UNIT-2 

পুনঃপ্ৰতিষ্ঠা আৰু বিপ্লৱ ১৮১৫-১৪৮ চন

Restoration and Revolution c.1815-1848

অতি চমু প্রশ্ন (Very brief questions ) :  

১। কোন চনত নেপোলিয়ন বোনাপার্টে 'সম্রাট' উপাধি গ্রহণ কৰিছিল। 

In which year Napoleon Bonaparte adopted the title  "Emperor"

উত্তৰঃ ১৮০৪  চনৰ ১৮ মেত নেপোলিয়ন বোনাপাৰ্টে সম্ৰাট উপাধি গ্ৰহণ কৰিছিল । 

২। কাৰ শাসনকালক ‘প্রথম সাম্রাজ্য' আখ্যা দিয়া হয়? 

Whose reign was termed as the 'First Empire'? 

উত্তৰঃ নেপোলিয়নৰ শাসনকালক প্ৰথম সাম্ৰাজ্য আখ্যা দিয়া হয় । 

৩। লর্ড কেষ্টেলাৰি কোন?  

Who was Lord Caslereagh? 

উত্তৰঃ  লৰ্ড কেষ্টেলাৰি এজন এংলো-আইৰিছ ৰাজনীতিজ্ঞ । 

৪। ‘ভিয়েনা কংগ্ৰেছ’ৰ সভাপতি কোন আছিল?  

Who was the President of Vienna Congress?

উত্তৰঃ  ভিয়েনা কংগ্ৰেছৰ সভাপতি আছিল অষ্ট্ৰিয়াৰ বৈদেশীক মন্ত্ৰী ক্লেমেনছ ৱেনজেল   প্ৰিন্স মেটাৰনিচ । 

৫। ভিয়েনা কংগ্ৰেছত কোনে ‘বৈধতাৰ সূত্ৰ’ ঘোষণা কৰিছিল?

 Who promulgated the "Policy of Legitimacy" at the Vienna  congress?

উত্তৰঃ ভিয়েনা কংগ্ৰেছত টেলিৰেণ্ডে বৈধতাৰ সূত্ৰ ঘোষণা কৰিছিল ।    

৬। ভিয়েনা কংগ্ৰেছত ফ্ৰেন্সৰ প্ৰতিনিধি কোন আছিল?  

Who was representative of France at the Vienna Congress?

উত্তৰঃ 

৭। কোনে, কেতিয়া ‘পৱিত্ৰ সংঘ’ গঠন কৰিছিল? 

Who and when the 'Holy Alliance' was formed?

উত্তৰঃ  ৰাছিয়াৰ জাৰ প্ৰথম আলেকজেণ্ডাৰে ১৮১৫ চনৰ ২৬ ছেপ্তেম্বৰত পৱিত্ৰ সংঘ গঠন কৰিছিল । 

৮। কোনে, কেতিয়া “চতুঃৰাষ্ট্ৰীয় মিত্ৰসংঘ” গঠন কৰিছিল? 

Who and when the "Quadruple Alliance" was formed?

উত্তৰঃ   পৱিত্ৰ সংঘৰ বিফলতাৰ পিছত মেটাৰনিকৰ প্ৰস্তাৱক্ৰমে  দ্বিতীয়টো চতুঃৰাষ্ট্ৰীয় মিত্ৰসংঘ গঠন কৰিছিল । 

৯। ইউৰোপত পৰৱৰ্তী ২০ বছৰৰ শান্তিৰক্ষাৰ বাবে ইংলেণ্ড, অষ্ট্রিয়া, প্রাচা আৰু ৰাছিয়াৰ মাজত ১৮১৪ চনত সম্পাদিত চুক্তিখনৰ নাম কি? 

Name the treaty which was signed in 1814 among England, Austria, Prussia and Russia to maintained peace in Emope for the next 20 years.

উত্তৰঃ 

১০। অষ্টাদশ লুহৰ মৃত্যুৰ পিছত কোন ফ্রেন্সৰ ৰজা হয়? 

Who become the king of France after the death of Louis  XVIII?

উত্তৰঃ অষ্টাদশ লুইৰ মৃত্যুৰ পাছত তেওঁৰ ভাতৃ দশম চালৰ্চ ফ্ৰেন্সৰ ৰজা হয় । 

১১। লফায়েট কোন?  

Who was Lafayette?

উত্তৰঃ   লফায়েট হল ফ্ৰেন্স দেশৰ এজন বয়োবৃদ্ধ নেতা । 

১২। ১৮৩০ চনৰ বিপ্লৱৰ পিছত ফ্ৰেন্সৰ শাসনভাৰ লোৱা নতুন ৰাজবংশটোৰ নাম কোৱা।  

Name the new dynasty who ruled France after the revolution bof 1830.

উত্তৰঃ  ১৮৩০ চনৰ বিপ্লৱৰ পিছত ফ্ৰেন্সৰ শাসনভাৰ লোৱা নতুন ৰাজবংশটোৰ নাম হল ওৰলিয়েন্স বংশ । 

১৩। ১৯ শতিকাৰ প্ৰথম ভাগৰ প্ৰতিক্রিয়াশীল শাসনৰ মুখ্য প্রবক্তা ৰাজনীতিবিদগৰাকীৰ নাম লিখা।  

Latin Name the politician who was prime advocate of "Reactionary Rules" in Emope during the first half of 19th century.

উত্তৰঃ  

১৪। পেৰিছত অৱস্থিত প্রধান মনোৰঞ্জনৰ অনুষ্ঠানটিৰ নাম কি আছিল? 

Name the entertainment institution which was located at Paris.

উত্তৰঃ

১৫। ছেইণ্ট ছাইমন কোন?  

Who was Saint Simon?

উত্তৰঃ  

চমু প্রশ্ন (Short Questions ) :  

১। নেপোলিয়নৰ পৰিয়াল’ বুলিলে কি বুজা? 

What do mean by the term "House of Bonaparte"?

উত্তৰঃ  

২। নেপোলিয়ন বোনাপাৰ্টৰ পতনত মুখ্য ভূমিকা লোৱা ইউৰোপৰ দেশ চাৰিখনৰ নাম লিখা।  

Name the four countries of Europe who played an important role in downfall of Napoleon.

উত্তৰঃ 

৩। ‘মেটাৰনিক যুগ’ বুলিলে কি বুজা? 

What is the "MatternichAge" ?

উত্তৰঃ  ইউৰোপীয় শক্তিসমূহৰ সহযোগত ইউৰোপত প্ৰতিক্ৰিয়াশীল ৰাজতন্ত্ৰ অব্যাহত ৰখা আৰু বিপ্লৱ বিৰোধী আচনি কাৰ্যকৰী কৰাৰ সুযোগ পাইছিল । এইদৰে প্ৰায় তিনি দশক মেটাৰনিকে নিজৰ নীতিৰে ইউৰোপক প্ৰভাৱিত কৰিছিল । সেয়েহে এই সময়ছোৱাক মেটাৰনিক যুগ নামেৰে জনা যায় । 

৪। ভিয়েনা কংগ্ৰেছৰ নেতাসকলে কেনেধৰণৰ ৰক্ষণশীল নিয়ম ঘোষণা কৰিছিল?  

What type of the conservative order was  the leaders of Vienna congress.

উত্তৰঃ  

৫। ১৮১৫-৫০ চনৰ ভিতৰত ইউৰোপত বিকাশ হোৱা দুই পৰস্পৰবিৰোধী ধাৰা কি আছিল?  

Mention the main mutual rival currents that developed in Europe in between 1815-50C.E.

উত্তৰঃ  

৬। ফ্ৰান্সৰ বিপ্লৱী চৰকাৰে কিমান বছৰ দেশখন শাসন কৰিছিল?

How long the 'Revolutionary Government' of France ruled the nation?

উত্তৰঃ ফ্ৰান্সৰ বিপ্লৱী চৰকাৰে ২৮ বছৰ দেশখন শাসন কৰিছিল ।    

৭। ‘ইউৰোপীয় সংহতি’ গঢ়ি উঠাৰ আঁৰৰ কাৰণ কি আছিল? 

What was the background of the formation of 'European Concert'?

উত্তৰঃ  

৮। ‘ইউৰোপীয় সংহতি’ৰ দুটা লক্ষ্য উল্লেখ কৰা। 

Mention two aims of the 'Concert of Europe'.

উত্তৰঃ   

৯। ‘ইউৰোপীয় সংহতি’ৰ পতনৰ দুটা কাৰণ উল্লেখ কৰা। 

Mention any two causes of the downfall of 'Concert of Europe'.

উত্তৰঃ

১০। ১৮৪৮ চনৰ ফেব্ৰুৱাৰী বিপ্লৱৰ পিছত' ফ্ৰেন্সৰ শাসনভাৰ কাৰ হাতলৈ গৈছিল ?  

Who ruled the France after the February Revolution of 1848.

উত্তৰঃ 

 ১১। ১৮১৫-৫০ চনৰ ফ্ৰেন্সৰ চাৰিগৰাকী বিখ্যাত ৰমন্যাসবাদী লেখকৰ নাম কোৱা।

Mention the names of four romantic writers who emerged in France in between 1815-50.

উত্তৰঃ   

১২। কোনে ৰচিত, কি নামৰ গ্ৰন্থখন ১৮৪৮ চনৰ “বিপ্লৱীৰ বাইবেল”ৰূপে পৰিগণিত হৈছিল ?  

Name the book and author which christened as "Bible of Revolutionary".

উত্তৰঃ  

চমুটোকা (Shorty notes) :  

১। লৰ্ড কেষ্টেলৰি  

TuLord Castlereagh 

উত্তৰঃ   ৰবাৰ্ট ষ্টিৱাৰ্ট, দ্বিতীয় মাৰ্কুইছ অৱ লণ্ডনদেৰী সাধাৰণতে লৰ্ড কেষ্টেলৰি নামেৰেহে জনসাধাৰণৰ মাজত পৰিচিত আছিল । এজন এংলো-আইৰিছ ৰাজনীতিজ্ঞ কেষ্টেলৰিয়ে ব্ৰিটেইনৰ বৈদেশিক সচিব হিচাপে ১৮১২ চনৰ পৰা ১৮২২ চনলৈ গুৰুত্বপূৰ্ণ দায়িত্ব-পালন কৰিছিল । এই সময়ছোৱাতে নেপোলিয়ন বোনাপাৰ্টৰ নেতৃত্বহীন ফ্ৰেন্সে ইউৰোপৰ ঐক্য, সংহতি আৰু সাৰ্বভৌমত্বৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰিছিল । এনে পৰিস্থিতিত নেপোলিয়নক প্ৰতিৰোধৰ বাবে কেষ্টেলৰিয়ে ইউৰোপৰ আন শক্তি যেনে, অষ্ট্ৰিয়া, প্ৰাচা, ৰাছিয়া আৰু আন আন দেশক একগোট কৰি  ফ্ৰেন্সৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মিত্ৰসংঘ গঢ়ি তুলিছিল, নেপোলিয়নৰ পৰাজয়ৰ বেহু ৰচনা কৰাৰ লগতে যুদ্ধ ভালদৰে পৰিচালনা কৰিবৰ বাবে মিত্ৰসংঘৰ বিত্তীয় দিশটোও চোৱা-চিতা কৰিছিল । নেপোলিয়নৰ পতনত ব্ৰিটিছে বিদেশ সচিব কেষ্টেলৰিৰ বৰঙণি আছিল অতি গুৰুত্বপূৰ্ণ । 

নেপোলিয়নৰ পতন আৰু তেওঁক এলবাদ্বীপত নিৰ্বাসন দণ্ড দিয়াৰ পিছত নেপোলিয়নৰ ইউৰোপৰ ভাগ্য নিৰ্ধাৰণৰ বাবে অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত অনুষ্ঠিত ভিয়েনা কংগ্ৰেছ বা মহাসভাত কেষ্টেলৰিয়ে ইউৰোপৰ নেতাসকলৰ লগত গুৰুত্বপূৰ্ণ আলোচনাত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল । কেষ্টেলৰিয়ে সেই সময়ৰ নেতাসকলৰ ৰক্ষণশীল দৃষ্টিভংগীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি দীৰ্ঘকালৰ বাবে ইউৰোপত শান্তিৰ পৰিৱেশ ৰচনা কৰি পৰিকল্পনাত সফল হৈছিল । তেওঁ কূটনৈতিক দক্ষতাৰ পৰিচয় দি পৰাজিত ফ্ৰেন্সৰ ওপৰত বিজয়ী দেশসমূহে কঠোৰ চৰ্ত জাপি দিয়াটো বাৰণ কৰিবলৈ সক্ষম হৈছিল । তেওঁ বুজি পাইছিল ফ্ৰেন্সত পুনৰ অধিষ্ঠিত ৰক্ষণশীল বুৰবন ৰজাবংশই প্ৰতিশোধ আৰু প্ৰত্যাক্ৰমণৰ লক্ষ্যৰে দেশ শান কৰিলে জনসাধাৰণ পুনৰ বিপ্লৱমুখী হব , যিয়ে  ফ্ৰেন্সৰ লগতে সমগ্ৰ ইউৰোপত পুনৰ শাস্তি বিঘ্নিত কৰিব পাৰে ফ্ৰেন্সক ইয়াৰ উপনিবেশসমূহ ঘুৰাই দিয়া হয় যদিও ১৭৯১ চনৰ পিছত ফ্ৰেন্সে লাভ কৰা ইউৰোপৰ সকলো অঞ্চল বা সুবিধা ঘুৰাই দিবলগীয়া হয় । ইয়াৰ লগতে সকলো সময়তে ব্ৰিটেইনৰ মহাসাগৰীয় বাণিজ্যিক স্বাৰ্থ যাতে অক্ষুন্ন থাকে তাৰবাবে সতৰ্ক আছিল । ১৮১৫ চনৰ পিছত কেষ্টেলৰিয়ে প্ৰধানকৈ গৃহদেশত বিভিন্ন কাৰ্যসূচী ৰূপায়ণত দমনমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল । ব্যক্তি স্বাধীনতা হৰণ আৰু সংস্কাৰ বিৰোধী নীতি গ্ৰহণ কৰাৰ বাবে ব্ৰিটেইনৰ সৰহসংখ্যক লোক কেষ্টেলৰি বিৰোধী হৈ পৰিছিল আৰু তেওঁক ঘৃণা কৰিবলৈ লয় । 

মেটাৰনিক 

Matternich

উত্তৰঃ   অষ্ট্ৰিয়াৰ এগৰাকী জননেতা তথা কূটনীতিবিদ মেটাৰনিকৰ প্ৰায় তিনি দশকজুৰি ইউৰোপীয় ৰাজনীতিৰ কেন্দ্ৰবিন্দু আছিল । তেওঁ অষ্ট্ৰিয়া সাম্ৰাজ্যৰ বৈদেশীক মন্ত্ৰী হিচা৫পে দক্ষতাৰ পৰিচয় দিছিল আৰু পৰৱৰ্তী সময়ছোৱাত অষ্ট্ৰিয়াৰ প্ৰধানমন্ত্ৰী বা চেঞ্চেলৰ পদত অধিষ্ঠিত হৈছিল আৰু অৱশেষত ১৮৪৮ চনত হোৱা স্বাধীনতাকামী বিপ্লৱৰ ফলশ্ৰুতিত তেওঁ পদত্যাগ কৰি ইংলেণ্ডত নিৰ্বাসন জীৱন কটাবলৈ বাধ্য হ৯ৈছিল । প্ৰকৃতঅৰ্থত অষ্ট্ৰিয়া, ফ্ৰেন্সআৰু ইংলেণ্ডৰ দৰে এখন ৰাষ্ট্ৰ নাছিল । পশ্চিম ইউৰোপৰ অষ্ট্ৰিয়া ডাচী এটি সৰু ভৌগোলিক অঞ্বূচলে প্ৰায় ৩ কোটি ভিন্ন জনগোষ্ঠী বাস কৰা এক বিশাল অঞ্ূচল শাসন কৰিছিল । এই অষ্ট্ৰিয়াৰ ৰজা প্ৰথম ফ্ৰেন্সিছৰ ৰাজত্বকালত মেটাৰনিকে প্ৰথমতে বিভিন্ন ৰাষ্ট্ৰত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । বৈদেশীক মন্ত্ৰী হিচাপে তেওঁ প্ৰথমে নেপোলিয়ন নেতৃত্বাধীন প্ৰথম ফ্ৰেন্স সাম্ৰাজ্যৰ লগত সু-সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল যদিও শীঘ্ৰে নেপোলিয়ন বিৰোধী ষষ্ঠ মিত্ৰসংঘত যোগ দি ফ্ৰেন্সৰ পতন এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । ১৭৭৩ চনৰ ১৫ মেত জাৰ্মানীৰ এক অভিজাত পৰিয়ালত জন্মগ্ৰহণ কৰা মেটাৰনিকে অষ্ট্ৰিয়াৰ এখন বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল । ফ্ৰেন্স বিপ্লৱ সংঘটিত হোৱা সময়ত তেওঁ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল । বিপ্লৱৰ সময়ত  ফ্ৰেন্সৰ পৰা পলাই অভিজাতসকলৰ মুখত ফ্ৰেন্স বিপ্লৱ আৰু বিপ্লৱীসকলৰ দ্বাৰা হোৱা ধ্বংস আৰু অঘটনৰ কাহিনী শুনি তেওঁ বিপ্লৱক ঘিণ কৰিবলৈ লয় আৰু সকলোধৰণৰ বিপ্লৱৰ ঘোৰ বিৰোধিতা কৰিব আৰম্ভ কৰে । অষ্ট্ৰিয়াৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো তেোঁৰ এই স্থিতি অব্যাহত থাকে । তেওঁ বিপ্লৱ শব্দটোকে ঘৃণা কৰিছিল । তেওঁ কৈছিল যে বিপ্লৱ হল এক ৰোগ, ইয়াৰ ব্যৱস্থাৰ প্ৰয়োজন আছে । ই হল এক জ্বালামুখী, ইয়াৰ নিৰ্বাপিত কৰা দৰকাৰ, একপ্ৰকাৰ গোলাপ যাক লোহাৰ গৰম শিখাত জ্বলাই দিব লাগে, এক বহু ফনাযুক্ত সাপ, যিয়ে সামাজিক ব্যৱস্থাক আতৰাই পেলাবলৈ ফনা মেলি বহি আছে । 

৩। লুই ফিলিপ্পিৰ ব্যক্তিত্ব  

Personality of Louis Philipple

উত্তৰঃ  জুলাই বিপ্লৱৰ পিছত ১৮৩০ চনত লুই ফিলিপিয়ে জনসাধাৰণৰ ইচ্চানুসৰি ফ্ৰেন্সৰ ৰাজ সিংহাসন আৰোহণ কৰিছিল । সেই সময়ত তেওঁৰ বয়স হৈছিল ৫৭ বছৰ । ১৭৮৯ চনৰ বিপ্লৱৰ সময়ছোৱাত তেওঁৰ বয়স হৈছিল ১৬ বছৰ । কিন্তু তেওঁ ফ্ৰেন্স বিপ্লৱত অংশগ্ৰহণ কৰা নাছিল । পিছত অৱশ্যে জেকোবিন দলৰ সদস্য হৈছিল । ১৭৯৩ চনত তেওঁক দেশদ্ৰোহী সজাই শাস্তি দিব পাৰে বুলি আশংকা কৰি ফ্ৰেন্স ত্যাগ কৰে আৰু ২১ বছৰ নিৰ্বাসনত কটায় । এই সময়ছোৱাত তেওঁ ছুইজাৰলেণ্ড, দক্ষিণ ইউৰোপ, চিচিলি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰে আৰু ব্ৰিটিছ চৰকাৰে আগবঢ়োৱা এটি পেঞ্চনৰ ওপৰত নিৰ্ভৰ  কৰি বাকী সময়খিনি ইংলেণ্ডত অতিবাহিত কৰে । নেপোলিয়নৰ পতনৰ পিছত আৰু অষ্টাদশ লুইৰ শাসনকালত তেওঁ ফ্ৰেন্সলৈ ঘুৰি আহে আৰু পৈতৃক সম্পত্তিৰ অধিকাংশ ঘুৰাই পোৱাত সফল হয়  । নিজৰ উদাৰবাদী চিন্তাধাৰাৰ বাবে ফ্ৰেন্সৰ জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল আৰু দশম চালৰ্চৰ পলায়নৰ  পিছত ফ্ৰেন্সৰ জনসাধাৰণে তেওঁকে দেশৰ ৰজাৰূপে নিৰ্বাচিত কৰে । 

লুই ফিলিপিয়ে এক উদাৰবাদী মনোভাবেৰে ফ্ৰেন্সৰ শাসনভাৰ নিজৰ হাতত লৈছিল যদিও তেওঁ গ্ৰহণ কৰা মধ্যমপন্থী নীতি, গৃহনীতি তথা বৈদেশিক নীতিৰ ব্যৰ্থতাৰ পিছত দেশত ক্ৰমে  লুই ফিলিপিবিৰোধী ৰাজনৈতিক আৰু সামাজিক পৰিৱেশৰ উদয় হয় । ইয়াৰে চূড়ান্ত পৰিণতিত লুই ফিলিপিৰ ১৮ বছৰীয়া শাসনকালৰ অন্তিম সময়ছোৱাত ফ্ৰেন্সত ১৮৪৮ চনৰ ফেব্ৰুৱাৰী মাহত পুনৰ এক ৰাজতন্ত্ৰবিৰোধী বিপ্লৱ সংঘটিত হয় । 

8। পবিত্র সংঘ  

Holy Alliance 

উত্তৰঃ  আন্তঃৰাষ্ট্ৰীয় সহযোগৰ প্ৰচেষ্টাৰ ফলত ৰাছিয়াৰ জাৰ প্ৰথম আলেকজেণ্ডাৰৰ প্ৰস্তাৱিত পৱিত্ৰ সংঘৰ জৰিয়তে বাস্তৱ ৰূপ লৈছিল । নেপোলিয়নক পৰাস্ত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱা তথা ভিয়েনা কংগ্ৰেছত সক্ৰিয় ভূমিকা লোৱা ৰাছিয়াৰ ৰহস্যময়ী চৰিত্ৰৰ ভাৱপ্ৰৱণ জাৰ প্ৰথম আলেকজেণ্ডাৰৰ গুৰুত্ব আৰু সন্মান যথেষ্ট বৃদ্ধি পাইছিল । কল্পনা জগতত বিচৰণ কৰি ফুৰা এই জাৰগৰাকীয়ে আৱিস্কাৰ কৰিছিল যে ফ্ৰেন্স বিপ্লৱ আছিল খ্ৰীষ্টান ধৰ্মৰ বিৰুদ্ধে কৰা এক অন্যায় । এজন পৰম ধাৰ্মিক ব্যক্তি হিচাপে তেওঁ বিচাৰিছিল ধৰ্মবিৰোধী বিদ্ৰোহৰ আদৰ্শৰ প্ৰচাৰ বন্ধ কৰিব বাবে িউৰোপৰ খ্ৰীষ্টান শাসকসকলে এটা সংঘ গঠন কৰি খ্ৰীষ্টান ধৰ্মৰ পৱিত্ৰ সিদ্ধান্তৰ ভিতৰত শাসক আৰু শাসিতৰ মাজত সদ্ভাৱ বৰ্তাই ৰাখিব লাগে যাতে কতো বিদ্ৰোহ-অশান্তি নহয় । জাৰৰ উদ্দেশ্য আছিল এক ধাৰ্মিক ভাতৃত্ববোধৰ জন্ম দিয়া । ১৮১৫ চনৰ ২৬ ছেপ্তেম্বৰত জাৰে তেওঁৰ পৱিত্ৰ সংঘৰ বিষয়ে ঘোষণা কৰে । তেওঁৰ মতে ইউৰোপৰ ৰজাসকল যিহেতু এজন ভগৱানৰে সন্তান, তেোঁলোক পৰস্পৰে এজনে আনজনৰ ভাতৃ হয় আৰু প্ৰজাসকল তেওঁলোকৰ সন্তানৰ দৰে । গতিকে সকলো ৰজাই তেওঁলোকৰ প্ৰজাক বাইবেলত উল্লেখ কৰাধৰণে শাসন কৰিব লাগে আৰু ৰজা যিহেতু ভগৱান বা ইশ্বৰসদৃশ, সেয়েহে ৰজাই প্ৰদান কৰা শাস্তি প্ৰজাসকলে ইশ্বৰে দিয়া বুলি গণ্য কৰিব লাগে । এইদৰে এনে আদৰ্শত অনুপ্ৰাণিত হৈ ইউৰোপৰ সকলো ৰজাই বাইবেলত উল্লেখ কৰা ভাতৃত্বৰ ভাৱেৰে দেশ শাসন কৰা তথা ধৰ্ম ন্যায়, আৰু শান্তি ৰক্ষা কৰাৰ এক প্ৰস্তাৱৰ ঘোষণা কৰা হয় আৰু ইয়াক পৱিত্ৰ সংঘ নাম দিয়া হয় । ইয়াত ইউৰোপৰ সকলো ৰজাক স্বাক্ষৰ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয় । ৰাছিয়া, প্ৰাচা আৰু অষ্ট্ৰিয়াই  েই চুক্তিত লগে লগে স্বাক্ষৰ কৰিলে । কাৰণ তেওঁলোকে বুজিছিল ইয়াৰ ফলত কোনো লাভ-লোকচান নহয় কিন্তু ব্ৰিটেইনে বৈধানিক সমস্যাৰ অজুহাত দেখুৱাই েই চুক্তিত স্বাক্ষৰ কৰাৰ পৰা বিৰত থাকে । 

৫। চতুঃৰাষ্ট্ৰীয় মিত্ৰসংঘ  

Quardruple Alliance

উত্তৰঃ   পৱিত্ৰ সংঘৰ বিফলতাৰ পিছত মেটাৰনিকৰ প্ৰস্তাৱক্ৰমে দ্বিতীয়টো চতুঃৰাষ্ট্ৰীয় সংঘ বা মিত্ৰ মণ্ডল গঠন কৰা হয় । ১৮১৫ চনৰ ২০ নৱেম্বৰত ৰাছিয়া, প্ৰাচা, অষ্ট্ৰিয়া আৰু ইংলেণ্ডে নিজৰ মাজত এই সন্ধি কৰাৰ ফলত এই সংগঠনটোৱে আত্মপ্ৰকাশ কৰে । ইয়াৰ উদ্দেশ্য আছিল ফ্ৰেন্সৰ লগত  সম্পাদিত হোৱা চুক্তিসমূহ কাৰ্যকৰী কৰাত চকু ৰখা, ইউৰোপত ৰাজনৈতিক স্থিৰতা অব্যাহত ৰখা আৰু বিশ্বকল্যাণৰ বাবে ইউৰোপৰ এই চাৰি প্ৰধান শক্তিয়ে নিজৰ মাজত বন্ধুত্ব অব্যাহত ৰখা । স্বাক্ষৰকাৰী দেশকেইখনে আৰু সিদ্ধান্ত লৈছিল যে তেওঁলোকে সময়ে সময়ে সন্মিলন বা কংগ্ৰেছ অনুষ্ঠিত কৰিব আৰু এই সময়ছোৱাত ইউৰোপত শান্তি আৰু সমৃদ্ধি হব পৰা পৰিস্থিতি উদয় হয় , তেতিয়া তেওঁলোকে যৌথভাৱে এই সমস্যা সমাধানৰ পথ সুগম কৰিব । এইদৰে ইউৰোপত সন্মিলন বা কংগ্ৰেছত আন্তঃৰাষ্ট্ৰীয় সহযোগৰ জৰিয়তে সমস্যা সমাধানৰ নতুন ব্যৱস্থাৰ উদয় হল । এইদৰে এই ৰাষ্ট্ৰকেইখনে সময়ে সময়ে ইউৰোপীয় সমস্যা সমাধানৰ বাবে সন্মিলন আহ্বান কৰাৰ সিদ্ধান্ত লয় । এই সন্মিলনকে ইউৰোপীয় সংহতি বা ব্যৱস্থা আৰু কংগ্ৰেছ প্ৰণালী নামে জনা যায় । েই মৈত্ৰী সংঘৰ উদ্দেশ্য ইয়াৰ মন্তব্য বিপ্লৱী বিচাৰধাৰা যাতে ফ্ৰেন্সত পুনৰ নপৰে আৰু তাৰ ফলত অন্য ৰাজ্যত কোনো ভয় ভাবৰ সৃষ্টি নহয় প্ৰকাশ পাইছে । আন অৰ্থত ভিয়েনা কংগ্ৰেছত বিপ্লৱী ফ্ৰেন্সক অৱদমিত কৰি ৰখাৰ সকলো ব্যৱস্থা হাতত লৈছিল । কিন্তু তথাপিও শক্তিসমূহৰ আশংকা আঁতৰ হোৱা নাছিল । জানোচা ফ্ৰেন্সত পুনৰ বিপ্লৱ গা কৰি উঠে আৰু তাৰ প্ৰভাৱ তেওঁলোকৰ দেশসমূহতো জনসাধাৰণে প্ৰতিক্ৰিয়াশীল শাসনৰ বিপ্লৱৰ বিৰুদ্ধে বিদ্ৰোহ কৰে । কিন্তু বাস্তৱত সেয়াই হৈছিল,১৮৪৮ চনৰ ফ্ৰেন্সত হোৱা ফেব্ৰুৱাৰী বিদ্ৰোহৰ প্ৰতিক্ৰিয়াস্বৰূপ অষ্ট্ৰিয়াত হোৱাত ভয়ংকৰ বিদ্ৰোহৰ পৰিগণিত প্ৰতিক্ৰিয়াশীল শাসনৰ মূল চালিকাশক্তি প্ৰধানমন্ত্ৰী মেটাৰনিকে নিজ দেশৰ পৰা কোনোমতে প্ৰাণ লৈ ইংলেণ্ডত ভগনীয়া হৈ আশ্ৰয় লবলগীয়া হৈছিল । যি কি নহওক, চতুঃৰাষ্ট্ৰীয় মিত্ৰ সংঘৰ প্ৰথমখন অধিবেশন এক্স-লা চেপেলত ১৮১৮ চনত অনুষ্ঠিত হয় । ইয়াত চাৰি শক্তিৰ লগত ফ্ৰেন্সে আলোচনাত অংশ লয় । ইয়াত ফ্ৰেন্সে নিৰ্ধাৰিত ক্ষতিপূৰণ আদায় দিয়াত বিজয়ী শক্তিকেইটায়ে ফ্ৰেন্সৰ দখল কৰি থকা ভূমিৰ পৰা নিজৰ সৈন্যবাহিনী প্ৰত্যাহাৰ কৰে । ১৮২০ চনত চতুঃৰাষ্ট্ৰীয় মিত্ৰসংঘৰ দ্বিতীয়খন অধিবেশন ট্ৰপো কংগ্ৰেছ অষ্ট্ৰিয়াৰ ছাইবেৰিয়াত অনুষ্ঠিত হয় । এই সময়ছোৱাত সংঘ মেটাৰনিকৰ নেতৃত্বত সম্পূৰ্ণ প্ৰতিক্ৰিয়াশীল হৈ উঠিছিল । 

ৰচনাধৰ্মী প্রশ্ন (Essay Type Questions ) : 

১। নেপোলিয়নৰ পতন আৰু ভিয়েনা কংগ্ৰেছত মুখ্য ভূমিকা লোৱা  সমসাময়িক ইউৰোপৰ প্ৰধান ৰাজনেতাসকলৰ ব্যক্তিত্ব আৰু দৃষ্টিভংগীৰ  ওপৰত এক আলোচনা আগবঢ়োৱা।  

Explain the personality and standpoint of the political leaders of contemporary Europe who played chief roles in the downfall of Napoleon and the Vienna Congress.

উত্তৰঃ

২। ১৮১৫-৫০ চনৰ ফ্ৰেন্সত বিকাশ হোৱা ‘বৌদ্ধিক ধাৰা’ ওপৰত এক আলোকপাত কৰা।  

Write an assessment on the intellectual current which developed in between 1815-50. 

উত্তৰঃ  

৩৷ ১৮১৫-৫০ চনত ফ্ৰেন্সত বিকাশ হোৱা “ৰাজনৈতিক ধাৰা”ৰ ওপৰত এক বিৱৰণ দিয়া।  

Write an account on the political current which was developed in between 1815-50.

উত্তৰঃ  

৪। ইউৰোপী সংহতি’ কি? ইয়াৰ অধিৱেশনকেইখনৰ চমু বিৱৰণ দিয়া।  

What is the 'Concert of Europe' Give a brief description of its conferences. 

উত্তৰঃ 

৫৷ ১৮৩০ চনৰ জুলাই বিপ্লৱৰ কাৰণ আৰু ফলাফলসমূহ আলোচনা কৰা। 

Discuss the causes and results of the July revolution, 1830.

উত্তৰঃ ফ্ৰেন্সত সংঘটিত হোৱা ১৮৩০ চনৰ  বিপ্লৱ, যি জুলাই বিপ্লৱ হিচাপে খ্যাতি লাভ কৰিছিল । ই অকল ফ্ৰেন্স দেশতে নহয়, সমগ্ৰ ইউৰোপতে যথেষ্ট প্ৰভাৱ পেলাইছিল । তলত ১৮৩০ চনত সংঘটিত হোৱা জুলাই বিপ্লৱৰ প্ৰধান কাৰণসমূত উল্লেখ কৰা হল 

ক) ৰজা দশম চালৰ্চৰ প্ৰতিক্ৰিয়াশীল নীতি ঃ ৰজা দশম চালৰ্চ এজন প্ৰতিক্ৰিয়াশীল বা প্ৰগতিবিৰোধী, ৰক্ষণশীল তথা সকলোধৰণৰ ৰাজনৈতিক আৰু সামাজিক সংস্কাৰৰ বিৰোধী আছিল । ইতিহাসবিদ লিপছনৰ মতে আৰ্টোইছে ৰজা দশম চালৰ্চ নাম লৈ সিংহাসনত উঠাৰ পিছত স্বাভাৱিকতে প্ৰতিক্ৰিয়াশীল আন্দোলনে যথেষ্ট শক্তি লাভ কৰিছিল । নতুন ৰজাক ৰাজতন্ত্ৰ পুনঃসংস্থাপনৰ সময়ৰে পৰা উগ্ৰ ৰাজতন্ত্ৰীসকলে নিজৰ নেতা বুলি মানি লৈছিল বা মানি চলিছিল । যিসময়ত ফ্ৰেন্সত বিপ্লৱ হৈছিল ,তেওঁ দেশ এৰি বিদেশলৈ পলাই গৈছিল আৰু ইউৰোপৰ দেশসমূহক ফ্ৰেন্স বিপ্লৱৰ বিৰুদ্ধে বিভিন্ন কথা লগাই উত্তেজিত কৰিবলৈ চেষ্টা কৰিছিল । তেওঁৰ ইশ্বৰপ্ৰদত্ত ক্ষমতাত পূৰ্ণ বিশ্বাস আছিল আৰু কৈছিল যে ইংলেণ্ডৰ ৰজাৰ দৰে সাংবিধানিকভাৱে দেশ শাসন কৰাতকৈ তেওঁ ছোৱালীৰ লগত কথাৰ মহলা মাৰি অধিক ভাল পায় । তেওঁ ফ্ৰেন্সত পুনৰ পুৰণি ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ বিচাৰিছিল । সিংহাসনত আৰোহণৰ সময়ত তেওঁৰ বয়স হৈছিল ৬০ বছৰ আৰু এই বয়সত জন্মৰে পৰা বিশ্বাস কৰি অহা সিদ্ধান্তসমূহ পৰিহাৰ কৰিব পাৰিব বুলি আশা কৰাতো সমূলি অমূলক আছিল । 

খ) গিৰ্জাক আগস্থান প্ৰদানঃ দশম চাৰ্লছে গিৰ্জাক শক্তিশালী ৰূপত দেখিবলৈ বিচাৰিছিল । তেোঁৰ সপোন আছিল ফ্ৰেন্সৰ গিৰ্জা আৰু ৰাজ্য পুনৰ এক হৈ উঠক । ১৭৮৯ চনৰ বিপ্লৱৰ ফলত গিৰ্জাৰ পৰা শিক্ষা প্ৰদান কৰাৰ ক্ষমতা কাঢ়ি লোৱা হৈছিল । কিন্তু চাৰ্লচে গিৰ্জাক সেই ক্ষমতা পুনৰ ঘুৰাই দিয়ে । ফ্ৰেন্স বিশ্ববিদ্যালয়সমূহৰ শীৰ্ষ উপাচাৰ্য পদত ৰোমান কেথলিক পাদুৰীক নিযুক্তি দিছিল আৰু লাহে লাহে বিশ্ববিদ্যালয়ৰ পৰা কেথলিক ধৰ্মবিৰোধী অধ্যাপকসকলক বহিস্কাৰ কৰিবলৈ আৰম্ভ কৰে । আনকি তেওঁ নিজৰ পুত্ৰকো গোড়া কেথলিক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছিল । তেওঁ সকলো ধাৰ্মিক আৰু ৰাজকীয় ৰূপ দিবলৈ সন্মত হৈছিল আৰু সাহাৰ্য্য দিছিল । তাৰোপৰি তেওঁ নিজেও মাজে মাজে জুইৰ শিখাৰ মচাৰ বা জোৰলৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল । ৱেলিংটনে লিখিছে, চাৰ্লছৰ বাবে ৰাজনৈতিক অনুভৱ বুলি কোনো বিষয় নাছিল । দ্বিতীয় জেমছৰ উদাহৰণ তেওঁৰ চকুৰ আগতেই আছিল । তথাপিও পাদুৰীৰ বাবে, পাদুৰীৰ দ্বাৰা, পাদুৰীক লৈ দেশ শাসন কৰিব বিচাৰিছিল । 

গ) বিপ্লৱৰ সিদ্ধান্তক অৱহেলা ঃ  চাৰ্লছ ফ্ৰেন্স বিপ্লৱ প্ৰসূত সিদ্ধান্ত আৰু অধিকাৰসমূহৰ ঘোৰ বিৰোধী আছিল । আৰম্ভণিতে তেওঁ ৰাণী মেৰী এন্টনিয়েটৰ সৈতে লগ লাগি বিপ্লৱ দমন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু ইয়াত সফল নহৈ তেওঁ বিদেশলৈ পলাই গৈছিল । তাৰ পৰাই তেওঁ নিৰন্তৰ ফ্ৰেন্স বিপ্লৱৰ বিৰোধিতা কৰি আহিছিল । ঘটনাক্ৰমে তেওঁ ফ্ৰেন্সৰ সিংহাসন লাভ কৰাৰ ফলত এছিয়া ফ্ৰেন্স বিপ্লৱপ্ৰসূত সিদ্ধান্ত আৰু অধিকাৰসমূহৰ মুকলি বিৰোধিতা কৰিবলৈ ললে ।

ঘ) ৰাষ্ট্ৰীয় ধনৰ অপব্যৱহাৰঃ  সিংহাসনত বহাৰ পিছৰে পৰা ৰজা দশম চাৰ্লছে ফ্ৰেন্সৰ অভিজাত আৰু পাদুৰী শ্ৰেণীৰ দুখ-কষ্টৰ প্ৰতি বিশেষকৈ বিপ্লৱৰ সময়ছোৱাত যিসকলৰ ভূ-সম্পত্তি বাজেয়াপ্ত হৈছিল তেওঁলোকৰ প্ৰতি বিশেষ অনুকম্পা দেখুৱাইছিল । ইতিমধ্যে পূৰ্বৰ ৰজাৰ অষ্টাদশ লুইৰ শাসনকালত এক ৰাজাজ্ঞাৰ দ্বাৰা এনেদৰে বাজেয়াপ্ত হোৱা ভূ-সম্পত্তিৰ ওপৰত বিপ্লৱৰ কালত বিলাই দিয়া লোকৰ মালিকীস্বত্ব মানি লোৱা হৈছিল । সেয়েহে চাৰ্লছে এইদৰে সা-সম্পত্তি হেৰুওৱা অভিজাত আৰু পাদুৰীসকলক ফ্ৰেন্সৰ ৰাজকোষৰ পৰা ক্ষতিপূৰণৰ প্ৰদান কৰাৰ সিদ্ধান্ত লয় আৰু দুই কোটি আশী লাখ ফ্ৰাংক ক্ষতিপূৰণ আদায় দিয়ে । এই বিপুল ধনৰাশি আদায় দিয়াৰ পাছত ফ্ৰেন্সৰ ৰাজকোষ নিশকটীয়া হৈ পৰিছিল আৰু এই ক্ষতিপূৰণ কৰিবৰ বাবে ৰাজতন্ত্ৰই বেংক আদিত জমা থকা ধনৰ পূৰ্বৰ ৫ শতাংশ সুদৰ পৰিৱৰ্তে ৩ শতাংশ দিয়াৰ নতুন নিয়ম প্ৰৱৰ্তন কৰিলে । 

১৮৩০ চনৰ জুলাই বিপ্লৱৰ ফলাফল ঃ পেৰিচৰ উন্মত্ত জনতাই ফৰাচী বিপ্লৱৰ এক অন্যতম গুৰি ধৰোতা তথা বিপ্লৱী নেতা লেফায়তৰ নেতৃত্বত সম্ৰাটৰ বিৰুদ্ধে বিপ্লৱ আৰম্ভ কৰে । ৰয়েলিষ্টসকলে ৰজাক সমৰ্থন কৰি এই বিপ্লৱ দমনৰ বহু চেষ্টা কৰিও ব্যৰ্থ হয় ।  তিনিদিন ধৰি বিপ্লৱীসকলে ৰাজকীয় সৈন্যৰ লগত পেৰিচৰ বাটে-ঘাটে যুদ্ধ অব্যাহত ৰাখে । অৱশেষত বেছিভাগ সৈনিকেই জনতাৰ পক্ষহে লয় । বিপ্লৱীসকলে অতি কম সময়ৰ ভিতৰতে ৰাজপ্ৰসাদ অধিকাৰ কৰে । সম্ৰাট দশম চাৰ্লছে বিপ্লৱীসৰলৰ লগত মিত্ৰতা কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হোৱাৰ পাছত ফ্ৰেন্স এৰি পলায়ন কৰে । সম্ৰাট দশম চাৰ্লচৰ পলায়নৰ পাছত বিপ্লৱীসকলে অৰ্লিয়েন্স বংশৰ ৰাজকুমাৰ লুই ফিলিপিক ফ্ৰান্সৰ ৰাজসিংহাসনত বহুৱায় । ইয়াৰ আগলৈকে ফ্ৰান্সৰ গণতান্ত্ৰিক দলৰ সদস্যসকলে ফ্ৰান্সত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল । কাৰণ, সেইসময়ত ইউৰোপৰ  ৰাজনৈতিক বাতাবৰণে ফ্ৰান্সৰ গণতন্ত্ৰক দীৰ্ঘস্থায়ী হবলৈ নিদিলেহেতেন । এনেদৰেই দশম চাৰ্লছৰ পলায়ন আৰু লুই ফিলিপিৰ সিংহাসনত আৰোহণৰ লগে লগেই ১৮৩০ চনৰ বিপ্লৱৰ অন্ত পৰে । 

১৮৩০ চনৰ বিপ্লৱৰ প্ৰধান ফলাফলসমূহ আছিল 

১। ফৰাচী বিপ্লৱ আৰু ১৮৩০ চনৰ বিপ্লৱৰদ্বাৰা অনুপ্ৰাণিত হৈ পৰৱৰ্তী পৰ্যায়ত ইটালী আৰু জাৰ্মানীতো কিছুমান সৰু-সুৰা বিপ্লৱ সংঘটিত হৈছিল । 

২। ফ্ৰান্সৰ বুৰবন বংশৰ শাসনৰ অন্ত পৰিছিল ।

৩। ফ্ৰান্সত অৰ্লিয়েনিষ্ট  বংশৰ শাসন আৰম্ভ হৈছিল ।

৪। লুই ফিলিপিৰ অৰ্লিয়েনিষ্ট শাসনৰ লগে লগে ফ্ৰান্সৰ প্ৰশাসনত গণতান্ত্ৰিক ভাবধাৰাৰ প্ৰৱেশ ঘটিছিল ।

৫। ফ্ৰান্সৰ জনসাধাৰণ অত্যাচাৰী শাসকৰ শাসনৰ পৰা মুক্ত হৈছিল ।

৬। ধৰ্মৰ ক্ষেত্ৰত সকলো লোকে সমান হিচাপে গণ্য হৈছিল । 

এনেদৰেই ১৮৩০ চনৰ জুলাই বিপ্লৱৰ এক সফল সমাপ্তি হৈছিল । ১৭৮৯ চনৰ ফৰাচী বিপ্লৱৰ আধৰুৱা ফলসমূহৰ এই বিপ্লৱতে কিছু পৰিমাণে হলেও সম্পূৰ্ণ কৰিছিল । 

৬। ১৮৪৮ চনৰ ফেব্ৰুৱাৰী বিপ্লৱৰ কাৰণসমূহ উল্লেখ কৰা। Discuss the causes of the February Revolution, 1848.

উত্তৰঃ  ১৮৪৮ চনৰ ফেব্ৰুৱাৰী বিপ্লৱৰ কাৰণসমূহ হল 

১। মধ্যবিত্ত শ্ৰেণীৰ আধিপত্য ।

২। লুই ফিলিপিৰ পতন ।

গ) ৰাজনৈতিক দলসমূহৰ সংগঠনৰ অভাৱ ।

৪। সমাজবাদৰ বিকাশ ইত্যাদি । 

১। মধ্যবিত্ত শ্ৰেণীৰ আধিপত্য ঃ ১৮৩০ চনৰ বিপ্লৱৰ পাছত লুই ফিলিপিক ফ্ৰান্সৰ শাসনত বহুৱাই যি শাসন প্ৰণালী প্ৰতিষ্ঠা কৰা হৈছিল, সেই শাসনত পূৰ্বৰ ৰাজতান্ত্ৰিক স্বেচ্ছাচাৰিতাৰ সলনি গণতান্ত্ৰিক মতাদৰ্শৰে পূৰ্ণ এক ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাহে পৰিলক্ষিত হৈছিল । েই শাসনত মধ্যবিত্ত শ্ৰেণীটোৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছিল । ১৮৩০ চনৰ বিপ্লৱৰ পাছত সকলো ৰাজনৈতিক দলৰ সন্মতিক্ৰমে লুই ফিলিপিক ৰাজপাটত বহুওৱা হৈছিল । স্বাভাৱিকতে এইজন সম্ৰাটে প্ৰতিটো ৰাজনৈতিক দলৰ স্বাৰ্থৰ প্ৰতি সচেতন হবলগীয়া হৈছিল ।  ইফালে ফ্ৰান্সৰ ভোটাধিকাৰৰ ক্ষেত্ৰত কেৱল ধনী মধ্যবিত্ত শ্ৰেণীয়েহে ভোট দিয়াৰ অধিকাৰ থকাত চেম্বাৰ অব ডেপুটিজ এই মধ্যবিত্তসকলৰ দখলত আছিল । কিন্তু মধ্যবিত্তসকলৰ এই প্ৰতিপত্তিৰ সলনি গণতান্ত্ৰিকসকলে আৰু প্ৰজাতান্ত্ৰিকসকলে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবেহে শাসন পৰিচালিত হোৱাটো বিচাৰিছিল ।

২। লুই ফিলিপিৰ পতনঃ লুই ফিলিপিৰ শাসনে ফ্ৰান্সৰ জনসাধাৰণক অতীষ্ঠ কৰি তুলিছিল । অতি কম সময়ৰ ভিতৰতে েইজন সম্ৰাট মধ্যবিত্তসকলৰ অধীন হৈ পৰিছিল । নিজৰ গাদী ৰক্ষাৰ বাবে এইজন শাসকে সকলোবোৰ ৰাজনৈতিক দলক সন্তুষ্ট কৰিবলৈ যাওতে বাস্তৱ ক্ষেত্ৰত ফ্ৰান্সত এক ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি হৈছিল । তেওঁৰ শাসনৰ ক্ষেত্ৰত দেখা দিয়া অৰাজকতাৰ বাবে উদাৰপন্থী আৰু গণতন্ত্ৰবাদীসকলে বিপ্লৱ আৰম্ভ কৰিছিল । 

৩। ৰাজনৈতিক দলসমূহৰ সংগঠনৰ অভাৱঃ ফৰাচী বিপ্লৱৰ পাছত ফ্ৰেন্সত কেইবাটাও ৰাজনৈতিক দলৰ প্ৰভাৱ বৃদ্ধি পাইছিল । কিন্তু এইদলসমূহৰ সংগঠিত দিশটো বিশেষ শক্তিশালী হোৱা যেন দেখা পাইছিল । তদুপৰি এই দলসমূহৰ মাজত কোনোধৰণৰ একতা বা মিত্ৰতাৰ ভাব নাছিল । পৰিস্থিতি সাপেক্ষে তেওঁলোক সহমতত উপস্থিত হলেও সুবিধা পালে নিজ নিজ দলৰ কাৰ্যসিদ্ধিৰ বাবেহে অধিৰ হৈ উঠিছিল । আনহাতে, সম্ৰাট লুই ফিলিপিয়ে এই দলসমূহৰ স্বাৰ্থ পুৰণতহে অধিক গুৰুত্ব দিছিল । এনে পৰিস্থিতিত ফ্ৰান্সৰ সাধাৰণ জনসাধাৰণ তিক্ত হৈ উঠিছিল । সেয়েহে প্ৰচলিত শাসন ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰি তেওঁলোকে বিপ্লৱ কৰিছিল । 

৪। সমাজবাদৰ বিকাশ ঃ শিল্প বিপ্লৱৰ পাছৰ পৰাই ইউৰোপত সমাজবাদৰ বিকাশ ঘটিছিল । এই শিল্প বিপ্লৱৰ ফলত মানুহৰ সলনি মেচিনৰ সহায়ত খেতি-বাতি কৰিবলৈ লোৱাৰ পৰা বহুতো লোক কৰ্মহীন হৈ নিবনুৱা সমস্যাৰ সৃষ্টি হৈছিল । এই সাধাৰণ শ্ৰেণীৰ জীৱনযাত্ৰা প্ৰণালীৰ উন্নয়নৰ বাবেই সমাজবাদৰ বিকাশ ঘটিছিল । ফ্ৰান্সত সমাজবাদৰ নেতৃত্ব দিছিল লুইচ ব্লেংকে । ফ্ৰান্সত লুই ফিলিপিৰ শাসনকালত কেৱল উচ্চশ্ৰেণীৰ লোকসকলেহে অধিক সুবিধা পোৱা আৰু ৰাজনৈতিক দলসমূহৰ সুবিধাবাদী চৰিত্ৰৰ বাবে হোৱা প্ৰশাসনিক বিশৃংখলতা আঁতৰাই ফ্ৰান্সৰ গণতান্ত্ৰিক প্ৰশাসন প্ৰতিষ্ঠাৰ বাবে ১৮৪৮ চনৰ বিপ্লৱ সংঘটিত হৈছিল । 

Type: Krishna Bora 


    




Post ID : DABP005634