হে বাচা নন্দ দুলাল
দিহাঃ হে বাচা নন্দ দুলাল
এত ৰাতি ধেনু চাৰে কাৰ ঘৰৰ ছৱাল
পদঃ বিহানে উঠিয়া বাচা সুদা লয়নী খায়া,
বৃন্দাবনে গৈলা বাচা ধেনু বৎস লৈয়া।
ধেনু চাৰন্তে বাচা বৰ পাইলা দুখ,
ৰৌদ্ৰ বাৱে পীড়া কৰে তেৰি চান্দ মুখ।
আহন্তে যাৱন্তে বাচা চাই থাকো তোকে,
পেটৰ ভোকে মনৰ দুখে নামাতিলা মোকে।
অপুত্ৰৰ পুত্ৰ বাচা নিৰ্ধনীৰ ধন,
কোলে লৈয়া দিবো তোৰে বদন চুম্বন।
দুখীয়া ছাৱাল বাপৰে গোকুল।
তুমি অবিহনে দেখো অনাথ গোকুল।
কহে দ্বিজ হৰি দাসে দীন হীন মতি,
বালক গোপাল পদে ৰহোক ভকতি৷৷