কান্দে সিন্ধু মুনি
কিবা কৰ্মৰ দোষে প্ৰভু বিন্ধিলা মোক শৰে
শ্রীফুল বনতে আছে অন্ধ পিতা আই ও
শ্রীফুল বনতে আছে অন্ধ পিতা আই ও
বনতে মৰিব শুকাই খাবলৈ নাপাই
পানী পানী বুলি দুয়ো আছে বাট চাই
গছৰ পাত সৰিলেও বুলিব বোপাই
ভুমিত বাগৰি কান্দে হেৰ সিন্ধু মণি
ভুমিত বাগৰি কান্দে হেৰ সিন্ধু মণি
নিদাৰুণ বিষৰ জালা সহিতে নপাৰি
হে প্ৰভু নাৰায়ণ নিয়া পাৰ কৰি
তোমাকে সপি দিলো অন্ধ পিতা আই ও
অন্ধ পিতা আই... কান্দে...