Chapter 1
কোষ জীৱতত্ত্ব
(Cell Biology)
১। কোষবোৰ পোন প্রথমে কোনে লক্ষ্য কৰিছিল?
উত্তৰঃ- কোষবোৰ পোন প্রথমে ৰ'বাৰ্ট হুকে লক্ষ্য কৰিছিল।
২। কোষৰ দুটা প্রধান অংশ কি কি?
উত্তৰঃ- কোষৰ দুটা প্রধান অংশ হ'ল ছাইট'পাজম আৰু নিউক্লিয়াছ বা কোষকেন্দ্ৰ।
৩। মানৱ কোষৰ দুটা প্রধান প্ৰকাৰ কি কি?
উত্তৰঃ- মানৱ কোষৰ দুটা প্রধান প্ৰকাৰ হ'ল জনন কোষ আৰু দৈহিক কোষ।
৪। কোষৰ সংজ্ঞা দিয়া।
উত্তৰঃ- লয়ি আৰু চেইকেভিটজৰ মতে, "A cell is the smallest unit of the fundamental Structure and function of all living organism which is capable of independent existence and self reproduction of a suitable environment." ("কোষ হৈছে সকলো জীৱৰ মৌলিক গঠন আৰু কাৰ্য্যৰ আটাইতকৈ সৰু একক যিয়ে স্বতন্ত্ৰ অস্তিত্ব আৰু উপযুক্ত পৰিৱেশৰ আত্মপ্ৰজনন কৰিবলৈ সক্ষম।")
৫। কোষ বিভাজন বুলিলে কি বুজা?
উত্তৰঃ- যি প্ৰক্ৰিয়াৰে জীৱদেহৰ কোষ বিভাজিত হৈ সিহঁতৰ অণুৰূপ অপত্য় কোষৰ সৃষ্টি কৰে তাক কোষ বিভাজন বুলি কোৱা হয়।
৬। কোষ বিভাজনৰ ধাৰণা পোন প্ৰথমে কোনে দাঙি ধৰিছিল?
উত্তৰঃ- কোষ বিভাজনৰ ধাৰণা পোন প্ৰথমে ১৮৪০ চনত হ'ফমেষ্টাৰে দাঙি ধৰিছিল।
৭। ক্র'মজ'ম শব্দটো প্রথমতে কোনে বর্ণনা কৰিছিল?
উত্তৰঃ- ক্র'মজ'ম শব্দটো প্রথমতে ১৮৭৫ চনত ষ্টেউচবাৰজাৰে বর্ণনা কৰিছিল।
৮। মানৱ শৰীৰত থকা ক্ৰ'ম'জমৰ সংখ্যা কিমান?
উত্তৰঃ- মানৱ শৰীৰত থকা ক্ৰ'ম'জমৰ সংখ্যা ৪৬ ডাল।
১০। ক্র'মজ'মত থকা প্রটিন দুই প্ৰকাৰৰ নাম লিখা?
উত্তৰঃ- ক্র'মজ'মত থকা প্রটিন দুই প্ৰকাৰৰ নাম হ'ল হিষ্টন আৰু অহিষ্টন প্রটিন।
১১। জিন শব্দটো কি শব্দৰ পৰা আহিছে?
উত্তৰঃ- জিন শব্দটো গ্ৰীক শব্দ 'জিনম'ৰ পৰা আহিছে।
১২। মানৱ কোষ এটাৰ চিত্ৰ অংকন কৰি ইয়াৰ বিভিন্ন অংশসমূহ দেখুওৱা।
উত্তৰঃ-
১৩। মাইট'ছিছ কোষ বিভাজনটো বৰ্ণনা কৰা।
উত্তৰঃ- পৃথীৱীত বসবাস কৰা সকলো জীৱৰ দেহটো প্ৰধানকৈ দিটা কোষ বিভাজন প্ৰক্ৰিয়াৰ মাধ্য়মেৰে পৰিচালিত হয়। তাৰে ভিতৰত এটা হ'ল মাইটছিছ কোষ বিঙাজন প্ৰক্ৰিয়া আৰু আনটো হ'ল মিয়ছিছ কোষ বিভাজন প্ৰক্ৰিয়া। তলত মাইটছিছ কোষ বিভাজন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হ'ল-------
মাইটছিছ - মাইটছিছ কোষ বিভাজন হ'ল এনে এক জটিল প্ৰক্ৰিয়া যি সমগ্ৰ বহুকোষী জীৱদেহৰ কলাবোৰৰ বৃদ্ধি আৰু বিকাশৰ লগত জডিত হৈ থাকে। আকাৰত সৰু অথবা ডাঙৰ সকলো বহুকোষী জীৱৰ দেহত এই কোষ বিঙাজন প্ৰক্ৰিয়া সংঘটিত হোৱা দেখা যায়। মাইটছিছ কোষ বিভাজন প্ৰক্ৰিয়াটো মুঠ চাৰিটা স্তৰৰ মাজেৰে সম্পন্ন হোৱা দেখা যায়।
(i) আদ্য়স্তৰ (Prophase)
(ii) মধ্য়স্তৰ (Metaphase)
(iii) উপান্ত্য়স্তৰ (Anaphase)
(iv) অন্ত্য়স্তৰ (Telophase)
ওপৰোক্ত ভাগসমূহৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল 一
(i) আদ্য়স্তৰ (Prophase)ঃ- কোষকেন্দ্ৰ বিভাজনৰ প্ৰথম স্তৰ হ'ল আদ্য়স্তৰ। কোষ বিভাজনৰ আৰম্ভণিৰ সময়ত কোষটো স্থিতাৱস্থাত থাকে। এই স্তৰ আৰম্ভ হোৱাৰ লগে লগে কোষকেন্দ্ৰ আকাৰত কিছু ডাঙৰ হয় আৰু কোষকেন্দ্রৰ জালিকা লোপ পায়। এই বিভাজনৰ আৰম্ভণিতে ক্ৰ'ম'জমবোৰে কে'কোৰ কেঁকুৰি সূতাৰ আকাৰ ধাৰণ কৰি সমানে দুটা ভাগত বিভক্ত হয়। দুয়োটা ভাগকে ক্ৰমেটিড বুলি কোৱা হয়। যি নেকি এডালে আন ডালৰ লগত পাক খাই থাকে।
(ii) মধ্য়স্তৰ (Metaphase)ঃ- মাইটছিছ কোষ বিভাজনৰ দ্বিতীয়টো স্তৰ হ'ল মধ্য়স্তৰ । এই স্তৰত কোষৰ আৱৰণ খন সম্পূৰ্ণভাৱে নোহোয়া হৈ পৰাৰ লগতে চাইটোপ্লাজম জাতীয় তন্তসমূহ কোষৰ দুই মেৰুৰ পৰা মাজৰ অংশলৈ গতি কৰে যাৰ বাবে মাজৰ ডোখৰ শকত আৰু দুয়ো মেৰু ক্ষীণ হৈ মহুৰা আকৃতিৰ ৰূপ ধাৰণ কৰে যাক কেন্দ্ৰীয় মহুৰা বুলি কোৱা হয়।
(iii) উপান্ত্য়স্তৰ (Anaphase)ঃ- মািটছিছ কোষ বিভাজনৰ তৃতীয়টো স্তৰ হ'ল উপান্ত্য়স্তৰ। এই স্তৰত ক্ৰমজমবোৰ এটা আনটোৰ পৰা পৃথক হৈ যাৰ বাবে সমৰূপী ক্ৰমেটিডৰ এডালে এটা মেৰুলৈ আৰু আনডালে আনটো মেৰুলৈ গতি কৰে।
(iv) অন্ত্য়স্তৰ (Telophase)ঃ- মািটছিছ কোষ বিভাজনৰ শেষৰটো স্তৰ হ'ল উপান্ত্যস্তৰ । এই স্তৰত ক্ৰ'ম'জমবোৰ কোষৰ দুই মেৰুত থুপ খাই থকাৰ লগতে ক্ৰমজমবোৰে মিহি আৰু দীঘল হৈ পাকশোৱা অৱস্থা এৰি পূৰ্বৰ আকাৰ ধাৰণ কৰে। ইয়াৰ লগতে নিউক্লিয়াছেও পূৰ্বৰূপ ধাৰণ কৰা দেখা যায়।
১৪। মাইট'ছিছ আৰু মিঅ'ছিছ কোষ বিভাজনৰ মাজত পাৰ্থক্য দেখুওৱা।
উত্তৰঃ- মাইট'ছিছ আৰু মিঅ'ছিছ কোষ বিভাজনৰ মাজত পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল一
(i) মাইট'ছিছ প্ৰক্ৰিয়াৰে জীৱৰ দেহকোষ বিভাজিত হয়। আনহাতে, মিঅ'ছিছ প্ৰক্ৰিয়াৰে জীৱৰ প্ৰজনন কোষ বিভাজিত হয়।
(ii) মাইট'ছিছ কোষ বিভাজনৰ ফলত জীৱৰ দেহকোষ বৃদ্ধি হয়। আনহাতে, মিঅ'ছিছ কোষ বিভাজনৰ ফলত জীৱৰ প্ৰজনন কোষ বৃদ্ধি হয়।
(iii) মাইট'ছিছত এটা কোষ এবাৰ বিভক্ত হৈ দুটা অপত্য কোষৰ সৃষ্টি হয়। আনহাতে, মিঅ'ছিছত এটা কোষ দুবাৰ বিভক্ত হৈ চাৰিটা অপত্য কোষৰ সৃষ্টি হয়।
(iv) মাইট'ছিছ সমৰূপী ক্রম'জ'মবোৰে যোৰা নাপাতে। আনহাতে, মিঅ'ছিছ সমৰূপী ক্ৰম'জ'মবোৰে যোৰা পাতে।
(v) মাইট'ছিছ কোষ বিভাজনৰ সময়ত কায়জামাৰ সৃষ্টি নহয়। আনহাতে, মিঅ'ছিছ কোষ বিভাজনৰ সময়ত কায়জামাৰ সৃষ্টি হয়।
(vi) মাইট'ছিছ কোষ বিভাজন প্ৰক্ৰিয়াৰ অন্তৱৰ্তী স্তৰ দীর্ঘস্থায়ী হয়।আনহাতে, মিঅ'ছিছ কোষ বিভাজন প্ৰক্ৰিয়াৰ অন্তৱৰ্তী স্তৰ ক্ষণস্থায়ী হয়।
(vii) মাইট'ছিছ কোষ বিভাজন প্ৰক্ৰিয়াৰ আদ্যস্তৰ অতি সৰল আৰু ই উপস্তৰত বিভক্ত হোৱা দেখা নাযায়। আনহাতে, মিঅ'ছিছ কোষ বিভাজন প্ৰক্ৰিয়াৰ আদ্যস্তৰ বৰ জটিল আৰু দীর্ঘস্থায়ী। ই বহুকেইটা উপস্তৰত বিভক্ত হোৱা দেখা যায়।
(viii) মাইট'ছিছ প্ৰক্ৰিয়াত ক্ৰম'জ'মৰ মাজত জিনৰ বিনিময় নহয়। আনহাতে, মিঅ'ছিছ প্ৰক্ৰিয়াত ক্ৰম'জ'মৰ মাজত জিনৰ বিনিময় হয়।
(ix) মাইট'ছিছ কোষ বিভাজন প্রক্রিয়াটো সর্বপ্রথমে ৱালথাৰ ফ্লেমিং (Walther Flemming) এ আৱিষ্কাৰ কৰিছিল। আনহাতে, মিঅ'ছিছ কোষ বিভাজন প্রক্রিয়াটো সৰ্বপ্ৰথমে অস্কাৰ হাৰ্টৱিগ (Oscar Hertwig) এ আৱিষ্কাৰ কৰিছিল।
১৫। ক্ৰ'মজ'ম এটাৰ বিভিন্ন অংশবোৰ চিত্ৰৰ সহায়ত দেখুওৱা।
উত্তৰঃ-
১৬। ক্ৰ'মজ'মৰ বিভিন্ন ভাগসমূহ বর্ণনা কৰা। বা ক্ৰমজম শব্দটোৰ অৰ্থ লিখি তাৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰঃ- জীৱদেহৰ কোষকেন্দ্ৰত থকা পাতল,দীঘল,মিহি সূতা আকৃতিৰ দ্ৰব্য় সমূহক ক্ৰমজম বুলি কোৱা হয়। ক্ৰমজম শব্দটো মূলত দুটা শব্দৰ সংমিশ্ৰণ হৈ সৃষ্টি হৈছে। এটা হ'ল ক্ৰোমা আৰু আনটো হ'ল চোমা।
ক্ৰ'মজ'মৰ বিভিন্ন ভাগসমূহৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল 一
(i) পেলিক'লঃ- প্ৰত্য়েক ক্ৰ'ম'জম এখন পাতল আৱৰণেৰে আবৃত হৈ থাকে। এই আৱৰণখনক পেলিক'ল বোলে।
(ii) চেন্ট্ৰমিয়েৰঃ- প্ৰত্য়েক ক্ৰ'ম'জমত এনে এক অংশ যিটো সদায় স্পষ্ট অৰঞ্জিত অৱস্থাত থাকে, তাকে চেন্ট্ৰমিয়েৰ বুলি কোৱা হয়।
(iii) গৌণ সংকোচনঃ- চেণ্ট্ৰমিয়েৰৰ বাহিৰে ক্ৰ'ম'জমৰ যিকোনো স্থানত থকা সংকোচনক গৌণ সংকোচন বোলা হয়।
(iv) ছেটেলাইটঃ- গৌণ সংকোচনৰ দ্বাৰা পৃথক হৈ যোৱা ক্ৰমজমৰ অংশক ছেটেলাইট বুলি কোৱা হয়।
(v) টেল' মিয়েৰঃ- ক্ৰ'ম'জমৰ একেবাৰে শেষৰ প্ৰান্তটোক টেল'মিয়েৰ বোলা হয়।
১৭। নিউক্লিক এচিড কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ- নিউক্লিক এচিড দুই প্ৰকাৰৰ। সেয়া হ'ল一 ডিঅক্সিৰাইবো নিউক্লিক এচিড আৰু ৰাইবো নিউক্লিক এচিড।
১৮। কোষৰ আকাৰ কোনেধৰণৰ উল্লেখ কৰা।
উত্তৰঃ- কোষসমূহ আকাৰত সৰু হয়। সেয়েহে বেছিভাগ কোষেই খালি চকুৰে মনিব নোৱাৰি। অণুৱীক্ষণ যন্ত্ৰৰ সহায়তহে চাব পাৰি। কোষৰ আকাৰ বিভিন্ন ধৰণৰ হয়। যেনে - ৮০mu ৰ পৰা ১ মিটাৰ পৰ্য্য়ন্ত হয়। কিছুমান কোষ বহুত ডাঙৰ হয় আৰু খালি চকুৰে চাব পাৰি। স্নায়ু কোষবিলাক সকলোতকৈ দীঘল, বুলি কোৱা যায়। মানুহৰ শৰীৰত কোষৰ আকাৰ ৩-৪ M (লিউকোচাইটচ)ৰ পৰা ৯০ ছে.মি. (স্নায়ু কোষ) থকা দেখা যায়।
কোষৰ আকাৰ কোষবিলাকৰ কাৰ্য্যক্ৰমণিকাৰ লগত জড়িত। কিছুমান কোষ যেনে- তেজৰ লিউকোচাইট আৰু এমিবা ইত্যাদিৰ কোষৰ আকাৰ সলনি হ'ব পাৰে। কিন্তু কিছুমানৰ আকাৰ একেই থাকে। কোষসমূহ সাধাৰণতে গোলাকাৰ, ডিম্বাকাৰ, ঘূৰণীয়া বা দীঘলীয়া, ঘনকাকৃতি, চুঙা আকৃতিৰ, নলী আকৃতিৰ, বহুভূজাকৃতিৰ, অসমান মণ্ডলাকাৰ ইত্যাদি আকৃতিৰ হয়।
১৯। মাইট'ছিছ আৰু মিঅছিছ শব্দ দুটা কোনে প্রথমে ব্যৱহাৰ কৰিছিল?
উত্তৰঃ- ফ্লেমিং (W. Flemming) এ ১৮৮২ চনত মাইট'ছিছ আৰু জে. বি. ফাৰমাৰ (J.B. Farmer) আৰু ম'ৰ (Mooro) এ ১৯০৫ চনত মিঅছিছ শব্দ দুটা প্রথমে ব্যৱহাৰ কৰিছিল।
২০। ক্র'মজ'ম শব্দটোৰ অৰ্থ কি?
উত্তৰঃ- ক্র'মজ'ম শব্দটোৰ অৰ্থ হ'ল 'ক্ৰোমা' মানে ৰঙ আৰু 'চোমা' মানে শৰীৰ।
২১। উৎসেচক শব্দটো পোন প্রথমে কোনে প্রয়োগ কৰিছিল?
উত্তৰঃ- উৎসেচক শব্দটো পোন প্রথমে ফ্ৰিডৰিখ উইথেলম কুইনে (ইং ১৮৭৮ চনত) প্রয়োগ কৰিছিল।
২২। উৎসেচকৰ কাৰ্য্যসমূহ বর্ণনা কৰা।
উত্তৰঃ- উৎসেচক বিলাকক সকলো পৰিস্থিতিতে দেখা পোৱা যায়। সুচাৰুৰূপে চলিবৰ বাবে সকলো জীৱিত জীৱ সমূহক উৎসেচকৰ প্ৰয়োজন হয়। ৰাসায়নিক গুণসমূহ জানিবৰ বাবে দেখা যায় যে উৎসেচকসমূহ প্ৰাকৃতিকভাৱে উৎপাদিত এবিধ প্ৰটিন আৰু ইয়াৰ মূল কাৰ্য্য হ’ল ৰাসায়নিক প্ৰক্ৰিয়াটো দ্ৰুত গতিলৈ ৰূপান্তৰ কৰা। এইটো এটা প্ৰ’টিনযুক্ত অনুঘটন। উৎসেচকৰ প্ৰধান কাৰ্য্যসমূহ হ’ল সকলো ৰাসায়নিক প্ৰক্ৰিয়াত অনুঘটন হিচাবে কাম কৰা যেনে— পাচনক্ৰিয়া, জনন প্ৰক্ৰিয়া, উশাহ-নিশাহ লোৱা, বিকাশ, তেজ ঘণীভূত, বেমাৰ সংৰোহন আদি বহুতো জৈৱিক কাৰ্য্যত। উৎসেচক সমূহ সাধনভূত পদাৰ্থ যিয়ে জৈৱিক কাৰ্য্যত জীৱিত জীৱৰ সকলো কার্যতে সহায় কৰে।
(i) সংকেত পৰিবৰ্তকঃ- সাংকেটিক পৰিবৰ্তকত উৎসেচক সমূহে ৰাসায়নিক বা দৈহিক সংকেট হিচাবে কোষৰ দ্বাৰা পৰিবৰ্তিত হৈ এক আণবিক ক্ৰমৰ সৃষ্টি কৰে। সংকেত পৰিবৰ্তনৰ উৎসেচকৰ আটাইতকৈ প্ৰয়োজনীয় অনুঘটন হ’ল প্ৰটিন ফলফৰিলেচন।
(ii) স্থল অনু অৱনমনঃ- মানৱৰ শৰীৰত উৎসেচকে ভাঙি সৰু কৰা ডাঙৰ অনুসমূহ সহজে অৱশোষণ কৰে। মানৱ শৰীৰে বহু ৰাসায়নিক উপকৰণ যিসমূহৰ আকাৰ বৃহৎ অনু যেনে— শৰ্কৰা প্ৰটিন আৰু চৰ্বী এইবোৰ গ্ৰহণ কৰিব নোৱাৰে। উৎসেচকে এই উপকৰণ সমূহ অৱশোষণ কৰাৰ আগতেই সৰু সৰু টুকুৰা কৰি পেলায় আৰু এই পদ্ধতিক কোৱা হয় অপচয়।
(iii) শক্তি উৎপাদনঃ- জীৱিত জীৱৰ শক্তি উৎপাদন এই উৎসেচকবোৰৰ দ্বাৰা হয়। এই জীৱিত জীৱসমূহত ATP বা এডেনচাইন ট্ৰাইফচেফেটয়েই হল ৰাসায়নিক শক্তিৰ ভড়াল। শাৰীৰিক কার্যক্রমণিকাৰ বাবেই এ.টি.পি. ৰ পৰাই শক্তি আহৰণ কৰে। এ.টি.পি. অনু বিলাকত শক্তিৰ ভাণ্ডাৰ কৰিবৰ বাবে উৎসেচক বিলাকে শক্তি উৎপাদনৰ ৰূপান্তৰক হিচাবে কাৰ্য্য কৰে যাতে ই সঠিক ৰাসায়নিক ৰূপ পায়। এনেধৰণৰ উৎসেচকবোৰক এ.টি. পি. সংশেষক বোলে।
(iv) আয়ন পাম্পঃ- এক সক্ৰিয় পৰিবহন কাৰ্য্যৰ বাবে কিছুমান উৎসেচকে কোষ আৱৰণত গাঢ়তা অনুযায়ী আয়ন সমূহক প্লাজমা আবৰণলৈ লৈ যাবলৈ আয়ন পাম্পৰ কাৰ্য কৰে। এই প্ৰাথমিক আয়ন পৰিবহন অৱস্থান ইয়াক শক্তিলৈ ৰূপান্তৰিত কৰে আৰু এই কাৰ্য্য কৰে বিভিন্ন উৎসৰ পৰা সেই উৎসসমূহ হ’ল, এ.টি. পি. সূৰ্য্যৰ পোহৰ আৰু জাজৰণ ক্ৰিয়া ইত্যাদি য’ৰ পৰা প্ৰৱল শক্তি বিদ্যুৎ ৰাসায়নিক প্ৰৱণতাত গোটাই ৰাখিব পাৰে।
(v) প্ৰতিৰক্ষা আৰু নির্মলনঃ- যিকোনো জীৱদেহত বাহ্যিক পৰিৱেশৰ পৰা সদায় কিছুমান পোষক পদাৰ্থ পৰিৱেশন পৰা দেহে উৎপাদন কৰে যিবোৰ কোষৰ গঠনকাৰক বা শক্তি উৎপাদনৰ উৎস হব নোৱাৰে। সেইসমূহ উৎপাদিত দ্ৰব্য হিচাবে ৰূপান্তৰ কৰিব লাগিব যিবোৰ শৰীৰ ক্ৰিয়াত্মক ৰোগবিজ্ঞান বিষয়ক বা জৈৱবিষজনক ঘটক হিচাবে ক্ৰিয়া কৰে। এই ধৰণৰ প্ৰক্ৰিয়াত উৎসেচকে অকলে বা বহুতো উৎসেচকে একেলগে বা উৎসেচক পদ্ধতিয়ে জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া কৰিব জাৰণ উপ-অপচয়ন আৰু জলাপঘটন।
(vi) কোষ নিয়ন্ত্ৰণঃ- কোষৰ কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে উৎসেচকসমূহে কোষৰ আভ্যন্তৰীণ অংশলৈ গৈ চিনাক্ত কৰিব পাৰে। কোষৰ আভ্যন্তৰীণ অংশৰ পৰা আন অংশলৈ গৈ ক্ৰ’ম’জমবোৰ আন অংশলৈ টানি মাইটছিছৰ সময়ত কোষৰ চলনৰ বাবে বা কোষৰ শেসমা চাফা কৰি কোষক চলনত সহায় কৰে।উৎসেচক বিলাকক সকলো পৰিস্থিতিতে দেখা পোৱা যায়।
অতিৰিক্ত প্ৰশ্নোত্তৰঃ
১। কোষ আৱৰণ কি?
উত্তৰঃ- প্ৰতিটো কোষেই এখন নিৰ্জীৱ আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে আৰু ইয়াকেই কোষ আৱৰণ বোলে।
২। "য়ক" কি?
উত্তৰঃ- মানৱ শৰীৰৰ ডিম্বাণু আৰু অণ্ডৰ ভিতৰত যথেষ্ট পৰিমাণৰ পুষ্টি সাধক দ্ৰব্য় থাকে। ইয়াকে "য়ক" বোলে।
৩। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষটোৰ নাম কি?
উত্তৰঃ- মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষটোৰ নাম হ'ল ডিম্বাণু।
৪। নিষেচন কাক বোলে?
উত্তৰঃ- শুক্ৰানু আৰু ডিম্বাণুৰ মিলনক নিষেচন বোলা হয়।
৫। যুগ্মনজ বা যাইগ'ট কাক বোলে? ই কেনেদৰে মানৱ আকৃতিৰ শিশুৰ ৰূপ লয়?
উত্তৰঃ- নিষেচিত অণ্ডকে যুগ্মনজ বা যাইগ'ট বোলা হয়।
নিষেচনৰ পিছত যুগ্মনজ বিভাজিত হ'বলৈ ধৰে। এনে বিভাজনৰ ফলতেই ভ্ৰূণৰ সৃষ্টি হয় আৰু ই আকাৰত বাঢ়ি গৈ গৈ মানৱ আকৃতিৰ শিশুৰ ৰূপ লয়।
৬। কোষ আৱৰণ কিহেৰে গঠিত?
উত্তৰঃ- কোষ আৱৰণ চেলুল'জৰ আঁহেৰে গঠিত।
৭। অতি সূক্ষ্ম আৰু বৃহৎ কোষৰ জোখ কিমান?
উত্তৰঃ- অতি সূক্ষ্ম কোষৰ জোখ ৮০ mu আৰু বৃহৎ কোষৰ জোখ ১ মিটাৰ।
৮। কোনবোৰ কোষ সকলোতকৈ দীঘল?
উত্তৰঃ- স্নায়ু কোষ।
৯। এবিধ এককোষী প্ৰাণীৰ নাম লিখা।
উত্তৰঃ- এমিবা।
১০। প্ৰজনন কোষ কেই প্ৰকাৰৰ?
উত্তৰঃ- দুই প্ৰকাৰৰ।
১১। ডি. এন. এ. (DNA)ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ- ডিঅক্সিৰাইবো নিউক্লিক এচিড (Deoxyribonucleic Acid)।
১২। পুৰুষৰ কি জনন কোষ থাকে?
উত্তৰঃ- XY
১৩। স্ত্ৰীৰ কি জনন কোষ থাকে?
উত্তৰঃ- XX
১৪। ডি.এন.এ. (DNA) কি?
উত্তৰঃ- ডি.এন.এ. (DNA) হৈছে এবিধ নিউক্লিক এচিড। ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে ডিঅক্সিৰাইবো নিউক্লিক এচিড। ই বংশগত বা আনুবংশিক লক্ষণসমূহ পিতৃ-মাতৃৰ পৰা সন্তানলৈ কঢ়িয়াই নিয়ে।
২৩। নিউক্লিক এচিড কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ- নিউক্লিক এচিড দুই প্ৰকাৰৰ। সেয়া হ'ল 一 ডিঅক্সিৰাইবো নিউক্লিক এচিড আৰু ৰাইবো নিউক্লিক এচিড।
Answered by 一 Mampi Kakati
Answer Update by- Dikha Bora
**********
Type - Ishan Dev Bora
Answered By : Dikha Bora
Post ID :DABP003644
New Update 2026