কান্দিছে উদ্ধৱ কৈক গৈলা বান্ধৱ হে
ঘোষাঃ কান্দিছে উদ্ধৱ কৈক গৈলা বান্ধৱ হে
আমাক অনাথ কৰি।
জগতৰ বাপ দিয়া হৃাদি তাপ
কৈত ৰৈলা পৰিহৰি।।
পদঃ যত তৰুলতা সবেও কান্দিলা
কৃ্ষ্ণৰ গুণ বৰ্ণাই।
অশ্বত্থৰ ডালে আউজি আছিলা।
একলা কৃষ্ণ গোসাঁই ।।
দ্বাৰকাক যাই কি বুলি কহিবু
দৈৱকী ৰোহিণী আই।
যত যদুবংশ সবেও মৰিলা
গোপীৰ সঞ্চৰ নাই।।
এহি বুলি ধীৰ মন কৰি থিৰ
চাৰিলা দীৰ্ঘ নিশ্বাস।
কহে কবিৰত্ন শুনা বুধুজন
হৰিপদে মোৰ আশ।।