কি দিয়া পুজিবো ৰাঙা চৰণ মূৰাৰি
তোমাৰ সেৱাৰ পুষ্প নাপালোঁ বিচাৰি।।
পদ : প্রথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন ।
পদ : প্রথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন ।
দ্বিতীয় পুষ্পৰ নাম হিংসা নিবাৰণ
তৃতীয় পুষ্পৰ নাম প্ৰাণী দয়াময়।
ক্ষমা সমে চাৰি পুষ্প জানিলোঁ নিশ্চয়।
তপে পঞ্চ জপে ছয় ধ্যানে সাত জানি।
জ্ঞান সমে অষ্ট পুষ্প জানিলোঁ কাহিনী।।
ব্ৰহ্মাণ্ডৰে মধ্যে আছে একেডালি পুষ্প।
সেহি পুষ্পে পূজিলেক গুৰু হোৱে তুষ্ট৷৷
গাত চক্ৰহয় মাধৱ দাস এহি তত্ত্ব সাৰ
গুৰুৰ চৰণ বিনে গতি নাহি আৰ।।