দেহ বিচাৰৰ গীত


জীৱৰ মৰণ নাই মৰণ নাই...

দিহা : জীৱৰ মৰণ নাই মৰণ নাই 
এনে সোণৰ দেহা বিফলে যায়।।

পদ : মিছাধন মিছাজন মিছা পর্ব কায়া। 
এৰাইতে নাপাৰে মনে মনুষ্যৰ মায়া।। 
মায়া পাশে থাকি মনে বহু আশা কৰে। 
ধনলোভে মায়াজাল এৰাইতে নাপাৰে।। 
ধনলোভে কামলোভে দেহা নেই টানি 
মায়াত মজিয়া নষ্ট হোৱে নৰ আপুনি।। 
যত দেখা ধনজন সবে অকারণ। 
যদিহে নভজে মনে হৰিৰ চৰণ।। 
পুত্ৰ ভাৰ্য্যা সমন্বিতে মুখে বোলাহৰি। 
ভৱ সিন্ধু হোৱা পাৰ লৈয়া নাম ভৰি।।