অ ৰাধে ক’লা নুবুলিবি মোক
দিহাঃ অ ৰাধে ক’লা নুবুলিবি মোক।
কোনো দিনে কোনো কথা কোৱা নাই তোক।।
পদঃ ক’লা ক’লা নুবুলিবি 'গোৱালীৰ জী
বিধিয়ে কৰিছে ক'লা মইনো কৰিম কি।।
ক’লা ক’লা তুলসীৰ ক'লা ক’লা পাত।
আই ক’লা বাপ ক'লা কলীয়াৰে জাত।।
ৰাতিৰ আকাশ ক'লা ৰাধে হীৰা তৰা জ্বলে।
কোন মুৰুখে কি বিচাৰি আকাশ বেয়া বোলে।।
গজ ভাল ক'লা ৰাধে তাতো মুক্তা জ্বলে।
ক’লা বগাই মিলে ৰাধে আন একে নিমিলে।।