দেখা দেখা মন ভাই... 

দেখা দেখা মন ভাই 

দেখা কেনে জীৱৰ বিলাই 

সংসাৰ সাগৰে জীৱৰ তৰণী নাপায়। 

হায় হায় তৰণী নাপায়।।

 কি অ' ভার্যাক কৰিছো আশা 

সিও মিছা মাতে হায় হায় 

লাগে মানে বস্তু দিয়া তথাপিতো নাটে।।

 কি অ' টকা-পইচাক আশা কৰি 

দিনে বাঢ়ে ধন হায় হায় 

ব্রহ্মাণ্ডখন পায়ো তাৰ 

নুপুৰায়ো মন ।।

 কি অ' কৰ আশা মন তুই 

সিও একো নোহে 

বৃদ্ধকালে মাৰিব তোক

টাঙোনৰ কোবে।।