গদাধৰেৰ পাৰে পাৰে...  

গদাধৰেৰ পাৰে পাৰে ৰে—  

ও মোৰ মাউতে চৰায় হাতী, 

কি মায়া নাগাইলেন মাউত ৰে, 

ও তোৰ গলায় ৰসেৰ কাটি,  

কি মায়া নাগাইলেন মাউতৰে। 

উচা কৰি বান্ধোন ছাপৰ ৰে 

ও মুই জল ভৰিতে দেখিম,  

কি মায়া নাগাইলেন মাউত ৰে। 

উচা কৰি বান্ধেন মাচা ৰে 

ও মুই আইস্‌তে-যাইতে দেখিম, 

কি মায়া নাগাইলেন মাউত ৰে। 

দৈ খোৱাইলেন, দুধ খোৱাইলেন ৰে 

মাউত, না খোৱাইলেন মাটা, 

এবাৰ হাতে টুটিয়া গেলো ৰে,  

ঐ কি আসা-যাবাৰ ঘাটা, 

কি মায়া নাগাইলেন মাউত ৰে।