ফকৰা-যোজনা

১) অধিক মাছত বগলী কণাঃ অধিক মাছ দেখিলে বগলী যেনেকৈ কণা হয় ঠিক তেনেদৰে মানুহেও নিজৰ ভালপোৱা বস্তু অধিক দেখে তেতিয়া মানুহো বগলী দৰে কণা হৈ পৰে। ফলত বস্তুটো হাততে পায় হেৰুৱাব লগীয়া হয়।

২) অতি ভক্তি চোৰৰ লক্ষণঃ যি সকল লোক ভিতৰি অসৎ বা চোৰৰ স্বভাৱ হয়, তেওঁ লোকে মানুহক ভক্তি বা সৎ হৈ দেখুৱাই। তেনে লোকৰ পৰা সদায় আতৰি থকাতোৱে উচিত।

৩) অচিন কাঠৰ থোৰাকো নলগাবাঃ আমি চিনি নোপোৱা কাঠ যদি কোনো  এটা  সামগ্ৰী বনাবলৈ ব্যৱহাৰ  কৰো, তেতিয়া  সেই বস্তুটো সোনকালে নষ্ট হয়। ঠিক তেনেদৰে আমি কোনো অচিনাকী মানুহক দুদিনতে বিশ্বাসত লব নালাগে। তেওঁ লোকে কেতিয়াবা আমাৰ অনিষ্ট সাধন কৰিব পাৰে।

৪) আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰাৰ ভংগঃ আমাৰ সমাজত এনে কিছুমান লোক আছে তেওঁলোকে সমাজৰ কিছু লোকক ঈৰ্ষা কৰে বা শত্ৰু বুলি ভাৱে। তেওঁ লোকে শত্ৰুক অকণমান অপকাৰ কৰিবলৈ গৈ নিজক অনিষ্ট কৰিব পাৰে।

৫) আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খাঃ আমাৰ সমাজত বহুত  সৎ আৰু জ্ঞানী লোক আছে। তেওঁলোকক  নিজৰ যোগ্যতা অনুসৰি কিছু কামতে আগশাৰী দিয়া হয়।তাকে দেখি এনে কিছুমান লোক আছে তেওঁলোকে নিজকে বহুত জ্ঞানী বুলি ভাৱি আনৰ আগত নিজৰ গুণ বখানি থাকে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব বিচাৰে। 

৬) উদক ভেটা ৰখীয়া পতা ঃ এজন চোৰ স্বভাৱৰ মানুহৰ যদি কাৰুবাৰ ঘৰত ৰখীয়া পাতে, তেতিয়া তেওঁ  মনে মনে ভালে পাব।

৭)উদৰ সাতপুৰুষ গল কেঁচা মাছ খায়ঃ

৮) উপকাৰীক অজগৰে খায়ঃ সমাজত এনে কিছুমান মানুহ আছে যাক কেতিয়াবা কোনো কামত উপকাৰ কৰিলেও ,অলপ পাছতে পাহৰি যায় আৰু উপকাৰ কৰা জনক অনিষ্ট কৰিবহে বিছাৰে।

৯) উলুৰ লগত বগৰী পোৱা যায়ঃ অসৎ সংগ  লগত যদি  কোনো এজন ভাল থাকে তেন্তে কেতিয়াবা অসৎ  লোকেবেয়া কাম কৰিলে ভাল জনো সাঙোৰ খায় পৰে আৰু শাস্তি খায়।  

১০) উমৈহতীয়া শ বাহী শ হয়ঃ 

১১) ইন্দ্ৰ সভাত ফেঁচাৰ কুৰুলীঃ কোনো এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা মাজতে বেলেগ এজনে আহি অবাঞ্চনীয় মন্তব্য দিয়া।

১২) অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলো নষ্টঃ কোনো অজ্ঞান লোকক যদি জ্ঞান দিবলৈ যোৱা হয়, তেওঁলোকে ভুল বুজি অনিষ্টহে সাধন কৰিব বিচাৰে।

১৩) অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰঃ কোনো এটা কাম কৰিবলৈ অভ্যাস কৰি থাকিলে অতি কঠিন কামো সহজ হৈ পৰে।

১৪) আঁঠুৱা চাই ঠেং মেলাঃ আয় চায় ব্যয় কৰা বা নিজৰ হাতত যিমানখিনি থাকে সিমানখিনি হে খৰচ কৰিব লাগে।

১৫) এনে বুঢ়ী নাচনী, তাতেই নাতিনীয়েকৰ বিয়াঃ  মানুহে যিটো কাম কৰিবলৈ ভাল পায়, সেইটো কাম যদি আকৌ কৰিবলৈ দিয়া হয় মনত বহুত আনন্দ পায়।

১৬) এশ গৰু মাৰিলে বাঘৰো মৰণঃ সদায় যদি বেলেগৰ অপকাৰ কৰি থকা হয়, তেন্তে এদিন নিজৰো সকলো ধ্বংস হয়।

১৭) কিনা হাঁহৰ ঠোঁটলৈকে মঙহঃ বেছি মূল্য দি অনা বস্তু অলপ বেয়া হলেও পেলায় নিদিয়া।

১৮) কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱাঃ সহজ সৰল মানুহ পালে কিছু লোকে অন্যায় কৰা।

১৯) কুকুৰৰ নেজ দীঘল হলে, নিজে পাৰি বহিবঃ কোনো লেকৰ যদি ধন টকা পইচা বেছি হয়, তেন্তে সেই টকা-পইচা নিজৰ কাৰণে খৰচ কৰা হয়।

২০) খঙত পেট কাটি ছ মাহলৈ শুকনী খেৱাঃ মানুহে খঙত নিজকে অনিষ্ট কৰি বহুত দিনলৈ কষ্ট খোৱা।২১) গোৰ মাৰি গঙ্গাত পেলোৱাঃ কাৰোবাক অপকাৰ কৰিবলৈ গৈ, তেওঁ অপকাৰ নহৈ উপকাৰ হে হোৱা।

২২) ঘন ঘমকৈ দিবা আলি, তেহে খাবা নানা খালিঃ  কোনো কামত কষ্ট কৰি, সুফল অৰ্জন কৰা।

২৩) চতৰ বিহুলৈ ছমাহ থাকোতে হাতত মেলি নচাঃ

২৪) চোৰ গলে বুদ্ধি, বৰষুণ গলে জাপিঃ চোৰ যোৱা পাছত বুদ্ধি, বৰষুণ যোৱা পাছত জাপি যেনেকৈ কামত নাহে, ঠিক তেনে দৰে সকলো কাম কৰা এটা সময় থাকে, সেই সময় যোৱা পাছত কাম কৰিলে কোনো সিদ্ধি নহয়।

২৫) টেঙা আম এবাৰহে বেছিব পাৰিঃ টেঙা আম যেনেকৈ বজাৰত এবাৰ হে বেছিব পাৰি ঠিক তেনেদৰে এবাৰ মানুহৰ ওপৰত বিশ্বাস ভাঙি গলে আকৌ বিশ্বাস কৰিব নোৱাৰি।

২৬) তুলসীৰ লগত কলপটুৱাৰো মুক্তিঃ 

২৭) ধান পকে মানে টুনিৰ মৰণঃ 

২৮) ধাৰে কাটিলেও কটা, গাদিৰে কাটিলেও কটাঃ কোনো লোকক যদি অপকাৰ কৰিবলৈ যোৱা, সেই অপকাৰ নিজে কৰিলেও অপকাৰে হয় নাইবা বেলেগৰ হতুৱাই কৰাও অপকাৰে হয়।

২৯) নাও বুৰিলেও টিঙৰ পৰা ননমাঃ নিজৰ সকলো শেষ হৈ গলেও হাৰ নমনা।

৩০) পৰৰ মূৰত খোৱা, ভটীয়া নাৱত যোৱাঃ নিজে কষ্ট নকৰাকৈ আনৰ ভৰসাত খোৱা।

৩১) ফটা কঁথা তিতে মানে গালৈহে গধুৰঃ সময়ৰ কাম সময়ত কৰিব লাগে.। নহলে পাছলৈ কৰিম বুলি থৈ দিওতে দিওতে একেলগে বহুত কাম কৰিব লগা হয়।

৩২) ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহঃ এটা ভুল কথাৰ পৰা এখন ঘৰ ধ্বংস হোৱা।

৩৩) বেজীৰ জলাকো মনে কুঠাৰ জলাকো নমনেঃ কেতিয়াবা সৰুৰ উপদেশো ডাঙৰে দিয়া উপদেশতকৈ সঠিক হয়।

৩৪) মহন্তৰ চিন মাহনিতঃ

৩৫) ৰাইজে নখ জোকাৰিলে নৈ বয়ঃ আমি সমাজৰ কোনো এটা কাম কৰিবলৈ নিজে নেৱাৰিলে ৰাইজৰ পৰা সহায় লৈ কৰিলে সিদ্ধি হয়। 

৩৬) লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটিঃ আনক অনিষ্ট কৰিবলৈ যাওতে নিজৰহে অনিষ্ট হোৱা।

৩৭) সাপ মাৰি নেগুৰত বিহ থোৱাঃ কোনো এটা কাম কৰি আধৰুৱাকে থৈ অহা।

৩৮) শাকত নেখায় লোণ, পিটিকাত যায় তিনি গুণঃ সৰু-সৰু কামত টকা খৰচ নকৰে, কিন্তু  ডাঙৰ কামত বহুত বেছি খৰচ কৰা।

৩৯) হৰিণা মাংশই বৈৰীঃ  হৰিণা মাংস হৈছে তাৰ শত্ৰু, ঠিক তেনেকৈ কোনো লোকৰ সম্পতিয়ে শত্ৰু হব পাৰে, নাইবা কাৰোবাৰ সৌন্দৰ্যই তাৰ শত্ৰু হব পাৰে।

৪০) যি মূলা বাঢ়ে তাৰ দুপাততে চিনঃ যি লৰা বা ছোৱালী ডাঙৰ হলে সৎ আৰু জ্ঞানী হব তেওঁলোকক সৰু পৰাই কথা-বতৰা, ছাল-ছলনৰ পৰা চিনিব পাৰি।

৪১) হলা গছ দেখিলে আটায়ে বাগী কুঠাৰ মাৰেঃ  দুৰ্বল মানুহক সকলোৱে অনিষ্ট কৰিব বিছাৰে।

৪২) হস্তীৰো পিচলে পাৱ, সজ্জনৰো বুৰে নাওঃ কেতিয়াবা কেতিয়াবা জ্ঞানী জনৰো ভূল হয়।

৪৩) জী ভালেই জোঁৱাই ভাল, আপোন ভালেই জগত ভালঃ  এই সংসাৰত নিজে ভাল হলেই সকলেকে ভাল দেখিবা।

৪৪) আপদৰ মাত, আকালৰ ভাতঃ কোনো মানুহৰ যদি বিপদ হয়, সেই বিপদৰ সময়ত এষাৰ মাত, দুখীয়া লোকক আকালৰ সময়ত এসাজ ভাত দিব পাৰি তেন্তে ইয়াৰ সমান পৰম ধৰ্ম নাই।

৪৫) মুখতে বঁটা পায়, মুখতে কটা যায়ঃ সদায় মানুহে জুখি মাখি কথা কব লাগে। অতিপাত কথাই কেতিয়াবা নিজৰ বিপদ মাতি আনে।

৪৬) বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকাঃ আমি কিবা এটা কাম কৰিবলৈ যোৱা আগতে জ্যেষ্ঠ জন বা সেই বিষয়ৰ অভিজ্ঞ ব্যক্তিৰ পৰা উপদেশ লব লাগে, নহলে বিপদত পৰা সম্ভাৱনা থাকে। 



Geetanjali bora