হে মাই যশোদা হে মাই হেৰে যশোদা   


ঘোষা : হে মাই যশোদা হে মাই হেৰে যশোদা  

আমাক লাগিয়া অলপ তোৰ মৰম নাই।  


পদ : তোৰ ঘৰে আসি গৰু চাৰি ফুৰোঁ  

কৰ্কৰা ভাত খাই। মাই...  

কাঠবাঁজী বুলি জগতে হাসয়

দেখিও সুমৰা হৰি।  

তোৰ ঘৰে আসি পুত্ৰ উপজিলোঁ  

ইটো দুখ দূৰ কৰি। মাই...  

মোহোৰ মুখত লাজ লাগে আতি 

তোহোৰ গুণক হন্ত।  

দুই ওঁঠ ফাটি তেজ বৈ যাই  

বাঁহৰে বাঁহী বাজন্তে।।  

এক তোলা সোণাৰে বাঁহী গঢ়ে নেদা

ৰাজ-পটেশ্বৰী হুই

শুনন্তে গানন্তে টাপলি বান্ধতে   

ধনতে লাগিলা জুই।। মাই.....