কিনো মায়াজাল পাতিলা গোপাল...


নাম–কিনো মায়াজাল পাতিলা গোপাল 
এবাইতে নোৱাৰো সন্ধি।
মোৰ গুৰু ঐ এৰাইত নোৱাৰো সন্ধি।।

পদ—ভৱ সাগৰত পৰি ডুব গ'লোঁ।
বিষয়ক গলতে বান্ধি
মোৰে শুৰু ঐ এৰাইতে নোৱাৰোঁ সন্ধি। 
বিষয়ীক নাটিলে বিষয় জব্বালে।
ৰাজাকো নাটিলে বনে মোৰ গুৰু 
ঐ ৰাজাকো নাটিলে ধনে।।
সাধু মহস্তক নাটে কৰ ভাৰে
ভকতক নাটিলে নামে।
মোৰ গুৰু ঐ ভকতক নাটিলে নামে।।
হাবিৰ বঁটা খাৰ নাবান্ধা বৰে কৰি
পুৰিলে হৈ যাব ছাই
মোৰ শুক ঐ পুৰিলে হৈ যাব ছাই।। 
ৰা মৰিব নাকান্দা বৰে কৰি
পুনৰাই পাবলৈ নাই
মোৰ গুৰু ঐ পুনৰাই পাবলৈ নাই।।
 চোতালৰ আগৰে জাতিবাঁহ এজুপি
তাতো দিবা মাটি চপায়।
মোৰ গুৰু ঐ তাতো দিবা মাটি চপায়।। 
জীয়াই থাকো মানে কৰো কাঠি-কামি। 
মৰিলে লগতে যায়।
 মোৰ গুৰু ঐ মৰিলে লগতে যায়।।