4.1 সূচনা (Introduction) : 

      আগৰ অধ্য়ায়সমূহত তোমালোকক বিগত চাৰে পাচঁ দশকত ভাৰতবৰ্ষই গ্ৰহণ কৰা অৰ্থনৈতিক নীতিসমূহৰ আভাস দিয়াৰ লগতে উন্নয়নৰ বিভিন্ন নিৰ্দেশকৰ আধাৰত এই নীতিসমূহৰ ফলাফল সম্পৰ্কেও আলোচনা কৰা হল। জনসাধাৰণৰ নিম্নতম প্ৰয়োজনসমূহ পূৰণ কৰা আৰু দৰিদ্ৰতা হ্ৰাস কৰাই স্বাধীন ভাৰতবৰ্ষৰ প্ৰধান উদ্দেশ্য় বুলি পৰিগণিত হৈছে। ক্ৰমাগত পঞ্চবাৰ্ষিক পৰিকল্পনা সমূহতগ্ৰহণকৰাউন্নয়নৰআৰ্হি (Pattern)তদেশৰদৰিদ্ৰতমজনসাধাৰণৰ (অন্তোদয়) উন্নয়নদুখীয়াসকলকল মূল সুঁতিত একীকৰণ আৰু সকলোৰে বাবে এক নিম্নতম জীৱন ধাৰণৰ মান নিশ্চিত কৰণত গুৰুত্ব প্ৰদান কৰা হৈছে।

   1947 চনত ভাৰতৰ সংবিধান সভাক সম্বোধি দিয়া ভাষণত প্রধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল, ‘আমাৰ এই সফলতা (স্বাধীনতা)

হৈছে মাত্র এক পদক্ষেপ সুযোগৰ আৰম্ভণিআমাৰ বাবে অপেক্ষাৰত এক মহান বিজয়োল্লাস আৰু সিদ্ধি লাভৰ সুযোগৰ আৰম্ভণি...  ই হৈছে দৰিদ্ৰতাঅজ্ঞতাৰোগ আৰু সুযোগৰ অসমতাৰ অৱসান'

    (“This achievement (Independence) is but a step, an

 opening of opportunity, to the great triumphs and

 achievements that awaits us..... the ending of poverty.

 and ignorance and disease and inequality of

 opportunity.")

    তথাপি আমি আমাৰ বৰ্তমান স্থিতি সম্পর্কে জনাৰ আৱশ্যকতা আছে বিশ্বৰ দৰিদ্ৰ লোকসকলৰ এক পঞ্চমাংশতকৈ ও অধিক কেৱল ভাৰতবৰ্ষতে আছে যদিও দৰিদ্ৰতা কেৱল মাত্ৰ ভাৰতবৰ্ষৰ বাবে ই প্ৰত্যাহ্বান নহয়বৰং সমগ্ৰ বিশ্বৰ বাবেই এক বিৰাট প্ৰত্যাহ্বান কিয়নো বিশ্বৰ  260 নিযুততকৈ অধিক লোক এতিয়াও তেওঁলোকৰ  প্রাথমিক প্ৰয়োজনখিনি পূৰণ কৰিবলৈ সক্ষম নহয়। দৰিদ্ৰতাৰ বিভিন্ন ৰূপ আছেই ঠাই আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে আৰু ইয়াক বহু ধৰণে ব্যাখ্যা কৰা হয়

    দৰিদ্ৰতা এনে এটা পৰিস্থিতি যাৰ পৰা মানুহে প্ৰায়েই পৰিত্ৰাণ বিচাৰে গতিকে দৰিদ্ৰতা হৈছে দুখীয়া আৰু চহকী উভয়ৰে প্ৰতিকাৰ্য গ্ৰহণৰ বাবে এক আহ্বান সম গ্ৰবিশ্বৰ পৰিৱৰ্তনৰ বাবে আহ্বান যাতে বৃহৎ সংখ্যক মানুহে পর্যাপ্ত খাদ্যবাসস্থানশিক্ষা আৰু স্বাস্থ্য সেৱাৰ সুবিধাত থাহিং স্ৰতাৰ বিৰুদ্ধে সুৰক্ষা লাভ কৰাৰ উপৰিও তেওঁলোকৰ সমাজত ঘটি থকা বিভিন্ন বিষয়ত মতামতৰ অধিকাৰ পাব পাৰে

    দৰিদ্ৰতা হ্ৰাস কৰাত কোনবোৰ কাৰকে সহায় কৰেকোনবোৰে নকৰে নাইবা সময়ত কোনবোৰ পৰিৱৰ্তিত হয় সেইবোৰৰ বিষয়ে জানিবলৈহলেদৰিদ্ৰতাৰ সংজ্ঞা আগবঢ়োৱাইয়াৰ পৰিমাপ আৰু অধ্যয়ন কৰা আৰু আনকি ইয়াৰ অভিজ্ঞতা আহরণ কৰাৰ প্ৰয়োজন আছে। দৰিদ্ৰতা এক বহু মাত্রিক সমস্যা গতিকে ইয়াক আয় আৰু ভোগৰ স্তৰ,  সামাজিক নির্দেশক সমূহ,  আশংকা -বিপদ আদিৰ প্রতি স্পর্শকাতৰতা তথা সামাজিকৰাজনৈতিক ক্ষেত্ৰত অংশ গ্ৰহণৰ সুযোগ ইত্যাদি । বিভিন্ন নিৰ্দেশকৰ জৰিয়তে লক্ষ্য কৰিব লাগিব 

Janmoni Hazarika