কীৰ্ত্তন দশমত শঙ্কৰ গুৰু





ঘোষা : কীৰ্ত্তন দশমত শঙ্কৰ 
গুৰু

ঘোষা ৰত্নাৱলীত মাধৱ গুৰু 
এভৱ সংসাৰৰ মায়াত পৰি আমি

কিমতে ভকতি কৰো কৰো।।



পদঃ মিনতি বচন 
বোলো সর্বজন
    
শুনিয়ো শাস্ত্ৰৰ মৰ্ম।

আপোন কুশল

চাবা যেবে তেবে

নেৰিবাহা যুগধর্ম।।

সত্যেযোগে ধ্যান

ত্রেতা যুগে যজ্ঞ

দ্বাপৰ যুগত পূজা।

কলিত হৰিৰ

কীৰ্ত্তন বিনাই

আৱৰ নাহিকে দুজা।।

কলিত হৰিৰ

কীৰ্ত্তন বিনাই

অন্যত্ৰ ধৰ্ম আচৰে।

মিছাতে কেৱল

শ্ৰম মাত্ৰ পাৱে

একোৱে ফল নধৰে।।

পৰম কৃপালু

শ্ৰীমন্ত শঙ্কৰ

লোকক কৰিয়া দয়া।

হৰিৰ নিৰ্মল

ভকতি প্রকাশ

কৰিয়া শাস্ত্ৰক ছায়া।