দাদা বলাই


দাদা বলাই ও দাদা বলাই ও  

জনম লভিলো অকাৰণ। 

কংসে মাৰি নিলা মোৰ ভাই ছয়জন I
 
পিতা মোৰ বসুদেৱ দৈৱকী জননী। 

 কিবা দোষে থৈলা মোক গোকুলত আনি 

কংস মামাই মাৰি নিলা ভাই ছয় গুটি 
 
তাহাৰ শোকতে মোৰ প্ৰাণ যায় ফুটি।। 

পুতুনা সুন্দৰী আসি দিলা বিষস্তন। 

তাক খাই নমৰিলো অভাগা পৰাণ।। 

কালী সর্পে দংশিলেক মৰ্ম্মস্থল চাই 

বিষ লাগি নমৰিলো ৰাখিলো গোসাঁই।।