3.1 সূচনা (Introduction)ঃ

    তোমালোকে আগৰ অধ্যায়ত পঢ়ি আহিছা যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছৰ পৰাই মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থাত বজাৰভিত্তিক অৰ্থব্যৱস্থা আৰু পৰিকল্পিত অৰ্থব্যৱস্থা দুয়োটাৰে সুবিধাসমূহৰ সংমিশ্রণ ঘটোৱা হয় কোনো কোনো পণ্ডিতৰ মতেএই নীতিৰ ফলত কালক্ৰমত অৰ্থব্যৱস্থা নিয়ন্ত্ৰণ আৰু শৃংখলাবদ্ধ কৰাৰ বাবে বিভিন্ন নিয়ম আৰু আইন প্রতিষ্ঠিত হয়যাৰ ফলত বৃদ্ধি আৰু উন্নয়নৰ প্ৰক্ৰিয়া বাধাগ্রস্তহে হয় আন কিছুমানৰ মতেস্থবিৰ অৱস্থাৰ পৰা উন্নয়নৰ পথত খোজ দি ভাৰতে সঞ্চয় বৃদ্ধি কৰাবিভিন্ন বস্তু উৎপাদন কৰাভিন্ন ধর্মী ঔদ্যোগিক খণ্ড গঢ়া আৰু কৃষি উৎপাদন বৃদ্ধিৰ যোগেদি খাদ্য সুৰক্ষা নিশ্চিতকৰণত সাফল্য লাভ কৰিছে 1991 চনত ভাৰতবৰ্ষই বাহ্যিক ঋণৰ ক্ষেত্ৰত এক জটিল সমস্যাৰ সন্মুখীন হয় চৰকাৰে বিদেশৰ পৰা লোৱা ঋণ পৰিশোধ কৰাৰ বাবে অসমৰ্থ হৈ পৰে সাধাৰণতে চৰকাৰে বিদেশী বিনিময় ভাণ্ডাৰৰ জৰিয়তে পেট্ৰ' আৰু অন্য আৱশ্যকীয় সামগ্রী আমদানি কৰে বিদেশী বিনিময়ৰ ভাণ্ডাৰ কমি গৈ এনেকুৱা এটা অৱস্থাত আহিছিলযিটোৰে নেকি 14 দিন চলিব পৰাও সম্ভৱ নাছিল  বাঢ়ি অহা মূল্য বৃদ্ধিয়ে এই সমস্যাক আৰু অধিক জটিল কৰি তুলিছিল দেশৰ উন্নয়নৰ গতিধাৰা পৰিৱৰ্তনৰ বাবে চৰকাৰে নতুন অর্থনৈতিক নীতি প্ৰৱৰ্তন কৰে। এই অধ্যায়ত আমি সংকটৰ পটভূমিত, চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা আৰু অৰ্থব্যৱস্থাৰ বিভিন্ন খণ্ডত ইয়াৰ প্ৰভাৱ সম্পর্কে আলোচনা কৰিম৷


janmoni Hazarika