ও শ্যাম কলীয়া ও
দিহা ঃ ও শ্যাম কলীয়া
আজিনো পলাবি ক’ত।
যমুনাৰ বালিতে ৰাসলীলা কৰন্তে
মেৰায় মেৰায় বান্ধিম তোক।।
পদ : বৃন্দাবনৰ মাজে কানাই গোধেনু চৰাই।
বংশীৰ ৰাৱে গোপিনীৰ মনক ভুলাই।।
ঠাৰে ঠাৰে মাতে কানু হাতে বাৱ দিয়া।
নিকটে পাইলন্ত কানু যায় পলাইয়া।।
শুনাহে টেণ্টন কানু মনে নাই দয়া।
মিছাতে মৰোহো আমি তোহাৰ লাগিয়া।।
গোপীৰ বিলাপ হৰি সহিতে নাপাৰি।
তাহাৰ সমীপে দেখা দিলা ৰঙ্গ কৰি।।
ৰাসলীলা কৰে হৰি গোপীনীৰ সঙ্গে।
পাতোক ছাৰোক ডাকি হৰি বোলা ৰঙ্গে।।