4.3 দুখীয়া লোকসকলক কেনেদৰে চিনাক্ত কৰা হয় (Hoe are the poor people indentified) :
ভাৰতবৰ্ষই দৰিদ্ৰতাৰ সমস্য়া সমাধান কৰিবলৈ হলে দৰিদ্ৰতাৰ প্ৰধান কাৰণসমূহ নিৰাময় কৰাৰ বাবে এক ৰূপায়ন সাধ্য় আৰু বহনক্ষম কৌশল উলিয়াব লাগিব আৰু দুখীয়াসকলৰ দুৰ্দশাগ্ৰস্ত পৰিস্থিতিৰ অৱসান ঘটাৰ সহায়ক হোৱাকৈ আঁচনি প্ৰস্তুত কৰিব লাগিব। অৱশ্য়ে এই আঁচনিবোৰৰ ফলপ্ৰসূ কাৰ্যকৰীণৰ বাবে চৰকাৰে প্ৰকৃত দৰিদ্ৰসকলক নিশ্চিতভাৱে চিনাক্ত কৰি উলিয়াব পাৰিব লাগিব। ইয়াৰ বাবে দৰিদ্ৰতাৰ মাত্ৰা জুখিবলৈ এক নিৰ্দিষ্ট পৰিমাপক প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে আৰু এনে পৰিমাপৰ বিচাৰমান সৃষ্টিকাৰী বিভিন্ন কাৰকসমূহ অতি সাৱধানতাৰে বাছি উলিয়াব লাগিব।
প্ৰাক্ স্বাধীনতাৰ কালছোৱাত ভাৰতবৰ্ষৰ দাৰিদ্ৰ্য়ৰ সীমাৰেখাৰ ধাৰণাটোৰ বিষয়ে দাদা ভাই নৌৰজীয়ে পোন প্ৰথমবাৰৰ বাবে আলোচনা কৰিছিল। ইয়াৰ বাবে তেখেতে কাৰাগাৰৰ এজন কাৰাবন্দীৰ খাদ্য় তালিকাত প্ৰচলিত যথোপযুক্ত দাম ব্য়ৱহাৰ কৰি জীৱন ধাৰণৰ ব্য়য় সম্পৰ্কীয় এক সিদ্ধান্তত উপনীত হৈছিল। তেখেতৰ এই সিদ্ধান্তক 'কাৰাগাৰৰ জীৱন ধাৰণৰ ব্য়য়' বুলি কোৱা হয়। অৱশ্য়ে, কাৰাগাৰত কেৱল প্ৰাপ্ত বয়স্ক লোকহে থাকে। আনহাতে বাস্তৱক্ষেত্ৰত সমাজত প্ৰাপ্ত বয়স্কসকলৰ লগতে শিশুও থাকে। দাৰিদ্ৰ্য় সীমাৰেখাত উপনীত হবলৈ তেখেতে এই জীৱন ধাৰণৰ ব্য়য়ৰ যথোপযুক্ত সমিলকৰণ ঘটাইছিল। এনে সমিলকৰণৰ অৰ্থে তেখেতে ধৰি লৈছিল যে দেশৰ মুঠ জনসংখ্য়াৰ এক তৃতীয়াংশ হৈছে শিশু আৰু ইয়াৰে আধা অংশই যথেষ্ট কম পৰিমাণে ভোগ কৰে। আনহাতে অন্য় আধা অংশই প্ৰাপ্তবয়স্ক লোকৰ খাদ্য়ৰ পৰিমাণৰ আধাহে ভোগ কৰে। এই ধৰণে তেখেতে তিনি চতুৰ্থাংশ উৎপাদকত উপনীত হৈছিল। অৰ্থাৎ---
1/6 (শূন্য়) + 1/6 (আধা) + 2/3 (সম্পূৰ্ণ) = 3/4 (সম্পূৰ্ণ) --এই তিনিওটা অংশৰ ভোগ ব্য়য়ৰ ভাৰযুক্ত গড়েই হৈছে গড় দাৰিদ্ৰ্য় সীমাৰেখা। এই গড় দাৰিদ্ৰ্য় সীমাৰেখা হৈছে প্ৰাপ্তবয়স্ক লোকৰ কাৰাগাৰ জীৱন ধাৰণৰ ব্য়য়ৰ তিনি চতুৰ্থাংশ।
স্বৰাজোত্তৰ ভাৰতবৰ্ষত দেশত থকা প্ৰকৃত দুখীয়া সংখ্য়াৰ নিৰূপণৰ বাবে এক শুদ্ধ ব্য়ৱস্থা নিৰ্ময় কৰিবলৈ সময়ে সময়ে বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। উদাহৰণস্বৰূপে 1962 চনত পৰিকল্পনা আয়োগে এটা অধ্য়য়ন গোট (Study Group) গঠন কৰিছিল। 1979 চনত ''Task Force on pro-jections of Minimum Need and Effective consumption Demand'' নামৰ আন এটা নিকায় গঠন কৰা হৈছ্ল। আকৌ 1989 চনতো সেই একেটা উদ্দেশ্য়ত েক ''বিশেষজ্ঞ গোট'' (Expert Group) গঠন কৰা হয়।
এইবোৰৰ উপৰিও বুজন সংখ্য়ক অৰ্থনীতিবিদে ব্য়ক্তিগতভাৱেও এনে ধৰণৰ ব্য়ৱস্থা উদ্ভাৱনৰ বাবে প্ৰচেষ্টা চলািছিল।
দৰিদ্ৰতাৰ এক গ্ৰহমীয় সংজ্ঞা নিৰ্ধাৰণ উদ্দেশ্য় দেশৰ জনসংখ্য়াক দুখীয়া আৰু অ-দুখীয়া এই দুটা ভাগত ভাগ কৰা হয় আৰু এই দুয়োটা ভাগক পৃথক কৰিছে দাৰিদ্ৰ্য় সীমাৰেখাই। অৱশ্য়ে দুখীয়াসকল কেবা প্ৰকাৰৰঃ পৰম ৰূপৰ দৰিদ্ৰ, অতি দৰিদ্ৰ আৰু দৰিদ্ৰ। ঠিক সেইদৰে অ-দুখীয়া শ্ৰেণীও কেবা প্ৰকাৰৰঃ মধ্য়বিত্ত শ্ৰেণী, উচ্চ মধ্য়বিত্ত, ধনী বা বিত্তশালী, অতি ধনী আৰু পৰম ৰূপৰ ধনী শ্ৰেণী ইত্য়াদি। পৰম ৰূপৰ দৰিদ্ৰৰ পৰা পৰম ৰূপৰ বিত্তশালী শ্ৰেণীলৈ অডাল ৰেখা বা এক ধাৰাবাহিক শৃংখল বুলি গণ্য় কৰিব পাৰি যাক দাৰিদ্ৰ্য় সীমাৰেখাই দুখীয়া আৰু অ-দুখীয়া এই দুই ভাগত বিভক্ত কৰিছে।
দৰিদ্ৰতাৰ শ্ৰেণীবিভাজন (Categorising Poverty) : দৰিদ্ৰতাৰ শ্ৰেণীবিভাজন বিভিন্ন ধৰণৰে কৰা হয়। এনে এক ধাৰণ অনুসৰি যিসকল চিৰাচৰিতভাৱে দুখীয়া (Always poor) আৰু যিসকল সচৰাচৰ দুখীয়া (usually poor) কিন্তু মাজে-সময়ে সামান্য় অধিক মুদ্ৰা অৰ্জন কৰে (যেনে--অনিয়মীয়া শ্ৰমিকসকল) --সেইসকলক একত্ৰিত কৰি দীৰ্ঘদিনীয়া দুখীয়া (chronic poor) নামে (শ্ৰেণীভুক্ত কৰা হয়। আকৌ ক্ষুদ্ৰ কৃষক আৰু ঋতুজনিত বনুৱা কেতিয়াবা দৰদ্ৰতাত পতিত হয় আৰু কেতিয়াবা ইয়াৰ পৰা মুক্ত হয়। এই শ্ৰেণীৰ দুখীয়াসকলক ঘূৰ্মায়মান দৰিদ্ৰ (Churning poor) বুলি কোৱা হয়। ইয়াৰ উপৰিও অন্য় একাংশ লোক আছে যিসকল অধিকাংশ সময় আৰ্থিকভাৱে স্বচ্ছল হৈ থাকে কিন্তু মাজে-সময়ে দুৰ্দশাত পৰে। সেইবাবে এই শ্ৰেণীৰ দুখীয়াসকলক উপলক্ষজনিত দৰিদ্ৰ্য় (occasionally poor) বোলা হয়। উপৰোক্ত দুয়োটা শ্ৰেণীৰ দুখীয়াক একেলগে সাময়িক দৰিদ্ৰ (Transient poor) বোলা হয়। এই বিভিন্ন প্ৰকাৰৰ দৰিদ্ৰৰৰ বিপৰীতে অন্য় একাংশ লোক আছে যিসকল কোনোদিনে কোনো কাৰণতে দুখীয়া নহয় আৰু সেই কাৰণে এইসকল অ-দুখীয়া বা ধনী। (সাৰনী নং 4.2)
দাৰিদ্ৰ সীমাৰেখা (Poverty Line) : এতিয়া দাৰিদ্ৰ সীমাৰেখা কেনেদৰে নিৰ্ধাৰণ কৰা হয় সেই বিষয়ে আলোচনা কৰোঁহক। দৰিদ্ৰতাৰ মাত্ৰা জুখিবলৈ কেবাটাও উপায় আছে। এইবোৰৰ ভিতৰত অন্য়তম হল নূন্য়তম প্ৰয়োজনীয় কে'লৰিৰ মুদ্ৰামূল্য় (জনমুৰি ব্য়য়) নিৰ্ধাৰণৰ জৰিয়তে পৰিমাপন। এই সন্দৰ্ভত নূন্য়তম প্ৰয়োজনীয় কে'লৰি গ্ৰামাঞ্চলৰ লোক এজনৰ বাবে 2400 আৰু চহৰৰ এজন লোকৰ বাবে 2100 বুলি নিৰ্ধাৰণ কৰা হয়। ইয়াৰ ভিত্তিতে 1999-2000 চনত গ্ৰামাঞ্চলৰ এজন ব্য়ক্তিৰ ভোগ ভোগ -ব্য়য় প্ৰতি মাহে 328.00 টকা াৰু চহৰাঞ্চলত এই ভোগ-ব্য়য় 454.00 টকাক দাৰিদ্ৰ সীমাৰেখা হিচাপে নিৰ্দিষ্ট কৰা হৈছিল।
দুখীয়াসকলক চিনাক্তকৰণৰ বাবে চৰকাৰীভাৱে আয়ৰ সমাৰ্থক হিচাপে মাহিলী জনমুৰি ব্য়য় (MPCE) ক ব্য়ৱহাৰ কৰা হয় যদিও এি ব্য়ৱস্থাই আমাৰ দেশৰ প্ৰকৃত দুখীয়াসকলক সন্তোষজনকভাৱে চিনাক্ত কৰি উলিয়াব পাৰে বুলি তুমি ভাবানে ?
পণ্ডিতসকলে ভাবে যে এই ব্য়ৱস্থাৰ প্ৰধান অসুবিধা এয়ে যে ইয়াৰ জৰিয়তে কৰা গণনাত সকলো দুখীয়া লোককে একে শ্ৰেণীভুক্ত কৰি গণনা কৰা হয়। অতিশয় দুখীয়া আৰু অন্য়ান্য় দুখীয়াৰ মাজত থকা পাৰ্থক্য় ইয়াত গণ্য় কৰা নহয়। এই পদ্ধতিত আয়ৰ পৰিমাণৰ সমাৰ্থক হিচাপে খাদ্য় সামগ্ৰী আৰু কিছু সংখ্য়ক অন্য়ান্য় নিৰ্বাচিত সামগ্ৰীৰ ওপৰত কৰা ভোগ ব্য়য়ৰ পৰিমাণক ব্য়ৱহাৰ কৰাটো যুক্তি সন্মত নহয় বুলি অৰ্থনীতিবিদসকলে মত পোষণ কৰিছে। চৰকাৰীভাৱে যত্ন লবলগীয়া দুখীয়া সকলক সামগ্ৰীকভাৱে চিনাক্তকৰণত এই ব্য়ৱস্থা সহায়ক হব যদিও দুখীয়া সকলৰ মাজৰ অধিক যত্নৰ প্ৰয়োজন থকা দৰিদ্ৰসকলক চিনাক্ত কৰাটো যথেষ্ট জটিল হব।
আয় আৰু পৰিসম্পদৰ পৰিমাণৰ উপৰিও অন্য়ান্য় বহুতো উপাদান দৰিদ্ৰতাৰ লগত জড়িত হৈ আছে। উদাহৰস্বৰূপে প্ৰাথমিক শিক্ষা, স্বাস্থ্য়সেৱাৰ সুবিধা, খোৱা পানী আৰু অনাময় ব্য়ৱস্থাৰ সুবিধা ইত্য়াদি। দাৰিদ্ৰ্য়ৰ সীমাৰেখা নিৰ্ধাৰণৰ পদ্ধতিটোত দাৰিদ্ৰ্য় দীৰ্ঘস্বায়ী কৰা নিৰক্ষৰতা, স্বাস্থ্য়হীনতা, সম্পদৰ প্ৰাপ্তহীনতা, বৈষম্য় বা সামাজিক আৰু ৰাজনৈতিক স্বাধীনতাৰ অভাৱ আদি সামাজিক কাৰসমূহৰ কথা বিবেচনা কৰা হোৱা নাই। এজন লোকে নিজে হব আৰু কৰিব বিচৰা ধৰণে পোৱাকৈ কাৰ্য আৰু সুযোগ লাভৰ সুবিধাসমূহ সম্প্ৰসাৰিত কৰি মানৱ জীৱনৰ উন্নতি সাধন কৰিব পৰাটোৱেই দাৰিদ্ৰ্য় দূৰীকৰণৰ আঁচনিসমূহৰ লক্ষ্য় হোৱা উচিত। উদাহৰস্বৰূপে মানুহ হব লাগিব স্বাস্থ্য়ৱান, সুপৰিপুষ্ট, জ্ঞান সমৃদ্ধ আৰু সামাজিক জীৱনত অংশ গ্ৰহণত সমৰ্থ। এই দৃষ্টিকোণৰ পৰা চালে উন্নয়ন মানে হৈছে এজন ব্য়ক্তিয়ে জীৱন কালত কৰিব পৰা কাৰ্যসমূহক বাধাগ্ৰস্ত কৰা নিৰক্ষৰতা, স্বাস্থ্য়হীনতা, সম্পদৰ প্ৰাপ্তিহীনতা তথা সামাজিক আৰু ৰাজনৈতিক স্বাধীনতাৰ অভাৱ ইত্য়াদি কাৰসমূহ দূৰ কৰা।
যদিও চৰকাৰীভাৱে দাবী কৰা হৈছে যে উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি, কৃষি উৎপাদন বৃদ্ধি, গ্ৰামাঞ্চলত নিয়োগৰ সুবিধা প্ৰদান কৰা আৰু 1990 ৰ দশকত আৰম্ভ কৰা অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীৰ ফলত দেশত দৰিদ্ৰতা হ্ৰাস পাইছে, অৰ্থনীতিবিদসকলে চৰকাৰৰ েই সফলতাৰ দাবীত সন্দেহ প্ৰকাশ কৰিছে। তেওঁলোকে আঙুলিয়াই দিছে যে দেশত দৰিদ্ৰলোকৰ সংখ্য়াৰ নিম্নগামী চিত্ৰ দেখুওৱাৰ স্বাৰ্থত তথ্য় সংগ্ৰহ প্ৰণালী, জনসাধাৰণৰ ভোগৰ সমষ্টিত সন্নিৱিষ্ট খাদ্য় সামগ্ৰী, দৰিদ্ৰতাৰ সীমাৰেখা পৰিমামৰ বাবে গ্ৰহণ কৰা পদ্ধতি াৰু দৰিদ্ৰ লোকৰ সংখ্য়া ইত্য়াদি সকলোবোৰতে ইচ্ছাকৃত কাৰচাজি কৰা হৈছে।
দৰিদ্ৰতা গমনাত চৰকাৰীভাৱে কৰা গণনা প্ৰক্ৰিয়াত থকা বিভিন্ন সীমাবদ্ধতাৰ প্ৰচেষ্টা চলাইছে। উদাহৰস্বৰূপে, প্ৰখ্য়াত অৰ্থনীতিবিদ ন'বেল বঁটা বিজয়ী অমৰ্ত্য় সেনে এনে এক সূচক উদ্ভাৱন কৰিছে আৰু চমুকৈ এই সূচকক সেন সূচক (Sen Index) বুলি জনা যায়। দৰিদ্ৰতা ব্য়ৱধান সূচক (Poverty Gap Index) আৰু সৰ্বমুঠ দৰিদ্ৰতা ব্য়ৱধান (Squared Poverty Gap) আদি অন্য়ান্য় প্ৰণালীও আছে। তোমালোকে এইবোৰৰ বিষয়ে ওপৰৰ শ্ৰেণীত শিকিব পাৰিবা।
Janmoni Hazarika
0 Comments