অসমীয়া বৰ্ণ আৰু  উচ্চাৰণঃ  ভাষা মূল হল ধ্বনি। ধ্বনিৰ কোনো সুকীয়া অৰ্থ নাই। ধ্বনিসমূহ বাক-যন্ত্ৰৰ বা বাগিন্দ্ৰিয়ৰ সহায়ত উচ্চাৰিত হয়। হাওঁফাওঁ পৰা ওলাই অহা বায়ু আৰু বাহিৰৰ পৰা সোমায় যোৱা বায়ুৰ মাজত মুখ গহবৰত হোৱা সংঘৰ্ষ ফলত সংকেত বা মাতৰ উদ্ভৱ হয়। সেয়েই ধ্বনি।

ধ্বনিজ্ঞাপক  চিন বোৰকে বৰ্ণ বোলে। বৰ্ণ ২ প্ৰকাৰৰঃ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ।

ক) স্বৰবৰ্ণঃ হাওঁ-ফাওঁৰ পৰা ওলাই অহা বতাহৰ প্ৰৱাহক জিভাৰ বিভিন্ন অংশৰে সঞ্চালনেৰে পৰিৱৰ্তন কৰি যিবোৰ ধ্বনি সৃষ্টি হয়, সেই ধ্বনি সূচক চিন বোৰকে স্বৰবৰ্ণ বোলে। যেনে- অ, আ,ই, ঈ।

খ) ব্যঞ্জন বৰ্ণঃ যিবোৰ ধ্বনি প্ৰবাহক আংশিক বা সম্পূৰ্ণৰূপে ৰোধ কৰি সৃষ্টি হোৱা  ধ্বনি সূচক চিনবোৰকে ব্যঞ্জনবৰ্ণ বোলে। যেনেঃ ক, খ, গ, ঘ, ঙ।

উচ্চাৰণৰ স্থান অনুযায়ী বৰ্ণঃ 

ক) অ, আ, ক,খ, গ, ঘ, ঙ, হ- এই কেইটা বৰ্ণ কণ্ঠ পৰা উচ্চাৰিত হয় কাৰণে ইহঁতক কণ্ঠ্যবৰ্ণ বোলে। 

খ) ই, ঈ, এ, ঐ, চ, ছ, জ, ঝ, ঞ, শ- এই বৰ্ণ কেইটা তালুৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক তালব্য বৰ্ণ বোলে। 

গ) ঋ, ট, ঠ, ড, ঢ, ণ, ৰ, ষ- এই বৰ্ণ কেইটা মূৰ্ধা বা মূৰৰ পৰা উচ্চাৰিত হয়। গতিকে ইহঁতক মূৰ্ধণ্যবৰ্ণ বোলে।

ঘ) ত, থ, দ, ধ, ন, ল, ৱ, স-এই কেইটা বৰ্ণ দাঁতৰ পৰা উচ্চাৰিত হয়। গতিকে ইহঁত দন্ত্যবৰ্ণ।

ঙ) উ, ঊ, ও, ঔ, প, ফ, ব, ভ, ম- ওঠৰ পৰা উচ্চাৰিত হয়। গতিকে ইঁহত ঔষ্ঠ্যবৰ্ণ।

চ) ঙ, ঞ, ণ, ন, ম- ইঁহত নাকৰ পৰা উচ্চাৰিত হয়। গতিকে ইঁহত অনুনাসিক বৰ্ণ।


Geetanjali Bora