জলতে নামিলা
জলতে নামিলা জল নাৰায়ণ
পথাৰত গঞ্জিলা ধান
ব্ৰহ্মাণ্ডৰ ভিতৰে কৃষ্ণ উপজিলা
তাতে উপজিলা নাম
নামক ভজা নামক চিন্তা নামক কৰা সাৰ
অনন্ত কৃষ্ণৰ নাম মহিমা অপাৰ হৰি।
সাত ভাৰ সুৱৰ্ণৰ কৌটি কন্যা দানি কৰি
তথাপি নহয় কৃষ্ণ নামৰ সমান।
সেই নাম সেই কৃষ্ণ ভজা নিষ্ঠা কৰি
নামৰে লগতে আছে আপুনি শ্ৰীহৰি
জলতে.।