শংকৰদেৱ কিনো তোমাৰ লীলা



দিহাঃ শংকৰদেৱ কিনো তোমাৰ লীলা

অতৰাতি ভকতক নামেৰে মুহিলা।


পদ: নামঘৰ ভাওনা
তুমিয়ে হজিলা
ৰাইজক দিলা নাম বস।
বৈষ্ণৱ মন্ত্ৰৰে
সমস্ত অসমক
কৰিলো তুমিয়ে বশ।।
সাতোখন বৈকুণ্ঠক
একত্ৰিত কৰি
আঁকিলা তুমিয়ে গুরু।
আমি মূঢ়মতি
নাজানো ভকতি
ক্ষমা যেবে আমি তৰো।।
কীর্তন ভাগবত
আৰু দশম স্তব্ধ
সবাকো কৰিলা মুগ্ধ।
কুকুৰ শৃগাল
আৰু গদৰ্ভৰ
আত্মাতো হৰি সর্বত্র।।