসীত উদ্বাৰ হোৱা কমৌলি লিপিৰ পৰা বৈদ্যদেৱৰ কাৰ্যাৱলী আৰু গুণ-গৰিমাৰ বহু তথ্য পোৱা গৈছে । এই লিপিত তেওঁৰ এজন বুদ্ধিমান মন্ত্ৰী, সুদক্ষ সেনাপতি । নৌ-যুদ্ধত শক্তিশালী আৰু শত্ৰু নিধনকাৰী হিচাপে বৰ্ণনা কৰা হৈছে । তেওঁ দক্ষিণ বংগৰ নৌ যুদ্ধত বিজয়ী হৈছিল বুলি এই লিপিত উল্লেখ কৰা আছে । এই  তাম্ৰশাসনখনৰ প্ৰথম ভাগত বৈদ্যদেৱক বিষ্ণুৰ উপাসক হিচাপে বৰ্ণনা কৰা হৈছে । কিন্তু পাছলৈ তেওঁ কামেশ্বৰ মহাগোৰীৰ উপাসক হৈ পৰিছিল । নিজকে ৰজা হিচাপে প্ৰতিষ্ঠা কৰাৰ পাছত তেওঁ পৰমমহেশ্বৰ উপাধি গ্ৰহণ কৰিছিল । বৈদ্যদেৱক জ্ঞানত বৃহস্পতিৰ তুল্য, ধৈৰ্য্যত সাগৰৰ সদৃশ, কুবেৰৰ দৰে সম্পত্তিবান আৰু চম্পা ৰজাৰ দৰে জ্ঞানশীল বুলি বৰ্ণনা কৰা হৈছে ।  

কমৌলি লিপিৰ দ্বাৰা বৈদ্যদেৱে তেওঁৰ ৰাজত্বৰ চতুৰ্থ বছৰৰ বহাগ মাহৰ শুক্লা একাদশী তিথিৰ বিষ্ণু সংক্ৰান্তিৰ দিনা শ্ৰী ধৰ নামৰ এজন ব্ৰাহ্মণক মাটি দান কৰিছিল । এই শাসনৰ জৰিয়তে তেওঁ প্ৰাগজ্যোতিষ ভূক্তিৰ কামৰূপ মণ্ডলৰ অন্তৰ্গত বাড়া বিষয়ৰ শান্তিবড়া আৰু মন্দৰা নামৰ দুখন গাোঁ দান কৰিছিল । এই দানপত্ৰ কমৌলি লিপিখনত লিখোৱা হৈছিল তেওঁৰ ৰাজধানী হংসকুছিৰ পৰা । এই হংসকুছি অবিভক্ত কামৰূপ জিলাৰ পশ্চিমে আছিল বুলি অনুমান কৰা হৈছে । কমৌলি, তাম্ৰশাসনৰ পৰা জানিব পৰা মতে বৈদ্যদেৱে মহাৰাজাধিৰাজ পৰমেশ্বৰ পৰমভট্টাৰক উপাধি গ্ৰহণ কৰিছিল । কুমাৰ পালৰ মৃত্যুৰ পাছত প্ৰাদেশিক শাসনকৰ্তাৰ পৰা স্বাধীন কৰালৈ উন্নীত যোৱাৰ সময়তে এই উপাধি গ্ৰহণ কৰিছিল বুলি অনুমান কৰা হৈছে । 

বল্লভদেৱ (Vallabhdiva) |

Answer_ বৈদ্যদেৱৰ মৃত্যুৰ পাছত অন্যান্য হিন্দুকৃত জনজাতিসকলৰ মুখিয়ালসকললৈ নিজ নিজ অঞ্চলসমূহত আধিপত্য বিস্তাৰ কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য কিছুমান সৃষ্টি কৰিছিল বা সৃষ্টি হৈছিল । সেই সময়খিনিতে সিংহাসনক লৈ লোকসকলৰ মাজত হেতা-উপৰাৰ সৃষ্টি হৈছিল । এনে হেতা-উপৰাৰ মাজতে এজন ৰাজকুমাৰে সিংহাসন অধিকাৰ কৰি সেই ঠাইৰ ৰজা বুলি নিজকে স্বীকৃতি দিলে । এই ৰজাজনেই হল বল্লভদেৱ । বল্লভদেৱে জাৰি কৰা লিপিখনৰ নাম হল অসম তাম্ৰশাসন ।  চন্দ্ৰবংশীয় ৰজা বল্লভদেৱৰ এই তাম্ৰশাসন ১১০৭ খ্ৰীঃত নিয়োগ হৈছিল । এই তাৰিখৰ ওপৰত ভিত্তি কৰি বল্লভদেৱে খ্ৰীঃ ১১৮৫ৰ আগে-পাছে বা খ্ৰীঃ দাদশ শতিকাৰ শেষৰ ভাগত ৰাজত্ব কৰিছিল বুলি অনুমান কৰিব পাৰি ।  এই ফলিখনত বল্লভদেৱৰ পিতৃ উদয়কৰ্ণ বা নিঃশস্হসিংহ আৰু ককাক ৰায়াৰিদেৱ বা ত্ৰৈলোক্যসিংহ বুলি উল্লেখ কৰা হৈছে । এই ত্ৰৈলোক্য সিংহৰ পিতৃ আছিল চন্দ্ৰ বংশৰ ভাস্কৰ । এই কথাৰ পৰা বল্লভদেৱৰ আগতে তিনিজন ৰজাই ৰাজত্ব কৰিছিল বুলি অনুমান কৰা গৈছে বা জানিব পৰা গৈছে । 

ত। মুছলমানৰ প্ৰথম কামৰূপ ৰাজ্য আক্ৰমণ ( 1St Muslim invasion of Kamrupa.) 

Answer_ 

4৪। ভূঞাসকল ( Bhuyan ) 

Answer_ পাল ৰাজবংশৰ পতনৰ পাছত কামৰূপ ৰাজ্যৰ ভাঙোন আৰম্ভ হৈ বহুতো সৰু সৰু ৰাজ্যৰ সৃষ্টি হৈছিল । । সেই সমূহৰ ভিতৰত ভূঞা নামৰ এচাম নতুন শাসকে মূৰ দাঙি উঠিছিল । পূৰ্বৰ শাসন ব্যৱস্থাত ৰজাৰ মাটি আৰু মাটি চহ কৰিবলৈ বনুৱা মঞ্জৰী হিচাপে পাই অহা সামন্ত শ্ৰেণীটোৰ পৰাই ভূঞাসকলৰ আৱিৰ্ভাৱ হৈছিল বুলি ধাৰমা কৰা হয় । এই সামন্ত শ্ৰেণীটো জনজাতীয় কৰতলীয়া ৰজাসকল আৰু তেওঁলোকৰ অধীনৰ বিষয়াসকল, পূৰ্বৰ শাসন ব্যৱস্থাৰ উচ্চ বিষয়া আৰু তেওঁলোকৰ বংশধৰসকল আৰু পাছলৈ কনৌজপুৰীয়া কায়স্থ, সকলক লগত লৈ গঠিত হৈছিল । 

এই সামন্ত শ্ৰেণীটোৰ হাতত অপৰ্যাপ্ত ধন-সম্পত্তি আৰু সৈন্যবল থকাৰ বাবে কোনো ৰাশক্তি দুৰ্বল যেন পালেই নিজকে স্বাধীন হিচাপে ঘোষণা কৰিছিল । কিন্তু কোনো শক্তিশালী ৰজা শাসনলৈ আহিলেই তেওঁলোকে ততালিকে বশ্যতা স্বীকাৰ কৰি ৰজাৰ তলত সাধাৰণ সামন্তৰ দৰে থাকিছিল । প্ৰথম অৱস্থাত ভূঞাসকলে উত্তৰ পাৰে দিকৰাই আৰু বৰনদীৰ মাজৰ অঞ্চলত নিজৰ ক্ষমতা বিস্তাৰ কৰিছিল ।  ভূঞা শব্দৰ অৰ্থ হল ভূ-স্বামী বা গৰাকী । সংস্কৃত ভাষাৰ ভৌমিক আৰু ফাৰ্চী ভাষাৰ জমিদাৰ ভূঞা শব্দৰ সমাৰ্থক শব্দ । অধিক এলেকাৰ মাটিৰ মালিক হৈ শক্তিশালী হৈ উঠা যিকোনো লোকেই ভূঞা হব পাৰিছিল । সেইবাবে ভূঞাসকল এটা শ্ৰেণী হৈ আছিল । , জাতি নাছিল । বিভিন্ন জাতি জনজাতি আনকি মুছলমানসকলৰ পৰাও ভূঞা দেখা যায় । তথাপি ভূঞা শ্ৰেণীটোত ব্ৰাহ্মণ আৰু কায়স্থ অধিক দেখা যায় । কাৰণ প্ৰথম অৱস্থাত এই লোকসকলেহে ৰজাৰ পৰা দান হিচাপে এটা বিস্তীৰ্ণ এলেকা লাভ কৰিছিল । অসমৰ ভূঞাসকলৰ কেনেকৈ আৱিৰ্ভাৱ হল তাৰ সম্পৰ্কে দুটা মত প্ৰচলিত থকা দেখা যায় । পশ্চিম অসমত প্ৰচলিত এক মত অনুসৰি খ্ৰীঃ চতুদৰ্শ শতিকাৰ প্ৰথম ভাগত গৌড়ৰ ৰজা ধৰ্মনাৰায়ণ আৰু কামৰূপৰ ৰজা দুৰ্লভ নাৰায়ণৰ মাজত হোৱাচুক্তি অনুসৰি ভূঞাসকল গৌড় দেশৰ পৰা কামৰূপলৈ আহিছিল । ভূঞাসকল আদিতে কনৌজত বসবাস কৰিছিল । তুৰ্কী মুছলমানসকলে কনৌজ অধিকাৰ কৰাত তেওঁলোক প্ৰথমে গৌড় ৰাজ্যলৈ আৰু তাৰ পাছত কামৰূপলৈ আহে । কমতাৰাজ দুলৰ্ভনাৰায়ণে এই ভূঞাসকলক প্ৰথমে হাজোৰ পূবত আৰু বৰনদীৰ দক্ষিণে থকা ভূটান সীমান্তৰ লেঙ্গেনাগুৰি নামৰ ঠাইত স্থাপন কৰিছিল । 

কছাৰীসকল (Kacharis )

 Answer: পালসকলৰ পতনৰ পাছত কামৰূপৰ ভাঙোন আৰম্ভ হওতে উজনি ব্ৰহ্মপুত্ৰ এলেকা অঞ্চলত জনজাতীয় ৰাজ্য গঠনৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেই ৰাজ্যসমূহৰ ভিতৰত চুতীয়া ৰাজ্য আছিল অন্যতম । এই চুতীয়াসকলৰ ৰাজ্য পশ্চিমে সোৱণশিৰিৰ উপনদী চিচিৰ পৰা পূবে ব্ৰহ্মপুত্ৰ আৰু উত্তৰে হিমালয়ৰ পাদদেশৰ পাহাৰসমূহৰ পৰা দক্ষিণে বুঢ়ী দিহিং নদীলৈকে বিস্তৃত আছিল । 

চুতীয়াসকল মঙ্গোলীয় মূলৰ আৰু ভাষাৰ ফালৰ পৰা বড়ো-কছাৰীসকলৰ ভাষাৰ লগত তেওঁলোকৰ ভাষাৰ বহু মিল দেখা যায় । চুতীয়াসকলৰ কেইবাটাও ভাগ থকাৰ কথা জানিব পাৰি । যেনে হিন্দু চুতীয়া, বৰাহী চুতীয়া, দেউৰী চুতীয়া, আহাম চুতীয়া আৰু মিৰি চুতীয়া । এই ভাগবোৰে অৱশ্যে কোনো গোষ্ঠীগত বিভাজন নাছিল । যিসকল চুতীয়ালোকে প্ৰথমে হিন্দুধৰ্ম গ্ৰহণ কৰিছিল তেওঁলোক হিন্দু চুতীয়া হিচাপে পৰিচিত হৈ পৰিছিল । দেউৰী চুতীয়াসকল আছিল চুতীয়া জাতিৰ পুৰোহিত এই দেউৰী চুতীয়াসকলেই অতীজৰে পৰা চুতীয়া জাতিৰ ধৰ্ম, ভাষা আৰু প্ৰথাসমূহ সংৰক্ষণ কৰি আহিছে । হিন্দু চুতীয়াসকলতকৈ পাছত হিন্দুধৰ্ম গ্ৰহণ কৰা চুতীয়াসকল বৰাহী চুতীয়া হিচাপে জনা গৈছিল । আহোম আৰু চুতীয়াৰ মাজত হোৱা বৈবাহিক সম্পৰ্কৰ ফলত যিসকল চুতীয়াৰ সৃষ্টি হৈছিল তেওঁলোকে আহোম চুতীয়া হিচাপে জনা গৈছিল । সেই একেদৰে মিৰি আৰু চুতীয়াৰ বৈবাহিক সম্পৰ্কৰ ফলত উদ্ভৱ হৈছিল মিৰি চুতীয়াসকলৰ । অৱশ্যে পাছলৈ দেউৰী চুতীয়াসকলৰ বাহিৰে বাকী সকলো কেৱল চুতীয়া নামেৰেই পৰিচিত হৈছিল । চুতীয়াসকলৰ নিজস্ব ভাষা আছিল । 

চুতীয়াসকলৰ বিষয়ে প্ৰথম উল্লেখ দেওধাই অসম বুৰঞ্জীত পোৱা যায় । জনশ্ৰুতি অনুসৰি বীৰপাল নামৰ এজন লোকে ১১১১ খ্ৰীঃত শদিয়াত প্ৰথমে ৰাজ্য স্থাপন কৰিছিল । বীৰপালে সোনগিৰি পাহাৰত বাস কৰা ৬০ ঘৰ মানুহৰ গায়পাল নাম লৈ ৰাজত্ব আৰম্ভ কৰিছিল । বীৰপালে নিজকে হিন্দু দেৱতা কুবেৰৰ গোত্ৰ আৰু কুণ্ডিল ৰাজ্যৰ ৰজা ভীস্মকৰ বংশধৰ বুলি পৰিচয় দিছিল । 


মৰান আৰু বৰাহী সকল (Maran & Barahis ) ।

 Answer:পালবংশৰ পতনৰ পাছত কামৰূপৰ ভাঙোন হোৱাৰ ফলত মূৰ দাঙি উঠা আন দুখন ৰাজ্য আছিল মৰাণসকলৰ ৰাজ্য আৰু বৰাহীসকলৰ ৰাজ্য । এই দুইখন ৰাজ্যৰ বিষয়ে জানিবৰ বাবে নিৰ্ভৰযোগ্য তথ্য বৰ্তমানে পৰ্যাপ্ত নহয় । এখন হাতেলিখা পুথিত উল্লেখ থকামতে মৰাণসকলে উত্তৰে বুঢ়ীদিহিঙৰ পৰা দক্ষিণে দিচাং আৰু পূবে চাফ্ৰাইৰ  পৰা পশ্চিমে ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ অঞ্চলটোত বাস কৰিছিল । আহোম ৰজা চুকাফাৰ সমসাময়িক মৰাণ ৰজা আছিল বদৌচা । তেওঁ শদিয়াৰ দক্ষিণে কাকতল অঞ্চলৰ পৰা শাসন কৰিছিল । আনহাতে, বৰাহীসকলে উত্তৰে দিচাঙৰ পৰা দক্ষিণে দিখৌলৈ আৰু পূবে নগাহাটৰ পৰা পশ্চিমে বৰাহী ফিকাৰ অঞ্চলটোত শাসন কৰিছিল । চুকাফাৰ সমসাময়িক বৰাহী ৰজা আছিল থাকুমথা । এই বৰাহীসকলৰ ৰাজধানী আছিল চৰাইদেই পাহাৰৰ ওচৰত । এই দুয়োটা জনগোষ্ঠীয়েই শ্বান-তাই বা আহোমসকলৰ ওচৰত বশ্যতা স্বীকাৰ কৰিছিল । আহোমসকলে এই দুই জনগোষ্ঠীৰ লগত ৰাজনৈতিক সম্পৰ্কৰ বাহিৰেও বৈবাহিক সম্পৰ্কৰ দ্বাৰা মিত্ৰতা স্থাপন কৰিছিল । 


ৰচনাধৰ্মী প্রশ্ন (Essay Type Questions ) :

 Answer:


পৰৱৰ্তী পালৰ যুগৰ কামৰূপৰ ৰাজনৈতিক অৱস্থাৰ বৰ্ণনা কৰা

(Describe the political condition of Kamarupa during the past Pala period.)

Answer: পালসকলৰ পতনৰ লগে লগে কামৰূপ ৰাজ্যৰ ভাঙোন আৰম্ভ হয় । খ্ৰীঃ দ্বাদশ শতিকাত প্ৰাগজ্যোতিষ কামৰূপত পাল ৰাজবংশৰ পতন আৰু খ্ৰীঃ ত্ৰয়োদশ শতিকাৰ আৰম্ভণীত হোৱা তুৰ্কী-আফগানসকলৰ কামৰূপ আক্ৰমণৰ ফলত প্ৰাচীন অসমৰ ৰাজনৈতিক ক্ষেত্ৰত বহুতো পৰিৱৰ্তন আহি পৰে । পালবংশৰ শেষৰজন ৰজা জয়পালে নগাও আৰু কামৰূপৰ কিছু অংশ সামৰি লৈ আনুঃ খ্ৰীঃ ১১৫০লৈ ৰাজত্ব কৰিছিল বুলি অনুমান কৰা হয় । জয়পালৰ শাসনকালতে গৌড়ৰ ৰজা ৰামপালে সেনাপতি মায়নৰ লগত লগ হৈ কামৰূপৰ এটা অংশ অধিকাৰ কৰিছিল । এই জয় কৰা অঞ্চল আৰু পুন্দ্ৰবৰ্দ্ধন সামৰি সামৰি তেওঁ তিংগদেৱ নামৰ এজন লোকক শাসনকৰ্তা পাতিছিল । পাছত তিংগদেৱক হত্যা কৰি বৈদ্যদেৱ কামৰূপৰ পশ্চিমাঞ্চলৰ ৰজা হয় । সম্ভৱতঃ পালবংশীয় ৰজাসকলৰ নেতৃত্বত স্থানীয়ভাৱে দিয়া ৰাজনৈতিক হেচাত পৰি বৈদ্যদেৱে বৰ বেছিদিন ৰাজপাট খাব নোৱাৰিলে । বৈদ্যদেৱৰ পাছৰ কামৰূপ ৰাজ্যৰ বিষয়ে বিশেষ তথ্য পোৱা নাযায় ।

বৈদ্যদেৱৰ মৃত্যুৰ পাছত পূৰ্বৰ পালবংশৰ ৰাজকুমাৰসকলৰ লগতে অন্যান্য স্থানীয় হিন্দুকৃত জনজাতিসকলৰ মুখীয়ালসকলে বিভিন্ন স্থানত নিজৰ আধিপত্য স্থাপন কৰিছিল । এই সময়ত চন্দ্ৰবংশীয় ৰজাসকলে ৰাজ্যপাতি শাসন কৰাৰ তথ্য পোৱা গৈছে যদিও তেওঁলোকৰ ৰাজ্যৰ অৱস্থিতি আৰু ৰাজধানীৰ বিষয়ে একো জানিব পৰা হোৱা নাই ।

বৈদ্যদেৱৰ মৃত্যুৰ পাছত ভাস্কৰ নামৰ এজন তলতীয়া ৰজাই প্ৰাচীন কামৰূপত ৰাজত্ব কৰাৰ কথা জানিব পৰা গৈছে । তুৰ্কী-আফগানসকলৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা বাৰ্তু বা পৃথু আছিল বুলি জানিব পৰা গৈছে । খ্ৰীঃ ১২০৬ ত হোৱা প্ৰথমটো তুৰ্কী আক্ৰমণত পৃথুৰ হাতত তুৰ্কীসকল শোচনীয়ভাৱে পৰাস্ত হৈছিল যদিও খ্ৰীঃ১২২৮ ত হোৱা দ্বিতীয়টো আক্ৰমণত পৃথু পৰাস্ত হোৱাৰ লগতে মৃত্যু হয় । নাছিৰুদ্দিনে পৃথুৰ উত্তৰাধিকাৰী এজনক এই অঞ্চলৰ শাসনকৰ্তা পাতে । 

 

তুর্কী-আফগান সকলৰ কামৰূপৰ আক্ৰমণ বিষয়ে লিখা

(Discuss about the Turko-Afgan invasion of Kamarupa.)

Answer: পাল বংশৰ পতনৰ পাছৰ পৰা কামৰূপ ৰাজ্যৰ ৰাজনৈতিক শক্তি ক্ৰমে হ্ৰাস পাই আহিছিল । পৰৱৰ্তী পাল শাসকসকলৰ এনে দুৰ্বলতাৰ সুবিধা লৈ ৰাজ্যৰ বিভিন্ন ঠাইত কৰতলীয়া সামন্ত ৰজাসকলে স্বাধীনভাৱে শাসন কৰিবলৈ আৰম্ভ কৰিছিল, তাৰোপৰি পূৰ্বৰ পালৰজাসকলৰ অধীনৰ উচ্চপদস্থ বিষয়াসকল বিশেষকৈ ৰাজহ সংগ্ৰহকাৰী বিষয়াসকল বিশেষকৈ ৰাজহ সংগ্ৰহকাৰী বিষয়াসকল ভূ-স্বামীত পৰিণত হৈ স্বতন্ত্ৰ বা অৰ্ধস্বতন্ত্ৰ সামন্তীয় শাসক কিছুমানৰ সৃষ্টি হৈছিল । এই সময়ছোৱাত কামৰূপ ৰাজ্যৰ ৰাজনৈতিক দুৰ্বলতাৰ লগতে সামৰিক শক্তিও হ্ৰাস হৈ আহিছিল ।

খ্ৰীঃ দ্বাদশ শতিকাৰ শেষৰফালে উত্তৰ ভাৰতৰ ৰাজনৈতিক দৃশ্যপটৰো সলনি হৈছিল । ঘোৰৰ শাসনকৰ্তা মহম্মদ ঘোৰীয়ে খ্ৰীঃ ১১৯২ত তৰাইনৰ দ্বিতীয় যুদ্ধত দিল্লী আৰু আজমীৰৰ চৌহান বংশৰ ৰজা পৃথিৰাজ চৌহানক পৰাস্ত কৰি সেই ৰাজ্যখণ্ড অধিকাৰ কৰে । ইয়াৰ পাছত অতি কম সময়ৰ ভিতৰতে সমগ্ৰ উত্তৰ ভাৰত অধিকাৰ কৰে । খ্ৰীঃ ১১৯৬ত মহম্মদ ঘোৰীৰ মৃত্যু হোৱাত তেওঁৰ বিশ্বস্ত সেনাপতি আৰু দাস কুতুবুদ্দিন আইবাকে ঘোৰীৰ ভাৰতীয় সাম্ৰাজ্য লাভ কৰে । আইবাকে সমগ্ৰ উত্তৰ ভাৰত সামৰি ভাৰতত তুৰ্কী-মুছলমান সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে । কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা এই ৰাজবংশটো দাস বংশ হিচাপে পৰিচিত হয় । কাৰণ কুতুবুদ্দিন আইবাক আৰু তেওঁৰ পৰৱৰ্তী দুজন শাসক আদিতে দাস আছিল আৰু নিজৰ কৰ্মদক্ষতাৰ বলত ভাৰতৰ সিংহাসনত অধিষ্ঠিত হবলৈ সক্ষম হৈছিল । 

খ্ৰীঃ ১২০২ খ্ৰীঃত আইবাকৰ সেনাপতি মহম্মদ বিন-বখতিয়াৰে বংগ জয় কৰে । সেই সময়ত বংগৰ শাসনকৰ্তা আছিল পালবংশীয় ৰজা লক্ষণসেন । বখতিয়াৰে অতি কম সময়ৰ ভিতৰতে বংগৰ ৰজা লক্ষণসেনক পৰাস্ত কৰি বংগত তুৰ্কী শাসন প্ৰতিষ্ঠা কৰিছিল । মুছলমান ঐতিহাসিকসকলৰ মতে বখতিয়ৰে মাত্ৰ সোতৰজন সুদক্ষ সৈন্য লগতলৈ বংগ অধিকাৰ কৰিছিল । এই তথ্যৰ পৰা সেইসময়ৰ উত্তৰ ভাৰত তথা বংগৰ সামৰিক দুৰ্বলতাৰ বিষয়ে জানিব পাৰি । বংগত শাসন প্ৰতিষ্ঠা কৰাৰ পাছত বখতিয়াৰৰ মূল লক্ষ্য আছিল দুটা 

ক) উৰিষ্যাৰ জজ নগৰ অধিকাৰ কৰা আৰু 

খ) কামৰূপ ৰাজ্য অধিকাৰ কৰা । 

মিনহাজউদ্দিন চিৰাজৰ তবকাত-ই-নচিৰি, উত্তৰ গুৱাহাটীৰ কানাই বৰশী লিপি আৰু নগাৱৰ গছতল লিপিত মুছলমানৰ কামৰূপ আক্ৰমণৰ বৰ্ণনা পোৱা যায় । 


 

 Type-Suman Kakati 

Author_ Ali rani Kakati ( Ba in History Major)