অতি চমু প্ৰশ্ন ( Very Short Questions)


Additional Questions & Answer 

১। জয়পালৰ সমসাময়িক গৌড়ৰ ৰজা কোন আছিল?

( Who was Jaypala's contempory king of Gauda?)

উত্তৰঃ জয়পালৰ সমসাময়িক গৌড়ৰ ৰজাজনৰ নাম হল ৰামপাল।


২। তিংগদেৱক কোনে শাসনকৰ্তা পাতিছিল?

( Who appointed Tingadeva?)

উত্তৰঃ তিংগদেৱক ৰামপালে শাসনকৰ্তা পাতিছিল ।


৩। তিংগদেৱক কোনে পৰাস্ত কৰিছিল?

( Who defeated Tingadeva?)

উত্তৰঃ তিংগদেৱক বৈদ্যদেৱে পৰাস্ত কৰিছিল ।


৪। মায়ন কোন আছিল?

( Who was Mayan?)

উত্তৰঃ গৌড়ৰ ৰজা ৰামপালৰ সেনাপতি ।


৫। বৈদ্যদেৱে জাৰি কৰা তাম্ৰশাসনখনৰ নাম কি ?

( What is the name of the Inscription of Vaidyadeba?)

উত্তৰঃ বৈদ্যদেৱে জাৰি কৰা তাম্ৰশাসনখনৰ নাম হল কমৌলি ।


৬। কমৌলি শাসনৰ দ্বাৰা কাক মাটি দান কৰা হৈছিল ?

( To whom land was granted by kamauli Grant?)

উত্তৰঃ কমৌলি শাসনৰ দ্বাৰা শ্ৰী ধৰ নামৰ এজন ব্ৰাহ্মণক মাটি দান কৰা হৈছিল ।


৭। বৈদ্যদেৱে গ্ৰহণ কৰা উপাধিটো কি আছিল ?

( What was the tittle adopted by Vaidyadeva?)

উত্তৰঃ বৈদ্যদেৱে গ্ৰহণ কৰা উপাধিটো হল হল মহাৰাজাধিৰাজ পৰমেশ্বৰ পৰমভট্টাৰক ।


৮। বল্লভদেৱৰ বংশটো কি নামেৰে পৰিচিত?

(Vallabhdeva's family was known by which name?)

উত্তৰঃ বল্লভদেৱৰ বংশটো চন্দ্ৰবংশ নামেৰে পৰিচিত ।


৯। সমুদ্ৰপালে জাৰি কৰা লিপিখনৰ নাম কি?

( What was the name of the inscription of Samudrapala?)

উত্তৰঃ সমুদ্ৰপালে জাৰি কৰা লিপিখনৰ নাম হল আমবাৰী লিপি ।


১০। প্ৰথম মুছলমান আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল ?

(Who was the king of kamarupa during First muslim invasion ?)

উত্তৰঃ প্ৰথম মুছলমান আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা আছিল বাত্তু ।


১১। ভূঞা শব্দৰ অৰ্থ কি ?

( What is the meaning of Bhuyan?)

উত্তৰঃ ভূঞা শব্দৰ অৰ্থ হল মাটিৰ মালিক ।


১২। ৰাউতকুছি লিপি কোনে জাৰি কৰিছিল ?

( Who inscribed Roatkuchi inscriptions?)

উত্তৰঃ ৰাউতকুছি লিপি পুৰুষোত্তম দাসে জাৰি কৰিছিল ।


১৩। চুতীয়া ৰাজ্যৰ প্ৰথমজন ৰজা কোন আছিল ?

( Who was the first Chutia king?)

উত্তৰঃ চুতীয়া ৰাজ্যৰ প্ৰথমজন ৰজা হল ভীস্মক ।


১৪। চুকাফাৰ সমসাময়িক মৰাণ ৰজাজনৰ নাম লিখা ।

( Write the name of Maron king contemporary to Sukafa?)

উত্তৰঃ চুকাফাৰ সমসাময়িক মৰাণ ৰজাজনৰ নাম হল বদৌচা ।


১৪। চুকাফাৰ সমসাময়িক বৰাহী ৰজাজনৰ নাম লিখা ।

(Write the name of Barahi king contempory to sukufa?)

উত্তৰঃ চুকাফাৰ সমসাময়িক বৰাহী ৰজাজনৰ নাম হল থাকুমথা ।


চমু প্ৰশ্ন( Short Questions)

১। পৰৱৰ্তী পালৰ যুগৰ দুজন উল্লেখযোগ্য ৰজাৰ নাম লিখা ।

( Write the name of two important kings of post pala period.)

উত্তৰঃ পৰৱৰ্তী পালৰ যুগৰ দুজন উল্লেখযোগ্য ৰজাৰ নাম হল 

ক) জয়পাল 

খ) তিংগদেৱ 


২। তুৰ্কী-আফগানসকলৰ কামৰূপ আক্ৰণণৰ তথ্য যোগান ধৰা দুটা সমল উল্লেখ কৰা ।

(Mention two sources that give us informations about Turko-afgan invasion Kamarupa.)

উত্তৰঃ 

৩। চুতীয়াসকলৰ দুটা ভাগ উল্লেখ কৰা ।

( Mention two divisions of the Chutias.)

উত্তৰঃ চুতী.য়াসকলৰ দুটা বাগ হল 

ক) বৰাহী চুতীয়া ।

খ) বিহীয়া চুতীয়া ।


৪। দুজন উল্লেখযোগ্য চুতীয়া ৰজাৰ নাম লিখা ।

( Write the name of two important Chutia kings.)

উত্তৰঃ দুজন উল্লেখযোগ্য চুতীয়া ৰজাৰ নাম হল

ক) বীৰপাল ।

খ) গৌৰী নাৰায়ণ ।


৫। কছাৰীসকল অন্য দুটা কি নামেৰে জনাজাত আছিল?

(The kacharis were known by which two different names?)

উত্তৰঃ কছাৰীসকলৰ অন্য দুটা নাম হল

চমু টোকা( Short Notes

১। বৈদ্যদেৱ

( Vaidyadeva)

উত্তৰঃ তিংগদেৱক হত্যা কৰি আনুমানিক খৃঃ ১১৩৮ ত বৈদ্যদেৱে কামৰূপৰ পশ্চিমাঞ্চলৰ ৰজা হৈছিল । কুমাৰপালৰ মৃত্যুৰ পাছত তেওঁ স্বাধীন ৰজা হিচাপে জনপ্ৰিয় হৈছিল । কমৌলি তাম্ৰশাসনৰ পৰা তেওঁৰ উপৰিপুৰুষ, কাৰ্যাৱলী, আৰু ব্যক্তিগত জীৱনৰ কিছু তথেয পোৱা যায় । তেওঁ উপৰিপুৰুষসকলে গৌঢ়ৰ পালবংশীয় ৰজাসকলৰ অধীনত মন্ত্ৰী, আৰু সেনাপতিৰ দায়িত্ব পালন কৰিছিল । তেওঁৰ ককাক যোগদেৱ আছিল বিগ্ৰহ পালৰ মন্ত্ৰী । বিগ্ৰহপালৰ পাছৰজন গৌড়ৰজা ৰামপালৰ দিনত সেইপূৰ্বে মন্ত্ৰীত্বৰ দায়িত্বত আছিল যোগদেৱৰ পুত্ৰ বৌধিদেৱ । এই বোধিদেৱ আৰু প্ৰতাপদেৱীৰে পুত্ৰ আছিল বৈদ্যদেৱ । তেওঁ ৰামপালৰ পুত্ৰ কুমাৰ পালৰ মন্ত্ৰী আৰু সেনাপতি আছিল । বাৰাণসীত উদ্ধাৰ হোৱা কমৌলি লিপিৰ দ্বাৰা বৈদ্যদেৱৰ কাৰ্যাৱলী আৰু গুণ গৰিমাৰ তথ্য পোৱা গৈছে ।এই লিপিত তেওঁৰ এজন বুদ্ধিমান মন্ত্ৰী,, সুদক্ষ সেনাপতি । নৌযুদ্ধত শক্তিশালী আৰু শত্ৰ নিধনকাৰী হিচাপে বৰ্ণ না কৰা হৈছে । তেওঁ দক্ষিণ বংগৰ নৌ যুদ্ধত বিজয়ী হৈছিল বুলি এই লিপিত উল্লৱেখ আছে । এই তাম্ৰশাসনখনৰ প্ৰথম ভাগত বৈদ্যদেৱক বিষ্ণুৰ উপাসক হিচাপে বৰ্ণনা কৰা হৈছে । কিন্তু পাছলৈ তেোঁ কামেশ্বৰ মহাগোৰী ( কামাখ্যাৰ) উপাসক হৈ পৰিছিল ।  নিজকে ৰজা হিচাপে প্ৰতিষ্ঠা কৰাৰ পাছত তেওঁ পৰমমহেশ্বৰ উপাধি গ্ৰহণ কৰিছিল । বৈদ্যদেৱক জ্ঞানত বৃহস্পতিৰ তুল্যু, ধৈয্যত সাগৰ সদৃশ, কুবেৰৰ দৰে সম্পত্তিবান আৰু চম্পা ৰজাৰ দৰে দানশীল বুলি বৰ্ণনা কৰা হৈছে । কমৌলি লিপিৰ দ্বাৰা বৈদ্যদেৱে তেওঁৰ ৰাজত্বৰ চতুৰ্থ  বছৰৰ বহাগ মাহৰ শুক্লা একাদশী তিথিৰ বিষ্ণু সংক্ৰান্তিৰ দিনা শ্ৰী ধৰ নামৰ এজন ব্ৰাহ্মণক মাটি দান কৰিছিল । এই শাসনৰ জৰিয়তে তেওঁ প্ৰাগজ্যোতিষ ভূক্তিৰ কামৰূপ মণ্ডলৰ অন্তৰ্গত বাড়া বিষয়ৰ শান্তিবড়া আৰু মন্দৰা নামৰ দুখন গাওঁ দান কৰিছিল । এই দানপত্ৰ কমৌলি লিপিখন লিখোৱা হৈছিল তেওঁৰ ৰাজধানী হংসকুছিৰ পৰা । এই হংসকুছি অবিভক্ত কামৰূপ জিলাৰ পশ্চিমে আছিল বুলি অনুমান কৰা হৈছে । কমৌলি তাম্ৰশাসনৰ পৰা জানিব পৰা মতে বৈদ্যদেৱে মহাৰাজাধিৰাজ পৰমেশ্বৰ পৰমভট্টাৰক উপাধি গ্ৰহণ কৰিছিল । 


২। বল্লভদেৱ 

( Vallabhdeva)

উত্তৰঃ 


৩। মুছলমানৰ প্ৰথম কামৰূপৰাজ্য আক্ৰমণ

( 1St Muslim invasion of Kamrupa.)

উত্তৰঃদিল্লীৰ চুলতান কুতুবুদ্দিন আইবাকৰ অধীনত বংগৰ শাসনকৰ্তা মহম্মদ-বিন-বখতিয়াৰ খিলজিয়ে ১২০৫ খ্ৰীঃত কামৰূপ ৰাজ্য আক্ৰমণ কৰে । তবকাত-ই-নছিৰিত এই আক্ৰমণৰ সুন্দৰ বৰ্ণনা পোৱা যায় । এই বখতিয়াৰৰ কামৰূপ অভিযানৰ ত্ৰিশ বছৰৰ পাছত বখতিয়াৰৰ বিশ্বাসী তলতীয়া লোক এজনৰ মুখৰ পৰা এই অভিযানৰ বিষয়ে শুনি মিনহাজউদ্দিনে তেওঁৰ গ্ৰন্থ তবকাত-ই -নছিৰিত এই আক্ৰমণৰ বৰ্ণনা কৰিছিল । কিন্তু মিনহাজউদ্দিনৰ আগত কামৰূপ অভিযানৰ বৰ্ণনা কৰা এই লোকজন বখতিয়াৰৰ লগত কামৰূপ অভিযানলৈ আহিছিল নে নাই তাৰ কোনো উল্লেখ কৰা হোৱা নাই । এই বৰ্ণনাত কোৱা হৈছে যে বখতিয়াৰ অভিযানৰ লক্ষ্য কামৰূপ ৰাজ্য নাছিল । খৃঃ ১২০২ ত লক্ষণাৱৰ্তী অধিকাৰ কৰাৰ পাছত বখতিয়াৰৰ লক্ষ্য আছিল সুদুৰ চীন, তিৰ্ব্বত, আৰু তুৰ্কীস্থান জয় কৰা । কিন্তু চীন আৰু তিৰ্ব্বত জয় কৰিবলৈ হলে বখতিয়াৰৰ সৈন্যবাহিনী কামৰূপ ৰাজ্যৰ মাজেদি যাব লাগিব । বখতিয়াৰে কামৰূপৰ ৰজা বাৰ্তুলৈ এই অভিযানৰ পূৰ্বে সহায় বিচাৰি বাৰ্তা প্ৰেৰণ কৰিছিল । কিন্তু বাৰ্তুৱে বাৰিষাৰ সলনি খৰালি কালতহে এই অভিযান ফলপ্ৰসু হব বুলি বখতিয়াৰক জনালে । বখতিয়াৰে বাৰ্তুৰ পৰামৰ্শ নামানি বাৰিষা কালতেই এই অভিযান আৰম্ভ   কৰে । তেওঁ খৃঃ ১২০৫ ৰ শেষৰফালে দহ-বাৰ হাজাৰ মান অশ্বাৰোহী সৈন্য লৈ বৰ্তমান বাংলাদেশৰ দিনাজপুৰ জিলাৰ দেৱকোট ঠাইৰ পৰা বেগমতী নদীৰ   পাৰৰ বৰ্দ্ধনকোট নামৰ ঠাইলৈ যাত্ৰা কৰে । এই অঞ্চলসমূহৰ বিষয়ে বখতিয়াৰৰ ভৌগোলিক জ্ঞান নথকাত তেওং এজন মেছ জাতীয় লোকক পথ পদৰ্শক হিচাপে লয় । এই লোকজনক ইছলাম ধৰ্মত দীক্ষিত কৰি আলি নাম ৰখাত পাছলৈ আলিমেছ নামেৰে পৰিচিত হৈ উঠে । আলিমেছৰ সহযোগত বখতিয়াৰৰ সৈন্যবাহিনীয়ে বেগমতী নদীৰ পাৰে-পাৰে উত্তৰমূৰাকৈ দংদিন আহি কোচ, মেছ, আৰু থাৰু জনজাতিসকলে বাসকৰা অঞ্চল পায় ।


৪। ভূঞাসকল( Bhuyan)

উত্তৰঃ ভূঞা শব্দৰ অৰ্থ হল ভূ-স্বামী গৰাকী অৰ্থাৎ ভূমি বা মাটিৰ মালিক । সংস্কৃত বাষাৰ বৌমিক াৰু পাৰ্চী বাষাৰ জমিদাৰ ভূঞা শব্দৰ সমাৰ্থক শব্দ । বৃহৎ এলেকাৰ মাটিৰ মালিক হৈ শক্তিশালী হৈ উঠা যিকোনো লোকেই ভূঞা হব পাৰিছিল । সেইবাবে ভূঞাসকল এটা শ্ৰেণী হৈ আছিল, জাতি নাছিল । বিবিন্ন জাতি, জনজাতি আনকি মুছলমান সকলৰ পৰাও ভূঞা হোৱাৰ ুদাহৰণ আছে । তথাপি ভূঞা শ্ৰেণীটোত ব্ৰাহ্মণ আৰু কায়স্থ অধিক দেখা যায় । কাৰণ প্ৰথম অৱস্থাত েএই লোক সকলেহে ৰজাৰ পৰা দান হিচাপে বিস্তীৰ্ণ এলেকা লাভ কৰিছিল । অসমৰ ভূঞা সকলৰ উৎপত্তি সম্পৰ্কে দুটা মত প্ৰচলিত থকা দেখা যায় । পশ্চিম অসমত প্ৰচলিত এক মত অনুসৰি খৃঃ চতুদৰ্শ শতিকাৰ প্ৰথম বাগত গৌড়ৰ ৰজা ধৰ্মনাৰায়ণ আৰু কামৰূপৰ ৰজা দুৰ্লভ নাৰায়ণৰ মাজত হোৱা চুক্তি অনুসৰি ভূঞাসকল গৌড় দেশৰ পৰা কামৰূপলৈ আহিছিল । ভূঞাসকল আদিতে কনৌজত বাস কৰিছিল । তুৰ্কী মুছলমানসকলে কনৌজ অধিকাৰ কৰাত তেওঁলোক প্ৰথমে গৌড় ৰাজ্যলৈ আৰু তাৰ পিছত কামৰূপলৈ আহে । কমতাৰাজ দুলৰ্ভনাৰায়ণে এই ভূঞাসকলক প্ৰথমে হাজোৰ পূবত আৰু বৰনদীৰ দক্ষিণে থকা বূটান সীমান্তৰ লেঙ্গেনাগুৰি নামৰ ঠাইত স্থাপন কৰিছিল । বৈষ্ণৱ সাহিত্যসমূহত উল্লেখ থকামতে েই ভূঞাসকলে পুনৰ গৌড়ৰ পৰা তেওঁলোকৰ ঘৰ, পৰিয়াল, বন্ধুবৰ্গ, আৰু ঘৰুৱা পুৰোহিত কামৰূপলৈ আনে । ফলত মূল সাতঘৰ কায়স্থৰ লগত পাচত অহা পাচঘৰ কায়স্থ পৰিয়াল লগ-লাগি বাৰঘৰ ভূঞা বা বাৰভূঞা নামেৰে পৰিচিত হয় । লেঙ্গেনাগুৰিত এই ভূঞাসকল থাকিব নোৱাৰি নগাৱৰ আলিপুখুৰীলৈ আহি বসতি কৰে । 


৫। কছাৰীসকল( Kacharis)

উত্তৰঃ কামৰূপ ৰাজ্যৰ ভাঙোনৰ পাছত কছাৰীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত তেওঁলোকৰ ৰাজ্য গঠন কৰিছিল । অসমৰ অতি প্ৰাচীন অধিবাসীএই কছাৰীসকলে বিভিন্ন সময়ত বিভিন্ন স্থানত নিজৰ সভ্যতা সংস্কৃতি গঢ়ি উঠিছিল । বৃহৎ সঙ্গোলীয় গোষ্ঠীৰ অন্তৰ্গত সকলো ঠাইৰে কছাৰীসকল একে মূল্যৰে হলেও বিভিন্ন স্থানত বিভিন্ন নামেৰে জনা গৈছিল । উত্তৰবঙ্গ আৰু গোৱালপাৰাত তেওলোক মেচ নামেৰে পৰিচিত আছিল । আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাত তেওঁলোক বড়ো বা বড়োফিচা  আৰু উত্তৰ কাছাত ডিমাছা বা ডিমা-হাচাও হিচাপে জনা গৈছিল । আহোমসকলে তেওঁলোকক ডিমাছা বুলি কৈছিল । চাৰ এডৱাৰ্ড গেইটে কছাৰাসকলক কছাৰাসকলক ব্ৰহ্মপুত্ৰ উপত্যকাৰ আটাইতকৈ পুৰণি বাসিন্দা বুলি অভিহিত কৰিছে । পণ্ডিত এণ্ডেলেও কছাৰীসকলক আদি ভূমিপুত্ৰ বুলি অভিহিত কৰিছে । কিন্তু বড়ো-কছাৰী সকলৰ নিজা প্ৰবাদ অনুসৰি তেওঁলোক তিব্বত চীনৰ পৰাহে ভাৰতলৈ আহিছিল । ঐতিহাসিক ৰজামোহন নাথে উল্লেখ কৰিছে যে এসময়ত উত্তৰ চীনত বড নামেৰে এখন দেশ আছিল আৰু সেই দেশৰ অধিবাসীসকলক বড়োছা হিচাপে জনা  গৈছিল । প্ৰাগ-ঐতিহাসিক সময়ছোৱাতে ইন্দো-চীন ভাষী জনগোষ্ঠীসমূহৰ উত্তৰ পশ্চিম চীনৰ পৰা বিভিন্ন দিশত যাত্ৰা আৰম্ভ হৈছিল বুলি ঐতিহাসিক সুনীতি কুমাৰ চট্টোপাধ্যায়ে মতপোষণ কৰিছে । এই সকল পণ্ডিতৰ মতে মহাভাৰতৰ যুদ্ধৰ আগতেই এ্ই বড়ো-কছাৰীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰিছিল । চীনো-তিৰ্ব্বতীয় -মঙ্গোলীয় গোষ্ঠীৰ  এই লোকসকলে খৃঃ পূঃ প্ৰায় দুহাজাৰ বছৰৰ পূৰ্বে চীনৰ পশ্চিম অঞ্চলত বাস কৰিছিল । তাৰ পৰা তেওঁলোক ক্ৰমে দক্ষিণ-পূব- এছিয়া আৰু তিৰ্ব্বতলৈ বসতি বিস্তাৰ কৰে । তিৰ্ব্বতৰ পৰা তেোঁলোক ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে 


৬। মৰাণ আৰু বৰাহীসকল 

( Maran & Barahis)

উত্তৰঃ ।পালবংশৰ পতনৰ পাছত কামৰূপৰ ভাঙোন হোৱাৰ ফলত মূৰ দাঙি উঠা অন্য দুখন ৰাজ্য আছিল মৰাণ সকলৰ  ৰাজ্য আৰু বৰাহী সকলৰ ৰাজ্য । এই দুইখন ৰাজ্যৰ বিষয়ে জানিবৰ বাবে নিৰ্ভৰযোগ্য তথ্য বৰ্তমানেও পৰ্যাপ্ত নহয় । এখন হাতেলিখা পুথিত উল্লেখ থকামতে মৰাণসকলে উত্তৰ বুঢ়ীদিহিঙৰ পৰা দক্ষিণে দিচাং আৰু পূবে চাফ্ৰাইৰ পৰা পশ্চিমে ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ অঞ্চলটোত বাস কৰিছিল । আহোম ৰজা চুকাফাৰ সমসাময়িক মৰাণ ৰজা আছিল বদৌচা । তেওঁ শদিয়াৰ দক্ষিণে কাকতল অঞ্চলৰ পৰা শাসন কৰিছিল । আনহাতে, বৰাহীসকলে উত্তৰে দিচাঙৰ পৰা দক্ষিণে দেখৌলৈ আৰু পূবে নগাহাটৰ পৰা পশ্চিমে বৰাহী ফিকাৰ অঞ্চলটোত শাসন কৰিছিল । চুকাফাৰ সমসাময়িক বৰাহী ৰজা আছিল থাকুমথা । এই বৰাহীসকলৰ ৰাজধানী আছিল  চৰাওদেউ পাহাৰৰ ওচৰত । এই দুয়োটা জনগোষ্ঠীয়েই শ্বান-তাই আৰু আহোমসকলৰ ওচৰত বশ্যতা স্বীকাৰ কৰিছিল । আহোমসকলে এই দুই জনগোষ্ঠীৰ ৰাজনৈতিক সম্পৰ্কৰ বাহিৰত বৈবাহিক সম্পৰ্কৰ দ্বাৰা মিত্ৰতা স্থাপন কৰিছিল ।


ৰচনাধৰ্মী প্ৰশ্ন( Essay type Questions)

১। পৰৱৰ্তী পালৰ যুগৰ কামৰূপৰ ৰাজনৈতিক অৱস্থাৰ বৰ্ণনা কৰা ।

( Describe the political condition of kamarupa during the pastv pala period)

উত্তৰঃ পালবংশৰ পতনৰ লগে-লগে প্ৰাচীন অসমৰ ৰাজনৈতিক অৱস্থাৰ পৰিৱৰ্তন হৈছিল । বৰ্মন সকলৰ দিনৰ পৰা প্ৰাচীন অসমৰ যি ৰাজনৈতিক ধাৰাবাহিকতা ্ক্ষুন্ন াছিল, জয়পালৰ পাছত সেই ৰাজনৈতিক ধাৰাবাহিকতা দেখিবলৈ পোৱা যায় । বৈদ্যদেৱৰ কমৌলিলিপি, বল্লভদেৱৰ অসম তাম্ৰশাসন আৰু সমুদ্ৰপালৰ আমবাৰী শৈল শাসনৰ পৰা পৰৱৰ্তী পালৰ যুগৰ ৰাজনৈতিক অৱস্থাৰ কিছু আভাস পাব পাৰি । সেই সময়ছোৱাত পালসকলৰ ৰাজনৈতিক ক্ষমতা কমি অহাৰ সুবিধা লৈ বংগৰ পালসকলে কামৰূপত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ ধৰে । সেই সময়ৰ প্ৰাচীন অসমৰ কেইজনমান উল্লেখযোগ্য ৰজা আছিল তিংগদেৱ, বৈদ্যদেৱ, চন্দ্ৰবংশীয় ৰজাসকল ( ৰায়াৰিদেৰ, উদয়কৰ্ণ, বল্লভদেৱ) আৰু বাৰ্তু বা পৃথৃ ।

 

২। তুৰ্কী-আফগান সকলৰ কামৰূপৰ আক্ৰমণৰ বিষয়ে লিখা ।

( Discuss about the turko-Afgan invasion of kamarupa.)

উত্তৰঃ পালবংশৰ পতনৰ পাছৰ পৰাই কামৰূপ ৰাজ্যৰ ৰাজনৈতিক শক্তি ক্ৰমান্বয়ে হ্ৰাস পাই আহিছিল । পৰৱৰ্তী পাল শাসকসকলৰ এনে দুৰ্বলতাৰ সুযোগ লৈ ৰাজ্যৰ বিভিন্ন ঠাইত কৰতলীয়া সামন্ত ৰজাসকলে স্বাধীনভাৱে শাসন কৰিবলৈ আৰম্ভ কৰিছিল । তাৰোপৰি, পূৰ্বৰ পালৰজাসকলৰ অধীনৰ উচ্চপদস্থ বিষয়াসকলৰ বিশেষকৈ ৰাজহ সংগ্ৰহকাৰী বিষয়াসকল ভূ-স্বামীত পৰিণত হৈ স্বতন্ত্ৰ বা অদ্ধস্বতন্ত্ৰ সামন্তীয় শাসক কিছুমানৰ সৃষ্টি হৈছিল । েই সময়ছোৱাত কামৰূপ ৰাজ্যৰ ৰাজনৈতিক দুৰ্বলতাৰ লগতে সামৰিক শক্তিও হ্ৰাস হৈ আহিছিল । খৃঃ দাদ্বশ শতিকাৰ শেষৰফালে উত্তৰ ভাৰতৰ ৰাজনৈতিক দৃশ্যপটৰো সলনি হৈছিল । ঘোৰৰ শাসনকৰ্তা মহম্মদ ঘোৰীয়ে খৃঃ ১১৯২ ত তৰাইনৰ দ্বিতীয় যুদ্ধত দিল্লী আৰু আজমীৰৰ চৌহান বংশৰ ৰজা পৃথ্থীৰাজ চৌহানক পৰাস্ত কৰি সেই ৰাজ্যখণ্ড অধিকাৰ কৰে । ইয়াৰ পাছত অতি কম সময়ৰ ভিতৰতে সমগ্ৰ উত্তৰ ভাৰত আক্ৰমণ কৰে । খৃঃ ১১৯৬ ত মহম্মদ ঘোৰীৰ মৃত্যু হোৱাত তেওঁৰ বিশ্বস্ত সেনাপতি আৰু দাস কুতুবুদ্দিন আইবাকে ঘোৰীৰ ভাৰতীয় সাম্ৰাজ্য লাভ কৰে । আইবাকে সমগ্ৰ ভাৰত সামৰি ভাৰতত তুৰ্কী মুছলমান সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে । কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা এই ৰাজবংশটি দাস বংশ নামেৰে পৰিচিত হয় । কাৰণ কুতুবুদ্দিন আইবাক আৰু তেোঁৰ পৰৱৰ্তী দুজন শাসক দাস আছিল আৰু নিজ কৰ্মদক্ষতাৰ বলত ভাৰতৰ সিংহাসনত অধিষ্ঠিত হবলৈ সক্ষম হৈছিল । খৃঃ ১২০২ত আইবাকৰ সেনাপতিমহম্মদ বিন-বখতিয়াৰে বংগ জয় কৰৰে । সেই সময়ত বংগৰ শাসনকৰ্তা আছিল পালবংশীয় ৰজা লক্ষণসেন । বখতিয়াৰে অতি কম দিনৰ ভিতৰতে বংগৰ ৰজা লক্ষণসেনক পৰাস্ত কৰি বংগত তুৰ্কী শাসন প্ৰতিষ্ঠা কৰিছিল । মুছলমান ঐতিহাসিক সকলৰ মতে বখতিয়াৰে মাত্ৰ সোতৰজন সুদক্ষ সৈন্যৰ লগতলৈ বংগ অধিকাৰ কৰিছিল । এই বংগৰ পৰা সেই সময়ৰ উত্তৰ ভাৰত তথা বংগৰ সাময়িক দুৰ্বলতাৰ বিষয়ে জানিব পাৰি । বংগত শাসন প্ৰতিষ্ঠা কৰাৰ পাছত বখতিয়াৰৰ মূল লক্ষ্য হল দুটা 

ক) উৰিষ্যাৰ জজনগৰ অধিকাৰ কৰা , আৰু

খ) কামৰূপ ৰাজ্য অধিকাৰ কৰা ।

মিনহাজউদ্দিনৰ তবকাত- ই-নচিৰী, উত্তৰ গুৱাহাটীৰ কানাই বৰণী লিপি আৰু নগাঁৱৰ গছতল লিপিত মুছলমানৰ কামৰূপ আক্ৰমণৰ বিষয়ে বৰ্ণনা পোৱা যায় ।


 Author  Ali Rani Kakati