শিশুপাল নাপাতা জঞ্জাল



শিশুপাল নাপাতা জঞ্জাল


ৰুক্মিমী হৰিবা লাগি আছে গোপাল 

বেদনিধি বোলে কণ্য়া ও ওকণ্য়া নাকান্দিবা তুমি 

 তোমাক লাগিয়া কৃষ্ঞ আহিব আপোনি।

মোৰ ভাই ৰুক্মবীৰ ও ওবাই কুলৰ চণ্ডাল,

মোক বিয়া দিব খোজে ৰাজা শিশুপাল।

শীঘ্ৰে আহা প্রাণনাথ নকৰা বিলম্ব।

ৰুক্মিণীৰ স্তুতি শুনি ও ওপ্রভু নাৰায়ণ,

সয়ম্বৰ মাজে আহি দিলা দৰ্শন ।

পুষ্পমালা হাতে লৈয়া ও ওসভাৰ মাজে যাই 

প্ৰভুৰ গলে মালা দিলা সৱে আছা চাই 

ৰথে তুলি নিলা কৃষ্ণ ও ওদ্বাৰকা নগৰী,

নিৰন্তৰে ডাকি সবে বোলা হৰি হৰি।