নিলাজ কানু অ' মেখেলা নুচুবি মোৰ
ঘোষা : নিলাজ কানু অ'
মেখেলা
নুচুবি মোৰ প্রভাতে আহিছোঁ
ছিলন কৰিবলৈ
কি জগৰ লগালোঁ তোৰ।।
পদঃ কৃষ্ণ বোলে বাৰু
কৰা চিলন আহি
কেনেনো উলঙ্গ হৈ।
আজি দিবো জুতি ৰাখিবো
খিয়াতি
সর্ব বস্ত্ৰ নিবো মই।।
এহি বুলি হৰি
বস্ত্ৰ চুৰি কৰি
উঠিলা কদম্ব গাছে।
গোপীক শুনাই
মুৰুলী বজাই
কদম্বৰ ওপৰে নাচে।।
আমি সব গোপী
জলত নামিছোঁ
তীৰে বস্ত্ৰ দেখা নাই।
লাজে তল যাই।
ৰৈলোঁ সবে পৰি
উঠিবৰ নাহি উপায়।।