সোণৰ পুতলী বাচা কাৰ ঘাটে জলেবে...


দিহা: সোণৰ পুতলী বাচা কাৰ ঘাটে ভলেবে। 
কোনে দিব অগ্নজল কোনে লৈব কোলেবে।।

পদ! ঘৰখিনি বান্ধিলো দুৱাৰখনি ছন্দে। 
আপোনাৰ মৰণ থাকি পৰক লাগি কান্দে।।
ভাই বোলো ভতিজা বোলো সম্পদৰে ভাই।
মৰণ কালত গোকিদকহে পাই।। 
ভাই বোলো ভক্তিল বোলো মিছা লেনাদেনা। 
মিছা মায়াত বন্দী হৈ হেৰাল চেতনা।।
 কাঞ্চা বাঁহৰ পাটপালাং ক্ষীবুলিয়া পাটৰজৰী। 
ভাই ভতিজাই বান্ধি নিব যেন পৰাণৰ বৈৰী।। 
ভাই বোলো ভতিজ্ঞা বোলো কাদ্ধত কৰি নিয়ে। 
ঘটিব নৌকা ঘাটত খৈয়েই বেগাই পলায়ে 
কাঞ্চা বাঁহৰ খাট পালাংক্ষী চক্ৰবা নলৰ ঢাৰা। 
তাতে বহি ভোজন কৰে শগুন বপুৰা।।