মন পক্ষী অ’ নুবুজিলো...


মনপঞ্জী অনুবুজিলো তই হলি পৰ। 
নিচিনিলো তই পক্ষী অ’ চপল চঞ্চল বৰ।

অধিক অবিৰ হই
মায়াৰ চলনা চাই
হৰি নাম কৰি পৰিহাৰ।
তোৰেই কাৰণে পক্ষী
পাহৰিলো প্রাণ সখী
ভোগি গ'লো দায় আপোনাৰ।।
দেহাৰ যতেক মণি
হৰিলে মায়াবী ৰাণী
বিষয় বিষৰ সাজি ঘর।
ইটো এৰি সিটো ধৰো আশা বেহা পাতি ফুৰো
দেখো শূন্য সব বালিচৰ।।
যত দেৱ মুনিৰ
তোৰেই অধীন নব
দিবা নিশি ভাঁহে তোৰ সুৰব।
স্তুতি দিয়া নৰহৰি
মাতিছো চৰণে ধৰি
দিয়া মতি তযু সাধনাৰ।।