আয়া চল
আয়া চল আয়া চলৰে আজি বেউলাৰ দিয়া
বিলম্ব নকৰা ৰৈয়া ৰে।।
কি অ' চান্দ নামে সদাগৰ তাৰ পুত্ৰ লক্ষিন্দাৰ
সুখী সংগে চলে ধীৰে ধীৰে
অ বাসুকিৰ চল কথা
কৌৰগো চলিলা কথা
সখীগণে জোকাৰে উৰুলী।
আয়া....
কি অ' যাৰ নাম অনুপম অ' তাৰ কথা শুনা
জ্বলি আছে সাহে ৰজাৰ পুৰী
দৈৱকী যশোৱা যথা কমলা মিলিলা কথা
বিদ্য়াধাৰী চলিলা উৰ্বশী।
আয়া....
কি অ' ভানুমতী মধুমতী
চলে আয়া কলায়তী
মনোৰমা চলে গুণৱতী
বিদ্য়াধাৰী হৰি প্ৰিয়া
বিদ্যাধাৰী চলিল উৰ্বশী।
আয়া......