দেহাতে বিচাৰি লোৱা মোৰ বান্ধৱ....

দিহা: দেহাতে বিচাৰি লোৱা মোৰ বান্ধৱ
দেহাৰে ভিতৰে আছে নিজ শুরু
মায়াত নপৰা আৰু।।

পদ : একেখনি দুৱাৰত নবটি তৰজুত সঞ্জাব মাৰিছে টানি। 

সেই নৱটি সঞ্চাৰ যি বন্ধু মেলিব পূর্ণভাৱে নিব টানি। 

এখনি দুৱাৰত নৱটি দুৱৰী চৌপাশে আছে বেঢ়িয়া। 

যমদূতে দিয়া যাতনা ভুঞ্জাইবো শৰীৰতে দণ্ড দিয়া।। 

আহিবৰ এদিন যাবৰ এদিনা তিনিদনৰ বাতৰি নাই। 

খাবৰ জীৱব অর্থে সঙ্গতি কৰিলো লগৰে সাৰথি নাই।। 

কয়হ মাধব শুনা বন্ধুসবে এবিও বিষয় ধান্দা। 

ৰাম নাম ধন অমূল্য ৰতন হবি নাম গলে বান্ধা।