অহে মন ভাই, কেনেকৈ তৰিবি ওই....


দিহা: আহে মন ভাই, কেনেকৈ তৰিবি ওই। 
ভাবিতে চিত্তিতে ঐ চিত্ত দগধে
উপায় নেদেখা মই।।

পদ : অনিত্য শৰীৰ
জলৰ আকাৰ
জানিও নাজানা মনে।
গুৰু সেৱা ধৰ্ম
এৰি মন তই
জনম লভিলি কেনে।।
ভাৰ্য্যা পুত্ৰ ধন
মজাইলেক মন
তাকে আছে আশা কৰি।
ধন ৰৈব পৰি
ভাৰ্য্যা যাব এৰি
যমদূতে নিব ধৰি।।
কি কৰাহা মন
নিশ্চিন্তে বসিয়া
গাবত নাহিকে বল।
যমদূতে ধৰি
যাতনা ভুঞ্জাইবে
তৰিবিহি কেনে মন।।
কহে মুঢ় মতি
কৰিয়া মিনতি
হৰিৰ নামত দিয়া মন।
নিদান কালৰ বন্ধু
লোৱা যতন কৰি
হৰি নাম মহাধন।।