আইচ কানাই আইচ,


ঘোষা : আইচ কানাই আইচ,

আইচ কানাই আইচ ৰে,

আইচ আইচ প্রাণেৰ বন্ধু,

বইচ কদম তলে।।


কি অ’ ভাৰ বাৱন্তে ভাৰ বাৱন্তে কান্ধ যাই ফুটি,

পাছে পাছে বলৰামে কৰি যাই স্তুতি। কি অ’ কানাই বোলে অহৈ ৰাধা

বৰ দুখ পাওঁ, কদমতলে ভাৰ থৈয়া ক্ষণিক জিৰাওঁ।

কি ও, বতাহ নাই বাৱ নাই

কদম হালি আছে,

তাৰ তলে ৰাধা কৃষ্ণই কেলি কৰে পাছে।