মূৰুখহে কিনো কৰি...


দিহা: মূৰুবহে কিনো কৰি মৰিলি চণ্ডাল। 
কৰিছা মিছাতে গর্ব আসে পাসে। 
তোৰ পাছে পাছে আছে কাল।।

পদ : ওই কোন চাৰ পুত্ৰ ৰাজ ৰাজেশ্বৰ। 
ৰাজ্যখন এৰি থৈ গৈলি যমপুৰ।। 
ৰাজপুৰি শিলৰ মন বীর আছে পৰি। 
দত্ত মাৰা ৰাজাগোট কৈক গৈলি মৰি।।
কলিৰ যুগে নৰ তনু ভাৰতে জনম। 
দেৱৰ দুর্লভ তনু নুবুজো অধম।। 
দত্ত দৰ্প অকাৰণ ভাবি ভজা ভাই। 
জনম সফল হ’বা কৃষ্ণ পুথি গাই।।