হস্তীৰ কন্যা হস্তীৰ কন্যা...  


হস্তীৰ কন্যা, হস্তীৰ কন্যা, বামোণেৰ নাৰী,  

মাথায় নিয়া তাম-কলসী ও,  

(সখী) হস্তে সোণাৰ ঝাৰি (সখীও)।  

ও মোৰ হায় হস্তীৰ কন্যাৰে,  

খানিকো দয়া নাই মাহুতক লাগিয়া ৰে।  

পাত্তিৰা কৰিয়া কন্যা বাড়েয়া দিলেন পাও,  

মাথাৰ উপৰ কাল-জেঠী ও—  

(সখী) কৰে পঞ্চৰাও (সখীও)  

বালুতিল্‌তিল্ পঙ্খী কান্দে বালুতে পৰিয়া,  

গৌৰীপুৰীয়া মাহুত কান্দে ও— 

(সখী) ঘৰ-বাড়ি ছাড়িয়া (সখীও)

আই ছাড়িল, বাই ছাড়িলং, ছাড়িলং সোণাৰ পুৰী, 

বিয়াও কৰিয়া ছাড়িয়া আইলং ও—  

(সখী) অল্প বয়সেৰ নাৰী (সখীও)। 

ও মোৰ দান্তাল হাতীৰ মাহুত ৰে,  

যেদিন মাহুত শিখাৰ যায়  

নাৰীৰ মন মোৰ ঝুৰিয়া ৰয় ৰে।  

আকাশতে নাইৰে চন্দ্ৰ কি কৰে তাৰা। 

যেবা নাৰীৰ স্বামী নাই ৰে—  

ও তাৰ দিনে আন্ধিয়াৰা (সখীও)।  

পুখুৰীতে নাইৰে পানী নৌকা কেমন চলে, 

যে নাৰীৰ পুৰুষ নাই ও-  

তাৰ ৰূপে কি কাম কৰে (সখীও)।