দহ মাহ দহ দিন ভাৰ বৈয়া...


দিহা : দহ মাহ দহ দিন ভাৰ বৈয়া 
জন্ম দিলা মাই নানা দুখে।
 পিতৃৰ চৰণ চাই কিবা দোষে 
মোক তুমি দিলা বনবাসে।।

পদ :ঐ ৰাম, ভাইৰ মান শত্রু 
নাই ভাইৰ মান মিতুৰ নাই।
ভাইয়ে হৈলা মহাকাল।
ভাইয়ে ভাইয়ে মিলি কন্দল লাগিব
আজি ঘৰৰে ঘৰণী পাই।। 
সৰুৰে পৰায়ে অতি চেনেহৰে
তালি তুলি মাই তই মোক
কৰিলিয়ে ডাঙৰ দীঘল 
আজ্জান খাবৰ সময়ত মাই
মোদি উইলে দিলিয়ে
মোক।। দিলি দিলি দায়াৰ মাই হে তই
ঘৰৰ পৰা উইলে মোক
মনত নকৰিবি শোক।
পৰৰ দুৱাৰ খুজি খাম মই
 সেয়ে হব মোৰ বাপ ভাই।।
ঘৰত আছে সজ্জন লোক মোৰ
আছে নাবালক ভাই ভনী
সদায় থাকে মনতে পৰি 
কয়হ মাধৱ শুনা বন্ধুসর
ইৰিত্ৰ ভকতি কৰা জানি। 
মৰণকালে পাবা আপুনি
খণ্ডিয়োক সংসাৰৰ মহাভাৰ
জনম সম্ফলে হ'ক স্বামী।