Chapterঃ 1

কোষ জীৱতত্ত্ব
(Cell Biology)

    👉Download Free PDF
    👉Paid answer          (Buy Now)


১। কোষবোৰ পোন প্রথমে কোনে লক্ষ্য কৰিছিল?

উত্তৰঃকোষবোৰ পোন প্রথমে ৰ'বাৰ্ট হুকে লক্ষ্য কৰিছিল।

২। কোষৰ দুটা প্রধান অংশ কি কি?

উত্তৰঃকোষৰ দুটা প্রধান অংশ হ'ল ছাইট'পাজম আৰু নিউক্লিয়াছ বা কোষকেন্দ্ৰ।

৩। মানৱ কোষৰ দুটা প্রধান প্ৰকাৰ কি কি?

উত্তৰঃ- মানৱ কোষৰ দুটা প্রধান প্ৰকাৰ হ'ল জনন কোষ আৰু দৈহিক কোষ।

৪। কোষৰ সংজ্ঞা দিয়া।

উত্তৰঃ- লয়ি আৰু চেইকেভিটজৰ মতে, "A cell is the smallest unit of the fundamental Structure and function of all living organism which is capable of independent existence and self reproduction of a suitable environment." ("কোষ হৈছে সকলো জীৱৰ মৌলিক গঠন আৰু কাৰ্য্যৰ আটাইতকৈ সৰু একক যিয়ে স্বতন্ত্ৰ অস্তিত্ব আৰু উপযুক্ত পৰিৱেশৰ আত্মপ্ৰজনন কৰিবলৈ সক্ষম।")

৫। কোষ বিভাজন বুলিলে কি বুজা?

উত্তৰঃ- যি প্ৰক্ৰিয়াৰে জীৱদেহৰ কোষ বিভাজিত হৈ সিহঁতৰ অণুৰূপ অপত্য় কোষৰ সৃষ্টি কৰে তাক কোষ বিভাজন বুলি কোৱা হয়। 

৬। কোষ বিভাজনৰ ধাৰণা পোন প্ৰথমে কোনে দাঙি ধৰিছিল?

উত্তৰঃ- কোষ বিভাজনৰ ধাৰণা পোন প্ৰথমে ১৮৪০ চনত হ'ফমেষ্টাৰে দাঙি ধৰিছিল।

৭। মাইট'ছিছ কোষ বিভাজনৰ স্তৰ কেইটা?

উত্তৰঃ- মাইট'ছিছ কোষ বিভাজনৰ স্তৰ চাৰিটা।

৮। ক্র'মজ'ম শব্দটো প্রথমতে কোনে বর্ণনা কৰিছিল?

উত্তৰঃক্র'মজ'ম শব্দটো প্রথমতে ১৮৭৫ চনত ষ্টেউচবাৰজাৰে বর্ণনা কৰিছিল।

৯। মানৱ শৰীৰত থকা ক্ৰ'ম'জমৰ সংখ্যা কিমান?

উত্তৰঃ- মানৱ শৰীৰত থকা ক্ৰ'ম'জমৰ সংখ্যা ৪৬ ডাল।

১০। ক্র'মজ'মত থকা প্রটিনৰ দুই প্ৰকাৰৰ নাম লিখা?

উত্তৰঃ- ক্র'মজ'মত থকা প্রটিনৰ দুই প্ৰকাৰৰ নাম হ'ল হিষ্টন আৰু অহিষ্টন প্রটিন।

১১। জিন শব্দটো কি শব্দৰ পৰা আহিছে?

উত্তৰঃ- জিন শব্দটো গ্ৰীক শব্দ 'জিনম'ৰ পৰা আহিছে।

১২। মানৱ কোষ এটাৰ চিত্ৰ অংকন কৰি ইয়াৰ বিভিন্ন অংশসমূহ দেখুওৱা।

উত্তৰঃ



১৩। মাইট'ছিছ কোষ বিভাজনটো বৰ্ণনা কৰা।

উত্তৰঃ- যি কোষ বিভাজন বহুকোষী জীৱৰ দেহ কলাবোৰৰ বুদ্ধি আৰু বিকাশৰ লগত জড়িত তেনে কোষ বিভাজনক মাইট'ছিছ বোলা হয়। জীৱৰ দেহকোষত সংঘটিত হোৱা এই বিভাজন বিশ্বজনীন আৰু ক্ষুদ্ৰাকৃতিৰ জীৱৰ পৰা আৰম্ভ কৰি বৃহদাকৃতিৰ যিকোনো প্ৰাণীৰ দেহকোষত এনে বিভাজন পোৱা যায়। এই প্রক্রিয়াত প্রথমে নিউক্লিয়াছৰ আৱৰণখন নাইকিয়া হয়। তাৰ পাছত ক্ৰ'মজমবোৰ স্পষ্ট হৈ পৰে আৰু সমানে দুটা ভাগত বিভক্ত হৈ দুটা অপত্য নিউক্লিয়াছ গঠন কৰে। নতুনকৈ সৃষ্টি হোৱা নিউক্লিয়াছ দুটাৰ মাজত এখন কোষ প্রাচীৰ গঠিত হয়। এই প্রাচীৰে ছাইট'পাজমখিনিও সমানে দুভাগ কৰে। এই প্রক্রিয়াক ছাইটোকাইনেছিছ বোলে।

        মাইট'ছিছ প্রণালীৰে কোষ বিভাজিত হওঁতে কোষ কেন্দ্ৰটোৰ ধাৰাবাহিকভাৱে যিবোৰ পৰিৱৰ্তন হয় সেই পৰিবৰ্তনক চাৰিটা স্তৰত ভগোৱা হয়। সেই ভাগসমূহ হ'ল 一

(i) আদ্য়স্তৰ (Prophase)

(ii) মধ্য়স্তৰ (Metaphase)

(iii) উপান্ত্য়স্তৰ (Anaphase)

(iv) অন্ত্য়স্তৰ (Telophase)

            ওপৰোক্ত ভাগসমূহৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল 一

(i) আদ্য়স্তৰ (Prophase)ঃ- কোষকেন্দ্ৰ বিভাজনৰ প্ৰথম স্তৰ হ'ল আদ্য়স্তৰ। কোষ বিভাজনৰ আৰম্ভণিৰ সময়ত কোষটো স্থিতাৱস্থাত থাকে। এই স্তৰ আৰম্ভ হোৱাৰ লগে লগে কোষকেন্দ্ৰ আকাৰত কিছু ডাঙৰ হয় আৰু কোষকেন্দ্রৰ জালিকা লোপ পায়। কোষকেন্দ্র জালিকাত থকা ক্ৰমোটিনবোৰ সূতাৰ আকৃতিৰ ক্ৰ'ম'জমলৈ পৰিৱৰ্তিত হয়। এই বিভাজনৰ আৰম্ভণিতে ক্ৰ'ম'জমবোৰে কে'কোৰ কেঁকুৰি সূতাৰ আকাৰ ধাৰণ কৰি নিউক্লিঅ'পাজমৰ পদ্ধতিৰে প্ৰত্যেকডাল ক্র'ম'জমেই দীঘে দীঘে দুভাগত বিভক্ত হয়। দুইভাগ সমৰূপী। 

(ii) মধ্য়স্তৰ (Metaphase)ঃ- মধ্য়স্তৰ আৰম্ভ হোৱাৰ লগে লগে নিউক্লিয়াচ আৰু কোষকেন্দ্ৰৰ নিউক্লিয়াৰ আৱৰণীখন একেবাৰে অদৃশ্য় হৈ পৰে। চাইটোপাজম জাতীয় তন্তুসমূহ কোষৰ দুই মেৰুৰ পৰা ক্ৰমে মৈজভাগলৈ গতি কৰে। যাৰফলত মাজডোখৰ শকত আৰু দুয়োকাষে ক্ৰমান্বয়ে সৰু আকৃতি ধাৰণ কৰে। ইয়াক কেন্দ্ৰীয় মহুৰা বোলে। এই টাকুৰীটো কোষৰ মাজভাগলৈ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত হৈ থাকে। 

(iii) উপান্ত্য়স্তৰ (Anaphase)ঃ- ক্রমেটিড সংযোজিত আকৰ্ষতত্ত্ব সংকুচিত হৈ দুই বিপৰীত মেৰুৰ ফাললৈ গতি কৰাৰ লগে লগে উপান্ত্য়স্তৰ আৰম্ভ হয়। এই অৱস্থাত ক্ৰম'জমবোৰ এটা আনটোৰ পৰা পৃথক হয়। ছেন্ট্ৰ'মিয়াৰত সংযোজিত আঁহবোৰে ক্ৰমেটিডক দুই মেৰুলৈ টানিবলৈ ধৰে। এইদৰে সমৰূপী ক্ৰ'মেটিডৰ এডাল এটা মেৰুলৈ আৰু আনডাল আনটো মেৰুলৈ গতি কৰে।

(iv) অন্ত্য়স্তৰ (Telophase)ঃউপান্ত্যস্তৰত হোৱা গতিৰ শেষত ক্ৰ'ম'জমবোৰ কোষৰ দুই মেৰুত থুপ খাই থাকে। এই ক্ৰমেটিডবোৰক ক্ৰ'ম'জম বোলা হয়। ক্রমান্বয়ে ক্র'ম'জমবোৰে মিহি আৰু দীঘল হৈ পাক খোৱা অৱস্থা এৰি আগৰ আকাৰ ধাৰণ কৰে। অৰ্থাৎ লাহে লাহে অস্পষ্ট হৈ পৰে। ইতিমধ্যে টাকুৰীটো অন্তর্ধান হয়। তাৰ পৰিবৰ্তে ক্ৰ'ম'জমক পৰিবেষ্টন কৰি নিউক্লিয়াছৰ আৱৰণ গঠন হয়। নিউক্লিঅ'লাছেও পূৰ্বৰূপ ধাৰণ কৰে।

১৪। মাইট'ছিছ আৰু মিঅ'ছিছ কোষ বিভাজনৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰঃ- মাইট'ছিছ আৰু মিঅ'ছিছ কোষ বিভাজনৰ মাজত পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল一

(i) মাইট'ছিছ প্ৰক্ৰিয়াৰে জীৱৰ দেহকোষ বিভাজিত হয়। আনহাতে, মিঅ'ছিছ প্ৰক্ৰিয়াৰে জীৱৰ প্ৰজনন কোষ বিভাজিত হয়।

(ii) মাইট'ছিছ কোষ বিভাজনৰ ফলত জীৱৰ দেহকোষ বৃদ্ধি হয়। আনহাতে, মিঅ'ছিছ কোষ বিভাজনৰ ফলত জীৱৰ প্ৰজনন কোষ বৃদ্ধি হয়।

(iii) মাইট'ছিছত এটা কোষ এবাৰ বিভক্ত হৈ দুটা অপত্য কোষৰ সৃষ্টি হয়। আনহাতে, মিঅ'ছিছত এটা কোষ দুবাৰ বিভক্ত হৈ চাৰিটা অপত্য কোষৰ সৃষ্টি হয়।

(iv) মাইট'ছিছ সমৰূপী ক্রম'জ'মবোৰে যোৰা নাপাতে। আনহাতে, মিঅ'ছিছ সমৰূপী ক্ৰম'জ'মবোৰে যোৰা পাতে।

(v) মাইট'ছিছ কোষ বিভাজনৰ সময়ত কায়জামাৰ সৃষ্টি নহয়। আনহাতে, মিঅ'ছিছ কোষ বিভাজনৰ সময়ত কায়জামাৰ সৃষ্টি হয়।

(vi) মাইট'ছিছ কোষ বিভাজন প্ৰক্ৰিয়াৰ অন্তৱৰ্তী স্তৰ দীর্ঘস্থায়ী হয়।আনহাতে, মিঅ'ছিছ কোষ বিভাজন প্ৰক্ৰিয়াৰ অন্তৱৰ্তী স্তৰ ক্ষণস্থায়ী হয়।

(vii) মাইট'ছিছ কোষ বিভাজন প্ৰক্ৰিয়াৰ আদ্যস্তৰ অতি সৰল আৰু ই উপস্তৰত বিভক্ত হোৱা দেখা নাযায়। আনহাতে, মিঅ'ছিছ কোষ বিভাজন প্ৰক্ৰিয়াৰ আদ্যস্তৰ বৰ জটিল আৰু দীর্ঘস্থায়ী। ই বহুকেইটা উপস্তৰত বিভক্ত হোৱা দেখা যায়। 

(viii) মাইট'ছিছ প্ৰক্ৰিয়াত ক্ৰম'জ'মৰ মাজত জিনৰ বিনিময় নহয়। আনহাতে, মিঅ'ছিছ প্ৰক্ৰিয়াত ক্ৰম'জ'মৰ মাজত জিনৰ বিনিময় হয়।

(ix) মাইট'ছিছ কোষ বিভাজন প্রক্রিয়াটো সর্বপ্রথমে ৱালথাৰ ফ্লেমিং (Walther Flemming) এ আৱিষ্কাৰ কৰিছিল। আনহাতে, মিঅ'ছিছ কোষ বিভাজন প্রক্রিয়াটো সৰ্বপ্ৰথমে অস্কাৰ হাৰ্টৱিগ (Oscar Hertwig) এ আৱিষ্কাৰ কৰিছিল।

১৫। ক্ৰ'মজ'ম এটাৰ বিভিন্ন অংশবোৰ চিত্ৰৰ সহায়ত দেখুওৱা।

উত্তৰঃ

১৬। ক্ৰ'মজ'মৰ বিভিন্ন ভাগসমূহ বর্ণনা কৰা।

উত্তৰঃ- ক্ৰ'মজ'মৰ বিভিন্ন ভাগসমূহৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল 一

(i) পেলিক'লঃ- প্ৰত্য়েক ক্ৰ'ম'জম এখন পাতল আৱৰণেৰে আবৃত হৈ থাকে। এই আৱৰণখনক পেলিক'ল বোলে। 

(ii) ক্ৰমনিমাঃ- পেলিক’লে আৱৰি থকা আধাৰ দ্ৰব্যত দীঘে দীঘে পাক খাই থকা কিছুমান মিহি সূতা সদৃশ গঠন দেখা যায়। এইবোৰ সাধাৰণতে দ্বি-সূত্ৰাকাৰ DNA-ৰ পাক খাই থকা কুণ্ডলী। এইবিলাকক ক্ৰমনিমা বোলা হয়। ক্ৰমনিমা কুণ্ডলী দুই প্ৰকাৰৰ যেনে—

পেৰানেমিক কুণ্ডলী আৰু পেক্টনেমিক কুণ্ডলী।

(iii) চেন্ট্ৰমিয়েৰঃ- প্ৰত্য়েক ক্ৰ'ম'জমত কোনো এটা বিন্দুত স্পষ্ট অৰঞ্জিত সংকীৰ্ণ অংশ পোৱা যায়। এই অংশক চেন্ট্ৰমিয়েৰ বা প্ৰাথমিক সংকীৰ্ণ বোলে। ক্ৰ'ম'জমভেদে চেন্ট্ৰমিয়েৰৰ স্থান বেলেগ বেলেগ হয়। 

(iv) গৌণ সংকোচনঃচেণ্ট্ৰমিয়েৰৰ বাহিৰে ক্ৰ'ম'জমৰ যিকোনো স্থানত থকা সংকোচনক গৌণ সংকোচন বোলা হয়।

(v) ছেটেলাইটঃ- ছেটেলাইট ক্ৰ'ম'জমৰ সেই শেষ অংশটোক কোৱা হয় যিটো অংশ মূল ক্ৰ'ম'জমৰ পৰা গৌণ সংকোচনৰ দ্বাৰা পৃথক হৈ থাকে।

(vi) টেল' মিয়েৰঃ- ক্ৰ'ম'জমৰ একেবাৰে শেষৰ প্ৰান্তটোক টেল'মিয়েৰ বোলা হয়। ইয়াৰ এটা গুণ হ'ল ই কেতিয়াও ব্যাহত নহয়।

১৭। নিউক্লিক এচিড কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ- নিউক্লিক এচিড দুই প্ৰকাৰৰ। সেয়া হ'ল一 ডিঅক্সিৰাইবো নিউক্লিক এচিড আৰু ৰাইবো নিউক্লিক এচিড।

১৮। কোষৰ আকাৰ কোনেধৰণৰ উল্লেখ কৰা।

উত্তৰঃ- কোষসমূহ আকাৰত সৰু হয়। সেয়েহে বেছিভাগ কোষেই খালি চকুৰে মনিব নোৱাৰি। অণুৱীক্ষণ যন্ত্ৰৰ সহায়তহে চাব পাৰি। কোষৰ আকাৰ বিভিন্ন ধৰণৰ হয়। যেনে - ৮০mu ৰ পৰা ১ মিটাৰ পৰ্য্য়ন্ত হয়। কিছুমান কোষ বহুত ডাঙৰ হয় আৰু খালি চকুৰে চাব পাৰি। স্নায়ু কোষবিলাক সকলোতকৈ দীঘল, বুলি কোৱা যায়। মানুহৰ শৰীৰত কোষৰ আকাৰ ৩-৪ M (লিউকোচাইটচ)ৰ পৰা ৯০ ছে.মি. (স্নায়ু কোষ) থকা দেখা যায়।

            কোষৰ আকাৰ কোষবিলাকৰ কাৰ্য্যক্ৰমণিকাৰ লগত জড়িত। কিছুমান কোষ যেনে- তেজৰ লিউকোচাইট আৰু এমিবা ইত্যাদিৰ কোষৰ আকাৰ সলনি হ'ব পাৰে। কিন্তু কিছুমানৰ আকাৰ একেই থাকে। কোষসমূহ সাধাৰণতে গোলাকাৰ, ডিম্বাকাৰ, ঘূৰণীয়া বা দীঘলীয়া, ঘনকাকৃতি, চুঙা আকৃতিৰ, নলী আকৃতিৰ, বহুভূজাকৃতিৰ, অসমান মণ্ডলাকাৰ ইত্যাদি আকৃতিৰ হয়। 

১৯। মাইট'ছিছ আৰু মিঅছিছ শব্দ দুটা কোনে প্রথমে ব্যৱহাৰ কৰিছিল?

উত্তৰঃফ্লেমিং (W. Flemming) এ ১৮৮২ চনত মাইট'ছিছ আৰু জে. বি. ফাৰমাৰ (J.B. Farmer) আৰু ম'ৰ (Mooro) এ ১৯০৫ চনত মিঅছিছ শব্দ দুটা প্রথমে ব্যৱহাৰ কৰিছিল।

২০। ক্র'মজ'ম শব্দটোৰ অৰ্থ কি?

উত্তৰঃ- ক্র'মজ'ম শব্দটোৰ অৰ্থ হ'ল 'ক্ৰোমা' মানে ৰঙ আৰু 'চোমা' মানে শৰীৰ। 

২১। উৎসেচক শব্দটো পোন প্রথমে কোনে প্রয়োগ কৰিছিল?

উত্তৰঃউৎসেচক শব্দটো পোন প্রথমে ফ্ৰিডৰিখ উইথেলম কুইনে (ইং ১৮৭৮ চনত) প্রয়োগ কৰিছিল।

২২। উৎসেচকৰ কাৰ্য্যসমূহ বর্ণনা কৰা।

উত্তৰঃউৎসেচক বিলাকক সকলো পৰিস্থিতিতে দেখা পোৱা যায়। সুচাৰুৰূপে চলিবৰ বাবে সকলো জীৱিত জীৱ সমূহক উৎসেচকৰ প্ৰয়োজন হয়। ৰাসায়নিক গুণসমূহ জানিবৰ বাবে দেখা যায় যে উৎসেচকসমূহ প্ৰাকৃতিকভাৱে উৎপাদিত এবিধ প্ৰটিন আৰু ইয়াৰ মূল কাৰ্য্য হ’ল ৰাসায়নিক প্ৰক্ৰিয়াটো দ্ৰুত গতিলৈ ৰূপান্তৰ কৰা। এইটো এটা প্ৰ’টিনযুক্ত অনুঘটন। উৎসেচকৰ প্ৰধান কাৰ্য্যসমূহ হ’ল সকলো ৰাসায়নিক প্ৰক্ৰিয়াত অনুঘটন হিচাবে কাম কৰা যেনে— পাচনক্ৰিয়া, জনন প্ৰক্ৰিয়া, উশাহ-নিশাহ লোৱা, বিকাশ, তেজ ঘণীভূত, বেমাৰ সংৰোহন আদি বহুতো জৈৱিক কাৰ্য্যত। উৎসেচক সমূহ সাধনভূত পদাৰ্থ যিয়ে জৈৱিক কাৰ্য্যত জীৱিত জীৱৰ সকলো কার্যতে সহায় কৰে।

(i) সংকেত পৰিবৰ্তকঃ- সাংকেটিক পৰিবৰ্তকত উৎসেচক সমূহে ৰাসায়নিক বা দৈহিক সংকেট হিচাবে কোষৰ দ্বাৰা পৰিবৰ্তিত হৈ এক আণবিক ক্ৰমৰ সৃষ্টি কৰে। সংকেত পৰিবৰ্তনৰ উৎসেচকৰ আটাইতকৈ প্ৰয়োজনীয় অনুঘটন হ’ল প্ৰটিন ফলফৰিলেচন।

(ii) স্থল অনু অৱনমনঃমানৱৰ শৰীৰত উৎসেচকে ভাঙি সৰু কৰা ডাঙৰ অনুসমূহ সহজে অৱশোষণ কৰে। মানৱ শৰীৰে বহু ৰাসায়নিক উপকৰণ যিসমূহৰ আকাৰ বৃহৎ অনু যেনে— শৰ্কৰা প্ৰটিন আৰু চৰ্বী এইবোৰ গ্ৰহণ কৰিব নোৱাৰে। উৎসেচকে এই উপকৰণ সমূহ অৱশোষণ কৰাৰ আগতেই সৰু সৰু টুকুৰা কৰি পেলায় আৰু এই পদ্ধতিক কোৱা হয় অপচয়।

(iii) শক্তি উৎপাদনঃ- জীৱিত জীৱৰ শক্তি উৎপাদন এই উৎসেচকবোৰৰ দ্বাৰা হয়। এই জীৱিত জীৱসমূহত ATP বা এডেনচাইন ট্ৰাইফচেফেটয়েই হল ৰাসায়নিক শক্তিৰ ভড়াল। শাৰীৰিক কার্যক্রমণিকাৰ বাবেই  এ.টি.পি. ৰ পৰাই শক্তি আহৰণ কৰে। এ.টি.পি. অনু বিলাকত শক্তিৰ ভাণ্ডাৰ কৰিবৰ বাবে উৎসেচক বিলাকে শক্তি উৎপাদনৰ ৰূপান্তৰক হিচাবে কাৰ্য্য কৰে যাতে ই সঠিক ৰাসায়নিক ৰূপ পায়। এনেধৰণৰ উৎসেচকবোৰক এ.টি. পি. সংশেষক বোলে।

(iv) আয়ন পাম্পঃ- এক সক্ৰিয় পৰিবহন কাৰ্য্যৰ বাবে কিছুমান উৎসেচকে কোষ আৱৰণত গাঢ়তা অনুযায়ী আয়ন সমূহক প্লাজমা আবৰণলৈ লৈ যাবলৈ আয়ন পাম্পৰ কাৰ্য কৰে। এই প্ৰাথমিক আয়ন পৰিবহন অৱস্থান ইয়াক শক্তিলৈ ৰূপান্তৰিত কৰে আৰু এই কাৰ্য্য কৰে বিভিন্ন উৎসৰ পৰা সেই উৎসসমূহ হ’ল, এ.টি. পি. সূৰ্য্যৰ পোহৰ আৰু জাজৰণ ক্ৰিয়া ইত্যাদি য’ৰ পৰা প্ৰৱল শক্তি বিদ্যুৎ ৰাসায়নিক প্ৰৱণতাত গোটাই ৰাখিব পাৰে।

(v) প্ৰতিৰক্ষা আৰু নির্মলনঃ- যিকোনো জীৱদেহত বাহ্যিক পৰিৱেশৰ পৰা সদায় কিছুমান পোষক পদাৰ্থ পৰিৱেশন পৰা দেহে উৎপাদন কৰে যিবোৰ কোষৰ গঠনকাৰক বা শক্তি উৎপাদনৰ উৎস হব নোৱাৰে। সেইসমূহ উৎপাদিত দ্ৰব্য হিচাবে ৰূপান্তৰ কৰিব লাগিব যিবোৰ শৰীৰ ক্ৰিয়াত্মক ৰোগবিজ্ঞান বিষয়ক বা জৈৱবিষজনক ঘটক হিচাবে ক্ৰিয়া কৰে। এই ধৰণৰ প্ৰক্ৰিয়াত উৎসেচকে অকলে বা বহুতো উৎসেচকে একেলগে বা উৎসেচক পদ্ধতিয়ে জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া কৰিব জাৰণ উপ-অপচয়ন আৰু জলাপঘটন।

(vi) কোষ নিয়ন্ত্ৰণঃ- কোষৰ কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে উৎসেচকসমূহে কোষৰ আভ্যন্তৰীণ অংশলৈ গৈ চিনাক্ত কৰিব পাৰে। কোষৰ আভ্যন্তৰীণ অংশৰ পৰা আন অংশলৈ গৈ ক্ৰ’ম’জমবোৰ আন অংশলৈ টানি মাইটছিছৰ সময়ত কোষৰ চলনৰ বাবে বা কোষৰ শেসমা চাফা কৰি কোষক চলনত সহায় কৰে।উৎসেচক বিলাকক সকলো পৰিস্থিতিতে দেখা পোৱা যায়। 


অতিৰিক্ত প্ৰশ্নোত্তৰঃ

১। কোষ আৱৰণ কি?

উত্তৰঃ- প্ৰতিটো কোষেই এখন নিৰ্জীৱ আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে আৰু ইয়াকেই কোষ আৱৰণ বোলে। 

২। "য়ক" কি?

উত্তৰঃ- মানৱ শৰীৰৰ  ডিম্বাণু আৰু অণ্ডৰ ভিতৰত যথেষ্ট পৰিমাণৰ পুষ্টি সাধক দ্ৰব্য় থাকে। ইয়াকে "য়ক" বোলে। 

৩। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষটোৰ নাম কি?

উত্তৰঃ- মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষটোৰ নাম হ'ল ডিম্বাণু। 

৪। নিষেচন কাক বোলে?

উত্তৰঃ- শুক্ৰকীট আৰু ডিম্বাণুৰ মিলনক নিষেচন বোলা হয়। 

৫। যুগ্মনজ বা যাইগ'ট কাক বোলে? ই কেনেদৰে মানৱ আকৃতিৰ শিশুৰ ৰূপ লয়?

উত্তৰঃ- নিষেচিত অণ্ডকে যুগ্মনজ বা যাইগ'ট বোলা হয়। 

          নিষেচনৰ পিছত যুগ্মনজ বিভাজিত হ'বলৈ ধৰে। এনে বিভাজনৰ ফলতেই ভ্ৰূণৰ সৃষ্টি হয় আৰু ই আকাৰত বাঢ়ি গৈ গৈ মানৱ আকৃতিৰ শিশুৰ ৰূপ লয়।

৬। কোষ আৱৰণ কিহেৰে গঠিত?

উত্তৰঃ- কোষ আৱৰণ চেলুল'জৰ আঁহেৰে গঠিত।

৭। অতি সূক্ষ্ম আৰু বৃহৎ কোষৰ জোখ কিমান?

উত্তৰঃ- অতি সূক্ষ্ম কোষৰ জোখ ৮০ mu আৰু বৃহৎ কোষৰ জোখ ১ মিটাৰ। 

৮। কোনবোৰ কোষ সকলোতকৈ দীঘল?

উত্তৰঃ- স্নায়ু কোষ।

৯। এবিধ এককোষী প্ৰাণীৰ নাম লিখা।

উত্তৰঃ- এমিবা। 

১০। প্ৰজনন কোষ কেই প্ৰকাৰৰ?

উত্তৰঃ- দুই প্ৰকাৰৰ। 

১১। ডি. এন. এ. (DNA)ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ- ডিঅক্সিৰাইবো নিউক্লিক এচিড (Deoxyribonucleic Acid)।

১২। পুৰুষৰ কি জনন কোষ থাকে?

উত্তৰঃ- XY

১৩। স্ত্ৰীৰ কি জনন কোষ থাকে?

উত্তৰঃ- XX

১৪। ডি.এন.এ. (DNA) কি?

উত্তৰঃ- ডি.এন.এ. (DNA) হৈছে এবিধ নিউক্লিক এচিড। ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে ডিঅক্সিৰাইবো নিউক্লিক এচিড। ই বংশগত বা আনুবংশিক লক্ষণসমূহ পিতৃ-মাতৃৰ পৰা সন্তানলৈ কঢ়িয়াই নিয়ে।

২৩। নিউক্লিক এচিড কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ- নিউক্লিক এচিড দুই প্ৰকাৰৰ। সেয়া হ'ল 一 ডিঅক্সিৰাইবো নিউক্লিক এচিড আৰু ৰাইবো নিউক্লিক এচিড। 


Answered by 一 Mampi Kakati


**********



Old book questions & Answersঃ
(not important)

1. বংশগতি মানে কি?
উত্তৰঃ পিতৃপুৰুষৰ পৰা পৰৱৰ্তী পুৰুষলৈ বংশগত বৈশিষ্ট্য়সমূহ জন্মগতভাৱে পৰিবাহিত হোৱা প্ৰক্ৰিয়াক বংশগতি বুলি কোৱা হয়।

2. বংশগতিৰ আৱিস্কাৰক কোন?
উত্তৰঃ গ্ৰেগৰ জোহান মেণ্ডেলে বংশগতি আৱিস্কাৰ কৰিছিল।

3. মেণ্ডেলৰ বংশগতিৰ সৃত্ৰসমূহ কি কি?
উত্তৰঃ মেণ্ডেলৰ বংশগতি সূত্ৰসমূহ হ'ল- ১) প্ৰভাৱী সূত্ৰ, ২) পৃথকীকৰণ সূত্ৰ, ৩) জনন কোষৰ বিশুদ্ধতা ।

4. মেণ্ডেলৰ এক সংকৰ অনুপাত কি?
উত্তৰঃ মেণ্ডেলে প্ৰথমে মাত্ৰ এক প্ৰকাৰৰ চৰিত্ৰৰ দুটা বপৰীতধৰ্মী লক্ষণৰ গছৰ মাজত সংকৰণ ঘটাই কি অনুপাতত বিপৰীত ধৰ্মী লক্ষণ দুটা পোৱা যায়, সেইটো নিৰ্ধাৰণ কৰিলে। এয়েই মেণ্ডেলৰ এক সংকৰৰ অনুপাত।  

5. জিন'টাইপ আৰু ফিন'টাইপ বুলিলে কি বুজা?
উত্তৰঃ কোনো জীৱৰ সমগ্ৰ জিনৰ সমষ্টিয়েই হৈছে জিন'টাইপ। TT, tt আৰু tt জিন'টাইপ। অৰ্থাৎ  জিনৰ উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি যি প্ৰকাৰৰ বিভাগ কৰা হয় তাক জিন'টাইপ বোলে।মেণ্ডেলৰ এক সাংকৰিক পৰীক্ষাৰ 1:2:1 অনুপাতটো জিন'টাইপৰ ওপৰত নিৰ্ভৰ কৰি কৰা হৈছে।
                জীৱদেহত প্ৰকাশিত চৰিত্ৰবোৰৰ সমষ্টিকেই ফিন'টাইপ বোলে।অৰ্থাৎ ফিন'টাইপ হৈছে  কোনো জীৱৰ বাহ্য়িক আকৃতি বা ৰূপ। মেণ্ডেলৰ একসংকৰ পৰীক্ষাৰ ফলস্বৰূপে পোৱা 3:1 অনুপাতটো ফিন'টাইপৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ইয়াত TT আৰু Tt গছৰ বাহ্য়িক ৰূপ হ'ল ওখ আৰু tt ৰ চাপৰ।
            
6. প্ৰজাতিক সংঙ্গা দিয়া। মুখ্য প্ৰজাতি সমূহ কি কি বুজা?
উত্তৰঃ  সাধাৰণ অৰ্থত প্ৰজাতি মানে হৈছে এটা মানৱ গোট। কিন্তু নৃতাত্বিক অৰ্থত প্ৰজাতি মানে এনে এটা মানৱ গোট যাক আনুবংশিক  লক্ষণৰ দ্বাৰা আন এটা মানৱ গোষ্ঠীৰ পৰা পৃথক কৰিব পাৰি। গতিকে বংশ গতিৰ দ্বাৰা নিয়ন্ত্ৰিত উমৈহতীয়া শাৰীৰিক লক্ষণৰ ভিত্তিত বিভক্ত কৰা মানৱ গোটকে প্ৰজাতি বুলি আখ্য়া দিব পাৰি। প্ৰজাতিৰ অন্তৰ্গত লোকৰ বিয়া-বাৰু প্ৰাজীৰ মাজতেই সীমাবদ্ধ হৈ থাকে। অৰ্থাৎ প্ৰত্য়েক প্ৰজাতিয়েই এটা অন্তৰ্বৈবাহিক গোট।
জে,বি, এছ হেলডনৰ মতে প্ৰজাতি হ'ল-"জাতি হৈছে এক গোট যি এক নিৰ্দিষ্ট স্থানৰ ভিতৰত এক নিৰ্দিষ্ট সহজাত ভৌতিক চৰিত্ৰ আৰু ভৌগোলিক উৎপত্তিৰ এক নিৰ্দিষ্ট সংহতি ভাগ বতৰা কৰে।"
হূটনৰ মতে প্ৰজাতি হ'ল- "মানুহৰ এটা ডাঙৰ সমষ্টি, যিটো সমষ্টিৰ মানুহবোৰ যদিও ভিন্ন শৰীৰক লক্ষণ বিশিষ্ট তথাপি সিঁহত কিছুমান আংগিক আৰু জোখ ল'ব পৰা শাৰীৰিক লক্ষণৰ মিশ্ৰণত মানুহৰ এটা সমষ্টি আৰু এই বিশিষ্ট শাৰীৰিক লক্ষণবোৰ প্ৰধানকৈ পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱহীন আৰু উমৈহতীয়া বংশৰ পৰা লব্ধ।"
    
    মুখ্য় প্ৰজাতিসমূহ হ'লঃ ১) চৰ্ম বৰ্ণ, ২)  নেত্ৰ, ৩) মস্তকাকৃতি, ৪) এ, বি, ও ৰক্ত সমষ্টি।

7. প্ৰজাতীয় নিকষ কি? চৰ্ম বৰ্ণ বা নেত্ৰ প্ৰজাতিীয় নিকষ
 হিচাপে আলোচনা কৰা?
উত্তৰঃ বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত যিবোৰ আবয়বিক লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰজাতিৰ শ্ৰেণীকৰণ কৰা হয়, সেই লক্ষণবোৰক প্ৰজাতীয় নিকষ বুলি কোৱা হয়।

চৰ্মবৰ্ণঃ  মানুহৰ গাৰ ছাল দুটা স্তৰ আছে। ওপৰৰ স্তৰটোক উপচৰ্ম বা মাখিছাল আৰু তলৰটোক চৰ্ম বোলে। আকৌ চৰ্মৰো দুটা স্তৰ থাকে। ওপৰৰ স্তৰটোত বৰ্ণকোষ থাকে।এই কোষত ক'লা বা খুব গাঢ় পিংগল বৰ্ণৰ কণিকা থাকে। এই কণিকাবোৰক মেলানিন বোলে। সাধাৰণতে গাৰ ৰং এই কণিকাবোৰৰ ওপৰত নিৰ্ভৰ কৰে।মেলানিন যিমানেই বেছি থাকে, গাৰ ৰং সিমানেই বেছি ক'লা হয়।এই ক'লা ৰঙৰ কণিকাবোৰৰ ওপৰত ভিত্তি কৰি চৰ্মবৰ্ণক তিনিটা প্ৰধান ভাগত অন্তৰ্ভুক্ত কৰিব পাৰি। যেনেঃ
১) শ্বেত চৰ্মীঃ ইউৰোপৰ শ্বেতবৰ্ণৰ লোকসকল শ্বেতচৰ্মীৰ আদৰ্শ উদাহৰণ।পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকা আৰু পলিনেছীয়াতো শ্বেতচৰ্মী লোক দেখা যায়।
2) কৃষ্ণচৰ্মীঃ সাধাৰণতে সকলো প্ৰকাৰৰ নিগ্ৰ'কৃষ্ণচৰ্মী লোক। মেলানেছীয়া, পাপুৱান,অষ্ট্ৰেলীয়া আদিৰো চৰ্মবৰ্ণ ক'লা।
৩) পীত চৰ্মীঃ মংগোলীয় লোক সকল পীতচৰ্মীৰ উৎকৃষ্ট উদাহৰণ। আমেৰিকাৰ আমেৰিণ্ড, দক্ষিণ আফ্ৰিকাৰ বুছমেন আৰু হটেনটট সকলো পীতচৰ্মীৰ লোক।
                     চৰ্মবৰ্ণৰ লগত জলবায়ু আৰু ভৌগোলিক অৱস্থাৰ লগত মাজত সম্বন্ধ আছে।সাধাৰণতে বিষুবীয় অঞ্চলত  কৃষ্ণচৰ্মী লোক দেখা যায়।বিষুবীয় অঞ্চলত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে বাবে এই অঞ্চলত তাপৰ প্ৰখৰতা বেছি।এনে প্ৰখৰ তাপ শৰীৰৰ বাবে অপকাৰী।কিন্তু বিষুবীয় অঞ্চলত বাস কৰা মানুহবোৰ কৃষ্ণচৰ্মী হোৱা বাবে চৰ্ম ভেদ কৰি অধিকতাপ শৰীৰৰ ভিতৰলৈ প্ৰবেশ কৰিব নোৱাৰে বাবে শৰীৰৰ ভিতৰত থকা অংগসমূহ সুৰক্ষিত হৈ থাকে।আনহাতে বিষুবীয় অঞ্চলৰ পৰা যিমানে আঁতৰি অহা হয় সিমানে মানুহৰ চৰ্মবৰ্ণ পাতল হৈ অহা দেখিবলৈ পোৱা যায়।সেইবোৰ অঞ্চলত সূৰ্যৰ তাপৰ প্ৰখৰতা কম। সেইকাৰণে সূৰ্যৰ তাপৰ পৰা শৰীৰত ৰক্ষা কৰা কোনো প্ৰয়োজন নাই। এইদৰে চালে দেখা যায় যে চৰ্ম বৰ্ণৰ লগত জলবায়ু আৰু ভৌগোলিক আৱস্থাৰ মাজত সম্বন্ধ আছে। কিন্তু ইয়াৰ ব্য়তিক্ৰম নথকা নহয়। উদাহৰণ স্বৰূপে, একেধৰণৰ জলবায়ু আৰু ভৌগোলিক আবস্থাৰ মাজত বাস কৰা সত্বেও কংগোৰ নিগ্ৰ'সকল কৃষ্ণ বৰ্ণৰ আৰু বৰ্ণিওৰ পুনাল সকল শেঁতা পীতচৰ্মী।   

নেত্ৰঃ প্ৰজাতি শ্ৰেণীকৰণত ব্য়ৱহাৰ কৰা এটা অতি প্ৰয়োজনীয় নিকষ হৈছে নেত্ৰ বা চকু। 
নেত্ৰৰ বৰ্ণনা দিওঁতে ইয়াৰ বিভিন্ন লক্ষণ সমূহ নিৰীক্ষণ কৰা হয়। প্ৰধানকৈ নেত্ৰ, নেত্ৰ বিবৰ আৰু নেত্ৰচ্ছেদ ভাঁজৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। 
(১) নেত্ৰ বৰ্ণঃ চক্ষুমণিৰ ৰঙকেই নেত্ৰ বৰ্ণ বুলি কোৱা হয়। নেত্ৰ বৰ্ণ বিভিন্ন প্ৰকাৰৰ। ক'লা, গাঢ়পিংগল, পিংগল, পাতল পিংগল, নীলাভ পিংগল, হৰি পিংগল, ধূসৰ পিংগল, নীলা ধূসৰ আদি নানা বৰ্ণৰ নেত্ৰ ইউৰোপৰ ককেছীয় লোকৰ মাজত  দেখা যায়। মংগোলীয় আৰু নিগ্ৰ'ৰ চকু ক'লা বা গাঢ় পিংগল। 
(২)  নেত্ৰ বিবৰঃ নেত্ৰৰ অন্তঃ আৰু বহিঃকোণক  নেত্ৰবিবৰ বোলে। দুই কোণ একে সমতলত থাকিলে নেত্ৰ ৰেখা পোন হৈ থাকে বুলি কোৱা হয়। কেতিয়াবা বহিঃকোণ অন্তঃকোণতকৈ ওপৰত থাকি চকুৰ আকৃতি হেলনীয়া কৰে। অনা মংগোলীয়ৰ মাজত পোন চকু আৰু মংগোলীয়ৰ মাজত হেলনীয়া চকু দেখা যায়। 
(৩) নেত্ৰচ্ছেদ ভাঁজঃ মংগোলীয় লোকসকলৰ চকুৰ ওপৰৰ  পল্লৱ চকুৰ ওপৰত ওলমি থাকি চকুটো এনে ভাৱে ঢাকি ৰাখে; যাৰ ফলত চকু বহলকৈ মেলিব নোৱাৰে। প্ৰায় সকলো মংগোলীয়ৰ চকুত এনেকুৱা ভাঁজ দেখা যায়। সেই কাৰণে এনে ভাঁজক মংগোলীয় ভাঁজ বোলে। এই ভাঁজক নেত্ৰচ্ছেদ ভাঁজ বুলিও কোৱা হয়। নেত্ৰচ্ছেদ ভাঁজ কেইবা প্ৰকাৰৰ। এইবোৰ হ'ল- অন্তঃনেত্ৰচ্ছেদ ভাঁজ, বহিঃনেত্ৰচ্ছেদ ভাঁজ আৰু মধ্য় নেত্ৰচ্ছেদ ভাঁজ।    

8. প্ৰক্ষিপ্ত কাক বোলে? ইয়াৰ বিভিন্ন প্ৰকাৰবোৰ কি কি?
উত্তৰঃ মানুহৰ মুখমণ্ডলত অংশবোৰ আগলৈ ওলাই অহা অৱস্থাক প্ৰক্ষিপ্ততা বোলে। প্ৰক্ষিপ্তা দুই প্ৰকাৰৰঃ-  ১)এল্ভিঅ'লীয় প্ৰক্ষিপ্ততা, ২) মুখমণ্ডলীয় প্ৰক্ষিপ্ততা।
(১) এলভিঅ'লীয় প্ৰক্ষিপ্ততাঃ কেৱল দুই পাৰি দাঁতৰ বা দুই ওঁঠৰ ওচৰৰ অংশখিনি যদি আগলৈ আগবঢ়া হয়, তেতিয়া তাক এলভিঅ'লীয় প্ৰক্ষিপ্ততা বোলে।
(২) মুখমণ্ডলীয় প্ৰক্ষিপ্ততাঃ যেতিয়া মুখমণ্ডল আগলৈ ওলাই অহা হয়, তেতিয়া তাক মুখমণ্ডলীয় প্ৰক্ষিপ্ততা বোলে।

9. নেত্ৰচ্ছেদ ভাঁজ কি? ইয়াৰ বিভিন্ন প্ৰকাৰ সমূহ কি কি?
উত্তৰঃ  চকুৰ ওপৰৰ পল্লৱৰ পৰা এডোখৰ চৰ্ম ওলমি থাকি চকুটো এনে ভাৱে ঢাকি ৰাখে; যাৰ ফলত চকু বহলকৈ মেলিব নোৱাৰে। প্ৰায় সকলো মংগোলীয়ৰ চকুত এনেকুৱা ভাঁজ দেখা যায়। সেই কাৰণে এনে ভাঁজক মংগোলীয় ভাঁজ বোলে। এই ভাঁজক নেত্ৰচ্ছেদ ভাঁজ বুলিও কোৱা হয়।  
    ইয়াৰ প্ৰকাৰৰ সমূহ হ'লঃ ১) সম্পৰ্ণ নেত্ৰচ্ছেদ ভাজঁ, ২) অন্তঃ নেত্ৰভাঁজ, ৩) বহিঃনেত্ৰচ্ছেদ ভাঁজ, ৪) মধ্য় নেত্ৰচ্ছেদ ভাঁজ।  
(১)  সম্পৰ্ণ নেত্ৰচ্ছেদ ভাজঁঃ উৰ্ধ্ব নেত্ৰপল্লবৰপৰা এডোখৰ চৰ্ম ওলমাি আহি চকুৰ বহিঃকোণৰপৰা আন্তঃকোণলৈ সম্পূৰ্ণ ওপৰৰ অংশ ঢাকি ৰখাকে সম্পূৰ্ণ নেত্ৰচ্ছেদ ভাঁজ বোলে। 
২) অন্তঃ নেত্ৰভাঁজঃ নেত্ৰচ্ছেদ  ভাঁজ নাকৰ পিনে থাকিলে, তেতিয়া সেই ভঁজক অন্তঃনেত্ৰচ্ছেদ ভাঁজ বোলে। 
 ৩) বহিঃনেত্ৰচ্ছেদ ভাঁজঃ নেত্ৰচ্ছেদ ভাঁজ চকুৰ পল্লৱৰ বাহিৰৰ পিনে থাকিলে, তেতিয়া সেই ভাঁজক বহিঃনেত্ৰচ্ছেদ ভাঁজ বোলে।
৪) মধ্য় নেত্ৰচ্ছেদ ভাঁজঃ নেত্ৰচ্ছেদ ভাঁজ যেতিয়া মাজত থাকে, তেতিয়া তাক মধ্য় নেত্ৰচ্ছেদ ভাঁজ বোলে।

10.নিগ্ৰ' সকলৰ প্ৰধান উপভোগ কেইটা কি কি? তেওঁলোকৰ ভৌগলিকৰ বিস্তাৰ সমন্ধে লিখা।
উত্তৰঃ  নিগ্ৰ'সলক সাধাৰণতে দুটা প্ৰধান ভাগত ভগাব পাৰি। যেনেঃ ১) আফ্ৰিকাৰ নিগ্ৰ' আৰু মহাসাগৰীয় নিগ্ৰ'। এই প্ৰধান ভাগকেইটা কেইবাটাও উপভাগত ভগাব পাৰি। 
আফ্ৰিকাৰ নিগ্ৰ'সকলৰ উপভাগ কেইটা হৈছে আৰু ভৌগোলীক বিস্তাৰ সম্বন্ধে আলোচনা কৰা হ'ল-
(i) প্ৰকৃত নিগ্ৰঃ পশ্চিম আফ্ৰিকা আৰু গিনি উপকূল প্ৰকৃত নিগ্ৰ'ৰ বাসভূমি। এওঁলোকৰ চৰ্মবৰ্ণ গাঢ় পিংগল বা ক'লা। মুখমণ্ডল প্ৰক্ষিপ্ত। ওঁঠ শকত আৰু ঘোৰ খোৱা। এওঁলোকৰ চৰণ খৰ্ব কিন্তু বাহু দীঘল। 
পশ্চিম চেনিগাল নদীৰ পৰা চুডান, ইউগাণ্ডা আৰু উত্তৰ ৰোডেছিয়ালৈ বিস্তৃত অঞ্চলত বাস কৰা মূল অৰণ্য়বাসী নিগ্ৰ'তকৈ আন প্ৰকৃত নিগ্ৰ'তকৈ কিছু পৃথক। 
(ii)নাইল'টিক নিগ্ৰ'বা নাইল'টঃ পূৱা ছুডান আৰু নীল নদীৰ উপত্য়কা এওঁলোকৰ বাসস্থান। এওঁলোকৰ চৰ্মবৰ্ণ বৰ ক'লা। এওঁলোক ঊলকেশী। নাসিকা প্ৰশস্ত যদিও প্ৰকৃত নিগ্ৰ'তকৈ প্ৰশস্ত।
(iii) বাণ্টু ভাষা-ভাষী নিগ্ৰ' বা বাণ্টুঃ মধ্য় আৰু দক্ষিণ বাণ্টু সকলে বাস কৰে। এওঁলোকৰ মাজত হেমেটীয়, নেগ্ৰিল'আৰু বুছমেন-হাটেনটট উপাদান কিছুপৰিমাণে সোমাই পৰিছে। 
এওঁলোকৰ চৰ্মবৰ্ণ প্ৰধানকৈ গাঢ় চকলেট। পীত-পিংগলৰ পৰা কৃষ্ণ চৰ্মবৰ্ণও বাণ্টু সকলৰ মাজত দেখা যায়। এওঁলোক ঊলকেশী। 
(iv) বুছমেন-হটেনটটঃ বুছমেন সকলে আগেতে দক্ষিণ আফ্ৰিকাৰ সৰহভাগ অঞ্চল অধিকাৰ কৰি আছিল। বৰ্মান তেওঁলোকে কালাহৰি মৰুভূমিত আৰু তাৰ ওচৰে পাজৰে বাস কৰে। হটেনটটসকলে দক্ষিণ-পশ্চিম আফ্ৰিকাত বাস কৰে। 
(v) নেগ্ৰিল' বা আফ্ৰিকাৰ পিগমিঃ নেগ্ৰিল' সকল আফ্ৰিকাৰ পিগমি নামৰেও পিৰিচিত। কংগোৰ বিষুৱীয় আঞ্চলত বাস কৰা অক্কা, বাটোৱা, বামবুটি আদি জনসমষ্টিবোৰ নেগ্ৰিল'ৰ আদৰ্শ উদাহৰণ।  

মহাসাগৰীয় নিগ্ৰৰ, উপভাগ আৰু ভৌগোলিক বিস্তাৰ সম্বন্ধে আলোচনা কৰা হ'ল-
(i) নিউগিনি পিগমি- নিউগিনি এওঁলোকৰ বাসস্থান। নিউগিনিত বাস কৰা পিগমি সকলক টেপিৰ' নামেৰেও জনা যায়। এওঁলোকৰ দেহিক গড় উচ্চতা প্ৰায় 146 ছেঃমিঃ। কেশ কৃষ্ণবৰ্ণৰ। 
(ii) পাপুৱান আৰু মেলানেছীয় নিগ্ৰ'-পাপুৱান সকলৰ মাজত বেছি নিগ্ৰ' লক্ষণ দেখা যায়। চৰ্মবৰ্ণ গাঢ় চক'লেট বা ক'লা পিংগল মেলানেছীয়া সকলৰ চৰ্মবৰ্ণ গাঢ় কপিল; কেতিয়াবা খুব ক'লা আৰু তাম বৰণো দেখা যায়।   

11. মংগোলীয় সকলৰ উপভোগ বোৰ কি কি?
উত্তৰঃ মংগোলীয়া সকলৰ উপভাগ বোৰ হ'ল -- ১) প্ৰকৃত মংগোলীয়, ২) উত্তৰ মেৰুৰ মংগোলীয় বা এস্কিম', ৩) আমেৰিকান ইণ্ডিয়ান বা আমেৰিণ্ডিয়ান, ৪) ইণ্ড'নেছীয়-মালয়ী মংগোলীয়।

12. ককেছীয়ৰ আবয়ৱিক লক্ষণ সমূহ উল্লেখ কৰা।
উত্তৰঃ ককেছীয়া আবয়ৱিক লক্ষণ সমূহ হ'লঃ

i) চৰ্মবৰ্ণঃ শ্বেত, জলফাই ৰঙৰ আৰু বিভিন্ন প্ৰকাৰৰ পিংগল।

ii) কেশঃ সাধাৰণতে তৰংগায়িত। কেশ বিন্য়াস মধ্য়মীয়াৰ পৰা মসৃণ। খহটা কেশ খুব কমেই দেখা যায়। ডাঢ়ি-গোঁফ আৰু গাৰ নোম বেছি।

iii) নেত্ৰঃ নেত্ৰবৰ্ণ সাধাৰণতে ক'লা নহয়, পাতল ৰঙৰ। 

iv) মুস্তকঃ মূৰৰ আকৃতি দীঘলীয়া, মধ্য়মীয়া, আৰু প্ৰশস্ত।

v) মুখমণ্ডলঃ সাধাৰণতে অপ্ৰক্ষিপ্ত। কপোলাস্থি লক্ষণীয় নহয়।

vi) নাসিকাঃ নাক দীঘল আৰু ঠেক। নাসিকা দণ্ড উন্নত।

vii) কপালঃ উন্নত।

13. নেগ্ৰিল' আৰু নেগ্ৰিট'ৰ মাজৰ পাৰ্থক্য কি?
উত্তৰঃ 

                নেগ্ৰিল

 

              নেগ্ৰিট

১। এওঁলোক আফ্ৰিকাৰ পিগমি হিচাপেও জনা যায়।

১। আন্দমানী, এটা, ছেমাং আৰু টেপিৰসকল এই উপভাগৰ অন্তগৰ্ত আন্দামানীসকল আন্দামন দ্বীপপুঞ্জত বাস কৰে।

২। এওঁলোক বৰ চাপৰ হয়। এওঁলোকৰ দৈহিক উচ্চতা প্ৰায় ১৩৬ ছেঃমিঃ।

২। এওঁলোক বৰ চাপৰ। শৰীৰ উচ্চতা প্ৰায় ১৪৮ ছেঃমিঃ।

৩। এওঁলোকৰ চৰ্মবৰ্ণ বেছিভাগৰে খুব কলা। কিছুমানৰ ৰঙচুৱা পীতবৰ্ণ আৰু কিছুমানৰ পীতবৰ্ণ আৰু কিছুমানৰ পীত কপিল।

৩। চৰ্মবৰ্ণ পাতল বাদামীৰ পৰা এলান্ধুকলীয়া। এওঁলোক ঊলকেশী। কেশ চুটি আৰু কৃষ্ণবৰ্ণৰ যদিও ঈষৎ ৰঙচুৱা আভাও দেখা যায়।


14. চমুটোকা লিখাঃ
    (a) এস্কিম'

উত্তৰ:  এস্কিম' : এস্কিম'সকলে উত্তৰ অমেৰিকাৰ মেৰু অঞ্চলৰ বাসিন্দা। এওঁলোকৰ চৰ্মবৰ্ণ পীতাভ। কেশ ঋজু অৰু ক'লা। ডাঢ়ি-গোফ আৰু শৰীৰৰ নোম যথেষ্ট কম। নেত্ৰ কৃষ্ণবৰ্ণৰ। নেত্ৰচ্ছেদ ভাঁজ বিশিষ্ট্য। কপোলাস্থি স্পষ্ট, মুখমণ্ডল বহল আৰু চেপেটা। হাত-ভৰিবোৰ চুটি চুটি। এওঁলোক মধ্যমস্তকীৰ পৰা প্ৰশস্তমস্তকী। উত্তৰৰ এলুছিয়ান এস্কিম আৰু কুছক'কিউহ'ন এস্কিম'সকল প্ৰশস্তমস্তীক আনহাতে গ্ৰীণলেণ্ডৰ এস্কিম আৰু মেৰু অঞ্চলৰ এস্কিম'সকল মধ্যমস্তকী। এস্কিম'সকল মংগোলীয় প্ৰজাতিৰ মেৰুৰ পৰা উত্তৰৰ মংগোলীয় উপৰভাগ অন্তৰ্গত। 
    (b) আইনু

উত্তৰঃ  আইনুসকল জাপানৰ প্ৰাচীন প্ৰজাতি। এওঁলোক উত্তৰ জাপান, য়েমু আৰু ছাখালিনৰ বাসিন্দা। এওঁলোকৰ চৰ্মবৰ্ণ পাতল পিংগল বা শ্বেত। কেৰ্শবৰ্ণ গাঢ় পিংগলৰ পৰা কৃষ্ণ। কেশ তৰংগায়িত। ডাঢ়ি-গোফ আৰু শৰীৰত নোমৰ পৰিমাণ যথেষ্ট বেছি। চক্ষু বিবৰ বহল। নেত্ৰচ্ছেদ ভাঁজ নাই। নেত্ৰবৰ্ণ মধ্যমীয়াৰ পৰা গাঢ় পিংগল। মুখমণ্ডল খৰ্ব আৰু প্ৰক্ষিপ্ততা নাই। ওঁঠ পাতল। এওঁলোক মধ্যনাসিকীৰ পৰা প্ৰশস্তনাসীকা। নাসিকাদণ্ড ঋজু বা উত্তল।এওঁলোকৰ মধ্যমস্তকী আৰু মধ্য বা খৰ্বকায়। শৰীৰ শকত। আইনুসকল মূলতঃ ক'কেচীয়।  

    (c) ভেড্ডা

উত্তৰঃ ভেড্ডাসকল অষ্ট্ৰেলীয় প্ৰজাতীৰ অন্তৰ্গত  প্ৰাক-দ্ৰাবিড় ভাগৰ অন্তৰ্ভুক্ত। ভেড্ডা সকলৰ বাসস্থান হ'ল সিংহল। এওঁলোকৰ চৰ্মবৰ্ণ গাঢ় পিংগল। কেশবৰ্ণ ৰঙচুৱা আভাযুক্ত ক'লা। কেশ তৰংগায়িতা।মুখমণ্ডল প্ৰশস্ত আৰু খৰ্ব। থুঁতৰি ক্ষীণ। পাতলৰ পৰা মধ্যমীয়া ধৰণৰ ওঠঁ। কপাল সামান্যবভাৱে ঢালখোৱা। অধ্যক্ষী সীৰলু স্পষ্ট। প্ৰশস্তনাসিকা নাসিকামূলদেশ অবনত। এওঁলোক দীৰ্ঘমস্তকী। এওঁলোক মস্তক পৃথিৱীৰ ভিতৰতে সৰু। শৰীৰ সৰু। দৈহিক উচ্চতা গড়ে ১৫২ছেঃমিঃ।   

    (d) ছেয়ন।



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)




Type - Ishan Dev Bora

Answered By : Himashree Bora.


Post ID :DABP003644